Home Ass Grammar ধৰ্ম, ভাষা-সাহিত্য, সংস্কৃতি, ৰাজনীতি, সমাজনীতি ইত্যাদিৰ  ওপৰত হাদীছ গ্ৰন্থসমূহৰ প্ৰভাৱ | Influences...

ধৰ্ম, ভাষা-সাহিত্য, সংস্কৃতি, ৰাজনীতি, সমাজনীতি ইত্যাদিৰ  ওপৰত হাদীছ গ্ৰন্থসমূহৰ প্ৰভাৱ | Influences of Hadiths

0

ধৰ্ম, ভাষা-সাহিত্য, সংস্কৃতি, ৰাজনীতি, সমাজনীতি ইত্যাদিৰ  ওপৰত হাদীছ গ্ৰন্থসমূহৰ প্ৰভাৱ

হাদীছ গ্ৰন্থসমূহৰ প্ৰভাৱ  Influences of Hadiths

ধৰ্ম, ভাষা-সাহিত্য, সংস্কৃতি, ৰাজনীতি, সমাজনীতি ইত্যাদিৰ  ওপৰত হাদীছ গ্ৰন্থসমূহৰ প্ৰভাৱ

হাদীছ হৈছে ইছলামৰ দ্বিতীয় উৎস গ্ৰন্থ। কোৰানৰ পিছতে ইয়াৰ স্থান। ইয়াৰ প্ৰভাৱ ধৰ্ম, ভাষা, সাহিত্য, সংস্কৃতি, ৰাজনীতি, সমাজনীতি সকলোতে স্পষ্ট। তলত বিভিন্ন দিশত হাদীছ গ্ৰন্থসমূহৰ প্ৰভাৱ চমুকৈ আলোচনা কৰা হ’লঃ
 
প্ৰথম, হাদীছ গ্ৰন্থই কোৰান বুজা, ব্যাখ্যা কৰা, অনুধাৱন কৰা আৰু কোৰানৰ তাৎপৰ্য বুজাত সহায় কৰে। ই কোৰানৰ ব্যৱহাৰিক পুথি বুলিও ক’ব পাৰি। কিয়নো কোৰানৰ ভাষা তুলনামূলকভাৱে হাদীছৰ ভাষাতকৈ কঠিন। কোৰানৰ জটিল বা গুঢ় ৰহস্যমূলক বাণীসমূহ সহজ ভাষাত নবীজীয়ে চহাবীসকলৰ ওচৰত ব্যাখ্যা কৰিছিল আৰু সেইবোৰ যিহেতু হাদীছত স্থান পাইছে সেয়ে হাদীছ অধ্যয়ন কৰি কোৰানখন অতি সহজে বুজিব পাৰি। উদাহৰণস্বৰূপে কোৰানত ছালাত, ছিয়াম, জাকাত আদিৰ উল্লেখ আছে কিন্তু সেইবোৰ পালন পদ্ধতিৰ স্পষ্ট ব্যাখ্যা নাই। এইবোৰৰ ব্যৱহাৰিক দিশ নবীজীয়ে নিজ অনুশীলনৰ দ্বাৰা তেখেতৰ অনুগামীসকলক বুজাই দিছিল যিবোৰ হাদীছ গ্ৰন্থত স্থান পাইছে। সেয়ে ইছলাম ধর্মৰ বহু বিষয় হাদীছ গ্ৰন্থসমূহ পঢ়ি স্পষ্টভাৱে বুজিব পাৰি।
 
দ্বিতীয়তে, নবীজীৰ ইন্তেকালৰ পিছত খলিফায়ে ৰাশ্বেদীনসকলৰ দিনত হজৰত মহম্মদ (ছাঃ)য়ে প্ৰতিষ্ঠা কৰা মুছলিম সামাজ্যৰ পৰিধি যথেষ্ট বৃদ্ধি পায়। ফলত ৰাজনৈতিক আৰু প্ৰশাসনীয় দিশত শাসকসকলে নানান সমস্যাৰ সন্মুখীন হয়। সেই সকলোবোৰ সমস্যা অকল কোৰানৰ জৰিয়তে শাসকসকলে সমাধান কৰাত বিফল হৈছিল । তেতিয়া হাদীছৰ আলোকত সেইবোৰ সমস্যাৰ সমাধান উলিয়াইছিল। বৰ্তমান সময়তো কোনো সমস্যাৰ সমাধান কোৰানৰ পৰা উলিায়ব নোৱাৰিলে হাদীছ গ্ৰন্থৰ সহায়ত তাৰ সমাধান সহজে উলিয়াব পাৰি।
 
তৃতীয়তে, হাদীছ গ্ৰন্থত অকল ধৰ্মীয় বিষয়ৰে যে ব্যাখ্যা আছে, সেয়া নহয়। ইয়াত নবীয়ে কৰা কাম-কাজ, নবীৰ লগত সম্পৰ্ক থকা ব্যক্তিসকল, চাহাবীসকল, নবীয়ে ভিনি ভিন সময়ত চাহাবাসকলক দিয়া আদেশ-নিষেধ, নবীয়ে কৰা যুদ্ধ বিগ্ৰহ আদি সকলো কথাই সন্নিবিষ্ট আছে। সেয়ে হাদীছ গ্ৰন্থখন পঢ়ি নবীজীৰ সমসাময়িক যুগৰ এক স্পষ্ট ধাৰণা লাভ কৰিব পাৰি, লগতে চাহাবাসকলৰ জীৱনৰ প্ৰধান প্ৰধান ঘটনাৰ বিষয়েও অৱগত হ’ব পাৰি। গতিকে হাদীছ গ্ৰন্থসমূহে সেই যুগৰ ইতিহাস গ্ৰন্থৰ অভাৱো পূৰণ কৰে।
 
চতুৰ্থতে, হাদীছৰ ভাষাই আৰবী ভাষা আৰু সাহিত্যৰ ওপৰত এক পূৰ্ব দৃষ্টান্তহীন প্ৰভাৱ পেলাইছে। ইছলাম ধর্মৰ আবিভাৰ্ৱৰ আগতে আৰবী ভাষাত গদ্য সাহিত্য প্ৰায় নাছিল বুলিবই পাৰি। হাদীছসমূহ যিহেতু গদ্যত ৰচিত সেয়ে ই আৰবী গদ্যৰ বিকাশত এক যুগান্তকাৰী প্ৰভাৱ পেলাইছে। হাদীছৰ ভাষাৰ সৰলতা আৰু প্ৰাঞ্জলতাই আৰবী ভাষাক এক সুবিন্যস্ত ৰূপ প্ৰদান কৰিছে । ই আৰবী শব্দ, শব্দ গঠন, শব্দৰ অৰ্থ আদি বিষয়ত এক সুস্থিৰতা প্ৰদান কৰি আৰবী ভাষাক এক মৰ্যদাশীল ভাষালৈ উন্নীত কৰিছে।
 
পঞ্চমতে, হাদীছ গ্ৰন্থসমূহত থকা নবীজীৰ চাহাবাসকল আৰু তেখেতৰ পৰিচিত ব্যক্তিসকলৰ বিৱৰণৰ ওপৰত ভিত্তি কৰি পিছত বহুতো জীৱনী সাহিত্য ৰচিত হৈছে। ফলত আৰবী সাহিত্য চহকী হৈছে।
 
ষষ্ঠতে, হাদীছত বৰ্ণিত হোৱা মুছলামনসকল আৰু অনামুছলমানসকলৰ মাজত হোৱা যুদ্ধ, সংঘৰ্ষ আদিক মূল উৎস হিচাপে লৈ পৰৱৰ্তী কালত ইতিহাস সাহিত্য ৰচিত হৈছে।
 
সপ্তমতে, কোৰানখন নবী মহম্মদ (ছাঃ)ৰ ওপৰত নাজিল হৈছিল যদিও কোৰানখন নবীজীৰ জীৱনী নহয়। ইয়াৰ পৰা নবীজীৰ ব্যক্তিগত জীৱনৰ বিষয়ে বেছি কথা জানিব নোৱাৰি। কিন্তু হাদীছ গ্ৰন্থসমূহত যিহেতু নবীজীৰ জীৱনৰ প্ৰতিটো দিশৰ বৰ্ণনা আছে সেয়ে হাদীছ পঢ়ি নবীজীৰ সামাজিক জীৱন, ৰাজনৈতিক জীৱন, নৈতিক জীৱন, ধৰ্মীয় জীৱন আদিৰ লগতে নবীজীৰ মানসিক জগতৰ বিষয়ে অৱগত হ’ব পাৰি। অৰ্থাৎ হাদীছ গ্ৰন্থ পঢ়ি নবীজীৰ সম্পূৰ্ণ জীৱনী জানিব পাৰি।
 
ওপৰৰ আলোচনাৰ পৰা প্ৰতীয়মান হয় যে ইছলামী বিশ্বত হাদীছ গ্ৰন্থসমূহৰ গুৰুত্ব অপৰিসীম। ০ ০ ০.
.

বি দ্রঃ উক্ত ‘ধৰ্ম, ভাষা-সাহিত্য, সংস্কৃতি, ৰাজনীতি, সমাজনীতি ইত্যাদিৰ  ওপৰত হাদীছ গ্ৰন্থসমূহৰ প্ৰভাৱ | Influences of Hadiths’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ‘ গ্রন্থখনৰ পৰা লোৱা হৈছে।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Additional Searches:

LEAVE A REPLY

Please enter your comment!
Please enter your name here