Home All নিৰ্বাচিত অসমীয়া কবিতাৰ মূলভাৱ | Nirbachit Asomiya Kabitar Mulbhav

নিৰ্বাচিত অসমীয়া কবিতাৰ মূলভাৱ | Nirbachit Asomiya Kabitar Mulbhav

অসমীয়া কবিতাৰ মূলভাৱ

0
নিৰ্বাচিত অসমীয়া কবিতাৰ মূলভাৱ  Nirbachit Asomiya Kabitar Mulbhav

 

 

নিৰ্বাচিত 

অসমীয়া কবিতাৰ মূলভাৱ

 

 

নিৰ্বাচিত অসমীয়া কবিতাৰ মূলভাৱ

Nirbachit Asomiya Kabitar Mulbhav

 

ৰাব্বি   মছৰুৰ

 

 

 

গ্রূহিলচ  পাব্লিশিং 

কমলপুৰ, বৰেপটা (অসম)

 

Nirbachit Asomiya Kabitar Mulbhav-A collection of critical essays on some Assamese poems by Rabbi Masur, Published by Growhills Publishing.

নিৰ্বাচিত অসমীয়া কবিতাৰ মূলভাৱ 

Rights Reserved

নিৰ্বাচিত অসমীয়া কবিতাৰ মূলভাৱ 

Price: Rs. ………….. 

নিৰ্বাচিত অসমীয়া কবিতাৰ মূলভাৱ   

D. T. P. By 

Rabbi Masrur

Printed at:

নিৰ্বাচিত অসমীয়া কবিতাৰ মূলভাৱ 

আগকথা

(কবিতাৰ সাৰাংশ আৰু মূলভাৱৰ মাজৰ পাৰ্থক্য)

সাহিত্যৰ সকলোবোৰ শাখাৰ ভিতৰত কবিতাই হৈছে আটাইতকৈ জটিল, দ্ব্যৰ্থক, বিতৰ্কিত আৰু বহুৰূপী। হয়তো কবিতাৰ বিষয়-বস্তু, ভাৱ, ভাষা আৰু প্ৰকাশভংগীৰ বৈচিত্ৰতাই এই জটিলতাৰ ঘাই কাৰণ। সেয়ে স্কুল-কলেজত ছাত্ৰ-ছাত্ৰীসকলক কবিতা এটিক বিভিন্ন দৃষ্টিকোণৰ পৰা বুজাবলৈ চেষ্টা কৰা হয়, যেনে– কবিতাৰ সাৰাংশ লিখা, মূলভাৱ লিখা, ব্যাখ্যা কৰা, পটভূমি আলোচনা কৰা, আংগিক আলোচনা কৰা, বিশ্লেষণ কৰা ইত্যাদি। এইবোৰৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলক সততে কবিতা এটিৰ সাৰাংশ আৰু মূলভাৱ লিখিবলৈ দিয়া হয়। কিন্তু অভিজ্ঞতাৰ পৰা দেখা যায় যে ছাত্ৰী-ছাত্ৰীসকলে কবিতা এটিৰ সাৰাংশ আৰু মূলভাৱ কি আৰু কেনেদৰে লিখিব লাগে সেয়া স্পষ্টকৈ নাজানে। বহুতো শিক্ষকেও কবিতা এটিৰ সাৰাংশকে মূলভাৱ বুলি চলাই দিয়ে। কিন্তু এয়া ভুল । কবিতা এটিৰ সাৰাংশ আৰু মূলভাৱ একে নহয়। দুয়োৰ মাজত স্পষ্ট পাৰ্থক্য আছে।

সাৰাংশ মানে সাৰ (মূল) অংশ অৰ্থাৎ ওপৰঞ্চি ব্যাখ্যা বৰ্জিত মূল বক্তব্য। আনহাতে মূলভাৱ হৈছে কবিতা এটিৰ কেন্দ্ৰীয় ভাৱ। আন কথাত ক’বলৈ গ’লে মূলভাৱ হৈছে কবিতা এটিৰ মাজেৰে প্ৰকাশ পোৱা জীৱন, বস্তু বা বক্তব্য বিষয় সম্পৰ্কে কবিৰ দৰ্শন। অৰ্থাৎ মূলভাৱ হৈছে কবিতা এটিৰ মাজেদি কবিয়ে প্ৰকাশ কৰা জীৱন সম্পৰ্কে কবিৰ অভিজ্ঞতালব্ধ বাণী।

সাৰাংশ আৰু মূলভাৱৰ ৰ্দ্ঘৈ কিমান হোৱা উচিত তাৰ কোনো ধ’ৰা-বন্ধা নিয়ম নাই যদিও সাৰাংশ কবিতা এটিৰ দুই-তৃতীয়াংশতকৈ অধিক হ’ব নালাগে। আনহাতে কবিতা এটিৰ মূলভাৱ এটা বাক্যৰ পৰা তিনিটা বা সর্বোচ্চ চাৰিটামান বাক্যত ভিতৰত লিখিব লাগে। 

কবিতাৰ সাৰাংশ আৰু মূলভাৱৰ মাজত পাৰ্থক্য স্পষ্ট কৰি বুজাবলৈ উদাহৰণস্বৰূপ কবি নৱকান্ত বৰুৱাৰ ‘উভতি নহাৰ কবিতা’ৰ ক্ৰমে সাৰাংশ আৰু মূলভাৱ তলত দিয়া হ’ল–

সাৰাংশ: পৃথিৱীখনত জন্ম গ্ৰহণ কৰি কবিয়ে বহুতো দুখ-শোক, যন্ত্ৰণা আদি পাইছে। এই দুখ-যন্ত্ৰণাৰ মাজেদি তেওঁ জীয়াই থকাৰ প্ৰেৰণা লাভ কৰিছে। অৰ্থাৎ যন্ত্ৰণাই হৈছে কবিৰ বাবে জীয়াই থকাৰ প্ৰেৰণা। তেওঁৰ সৃষ্টিকৰ্মৰ মাজেদি সেই যন্ত্ৰণাৰ মন্ত্ৰকেই বাৰে বাৰে গাইছে। তেওঁৰ মতে জীয়াই থকাটো হৈছে এক যন্ত্ৰণাময় ধেমালি। এই ধেমালি তেওঁ যিমান পাৰে সিমান খেলি গৈছে। কাৰণ তেওঁ জানে যে মানৱ জীৱনটো ক্ষন্তেকীয়া। তেওঁ এদিনাখন মৰি যাব আৰু দুনাই এইখন পৃথিৱীলৈ ঘূৰি নাহে। সেয়ে তেওঁ তেওঁৰ সকলো খেল এবাৰতেই খেলি গ’ল অৰ্থাৎ তেওঁ এবাৰতেই যিমান পাৰে সিমান পৃথিৱীখনক উপভোগ কৰি গ’ল।

মূলভাৱঃ মানৱ জীৱন ক্ষন্তেকীয়া। মৃত্যৰ পিছত কেনোৱেই দুনাই এই পৃথিৱীলৈ উভতি নাহে। সেয়ে জীয়াই থকা কালছোৱাত প্ৰত্যেকেই ভালপোৱা ধৰণে নিজৰ নিজৰ কাম কৰি জীৱনটো উপভোগ কৰিব লাগে।

দ্বিতীয় উদাহৰণস্বৰূপ নলিনীবালা দেৱীৰ ‘মিলন’ কবিতাটিৰ সাৰাংশ আৰু মূলভাৱ তলত দাঙি ধৰা হ’ল–

সাৰাংশ: কবিয়ে সকলো সময়তে পৰম ঈশ্বৰৰ অস্ত্বিক নিজৰ হৃদয়ৰ মাজত অনুভৱ কৰে। নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দৰ্য-সুষমাই কবিৰ ভগবৎ প্ৰীতিৰ ধাৰণাক গভীৰ কৰি তোলে। ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন ভিন ধৰণে অনুভৱ কৰে।  এই  অনুভৱেই হৈছে পৰমজনৰ লগত কবিৰ অন্তহীন মিলন।

মূলভাৱ: হৃদয়েৰে অনুভৱ কৰিব পাৰিলে আমি প্ৰকৃতিৰ সৰু-বৰ সকলো বস্তুৰ মাজত ভিন ভিন ধৰণে পৰম ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিব পাৰি। ০ ০ ০

নিৰ্বাচিত অসমীয়া কবিতাৰ মূলভাৱ 

সূচীপত্ৰ

মাধৱদেৱৰ ‘হৰি হেৰৰে বাপ পশিলো শৰণে’ বৰগীতটিৰ মূলভাৱ

আজান ফকিৰৰ ‘ৰহমত গিৰিহঁত তুমি আল্লা চাহাব ঐ’ জিকিৰটোৰ  মূলভাৱ

চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া’ কবিতাৰ মূলভাৱ

ৰঘুনাথ চৌধাৰীৰ ‘প্ৰশস্তি’ কবিতাটিৰ মূলভাৱ

হৰেকৃষ্ণ ডেকাৰ ‘দৃশ্যান্তৰ’ কবিতাটিৰ মূলভাৱ 

শংকৰদেৱৰ ‘মুক্তিমঙ্গল ভটিমা’ৰ মূলভাৱ 

শ্ৰীধৰ কন্দলিৰ ‘কানাইৰ চাতুৰী ’ কবিতাটিৰ মূলভাৱ

যতীন্দ্ৰনাথ দুৱৰাৰ ‘মগনিয়াৰ’ কথা-কবিতাৰ মূলভাৱ

মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘বিশ্বখনিকৰ’ কবিতাটিৰ মূলভাৱ 

জ্যোতিপ্ৰসাদ আগৰৱালাৰ  ‘জনতাৰ আহ্বান’ কবিতাটিৰ মূলভাব 

নৱকান্ত বৰুৱাৰ ‘উভতি নহাৰ কবিতাটি’ৰ মূলভাব

নিৰ্মল প্ৰভা বৰদলৈৰ ‘কৰুণতম’ কবিতাটিৰ মূলভাৱ

চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘মানৱ বন্দনা’ কবিতাটি মূলভাৱ

অম্বিকাগিৰি ৰায় চৌধুৰীৰ ‘ই যে অগ্নি-বীণাৰ তান’ কবিতাটিৰ মূলভাৱ

সীতানাথ ব্রহ্মচৌধুৰীৰ ‘অন্বেষণ’ কবিতাৰ মূলভাৱ

নলিনীবালা দেৱীৰ  ‘মিলন’ কবিতাৰ মূলভাৱ 

 

Table of Contents

নিৰ্বাচিত অসমীয়া কবিতাৰ মূলভাৱ 

মাধৱদেৱৰ ‘হৰি হেৰৰে বাপ পশিলো শৰণে’ বৰগীতটিৰ মূলভাৱ 

হৰিয়েই হৈছে এই জগতৰ একমাত্ৰ ঈশ্বৰ। তেওঁৰ মহিমা অপাৰ। হৰিৰ মাহাত্ম্যৰ বিষয়ে সাধাৰণ মানুহৰ জানিবৰ কোনো উপায় নাই। মানুহে সংসাৰ অনিত্যতা অনুভৱ কৰি সাংসাৰিক মায়া-মোহত আসক্ত নহৈ হৰিৰ ধ্যানত মগ্ন থকা উচিত। 0 0 0

নিৰ্বাচিত অসমীয়া কবিতাৰ মূলভাৱ 

আজান ফকিৰৰ ‘ৰহমত গিৰিহঁত তুমি আল্লা চাহাব ঐ” জিকিৰটোৰ  মূলভাৱ

মানৱ জীৱন অনিত্য অৰ্থাৎ ক্ষণভঙ্গুৰ। কোন মুহূৰ্তত মানুহৰ শৰীৰৰ পৰা আত্মা ওলাই গুচি যায়গৈ কোনেও নাজানে। আত্মা এবাৰ গুচি গ’লে দুনাই ঘূৰি নাহে। সেয়ে মানুহে সংসাৰৰ অনিত্যতা অনুধাৱন কৰি মায়া-মোহত আবদ্ধ নাথাকি ঈশ্বৰ চিন্তাত মগ্ন থকা উচিত। 0 0 0

নিৰ্বাচিত অসমীয়া কবিতাৰ মূলভাৱ | Nirbachit Asomiya Kabitar Mulbhav

চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া’ কবিতাৰ মূলভাৱ

অসমখন সৌন্দৰ্যৰ আকৰ। ইয়াৰ পাহাৰে-ভৈয়ামে সৌন্দৰ্যই খেলা কৰি আছে। অসমৰ অধিবাসীসকল বিভিন্ন কাৰিকৰী শিল্পত পটু। সিহঁতে প্ৰয়োজনীয় বস্তু নিজ হাতেৰে তৈয়াৰ কৰি লয়। অসমীয়াসকলে সৌন্দৰ্যময়ী অসমখনক অতি ভাল পায়। সিহঁতে নিজৰ দেশৰ স্বাধীনতা ৰক্ষাৰ বাবে বীৰদেৰ্প যুদ্ধ কৰিব পাৰে।   0 0 0

নিৰ্বাচিত অসমীয়া কবিতাৰ মূলভাৱ | Nirbachit Asomiya Kabitar Mulbhav

ৰঘুনাথ চৌধাৰীৰ ‘প্ৰশস্তি’ কবিতাটিৰ মূলভাৱ 

প্ৰকৃতি সৌন্দৰ্যৰ আধাৰ। মানুহে তন্দ্ৰা ত্যাগ কৰি অৰ্থাৎ সংসাৰৰ মায়-মোহৰ পৰা নিজকে আঁতৰাই ৰাখি  প্ৰকৃতিৰ সৌন্দৰ্যৰ ধ্যান কৰিব লাগে কিয়নো প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত নেদেখাজনৰ অস্তিত্ব অনুভৱ কৰিব পাৰি। 0 0 0

নিৰ্বাচিত অসমীয়া কবিতাৰ মূলভাৱ | Nirbachit Asomiya Kabitar Mulbhav

হৰেকৃষ্ণ ডেকাৰ ‘দৃশ্যান্তৰ’ কবিতাটিৰ মূলভাৱ 

বৰ্তমান পৃথিৱী দোপত-দোপে উন্নতিৰ দিশত আগবাঢ়ি গৈ আছে। কিন্তু সেই অনুপাতে  মানুহৰ প্ৰতি মানুহৰ মৰম, স্নেহ, দয়া, পাৰস্পৰিক আন্তৰিকতা,  মানৱতা আদিৰ অকনো বিকাশ নহৈ ক্ৰমান্বয়ে অধঃপতিতহে হৈ আছে। মানুহবোৰ  কৃত্ৰিম আৰু বিষয়- ভৈবৱী হৈ পৰিছে। ফলত সমাজৰ পৰা শান্তি নোহোৱা হৈছে।  0 0 0

নিৰ্বাচিত অসমীয়া কবিতাৰ মূলভাৱ | Nirbachit Asomiya Kabitar Mulbhav

শংকৰদেৱৰ ‘মুক্তিমঙ্গল ভটিমা’ৰ মূলভাৱ

সাংসাৰিক মায়া-মোহৰ পৰা মোক্ষ লাভ কৰাৰ একমাত্ৰ উপায় হৈছে শ্ৰীকৃষ্ণত শৰণ লোৱা। তেওঁ হৈছে জগতৰ ঈশ্বৰ। তেওঁক শৰণ লোৱাৰ বাহিৰে জীৱৰ মুক্তিৰ আন কোনো পথ নাই।  কৃষ্ণ হৈছে এক নাওৰ দৰে। তেওঁত শৰণ লৈয়ে দুখ-কষ্টৰে ভৰা সংসাৰ সাগৰ পাৰ হ’ব পাৰি। 0 0 0

নিৰ্বাচিত অসমীয়া কবিতাৰ মূলভাৱ | Nirbachit Asomiya Kabitar Mulbhav

শ্ৰীধৰ কন্দলিৰ ‘কানাইৰ চাতুৰী’ কবিতাটিৰ মূলভাৱ

সন্তান যিমানেই ডাঙৰ আৰু গুণী নহঁওক কিয়, মাতৃত ওচৰত সি সদায় এক অবোধ শিশুহে। সেয়ে শ্ৰীকৃষ্ণ ভগৱান হৈয়ো মানৱ শিশুৰূপে জন্ম লাভ কৰি মাকৰ পৰা সাধাৰণ শিশুৰ আচৰণহে পাইছে।। 0 0 0

নিৰ্বাচিত অসমীয়া কবিতাৰ মূলভাৱ | Nirbachit Asomiya Kabitar Mulbhav

যতীন্দ্ৰনাথ দুৱৰাৰ ‘মগনিয়াৰ’ কথা-কবিতাৰ মূলভাৱ

দুখীয়াসকলো সৰ্বসাধাৰণৰ দৰেই মানুহ। সিহঁতৰ লগত আমি মানৱীয় আৰু সহানুভূতিস্বৰূপ আচৰণ কৰিব লাগে। টকা-পইচাৰে দিয়া দানতকৈ   আন্তৰিক  সহমৰ্মিতা শ্রেষ্ঠতৰ  দান।  0 0 0

নিৰ্বাচিত অসমীয়া কবিতাৰ মূলভাৱ | Nirbachit Asomiya Kabitar Mulbhav

মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘বিশ্বখনিকৰ’ কবিতাটিৰ মূলভাৱ 

এই বিশাল মহাবিশ্বৰ সৃষ্টিকৰ্তাজন হৈছে ঈশ্বৰ। সত্ত্বঃ, ৰজঃ আৰু তমো গুণৰ অধিকাৰী হৈয়ো তেওঁ এই তিনি গুণৰ ঊধৰ্বত থাকি অৰ্থাৎ এটাতো লিপ্ত নহৈ গোটেই বিশ্বব্রহ্মাণ্ডখন পৰিচালনা কৰি আছে।  তেওঁ নিৰাকাৰ হৈয়ো সকলোতে জুৰি আছে।  নির্বোধ মানুহে সেয়া অনুধাৱন কৰিব নোৱাৰে। 0 0 0

নিৰ্বাচিত অসমীয়া কবিতাৰ মূলভাৱ | Nirbachit Asomiya Kabitar Mulbhav

জ্যোতিপ্ৰসাদ আগৰৱালাৰ  ‘জনতাৰ আহ্বান’ কবিতাটিৰ মূলভাব 

সৰ্বসাধাৰণ জনতা এই বিশ্বৰ প্ৰধান চালিকা শক্তি হোৱা সত্বেও সিহঁতে চিৰদিন লাঞ্চিত, বঞ্চিত আৰু শোষিত হৈ আহিছে। কিন্তু জনতা সিহঁতৰ অধিকাৰৰ প্ৰতি সচেতন হ’লে আৰু নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ  ওলাই আহিলে সিহঁতৰ অৱস্থাৰ নিশ্চয় এক বৈপ্লবিক পৰিবৰ্তন হ’ব। 0 0 0

নিৰ্বাচিত অসমীয়া কবিতাৰ মূলভাৱ | Nirbachit Asomiya Kabitar Mulbhav

নৱকান্ত বৰুৱাৰ ‘উভতি নহাৰ কবিতাটি’ৰ মূলভাব

মানৱ জীৱন ক্ষন্তেকীয়া। মৃত্যৰ পিছত কেনোৱেই দুনাই এই পৃথিৱীলৈ উভতি নাহে। সেয়ে জীয়াই থকা কালছোৱাত প্ৰত্যেকেই ভালপোৱা ধৰণে নিজৰ নিজৰ  কাম কৰি যাব লাগে। 0 0 0

নিৰ্বাচিত অসমীয়া কবিতাৰ মূলভাৱ | Nirbachit Asomiya Kabitar Mulbhav

নিৰ্মল প্ৰভা বৰদলৈৰ ‘কৰুণতম’ কবিতাটিৰ মূলভাৱ

গাঁৱলীয়া জীৱন সৰল আৰু কৃত্ৰিমতা শূন্য। গাঁৱলীয়া কৰ্মব্যস্ত জীৱনৰ মাজতো প্ৰাণ আছে। কিন্তু  নগৰীয়া জীৱন কৃত্ৰিম আৰু প্ৰাণ শূন্য। নগৰীয়া জীৱনত মানৱতা আৰু সৰলতাৰ  কোনো আদৰ্শ বিচাৰি পোৱা নাযায়। 0 0 0

নিৰ্বাচিত অসমীয়া কবিতাৰ মূলভাৱ | Nirbachit Asomiya Kabitar Mulbhav

চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘মানৱ বন্দনা’ কবিতাটি মূলভাৱ

এই মৰ্তখনেই হৈছে মানুহৰ নিজাপী ঘৰ আৰু এই মৰ্তত মানৱ প্ৰেমেই হৈছে মানুহৰ প্ৰধান ধৰ্ম। মানুহ শ্রেষ্ঠতকৈয়ো শ্রেষ্ঠতৰ  জীৱ। গতিকে মানুহে ভেদভাৱ পাহৰি মানুহৰ কল্যাণ সাধনত ব্রতী হ’ব লাগে। 0 0 0

নিৰ্বাচিত অসমীয়া কবিতাৰ মূলভাৱ | Nirbachit Asomiya Kabitar Mulbhav

অম্বিকাগিৰি ৰায় চৌধুৰীৰ ‘ই যে অগ্নি-বীণাৰ তান’ কবিতাটিৰ মূলভাৱ

মানৱ জীৱনটো সংগ্ৰামৰ জীৱন। মানুহে হীনতা, নীচতা, ভীৰুতা, দীনতা আদি নাশি এক সুন্দৰ সমতাৰ পৃথিৱী গঢ়াৰ বাবে সংগ্ৰাম কৰা উচিত। স্বদেশক ভাল পোৱা লোকে স্বদেশৰ সংৰ্বাংগীন কল্যাণৰ বাবে সংগ্ৰাম কৰি নিজকে বলিদান দিবলৈ প্ৰস্তুত থাকিব লাগে। 0 0 0

নিৰ্বাচিত অসমীয়া কবিতাৰ মূলভাৱ | Nirbachit Asomiya Kabitar Mulbhav

সীতানাথ ব্রহ্মচৌধুৰীৰ ‘অন্বেষণ’ কবিতাৰ মূলভাৱ 

প্ৰেম এক সহজাত প্রবৃত্তি । ইয়াৰ আবেদন কোনেও নুই কৰিব নোৱাৰে। শাৰীৰকি সৌন্দৰ্যই প্ৰেমৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। কিয়নো মানুহে সুন্দৰ বস্তুক ভাল পায়। সেয়ে এবাৰ প্ৰেমত পৰিলে মিলনৰ বাবে প্ৰেমিক-প্ৰেমিকা উদ্বাউল হৈ পৰে। 0 0 0

নিৰ্বাচিত অসমীয়া কবিতাৰ মূলভাৱ | Nirbachit Asomiya Kabitar Mulbhav

নলিনীবালা দেৱীৰ  ‘মিলন’ কবিতাৰ মূলভাৱ

হৃদয়েৰে অনুভৱ কৰিব পাৰিলে আমি প্ৰকৃতিৰ সৰু-বৰ সকলো বস্তুৰ মাজত ভিন ভিন ধৰণে পৰম ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিব পাৰি। ঈশ্বৰ আত্মাৰ লগত মানৱ আত্মাৰ মিলনৰ এয়াই উত্তম উপায়। ০ ০ ০

নিৰ্বাচিত অসমীয়া কবিতাৰ মূলভাৱ | Nirbachit Asomiya Kabitar Mulbhav

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here