Home Literary Criticism নির্বাচিত অসমীয়া প্ৰৱন্ধ সমালোচনা | Nirbachit Asomiya Prabandha Samaluchana

নির্বাচিত অসমীয়া প্ৰৱন্ধ সমালোচনা | Nirbachit Asomiya Prabandha Samaluchana

অসমীয়া প্ৰৱন্ধ সমালোচনা

0

 

নির্বাচিত অসমীয়া প্ৰৱন্ধ সমালোচনা | Nirbachit Asomiya Prabandha Samaluchana

নির্বাচিত  অসমীয়া প্ৰৱন্ধ সমালোচনা

নির্বাচিত অসমীয়া প্ৰৱন্ধ সমালোচনা | Nirbachit Asomiya Prabandha Samaluchana

 

 

ৰাব্বি  মছৰুৰ

 

 

গ্রোহিলচ্‌ পাব্লিশ্বিং

কমলপুৰ, বৰপেটা  (অসম)

 

নির্বাচিত অসমীয়া প্ৰৱন্ধ সমালোচনা 

Nirbachit Asomiya Prabandha Shamaluchana (  A collection of critical articles on Assamese Essays) by Rabbi Masrur, Published by Growhills Publishing.

Rights Reserved

Internet Edition

নির্বাচিত অসমীয়া প্ৰৱন্ধ সমালোচনা

Price: Rs. ………….. 

D. T. P. By 

Rabbi Masrur

নির্বাচিত অসমীয়া প্ৰৱন্ধ সমালোচনা

Printed at :

নির্বাচিত অসমীয়া প্ৰৱন্ধ সমালোচনা

 

আগকথা

‘প্ৰৱন্ধ’ বুলিলে কোনো এক বিষয়ৰ ওপৰত গদ্যত ৰচনা কৰা তথ্য সমৃদ্ধ ৰচনাক বুজোৱা হয়। আধুনিক প্ৰৱন্ধ সাহিত্যৰ উদ্ভৱ আৰম্ভ হয় ষোল্ল শতাব্দীত আৰু ইয়াৰ উদ্ভৱ হোৱাৰ মাথো কেইবছৰমানৰ ভিতৰত ই আধুনিক জ্ঞান-বিজ্ঞান প্ৰসাৰৰ এক অদ্বিতীয় মাধ্যম হৈ উঠে। বৰ্তমান পৃথিৱীত জ্ঞান প্ৰসাৰৰ দিশত প্ৰৱন্ধ সাহিত্যৰ কোনো তুলনা নাই। ইয়াৰ কাৰণ প্ৰৱন্ধ সাহিত্য সম্পূৰ্ণ বাস্তৱ ভিত্তিক তথ্য সমৃদ্ধ সাহিত্য। সাহিত্যৰ অন্যান্য শাখা যেনে- কবিতা, উপন্যাস, চুটিগল্প, নাটক আদিত জীৱনক কলাত্মকভাৱে বিচাৰ কৰা হয়। এইবোৰত কল্পনাৰ প্ৰাধান্য থাকে। কিন্তু প্ৰৱন্ধ সাহিত্যত কল্পনাৰ স্থান অতি নগন্য। প্ৰৱন্ধ সাহিত্যত জীৱনৰ বাস্তৱ দিশবোৰ মানৱ কল্যাণৰ লক্ষ্য আগত ৰাখি আলোচনা কৰা হয়। সেয়ে প্ৰৱন্ধ সাহিত্যক আমি জ্ঞানবাদী সাহিত্য বুলি ক’ব পাৰোঁ।

এজন পাঠক  হিচাপে মোৰ প্ৰথম প্ৰেম হৈছিল কবিতাৰ সতে, পিছলৈ এই প্ৰেম গল্প আৰু উপন্যাস সাহিত্যলৈ প্ৰসাৰ লাভ কৰিছিল। কিন্তু অলপতে মই  জীৱনৰ প্ৰয়োজনৰ তাগিদাত প্ৰৱন্ধ সাহিত্য অধ্যয়ন কৰিবলৈ লওঁ আৰু এতিয়া দেখা পাইছো মানুহ বাস্তৱিক অৰ্থত প্ৰজ্ঞাবান হ’বলৈ হ’লে অৰ্থাৎ কোনো বস্তু বা বিষয়ৰ যথাৰ্থ জ্ঞান লাভ কৰিবলৈ হ’লে প্ৰৱন্ধ সাহিত্য পঢ়াৰ অভ্যাস গঠন কৰিব লাগিব।

মই সম্প্ৰতি বহুতো প্ৰৱন্ধৰ কিতাপ অধ্যয়ন কৰিছো। ইয়াৰ ভিতৰত অসমীয়া ভাষাৰো কেইখনমান কিতাপ পঢ়ি অঁটাইছো। বিভিন্ন লেখকৰ বিভিন্ন প্ৰৱন্ধ অধ্যয়ন কৰাৰ লগে লগে দুই এখন প্ৰৱন্ধৰ ওপৰত মই বিশ্লেষণাত্মক আলোচনা লিখি গৈছিলো। আজিৰ ‘নিৰ্বাচিত অসমীয়া প্ৰৱন্ধ সমালোচনা’ গ্ৰন্থখন তেনে লিখনিৰ এক ক্ষীণ সংকলন। 

কোনো লিখকৰ প্ৰৱন্ধ বিশ্লেষণ বা আলোচনা কৰোতে মই বিষয়বস্তু বিশ্লেষণ কৰাতহে গুৰুত্ব প্ৰদান কৰিছোঁ, ভাষা বা আঙ্গিকৰ ওপৰত নহয়। ইয়াৰ কাৰণ প্ৰৱন্ধ সাহিত্যৰ মূল আকৰ্ষণ হৈছে ইয়াৰ আলোচ্য বিষয়-বস্তুখিনিহে, প্ৰকাশভংগী নহয়।  মই আশাবাদী যে পাঠক সমাজে পুথিখন ভাল পাব।

ৰাব্বি  মছৰুৰ

কমলপুৰ, বৰপটো (অসম)

২০২১ ইংৰাজী চন।  

নির্বাচিত অসমীয়া প্ৰৱন্ধ সমালোচনা 

সূচীপত্ৰ

ডিম্বেশ্বৰ নেওগৰ প্ৰৱন্ধ ‘ছাত্ৰ-জীৱন আৰু সমাজ সেৱা’– এক বিশ্লেষণাত্মক অধ্যয়ন

হেম বৰুৱাৰ প্ৰৱন্ধ ‘ভাৰতীয় সংস্কৃতি’– এক বিশ্লেষণাত্মক অধ্যয়ন

আব্দুছ ছাত্তাৰৰ প্ৰৱন্ধ ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’— এক বিশ্লেষণাত্মক অধ্যয়ন 

ড০ কুলেন্দু পাঠকৰ প্ৰৱন্ধ ‘নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ–এক বিশ্লেষণাত্মক অধ্যয়ন

ৰথীন্দ্ৰনাথ গোস্বামীৰ ভ্ৰমণ কাহিনী‘পাৰস্যত এভূমুকি’– এক বিশ্লেষণাত্মক অধ্যয়ন

ড০ প্ৰণয়ী দত্তৰ প্ৰৱন্ধ ’ইন্টাৰনেটৰ তিতা-মিঠা’– এক বিশ্লেষণ

ড০ জয়শ্ৰী গোস্বামী মহন্তৰ জীৱনীমূলক ৰচনা ‘অৰুণিমা সিন্‌হা’– এক বিশ্লেষণাত্মক অধ্যয়ন

অনুৰাধা শৰ্মা পূজাৰীৰ ‘অৰণ্য যাত্ৰা’–এক বিশ্লেষণাত্মক অধ্যয়ন

ভট্টদেৱৰ ‘বিষাদযোগ’– এক বিশ্লেষণাত্মক অধ্যয়ন

হেমচন্দ্ৰ গোস্বামীৰ প্ৰৱন্ধ ‘প্ৰাচীন ভাৰতীয় শিক্ষা’ –এক বিশ্লেষণাত্মক অধ্যয়ন

তীৰ্থনাথ শৰ্মাৰ প্ৰৱন্ধ ‘ভাৰতীয় আদৰ্শত ‘বৈৰাগ্য’ — এক বিশ্লেণাত্মক অধ্যয়ন

লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰৱন্ধ ‘বুৰঞ্জীৰ দৌৰাত্ম্য’—এক আলোচনা

প্ৰফুল্ল দত্তৰ  গোস্বামীৰ প্ৰৱন্ধ ‘ব’হাগ বিহুৰ পৰম্পৰা’– এক বিশ্লেষণাত্মক অধ্যয়ন

লক্ষ্মীধৰ শৰ্মাৰ প্ৰৱন্ধ ‘মাধৱদেৱ’ — এক আলোচনা

Table of Contents

নির্বাচিত অসমীয়া প্ৰৱন্ধ সমালোচনা

ডিম্বেশ্বৰ নেওগৰ প্ৰৱন্ধ ‘ছাত্ৰ-জীৱন আৰু সমাজ সেৱা’– এক বিশ্লেষণাত্মক অধ্যয়ন

‘ছাত্ৰ-জীৱন আৰু সমাজ সেৱা’ শিৰোনামৰ প্ৰৱন্ধটিত লেখক  ডিম্বেশ্বৰ নেওগদেৱে ছাত্ৰসকলৰ কৰ্তব্য আৰু সিহঁতে কিদৰে সমাজ সেৱা কৰিব পাৰে সেই সম্পৰ্কে আলোচনা আগবঢ়াইছে।

লিখকৰ মতে ‘অবনুৱাক বনুৱা’ কৰাটোৱে শিক্ষাৰ উদ্দেশ্য হোৱা উচিত। ছাত্ৰ জীৱন শিক্ষা আৰহণৰ উপযুক্ত সময়। ছাত্ৰ জীৱনতে ল’ৰা-ছোৱালীয়ে  শাৰীৰিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক বিকাশৰ সকলোবোৰ বিষয় অনুশীলন কৰিব লাগে। ছাত্ৰসকলে পুথিত যিবোৰ শিক্ষা বা জ্ঞান লাভ কৰে বাস্তৱ জীৱনত তাৰ প্ৰয়োগ কৰিব লাগে। উদাহৰণস্বৰূপে স্কুলত শিকোৱা ‘দুখীয়াক মৰম কৰিব লাগে’ — কথাষাৰ বাস্তৱ জীৱনত কাৰ্যকৰী কৰিব লাগে। 

দেশ সেৱাত ব্রতী হ’বলৈ হ’লে ছাত্ৰ জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজন আছে। দেশ সেৱা এক মহত্বৰ কাম। এই কামৰ বাবে শিক্ষাৰ প্ৰয়োজন। কিয়নো ঠেক মনৰ মানুহে দেশক ভাল পাব নোৱাৰে। মনৰ ভিতৰত যেতিয়া জ্ঞানৰ পোহৰ থাকে তেতিয়াহে আনক পোহৰ বিলাব পাৰে। বহুমূখী শিক্ষা বুলিলে সেইবোৰ বিষয়ত শিক্ষা লাভ কৰাক বুজায় যিবোৰ শিক্ষা লাভ কৰিলে সামাজিক জ্ঞান হোৱাৰ উপৰিও অৰ্থকৰী জ্ঞানো লাভ হয়। অৰ্থকৰী শিক্ষাৰ বাবে বৃত্তিমুখী শিক্ষাৰ প্ৰয়োজন আছে। লিখকে কৈছে যে ছাত্ৰসকলে শালিধানৰ বোকামাটিত নানামিব পাৰে, কিন্তু সিহঁতে কঠীয়া তলিত হাল জুৰি চাব লাগিব। ছাত্ৰসকলে শিক্ষাৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক, নৈতিক আদি যিবোৰ ভাগ আছে সকলো বিষয় চৰ্চা কৰিব লাগে।

কোনো কামত সফল হ’বলৈ একাগ্ৰতাৰ প্ৰয়োজন। ফকৰা যোঁজনাত কোৱা হৈছে যে পঢ়াওঁতা অৰ্থাৎ শিক্ষক,  পঢ়োতা অৰ্থাৎ ছাত্ৰ আৰু পাণ গছ ৰুওঁতা – এই তিনিজনে একাণপতীয়কৈ আৰু একাগ্ৰচিত্তে নিজৰ নিজৰ কাম কৰি নাথাকিলে সেই কামৰ পৰা সুফল আশা কৰিব নোৱাৰি। কাৰণ পাণ গছৰ পৰা লাভবান হ’বলৈ পান গছ উপযুক্ত বতৰত ৰুব লাগিব আৰু তাৰ গুৰিত সময়মতে সাৰ-পানী দি থাকিব লাগিব, নহ’লে পান গছ মৰহি যাব। সেইদৰে এজন শিক্ষকে যদি শিক্ষা দান কৰা কাৰ্যত একাণপতীয়কৈ লাগি নাথাকে, তেন্ত সেইজন শিক্ষকে ছাত্ৰসকলক উপযুক্ত শিক্ষা দান কৰিব নোৱাৰে। ঠিক তেনেকৈ ছাত্ৰসকলেও ছাত্ৰ জীৱনত একাগ্ৰচিত্তে শিক্ষা আহৰণত ব্রতী হ’ব লাগিব। তেতিয়াহে সিহঁতে প্ৰকৃত শিক্ষা আৰহৰণ কৰিব পাৰিব আৰু সেই শিক্ষাৰ দ্বাৰাহে দেশৰ মঙ্গল হ’ব।

ছাত্ৰসকলে সমাজ সেৱাৰ বাবে নিজৰ সমাজখনকে বাছি ল’ব পাৰে বুলি লিখকে কৈছে।  অৰ্থাৎ লিখকে বুজাব বিচাৰিছে যে মানুহে সমাজ পাতি বসবাস কৰাৰ লগে লগে গাওঁৰ জন্ম হৈছে । গাওঁৰ তুলনাত নগৰ হৈছে বহু যুগৰ পিছৰ সৃষ্টি। নগৰ সৃষ্টিত গাওঁৰ মানুহেই আগভাগ লয়। উদ্যোগ বা চৰকাৰী অফিচ আদালত আদিক কেন্দ্ৰ কৰি নগৰ গঢ়  লৈ উঠে। পিছত চাকৰিজীৱি আৰু উদ্যোগৰ লগত জড়িত মানুহে নগৰ প্ৰসাৰিত কৰে।  নগৰত সাধাৰণতে সা-সুবিধা বেছি থাকে যদিও নগৰৰ মানুহে ইয়াৰ প্ৰয়োজনীয় কেঁচা সামগ্ৰী, খাদ্য-বস্তু আদিৰ বাবে গাওঁৰ ওপৰতেই নিৰ্ভৰ কৰি থাকিব লগা হয়। কাৰণ গাওঁ অঞ্চলতহে কৃষিজাত সামগ্ৰী উৎপাদন কৰা হয়। গাওঁ অঞ্চলৰ মানুহে যদি সিহঁতৰ উৎপাদিত সামগ্ৰী চহৰলৈ ৰপ্তানি নকৰে তেন্তে চহৰ অঞ্চলৰ মানুহে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ অভাৱত ভূগিব। তেতিয়া চহৰৰ অস্তিত্ব ম্লান পৰি যাব। আনহাতে গাওঁৰ মানুহেহে দেশৰ ঐতিহ্য, পৰম্পৰা, কৃষ্টি, সভ্যতা আদি ধৰি ৰাখিব পাৰে। নগৰ অঞ্চলত ভিন ভিন ঠাইৰ মানুহ আহি বাস কৰে বাবে সিহঁতে নিজৰ নিজৰ কৃষ্টি সভ্যতা ধৰি ৰাখিব নোৱাৰে। সেয়ে লেখকে গাওঁক নগৰৰ ‘জনক-জননী’ অৰ্থাৎ পিতৃ-মাতৃ বুলি কৈছে। 

কাৰ্যকৰী জ্ঞান লাভৰ কাৰ্যক্ষেত্ৰ হিচাপে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ গাওঁখনকে বাছি ল’ব লাগে। বৰ্তমান বিজ্ঞানৰ যুগতো আমাৰ দেশৰ গাওঁ অঞ্চলবোৰ  অজ্ঞান, অন্ধকাৰ, কুশিক্ষা আদিত বুৰ গৈ আছে। বহুত গাওঁলীয়া মানুহে গাহৰিৰ দৰে পেট পুহি থকাটোৱেই জীৱনৰ উদ্দেশ্য বুলি ভাবি আছে। সিহঁতে নিজৰ ঘৈণী আৰু ল’ৰা-ছোৱালীৰ বাহিৰে আনৰ মৰম নুবুজে। আজিও এচিকটা মাটিৰ বাবে ভায়ে ভায়ে কটা-কটি, মৰা-মৰি আদি কৰি থাকে। কুৰ্চুট কপটে আমাৰ গাওঁবোৰক খুলি খুলি খাই আছে। গাওঁত এজনৰ ভাল দেখিলে নিজেও ভালৰ শাৰীলৈ উধাবলৈ চেষ্টা নকৰি কেনেকৈ সেইটোকো নমাই আনিব পাৰি তাৰ চিন্তাহে কৰি থাকে। ছাত্ৰসকলে এইবোৰ কুসংস্কাৰ আঁতৰ কৰিবলৈ নিজৰ গাওঁখনকে সিহঁতৰ কাৰ্যক্ষেত্ৰ হিচাপে  গ্ৰহণ কৰিব পাৰে।

ছাত্ৰ জীৱনতে এনে কাৰ্যকৰী শিক্ষা লাভ নকৰিলে পিছলৈ সেয়া হৈ নুঠে। অৱশ্যে এনে কাৰ্যকৰী শিক্ষা লাভ কৰিবলৈ হ’লে ছাত্ৰসকলে আগতে প্ৰগতিশীল ভাৱধাৰাৰ লগত পৰিচিত হ’ব লাগিব যিবোৰ পাঠ্যপুথিৰ জৰিয়তে স্কুল-কলেজত শিকোৱা হয়। কিন্তু দুখৰ বিষয় যে ছাত্ৰসকলে পুথিত শিকা বিষয়বোৰ কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰা দেখা নাযায়। প্ৰকৃততে ছাত্ৰ জীৱনতে এনে কাৰ্যকৰী শিক্ষা লাভ কৰা অতি প্ৰয়োজনীয়।

প্ৰকৃত শিক্ষা লাভ কৰিবলৈ যে অনুশীলনৰ প্ৰয়োজন সেয়া বুজাবলৈ লিখকে কমাৰশালৰ উপমা দাঙি ধৰিছে।  লেখকে কৈছে যে লোৰ বস্তু সাধাৰণতে কমাৰশালত তৈয়াৰ কৰা হয়। কিন্তু কমাৰশালত কোনো বস্তু গঢ়িবলৈ হ’লে প্ৰথমতে লোডাল জুইশালত গৰম কৰিব লাগিব। লোডাল গৰম নকৰাকৈ কমাৰশালত তাক কোনো গঢ়  দিব নোৱাৰি। এনেদৰে সাঁতুৰিবলৈ শিকিবলৈ হ’লে প্ৰথমতে পানীত নামিব লাগিব। পানীত নিতিতাকৈ সাঁতোৰ শিকাটো অসম্ভৱ। ঠিক তেনেকৈ ছাত্ৰসকলে প্ৰকৃত শিক্ষা লাভ কৰিবলৈ অনুশীলন কৰাৰ প্ৰয়োজন আছে।

লিখকে ছাত্ৰসকলক ফুলৰ লগত তুলনা কৰি কৈছে যে পূজাৰ উপচাৰ হিচাপে ফুল ব্যৱহাৰ হয়।  কলি ফুল পূজাত ব্যৱহাৰ নহয়, বিকশিত ফুলহে পূজাৰ যোগ্য। ঠিক সেইদৰে দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰতহে। ছাত্ৰ-ছাত্ৰীয়ে বিদ্যা-বুদ্ধিত পূৰঠ হ’লেহে সিহঁতৰ দ্বাৰা দেশ তথা সমাজৰ মঙ্গল হ’ব। কিন্তু সিহঁত যদি বিপথগামী হয় বা উপযুক্ত শিক্ষা লাভ কৰিব নোৱাৰে তেন্তে সিহঁত ঠিক কলি ফুল পূজাৰ অযোগ্য বুলি বিবেচিত হোৱাৰ দৰেই উপযুক্ত শিক্ষাহীন বুলিদেশ সেৱাৰ বাবেঅযোগ্য বুলি বিবেচিত হ’ব।

বিশ্বৰ প্ৰায় সকলো ধৰ্মই এক মহান সৃষ্টিকৰ্তাক বিশ্বাস কৰে। সৃষ্টিকৰ্তাক পূজা-অৰ্চনা কৰাটো ধৰ্মৰ এক প্ৰধান অঙ্গ। তেওঁক সন্তুষ্ট কৰাটো আমাৰ এক ধৰ্মীয় কৰ্তব্য। কিন্তু ভগৱানক আমি সচক্ষে দেখা নাপাওঁ। আকৌ হিন্দু ধৰ্মত কোৱা হৈছে যে মানুহৰ অন্তৰত ভগৱান লুকাই থাকে। সেই দিশৰ পৰা আমি মানৱ সেৱাৰ যোগেদি ভগৱানক সেৱা কৰিব পাৰি। ছাত্ৰসকলেও মানৱ সেৱাত আত্ম নিয়োগ কৰাৰ জৰিয়তে ভগৱানক সেৱা কৰিব পাৰে। সিহঁতে এই কাৰ্যৰ বাবে নিজৰ গাওঁখনকে বাচি ল’ব পাৰে। সিহঁতে গাওঁৰ পৰা অজ্ঞানতা দূৰ কৰা, অশিক্ষিতক শিক্ষিত কৰা, কুসংস্কাৰ দূৰ কৰা আদি কাৰ্যত ব্রতী হৈ নাৰায়ণক সেৱা কৰাৰ পথ বাছি ল’ব পাৰে।

এনেদৰে লিখক ডিম্বেশ্বৰ নেওগদেৱে ‘ছাত্ৰ-জীৱন আৰু সমাজ সেৱা’ নামৰ প্ৰৱন্ধটিত ছাত্ৰসকলৰ কৰ্তব্য আৰু সিহঁতে কিদৰে ছাত্ৰজীৱনতে সমাজসেৱাৰ প্ৰশিক্ষণ কৰিব পাৰে তাৰ সবিশেষ যুক্তিপূৰ্ণ আলোচনা আগবঢ়াইছে। 0 0 0. 

নির্বাচিত অসমীয়া প্ৰৱন্ধ সমালোচনা | Nirbachit Asomiya Prabandha Samaluchana

হেম বৰুৱাৰ প্ৰৱন্ধ ‘ভাৰতীয় সংস্কৃতি’–এক বিশ্লেষণাত্মক অধ্যয়ন

‘ভাৰতীয় সংস্কৃতি’ নামৰ পাঠটিত লিখক হেম বৰুৱাই ভাৰতীয় সংস্কৃতি যে দেশী-বিদেশী বিভিন্ন জাতি-উপজাতিৰ সমন্বয়ত গঢ়ি   উঠিছে তাকেই  ফাঁহিয়াই দেখুৱাইছে। 

ভাৰতীয় সংস্কৃতি হৈছে আৰ্য, অনাৰ্য, দ্ৰাবিড়, মংগোলীয, গ্ৰীক, মোগল, পাঠান আদি বিভিন্ন জাতি আৰু উপজাতিৰ সমন্বয়ৰ সংস্কৃতি।  উদাহৰণস্বৰূপে গ্ৰীকসকল, শূণসকল, পাঠানসকল, মোগলসকল আদি বিভিন্ন জাতি গোষ্ঠীৰ লোক ইতিহাসৰ বিভিন্ন যুগত ভাৰতলৈ আক্ৰমণকাৰীৰ বেশত আহিছিল যদিও ভাৰতৰ মোহত পৰি ভাৰততে নিগাজীকৈ থাকিবলৈ লৈছিল। পিছলৈ ভাৰতকে আপোন দেশ বুলি আঁকোৱালি লৈছিল। ভাৰতৰ বিভিন্ন কলা, সংস্কৃতি, শিল্প, ভাস্কৰ্য আদিত এই সমন্বয় লক্ষণীয়।

ভাৰতীয় সংস্কৃতিত যে বিভিন্ন জাতি আৰু জনজাতিৰ সাংস্কৃতিক বৈশিষ্ট্য থুপ খাই আছে তাৰ প্ৰমাণ ৰাজপুত চিত্রবোৰ। আকৌ আৰ্যসকলে ভাৰতলৈ আগমন কৰি সিহঁতৰ স্বকীয় সংস্কৃতিৰ লগতে লাহ লাহে ভাৰতীয় সংস্কৃতিও গ্ৰহণ কৰিছিল। উদাহৰণ-হিন্দু ধৰ্মত প্ৰচলিত লিঙ্গ পূজা অনাৰ্য যুগৰ বস্তু। হিন্দুৰ শ্ৰাদ্ধ বিধিও অনাৰ্য সকলৰ। কিন্তু পিছলৈ আৰ্যসকলেও এইবোৰ গ্ৰহণ কৰি লয় আৰু ই এক ভাৰতীয় সংস্কৃতিত পৰিণত হয়।  তেনেদৰে কালক্ৰমত অনাৰ্য দেৱতা শিৱই আৰ্যৰ বেদীত ঠাই পায়। অসমৰ কামাখ্যা দেৱীও অনাৰ্য আছিল; পিছত আৰ্যসকলে ইয়াক দুৰ্গা বা কালিৰ ৰূপান্তৰ হিচাপে গ্ৰহণ কৰে।

ভাস্কৰ্যৰ ক্ষেত্ৰখনতো দেশীয় আৰু বিদেশীয় সমন্বয়ৰ ছাপ স্পষ্ট। বিশেষকৈ ইছলামী ভাস্কৰ্যৰ প্ৰভাৱ মোগল যুগত ভাৰতীয় ভাস্কৰ্যত পৰে। গঠনৰ সৰলতা আৰু সুক্ষ্মতা ইছলামীয় ভাস্কৰ্যৰ মূল বৈশিষ্ট্য। ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰু-কাৰ্য প্ৰদান কৰিছে। আনহাতে হিন্দু ভাস্কৰ্যই ইছলামীয় ভাস্কৰ্যৰ জটিলতা হ্রাস কৰিছে। এনেদৰেই এক নতুন ধাৰাৰ সৃষ্টি হৈছে। তাজমহলেই তাৰ উৎকৃষ্ট উদাহৰণ।

মোগল সম্ৰাট বাবৰৰ দিনত ভাৰতীয় চিত্ৰ শিল্পত এক নতুন ধাৰাৰ আনয়ন হয়। এই চিত্ৰ শিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তি বোধ। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ।  ইয়াৰ জন্ম হৈছিল টাইমুৰ খাঁ আৰু চেংগীজ খাঁৰ ৰাজদৰবাৰত। ব্যক্তিবাদে সাময়িকভাৱে হ’লেও চিত্ৰ-শিল্পত সংকেতৰ স্থান প্ৰায় নোহোৱা কৰিছিল। মোগল আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত ভাৰতত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল। এই দুয়োটাৰ সংমিশ্ৰণত এটি নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল।

ভাৰতৰ অজন্তা গুহাৰ চিত্রবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰায়। অজন্তাৰ চিত্রবোৰত দুটা ভাৱৰ প্ৰকাশ দেখা যায়। এটা হৈছে সন্ন্যাস জীৱন আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অংকিত হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱনৰ আনন্দময় উচ্ছাসৰ চিত্ৰ। এইবোৰত ফুটি উঠিছে শক্তি, খ্যাতি, প্ৰেম আৰু যৌৱন। আনহাতে প্ৰথম বিধত আছে দয়া, ধ্যান আৰু মৌনতা। ভাৱ-বস্তুৰ পিনৰ পৰা দুয়োবিধ চিত্ৰই বেলেগ। দুয়োবিধতে দুখন বেলেগ বেলেগ জগত প্ৰতিফলিত হৈছে। 

ভাৰতীয় উচ্চঙ্গ সংগীত দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰেই গাম্ভীৰ্য  আৰু বিচিত্ৰ।  উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়। গাম্ভীৰ্যৰ লগে লগে এই সংগীতত এক উৰণীয়া ভাৱৰ সংযোগ দেখিবলৈ পোৱা যায়।  ইয়াকেই সুৰ-বস্তুৰ ওপৰত লোক-সংগীতৰ প্ৰভাৱ বুলিব পাৰি।

সেইদৰে ধৰ্মীয় চিন্তা ধাৰাতো পূৰ্ব আৰু পাশ্চাত্যৰ মিলন সমন্বয় হৈছিল। উদাহৰণস্বৰূপে ‘ছুফিবাদ’ৰ মূল কোৰাণ যদিও উপনিষদৰ দৰ্শনৰ লগত ইয়াৰ এক অভূতপূৰ্ব মিল আছে।

মুঠতে ভাৰতীয় সংস্কৃতি এনেদৰেই বিভিন্ন সংস্কৃতিৰ সমন্বয়ত গঢ়ি  উঠিছে। 0 0 0.

নির্বাচিত অসমীয়া প্ৰৱন্ধ সমালোচনা | Nirbachit Asomiya Prabandha Samaluchana

আব্দুছ ছাত্তাৰৰ প্ৰৱন্ধ ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’– এক বিশ্লেষণাত্মক অধ্যয়ন 

‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ নামৰ প্ৰৱন্ধটিত লিখক আব্দুছ চাত্তাৰে বৃহত্বৰ অসমীয়া জাতি আৰু সংস্কৃতি গঠনৰ প্ৰক্ৰিয়া ফঁহিয়াই দেখুৱাইছে।

প্ৰথমে লিখকে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ বিষয়ে কৈছে যে অসম হৈছে সময়ে সময়ে অহা বিভিন্ন জাতি-গোষ্ঠীৰ এক মিলন ভূমি। ত্ৰয়োদশ শতিকাৰ পৰা বিংশ শতাব্দীলৈ  নানান জাতিৰ মানুহ আহি অসমত থিতাপি লৈছে। কিছুমানে যুদ্ধ কৰিবলৈ, কিছুমানে যুদ্ধবন্ধী হিচাপে, কিছুমানে বেপাৰ-বাণিজ্য কৰিবলৈ, কিছুমানে ৰজাঘৰীয়া পৃষ্ঠপোষকতাত আৰু কিছুমানে চৰকাৰী উদ্দ্যোগত আহি ইয়াত বসবাস কৰিবলৈ লৈছে। সেইকালৰ সহজ-সৰল কছাৰী, চুটিয়া, কোচ, বড়ো আদিয়ে নির্বিবাদে সকলোকে গ্ৰহণ কৰিলে। একে ভৌগোলিক পৰিবেষ্টনত থাকি ওচৰা-ওচৰিকৈ এটা সম্প্ৰদায়ে আনটো সম্প্ৰদায়ৰ দ্বাৰা প্ৰভাৱিত হয়। বাহিৰৰ পৰা অহা সকলোৱেই এই দেশখনকে নিজৰ দেশ বুলি গ্ৰহণ কৰি লয় আৰু অসমীয়া ভাষাকেই নিজৰ ভাষা হিচাপে গ্ৰহণ কৰে।  গতিকে এই সকলো লগলাগি বৃহত্বৰ অসমীয়া জাতি গঠন হৈছে।

দ্বিতীয়তে লিখকে অসমীয়া সংস্কৃতিৰ বিষয়ে কৈছে যে ইংৰাজৰ আগমনৰ লগে লগে অসমত চাহ উদ্দ্যোগ প্ৰতিষ্ঠা হয়। এই উদ্দ্যোগত বনুৱা হিচাপে কাম কৰিবলৈ অসমৰ বাহিৰৰ পৰা বিশেষকৈ বিহাৰ, উত্তৰ প্ৰদেশ, উৰিষ্যা, মধ্য প্ৰদেশ আদিৰ পৰা চৰকাৰে বনুৱা আমদানি কৰে। এই চাহ বনুৱাসকল হৈছে – চাওঁতাল, কুৰ্মি, মোছহৰ, মুণ্ডা, তেলেঙা, ভূমিজ, ওৰা, তাঁতী, লোহাৰ আদি। এইসকল লোকে নিজৰ কৃষ্টি-সংস্কৃতি কিছু পৰিমাণে হ’লেও সংৰক্ষণ কৰি অসমীয়া মাত-কথা, থলুৱা আচাৰ-আচৰণ, সাজপাৰ আদি গ্ৰহণ কৰি অসমীয়া সমাজৰ অবিচেছদ্য অংগ হৈ পৰিল। কিন্তু এইসকল লোকৰ কোনো ধৰণৰ শিক্ষা-দীক্ষাৰ ব্যৱস্থা নোলোৱাত অতি অনগ্ৰসৰ হৈয়ে ৰ’ল। বিশেষ এটি উদ্দ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা বাবে এওঁলোক থলুৱা সংস্কৃতিৰ পৰাও আঁতৰি পৰিল।

ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছৰ পৰা অসমত স্বঃপ্ৰণোদিত প্ৰক্ৰিয়া আৰম্ভ হয়।  ইংৰাজসকল অসমলৈ অহাৰ লগে লগে অসমত ৰেলগাড়ীৰ প্ৰচলন হ’ল। অসমত চাহ উদ্দ্যোগ আৰম্ভ হ’ল। যোগাযোগ ব্যৱস্থাও উন্নত হ’ল। মানুহৰ সাজ-সজ্জ্বাও পৰিৱৰ্তন হ’ল। মানুহে কোট-ছোলা পিন্ধা আৰম্ভ কৰিলে। কেক-বিস্কুটৰ প্ৰচলন হ’ল। হোটেল প্ৰতিষ্ঠা হ’ল। নতুন নতুন খাদ্য সামগ্ৰীৰ আমদানি হ’ল। বংগদেশৰ ৰসগোল্লা, লালমোহন, চুজি, লুচী, পুৰী আদিৰ প্ৰচলন হ’ল। অসমীয়া মানুহে হোটেলত খোৱা আৰম্ভ কৰিলে। জাত কুলৰ বিচাৰ লোপ পালে। সামাজিক বাধা-নিষেধ কমিল। এই গোটেইবোৰ প্ৰক্ৰিয়া নিজে নিজে হোৱা প্ৰক্ৰিয়া। 

এনেদৰে লিখক আব্দুছ চাত্তাৰে ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ নামৰ প্ৰৱন্ধটিত বৃহত্বৰ অসমীয়া জাতি আৰু সংস্কৃতি গঠনৰ প্ৰক্ৰিয়া ফাহিয়াই দেখুৱাইছে। 0 0 0.

নির্বাচিত অসমীয়া প্ৰৱন্ধ সমালোচনা | Nirbachit Asomiya Prabandha Samaluchana

ড০ কুলেন্দুপাঠকৰ প্ৰৱন্ধ ‘নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ–এক বিশ্লেষণাত্মক অধ্যয়ন

ড০ কুলেন্দু পাঠকে ৰচনা কৰা ‘নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ’ নামৰ প্ৰৱন্ধটিত সোতৰ শতিকাত কেইজনমান বিজ্ঞানীৰ লগতে নিউটনৰ বিজ্ঞান চৰ্চাৰ দ্বাৰা কিদৰে আধুনিক গৱেষণামূলক বৌদ্ধিক বিপ্লৱৰ সূচনা হৈছিল সেই বিষয়ে বিস্তৃত আলোচনা আগবঢ়াইছে।

সোতৰ শতিকাৰ ইউৰোপৰ কেইবাখনো দেশত কেইজনমান বৈজ্ঞানিকৰ জন্ম হৈছিল আৰু সিহঁতে বিজ্ঞানৰ বিভিন্ন বিভাগত গৱেষণাপ্ৰসূত বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ পাতনি মেলিছিল। উদাহৰণস্বৰূপে  —

১৬০০ চনত বিলিয়াম গিলবাৰ্ট নামৰ এজন লোকে ‘De Magnete’ নামৰ গ্ৰন্থ ৰচনা কৰি চুম্বক বিজ্ঞান আৰু বিদ্যুত বিজ্ঞান চৰ্চাৰ আধুনিক আৰু বৈজ্ঞানিক ধাৰাৰ প্ৰৱৰ্তন কৰে।

১৬২০ চনত ইংৰাজ দাৰ্শনিক, পণ্ডিত আৰু প্ৰৱন্ধকাৰ বেকনে ‘Novum Organum’  গ্ৰন্থ প্ৰকাশ কৰে। এই গ্ৰন্থত বেকনে আৰোহণ, পৰীক্ষা-নিৰীক্ষা আৰু বৈজ্ঞানিক সহযোগিতাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে।

১৬২৮ চনত উইলিয়াম হােৰ্ভৰ দ্বাৰা ৰচিত ‘On the Motions of Heart and Blood in Animals’ ’  গ্ৰন্থৰ দ্বাৰা জীৱ বিজ্ঞান আৰু শৰীৰ বিজ্ঞান সম্পৰ্কে আলোচনাৰ বাট মুকলি কৰে।

সোতৰ শতিকাৰ আন বহুতো বৈজ্ঞানিকে বিজ্ঞানৰ অন্যান্য শাখালৈ অভূতপৃৰ্ব অবদান আগবঢ়ায়। সেইসকলৰ ভিতৰত স্কটলেণ্ডৰ জন নেপিয়েৰ এজন।  তেওঁ ১৬১৪ চনত ‘ঘাতাংক গণিত বা ল’গাৰিদম’ ৰ ওপৰত গ্ৰন্থ ৰচনা কৰে। ১৬৪৬ চনত পোলেণ্ডৰ জন হেভেলিয়াছে বুধ  গ্ৰহৰ কলা আৰু চন্দ্ৰপৃষ্ঠৰ মানচিত্ৰ অংকন কৰে। ১৬৫৬ চনত হলেণ্ডৰ খ্ৰীষ্টিয়ান হাইজেন্সে শনি গ্ৰহৰ বলয় আবিষ্কাৰ কৰে। ইটালিৰ ট’ৰিচেল্লিয়ে ১৬৪৩ চনত বেৰ’মিটাৰ আৱিষ্কাৰ কৰে। ইটালিৰ মেলপিদিয়ে ‘উদ্ভিদ আৰু প্ৰাণীৰ  শৰীৰ বিজ্ঞান’ সম্পৰ্কে গৱেষণা কৰে। জাৰ্মানীৰ গ’টফ্রিদ লেইবনিটজে গণক যন্ত্ৰ, কেলকুলাচ আৰু বাইনেৰী সংখ্যা পদ্ধতি আৱিষ্কাৰ কৰে। 

সপ্তদশ শতিকাৰ আন দুজন প্ৰখ্যাত বৈজ্ঞানিক হ’ল  গেলিলিঅ গেলিলি আৰু ছাৰ আইজাক নিউটন। গেলিলিয়ে নিজে দূৰবীণ সাজি চন্দ্ৰ আৰু বৃহস্পতি গ্ৰহৰ উপগ্ৰহৰ ওপৰত গৱেষণা চলায়।  তেওঁ গ্ৰহ-নক্ষত্ৰৰ ওপৰত The Starry Messenger’ আৰু ‘Dialogue’ নামৰ গ্ৰন্থ দুখন ৰচনা কৰে। গেলিলিয়ে বিজ্ঞান চৰ্চাত আধুনিক  গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষা পদ্ধতিৰ সূচনা কৰে।

গেলিলিওৰ পিছত বিজ্ঞান জগতলৈ মহান অৱদান আগবঢ়োৱা বিজ্ঞানীজন হ’ল নিউটন।  তেওঁ জ্যোৰ্তিবিজ্ঞান, পদাৰ্থ বিজ্ঞান, গতি বিজ্ঞান আদিৰ ওপৰত যথেষ্ট গৱেষণা কৰি কেইবাটাও যুগান্তকাৰী সূত্ৰ আৱিষ্কাৰ কৰে। তেওঁৰ ‘The Principia’ গ্ৰন্থখন বিজ্ঞান জগতৰ এক আলোড়নকাৰী গ্ৰন্থ।

নিউটন এজন নিৰক্ষৰ সাধাৰণ খেতিয়কৰ সন্তান আছিল। অৱশ্যে নিউটনৰ মাতুল বংশ শিক্ষিত আছিল। নিউটনৰ জন্মৰ আগতে দেউতাকৰ মৃত্যু হয়। মাকে নিউটনৰ তিনি বছৰ নৌহওঁতেই দ্বিতীয় বিবাহত আবদ্ধ হয়। নিউটনে মাকৰ ফালৰ ককাক-আইতাকৰ লগত এক অকলশৰীয়া শিশু হিচাপে ডাঙৰ হয়। শিক্ষিত ককাকে নিউটনক শিক্ষিত কৰিবলৈ চেষ্টা কৰিছিল। সোতৰ বছৰ বয়সত স্কুলৰ পৰা আঁতৰাই খেতি-বাতিত কাম শিকিবলৈ মাকে নিউটনক গাঁৱৰ ঘৰলৈ উভতাই লৈ যায় যদিও এই কাম নিউটনৰ মনঃপুত হোৱা নাছিল। মোমায়েক আৰু স্কুলৰ শিক্ষক এজনে নিউটনৰ প্ৰতিভাৰ কথা গম পাইছিল আৰু মাকক যথেষ্ট বুজাই নিউটনৰ উচ্চ শিক্ষাৰ ব্যৱস্থা কৰে। বিশ্ববিদ্যালয়ত পঢ়াবৰ ইচ্ছা হয়তো মাকৰ নাছিল কাৰণ কেমব্রিজ বিশ্ববিদ্যালয়ত পঢ়াৰ সম্পূৰ্ণ খৰচ মাকে দিয়া নাছিল। সেই সময়ত বিশ্ববিদ্যালয়লৈ ধনী আৰু ভদ্ৰ লোকৰ ল’ৰাহে পঢ়িবলৈ গৈছিল আৰু তেনে ছাত্ৰৰ লগত এজন ভৃত্যও আছিল। নিউটনে পঢ়াৰ খৰচ উলিয়াবলৈ ভৃত্যৰ কামো কৰিবলগীয়া হৈছিল। অকলশৰীয়া নিউটনে কিতাপকে সঙ্গী কৰি লৈছিল। সেই সময়ত কেমব্রিজ বিশ্ববিদ্যালয়ৰ বৌদ্ধিক পৰিৱেশ বৰ উৎসাহজনক নাছিল। ১৬৬৫ চনত নিউটনে বি. এ. ডিগ্ৰী লাভ কৰে। তেতিয়াৰ পৰা নিউটনে গণিত আৰু বিজ্ঞানৰ পুথি অধ্যয়ন কৰিবলৈ লয়। কিন্তু ১৬৬৫ চনত হঠাৎ প্লেগ মহামাৰীয়ে দেখা দিয়াত বিশ্ববিদ্যালয় বন্ধ কৰি দিয়া হয় আৰু নিউটন গাঁৱৰ ঘৰলৈ ঘূৰি আহে। দুবছৰ পিছত তেওঁ আকৌ কেমব্রিজলৈ ঘূৰি যায়। গাওঁত থকা কালছোৱা নিউটনৰ ‘আশ্বৰ্য সময়’ বুলি ক’ব পাৰি। কাৰণ এই সময়ত তেওঁ কেলকুলাছ আৱিষ্কাৰ কৰে আৰু মহাকৰ্ষণ বলৰ বিষয়েও গভীৰভাৱে চিন্তা-চৰ্চা কৰিছিল। কেমব্রিজলৈ ঘূৰি আহি তেওঁ পোহৰ সম্পৰ্কে অধ্যয়ন  আৰম্ভ কৰে যদিও নিউটনে গৱেষণালব্ধ তথ্যবোৰ লগে লগে প্ৰকাশ কৰা নাছিল।

নিউটনে পিছত ১৬৮৭ চনৰ জুলাই মাহত  ‘দ্য পিন্সিপিয়া’ নামৰ গ্ৰন্থখন প্ৰকাশ কৰে। গ্ৰন্থখনত নিউটনে মধ্যাকৰ্ষণ, মহাকৰ্ষণ সম্পৰ্কীয় তত্ত্ব আৰু অন্যান্য সূত্ৰৰ বিস্তৃত ব্যাখ্যা দাঙি ধৰে। গেলিলিও আৰু গিলবাৰ্টে আৰম্ভ কৰা বিজ্ঞান চৰ্চাৰ নতুন কাৰ্যক্ৰম নিউটনৰ ‘প্ৰিন্সিপিয়া’ গ্ৰন্থখনৰ প্ৰকাশৰ লগে লগে পূৰ্ণতা পায়। গ্ৰন্থখন প্ৰকাশ পোৱাৰ লগে লগে বিদ্বৎ মহলে নিউটনৰ প্ৰতিভাৰ কথা গম পায় আৰু বিজ্ঞান জগতত এক খলকনিৰ সৃষ্টি হয়।

নিউটনৰ অসাধাৰণ বিজ্ঞান প্ৰতিভাৰ স্বীকৃতি হিচাপে আলেকজেণ্ডাৰ পোপে লিখিছে–

‘Nature and Nature’s law lay hid in night,

God said, ‘Let Newton be! and it was light.’

নিউটনক সোতৰ শতিকাৰ চিৰস্মৰণীয় ব্যক্তি বুলি কোৱা হয়। ইয়াৰ কাৰণ  তেওঁৰ আগতে অন্যান্য বিজ্ঞানী যেনে কেপলাৰ, ক’পাৰনিকাছ,¸ গেলিলিও আদি বিজ্ঞানীসকলে আৰম্ভ কৰা পৰীক্ষামূলক বিজ্ঞান চৰ্চাৰ  ধাৰাটোক নিউটনে পৰিপূৰ্ণতা দান কৰে। 

নিউটনীয় বিজ্ঞান চৰ্চাৰ প্ৰভাৱ জ্ঞানৰ সকলো শাখাতে পৰিছিল। কাৰণ  নিউটনৰ  ‘দ্য প্ৰিন্সিপিয়া‘ গ্ৰন্থখন প্ৰকাশৰ লগে লগে বিশ্বৰ বিদ্বৎ সমাজৰ পৰীক্ষামূলক জ্ঞান চৰ্চাৰ প্ৰতি সচেতন হয়। ফলত মানৱ জ্ঞানৰ যিকোনো শাখাতেই বিজ্ঞানমনস্ক অধ্যয়নৰ সূচনা হয়। বৰ্তমান ৰাষ্ট্ৰনীতি, সমাজনীতি, দৰ্শন, সাহিত্য আদি সকলোতে পৰীক্ষামূলক অধ্যয়নৰ প্ৰভাৱ বিদ্যমান।

এইদৰে লিখক ড০ কুলন্দুে পাঠকে ‘নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ’ নামৰ প্ৰৱন্ধটিত সোতৰ শতিকাত কেইজনমান বিজ্ঞানীৰ লগতে নিউটনৰ বিজ্ঞান চৰ্চাৰ দ্বাৰা কিদৰে আধুনিক গৱেষণামূলক বৌদ্ধিক বিপ্লৱৰ সূচনা হৈছিল সেই বিষয়ে বিস্তৃত আলোচনা আগবঢ়াইছে। 0 0 0.

নির্বাচিত অসমীয়া প্ৰৱন্ধ সমালোচনা | Nirbachit Asomiya Prabandha Samaluchana

ৰথীন্দ্ৰনাথ গোস্বামীৰ ভ্ৰমণ কাহিনী ‘পাৰস্যত এভূমুকি’–এক বিশ্লেষণাত্মক অধ্যয়ন

ৰথীন্দ্ৰনাথ গোস্বামীৰ ‘পাৰস্যত এভূমুকি’ নামৰ প্ৰৱন্ধটো এটি ভ্ৰমণ কাহিনী। লিখক ৰথীন্দ্ৰনাথ গোস্বামীয়ে ইৰাণৰ এটি তেল কোম্পানীৰ আমন্ত্ৰণক্ৰমে ইৰাণলৈ যাবলগা হৈছিল। ইৰাণত তেওঁ লাভ কৰা অভিজ্ঞতা এই ভ্ৰমণ কাহিনীটোত বৰ্ণনা কৰা হৈছে। লেখকে চমু পসিৰত ইৰাণৰ ভূতত্ব, প্ৰাকৃতিক পৰিৱেশ, ইৰাণৰ ইতিহাস, ইৰাণৰ নৱবৰ্ষৰ প্ৰথম দিনা পালন কৰা উৎসৱ, ইৰাণৰ নাৰীবাদী বিপ্লৱী শিৰীণ ইবাডি আদিৰ বৰ্ণনা দাঙি ধৰিছে। 

লেখকে ইৰাণৰ ইতিহাস সম্পৰ্কে কৈছে যে ইয়াৰ ইতিহাস অতি প্ৰাচীন। ইয়াৰ প্ৰাচীন সভ্যতাৰ  স্বাক্ষৰ ইয়াৰ প্ৰত্নতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক আৰু কৃৰ্তিস্তম্ভত সজীৱ হৈ আছে। প্ৰায় চাৰি হাজাৰ বছৰ পূর্বে আৰ্য গোষ্ঠীৰ লোকসকলে ইয়াত বসবাস কৰিবলৈ লৈছিল। খ্ৰীষ্টপূৰ্ব ছয় শতিকামানত বিখ্যাত ৰজা ছাইৰাছে  উত্তৰ ইৰাণৰ মেডেছ’সকলক পৰাস্ত কৰি ইৰানীসকলক একেগোট কৰিছিল। তেওঁৰ পিছত ৰজা দৰিয়াছে সাম্ৰাজ্য প্ৰসাৰৰ প্ৰয়াস কৰিছিল। পৰৱৰ্তীকালত আলেকজেণ্ডাৰৰ  আগমনে ছাইৰাছৰ পাৰ্ছেপলিছ সাম্ৰাজ্যৰ পতন ঘটিছিল।

খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকালৈ চলা গ্ৰীক শাাসনৰ পাছত পাৰ্থিয়ানসকলে ইৰাণৰ শাসনভাৰ লৈছিল। তেওঁলোকৰ শাসনকালত জোৰাষ্টিয়ান ধৰ্মই ৰাজধৰ্ম হিচাপে স্বীকৃতি লাভ কৰিছিল। পাৰ্থিয়ানসকলে ৩৫০ বছৰ ইৰাণ শাসন কৰিছিল।

পাৰ্থিয়ানসকলৰ পিছত ছাজানিকসকলে চাৰিটা শতিকা জুৰি ইৰাণ শাসন কৰে।  ইয়াৰ পিছত আৰবসকলৰ আগমন ঘটে। আৰবসকলে ইৰাণৰ ইতিহাস সলনি কৰি দিছিল। তেওঁলোকৰ দিনত ইছলাম ধৰ্ম ইৰাণৰ মুখ্য ধৰ্ম হিচাপে স্বীকৃতি পাইছিল। আৰবসকলৰ শাসনকালৰ পৰৱৰ্তী সময়ছোৱাত কেইবা শতিকা জুৰি চলা বিদেশী আক্ৰমণৰ ফলত ইৰাণ বিধবস্ত হৈছিল। 

ইৰাণৰ শাসকসকলৰ ভিতৰত নাদিৰ ছাহ অন্যতম সম্ৰাট আছিল। সপ্তদশ শতিকাৰ শেষ ভাগত নাদিৰ শ্বাহে আফগানিস্থান আক্ৰমণ কৰি পূৱলৈ আগুৱাই ভাৰত আক্ৰমণ কৰে আৰু  মোগল সম্ৰাট মহম্মদ ছাহক পৰাস্ত কৰে । তেওঁ মোগল ৰাজভঁৰাল লুট কৰাৰ লগতে বহুত হীৰা, মুকুতা, বিখ্যাত কহিণুৰ হীৰা আদি লৈ যায়। ভাৰতবৰ্ষৰ পৰা তেওঁ ইমান ধন-সম্পদ লুট কৰি নিছিল যে তেওঁ ইয়াৰ পিছৰ তিনি ববছৰ দেশবাসীৰ পৰা কোনো কৰ-কাটল আদায় কৰা নাছিল। তেওঁৰ বংশৰ শাসকসকলে প্ৰথম বিশ্ব যুদ্ধৰ সময়লৈকে ইৰাণ শাসন কৰে। প্ৰথম বিশ্ব যুদ্ধৰ পিছত ৰেহাশ্বাহ পাহলাভিয়ে ইৰাকৰ শাসনভাৰ হাতত লয়। তেতিয়াৰ পৰা ইৰাণত আধুনিকতাৰ প্ৰচেষ্টা আৰম্ভ হয়। ১৯৭৯ চনত ইমাম খোমোনিৰ নেতৃত্বত ইৰাণত ইছলামিক গণতন্ত্ৰ প্ৰতিষ্ঠা হয়। বৰ্তমান ইৰাণ এক শক্তিশালী গণতান্ত্ৰিক ৰাষ্ট্ৰ।

ইৰানৰ ইতিহসৰ সংক্ষিপ্ত বৰ্ণনা দিয়াৰ পিছত লেখকে ইৰাণৰ এক বিখ্যাত  চহৰৰ বৰ্ণনা দিছে। চহৰখনৰ নাম বুশ্বেৰ চহৰ। ই এখন সৰু চহৰ। চহৰটো সুপৰিকল্পিতভাৱে নিৰ্মিত। চহৰখনত চাৰিটা লেনৰ ব্যৱস্থা আছে। চহৰখন অতি চাফ-চিকুন। চহৰখনৰ প্ৰতিটো ঘৰ দেৱালেৰে ঘেৰা।  আবাসিক অঞ্চলৰ ঘৰবোৰ দুই বা তিনি মহলীয়া। বুশ্বেৰ চহৰত শুক্ৰবাৰৰ দিনা দেওবাৰৰ পৰিৱেশ দেখা যায়। দোকান-পোহাৰবোৰৰ অধিকাংশই বন্ধ থাকে। বুশ্বেৰ চহৰৰ পদপথত কিছুমান সেউজীয়া ৰঙৰ বাকচ দেখা যায়। এইবোৰ চৰকাৰী পৃষ্ঠপোষকতাত স্থাপন কৰা দান পাত্ৰ। চহৰৰ দোকান-পোহাৰবোৰৰ চাইনবোর্ড ফাৰ্চী ভাষাত লিখিত।

ইৰাণৰ ভূতত্বৰ বিষয়ে ক’বলৈ গৈ লিখকে জাগ্ৰছ পৰ্বতমালাৰ কথা কৈছে। এই পৰ্বতমালা হৈছে ইৰাণ চহৰৰ মুখ্য আকৰ্ষণ। আৰব প্লেট আৰু ইউৰেচীয়া প্লেটৰ মাজত সংঘাত হৈ সাগৰৰ বুকুৰ পৰা এই পৰ্বতমালাৰ সৃষ্টি হৈছিল। জাগ্ৰছ আৰু হিমালয় পৰ্বতমালাৰ জন্ম কাহিনী একেই। জাগ্ৰছ পৰ্বতমালা ইৰাণৰ উত্তৰ-পশ্চিমৰ পৰা দক্ষিণ-পূৱলৈকে বিস্তৃত হৈ আছে। ইয়াৰসর্বোচ্চ শৃংগৰ উচ্চতা প্ৰায় ৪,৫০০ মিটাৰ।

জাগ্ৰছ পৰ্বতৰ দক্ষিণ-পশ্চিম দিশত বিৰাট তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ সঞ্চিত হৈ আছে। বিশ্বৰ বহুতো দেশ ইৰাণৰ তেল আৰু গেছৰ ওপৰত নিৰ্ভৰ কৰে।

ইৰাণৰ প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে লিখকে কৈছে যে ৰাজধানী তেহৰাণৰ প্ৰাকৃতিক অৱস্থা অতি মনোৰম। চহৰৰ কাষতে ওখ পাহাৰ। ওখ ওখ পাহৰেৰে পৰিবেষ্টিত হোৱা বাবে চহৰখন দেখিবলৈ অতি সুন্দৰ। গ্ৰীষ্মৰ দুটা মাহ ইয়াত গৰম অনুভৱ হয়। বাকী সময়ছোৱা ইয়াত অতি আৰামদায়ক। শীতকালত টেহৰাণত বৰফ পৰে। পৰ্বতৰ ওপৰৰ হিমবাহবোৰ  টেহৰাণ মহানগৰীৰ পানীৰ প্ৰধান উৎস। টেহৰাণ নগৰৰ সৌন্দৰ্যৰ বাবে ইয়াক পেৰিচৰ লগত তুলনা কৰা হয়।

ইৰাণীসকলে বসন্ত  ঋতুৰ আৰম্ভণিতে নৱবৰ্ষ উৎযাপন কৰে। ইৰাণীসকলে নৱবৰ্ষক ‘ন ৰোজ’ বুলি কয়। নৱবৰ্ষ উপলক্ষে ইৰাণীসকলে নতুন কাপোৰ লয়, পিঠাপনা খায়। পৰিৱেশ চাফ-চিকুনকৈ ৰাখে। শত্ৰুতাভাৱ পাহৰি বন্ধুত্ব গঢ়ে। অগ্নি প্ৰজ্জ্বলন কৰে। 

সিহঁতে বিভিন্ন খাদ্য সম্ভাৰ প্ৰস্তুত কৰে। টেবিলৰ ওপৰত বা কার্পেটৰ ওপৰত সাতবিধ খাদ্য বস্তু সজাই থয়। প্ৰতিটো বস্তুৰে একোটাকৈ প্ৰতীকি অৰ্থ আছে। সাত বিধ খাদ্যৰ কাষত পবিত্ৰ কোৰান আৰু হাফেজৰ কবিতা পুথি ৰাখে।  এইবোৰৰ লগতে সিহঁতে খাদ্য বস্তুৰ সম্ভাৰত মুদ্ৰা, কণী, গাখীৰ, গোলাপজল, ভেটফুল আদি ৰাখে। নৈবেদ্যৰ কাষত এখন আইনা ৰখা হয়। আইনাৰ দুয়োকাষে মমবাতি জ্বলোৱা হয় পৰিয়ালৰ প্ৰতিটো শিশুৰ বাবে।

এনেদৰে ইৰাণীসকলে সিহঁতৰ নৱবৰ্ষ অতি জাকজমকতাৰে পালন কৰে।

পাৰস্যৰ এটা কথাই লিখকক বৰকৈ আকৰ্ষণ কৰিছিল। সেয়া  হ’ল অসমীয়া ভাষাত ব্যৱহাৰ হোৱা ফাৰ্চী শব্দ। অতীতত কোনো ব্যক্তিয়ে সুদূৰ পাৰস্যৰ পৰা কিছুমান ফাৰ্চী শব্দ ভাৰতৰ উত্তৰ-পূৱত থকা অসমত বিলাই দিছিল।  উদাহৰণস্বৰূপে কেঁচী, দোৱাত, চিয়াঁহী, চিঁচা আদি শব্দবোৰ ফাৰ্চী শব্দ যিবোৰ অসমীয়াসকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰে। এই শব্দবোৰ বিদেশী বুলি নজনাকৈয়ে অসমীয়াসকলে নিজৰ বুলি ব্যৱহাৰ কৰি আছে।

ইয়াৰ পিছত লিখকে ইৰাণৰ এগৰাকী নাৰীবাদী সংগ্ৰামীৰ বিষয়ে কৈছে। তাইৰ নাম শ্বিৰীণ ইবাদি। তাই  ইৰাণৰ কঠোৰ পন্থীসকলৰ বিৰুদ্ধে জীৱনজোৰা সংগ্ৰাম কৰিছিল।  তাইক চৰকাৰী কামৰ পৰা বঞ্চিত কৰা হৈছিল আৰু মহিলাই মুৰ ঢাকি লোৱা  কাপোৰ ‘হিজাব’ পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল।  তেনে এটা কঠিন পৰিৱেশত তাই এটা অত্যুৎসাহী পদক্ষেপ লৈছিল মানৱ অধিকাৰ ৰক্ষাৰ বাবে। তেওঁ উৎপীড়িত লোকৰ হকে যুঁজিছিল- য’ত মহিলাক ধৰ্ষণ কৰা হৈছিল, শাসন বিৰোধী যুৱকক শাস্তি দিয়া হৈছিল, পতীয়ে পত্নীক বেয়া ব্যৱহাৰ কৰিছিল। মানৱ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে কৰা  সংগ্ৰামৰ স্বীকৃতি হিচাপে তাই নোবেল  বঁটা লাভ কৰে ।

এনেদৰে লিখক ৰথীন্দ্ৰনাথ গোস্বামীয়ে ‘পাৰস্যত এভূমুকি’ নামৰ ভ্ৰমণ কাহিনীটোত ইৰাণৰ বিষয়ে এক মনোৰম বৰ্ণনা দাঙি ধৰিছে। 0 0 0.

নির্বাচিত অসমীয়া প্ৰৱন্ধ সমালোচনা | Nirbachit Asomiya Prabandha Samaluchana

ড০ প্ৰণয়ী দত্তৰ প্ৰৱন্ধ ’ইন্টাৰনেটৰ তিতা-মিঠা’–এক বিশ্লেষণ

ড০ প্ৰণয়ী দত্তৰ ’ইন্টাৰনেটৰ তিতা-মিঠা’ প্ৰৱন্ধটিত ‘কুঁৱলী’ নামৰ স্কুলীয়া ছাত্ৰী এগৰাকী আৰু ৰাছিয়াত অধ্যয়নৰত শ্বেৰণ নামৰ বান্ধৱী এজনীৰ মাজত ইমেইলৰ জৰিয়তে হোৱা তথ্যৰ আদানৰ প্ৰদানৰ মাধ্যমত লিখিকাই  ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিভিন্ন তথ্য দাঙি ধৰিছে। 

‘ইন্টাৰনেট’ হৈছে কম্পিউটাৰ নেটৱৰ্কৰ এক বিশ্বব্যাপী ব্যৱস্থা।  ‘Interconnection of Network’  শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটাই  ‘Internet’  শব্দটি গঠন কৰা হৈছে। সহজ ভাষাত হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইন্টাৰনেট। 

ইন্টাৰনেটৰ লগত ‘Virus’ শব্দটো জড়িত। Virus শব্দটোৰ সম্পূৰ্ণ ৰূপ হৈছে ‘Vital information resources under seize’। ই হৈছে ধবংসাত্ম অভিপ্ৰায়েৰে প্ৰস্তত কৰা  এক কম্পিউটাৰ প্ৰ’গ্ৰেম। ই কম্পিউটাৰৰ ফাইলৰ লগত সংযুক্ত হৈ ব্যৱহাৰকাৰীৰ অজ্ঞাতে সেইবোৰত বিজুতি ঘটাব পাৰে। 

ইন্টাৰনেটৰ লগত জড়িত আন এক সাংকেতিক ব্যৱস্থা বা মাধ্যম জড়িত। ই হ’ল www (world wide web) ই হ’ল পৃথিৱীব্যাপী সিচঁৰতি  লাখ লাখ কম্পিউটাৰত থকা তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ। বিভিন্ন তথ্যবোৰ পাঠ, গ্ৰাফিক্স, ভিডিঅ’ আৰু অডিঅ’ৰ মাধ্যমত থাকে আৰু ইয়াক অতি সহজে আহৰণ কৰিব পাৰি। ১৯৮৯ চনত চুইজাৰলেণ্ডৰ জেনেভাত পদাৰ্থ কণিকাৰ তাত্বিক  আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণাকেন্দ্ৰ চনত W W W বা ৱেব -ৰ জন্ম হৈছিল।  

এনেদৰে লিখকে প্ৰথমতে ইন্টাৰনেটৰ উদ্ভৱৰ বিষয়ে কিছু তথ্য দাঙি ধৰি   ‘কুঁৱলী’ নামৰ স্কুলীয়া ছাত্ৰী এগৰাকী আৰু ৰাছিয়াত অধ্যয়নৰত শ্বেৰণ নামৰ বান্ধৱী এজনীৰ মাজত ইমেইলৰ জৰিয়তে হোৱা তথ্যৰ আদানৰ প্ৰদানৰ মাধ্যমত লিখিকাই  ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিভিন্ন তথ্য দাঙি ধৰিছে।  

কুঁৱলীয়ে প্ৰথমে ৰাছিয়াত থকা তাইৰ বান্ধবী শ্বেৰণলৈ ই-মেইল পঠাইছিল। তাইৰ ই-মেইল পাই শ্বেৰণেও উষ্ণ সঁহাৰি জনাইছিল। ই-মেইলত শ্বেৰণে  দেউতাকৰ লগত পিটাৰ্চবাৰ্গ চহৰলৈ ফুৰিবলৈ যোৱাৰ সময়ত উঠা বহুতো ৰঙ্গীণ ফটোৰ সৈতে তাইৰ অভিজ্ঞতা  বৰ্ণনা কৰিছিল।  এই বিৱৰণীয়ে কুঁৱলীক বাৰুকৈয়ে মোহিত কৰিছিল।  তাই উপলব্ধি কৰিলে যে ই-মেইলৰ জৰিয়তে বিভিন্ন ধৰণৰ ৰোমাঞ্চকৰ অভিজ্ঞতা লাভ কৰিব পাৰি। 

এনেদৰে তাই অন্যান্য বান্ধবীসকললৈয়ো ই-মেইল আদান-প্ৰদান কৰি দেশ-বিদেশৰ  নতুন নতুন কথা আৰু তথ্য জানিব পাৰিছিল। তাৰোপৰি তাই ভিডিঅ’ কলিঙৰ জৰিয়তে দূৰণিত থকা বন্ধু-বান্ধবীৰ সৈতে পৰ্দাত মুখামুখিকৈ দেখা পোৱাকৈ কথা পাতিব পাৰিছিল। তাই চিৰযুগমীয়া চিনেমা, গীত, নাটক আদি উপভোগ কৰিব পাৰিছিল। 

ইয়াৰ উপৰি কুঁৱলীয়ে ইন্টাৰনেটৰ জৰিয়তে পূজাৰ বন্ধত দক্ষিণ ভাৰতলৈ ফুৰিবলৈ যাবলৈ তাই  ভ্ৰমণ টিকট কটা, ৰোম বুকিং কৰা আদি কাম কৰা অভিজ্ঞতা লাভ কৰিছিল। 

ইন্টাৰনেটৰ বহুতো সুবিধা বা উপকাৰীতা আছে, যেনে — 

প্ৰথমত, ইন্টাৰনেটৰ জৰিয়তে আমি পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা বন্ধু-বান্ধবীসকললৈ ই-মেইল পঠাব পাৰো, ভিডিঅ’ কলিং কৰিব পাৰো।

দ্বিতীয়, ইন্টাৰনেটৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ তথ্য, কিতাপ-পত্ৰ আদি পঢ়িব পাৰো।

তৃতীয়তে, ঘৰতে বহি ৰেলৰ টিকট, বিমানৰ টিকট আদি সংগ্ৰহ কৰাৰ লগতে হোটেলৰ ৰুম বুকিং আদি বহুতো কাম কৰিব পাৰো।

চতুৰ্থতে, ইন্টাৰনেটৰ জৰিয়তে আমি ভিডিঅ’ গেম খেলিব পাৰো।

পঞ্চমতে, ইন্টাৰনেটৰ জৰিয়তে আমি গীত, চিনেমা, আদি উপভোগ কৰিব পাৰো।

ইন্টাৰনেটৰ সুবিধা অৰ্থাৎ মিঠা দিশ  থকাৰ লগতে ইয়াৰ অসুবিধা বা তিতা দিশো আছে, যেনে–

প্ৰথম, ইন্টাৰনেট অধিক ব্যৱহাৰ কৰিলে ইয়াৰ প্ৰতি ব্যৱহাৰকাৰী আসক্ত হৈ পৰে। ফলত আসক্ত ব্যক্তিজনে প্ৰধান কৰ্তব্যক পাহৰি যায়।

দ্বিতীয়ত, ইন্টাৰনেটে ব্যক্তি এজনৰ মনত পৰিয়াল আৰু সমাজৰ প্ৰতি থকা দায়িত্বৰ প্ৰতি অৱহেলাৰ ভাৱ গঢ়ি তোল।

তৃতীয়তে, ইন্টাৰনেটত সময়ৰ অপচয় হয়। ছাত্ৰ-ছাত্ৰীসকলে  পাঠ্যপুথি অধ্যয়ন, আলোচনী, বাতৰি কাকত আদি পঢ়িবলৈ এলাগী হয়।

চতুৰ্থতে, ইন্টনেটত প্ৰচাৰ হোৱা তথ্য, বাতৰি আদি সদায় শুদ্ধ নহয়। বহু সময়ত উৰা-বাতৰিও প্ৰচাৰ হয়। ফলত মানুহৰ মাজত ভুল বুজা-বুজি হয় আৰু সমাজৰ ক্ষতি কৰে।

পঞ্চমতে, ইন্টাৰনেটত আসক্ত ছাত্ৰ-ছাত্ৰীসকলে শৰীৰচৰ্চা, খেলা-ধূলা, বন্ধ-বান্ধৱীৰ লগত সম্পৰ্ক আদিৰ প্ৰতি পিঠি দিয়ে। ফলত শাৰীৰিক আৰু মানসিক বিকাশ ব্যাহত হয়।

এইদৰে ‘ইন্টাৰনেটৰ তিতা-মিঠা’ প্ৰৱন্ধটোৰ জৰিয়তে লিখিকা ড০ প্ৰণয়ী দত্তই ইন্টাৰনেটৰ বিভিন্ন দিশৰ সাৱলীল বৰ্ণনা দাঙি ধৰিছে। 0 0 0.

নির্বাচিত অসমীয়া প্ৰৱন্ধ সমালোচনা | Nirbachit Asomiya Prabandha Samaluchana

ড০ জয়শ্ৰী গোস্বামী মহন্তৰ জীৱনীমূলক ৰচনা ‘অৰুণিমা সিন্‌হা’– এক বিশ্লেষণাত্মক অধ্যয়ন

অৰুণিমা সিন্‌হা ভাৰতৰ উত্তৰ প্ৰদেশৰ এজনী পৰ্বতাৰোহনকাৰী। তাই কৃত্ৰিম ভৰিৰে মাউন্ট এভাৰেষ্ট শৃঙ্গত আৰোহন কৰি কিদৰে আন বহুতৰ বাবে প্ৰেৰণাৰ উৎস হৈ আছে তাৰেই কাহিনী লিখিকা ড০ জয়শ্ৰী গোস্বামীয়ে এই জীৱনীমূলক আলোচনাখনত দাঙি ধৰিছে।

২০১১ চনত এদিনাখন অৰুণিমা সিন্‌হাই লখনৌৰ পৰা দিল্লী অভিমুখী ৰেলগাড়ীৰে গৈ থকা অৱস্থাত চলন্ত ৰেলত এদল ডকাইতৰ মুখামুখি হয়।  ডকাইতৰ দলটোৱে দবাটোৰ আন  আন যাত্ৰীৰৰ পৰা নির্বিবাদে টকা-পইচা আৰু মূল্যৱান অলংকাৰ লুটপাত কৰিবলৈ লৈছিল। সিহঁতে অৰুণিমাৰ ডিঙিত থকা দামী সোণৰ চেইনডাল বিচাৰে। কিন্তু অৰুণিমাক সেই চেইনডাল তাইৰ মাকে আশীৰ্বাদ হিচাপে তাইক দিছে বাবে তাই সেইডাল দিব নোৱাৰে বুলি কৈছিল। অৱশেষত চেইনডাল নিদিয়া বাবে ডকাইতসকলে তাইক দাঙি নি ৰেলৰ দুৱাৰেৰে বাহিৰলৈ দলিয়াই দিয়ে। বাহিৰত অন্ধকাৰৰ মাজত গোটেই ৰাতি তাই তাতে পৰি থাকে।  ইতিমধ্যে কাষেৰে ৩৯ খন ৰেলগাড়ী পাৰ হৈ যায়। ৰাতিপুৱা মানুহে তাইক দেখা পাই হস্পিতালত ভৰ্তি কৰে।

সেই দুৰ্ঘটনাত তাই গুৰুতৰভাৱে আহত হোৱাৰ উপৰিও এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাব লগা হয় আৰু আনখন ভৰিত লোৰ ৰ’ড সুমুৱাই তাৰ সহায়ত চলা-ফিৰা কৰিব লগা হয়। 

দুৰ্ঘটনাত বাৰুকৈয়ে আহত হৈ আৰু ভৰি এখন হেৰুৱাই অৰুণিমাই হস্পিতালত ভৰ্তি হয়। তাই  চাৰিমাহমান হস্পিতালত চিকিৎসাধীন হৈ আছিল। হস্পিতালত থকা সময়ত তাই এভাৰেষ্ট বিজয়ৰ সপোন দেখে। এই সপোন তীব্রতৰ হোৱাত হস্পিতালৰ পৰা মুক্তি হৈয়ে তাই ঘৰলৈ নগৈ পোনে পোনে এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালৰ লগ ধৰে। 

বাচেন্দ্ৰি পালে  তাইৰ সকলো কথা  বৰ সহমৰ্মিতাৰে শুনিলে। তাইৰ দুচকুৰ সপোন, প্ৰত্যাহ্বান আৰু আত্ম প্ৰত্যয়ে পালৰ মনত বিশ্বাস জগালে যে তাই সঠিক প্ৰশিক্ষণ পালে নিশ্চয় লক্ষ্যত উপনীত হ’ব পাৰিব। 

ইয়াৰ পিছত তাই টাটা ষ্টিল এডেভঞ্চাৰ  ফাউণ্ডেচনে চলোৱা অনুশীলন কেম্পত বাচেন্দ্ৰি পালৰ তত্ত্বাৱধানত পৰ্বত বগোৱাৰ অনুশীলন লয়। এনেদৰে প্ৰায়  এবছৰকাল অনুশীলন লোৱাৰ পিছত তাই লাডাখত থকা মাউন্ট চামছেৰ কাংৰিত আৰোহণ কৰাৰ অভিযান আৰম্ভ কৰে।  চামছেৰ কাংৰিৰ উচ্চতম শিখৰৰ উচ্চতা আছিল ২১,৭৯৮ ফুট। অৰুণিমাই ইয়াৰ ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হয়। কিন্তু বতৰ প্ৰতিকূল হোৱা বাবে শিখৰলৈ আৰোহণ কৰিবলৈ মাত্ৰ ৬৯০ ফুট বাকী থাকোতে অভিযান সামৰি তললৈ নামি আহিবলৈ বাধ্য হয়। ফলত মাউন্ট চামছেৰ কাংৰিৰ অভিযান অসম্পূৰ্ণ হৈ ৰয়। কিন্তু এই অসম্পূৰ্ণ অভিযানে তাইক বিচলিত কৰিব পৰা নাছিল; বৰং মাউন্ট এভাৰেষ্ট বগাবলৈ দুগুণ উৎসাহিত হৈছিল। 

ইয়াৰ উপৰিও অৰুণিমাৰ আছিল দৃঢ় মনোবল। ভৰি হেৰুৱাই তাই যি দুৰ্ভাগ্যৰ সন্মুখীন হৈছিল সেয়া তেওঁ সৌভাগ্যলৈ সলনি কৰাৰ বাবে দৃঢ় প্ৰতিজ্ঞ হৈছিল।  তাই প্ৰায় এবছৰকাল একেলেথাৰিয়ে উৎসাহ আৰু উদ্যমেৰে প্ৰচেষ্টা অব্যাহত ৰাখি অনুশীলন চলাই গৈছিল।  কেতিয়াবা এনেকুৱা হৈছিল যে স্বাভাৱিক মানুহে খোজ দিওঁতে য’ত দুই মিনিট সময় লৈছিল  অৰুণিমাৰ ক্ষেত্ৰত সেই খোজটো দিওঁতে তিনিঘন্টা সময় লাগিছিল। 

মাউন্ট এভাৰেষ্ট শৃংগত থিয় হৈ ফটো তোলা আৰু ভিডিঅ’ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ উদ্দেশ্যে তাই দুটা কেমেৰাও লগত লৈছিল। মাউন্ট এভাৰেষ্ট বগাওঁতে কেইবাটাও কেম্প পাৰ হ’ব লাগে। ইয়াৰ চাৰি  নং কেম্প পাওঁতে  তাইৰ দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা হৈছিল। লগত নিয়া অক্সিজেনৰ টেংকটো প্ৰায় শেষ হৈ আহিছিল।  লগৰীয়া শ্বেৰপাজনে অৰুণিমাক বাৰে বাৰে সকিয়াই দিছিল যে যিকোনো মুহুৰ্ততে অক্সিজেন শেষ হৈ যাব পাৰে, তেতিয়া মৃত্যুক সাৱটি লোৱাৰ বাহিৰে কোনো গত্যন্তৰ নাথাকিব। কিন্তু অৰুণিমাই কোনো বাধা নামানি তেজ নিগৰা ভৰি দুখন ৰুমালেৰে মেৰিয়াই লৈ আগবাঢ়ি থাকিল।  অৱশেষত নেপালৰ কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ ৫২ দিনৰ অন্তত  ২০১৩ চনৰ ২১ মে’ৰ নিশা প্ৰায় ৮ বজাত এভাৰেষ্ট বিজয়ৰ সপোনক সাকাৰ দিবলৈ সমক্ষ হয়। শ্বেৰপাজনে তাত ভাৰতীয় জাতীয় পতাকা সাৱটি ধৰা অৰুণিমাৰ ফটো তুলি দিছিল। তাত প্ৰায় ডেৰঘন্টামান সময় অতিবাহিত কৰি নামি আহে। 

এনেদৰে অদম্য মানসিক শক্তি আৰু মনৰদৃঢ়তাৰ বলত বিকলাঙ্গ হৈয়ো অৰুণিমাই এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰি বিশ্ববাসীক দেখুৱাই দিলে যে মনৰ দৃঢ়তা আৰু প্ৰচেষ্টাৰ জৰিয়তে যিকোনো কামকে সম্ভৱ কৰিব পাৰি। 0 0 0.

নির্বাচিত অসমীয়া প্ৰৱন্ধ সমালোচনা | Nirbachit Asomiya Prabandha Samaluchana

অনুৰাধা শৰ্মা পূজাৰীৰ ‘অৰণ্য যাত্ৰা’–এক বিশ্লেষণাত্মক অধ্যয়ন

অনুৰাধা শৰ্মা পূজাৰীৰ ‘অৰণ্যযাত্ৰা’ নামৰ ৰচনাটি এটি ভ্ৰমণ কাহিনী। এবাৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কাজিৰঙালৈ কৰা অৰণ্য ভ্ৰমণৰ কালত লাভ কৰা বিভিন্ন অভিজ্ঞতাৰ ৰসাল বৰ্ণনা ৰচনাটিৰ যোগেদি লিখিকাই উপস্থাপন কৰিছে। ছাত্ৰ-ছাত্ৰীৰ বাবে ৰচনাটিত বহুত শিক্ষনীয় বিষয় আছে যেনে– কামৰ ক্ষেত্ৰত ল’ৰা-ছোৱালীৰ মাজত কোনো ভেদ নাই, শিক্ষকৰ হাক-বচন নুশুনিলে বিপদ  হয়, প্ৰকৃতিৰ পৰা  আমি সমিলমিলে বাস কৰাৰ শিক্ষা লাভ কৰিব পাৰো আদি।   

ভ্ৰমণ কাহিীনটোৰ প্ৰধান চৰিত্ৰ দুজন ভাই-ভনী । সিহঁতৰ নাম– পল আৰু পাহি। পল এলেহুৱা আৰু নিজৰ ঘৰুৱা কামৰ বাবে আনৰ ওপৰত বিশেষকৈ ভন্টি পাহিৰ ওপৰত নিৰ্ভৰ কৰে। পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে। পাহিয়ে  নিজৰ কাপোৰ-কানি সকলো নিজেই ঠিক কৰি ৰাখে। কিন্তু ককায়েক পলে নিজৰ পিন্ধা কাপোৰ জাঁপি নথয়, জোতাযোৰ পৰিস্কাৰ কৰি নাৰাখে, গা ধোৱাৰ পিছত তিতা গামোচাখন বিচনাতে পেলাই  থৈ যায়। এইবোৰ কাম ল’ৰাই কৰিব নালাগে বুলি ক’ৰবাত লিখা আছে নে বুলি এদিন মাকৰ পৰা পাহিয়ে জানিব বিচাৰে।

ইয়াৰ উত্তৰত মাকে পাহিক কৈছিল যে তাই দুয়োজনকে তেওঁলোকৰ বয়স অনুযায়ী কৰিব পৰা কামবোৰ শিকাই আহিছে। তেওঁলোকে পঢ়া-শুনা কৰি সময়ত চাকৰি কৰিব বা ব্যৱসায় কৰিব। তেতিয়া নিজৰ প্ৰয়োজনীয় কামখিনি কৰিব নোৱাৰিলে কেতিয়াবা কেতিয়াবা আনে সিহঁতক ঠগাব।

পাহিয়ে গছ-গছনি বৰ ভাল পায়।  সিহঁতৰ ঘৰত মাটি কম বাবে টাবতহে ফুল লগাব পাৰে। তথাপি পাহিয়ে ওখ গছ দেখিলে ৰৈ যায়।  প্ৰতিজোপা গছৰ আকাৰ, ৰং ভিন ভিন। তামোল গছৰ কাষতে থকা আমজোপাৰ চেহেৰাৰ মিল নাই। দুয়োখন গছ ভিন্ন ধৰণৰ যদিও ওচৰা-ওচৰিকৈ মিলাপ্ৰীতিৰে থাকে। আকৌ কলজোপাৰ কাষতে থকা নেমুজোপাৰ কাঁইটে কেতিয়াও কলজোপাক বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ গছ-গছনিবোৰে মানি চলে। প্ৰকৃতিৰ এই নিয়মবোৰে পাহিক আকৃষ্ট কৰে। 

কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাকে দিয়া উপদেশ হৈছে  যে সিহঁতে পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছে। সিহঁতে অৰণ্যৰ পৰা শিকিব লগা বহু কথা আছে। সিহঁতে যিমান পাৰে সিমান শিকা উচিত। লগতে সিহঁতে নিজৰ বয়-বস্তুবোৰ চম্বালি ৰাখিবলৈয়ো উপদেশৰ দিয়ে। 

পাহি আৰু পলক দেউতাকে দিয়া উপদেশ হৈছে, সিহঁতে যেন সদায় শিক্ষকৰ লগতে থাকে আৰু সিহঁতৰ কথামতে চলে। তেওঁ সিহঁতৰ খবৰ লৈ থাকিব। 

কাজিৰঙালৈ যাত্ৰা কৰাৰ সময়ত বাছৰ ভিতৰত শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ পৰা নেতা-নেত্ৰী পাতি দিয়ে। পাহি আৰু বিদিশাক বাছত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাবোৰ চাবলৈ দায়িত্ব দিলে। আনহাতে নৱম শ্ৰেণীৰ ছাত্ৰ আফতাব আৰু সৌৰভক খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ দায়িত্ব দিয়ে। 

কিন্তু সৌৰেভ কামটো টান পাই সিহঁতৰ দায়িত্বটো পাহি আৰু বিদিশাৰ লগত সলনি কৰি ল’ব বিচাৰিলে। অৰ্থাৎ সিহঁতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গণনা কৰিব আৰু সিহঁতৰ অসুবিধাবোৰ চাব। আনহাতে পাহি আৰু বিদিশাই খাদ্যবস্তুৰ পেকেটেবাৰ আৰু পানীৰ বটলবোৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সমভাৱে বিতৰণ কৰিব।

সিহঁতৰ এই কথা শুনি অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকাই খং কৰি কামৰ ক্ষেত্ৰত ল’ৰা আৰু ছোৱালীৰ মাজত কোনো প্রভেদ নাই বুলি শিকালে।

কাজিৰঙা পোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলক যি ঠাইত থাকিবলৈ দিয়া হ’ল, সেই ঠাইখিন অতি মনোমোহা আছিল। ধুনীয়া আবাস আৰু সুন্দৰ ওখ চাংঘৰ দেখি সিহঁতৰ আনন্দই হিয়া নধৰা হৈছিল। 

দুপৰীয়া তাতে সিহঁতে ভাত-পানী খাই নিদিষ্ট বিচনাবোৰত শুই পৰিল।  কিন্তু সৌৰভ, আফতাব আৰু পলে ক’লে যে সিহঁতে কোনেও নেদেখাকৈ বাহিৰবলৈ ওলাই গৈ অলপ ফুৰা-চকা কৰিব যাতে সিহঁতে দেখা জীৱ-জন্তুবোৰৰ কথা কৈ সিহঁতে সকলোৰে আগত বাহাদুৰি কৰিব পাৰে। যেনে কথা তেনে কাম। সিহঁতে  সিহঁতৰ কোঠালিৰ পিছপিনে থকা লোহাৰ ডাঙৰ জপনাখন বগাই পাৰ হ’ল। সিহঁতৰ সন্মুখত এটা ডাঙৰ বিল দেখা পালে।  বিলৰ সিপাৰে পথাৰ আৰু পথাৰৰ সিপাৰে হাবি। সিহঁতে বিলৰ পাৰত এখন নৌকা বান্ধি থোৱা দেখা পাই  নাওঁত উঠিল। পলে সিহঁঁতক লগত লৈ  আনন্দৰে বঠা মাৰি নাওখন চলাই আগবাঢ়ি থাকিল।  কিছুদূৰ যোৱাৰ পিছত নাওখন মেটেকাৰ মাজত সোমাই পৰিল।  ইফালে নাওখনৰ ভিতৰত পানী সোমাবলৈ আৰম্ভ কৰিছিল। নাওখন পানীৰ ওপৰত লৰচৰ কৰি থাকিল। পানী সোমাই নাওখন ডুব যাবলৈ ধৰিলে। সিহঁতৰ অণ্ঠ-কণ্ঠ শুকাই গ’ল। সকলোৱে কন্দমুৱা হ’ল। অৱশেষত সিহঁতে চিঞৰিবলৈ ধৰিলে, “বচোৱা, কোন আছা, আমাক বচোৱা।”

পলে নাওৰ পানী সোমোৱা ফুটাটো বুট জোতাৰে বন্ধ কৰাৰ চেষ্টা কৰিলে। সৌৰভ আৰু আফতাবে মেটেকাবোৰ বঠাৰে গুচাই  নাওখন পাৰলৈ আনিবলৈ চেষ্টা কৰিও ব্যৰ্থ হ’ল। সিহঁত তিনিওটাই  প্ৰাণপণে চিঞৰি থাকিল। 

ক্ষন্তেক পিছতে জাকৈ হাতত লৈ কেইজনীমান ছোৱালী ওচৰেদি গৈ আছিল। সিহঁতক উদ্দেশ্যি পলে চিঞৰিলে, “অ বাইদেউ, আমাক বচোৱা, বচোৱা।”

ছোৱালীকেইজনয়ৈে সিহঁতক বিলখনৰ মাজত দেখি আচৰিত হ’ল। ইতিমধ্যে নাওখন কাতি হৈ পল পানীত পৰিল। সিহঁতৰ চিঞৰ-বাখৰত ওচৰদি গৈ থকা ছোৱালীকেইজনীৰ দুজনীমান পানীত নামি সিহঁতৰ আটাইকেইজনকে উদ্ধাৰ কৰি পাৰলৈ আনিলে। সিহঁতক এই বিপদৰ পৰা উদ্ধাৰ কৰা ছোৱালীকেইজনী আছিল স্থানীয় অসমীয়া ছোৱালী। সিহঁতৰ নাম আছিল ক্ৰমে– ৰুমী, শেৱালি, জিনা আৰু লক্ষ্মী। 

পল, সৌৰভ আৰু আফতাবে কৰা দুষ্টালিৰ কথা জানিব পাৰি নিশা ভাত পানী খাই শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰিব খুজিছিল।  স্থানীয় জাকৈ বোৱা ছোৱালীকেইজনীয়ে সিহঁতক উদ্ধাৰ নকৰিলে সিহঁত মৃত্যুমুখত পৰিলহেঁতেন। তেতিয়া বিদ্যালয়ৰ দুৰ্ণাম হ’লহেঁতেন। 

শিক্ষকসকলৰ এই সিদ্ধান্ত শুনি পল, আফতাব আৰু সৌৰভ তলমূৰ কৰি থাকিল।  তেনেতে পাহিয়ে থিয় হৈ অতি দুখেৰে ক্ষমা বিচাৰিলে আৰু দোষীসকলৰ লগতে সকলোৱে শাস্তি পোৱাটো  উচিত নহয় বুলি ক’লে। পাহিৰ কথাত সকলোৱে সমৰ্থন আগবঢ়ালে। তেনেতে পলে থিয় হৈ নিজৰ দোষৰ বাবে শাস্তি বিচাৰিলে।  তেওঁলোকে যি অপৰাধ কৰিলে তাৰ বাবে তেওঁলোকক এৰি পিছদিনা সকলোৱে অৰণ্য দৰ্শন কৰিবলৈ যোৱাতকৈ একো ডাঙৰ শাস্তি হ’ব নোৱাৰে বুলি ক’লে। 

তেতিয়া শিক্ষকসকলে সিহঁতৰ মাজত আলোচনা কৰি ঘোষণা কৰিলে যে পল, আফতাব আৰু সৌৰেভ তেওঁলোকে কৰা বেয়া কামটোৰ বিষয়ে বৰ্ণনা কৰি এখনকৈ ৰচনা লিখিব লাগিব।  সিহঁতৰ বৰ্ণনাত সিহঁতে কথমপি মৃত্যুমুখৰ পৰা ৰক্ষা পৰা বুলি স্বীকাৰ কৰিব লাগিব। তেতিয়াহে সিহঁত সকলোৱে পিছদিনা অৰণ্য দৰ্শন কৰিবলৈ যাব পাৰিব।

শিক্ষকসকলকৰ প্ৰস্তাৱত সকলোৱে হয়ভৰ দিলে। পিছদিনা সিহঁতে অৰণ্য দৰ্শন কৰি উভতি আহিল।

কাজিৰঙালৈ যাত্ৰা কৰি ছাত্ৰ-ছাত্ৰীসকলে নানান শিক্ষা লাভ কৰিছিল। শিক্ষাসমূহ হ’ল–

(ক) নিজে কৰিব পৰা কাম নিজে কৰিব লাগে, আনলৈ বাট চাব নালাগে।

(খ) গছ হ’ল বনৰ জীৱ-জন্তু আৰু মানুহৰ বন্ধু। আমি গছ নহ’লে জীয়াই থাকিব নোৱাৰিম।

(গ) ল’ৰা আৰু ছোৱালী সকলো সমান।

(ঘ) আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ দেখুওৱা মূৰ্খৰ কাম।

(ঙ) দলীয়ভাৱে ক’ৰবালৈ গ’লে অনুশাসন মানি চলাটো জৰুৰী কথা।

এনেদৰে  ‘অৰণ্যযাত্ৰা’ নামৰ পাঠটিত লিখিকা অনুৰাধা শৰ্মা পূজাৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক বহুত প্ৰয়োজনীয় শিক্ষা প্ৰদান কৰিছে। 0 0 0.

নির্বাচিত অসমীয়া প্ৰৱন্ধ সমালোচনা | Nirbachit Asomiya Prabandha Samaluchana

ভট্টদেৱৰ ‘বিষাদযোগ’–এক বিশ্লেষণাত্মক অধ্যয়ন

ভট্টদেৱৰ ‘বিষাদযোগ’ নামৰ পাঠটি তেওঁৰ ‘কথাগীতা’ নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে। পাঠটিত পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ এক বিবৰণ আছে। 

কৌৰৱসকলৰ পিতৃ অন্ধ ধৃতৰাষ্ট্ৰই সিহঁতৰ দূত সঞ্জয়ৰ পৰা কুৰুক্ষেত্ৰ যুদ্ধৰ বিষয়ে জানিব বিচাৰিছে। সঞ্জয়ে ধৃতৰাষ্ট্ৰক  যুদ্ধক্ষেত্ৰৰ যি বিৱৰণ দাঙি ধৰিছে সেই বিৱৰণেই  ‘বিষাদযোগ’ নামৰ পাঠটিৰ মূল বক্তব্য বিষয়। 

কুৰুক্ষেত্ৰ মহাসমৰৰ প্ৰাকক্ষণত কৌৰৱ আৰু পাণ্ডৱসকল যুদ্ধৰ বাবে সাজু হৈছে। বগা ৰঙৰ চাৰিটা ঘোঁৰাই টনা ৰথত উঠি কষ্ণাঅর্জুনে  দিব্যশঙ্খ বজাই যুদ্ধক্ষেত্ৰলৈ গৈছে। কৃষ্ণই পাঞ্চজন্য শংখ ফুকাইছে। অৰ্জ্জুনে দেৱদত্ত শংখ ফুকাইছে। ভীমে পণ্ডক নামে মহাশংখ, যুধিষ্ঠিৰে অনন্ত, নকুলে সঘোষ আৰু সহদেৱে মণিপুষ্পক ধ্বনিৰে ৰণক্ষেত্ৰত প্ৰৱেশ কৰিছে। আনহাতে কাশীৰাজ, সাত্যিক, ধৃষ্টদ্যুম্ন বিৰাট, দ্ৰুপদ, অভিমান্যু আদিয়ে পৃথকে পৃথকে শংখ বজাই আকাশ-বতাহ মুখৰিত কৰি কৌৰৱ সৈন্যৰ মাজত মহা আতংকৰ সৃষ্টি কৰিছে।

যুদ্ধক্ষেত্ৰলৈ গৈ যুদ্ধ আৰম্ভ হোৱাৰ আগতে অর্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কৈছে যাতে সি যুদ্ধত সমেবত হোৱা যুঁজাৰু বীৰসকলক এবাৰ দৰ্শন কৰি ল’ব পাৰে। অর্জুনে যুদ্ধক্ষেত্ৰত পিতৃৰ সমতুল্য যোদ্ধাসকল, পিতামহ ভীষ্ম, আচাৰ্য,  মাতুল, ভাতৃপুত্ৰ, ভাতৃ, সখি, শহুৰ, সুহৃদসকল আদি আপ[আপোনজনক দেখা পাইছে। যুদ্ধক্ষেত্ৰত সমেবত হোৱা উক্ত আপোনলোকসকলক দেখা পাই অর্জুনে  শ্ৰীকৃষ্ণক ক’লে যে তেওঁৰ হাত-ভৰি ভাঙি যায়, মুখ শুকাই যায়, শৰীৰ কঁপি উঠে, নোম শিয়ঁৰি উঠে, হাতৰ পৰা গাণ্ডীব খহি পৰে। তেওঁৰ মতিভ্ৰম হয়, বিমঙ্গল দেখে। আকাশত শগুন উৰে, শিয়ালেও চিঞৰে। যুদ্ধত আপোনজনক মাৰি তেওঁৰনো কি লাভ হ’ব। তেওঁৰ বিষয় নালাগে, ৰাজ্য নালাগে আৰু সুখো নালাগে। 

এই আত্মীয়সকলে যদিও পাণ্ডৱসকলক মাৰে, তথাপি সিহঁতে এই আপোনলোকসকলক হত্যা কৰা উচিত নহ’ব। যদিওবা অৰ্থশাস্ত্ৰমতে আততায়ীক হত্যা কৰাটো দোষণীয় নহয় তথাপি তেওঁলোকক মাৰিলে দোষে চুব। ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল পাণ্ডৱসকলৰ বন্ধু। বন্ধুৰ দোষ থাকিলে হত্যা কৰা উচিত নহয়। সিহঁতক হত্যা কৰিলে কুলদোষে পাব। যুদ্ধৰ ফলত নিজৰ জাতি, ধৰ্ম আদি নষ্ট হ’ব। দুৰ্যোধনে যদি তেওঁক বধো কৰে তথাপি তেওঁৰ কোনো আক্ষেপ নাই। এই বুলি কৈ অর্জুনে অস্ত্ৰ এৰি কম্পিত হৈ ৰথৰ ওপৰত বহি পৰিল। অৰ্থাৎ পাণ্ডৱসকলে ভাতৃ কৌৰৱসকলৰ লগত যুদ্ধ কৰিবলৈ অমান্তি হয়। ইয়াৰ পিছত শ্ৰীকৃষ্ণই শাস্ত্ৰ ব্যাখ্যা কৰি যুদ্ধৰ যে প্ৰয়োজন আছে সেয়া বুজাই অৰ্জুনক যুদ্ধ কৰিবলৈ সৈমান কৰে। কিন্তু পাঠটিত সেই বিৱৰণ নাই।

পাঠটি চুটি হ’লেও বৰ্ণনাৰ নাটকীয়তা আৰু সাৱলীলতাই ৰচনাটি উপভোগ্য কৰি তুলিছে। 0 0 0.

নির্বাচিত অসমীয়া প্ৰৱন্ধ সমালোচনা | Nirbachit Asomiya Prabandha Samaluchana

হেমচন্দ্ৰ গোস্বামীৰ প্ৰৱন্ধ ‘প্ৰাচীন ভাৰতীয় শিক্ষা’ –এক বিশ্লেষণাত্মক অধ্যয়ন

পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰা ‘প্ৰাচীন ভাৰতীয় শিক্ষা’ নামৰ প্ৰৱন্ধটিত প্ৰাচীন ভাৰতীয় শিক্ষাৰ লক্ষ্য আৰু প্ৰাচীন ভাৰতবৰ্ষত থকা বিখ্যাত বিশ্ববিদ্যালয়সমূহৰ চমু পৰিচয় দাঙি ধৰিছে।

লিখকে কৈছে যে প্ৰাচীন ভাৰতীয় (আৰ্য) শিক্ষাৰ মূলমন্ত্ৰ আছিল মোক্ষ (আত্মাৰ মুক্তি)  লাভ। এই মোক্ষ লাভ কৰ্ম, ভক্তি আৰু জ্ঞানৰ যোগেদি পোৱাৰহে বিধান আছিল। প্ৰতিজন মানুহৰ পুৰুষাৰ্থ চাৰি ভাগত বিভক্ত আছিল, যেনে—ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। মোক্ষক পৰম পুৰুষাৰ্থ বুলি ধৰা হৈছিল আৰু সৰ্বসাধাৰণ মানুহৰ নিমিত্তে ধৰ্ম, অৰ্থ আৰু কাম এই তিনি বৰ্গৰ সাধনা কৰাৰ বিধান কৰিছিল। 

ইয়াৰ পিছত লিখকে প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয়ৰ বিষয়ে আলোচনা কৰিছে। লিখকে কৈছে যে প্ৰাচীন কালত ভাৰতবৰ্ষত ছয়খন বিখ্যাত  বিশ্ববিদ্যালয় আছিল, যথা —তক্ষশীলা, শ্ৰীধান্যকটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশীলা আৰু উজ্জয়িনী।

তক্ষশীলা বিশ্ববিদ্যালয় প্ৰাচীন উত্তৰ-পূৱ ভাৰতৰ (বৰ্তমান পাকিস্থানৰ) তক্ষশীলাত অৱস্থিত আছিল। এই বিশ্ববিদ্যালয়খন খ্ৰীষ্টপূৰ্ব এক শতিকালৈকে বৰ্তি আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্পাঠী আছিল আৰু তাত ওঠৰ বিধ বিষয় শিক্ষা দিয়া হৈছিল। সেইবোৰৰ ভিতৰত ভাস্কৰ-বিদ্যা, চিত্ৰাংকন, মূৰ্তিকটা আৰু আন আন হাতেৰে কৰা বহুতো বিদ্যা-শিক্ষা দিয়া হৈছিল। এইখন বিশ্ববিদ্যালয়তে অত্ৰেয় ঋষিয়ে আয়ুর্বেদ শাস্ত্ৰ শিক্ষা দিছিল। বুদ্ধদেৱৰ চিকিৎসক ‘জীৱক’ এই অত্ৰেয় ঋষিৰ ছাত্ৰ আছিল। এই বিদ্যালয়তে জীৱকে সাত বছৰ বিদ্যাচৰ্চা কৰিছিল। প্ৰখ্যাত ব্যাকৰণবিদ পাণিনি আৰু পণ্ডিত চাণক্যও এই বিশ্ববিদ্যালয়ৰে ছাত্ৰ আছিল। এই বিশ্ববিদ্যালয়খনলৈ পশ্চিমৰ পাৰস্য দেশ, বেকট্ৰিয়া আৰু মগধ দেশৰ পৰা ছাত্ৰ আহি শিক্ষা লাভ কৰিছিল। আদিতে ই হিন্দু বিশ্ববিদ্যালয় আছিল যদিও পিছলৈ ই বৌদ্ধ বিশ্ববিদ্যালয় হয় আৰু তেতিয়াৰ পৰা ইয়ালৈ চীনদেশৰ পৰাও বহুত ছাত্ৰ আহি পঢ়িছিল।

শ্ৰীধান্যকটক বিশ্ববিদ্যালয় প্ৰাচীন অম্ৰাৱতী নগৰৰ ওচৰত আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ দুয়োবিধ শাস্ত্ৰ পঢ়াৰ সুবিধা আছিল। এই বিশ্ববিদ্যালয়ো খ্ৰীষ্টপূৰ্ব এক শতিকালৈ বৰ্তমান আছিল। এই বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল নাগাৰ্জুন। 

প্ৰাচীন ভাৰতবৰ্ষৰ আন এক প্ৰখ্যাত বিশ্ববিদ্যালয় আছিল নালান্দা বিশ্ববিদ্যালয়। ইয়াত হিন্দু শাস্ত্ৰ যেনে –বেদ, উপনিষদ, ব্যাকৰণ, তৰ্কশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ, দৰ্শনশাস্ত্ৰ, অংকশাস্ত্ৰ আৰু আধ্যাত্ম্যবিজ্ঞানৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব এক শতিকাৰ পৰা অষ্টম খ্ৰীষ্টাব্দলৈকে চলি আছিল। এই বিশ্ববিদ্যালয়ৰ বাহিৰে-ভিতৰে দহ হাজাৰ ছাত্ৰই অধ্যয়ন কৰিছিল। শীলভদ্ৰ নামে এজন উদাসীন পণ্ডিত এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। ইয়াত ছাত্ৰসকলে বিনা খৰচতে পঢ়িব পাৰিছিল। ইয়াৰ পুথিভঁৰালটো ভাৰতবৰ্ষৰ সকলো পুথিভঁৰালতকৈ ডাঙৰ আাছিল। পুথিভঁৰালটো ন-তলীয়া আছিল আৰু তাৰ নাম আছিল ‘ৰত্নোদধি’। শিক্ষাগাৰটোত এশটা কোঠালিত এশটা শ্ৰেণী বহিব পাৰিছিল। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ ছাত্ৰ আহিছিল।। ইয়াৰ শিক্ষাৰ মান আৰু আদৰ্শ ইমান ওখ আছিল যে কম ছাত্ৰইহে তাত প্ৰৱেশৰ সুবিধা পাইছিল। চীনদেশৰ পৰিব্রাজক হিউয়েনচাঙে এইখন বিশ্ববিদ্যালয়তে যোগশাস্ত্ৰ পঢ়িবলৈ আহিছিল। তেওঁক  কামৰূপ ৰাজ্য ভ্ৰমণ কৰিবলৈ সেইসময়ৰ কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাই আমন্ত্ৰণ জনাইছিল। 

উদান্তপুৰ বিশ্ববিদ্যালয় পাল ৰজাবিলাকৰ আগৰে পৰা আছিল। এই বিশ্ববিদ্যালয়খন খ্ৰীষ্টীয় ৮ম শতাব্দীত বিশেষ খ্যাতি লাভ কৰে। এই বিশ্ববিদ্যালয়ৰ এটা বহুমূলীয়া পুথিভঁৰাল আছিল, যাক মুছলমানবিলাকে ১২০২ খ্ৰীষ্টাব্দত ধ্বংস কৰে।

প্ৰাচীন ভাৰতবৰ্ষৰ আন এক প্ৰখ্যাত বিশ্ববিদ্যালয় হ’ল বিক্ৰমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়। ই খ্ৰীষ্টীয় অষ্টম শতিকাত আৰম্ভ হয় দ্বাদশ শতাব্দীলৈ বৰ্তি আছিল বুলি জনা যায়।  এই বিশ্ববিদ্যালয়ৰ তলত ছটা উচ্চ বিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল। ছাত্ৰ থাকিবৰ বাবে বিদ্যালয়ৰ গাতে লগা চাৰিখন সত্ৰ অৰ্থাৎ ছাত্ৰাবাস আছিল। তাত ছাত্ৰবিলাকে বিনা খৰচে খাবলৈ আৰু থাকিবলৈ পাইছিল।

উজ্জয়িনী বিশ্ববিদ্যালয় হ’ল প্ৰাচীন ভাৰতবৰ্ষৰ আন এক প্ৰখ্যাত বিশ্ববিদ্যালয়। ৰজা বিক্ৰমাদিত্যৰ ৰাজত্বৰ কালছোৱাত এইখন বিশ্ববিদ্যালয় ভাৰতবৰ্ষৰ পণ্ডিত লোকসকলৰ মিলনক্ষেত্ৰ আছিল। এই বিশ্ববিদ্যালয়ত বিশেষকৈ জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয় বুদ্ধদেৱৰ দিনতো প্ৰখ্যাত আছিল।

আৰ্যশিক্ষাৰ ৬৪ কলাবিদ্যাৰ ভিতৰত ১১ টা বিদ্যা উক্ত বিশ্ববিদ্যালয়বিলাকত শিক্ষা দিয়া হৈছিল। সেইবোৰ হ’লঃ (১) সাহিত্য, (২) গৃহপাল বিদ্যা, (৩) ৰন্ধন বিদ্যা, (৪) সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা, (৫) হাতেৰে কাম কৰা বিদ্যা, (৬) শিল্প বিদ্যা, (৭) বিজ্ঞান, (৮) সংগীত বিদ্যা, (৯) নাট্য বিদ্যা, (১০) শিষ্টাচাৰ বিদ্যা, আৰু (১১) শাৰীৰিক ব্যায়াম বিদ্যা। 0 0 0.

নির্বাচিত অসমীয়া প্ৰৱন্ধ সমালোচনা | Nirbachit Asomiya Prabandha Samaluchana

তীৰ্থনাথ শৰ্মাৰ প্ৰৱন্ধ ‘ভাৰতীয় আদৰ্শত ‘বৈৰাগ্য’ — এক বিশ্লেণাত্মক অধ্যয়ন

‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ শীৰ্ষক প্ৰৱন্ধটোত লিখক তীৰ্থনাথ শৰ্মাদেৱে ত্যাগৰ মাজেদি কিদৰে এক সমৃদ্ধিময় জীৱন যাপন কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিছে। 

লিখকে কৈছে যে ভাৰতীয় সভ্যতা, সংস্কৃতি আৰু সমাজ জীৱন ভাৰতৰ প্ৰাচীন গ্ৰন্থ বেদৰ ওপৰত প্ৰতিষ্ঠিত। বেদ চাৰিখন যেনে- ঋকবেদ, যজুর্বেদ, সামবেদ আৰু অথর্ববেদ। বেদবোৰ অকল ধৰ্ম শাস্ত্ৰই নহয়, এইবোৰ হৈছে এক উচ্চস্তৰৰ জীৱন যাপনৰ সুস্পষ্ট নিৰ্দেশনা। এই বেদবোৰৰ আদৰ্শৰ ওপৰতে ভাৰতীয় সভ্যতা আৰু সংস্কৃতি গঢ় লৈছে – যিয়ে ভাৰতীয়সকলক বিশ্বৰ দৰবাৰত এক সুকীয়া পৰিচয় প্ৰদান কৰিছে। এই বেদ গ্রন্থাবোৰত মানুহে মানি চলিব লগা আধ্যাত্মিক নিৰ্দেশনাৰ পৰা আৰম্ভ কৰি পৰিয়াল পোহপাল কৰাৰ নীতি নিয়ম আনকি ব্যাধি নিবাৰণৰ উপায়বোৰো দিয়া আছে। এইবেদ গ্রন্থাবোৰে শিকায় যে মানুহে কৰ্মময় জীৱন যাপন কৰিও এক সমৃদ্ধিময় আধ্যাত্মিক জীৱন যাপন কৰিব পাৰে। যুগ যুগ ধৰি ভাৰতীয় ঋষি-মুনিসকলে এই বেদৰ আদৰ্শৰ ওপৰত জীৱন-যাপন কৰি ভাৰতীয় সংস্কৃতি গঢ় দিছে। 

ভাৰতীয় জীৱনাদৰ্শত বৈৰাগ্যৰ স্থান অতি উচ্চ। সংযতভাৱে জীৱন যাপন কৰি প্ৰাপ্তিৰ পিছতো তাৰ প্ৰতি নিৰাসক্ত হৈ থকাই হৈছে বৈৰাগ্য। কিন্তু এই বৈৰাগ্য বিচৰা বস্তু নোপোৱাৰ ফলত ওপজা বিৰক্তি নহয়। কাঙ্খিত বস্তু পোৱাৰ পাছতো তাৰ প্ৰতি নিৰাসক্ত হৈ থাকিব পৰা গুণটোকেই ভাৰতীয় আদৰ্শত বৈৰাগ্য বুলি কোৱা হয়।

ভাৰতীয় আদৰ্শত ব্যক্তি এজনৰ জীৱন কালছোৱাক চাৰিটা স্তৰত ভাগ কৰা হৈছে। এই চাৰিটা স্তৰকে চাৰি আশ্ৰম বুলি কোৱা হৈছে। এই চাৰি আশ্ৰম হৈছে – ব্রহ্মচাৰ্য, গাৰ্হস্থ্য বানপ্ৰস্থ আৰু সন্ন্যাস।

ব্রহ্মচাৰ্য আশ্ৰম হৈছে শিক্ষা লাভৰ স্তৰ। এই স্তৰত বিদ্যাৰ্থীয়ে গুৰু গৃহত থাকি বিভিন্ন জ্ঞান লাভ কৰিব লাগে। শিক্ষা সমাপ্ত কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ লোৱা বিদ্যাৰ্থীক গুৰুৱে তলত দিয়া ধৰণে উপদেশ দিছিল।

প্ৰথম, বিদ্যাৰ্থীয়ে সত্য আৰু ধৰ্ম -এই দুটা বজাই ৰাখি আচৰণ কৰিব লাগে।

দ্বিতীয়, সততাৰে ধন উপাৰ্জন কৰিব লাগে।

তৃতীয়, পিতৃ-মাতৃ আৰু গুৰুজনক মান্য কৰি চলিব লাগে।

চতুৰ্থ, ডাঙৰৰ বেয়া গুণ পৰিহাৰ কৰি ভাল গুণ গ্ৰহণ কৰিব লাগে।

পঞ্চম, ধন-ঐশ্বৰ্য উপাৰ্জন কৰি তাক সমভাৱে বিতৰণ কৰি সংযতভাৱে ভোগ কৰিব লাগে।

শেষত, ভাৰতীয় আদৰ্শই কামৰ ওপৰত অতিজোৰ দি কৈছে যে মানুহৰ কাম কৰাৰ বাহিৰে আন উপায় নাই। কিন্তু নিৰাসক্ত হৈ কৰ্মময় জীৱন যাপন কৰাই হৈছে ভাৰতীয় আদৰ্শত এক সমৃদ্ধিময় জীৱন। 0 0 0.

নির্বাচিত অসমীয়া প্ৰৱন্ধ সমালোচনা | Nirbachit Asomiya Prabandha Samaluchana

লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰৱন্ধ ‘বুৰঞ্জীৰ দৌৰাত্ম্য’– এক আলোচনা

‘বুৰঞ্জীৰ দৌৰাত্ম্য’ শিৰোনামাৰ প্ৰৱন্ধটিত অতীত ভাৰতবৰ্ষত আৰ্য ঋষি-¸মুনিসকলে বুৰঞ্জী নিলিখাৰ সন্দৰ্ভত লক্ষ্মীনাথ বেজবৰুৱাদেৱে নিজৰ মতামত ব্যংগাত্মকভাৱে প্ৰকাশ কৰিছে।

জ্ঞান চৰ্চাত প্ৰাচীন যুগৰ আৰ্যসকল অতি আগবঢ়া আছিল। আৰ্যসকলে জ্ঞান-বিজ্ঞানৰ প্ৰায় সকলোবোৰ শাখাতেই পাৰদৰ্শিতা অৰ্জন কৰিছিল। আৰ্য সভ্যতাৰ জ্ঞান বিস্তাৰৰ নিদৰ্শন স্বৰূপ বেদ, বেদান্ত, দৰ্শন, জ্যোতির্বিদ্যা, আযুর্বিদ্যা, ৰসায়ন, ধনুর্বিদ্যা, গীত, নৃত্য, পুৰাণ, সংহিতা, মহাকাব্য আদি ৰচিত হোৱাৰ বিপৰীতে আধুনিক অৰ্থৰ ‘হিষ্টুৰী’ কিয় ৰচিত হোৱা নাছিল বেজবৰুৱাদেৱে তাৰ যথাযথ কাৰণ নিৰ্ণয় কৰিছে। বেজবৰুৱাদেৱে কৈছে যে ইমানবোৰ তত্ত্বপূৰ্ণ সুগভীৰ জ্ঞান-বিজ্ঞানৰ বিভিন্ন বিষয়ৰ মৌলিক গ্ৰন্থ ৰচনা কৰা লিখকসকলৰ বুৰঞ্জী ৰচনা কৰাৰ প্ৰতিভাৰ অভাৱ নিশ্চয় হোৱা নাছিল। 

পাশ্চাত্যৰ কিছুমান পণ্ডিতে ক’ব খোজে যে ভাৰতীয়সকলৰ ইতিহাস চেতনা নাই। তাৰ আধাৰত বেজবৰুৱাদেৱে কৈছে যে ভাৰতীয়সকলৰ বুৰঞ্জীতকৈ ভাৰতৰ প্ৰাচীন শাস্ত্ৰসমূহৰ মহত্ব অতি গভীৰ। তেওঁৰ মতে সেইবোৰ ভঙুৱাৰ গল্প, কাণীয়াৰ কীৰ্তন অথবা পাগলৰ প্ৰলাপ নহয়। বৰং সেইবোৰ জীৱনজোৰা সাধনৰ অমূল্য ইতিহাস, য’ত মানুহৰ হেজাৰ হেজাৰ বছৰৰ সভ্যতা সংস্কৃতিৰ উৎকৃষ্ট সাৰখিনি সংৰক্ষিত হৈ আছে। 

সাম্প্ৰতিক যুগত ভাৰতীয়সকলৰ ইতিহাস চেতনা আহিছে আৰু ভাৰতীয়সকলে ইতিহাস চৰ্চাও কৰিবলৈ লৈছে। ই  অৱশ্যে ইংৰাজসকলৰ দান। আজিকালি ইতিহাস, বুৰঞ্জী আৰু হিষ্টুৰীৰ ধাৰণা প্ৰায় একাকাৰ হৈ গৈছে। গতিকে আধুনিক যুগৰ তথাকথিত বুৰঞ্জীবিদসকলে লাংপুং ৰচিত বুৰঞ্জী, ৰবিন্সনৰ হিষ্টুৰী, মঞ্চুপৰ  ‘একচন্দ্ৰ স্তমোহস্তি’ আদিকহে বুৰঞ্জী বুলি কয়। বেজবৰুৱাদেৱে এনে বুৰঞ্জীক সমালোচনা কৰি কৈছে যে প্ৰাচীন যুগৰ ভাৰতীয় গ্ৰন্থসমূহত উচ্চ মূল্যবোধযুক্ত আধ্যাত্মিক গুণৰাশিৰ তুলনাত আধুনিক যুগৰ বুৰঞ্জীসমূহ কেৱল বৈষয়িক আশা-আকাংক্ষাৰ মাজতে সীমাবদ্ধ। এই ইতিহাসসমূহ আধ্যাত্মিক জ্ঞানশূন্য। ই হৈছে মানুহৰ কাৰ্যকলাপ, যুদ্ধ-বিগ্ৰহ, সেইবোৰৰ চন তাৰিখ আদিৰ লিপিবদ্ধ বিৱৰণ। এনে ইতিহাস পক্ষপাতমূলক দোষত দোষযুক্ত। বহু সময়ত এনে ইতিহাস বা বুৰঞ্জীত সত্যক বিকৃত কৰা হৈছে। সত্যৰ অপলাপ কৰা এনে ইতিহাস বা বুৰঞ্জীত সত্য কি, অসত্য কি তাক বিচাৰ কৰিবলৈ জ্ঞানী-সজ্জ্বন লোকৰ ক্ষেত্ৰতো সমস্যা হোৱা দেখা যায়। সেয়ে বেজবৰুৱাদেৱে কৈছে যে ইতিহাসত ভূুল তথ্য দাঙি ধৰি বিভ্ৰান্তি সৃষ্টি কৰাতকৈ প্ৰাচীন আৰ্য ঋষি-মুনিসকলে ইতিহাস ৰচনা নকৰি আধ্যাত্মিক ভাবাপন্ন জ্ঞান-বিজ্ঞানৰ সুগভীৰ গ্ৰন্থ ৰচনা কৰি ভাল কামকে কৰিছিল।  0 0 0.

নির্বাচিত অসমীয়া প্ৰৱন্ধ সমালোচনা

প্ৰফুল্ল দত্ত গোস্বামীৰ প্ৰৱন্ধ ‘ব’হাগ বিহুৰ পৰম্পৰা’– এক বিশ্লেষণাত্মক অধ্যয়ন

‘বহাগ বিহুৰ পৰম্পৰা’ নামৰ প্ৰৱন্ধটিত প্ৰৱন্ধকাৰ ড০ প্ৰফুল্ল দত্ত গোস্বামীয়ে বিহুক জাতীয় উৎসৱ হিচাপে প্ৰতিপন্ন কৰাৰ লগতে বিহুৰ উৎপত্তি সম্পৰ্কে বিভিন্ন তথ্য দাঙি ধৰিছে। 

প্ৰথমতে লিখকে বিহুক জাতীয় উৎসৱ হিচাপে প্ৰতিপন্ন কৰাৰ কিছুমান কাৰণ আৰু যুক্তি আগবঢ়াইছে। 

লিখকে কৈছে যে বিহু উৎসৱ হৈছে কৃষিমুখী উৎসৱ। এই কৃষিভিত্তিক উৎসৱটো কালক্ৰমত বিভিন্ন সংস্কৃতিৰ সংস্পৰ্শলৈ আহি অসমৰ জাতীয় উৎসৱত পৰিণত হৈছে। কৃষি উৎসৱৰ লগত জড়িত গৰু বিহু অৰ্থাৎ গো পূজা, বিহুৱান দিয়া, মান সৎকাৰ কৰা, নাম-কীৰ্তন কৰা আদি সামাজিক পৰম্পৰাত পৰিণত হৈছে। এইবোৰৰ মূল উদ্দেশ্য হ’ল ৰাইজ, জীৱ-জন্তু, খেতি-বাতি আদিৰ মংগল সাধন কৰা।

বিহু উৎসৱত অসমীয়া লোকে ঘৰ-বাৰী পৰিস্কাৰ কৰা, কাপোৰ-কানি ধোৱা, গৰুৰ যতন লোৱা আদি কাম কৰা দেখা যায়। এইবোৰ কাৰ্যৰ লগত ধৰ্মীয় সম্পৰ্ক আছে যদিও সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ দৃষ্টিভংগীৰো পৰিৱৰ্তন হৈ বিহু ধৰ্মীয় উৎসৱৰ পৰিৱৰ্তে সাংস্কৃতিক উৎসৱত পৰিণত হৈছে। বৰ্তমান বহাগ বিহু উৎসৱৰ যোগেদি সকলো অসমীয়াই একেগোট হোৱাৰ সুযোগ লাভ কৰিছে। লিখক ড০ প্ৰফুল্ল দত্ত  গোস্বামীৰ মতে ই বিভিন্ন খেলৰ বিভিন্ন লোকৰ মিলনৰ ক্ষেত্ৰ হিচাপে সাংস্কৃতিক সমন্বয়ৰো প্ৰতীক হৈ পৰিছে।

বিহু উৎসৱক জাতীয় উৎসৱ হিচাপে প্ৰতিপন্ন কৰাৰ পিছত লিখলে বিহু আৰু বিহু নৃত্যৰ উৎপত্তি কেতিয়া, ক’ত, কেনেদৰে হৈছিল সেই সম্পৰ্কে বিভন্ন উৎসৰ সন্ধান কৰিছে।

প্ৰথমতে, কিছুমান পণ্ডিতে ঠাৱৰ কৰিছে যে বিহুৰ উৎপত্তি সংস্কৃত ‘বিষুৱণ’ শব্দৰ পৰা আহিছে। ‘অথর্ববেদ’ আৰু ‘ঐতৰেয় ব্রাহ্মণ’ আদি পুৰণি শাস্ত্ৰত পোৱা যায় যে সেই সময়ত বিষুৱণ’ আছিল যাগ-যজ্ঞ কৰা এটা দিনৰ নাম। যাগ-যজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে বুলি সিহঁতে বিশ্বাস কৰিছিল। অৰ্থাৎ খেতি-বাতিৰ সুব্যৱস্থাৰ কাৰণেই এই বিষুৱ দিনত যাগ-যজ্ঞৰ আয়োজন কৰা হৈছিল। 

দ্বিতীয়তে, প্ৰাচীন অসমত বিষুৱ সংক্ৰান্তিৰ দিনত ৰজাসকলে ব্রাহ্মণক ভূমিদান কৰিছিল। বিষুৱ সংক্ৰান্তিৰ সময়ত পালন কৰা এনে মাংগলিক অনুষ্ঠানৰ সোঁৱৰণ যে ভাৰতৰ উত্তৰ-পূৱ চূকৰ  অসমতে হৈছিল এনে নহয়, ভাৰতৰ অন্যান্য অঞ্চলতো এই অনুষ্ঠান পতা হৈছিল। বিষুৱ সংক্ৰান্তিৰ দিনা পালন কৰা উৎসৱৰ পৰাও বিহুৰ উৎপত্তি হোৱা বুলি ভবাৰ থল আছে।

তৃতীয়তে, দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক ‘বিষু’ বোলে। সেইদৰে হিমালয়ৰ নামনি অঞ্চলৰ মাজতো ‘বিষু মেলা’ বুলি এক উৎসৱৰ প্ৰচলন আছে। তেনেদৰে মধ্য ভাৰতৰ ওৰাওঁসকলে গ্ৰীষ্ম কালত ‘বিষু চিকাৰ’ৰ ব্যৱস্থা কৰে–ঠিক যেনেকৈ মাঘ বিহুৰ সময়ত অসমৰ ৰাইজে সমূহীয়াকৈ মাছ মৰা বা পহু চিকাৰৰ ব্যৱস্থা কৰে। ইয়াক কোনো কোনো অঞ্চলত বিহু নুবুলি ‘বৈশাখী’ বোলে।

মুঠতে বিহু উৎসৱটো কেতিয়া ক’ত কেনেদৰে উৎপত্তি হৈছিল তাৰ সঠিক তথ্য আজিলৈ উদ্ধাৰ হোৱা নাই যদিও ই যে পোনতে এক কৃষি উৎসৱ হিচাপে উৎপত্তি লাভ কৰিছিল তাত অৱশ্যে কাৰো সন্দেহ নাই।  কালক্ৰমত এই কৃষি উৎসৱটোত আৰ্য আৰু অনাৰ্যৰ উপাদান লগলাগি এক জাতীয় সাংস্কৃতিক উৎসৱত পৰণিত হয়।

নিহু নৃত্য সম্পৰ্কেও এইখিনি জনা যায় যে কৃষি বৃত্তি অৱলম্বন কৰা লোকৰ মাজত স্ত্ৰী-পুৰুষৰ আনুষ্ঠানিক মিলন আৰু নৃত্য-গীত পৃথিৱীৰ উৰ্বৰা শক্তি বৃদ্ধি কৰাৰ এক প্ৰাচীন ব্যৱস্থা আছিল। সপ্তম শতিকাত এজন মুছলমান ভ্ৰমণকাৰীয়ে লিখি থৈ যোৱা বৰ্ণনাৰ পৰা জনা যায় যে তেওঁ অসমৰ ৰাজধানীত স্ত্ৰী-পুৰুষ উভয়ে নৃত্য আৰু গীতেৰে ৰং-ধেমালি কৰা প্ৰত্যক্ষ কৰিছিল। ঢোল, পেঁপা, টকা আদি বাদ্য যন্ত্ৰৰো ব্যৱহাৰ তেওঁ লক্ষ্য কৰিছিল বুলি উল্লেখ আছে। তেওঁ আকৌ উল্লেখ কৰিছে যে এই উৎসৱৰ সময়ত ডেকা-গাভৰুৰ মনৰ আদান-প্ৰদানো হয়। পিছলৈ আহোম ৰজাসকলে এই উৎসৱক পৰিপোষণ  কৰি বিহু উৎসৱক জাতীয় উৎসৱ হিচােপ গঢ় দিয়াত সহায় কৰে।  0 0 0.

নির্বাচিত অসমীয়া প্ৰৱন্ধ সমালোচনা

লক্ষ্মীধৰ শৰ্মাৰ প্ৰৱন্ধ ‘মাধৱদেৱ’ — এক আলোচনা

লক্ষ্মীধৰ শৰ্মাই ‘মাধৱদেৱ’ নামৰ প্ৰৱন্ধটিত অসমত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ প্ৰধান শিষ্য মাধৱদেৱৰ জীৱন দৰ্শনৰ মাজত পাৰ্থক্যৰ বিষয়ে আলোচনা কৰিছে। তেওঁৰ মতে মাধৱদেৱৰ ধী-শক্তি আৰু প্ৰতিভা  শংকৰদেৱতকৈ কম নাছিল। কিন্তু জীৱনৰ লক্ষ্যৰ বিষয়ে দুয়োৰে দৰ্শনৰ মাজত পাৰ্থক্য আছিল। 

দুয়োজন ব্যক্তিয়েই জীৱৰ মুক্তি বিচাৰিছিল যদিও  শংকৰদেৱে সেই মুক্তি যাত্ৰাত নিজৰ অন্যান্য আনুষঙ্গিক কাৰ্যবিলাকক বাদ দিয়া নাছিল। সমাজৰ উন্নতি যাতে সকলো বিষয়তে হয় তাৰ প্ৰতিও তেওঁ সচেষ্ট আছিল। তেওঁৰ আদৰ্শ আছিল মানৱ সমাজৰ সৰ্বাঙ্গীণ উন্নতি সাধন কৰা।

কিন্তু মাধৱদেৱৰ আদৰ্শ আছিল গৃহ সংসাৰ ত্যাগ কৰি প্ৰকৃত সত্যৰ সন্ধান কৰা যাৰ সহায়েৰে আত্মাৰ মুক্তি সম্ভৱ হয়। 

শংকৰদেৱ উদাৰ আৰু মাধৱদেৱ গভীৰ – এয়ে দুয়োৰে মাজত পাৰ্থক্য। মাধৱদেৱৰ প্ৰত্যেক কাৰ্যতে তেওঁৰ হৃদয়ৰ অদম্য উচ্ছাস প্ৰকাশ হৈছিল। তেওঁ যি সত্যৰ উপলব্ধি কৰিছিল তাকে সি জীৱনত প্ৰতিফলিত কৰাৰ চেষ্টা কৰিছিল।

এয়ে আছিল শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱন দৰ্শনৰ মাজৰ পাৰ্থক্য। 0 0 0. নির্বাচিত অসমীয়া প্ৰৱন্ধ সমালোচনা

নির্বাচিত অসমীয়া প্ৰৱন্ধ সমালোচনা

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here