Home Ass Grammar ধ্বনি ভাষা আৰু ভাষাৰ ৰূপ | Dhabni Bhasha Aru Bhashar Rup

ধ্বনি ভাষা আৰু ভাষাৰ ৰূপ | Dhabni Bhasha Aru Bhashar Rup

0

ধ্বনি ভাষা আৰু ভাষাৰ ৰূপ

ধ্বনি ভাষা আৰু ভাষাৰ ৰূপ  Dhabni Bhasha Aru Bhashar Rup

ধ্বনি ভাষা আৰু ভাষাৰ ৰূপ | Dhabni Bhasha Aru Bhashar Rup

(ধ্বনি, ভাষা আৰু ভাষাৰ ৰূপ) মানৱ জাতি হৈছে প্ৰকৃতিৰ সৰ্বশ্ৰেষ্ট সৃষ্টি। জীৱশ্ৰেষ্ট হিচাপে মানুহৰ প্ৰয়োজনীয় সকলো প্ৰকাৰৰ অভাৱ পূৰণৰ উপকাৰণৰ দ্বাৰা প্ৰকৃতিয়ে মানৱ জাতিক আশীৰ্বাদপুষ্ঠ কৰিছে। মানুহে নিজৰ মনৱ ভাৱ, অনুভূতি, আবেগ আদি প্ৰকাশৰ এক মাধ্যম আছে। ইয়াক ‘ভাষা’ বুলি কোৱা হয়। বৰ্তমান পৃথিৱীত প্ৰায় ৬,৫০০ ভাষাৰ প্ৰচলন আছে। কিন্তু এই ভাষাবোৰ কেতিয়া, কেনেদৰে অস্তিত্ব লাভ কৰিছিল তাৰ কোনো হদিচ ইতিহাসৰ পাতত নাই। সেয়ে ইয়াক প্ৰকৃতিৰ অৱদান বা আশীৰ্বাদ বুলিয়েই গ্ৰহণ কৰিব লগা হয়। ভাষা হৈছে কিছুমান শব্দৰ অৰ্থপূৰ্ণ অভিব্যক্তি। আনহাতে শব্দ হৈছে কিছুমান ধবনিৰ সমষ্টি। প্ৰকৃতিত পোৱা প্ৰায়ভাগ জীৱ-জন্তুয়ে নিজ নিজ স্বভাৱ বা ধৰণ অনুযায়ী মুখেৰে কিছুমান ধ্বনি (sound) প্ৰকাশ কৰে।ই হৈছে কোনো সংকেত বা মাত। ই স্বতঃস্ফূর্ত বা ইচ্ছাকৃত হ’ব পাৰে। জীৱ-জন্তুৰ মুখৰ ভিতৰলৈ সোমাই যোৱা বায়ু আৰু মুখৰ ভিতৰৰ পৰা ওলাই অহা বায়ুৰ মাজত মুখ গহ্বৰত হোৱা ঠেকা-ঠেকি বা সংঘৰ্ষৰ ফলত ইয়াৰ উৎপত্তি হয়। সেয়ে ক’ব পাৰি যে জীৱৰ মুখৰ ভিতৰলৈ সোমাই যোৱা বায়ু আৰু মুখৰ ভিতৰৰ পৰা ওলাই অহা বায়ুৰ মাজত মুখ গহ্বৰত হোৱা ঠেকা-ঠেকি বা সংঘৰ্ষৰ ফলত যি স্বৰ বা মাতৰ উৎপত্তি হয় সেয়াই  ধ্বনি (Sound)। 

ধ্বনিয়েই হৈছে ভাষা এটিৰ মূল উপাদান বা চালিকা শক্তি। অৰ্থাৎ ধ্বনিৰ ওপৰত ভিত্তি কৰিয়েই ভাষাৰ জন্ম হৈছে। সেয়ে ভাষা বুলিলে ধ্বনি সমষ্টিক বুজায়। অৰ্থাৎ জীৱৰ ভাৱ প্ৰকাশ কৰিব পৰা ধ্বনিময় মাধ্যমটোৰ নামেই ভাষা (Language)। উদাহৰণ– অসমীয়া ভাষা, বাংলা ভাষা, স্পেনিচ ভাষা¸, ৰুচ ভাষা, লেটিন ভাষা, হিন্দী ভাষা, উৰ্দু ভাষা, ভাষা, সংস্কৃত ভাষা ইত্যাদি।

ধ্বনি উচ্চাৰণ কৰিব পৰা প্ৰায়বোৰ জীৱৰে ভাষা আছে যদিও জীৱশ্রেষ্ঠ মানুহৰ ভাষাৰ ৰূপ দুটা, যথা– কথিত ৰূপ  আৰু লিখিত ৰূপ।

আমি কথা পাতোতে ব্যৱহাৰ কৰা ভাষাৰ ৰূপটোয়েই কথিত ভাষা (Colloquial Language)।

আনহাতে কোনো লেখন-সঁজুলিৰ সহায়ত আমাৰ মুখৰ ধ্বনিক প্ৰতিনিধিত্ব কৰা কেতবোৰ সাংকেতিক চিন ব্যৱহাৰ কৰি প্ৰকাশ কৰা ভাষাৰ ৰূপটোকেই লিখিত ভাষা (Written Language) বুলি কোৱা হয়।  আদিতে পৃথিৱীৰ সকলোবোৰ ভাষা কথিত ৰূপত আছিল। কিন্তু পিছলৈ মানৱ সভ্যতাৰ বিকাশৰ  লগে লগে মানুহে মানুহৰ মনৰ ভাৱ স্থায়ীভাৱে ধৰি ৰখাৰ উদ্দেশ্যে মানুহৰ মুখৰ ধ্বনিক প্ৰতিনিধিত্ব কৰিব পৰা কিছুমান সাংকেতিক চিন উদ্ভাৱন কৰা হয় আৰু ভাষাৰ লিখিত ৰূপৰ জন্ম হয়।  বৰ্তমান ভাৰতবৰ্ষত মুঠ ১৬৫২ টা ভাষা আছে যদিও ইয়াৰ সৰহভাগ ভাষা  কথিত ৰূপতেই সীমাবদ্ধ আছে।  ভাৰতবৰ্ষৰ সংবিধানৰ ২০০৮ চনৰ সংশোধনীমতে ভাৰতৰ সংবিধান স্বীকৃত ভাষাৰ সংখ্যা ২২ টা । সেইবোৰ হ’লঃ (১) অসমীয়া, (২) বঙালী, (৩) উৰিয়া, (৪) উৰ্দু, (৫) সান্থালী, (৬) কানাড়া, (৭) কাশ্মীৰী, (৮) মৈথিলী, (৯) তামিল, (১০) তেলেগু, (১১) গুজৰাটী, (১২) পাঞ্জাৱী, (১৩) মাৰাঠী, (১৪) মালয়ালম, (১৫) হিন্দি, (১৬) সংস্কৃত, (১৭) কঙ্কোনী, (১৮) সিন্ধি, (১৯) মনিপুৰী, (২০) নেপালী, (২১) বড়ো আৰু (২২) ডোগ্ৰী।

ধ্বনি ভাষা আৰু ভাষাৰ ৰূপ

অনুশীলনী

(১) ধবনি কাক বোলে?

(২) ভাষাৰ ৰূপ কেইটা আৰু কি কি 

(৩) প্ৰথিৱীত মুঠ কিমানটা ভাষা আছে?

(৪) কথিত ভাষা বুলিলে কি বুজা?

(৫) লিখিত ভাষা বুলিলে কি বুজা?

(৬) ভাৰবৰ্ষত সবৰ্বমুঠ কেইটা ভাষা আছে?

(৭) ভাৰতবৰ্ষত সংবিধান স্বীকৃত ভাষা কেইটা আৰু কি কি? ০ ০ ০.

ধ্বনি ভাষা আৰু ভাষাৰ ৰূপ

বি. দ্র.ধ্বনি ভাষা আৰু ভাষাৰ ৰূপ | Dhabni Bhasha Aru Bhashar Rupৰচনাটি ৰাব্বি মছৰুৰ ৰচিত গ্রন্থ ‘অসমীয়া ব্যাকৰণ ক অংশ‘ ৰ পৰা লোৱা হৈছেধ্বনি ভাষা আৰু ভাষাৰ ৰূপ

ধ্বনি ভাষা আৰু ভাষাৰ ৰূপ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here