Home All নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা। Nirbachit Asomiya Kabita Shamalochana

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা। Nirbachit Asomiya Kabita Shamalochana

Assamese Poetry Criticism

1

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা। Nirbachit Asomiya Kabita Shamalochana

নিৰ্বাচিত  

অসমীয়া কবিতা সমালোচনা

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা । Nirbachit Asomiya Kabita Shamalochana

 

ৰাব্বি  মছৰুৰ

 

 

গ্র’হিলচ্‌ পাব্লিশিং

কমলপুৰ, বৰেপটা (অসম)

Nirbachit Asomiya Kabita Shamalochana  A collection of critical essays on Assamese Poetry by Rabbi Masur, Published by Growhills Publishing.

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা

Rights Reserved

Price: Rs. ………….. 

D. T. P. By 

Rabbi Masrur

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা

Printed at :

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা

আগকথা

অধ্যয়ন মোৰ অকল অভিৰুচিয়েই নহয়; ই মোৰ জীয়াই থকাৰ প্ৰেৰণা। সেয়ে হাতত পোৱা যিকোনো গ্ৰন্থ গো-গ্ৰাসে পঢ়ি যোৱাৰ অভ্যাস মোৰ ল’ৰালি কালৰে পৰাই গঢ়ি উঠিছে। এসময়ত মই কবিতাৰ প্রেমিকো আছিলোঁ। উল্লেখ্য যে পঢ়াৰ লগে লগে মোৰ লিখাৰ অভ্যাসো আছে। সেয়ে  মাজে মাজে কবিতা পঠনৰ  ফাঁকে ফাঁকে দুই এটা কবিতাৰ আলোচনা/সমালোচনাও লিখি গৈছিলো। ‘নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা’ পুথিখন তেনে সমালোচনাত্মক লিখনিৰ এক সৰু সংকলন। পুথিখনত কেইগৰাকীমান অসমীয়া কবিৰ কবিতাৰ ওপৰত আলোচনা আগবঢ়োৱা হৈছে। মই অকপটে স্বীকাৰ কৰো যে এই আলোচনাসমূহ একান্তভাৱেই মোৰ নিজস্ব দৃষ্টিভংগীৰ পিনৰ পৰা কৰা হৈছে। মই আশাবাদী যে কবিতা প্ৰিয় পাঠক সমাজে সমালোচনাসমূহ পঢ়ি ভাল পাব। ইতি,

ৰাব্বি  মছৰুৰ

কমলপুৰ, বৰপটো (অসম)

২০০২ ইংৰাজী চন। 

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা

সূচীপত্ৰ

আজান ফকিৰৰ জিকিৰ ‘ৰহমত গিৰিহঁত তুমি আল্লা চাহাব ঐ’ — এক আলোচনা

মাধৱদেৱ ৰচিত বৰগীত ‘হৰি হেৰৰে বাপ পশিলো শৰণে’ – এক আলোচনা

চৈয়দ আব্দুল মালিকৰ কবিতা ‘মই অসমীয়া’ — এক আলোচনা

ৰঘুনাথ চৌধাৰীৰ কবিতা ‘প্ৰশস্তি’ —এক আলোচনা

হৰেকৃষ্ণ ডেকাৰ কবিতা ‘দৃশ্যান্তৰ’ — এক আলোচনা

শংকৰদেৱৰ ‘মুক্তিমঙ্গল ভটিমা’– এক আলোচনা

শ্ৰীধৰ কন্দলিৰ কবিতা ‘কানাইৰ চাতুৰি’– এক আলোচনা

ৰত্নকান্ত বৰকাকতীৰ কবিতা ‘বিশ্ব-হৰণ’ — এক আলোচনা

ৰঘুনাথ চৌধাৰীৰ কবিতা ‘ভিক্ষা’–এক আলোচনা

দেৱকান্ত বৰুৱাৰ কবিতা ‘মোৰ দেশ মানুহৰ দেশ’— এক আলোচনা

জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা ‘জনতাৰ আহ্বান’ — এক আলোচনা

নৱকান্ত বৰুৱাৰ ‘উভতি নহাৰ কবিতা’ৰ — এক আলোচনা

কেশৱ মহন্তৰ কবিতা ‘আঘোণৰ কুঁৱলী’– এক আলোচনা

ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কবিতা ‘কাঠমিস্ত্ৰীৰ ঘৰ’ — এক আলোচনা

নলিনীবালা দেৱীৰ কবিতা ‘মিলন’ — এক আলোচনা

নিৰ্মল প্ৰভা বৰদলৈৰ কবিতা ‘কৰুণতম’ — এক আলোচনা

শ্ৰীশংকৰদেৱৰ কবিতা ‘বৰ্ষা বৰ্ণন’ — — এক আলোচনা

অম্বিকাগিৰি ৰায় চৌধুৰীৰ কবিতা ‘ই যে অগ্নি-বীণাৰ তান’ –এক আলোচনা

ডিম্বেশ্বৰ নেওগৰ কবিতা ‘মোৰ গাওঁ’— এক আলোচনা

জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা ‘কাঞ্চনজংঘাৰ বুৰঞ্জী’— এক আলোচনা

সীতানাথ ব্রহ্মচৌধুৰীৰ কবিতা ‘অন্বেষণ’— এক আলোচনা

আজান ফকিৰৰ জিকিৰ ‘ৰহমত গিৰিহঁত তুমি আল্লা চাহাব ঐ’ — — এক আলোচনা

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা

Table of Contents

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা  

আজান ফকিৰৰ জিকিৰ ‘ৰহমত গিৰিহঁত তুমি আল্লা চাহাব ঐ’ — এক আলোচনা

আজান ফকিৰ ৰচিত ‘ৰহমত গিৰিহঁত তুমি আল্লা চাহাব ঐ’ জিকিৰটো এক আধ্যাত্নিক ভাৱ সম্পন্ন জিকিৰ (গীত)। জিকিৰটোৰ জৰিয়তে কবিয়ে অনিত্য সংসাৰৰ মায়া মোহত বন্ধী নহৈ ঈশ্বৰ চিন্তাত নিমগ্ন হোৱাৰ বাবে মানুহক আহ্বান জনাইছে।

মানুহ বৰ নিেৰ্বাধ। ঈশ্বৰ যে প্ৰত্যেকজন মুমিন (ঈশ্বৰ বিশ্বাসী) ব্যক্তিৰ হৃদয়তে বিৰাজমান বা ঈশ্বৰ যে মুমিনসকলৰ অতি ওচৰতে থাকে সেই কথা উপলব্ধি কৰিব নোৱাৰে। পানীয়ে তৃষ্ণা নিবাৰণ কৰে। তেনেদৰে জুইৰো প্ৰচণ্ড উত্তাপ শক্তি আছে। কিন্তু পানী আৰু জুইয়ে নিজৰ নিজৰ ক্ষমতা বা গুণাগুণৰ বিষয়ে অৱগত নহয়। ঠিক তেনেদৰে মুৰ্খমতি মানুহে নিজৰ অন্তৰতে যে ভগৱান বিৰাজ কৰি আছে সেই কথা উপলব্ধি কৰিব নোৱাৰি হাবাথুৰি খাই মৰে।

ভাৰতৰ ‘প্ৰয়াগ’ নামে ঠাইত গংগা, যমুনা আৰু সৰস্বতী নামৰ তিনিখন নদী মিলিত হৈছে। সেই স্থানখনক ‘ত্রিবেণী ঘাট’ বুলি কোৱা হয়। হিন্দুসকলে ত্রিবেণী ঘাটক  তীৰ্থস্থান হিচাপে গণ্য কৰি প্ৰতি বছৰ তালৈ তীৰ্থ কৰিবলৈ যায়। ঠিক তেনেদৰে মক্কা হৈছে মুছলমানসকলৰ ত্রিবেণী ঘাট অৰ্থাৎ পুণ্য স্থান। তাত প্ৰতি বছৰ লাখ লাখ মানুহ তীৰ্থ কৰিবলৈ যায়। তীৰ্থ কৰিলে মানুহৰ পাপ মোচন হয় আৰু পুণ্য সঞ্চয় হয় অৰ্থাৎ মানুহে মোক্ষ (মুক্তি) লাভ কৰিব পাৰে। কিন্তু কবিয়ে ক’ব বিচাৰিছে যে পুুণ্য সঞ্চয় মাত্ৰ সেইসকল লোকৰ বাবেহে সম্ভৱ হয় যিসকলে সংসাৰৰ মায়া-মোহৰ পৰা মুক্ত। কিন্তু মানুহ বিষয়-ভাৱনাত লিপ্ত থকা বাবে তীৰ্থ কৰিও পুণ্য সঞ্চয় বা মোক্ষ লাভ কৰিব নোৱাৰে।

মানৱ জীৱন অনিত্য অৰ্থাৎ ক্ষণভঙ্গুৰ। কোন মুহূৰ্তত মানুহৰ শৰীৰৰ পৰা আত্মা ওলাই গুচি যায়গৈ কোনেও নাজানে। আত্মা এবাৰ গুচি গ’লে দুনাই ঘূৰি নাহে। ঠিক সজাত বন্ধী কৰি ৰখা মইনা চৰাই এটিৰ দৰে। সজাৰ মইনা চৰাই এটি যদি কিবা প্ৰকাৰে সজাৰ পৰা ওলাই যাব পাৰে তেন্তে সি আৰু দুনাই ঘূৰি নাহে। সেয়ে মানুহে সংসাৰৰ অনিত্যতা অনুধাৱন কৰি মায়া-মোহত আবদ্ধ নাথাকি ঈশ্বৰ চিন্তাত মগ্ন থকা উচিত। ০ ০ ০

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা

মাধৱদেৱ ৰচিত বৰগীত ‘হৰি হেৰৰে বাপ পশিলো শৰণে’ – এক আলোচনা

মাধৱদেৱৰ ‘হৰি হেৰৰে বাপ পশিলো শৰণে’ বৰগীতটো এটি আধ্যাত্মিক ভাৱসম্পন্ন বৰগীত। বৰগীতটিত কবিয়ে সংসাৰৰ মায়ামোহৰ পৰা মোক্ষ বিচাৰি হৰিৰ চৰণত আশ্ৰয় লোৱাৰ অদম্য বাসনা প্ৰকাশ কৰিছে।

শ্ৰীহৰি হৈছে এই বিশ্ব ভ্ৰহ্মাণ্ডৰ ঈশ্বৰ। তেওঁৰ মহিমা যোগী, মহাযোগীসকলেও  বহুত তপস্যা কৰিও বুজিব পৰা নাই। তেনে স্থলত সাধাৰণ মানুহ হৈ কবি মাধৱে কেনেকৈনো হৰিৰ মহিমা বুজি পাব? একমাত্ৰ হৰিৰ কৃপা বিনে কোনেও হৰিক বুজিব নোৱাৰে আৰু মায়া-মোহৰ পৰাও মুক্তি লাভ কৰিব নোৱোৰে।

সমস্ত জীৱৰ সৃষ্টিকৰ্তা হৈছে শ্ৰীহৰি। হৰিক আৰাধনা কৰাই হৈছে সমস্ত জীৱৰ প্ৰধান কৰ্তব্য। কিন্তু মানুহে এই পাৰ্থিৱ জগতৰ মায়া-মোহত আবদ্ধ হৈ হৰিৰ প্ৰতি থকা কর্তব্যবোধ পাহৰি থাকে আৰু বিষয়-বাসনাত লিপ্ত হৈ পাপ বা অধৰ্মত লিপ্ত হয়। কবি মাধৱদেৱেও মায়া-মোহত আবদ্ধ। সেয়ে কবিয়ে নিজকে এই বিষয়-বাসনাৰ পৰা উদ্ধাৰ পাবলৈ হৰিৰ চৰণ কমলত শৰণ লৈছে।

মাধৱদেৱৰ এই বৰগীতটিৰ ভাৱাৰ্থৰ লগত আজান ফকিৰ ৰচিত ‘ৰহমত গিৰিহঁত তুমি আল্লা চাহাব ঐ’ জিকিৰটোৰ ভাৱাৰ্থৰ মিল আছে। ০ ০ ০

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা

চৈয়দ আব্দুল মালিকৰ কবিতা ‘মই অসমীয়া’ — এক আলোচনা

চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ কবিতাটি এটি সুন্দৰ স্বদেশপ্ৰেমৰ কবিতা। কবিতাটিত আহোম যুগৰ অসমীয়াসকলৰ শৌৰ্য-বীৰ্য, কীৰ্তি-কাহিনী বৰ্ণনা কৰা হৈছে।  ইয়াৰ লগে লগে কবিয়ে অসমৰ প্ৰাকৃতিক বিনন্দীয়া ৰূপৰো এক কাব্যিক বৰ্ণনা দাঙি ধৰিছে। 

কবিয়ে বৰ্ণনা কৰিছে যে অসমখন সৌন্দৰ্যৰ আধাৰ। অসমৰ চৌদিশে ধুসৰ পাহাৰে আৱৰি আছে। ইয়াৰ প্ৰতিটো বনৰ পাতে জাংফাই, মিনা কৰা ৰূপ ধাৰণ কৰে।  দুৱৰি পাতত নিয়ৰৰ টোপাল পৰি মুকুতাৰ দৰে জিলিকে।  ইয়াৰ হাতী দাঁতৰ দ্বাৰা পাদুকাৰ চুলা বনোৱা হয়।  অসমত  পোৱাল মণিৰ দ্বাৰা দলং নিৰ্মাণ কৰা হয় আৰু ইয়াৰ ওপৰত বহি ভৰি ধোৱা হয়। অসমৰ নদীৰ বালিত সোণৰ চেঁকুৰা পোৱা যায়। অসমৰ পুঠি মাছবোৰে কাণত থুৰীয়া পিন্ধে আৰু ভেকুলীবোৰে ৰঙীন ফোঁট লৈ নিজকে সজাই তোলে। অসমীয়াসকলে ম’হৰ শিঙেৰে তৈয়াৰী পেঁপা বজায়। বাঘ নখেৰে ইয়াত অলংকাৰ তৈয়াৰ কৰা হয়।  অসমৰ মানুহে হাঁহ কণী, বৰা চাউল আদিৰে দেউল সজায়। 

মোগল সম্ৰাট ঔৰংজেৱৰ নিৰ্দেশত অম্বৰৰ ৰজা মানসিংহই ১৬৭১ চনত অসম আক্ৰমণ কৰে। মোগলসকলে অসমৰ এই বিনন্দীয়া প্ৰাকৃতিক সৌন্দৰ্যত বিষ্মিত আৰু মোহিত হৈ প্ৰশংসাত পঞ্চমুখ হৈছিল। 

মোগলসকলে  অসমীয়াসকলক ধোদৰ পচলা, এলেহুৱা জাতি বুলি ধাৰণা কৰিছিল আৰু সিহঁতে অতি সহজে অসমীয়া সৈন্যক পৰাজিত কৰি অসমখন দখল কৰিব পাৰিব বুলি ভাবিছিল। কিন্তু মোগলসকলে শৰাইঘাট পোৱাত অসমীয়া সেনাই হাতত হেংদাং লৈ বল-বিক্ৰমেৰে যুদ্ধক্ষেত্ৰলৈ ওলাই আহি মোগলসকলকক থকাসৰকা কৰিছিল। অসমীয়া সেনাৰ প্ৰৱল প্ৰতিআক্ৰমণত মোগলসকল বিষ্মিত হৈছিল আৰু  শুকান সান্দহ আৰু পানী আঁজলি খাই অসমীয়া সেনাইনো ইমান বিক্ৰম কিদৰে দেখুৱাব পাৰিছিল সেয়া ভাবি মোগল সেনাসকল আচৰিত হৈছিল। কবিয়ে কৈছে–

“মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়

দেশ-প্ৰাণ, মুক্ত-প্ৰাণ, অসমৰ স্বদেশ ভকতি।”

কবিয়ে এনে বিনন্দীয়া শৌৰ্য-বীর্য, কীৰ্তি-কাহিনীৰে ভৰপুৰ অসমৰ এজন হিচাপে জীৱনে মৰণে অসমীয়া পৰিচয়েৰে  জীয়াই থাকিব বিচাৰে।

অসমীয়া ভাষাত বহুতো স্বদেশপ্ৰেমমূলক কবিতা আছে যেনে- হীৰেন ভট্টাচার্যৰ ‘মোৰ দেশ’ দেৱকান্ত বৰুৱাৰ ‘মোৰ দেশ মানহৰ দেশ’ আদি। কিন্ত চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া’ কবিতাটিৰ মাজেৰে অসমীয়া শৌৰ্য-বীৰ্য, বল-বিক্ৰম, অসমৰ প্ৰাকৃতিক সেন্দৈৰ্য আদিৰ এক বাস্তৱ চিত্ৰ প্ৰকাশ পাইছে। সেয়ে স্বদেশপ্ৰেমৰ কবিতা হিচাপে চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ কবিতাটি এক অনন্য কবিতা। ০ ০ ০

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা । Nirbachit Asomiya Kabita Shamalochana

ৰঘুনাথ চৌধাৰীৰ কবিতা ‘প্ৰশস্তি’ –এক আলোচনা

ৰঘুনাথ চৌধাৰীয়ে ‘প্ৰশস্তি’ শিৰোনামৰ কবিতাটিত প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেদি সুন্দৰৰ প্ৰশস্তি (গুণানুকীৰ্তন) কৰিছে। 

বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছ-বনে প্ৰকৃতিক ন ৰূপেৰে সজাই তুলিছে। চাৰিওফালে থকা ফুলসমূহৰ মন-প্ৰাণ আনন্দৰে ভৰি পৰিছে। চৰাইবিলাকে সকলোতে দেৱতাৰ সন্ধান কৰিছে।  কবিয়ে অমৃতৰ সন্তান মানুহক অন্ধকাৰ ৰাতিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে।  প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। 

কবিয়ে উপলব্ধি কৰিছে যে মানুহে মনৰ পৰা সকলো কলুষ কালিমা ত্যাগ কৰি সুন্দৰৰ আৰাধনা কৰিলে মুক্তিৰ পথ পাব পাৰে। সেয়ে সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক আহ্বান কৰিছে। ০ ০ ০

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা । Nirbachit Asomiya Kabita Shamalochana

হৰেকৃষ্ণ ডেকাৰ কবিতা ‘দৃশ্যান্তৰ’ — এক আলোচনা

হৰেকৃষ্ণ ডেকাৰ ‘দৃশ্যান্তৰ’ শিৰোনামৰ কবিতাটি এটি আধুনিক কবিতা। কবিতাটিৰ যোগেদি কবিয়ে আধুনিক সমাজত মানৱতাৰ অৱক্ষয়ৰ চিত্ৰৰ এক আক্ষেপময় চিত্ৰ দাঙি ধৰিছে। 

এবাৰ কবি কংক্ৰিটৰ অট্টালিকাৰে পূৰ্ণ মহানগৰলৈ গৈছিল। তাত তেওঁ সাতমহলীয়া ঘৰ এখনৰ বাহিৰত ৰৈ থকা এজন বৃদ্ধক লগ পায়। মানুহজনে কবিক  কোন আৰু কিয় সেই ঠাইলৈ আহিছে বুলি প্ৰশ্ন কৰিছিল। কবিয়ে ভাড়াঘৰ বিচাৰি তালৈ গৈছিল বুলি মানুহজনে ভুল বুজিছিল আৰু কৈছিল যে সেই কুবেৰৰ মহলাত ঘৰ ভাড়ালৈ পোৱা নাযায়। তাত অকনো শান্তি নাই। মানুহ মৰিলেও সেই ঠাইত দাহ কৰিবলৈ কোনো নাই। অৰ্থাৎ তাত সকলো কৃত্ৰিম। মানুহবোৰে কেৱল পাৰ্থিৱ ভোগ বিলাসত মত্ত। কথাষাৰ কৈ বৃদ্ধ মানুহজন সাতমহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ’ল।

কবিয়ে পঁছিশ বছৰ আগতে মানুহ এজনক যি পৰিৱেশত লগ পাইছিল সেয়া আছিল অকৃত্ৰিম আৰু মানৱীয়। তাৰ আলি-কেঁকুৰিটো কেঁচা আছিল আৰু মানুহবোৰ দুখীয়া আছিল যদিও কোনো কৃত্ৰিমতা নাছিল। কিন্তু মাত্ৰ পঁচিশ বছৰৰ ভিতৰতে সেই ঠাইডোখৰৰ অকল্পনীয় পৰিবৰ্তন হ’ল। কেঁচা আলি পকী হ’ল, পঁজা ঘৰৰ ঠাইত সাতমহলীয়া অট্টালিকা হ’ল। কিন্তু মানুহবোৰৰ মনৰ কোনো বিকাশ নহৈ মানৱতা অৱনমিত হ’ল। মানুহৰ প্ৰতি মানুহৰ দয়া, মৰম, পৰোপকাৰ আদি গুগুণবোৰ নাইকীয়া হ’ল। অৰ্থাৎ মানুহৰ বিষয়-সম্পত্তি বৃদ্ধি পালেও শান্তি বৃদ্ধি নাপাই অশান্তিয়ে চাৰিওদিশ ছানি ধৰিছে।

এনেদৰে কবিয়ে কবিতাটিৰ মাজেদি দেখুৱাইছে যে বৰ্তমান যুগৰ মানুহ বিষয়-ভৈৱবত চৰম উন্নতি সাধন কৰিছে যদিও মানৱতাৰ কোনো উন্নয়ন নহৈ অৱদমিতহে হৈছে। অৰ্থাৎ মানুহ যিমানেই আধুনিকতালৈ আগবাঢ়ি গৈছে সিমানেই বেছি কৃত্ৰিম হৈ আছে। ০ ০ ০

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা । Nirbachit Asomiya Kabita Shamalochana

শংকৰদেৱৰ ‘মুক্তিমঙ্গল ভটিমা’– এক আলোচনা

জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণ যে পাপী-তাপী সকলোৰে ত্ৰাণকৰ্তা আৰু তেওঁৰ চৰণ সেৱা কৰি যে মানৱে মুক্তি লাভ কৰিব পাৰে এই তত্ত্ব কথা  ‘মুক্তিমঙ্গল ভটিমা’টিৰ মাজেদি কবি শংকৰদেৱে উপস্থাপন কৰিছে।

শ্ৰীকৃষ্ণ হৈছে সকলো সৃষ্টিৰ মূল। কিন্তু তেওঁ পৰম ঈশ্বৰ হৈয়ো মানৱ ৰূপত দৈৱকীৰ গৰ্ভত জন্ম গ্ৰহণ কৰিছিল। ধৰ্মক ৰক্ষা কৰা আৰু অধৰ্মক বিনাশ সাধন কৰাই তেওঁৰ মানৱী জন্মৰ মূল উদ্দেশ্য আছিল। সংসাৰৰ সমস্ত দেবতাৰ শ্রেষ্ঠতম জন হৈছে বিষ্ণু বা কৃষ্ণ। কৌটি কল্পৰ পাপ কেৱল কৃষ্ণইহে বিনাশিব পাৰে। 

শ্ৰীকৃষ্ণই তেওঁৰ ভক্তসকলক ৰক্ষাৰ উদ্দেশ্যে অঘাসুৰ, বকাসুৰ, ধেনুকাসুৰ,  কেশী, কংস আদি দৈত্যক বধ কৰিছিল। তেওঁ ত্ৰিজগতৰ ঈশ্বৰ। তেওঁ মানুহক অৰ্থাৎ তেওঁৰ ভক্তসকলক আধিভৗতিক, আধিদৈৱিক, আধ্যাত্মিক – এই ত্ৰিতাপৰ পৰা ৰক্ষা কৰে। শ্ৰীকৃষ্ণই গোপীবাসীৰ ৰক্ষাৰ্থে অৰিষ্টাসুৰ, মুষ্টিক, শঙ্খচূৰ আদি দৈত্যক বধ কৰিছিল। 

কবিয়ে কৈছে যে ভৱ সাগৰ অৰ্থাৎ সাংসাৰিক মায়া-মোহৰ পৰা মোক্ষ লাভ কৰাৰ একমাত্ৰ উপায় হৈছে শ্ৰীকৃষ্ণক শৰণ লোৱা। তেওঁ হৈছে জগতৰ ঈশ্বৰ। তেওঁত শৰণ লোৱাৰ বাহিৰে জীৱৰ মুক্তিৰ আন কোনো পথ নাই। সেয়ে কৱিয়ে সকলো জীৱকে আহ্বান কৰিছে সিহঁতে যেন সংসাৰৰ মায়া ত্যাগ কৰি কৃষ্ণত আশ্ৰয় লয়। কাৰণ কৃষ্ণ হৈছে এক নাওৰ দৰে। তেওঁত শৰণ লৈয়ে দুখ-কষ্টৰে ভৰা সংসাৰ সাগৰ পাৰ হ’ব পাৰি। ০ ০ ০

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা । Nirbachit Asomiya Kabita Shamalochana

শ্ৰীধৰ কন্দলিৰ কবিতা ‘কানাইৰ চাতুৰি’ — এক আলোচনা

শ্ৰীধৰ কন্দলিয়ে ‘কানাইৰ চাতুৰি’ নামৰ কবিতাটিত শিশু কৃষ্ণৰ বাল্য লীলা আৰু এজন মানৱ শিশু হিচাপে শিশুকৃষ্ণৰ শিশুসুলভ অভিমান ফুটাই তুলিছে। 

এদিনাখন শ্ৰীকৃষ্ণই শুই থাকোতে গোপ শিশুসকলে খেলিবৰ বাবে কৃষ্ণক জগাই দিবলৈ কৃষ্ণৰ মাক যশোদাক অনুৰোধ কৰে। মাকে কৃষ্ণক টোপনিৰ পৰা উঠিবলৈ মাতি, বহু দেৰিলৈকে শুই থকা বাবে খঙো কৰিলে।  মাকৰ ডাক শুনি কৃষ্ণক নজগাবলৈ অনুনয় কৰে আৰু কয় যে তেওঁ চাৰি-পাঁচদিনলৈ একো নাখাই-নবৈ শুই থাকিব আৰু গৰু চৰাবলৈয়ো নাযাব।  তেওঁৰ মুৰত জাপি দিয়া কলংকৰ কথা তেওঁ আৰু সহ্য নকৰে। তেওঁ হৈছে জগতৰ ঈশ্বৰ। তেৱেঁই সমগ্ৰ বিশ্ব-ভ্ৰমাণ্ড সৃষ্টি কৰি পালন কৰি আছে।  তেওঁ আত্মাৰূপে সকলোতে বিৰাজ কৰি আছে। বিশ্বৰ চৰাচৰ সকলো প্ৰাণীয়ে তেওঁক সেৱা কৰে আৰু তেওঁৰ চৰণ চিন্তা কৰিয়েই মোক্ষ লাভ কৰিব বিচাৰে। তেওঁ অনন্ত শৰ্যাত নাৰায়ণৰূপে শয়ন কৰি পদ্মনাভত ব্রহ্মাক উপজাই বেদৰ জ্ঞান দিছে। তেওঁ মোহিনী ৰূপ ধৰি দেৱতাসকলক অমৃত পান কৰাইছে। তেওঁ বলিৰ দৰ্প চূূৰ্ণ কৰিছে। ইমানবোৰ মহিমা থকা পৰম ঈশ্বৰ কৃষ্ণই যশোদাৰ ঘৰত পুত্ৰ ৰূপে ধৰা দি তাইৰ ‘কাঠবাজী’ বদনামৰ পৰা ৰক্ষা কৰিছে। কিন্তু সেইজনী যশোদাই কৃষ্ণৰ মহিমাৰ কথা বুজিব নোৱাৰি যশোদাৰ ঘৰত ‘দধিচোৰ’ নাম পাইছে। মাকৰ পৰা উপযুক্ত মৰম-চেনেহৰ পৰা বঞ্চিত হৈছে। যশোদাৰ বহুত ধন-সম্পত্তি থকা সত্বেও কৃষ্ণৰ বাবে এটি সোণৰ বাঁহী গঢ়াই দিব পৰা নাই। তেলৰ অভাৱত চুলিত জঁট বান্ধিছে।

যশোদাৰ ঘৰত ইমান অপমান আৰু দুখ পাই তাইকো দুখ দিবলৈ তেওঁ তেওঁৰ জন্মদাত্ৰী মাতৃ দৈৱকী আইৰ ঘৰলৈ গুচি যাব বুলি কৈছে। তেতিয়া যশোদাই নিজৰ ভুল বুজিব পাৰি কৃষ্ণৰ ওচৰলৈ আহি কোলত ললে। কৃষ্ণয়ো একে জাপে মাকৰ কোলাত উঠি আনন্দৰে স্তন পান কৰিবলৈ ধৰিলে। আনহাতে মাক যশোদায়ো পুত্ৰৰ মুখলৈ চাই সন্তোষৰ হাঁহি মাৰিলে। ০ ০ ০

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা । Nirbachit Asomiya Kabita Shamalochana

ৰত্মকান্ত বৰকাকতীৰ কাকতীৰ কবিতা ‘বিশ্ব-হৰণ’ — এক আলোচনা

ৰত্নকান্ত বৰকাকতি প্ৰেম আৰু প্ৰকৃতিৰ কবি। তেওঁৰ কবিতাত প্ৰকৃতিৰ সৌন্দৰ্যৰ গুণ-গান আছে। তেওঁৰ ভাষা সহজ-সৰল আৰু সংগীতময়।

‘বিশ্ব-হৰণ’ কবিতাটি কবি ৰত্নকান্ত বৰতকাকতীৰ এক আৰ্হিমূলক কবিতা। এই কবিতাটোত কবিয়ে প্ৰকৃতিৰ মোহময়ী সৌন্দৰ্য আৰু উদাৰতাৰ আবেগিক বৰ্ণনা দাঙি ধৰিছে।  কবিৰ বাবে প্ৰকৃতি অনাবিল সৌন্দৰ্যৰ আধাৰ। জোন, বেলি তৰাই কবিক দুখৰ সময়ত অমল সৌন্দৰ্য দান কৰি তাপিত হৃদয় জুৰ  পেলায়। বতাহে কবিক কোলাত লৈ চুমা খায়। নদীৰ কুল কুল সুৰত কবিয়ে সংগীত শুনিবলৈ পায়। কবিৰ বাবে নিশাৰ তৰাবোৰে চকুলো টুকে। এইবোৰ বৰ্ণনা নিশ্চয় আবেগিক আৰু আবেদনময়। কবিয়ে কৈছে–

“আছিল আকাশ মুকলি হৈ

মোকেই সদায়

কোলাত লৈ

বতাহে দিছিল চুমা,

গাইছিল নৈয়ে 

কুল কুল গান

মোৰেই লগত ধৰি সমতান,

নাছিল সুখৰ সীমা।

হাঁহিছিল কত 

প্ৰভাতৰ ফুল

নিশা কান্দিছিল তৰা।

যেইপিনে চাওঁ

সেইপিনে দেখোঁ,

মোৰেই সকলো

মোৰেই মাথো

মোৰেই বসুন্ধৰা।”

কবিতাটিত গীতি কবিতাৰ বৈশিষ্ট্যও বিদ্যমান। কবিতাটিৰ  মাজেদি কবিয়ে প্ৰেমিকৰ বাবে যে প্ৰেয়সী অসীম সৌন্দৰ্যৰ আধাৰ এই  ভাৱটি প্ৰকাশ কৰিবলৈ প্ৰকৃতিৰ নানা কল্পচিত্ৰৰ অৱতাৰণা কৰিছে।  ইয়াত আকাশৰ জোন, বেলি, তৰা, বতাহ, নৈ, ফুল আদি  কল্পচিত্ৰৰ স্পৰ্শকাতৰ সমাহাৰ ঘটিছে।

কবিতাটিত ছন্দৰ মিলো লক্ষণীয়। উদাহৰণস্বৰূপে কবিতাটোৰ পৰা কেইশাৰীমান পংক্তি তলত উদ্ধৃত কৰা হ’ল–

তিল্‌ তিল্‌কৈ

হৰিলা বিশ্ব,

তিলোত্তমা হৈ

কৰিলা নিঃস্ব

কাঢ়িলা জোনৰ মুখ;

আকাশৰ কোলা 

কৰিলা উদং,

বতাহত নিলা 

মনৰ ৰং

নৈৰ নথ’লা সুখ।

ফুলৰ হৃদয় 

কৰিলা হৰণ

লুটিলা তাৰ 

লাৱণ্য বৰণ

তৰাক পেলালা জঁয়;

হৰিলা বেলিৰ 

হিৰণ কিৰণ,

কৰিলা বিৰাট

বিশ্ব-হৰণ

আৰু কি প্ৰাণত সয়।”

মুঠতে বৰকাকতীৰ ‘বিশ্ব-হৰণ’ নামৰ কবিতাটি  কল্পচিত্ৰৰ আবেগময়ীতা, শব্দৰ সৰলতা, ছন্দৰীতিৰ গীতিধৰ্মীতাত এক অনন্য ৰমন্যাসবাদী কবিতা। ০ ০ ০

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা । Nirbachit Asomiya Kabita Shamalochana

ৰঘুনাথ চৌধাৰীৰ কবিতা ‘ভিক্ষা’ — এক আলোচনা

অসমীয়া কাব্য সাহিত্যৰ ইতিহাসত কবি ৰঘুনাথ চৌধাৰী এটি চিৰ নমস্য নাম যিজনে জন্মতেই  কাব্য দেৱতাৰ ষোড়শোপচাৰেৰে অংলকৃত হৈ অসমীয়া কাব্য কাননত আৱিৰ্ভাব হৈছিল।  তেওঁ প্ৰধানকৈ প্ৰকৃতিৰ কবি যদিও তেওঁৰ কিছুমান কবিতা দাৰ্শনিক আৰু আধ্যাত্মিক ভাৱধাৰাৰে পুষ্ঠ। তেওঁৰ আধ্যাত্মিক তথা দাৰ্শনিক কবিতাবোৰৰ ভিতৰত ‘ভিক্ষা’ শিৰোনামেৰে লিখা কবিতাটি এক অনোন্যপম কবিতা। এই কবিতাটিৰ মাজেদি কবিয়ে জাগতিক সুখৰ পৰা নিজকে আঁতৰাই মহাশক্তিমান ঈশ্বৰৰ চৰণত নিজকে সঁপি দিছে।  তাৰোপৰি কবিতাটিৰ মাজেদি কবিৰ ব্যক্তিগত জীৱনৰ আশা-আকাঙ্খা, হতাশা, নিৰাশা, সফলতা, বিফলতা আদিৰ অনুভৱ কৰুণ সুৰত মূৰ্ত হৈ উঠিছে। 

কবিৰ ব্যক্তিগত জীৱন আছিল কাৰুণ্যৰে ভৰপুৰ। জীৱনৰ আদি ছোৱাত আন দহজনৰ দৰেই তেঁৱো সপোন দেখিছিল জীৱনটোক সুখী সম্পদেৰে ভৰাই তোলাৰ।  কিন্তু সময়ৰ সোঁতত জীৱনৰ সকলো সপোন ভাঙি থানবান হৈ যায়। দৰিদ্ৰতাৰ লাওলোটা তেওঁৰ হাতৰ পৰা নুগুচিল। অৱশেষত অসহনীয় দৰিদ্ৰতাকেই জীৱনৰ অতুল বৈভৱ বুলি আত্ম সন্তুষ্টি লাভ কৰি কৈছে–

‘নেলাগে তোমাৰ প্ৰভু ঐশ্বৰ্য বিভূতি

ৰাজপদ সন্মান গৌৰৱ,

দাৰিদ্ৰৰ লাওলোটা ভিক্ষাৰ সঁজুলি 

সেয়ে মোৰ অতুল বৈভৱ।’

কবিসকলে সাধাৰণতে কোনো পাৰ্থিৱ উদ্দেশ্য আগত ৰাখি কবিতা ৰচনা নকৰে।  সম্ভ্ৰমৰ মালা সিহঁতৰ বাবে স্বাৰ্থপৰতাৰ নামান্তৰ মাথোন। কবি চৌধাৰীয়েও ডিঙিত কোনো সম্ভ্ৰমৰ মালা আঁৰি ল’বলৈ বিচৰা নাই। মানুহৰ পৰা পোৱা অপমান, অপযশ আৰু লাঞ্ছনাকেই তেওঁ পৰম আগ্ৰহৰে মুৰত তুলি লৈছে। কবিৰ ভাষাতঃ

‘নলওঁ ডিঙিত আঁৰি সম্ভ্ৰমৰ মালা

ভাবো তাক অতি হেয় বুলি,

অপমান, অপযশ, লাঞ্ছনা শিৰত

লম প্ৰভু আগ্ৰহেৰে তুলি।’

কবি চৌধাৰীয়ে জীৱনত কোনো উচ্চাকাঙ্খা হাবিয়াস কৰা নাই। পাৰ্থিৱ সম্পদৰ প্ৰতি তেওঁৰ কোনো লোভ নাই। তেওঁৰ মতে সুন্দৰ, কান্তি, কমনীয় দেহ, ধুনেপচ, আনন্দ বিলাস সকলো ৰূপৰ ছলনা মাত্ৰ। কবিয়ে লিখিছেঃ

‘নালাগে সুন্দৰ দেহ কান্তি কমনীয়

ধুনেপচ আনন্দ বিলাস,

ৰূপৰ ছলনা মাত্ৰ, মোহৰ বিকাৰ

সিবোৰত নাই অভিলাস।’

জীৱনত প্ৰেম অহাৰ দৰে কবি চৌধাৰীৰ জীৱনলৈয়ো প্ৰেম আহিছিল। ভাল পাইছিল কোনোৱা এক সুন্দৰী নাৰীক। কিন্তু নাৰীসকল অধিক কামনা-বিলাসী বাবে কবিয়ে নিজকে এই কামনাৰ পৰা আঁতৰাই ৰাখি চিৰকুমাৰ হৈ ৰৈছে। তেওঁ ভাৱে দৈহিক প্ৰেম অন্ধ। এই প্ৰেমৰ সাগৰত যি পৰিছে সি কেতিয়াও পূৰ্ণ আধ্যাত্মিকতাৰ সোৱাদ লাভ কৰিব নোৱাৰে।  সেয়ে তেওঁ তেওঁৰ স্বাৰ্থান্বেষী, কামনাত অন্ধ প্ৰেমিকাক উদ্দেশ্যি কৈছে–

‘পিচাশিনী কামনাক দিছোঁ আঁতৰাই

সি মোক দিছে বহু দুখ

শৰীৰ শিঁয়ৰি উঠে মনত পৰিলে

ৰাক্ষসীৰ কদাকাৰ মুখ।’

কবিয়ে জানে যে অভাৱ চিৰদিন নাথাকে। দুখৰ পিছত সুখ আহে। কিন্তু ভৱিষ্যতৰ সুখ-সম্পদৰ প্ৰতি কবিৰ কোনো আকাঙ্খা নাই। সেয়ে কবিয়ে ঈশ্বৰক প্ৰাৰ্থনা কৰি কৈছে–

‘সমুখত ধনৰ যি আছে অন্ধকুপ

তাত যেন নিপিছলে ভৰি,

চিৰদিন চিৰ দুখী হ’ম লাগে প্ৰভু

অভাৱৰ যন্ত্ৰণাত পৰি।’

কবিৰ মন চঞ্চল আৰু অনিশ্চয়তাত দোদুল্যমান। তেওঁ কৈছে যে কেতিয়াবা যদি কিবা ছলনাত পৰি হলাহলো পান কৰে তথাপি সি দুখ নকৰি সকলো বিষ-যন্ত্ৰণা সহি থাকিব। দুখ-যন্ত্ৰণাৰ বাবে তেওঁ কোনো বেজাৰ নকৰে। কবিয়ে কৈছে–

‘ভুগিছো ভুগিম আৰু দগ্ধ হৃদয়ত

শত শত বৃশ্চিক দংশন

নকৰোঁ বেজাৰ প্ৰভু, তোমাৰ কাষত

আনন্দত থাকিম মগন।’

কবিয়ে জীৱনত সকলো হেৰুৱাইছে। সুখ-সম্পদ, আশা-আকাঙ্খা, বিলাস, হাবিয়াস আদিৰ পৰা বঞ্চিত হ’লেও তেওঁৰ মুখত সদায় আনন্দৰ হাঁহি বিৰিঙিছে। তেওঁ ভগৱানক প্ৰাৰ্থনা কৰিছে যে যদি মুখৰ হাঁহিটিও মাৰ যায় তথাপিও তেওঁৰ কোনো ক্ষেদ নাথাকিব। আনন্দত বিষাদৰ চকুলো টুকিয়ে জীৱনত সান্ত্বনা লভিব। তেওঁ গাইছে–

‘মুখৰ হাঁহিটি সিও যদি মাৰ যায়

ছিন্ন হয় আশালতা জুপি

সান্ত্বনা দিওতা মোৰ আছে লগৰীয়া 

বিষাদৰ চকুলো এটুপি।’

কবিয়ে পাৰ্থিৱ সুখ, শান্তি, আশা, প্ৰেম, বাসনা, তৃপ্তি সকলো মৰীচিকা (ভ্ৰম) বুলি অভিহিত কৰিছে। তেওঁৰ মতে এইবোৰ বহুৰূপী হৈ মানুহৰ চিত্তত বিভ্ৰমহে ওপজায়। সেয়ে কবিয়ে সকলো সুখ, আশা, শান্তি, প্ৰেম আদি পৰিহাৰ কৰি কৈছে–

আশা, সুখ, শান্তি, প্ৰেম, বাসনা, তৃপ্তি

সকলো যে মৰীচিকা ভ্ৰম

বহুৰূপী হৈ মোক ভুৱা দি মাথোন

ওপজায় চিত্তত বিভ্ৰম।’

কবিয়ে জানে যে সুখ, দুখ, হৰ্ষ, বিষাদ, সকলো ঈশ্বৰৰেই দান। এইবোৰ ঈশ্বৰৰ পৰা আহে আৰু ঈশ্বৰলৈ ঘূৰি যায়। সেয়ে তেওঁ সুখৰ সলনি দুখকেই সানন্দে আঁকোৱালি ল’বলৈ সাজু। তেওঁ সকলো বস্তুতে ঈশ্বৰৰ অস্তিত্ব দেখা পাইছে। কবিয়ে কৈছে–

সুখ, দুখ, হাঁহি , অশ্ৰু, হৰ্ষ বা বিষাদ

তোমাতেই উদ্ভৱ, বিলয়

অনুকুল প্ৰতিকুল তুমিয়েই জীৱৰ

সকলোতে দেখো তুমিময়।

অৱশেষত কবিয়ে ঈশ্বৰৰ প্ৰতি গভীৰ বিশ্বাস স্থাপন কৰি ঈশ্বৰক প্ৰাৰ্থনা কৰি কৈছে–

‘দয়াময় মাগো এটি চৰণত ভিক্ষা

দিয়া মোক প্ৰাণত আশ্বাস

শিলৰ ৰেখাৰ দৰে তোমাতে সদায়

থাকে যেন অটল বিশ্বাস।’

ওপৰৰ বিশ্লেষণৰ পৰা দেখা যায় যে কবিয়ে দুখ, শোক, বিষাদ, বেদনাৰে ভৰা পাৰ্থিৱ জীৱনৰ প্ৰতি বিতশ্ৰুদ্ধ হৈ ঈশ্বৰৰ ওচৰত নিজকে সঁপি দি শান্তি লভিছে।

আধ্যাত্মিক কবিতা হিচাপে ‘ভিক্ষা’ কবিতাটি ভাৰতীয় হিন্দু দৰ্শনৰ ওপৰত প্রতিষ্ঠিত। ভাৱ, ভাষা, ছন্দ, শব্দ চয়ন আদিৰ দিশৰ পৰা কবিতাটি ৰঘুনাথ চৌধাৰীৰ এক মহান কবিতা। ০ ০ ০

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা । Nirbachit Asomiya Kabita Shamalochana

দেৱকান্ত বৰুৱাৰ কবিতা ‘মোৰ দেশ মানুহৰ দেশ’ — এক আলোচনা

‘সাগৰ দেখিছা’ শিৰোনামেৰে লিখা একমাত্ৰ কবিতা পুথিৰে কবি হিচাপে প্ৰসিদ্ধ লাভ কৰা কবি দেৱকান্ত বৰুৱা প্ৰধানত প্ৰেমৰ কবি। প্ৰেমৰ বিৰহ বেদনা, দুখ শোক, আদি আনুভূতিক দ্বিধাহীন সৰল মনে গ্ৰহণ কৰাই তেওঁৰ  প্ৰেমৰ কবিতাৰ প্ৰতিপাদ্য বিষয়। ‘মোৰ দেশ মানুহৰ দেশ’ শিৰোনামৰ কবিতাটি দেৱকান্ত বৰুৱাৰ শেহতীয়া কবিতা যিটো ‘সাগৰ দেখিছা’ কবিতা সংকলনত স্থান পোৱা নাই।  এই কবিতাটিও প্ৰেমৰ কবিতা যদিও এই প্ৰেম কোনো ৰূপহী গাভৰুৰ প্ৰতি প্ৰেম নহয়; এই প্ৰেম কবিৰ স্বদেশ আৰু স্বদেশৰ মানুহৰ প্ৰতি থকা অকপট প্ৰেম। কবিতাটিৰ জৰিয়তে কবিয়ে ভাৰতৰ অতীত গৌৰৱ ৰোমন্থন কৰাৰ লগতে ইয়াৰ গৌৰৱ আৰু স্বতন্ত্ৰতা ৰক্ষাৰ বাবে সাজু হৈ থাকিবলৈ দেশবাসীক উদাত্ত আহ্বান জনাইছে। 

ভৌগোলিক অৱস্থানৰ পিনৰ পৰা ভাৰত এখন বিচিত্ৰ দেশ। কবি দেৱকান্তই প্ৰথমতে, ভাৰতৰ ভৌগোলিক বিচিত্ৰতা উল্লেখ কৰি কৈছে যে ইয়াৰ উত্তৰত উত্তৰগিৰি অৰ্থাৎ হিমালয় পৰ্বতমালা আৰু দক্ষিণে ভাৰত মহাসাগৰ। এই বিশাল ভূখণ্ডৰ মাজেদি শতাধিক নদী বৈ গৈ ইয়াৰ দুয়োপাৰ পলসুৱা কৰি ৰাখিছে যিবোৰ নদীৰ পাৰে পাৰে অতীত কালৰ পৰা নানান সভ্যতাৰ বিকাশ ঘটি এক মহান ঐতিহ্যময় ইতিহাস ৰচনা কৰিছে। 

দ্বিতীয়তে, কবি দেৱকান্তই কৈছে যে তেওঁ অকল ভৌগোলিক ভাৰতবৰ্ষকেই ভাল পায় এনে নহয়; তেওঁ স্বদেশৰ মানুহকো  অতি ভাল পায়।  কাৰণ স্বদেশৰ মানুহবোৰেই  ইয়াত সভ্যতাৰ কাৰেং সাজি বিশ্ব দৰবাৰত ভাৰতবৰ্ষক এক সুকীয়া স্থানত উপনীত কৰাইছে। কবিৰ স্বদেশৰ মানুহসকল  সৃষ্টিশীল। সেয়ে সিহঁতে হাবি ভাঙি নগৰ সাজিছে আৰু উন্নত সভ্যতাৰ জন্ম দিছে। এই সভ্যতাৰ পোহৰ সাগৰ, মহাসাগৰ পাৰ হৈ বিদেশতো বিস্তাৰ লাভ কৰিছে।  

ভাৰতবৰ্ষ অকল সভ্যতা আৰু সংস্কৃতিৰবাবেই মহান নহয়।  ই আধ্যাত্মিক দিশতো মহান। ভাৰতত জন্ম লাভ কৰা হিন্দু আৰু বৌদ্ধ ধৰ্ম সুদূৰ কম্বেডিয়াতো প্ৰচাৰ লাভ কৰিছে। বুদ্ধদেৱৰ মানৱতাৰ বাণীয়ে বিশ্বক প্ৰভাৱিত কৰিছে। 

চতুৰ্থতে, কবিয়ে বিভিন্ন বৈদেশিক আক্ৰমণৰ কথা সোঁৱৰি কৈছে যে ভাৰতীয়সকলে স্বদেশৰ স্বতন্ত্ৰতা ৰক্ষাৰ বাবে মৰণ পণ কৰি বৈদেশিক শক্তিৰ বিৰুদ্ধে যুদ্ধ কৰিছে। কেতিয়াবা জয় লাভ কৰিছে আৰু কেতিয়াৱা পৰাজয় বৰণ কৰিছে।  স্বদেশৰ সন্মান আৰু গৌৰৱ ৰক্ষাৰ বাবে পানীপথ, হলদীঘাট, পলাচী, শৰাইঘাট আদি ৰণত হাজাৰ হাজাৰ ভাৰতীয়ই প্ৰাণ আহুতি দিছে।  আনকি ফিৰিঙ্গী হিচাপে আহি ভাৰতবৰ্ষক দখল কৰা ইংৰাজকলৰ হাতৰ পৰা স্বাধীন কৰাৰ বাবে বহুতো ভাৰতীয়ই ফাঁচিকাঠত ওলমিব লগা হৈছে। 

পঞ্চমতে, স্বাধীন ভাৰতৰ সোণালী ভৱিষ্যতৰ সপোন দেখি কবিয়ে কৈছে যে  নতুন স্বাধীন ভাৰতৰ ঘৰে ঘৰে আশাৰ প্ৰদীপ, পথাৰত সোনালী ধান। ডেকা-গাভৰুৰ দুবাহুত শক্তিৰ সঞ্চয়। 

সেয়ে কবিয়ে স্বদেশৰ স্বাধীনতা অটুট ৰখাৰ বাবে দেশৰ প্ৰতিজন নাগৰিকক আহ্বান কৰি কৈছে যে  ভাৰতবৰ্ষই স্বাধীনতা পালেও বিভিন্ন বৈদেশিক শক্তিয়ে  ভাৰতৰ প্ৰতি সিহঁতৰ লোলুপ দৃষ্টি নিক্ষেপ কৰি আছে। সেইসকলৰ শত্ৰুৰ হাতৰ পৰা স্বদেশক ৰক্ষা কৰাৰ বাবে প্ৰতিজন ভাৰতীয়ই সদায় সাজু হৈ থাকিব লাগিব। কবিৰ ভাষাত–

‘বাহিৰত কিহৰ আৰাও

দস্যুদল দুৱাৰদলিত

সাজু হোৱা দেশৰ মানুহ

আকৌ আহ্বান ! স্বদেশ ৰক্ষাৰ বাবে

আকৌ আহিছে শুনা মৰণৰ উদগ্ৰ আহ্বান

যি মৰণে যুগে যুগে জীৱনক কৰিছে অমৰ!

তাৰ আমন্ত্ৰণ কোনে নেওচিব পাৰে?

কবিতাটি স্পন্দনময় গদ্য ছন্দত ৰচিত।  কবিতাটিত কোনো বিশেষ কাব্যিক অলংকাৰ নাই যদিও ই স্বদেশৰ আপোন মহিমাৰে অলংকৃত। কবিয়ে কল্পনা মোহ জালৰ পৰা আঁতৰত থাকি স্বদেশৰ সঁচা ঐতিহ্য আৰু স্বদেশৰ প্ৰতি থকা কবিৰ স্বতঃস্ফূর্ত প্ৰেমক নিৰলংকাৰ অথচ স্পন্দনময় আবেগ ঢালি কবিতাটি ৰচনা কৰিছে। 

অসমীয়া ভাষাত কেইবাটাও উল্লেখযোগ্য স্বদেশপ্ৰেমমূলক কবিতা আছে সেইবোৰৰ ভিতৰত দেৱকান্ত বৰুৱাৰ ‘মোৰ দেশ মানুহৰ দেশ’ শিৰোনামৰ এই কবিতাটি এক সততে উদ্বৃতৰ যোগ্য স্বদেশপ্ৰেমমূলক কবিতা। ইয়াৰ স্থান সম্ভৱত হীৰেন ভট্টাচাৰ্যৰ ‘মোৰ দেশ’ শিৰোনামৰ কবিতাটিৰ পিছতেই। ০ ০ ০

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা । Nirbachit Asomiya Kabita Shamalochana

জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা ‘জনতাৰ আহ্বান’ –এক আলোচনা

“জনতাৰ আহ্বান’ কবিতাটোৰ মাজেদি কবি জ্যোতিপ্ৰসাদ আগৰৱালই কবিয়ে বিশ্ব জনতাৰ মনত অভ্যুদ্বয় হোৱা নতুন চেতনাৰ কথা প্ৰকাশ কৰিছে।  এই চেতনা সৌন্দৰ্যৰ চেতনা, দাসত্বৰ পৰা মানৱৰ মুক্তিৰ চেতনা।

কবিয়ে ভাৱে যে বিশ্ব ৰূপান্তৰৰ দিশত ধাৱমান হৈছে। এই ৰূপান্তৰৰ পৃথিৱীত আকাশে-বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে। সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে, তাত জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে।  সাধৰণ জনতাই আজি বোকাত জন্ম লোৱা  পদুম ফুলৰ দৰে ফুলি পোহৰ বিলাইছে। অন্ধকাৰ নাশি পোহৰত পাহি মেলি, আকশত  সৌন্দৰ্য সিঁচিবলৈ আজি জনতা ওলাই আহিছে। মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে। আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ মুখৰিত কৰি তুলিছে। নৱ-জীৱনৰ মহাসংঘাতে বৰ্তমানক কঁপাই তুলিছে. বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ আজি সাৰ্থক হ’বলৈ আগবাঢ়িছে, ঘোষণা কৰিছে জনতাৰ জয়, জনতন্ত্ৰৰ জয়, মহামানৱতন্ত্ৰৰ  জয়। অৰ্থাৎ দাসত্বৰ শিকলি ছিঙি মানৱ সমাজ স্বাধীনতাৰ বাবে উদীপ্ত কন্ঠে ওলাই আহিছে।

কবিতাটি এক আশাবাদী কবিতা। কবিতাটি পৰাধীন ভাৰতৰ পটভূমিত ৰচিত। ইয়াৰ জৰিয়তে কবিয়ে সবৰ্বসাধাৰণ জনতাক স্বাধীনতা আন্দোলনৰ প্ৰতি উদ্বুদ্ধ কৰাৰ প্ৰয়াস কৰি সিহঁতৰ জাতীয় চেতনাক প্ৰশংসা কৰিছে।

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা । Nirbachit Asomiya Kabita Shamalochana

নৱকান্ত বৰুৱাৰ ‘উভতি নহাৰ কবিতা’ৰ — এক আলোচনা

নৱকান্ত বৰুৱাই ‘উভতি নহাৰ কবিতা’ নামৰ কবিতাটিৰ মাজেদি দুখ-যন্ত্ৰণাৰ মাজতো কবিয়ে যে পৃথিৱীখনক ভাল পায় সেই কথা অকপটে প্ৰকাশ কৰিছে।

পৃথিৱীখনত জন্ম গ্ৰহণ কৰি কবিয়ে বহুতো দুখ-শোক, যন্ত্ৰণা আদি পাইছে। এই দুখ-যন্ত্ৰণাৰ মাজেদি তেওঁ জীয়াই থকাৰ প্ৰেৰণা লাভ কৰিছে। অৰ্থাৎ যন্ত্ৰণাই হৈছে কবিৰ বাবে জীয়াই থকাৰ প্ৰেৰণা। তেওঁৰ সৃষ্টিকৰ্মৰ মাজেদি সেই যন্ত্ৰণাৰ মন্ত্ৰকেই বাৰে বাৰে গাইছে। তেওঁৰ মতে জীয়াই থকাটো হৈছে এক যন্ত্ৰণাময় ধেমালি। এই ধেমালি তেওঁ যিমান পাৰে সিমান খেলি গৈছে। কাৰণ তেওঁ জানে যে মানৱ জীৱনটো ক্ষন্তেকীয়া।  তেওঁ এদিনাখন মৰি যাব আৰু দুনাই এইখন পৃথিৱীলৈ ঘূৰি নাহে। তেওঁ তেওঁৰ সকলো খেল এবাৰতেই খেলি গ’ল অৰ্থাৎ তেওঁ এবাৰতেই যিমান পাৰে সিমান পৃথিৱীখনক উপভোগ কৰি গ’ল।

এনেদৰে কবিয়ে কবিতাটিৰ জৰিয়তে বুজাব বিচাৰিছে যে মানৱ জীৱনটো সুখ-দুখ সমষ্টি। সেয়ে সুখ-দুখৰ মাজেদিয়েই জীয়াই থকা কেইদিন মানুহে জীৱনক উপভোগ কৰিবলৈ শিকা উচিত। ০ ০ ০

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা । Nirbachit Asomiya Kabita Shamalochana

কেশৱ মহন্তৰ কবিতা ‘আঘোণৰ কুঁৱলী’– এক আলোচনা

কবি কেশৱ মহন্তৰ ‘আঘোণৰ কুঁৱলী’ শিৰোনামাৰ কবিতাটি এটি আধুনিক কবিতা। কবিতাটিত কবিয়ে আঘোণৰ ধাননি পথাৰ, ডেকা-গাভৰুৰ প্ৰেম আৰু প্ৰেয়সীৰ বিৰহত কবিৰ অন্তৰত অনুভৱ কৰা বিষাদবোধ অংকন কৰিছে।

আঘোণ মাহত অসমীয়া তিৰোতাসকলে পকা ধান চপাবলৈ লিহিৰি লিহিৰি আঙুলিত কাঁচিখন লৈ মূৰত খোপা বান্ধি পথাৰত নামে। সিহঁতৰ লঘু পৰিহাসময় হাঁহি ধেমালীয়ে ডেকা কবিকো আৰ্কষিত কৰিছে। কবিয়ে অলপ দূৰৰ পৰা নোচোৱাৰ ভাও জুৰি পথাৰত কাম কৰি থকা তিৰোতাবোৰৰ মাজত নিজৰ প্ৰেসয়ীৰ সন্ধান কৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাত সি কাকো ভালদৰে মনিব পৰা নাই। কবিয়ে তেওঁৰ প্ৰেয়সী সেউতীৰ তামোলৰ পিকেৰে ৰঙা হোৱা ওঁঠযুৰি চাবলৈ বিয়াকুল হৈছে। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে। আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েককো খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখা বাবে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে। 

এনেদৰে কবিয়ে ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটোত সহজ সৰল প্ৰেমৰ চিত্ৰ অংকন কৰাৰ লগতে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰাত মনত উদয় হোৱা বিষাদবোধৰো চিত্ৰ অংকন কৰিছে। ০ ০ ০

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা । Nirbachit Asomiya Kabita Shamalochana

ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কবিতা ‘কাঠমিস্ত্ৰীৰ ঘৰ’ — এক আলোচনা

‘কাঠমিস্ত্ৰীৰ ঘৰ’ নামৰ কবিতাটিত কবিয়ে কাঠমিস্ত্ৰীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ অতি প্ৰাণস্পৰ্শী ৰূপত ফুটাই তুলিছে–

কাঠমিস্ত্ৰী হৈছে শ্ৰমজীৱি মানুহৰ প্ৰতিনিধি। সিহঁতৰ জীৱন কাৰুণ্য আৰু গতানুগতিক কামেৰে পৰিপূৰ্ণ। কাঠমিস্ত্ৰীয়ে অৰ্থনৈতিকভাবে সবল অৰ্থাৎ আঢ্যবন্ত  মানুহৰ বাবে সুন্দৰ সুন্দৰ কাঠৰ আচবাব-পত্ৰ সাজি দিয়ে। কাঠমিস্ত্ৰিৰ বটালি-হাতুৰীৰ খুন্দাত নীৰস কাঠেও প্ৰাণ পাই উঠে। সিহঁতে আনৰ কাৰণে প্ৰসাদোেপাম ঘৰ সাজে। টোপাটোপ কপালৰ ঘাম মাটিত পেলাই সিহঁতে গোটেই দিন কাম কৰি থাকে। কিন্তু নিজে ডুব গৈ থাকে দৰিদ্ৰতাৰ অন্ধকাৰত। তেওঁলোকে কেতিয়াও সিহঁতৰ কামৰ উপযুক্ত প্ৰতিদান নাপায়।

এনেদৰে কবিতাটিৰ মাজেৰে কবিয়ে কাঠ মিস্ত্ৰীৰ জীৱনৰ কাৰুণ্যময় অৱস্থাৰ ছবি চিত্ৰিত কৰিছে। ০ ০ ০ 

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা । Nirbachit Asomiya Kabita Shamalochana

নলিনীবালা দেৱীৰ কবিতা ‘মিলন’ — এক আলোচনা

নলিনীবালা দেৱী অতীন্দ্ৰিয় ৰহস্যবাদী অৰ্থাৎ আধ্যাত্মিক ভাবধাৰাৰ কবি। অতীন্দ্ৰিয় কবিসকলে সকলোতে ঈশ্বৰৰ অস্তিত্ব অনুভব কৰাৰ দৰে কবি নলিনীবালা দেবীয়েও আৰাধ্যজনৰ অস্তিত্ব বিশ্বৰ সকলোতে উপলব্ধি কৰিছে।

কবিয়ে সপোনে-দিঠকে পৰমজনৰ অস্ত্বিক নিজৰ হৃদয়ৰ মাজত অনুভৱ কৰে। নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দৰ্য সুষমাই কবিৰ ভগবৎ প্ৰীতিৰ ধাৰণাক গভীৰ কৰি তোলে। ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন ভিন ধৰণে অনুভৱ কৰে।  কবিয়ে এই অনুভৱক পৰমজনৰ লগত অন্তহীন মিলন বুলি অভিহিত কৰিছে।

এনেদৰে কবিয়ে ‘মিলন’ নামৰ কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক অনুভূতি ব্যক্ত কৰিছে। ০ ০ ০

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা । Nirbachit Asomiya Kabita Shamalochana

নিৰ্মল প্ৰভা বৰদলৈৰ কবিতা ‘কৰুণতম’ — এক আলোচনা

নিৰ্মল প্ৰভা বৰদলৈৰ ‘কৰুণতম’ কবিতাটি এক আধুনিক কবিতা। কবিতাটিত প্ৰকাৰান্তে  গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ ফুটি উঠিছে।

কবিয়ে গ্ৰাম্য জীৱনৰ প্ৰতি এক শ্রদ্ধাবোধ অনুভৱ কৰিছে। কবিয়ে কৈছে যে আহিনৰ পথাৰৰ গোন্ধ কেনেবাকে তেওঁৰ নাকত লাগিলে দেউতাকৰ কথা মনত পৰে। কাৰণ তেওঁৰ দেউতাক এজন কৃষক আছিল। আনহাতে দোকানৰ জাপ ভঙা গামোচাৰ সুভাসত তেওঁৰ আইৰ কথা মনত পৰে। কাৰণ তেওঁৰ মাক এজনী শিপিনী আছিল । 

নগৰত বাস কৰা কবিয়ে দুখ কৰি কৈছে যে তেওঁৰ মাক-দেউতাকে কবিৰ কাৰণে গ্ৰাম্য জীৱনৰ স্মৃতি  ৰাখি থৈ গৈছে। কিন্তু কবিয়ে নগৰীয়া জীৱনত তেনে কোনো স্মৃতি পৰৱৰ্তী বংশধৰসকলৰ কাৰণে ৰাখি থৈ যাব পৰা নাই বুলি দুখ কৰিছে।

গতিকে দেখা যায় কবিতাটিাত গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ অংকিত হৈছে। ০ ০ ০

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা । Nirbachit Asomiya Kabita Shamalochana

শ্ৰীশংকৰদেৱৰ কবিতা ‘বৰ্ষা বৰ্ণন’ — এক আলোচনা

‘বৰ্ষা বৰ্ণন’ কতিাটিত শ্ৰীশংকৰদেৱে বৰ্ষা ঋতুক ৰূপক হিচাপে গ্ৰহণ কৰি ভক্তি ধৰ্মৰ তাত্ত্বিক কথা ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছে।

বৰ্ষা ঋতুত আকাশৰ গ্ৰহ নক্ষত্ৰ মেঘে ঢাকি ধৰে। ফলত এইবোৰ  দেখা নাযায়। কবিৰ ভাষাত,

‘চন্দ্ৰজ্যোতি প্ৰকাশিত যিটো মেঘগণ।

নজলন্ত চন্দ্ৰো সেহি মেঘে হুয়া ছন্ন।।’

উক্ত ৰূপকৰ মাজেৰে কবিয়ে বুজাব বিচাৰিছে যে মানৱ আত্মা ক্ষণভঙ্গুৰ শৰীৰৰ লগত মিলি যায় অৰ্থাৎ শৰীৰে অমৰ আত্মাক খন্তেকীয়া সময়ৰ বাবে আচ্ছন্ন কৰি ৰাখে।

তেনেদৰে কবিয়ে পৰ্বতৰ ৰূপকৰ মাজেৰে বুজাব বিচাৰিছে যে মুষলধাৰে বৰ্ষণ কৰা মেঘে যেনেদৰে পৰ্বতৰ একো ক্ষতি কৰিব নোৱাৰে, ঠিক তেনেদৰে  হৰি ভক্তিপৰায়ণ লোক এজনকো বৈষয়িক শোক-দুখ, যন্ত্ৰণা আদিয়ে টলাব নোৱাৰে। কবিৰ ভাষাত,

‘যদ্যপি মুষলধাৰে মেঘে বৰষিল।

তথাপি পৰ্বতে পীড়া কিছো নজানিল।।’

বৰ্ষা ঋতুত আকাশত ৰামধেনু ওলায়। ই দেখাত অতি সুন্দৰ।  কিন্তু এই ৰামধেনুৰ কোনো নিজস্ব অস্তিত্ব নাই। এই ৰূপক (উপমা) টোৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে যে ৰামধেনুৰ দৰেই ভগৱানৰো নিজস্ব কোনো গুণ নাই । ই ইয়াৰ সৃষ্ট জগতৰ মাজেৰে নিজকে প্ৰকাশ কৰে। অৰ্থাৎ বিশ্বব্রহ্মাণ্ডৰ জীৱ আৰু প্ৰাণীজগতৰ  মাজেৰে ভগবানৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি।

এনেদৰে কবি শ্ৰীশংকৰদেৱে ‘বৰ্ষা বৰ্ণন’ কবিতাটিৰ জৰিয়তে বৰ্ষা ঋতুক ৰূপক হিচাপে লৈ ইয়াৰ মাজেৰে ভক্তি ধৰ্মৰ তাত্ত্বিক কথা ব্যাখ্যা কৰিছে। ০ ০ ০

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা

অম্বিকাগিৰি ৰায় চৌধুৰীৰ কবিতা ‘ই যে অগ্নি-বীণাৰ তান’ –এক আলোচনা

কবি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ‘ই যে অগ্নিবীণাৰ তান’ কবিতাটিৰ মাজেদি স্বদেশৰ প্ৰতি থকা তেওঁৰ গভীৰ প্ৰেমভাৱ প্ৰকাশ কৰিছে।

কবিৰ মতে জীৱনটো হাঁহি-তামচাৰ বাবে নহয়। ইয়াৰ এক মহৎ উদ্দেশ্য আছে। জীৱনটো হৈছে মৰণ-পণ এক সংগ্ৰামহে। এই সংগ্ৰাম অপমান লাঞ্ছনাৰ বিৰুদ্ধে। এই সংগ্ৰাম সুধাৰ কাৰণে অমৃত মন্থনৰ সংগ্ৰাম। কবিয়ে দেশ মাতৃৰ বাবে জীৱন দান কৰিবলৈ হাবিয়াস কৰিছে। কবিয়ে হীনতা, নীচতা, ভীৰুতা, দীনতা আদি নাশি এক সুন্দৰ সমতাৰ পৃথিৱী গঢ়িব বিচাৰে। কবিয়ে উৎপীড়ন, অপমানৰ বিৰুদ্ধে আৰু মানৱতাৰ হকে এক অভিযান আৰম্ভ কৰিছে। তেওঁৰ লক্ষ্য হৈছে বিপ্লৱৰ জৰিয়তে মানৱ অধিকাৰ প্রতিষ্ঠা কৰা। কবিয়ে মানৱতা লঙ্ঘিত হোৱাৰ ভয়াবহ ইতিহাস জীৱন-মৰণ সংগ্ৰামৰ জৰিয়তে মচি পেলাবলৈ অভিলাষ কৰিছে। তেওঁৰ সংগ্ৰাম শ্ৰাৱণৰ মহাবানৰ দৰে। তেওঁ নিজৰ দেশ মাতৃৰ সেৱাৰ উদ্দেশ্যে নিজকে বলিদান দিবলৈ প্ৰস্তুত আছে। অৰ্থাৎ কবিয়ে ক’ব বিচাৰিছে যে দেশ মাতৃৰ মংগলৰ হকে ইয়াৰ সন্তানসকলে নিজকে বলিদান দিবলৈকে প্ৰস্তুত থাকিলেহে দেশৰ শৌৰ্য-বীৰ্য চিৰদিন উচ্চ হৈ থাকিব। ০ ০ ০

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা

ডিম্বেশ্বৰ নেওগৰ কবিতা ‘মোৰ গাওঁ’ — এক আলোচনা

‘মোৰ গাওঁ’ নামৰ কবিতাটিত কবি ডিম্বেশ্বৰ নেওগদেৱে স্মৃতিপটৰ পৰা তেওঁৰ অতীত গাঁৱলীয়া জীৱনৰ ৰোমন্থন কৰাৰ লগতে তেওঁৰ ল’ৰালিৰ  গাঁৱলীয়া জীৱন আৰু বুঢ়া বয়সত দেখা পোৱা গাঁৱলীয়া জীৱনৰ এক তুলনামূলক বর্ণনা আগবঢ়াইছে। 

কবিয়ে তেওঁৰ জন্মস্থান দিখৌ পাৰৰ কমাৰদফীয়া গাওঁখন অতি ভাল পায়। সময়ৰৰ সোঁতত কবিয়ে গাওঁখনৰ পৰা আঁতৰি প্ৰৱসুৱা জীৱন অতিবাহিত কৰিলেও তেওঁ নিজৰ গাওঁখনক পাহৰিব পৰা নাই। কমাৰদফীয়া গাওঁখনতে কবিয়ে তেওঁৰ শৈশৱ আৰু যৌৱনৰ প্ৰথমছোৱা সময় অতিবাহিত কৰিছিল। কিন্তু জীৱনৰ বিয়লি বেলাত কবি বৰ নষ্টালজিক হৈ তেওঁ শৈশৱত কটোৱা গাওঁখনৰ কথা ৰোমন্থন কৰি কৈছে যে তেওঁৰ সেই সময়ৰ গাওঁখন আছিল অতি সমৃদ্ধিশালী। মানুহৰ মাজত কোনো ধৰণৰ হাই-উৰুমি নাছিল। সকলোৰে মাজত মিলাপ্ৰীতি বিৰাজ কছিল।মাঘৰ বতৰত কবিয়ে লগৰীয়াসকলৰ লগত সেইখন গাওঁতে মেজিৰ খৰি গোটাইছিল। পথাৰত ম’হ-যুঁজ, গৰু-যুঁজ চাই আনন্দ লাভ কৰিছিল। সেই গাওঁখনতে তেওঁ জীৱনৰ চকু মেলি বিনন্দীয়া সৃষ্টিৰ পোহৰ দেখা পাইছিল। গাওঁৰ সকলো মানুহকে আপোন বাই-ভনী, ককাই-ভাই জ্ঞান কৰিছিল। তেওঁৰ লগৰীয়া, সমনীয়াসকলৰ লগত উমলি ডাঙৰ হোৱা আৰু আপোন লোকসকলৰ লগত পতা কথাবোৰ কবিৰ স্মৃতিপটত জিলিকি উঠে। কবিয়ে ভাৱে তেওঁৰ গাওঁখন যেন বিশ্বব্রহ্মাণ্ডৰ এক ক্ষুদ্ৰ তাঙৰণ। 

কবিয়ে ‘মোৰ গাওঁ’ নামৰ কবিতাটিৰ শেষাৰ্ধত গাওঁখনৰ অতীত অৱস্থা আৰু বৰ্তমানৰ অৱস্থাৰ লগত ৰিজনি কৰি বহুত পৰিৱৰ্তন দেখা পাইছে। কবিয়ে তেওঁৰ জীৱনৰ বিয়লি বেলাত লক্ষ্য কৰিছে যে তেওঁৰ গাওঁখনৰ আগৰ সেই সৰলতা নাই। সকলো কৃত্ৰিম হৈ পৰিছে। গাওঁলীয়া জীৱনৰ আৰ্থিক অৱস্থাও অৱনমিত হৈছে। অভাৱৰ তাড়নাত বহুত গঞা ৰাইজে গাওঁ এৰি অনাই-বনাই ঘূৰি ফুৰিছে। ডেকা-গাভৰুৰ অন্তৰতো আগৰ সেই উৎসাহ-উদ্দীপনা নাই। আজি বিহুৰ বতৰত ঢোলৰ মাতত সিহঁতৰ মন মতলীয়া নহয়। গঁঞা ৰাইজৰ মাজতো আগৰ সেই আপোন ভাৱ নাই। মানুহৰ মন হিংসা কপটতাৰে ভৰি পৰিছে। কবিৰ বহুতো লগৰীয়াৰ চিতাৰ জুইৰ ধোঁৱাৰে দিখৌৰ পাৰ ধুৱলী-কুঁৱলী Îহৈছে।

গাওঁখনৰ এই অবাঞ্চিত পৰিৱৰ্তন দেখি কবিৰ মন দুখেৰে ভৰি পৰিছে। তেওঁ আশংকা কৰিছে হয়তো এদিনাখন গাওঁখনৰ অস্তিত্ব হেৰাই যাব। কিন্তু কবি গর্বিত যে শৈশৱত নিজৰ গাওঁখনতে উপভোগ কৰা সেই অকৃত্ৰিম সৰলতা তেওঁ পৃথিৱীৰ আন কতো বিচাৰি পোৱা নাই। সেয়ে কবিয়ে তেওঁৰ গাওঁখন অতি ভাল পায়। ০ ০ ০

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা

জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ — এক আলোচনা

‘কাঞ্চনজঙঘাৰ বুৰঞ্জী’ নামৰ কবিতাটিত কবি জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰাচীন ভাৰতৰ শৌৰ্য-বীৰ্যৰ লগতে তেওঁৰ সমসাময়িক ভাৰতবৰ্ষৰ ছবি অংকন কৰিছে।

প্ৰথমতে কবিয়ে কাঞ্চনজঙঘাক ‘মই কাঞ্চনজঙঘা, তুষাৰ শুভ্ৰ শিৰ’ বুলি ভাৰতবৰ্ষৰ প্ৰাকৃতিক পৰিৱেশৰ সুন্দৰ ছবি অংকন কৰিছে। কাঞ্চনজঙঘাক ৰূপাত্মকভাৱে মহাদেৱ বা শিৱ বুলি পৰিচয় দিয়াইছে। শিৱ হৈছে ভাৰতীয়সকলৰ চিৰ উপাস্য ডাঙৰ দেৱতা। শিৱৰ লগত ভাৰতৰ প্ৰাচীন ইতিহাস জড়িত হৈছে।  ভগীৰথে সূৰ্যবংশ ৰক্ষাৰ বাবে গংগাক সন্তুষ্ট কৰি স্বৰ্গৰ পৰা মর্ত্যলৈ নমাই আনোতে গংগাৰ দৰ্পচূৰ্ণকাৰী মহাদেৱে গংগাক নিজৰ মূৰৰ চুলিৰ জঁটাৰ ভিতৰত বন্দী কৰি ৰাখিছিল। আকৌ ভগীৰথৰ অনুৰোধ ৰক্ষা কৰি সুৰধনী গংগাক বৈ যাবলৈ দিয়ে। এইদৰে ভগীৰথ, সূৰ্যবংশ, গংগা, শিৱ আদিৰ কাহিনী এই কবিতাটোত পৰোক্ষভাৱে বৰ্ণিত হৈছে।

আনহাতে কবিয়ে কবিতাটোত নতুন ভাৰতৰ ছবিও অংকন কৰিছে। সময় পাৰ হৈ যায়। সময় আগবাঢ়ি যোৱাৰ লগে লগে মানৱ সভ্যতাৰো পৰিৱৰ্তন হয়। মানুহৰ মনৰ পৰিৱৰ্তন হয়। ভাৰতৰ ক্ষেত্ৰতো ঠিক সেয়াই ঘটিছে। পুৰণিৰ স্থানত নতুন সভ্যতা আৰু সংস্কৃতি জন্ম হ’ল। ইতিহাস এই পৰিৱৰ্তনৰ সাক্ষী। কবিৰ ভাষাত–

‘পিন্ধি পিন্ধি সভ্যতাৰ

নতুন মেখেলা,

নাচি নাচি উৰুৱায় 

সোণোৱালী ধূলা।

সেই ধূলিৰেই ঢাক খায়

ধূলিতেই জহি যায়

পুৰণি ভঙ্গা।’

এনেদৰেই কবিয়ে কবিতাটিত প্ৰাচীন আৰু নতুন ভাৰতৰ ছবি অংকন কৰিছে। ০ ০ ০

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা

সীতানাথ ব্রহ্মচৌধুৰীৰ কবিতা ‘অন্বেষণ’ — এক আলোচনা

সীতানাথ ব্রহ্মচৌধুৰীৰ ‘অন্বেষণ’ শিৰোনামৰ কবিতাটি এক ৰোমান্টিক প্ৰেমৰ কবিতা। কবিতাটিৰ মাজেৰে কবিয়ে প্ৰেয়সীৰ সতে হোৱা বিচ্ছেদ বেদনাৰ ছবি প্ৰকট কৰি তুলিছে।

কবি পূৰ্বজন্মত বিশ্বাসী। কবিয়ে জাতিষ্মৰৰ দৰে পূৰ্বজনমৰ প্ৰেয়সীৰ কথা মনত পেলাইছে। তাই আছিল অনুপমা সৌন্দৰ্যৰ প্ৰতিমা। পূৰ্বজনমত তাই যৌৱনৰ প্ৰথম ঢৌ তুলি কবিৰ প্ৰেম সত্বাক জোঁকাৰি দিছিল। কবিয়ে এই জনমতো তাইক পাবলৈ ব্যাকুল হৈ পৰিছে। সমস্ত জগত বিচাৰি চলাথ কৰিছে। কিন্তু তাইক ক’তো বিচাৰি পোৱা নাই। পূৰ্ব জনমত তাইৰ সৌন্দৰ্যময়ী লাৱণী দেহত যৌৱনৰ বসন্তই খেলা কৰিছিল। প্ৰেমৰ ৰঙেৰে জিলিকি উঠিছিল কবিৰ প্ৰেয়সীৰ দেহৰ প্ৰতিটো অংগ। কবিৰ ওঁঠৰ এটি মাথো প্ৰেমভৰা চুমাত তেওঁৰ প্ৰেয়সী প্ৰেমত মতলীয়া হৈ পৰিছিল। পূৰ্ব জনমৰ বিদায় লগ্নত প্ৰিয়তমা আৰু কবিৰ দুচকু দুখৰ চকুলোৰে ভৰি পৰিছিল।

কবিয়ে তেওঁৰ পূৰ্ব জনমৰ সেই প্ৰেয়সীজনী এতিয়া ক’ত, কেনেদৰে আছে সেয়া নাজানে। সেই মোহময়ী প্ৰেয়সীক কবিয়ে ক’তো বিচাৰি নাপাই বিৰহত কাতৰ হৈ পৰিছে। ০ ০ ০

নিৰ্বাচিত অসমীয়া কবিতা সমালোচনা

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

 

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here