Home Essay দৈনন্দিন জীৱনত বিজ্ঞান | Science in Everyday Life Essay in Assamese

দৈনন্দিন জীৱনত বিজ্ঞান | Science in Everyday Life Essay in Assamese

0

দৈনন্দিন জীৱনত বিজ্ঞান | Science in Everyday Life Essay in Assamese

দৈনন্দিন জীৱনত বিজ্ঞান  Science in Everyday Life Essay in Assamese

দৈনন্দিন জীৱনত বিজ্ঞান

দৈনন্দিন জীৱনত বিজ্ঞান | Science in Everyday Life Essay in Assamese

আৰম্ভিণি: কোনো বিষয়ৰ ওপৰত শৃঙ্খলাবদ্ধ আৰু বিশ্লেষণাত্মক জ্ঞানেই বিজ্ঞান। আধুনিক যুগটো হৈছে বিজ্ঞানৰ যুগ। বিজ্ঞানৰ নানান আৱিষ্কাৰসমূহে আমাৰ জীৱনটো অধিক নিৰাপদ, সহজ আৰু আৰামদায়ক কৰি তুলিছে।

দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান: আজি বিজ্ঞানে আমাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো বিষয় আৰু দিশকেই সাঙুৰি লৈছে, যথা:

প্ৰথমে আমি আমাৰ যোগাযোগ মাধ্যমৰ কথাকেই ক’ব পাৰো । বৰ্তমান যুগত আমাৰ যোগাযোগ ব্যৱস্থাটো ইমানেই উন্নত হৈছে যে ই আমাৰ পৃথিৱীৰ ৰূপটোকে সলনি কৰি দিছে। আগৰ যুগত মানুহে নিজৰ পিঠিত, জন্তুৰ পিঠিত বা ঘোঁৰা-গাড়ী, গৰু-গাড়ী আদিৰ সহায়ত বোজা  কঢ়িয়াইছিল। মানুহেও খোজকাঢ়ি বা জন্তুয়ে টনা গাড়ীত উঠি এঠাইৰ পৰা আন ঠাইলৈ যাব লগা হৈছিল। কিন্তু তাৰ পৰিবৰ্তে আজিকালি আমি মটৰ গীাড়ী, ৰেল গাড়ী, উৰাজাহাজ, ট্ৰাম গাড়ী আদি পাইছো। এই সকলোবোৰ  বিজ্ঞানৰেই অৱদান। এইবোৰৰ  উপৰিও আমি যোগাযোগৰ মাধ্যম হিচাপে  টেলিফোন, মোবাইল ফোন, ৰেডিঅ, টেলিভিচন, কম্পিউটাৰ আদি পাইছো। এইবোৰে আমাৰ যোগাযোগ মাধ্যমবোৰ  দ্ৰুতৰ পৰা দ্ৰুততৰ কৰি পেলাইছে আৰু গোটেই বিশ্বখনক আজি আমি সহজে ঢুকি পোৱা এক গোলকীয় গাঁৱত পৰিণত কৰিছে।

দ্বিতীয়তে, চিকিৎসাৰ জগতখনৰ কথা  ক’ব পাৰি। চিকিৎসাৰ জগতখনত বিজ্ঞানৰ অৱদান ইমান বৃদ্ধি পাইছে যে আজি আৰু কোনো বেমাৰেই দূৰাৰোগ্য হৈ থকা নাই। বিজ্ঞানে সকলো ৰোগৰ প্ৰতিকাৰ সম্ভৱ কৰি তুলিছে। আজি আমাৰ শৰীৰখনক পৰীক্ষা-নিৰীক্ষা কৰিবলৈ এক্সৰে , জেৰক্স , আল্ট্রা-চাউণ্ড আদি নানান যন্ত্ৰ আৰু আহিলা পাইছো। এই সকলোবোৰ  বিজ্ঞানৰে অৱদান।

তৃতীয়তে, বিজ্ঞানে ৰাতিপুৱা শুই উঠাৰ পৰা প্ৰয়োজনীয় সকলো বস্তুৰ যোগান ধৰিছে আৰু আমাৰ জীৱনটোক সহজৰ পৰা সহজতৰ, আৰু আৰামৰ পৰা অধিক আৰামদায়ক কৰি তুলিছে। এক কথাত ক’বলৈ গ’লে  বিজ্ঞান আমাৰ বিশ্বস্ত ভৃত্যত পৰিণত হৈছে।  উদাহৰণ স্বৰুপে  এলাৰ্ম ঘড়ীয়ে আমাক আমাৰ ইচ্ছামতে টোপনিৰ  পৰা জগাইছে,বৈদ্যুতিক আখলে আমাৰ আহাৰ তৈয়াৰ কৰি দিছে, টেলিভিচন, ৰেডিঅ, ইন্টাৰনেট আদিয়ে প্ৰতি মূহুৰ্তৰ বাতৰি মূহুৰ্তত দি আছে।

বিজ্ঞানৰ ব্যৱহাৰে আমাক বিশ্ব-ব্রমাণ্ডৰ ৰহস্য উদ্ঘাটন কৰি আমাৰ কৌতুহল নিবৃত কৰিছে। আনকি বিজ্ঞানৰ সহায়ত বিজ্ঞানিকসকলে মহাকাশলৈ ৰকেট পঠাবলৈয়ো সমথবাৰ্ন হৈছে।

সামৰণি: নিঃসন্দেহে বিজ্ঞানে আমাৰ জীৱন অধিকতৰ আৰামদায়ক কৰিছে। কিন্তু ইয়াৰ বিপৰীতে ই আমাৰ জীৱনলৈ জটিলতা আৰু কৃতিমতাও আনয়ন কৰিছে। অৱশ্যে ইয়াৰ বেয়া দিশেবাৰতকৈ ভাল দিশবোৰ  নিশ্চয় অধিক। 0 0 0

দৈনন্দিন জীৱনত বিজ্ঞান

বি. দ্র. উক্ত ‘দৈনন্দিন জীৱনত বিজ্ঞান | Science in Everyday Life Essay in Assamese ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত অসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত।

দৈনন্দিন জীৱনত বিজ্ঞান

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here