Home Literary Criticism প্ৰাথমিক আৰবী সাহিত্যৰ উৎসঃ হাদীছ । Hadith as a Source of Early...

প্ৰাথমিক আৰবী সাহিত্যৰ উৎসঃ হাদীছ । Hadith as a Source of Early Islamic Literature

0

প্ৰাথমিক আৰবী সাহিত্যৰ উৎসঃ হাদীছ

প্ৰাথমিক আৰবী সাহিত্যৰ উৎসঃ হাদীছ । Hadith as a Source of Early Islamic Literature

প্ৰাথমিক আৰবী সাহিত্যৰ উৎসঃ হাদীছ । Hadith as a Source of Early Islamic Literature

প্ৰাথমিক আৰবী সাহিত্যৰ উৎসঃ হাদীছ-আৰম্ভণি

কোৰানৰ পিছতে প্ৰাথমিক ইছলামী যুগৰ আৰবী ভাষা-সাহিত্যৰ এক বলিষ্ঠ আৰু উল্লেখযোগ্য উৎস হ’ল হাদীছ গ্ৰন্থসমূহ। ‘হাদীছ’ বুলিলে আল্লাহৰ নবী হজৰত মহম্মদ (ছাঃ)ৰ মুখেৰে কোৱা, হাতে -কামে কৰা আৰু তেখেতে অনুমোদন কৰা সকলো বিষয়কে বুজোৱা হয়। আন কথাত, হজৰত মহম্মদ (ছাঃ)ৰ জীৱন যাপন-প্ৰণালী, বিভিন্ন স্থানত থকা তেখেতৰ প্ৰতিনিধিসকল আৰু দেশ-বিদেশৰ বিশিষ্ট ব্যক্তিসকললৈ লিখা চিঠি-পত্ৰ, তেখেতৰ ওচৰলৈ অহা বিভিন্ন ব্যক্তি,  বন্ধু, সহচৰ, আত্মীয়-স্বজন আৰু তেখেতৰ লগত হোৱা বিভিন্ন যুদ্ধ-বিগ্ৰহ, আদিৰ বিৱৰণকো হাদীছ গ্ৰন্থসমূহত অন্তৰ্ভূক্ত হৈছে। ইছলাম ধৰ্মৰ মূল গ্ৰন্থ কোৰানৰ লগতে হাদীছ গ্ৰন্থসমূহকো সমানে গুৰুত্বপূৰ্ণ আৰু মৰ্যদাসম্পন্ন গ্ৰন্থ বুলি বিবেচনা কৰা হয়। সেয়ে মুছলামনসকলে কোৰানৰ লগতে হাদীছ গ্ৰন্থসমূহকো চৰ্চা কৰে। 
 
হজৰত মহম্মদ (ছাঃ)ৰ জীৱনটো কোৰানৰ নিৰ্দেশ অনুসাৰে পৰিচালিত হৈছিল। সেয়ে কোৰানৰ জৰিয়তে আল্লাহই মানৱ জাতিৰ উদ্দেশ্যি দিয়া বিধি-বিধানৰ বাস্তৱ প্ৰতিফলন নবী মহম্মদ (ছাঃ)ৰ জীৱনত আখৰে আখৰে ঘটিছিল। সেয়ে নবীক বাস্তৱ কোৰান বুলিও কোৱা হয়। ধৰ্মৰ লগত সংগতি থকা অথচ কোৰানত স্পষ্টভাৱে ব্যাখ্যা নথকা বা জটিল  বিষয়বোৰ নবী মহম্মদ (ছাঃ) যে তেখেতৰ অনুগামীসকলক নিজৰ ভাষাত ব্যাখ্যা কৰি বুজাই দিছিল। সেয়ে হাদীছ গ্ৰন্থ অধ্যয়ন কৰিলে কোৰানৰ বিষয়সমূহ বুজাত অতি সহজ আৰু স্পষ্ট হয়।
 
হজৰত মহম্মদ (ছাঃ) ৰ জীৱন কালতে তেখেতৰ মুখৰ কথা, জীৱন-যাপন পদ্ধতি, বাস্তৱিক বিভিন্ন সমস্যাৰ সমাধান সূত্ৰ আদি লিখি ৰাখিবলৈ আৰম্ভ কৰিছিল যদিও নবীজীয়ে সেইবোৰ লিখি ৰাখিবলৈ বাধা দিছিল। ইয়াৰ কাৰণ আছিল হজৰত মহম্মদ (ছাঃ)য়ে ভয় কৰিছিল কিজানি পিছলৈ মানুহে কোৰাণৰ আয়াতৰ লগত এইবোৰৰ সংমিশ্ৰণ ঘটাই কোৰানৰ মৌলিকত্ব নাশ কৰে। কিন্তু তেখেতৰ প্ৰিয় সহচৰসকলৰ লগতে তেখেতৰ সান্নিধ্য লাভ কৰা লোকসকলে তেখেতে পতা কথা-বতৰা, আলোচনা, সিহঁতক দিয়া বিভিন্ন পৰামৰ্শ আদেশ-নিষেধ, তেখেতে অনুমোদন জনোৱা বিষয়সমূহ মহামূল্যৱান সম্পদ বুলি মনত সাঁচ ৰাখিছিল।
 
কিন্তু দুখৰ বিষয় যে হজৰত মহম্মদ (ছাঃ)ৰ মৃত্যুৰ পিছত সময় আগবাঢ়ি যোৱাৰ লগে লগে তেখেতৰ বাণীসমূহো মানুহে পাহৰি যাবলৈ ধৰে। লগতে চাহাবাসকলৰো ইন্তেকাল হয়। ফলত নবীজীৰ হাদীছসমূহো কালৰ সোঁতত হেৰাই যোৱাৰ উপক্ৰম হয়। এনে পৰিপ্ৰেক্ষিতত হজৰত মহম্মদ (ছাঃ)ৰ ইন্তেকালৰ প্ৰায় দুশ বছৰ পিছত কেইজনমান ইছলামী পণ্ডিত ব্যক্তিয়ে বহুত ত্যাগ স্বীকাৰ কৰি ইছলামী সাম্ৰাজ্যৰ বিভিন্ন দেশ ভ্ৰমণ কৰি হাদীছ জনা ব্যক্তিসকলক লগ ধৰি সিহঁতৰ পৰা হাদীছসমূহ সংগ্ৰহ কৰি গ্ৰন্থৰ ৰূপ দিয়ে। তেনে ব্যক্তিকসলৰ ভিতৰত ইমাম মহম্মদ ইবন ইছমাইল আল-বোখাৰী,  আবুল হাছান মুছলিম আল-নিশাপুৰী, আবু দাউদ চুলেইমান, আবু ইছা মুহাম্মদ তিৰমিজি, আবু আব্দুৰ ৰহমান ইবন ছিনান, আবু আব্দুল্লা মুহাম্মদ ইবন ইয়াজিদ আল মাজাহ আদিৰ নাম উল্লেখযোগ্য। তলত এইসকল পণ্ডিতে সংগ্ৰহ আৰু সংকলন কৰা হাদীছ গ্ৰন্থ সমূহৰ বিষয়ে চমু আলোচনা আগবঢ়োৱাৰ  লগতে হাদীছ গ্ৰন্থসমূহৰ শ্ৰেণী বিভাগ, হাদীছ গ্ৰন্থসমূহৰ সাহিত্যিক আৰু ঐতিহাসিক মূল্য বিচাৰ কৰা হ’লঃ

বোখাৰী শ্বৰীফ

হাদীছ গ্ৰন্থসমূহৰ ভিতৰত বিখ্যাত আৰু বহুল আলোচিত হাদীছ গ্ৰন্থটি হৈছে বোখাৰী শ্বৰীফ।  এই গ্ৰন্থখন সংকলন কৰে মুহাম্মদ ইবন ইছমাইল আল-বোখাৰী (৮১০-৮৭০ খ্ৰী) নামৰ এজন পণ্ডিতে। তেওঁ সেই সময়ৰ খোৰাচান (বৰ্তমান উজবেকিস্থান)ৰ বোখাৰা নামে চহৰত এটি শিক্ষিত পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাকৰ নাম আছিল ইছমাইল বিন ইব্রাহিম। তেওঁ আছিল এজন ইছলামী পণ্ডিত। সৰু কালতে তেওঁ পুত্ৰ মহম্মদ ইবন ইছমাইলক কোৰান আৰু হাদীছৰ শিক্ষা দিয়ে। ইবন ইছমাইলে এঘাৰ বছৰ বয়সৰ পৰা হাদীছ শিক্ষা আৰম্ভ কৰে আৰু  মাত্ৰ ষোল্ল বছৰ বয়সতে হাদীছ শাস্ত্ৰত পণ্ডিত হৈছে। তেওঁ অধিক হাদীছ শিক্ষা লাভ কৰিবলৈ দামাস্কচ, ইজিপ্ত, বছৰা আৰু অন্যান্য মুছলিম দেশসমূহ ভ্ৰমণ কৰে আৰু সেইবোৰ দেশত হাদীছ জনা ব্যাক্তিসকলক লগ ধৰি সিহঁতৰ পৰা ৬০,০০০ হাদীছ সংগ্ৰহ কৰে। পিছত সেইবোৰৰ সত্যতা বিচাৰ কৰি সেইবোৰৰ পৰা মাত্ৰ ৭,২২৫ টা হাদীছ সংলকন কৰি এক গ্ৰন্থ প্ৰস্তুত কৰে। এই গ্ৰন্থখনকে তেওঁৰ নাম অনুসৰি ‘বোখাৰী শ্বৰীফ’ বুলি কোৱা হয়। গ্ৰন্থাকাৰে সংকলিত হোৱা ‘বোখাৰী শ্বৰীফ’ খনেই হৈছে প্ৰথম হাদীছৰ কিতাপ। এই হাদীছ গ্ৰন্থসমূহত সন্নিবিষ্ট হাদীছসমূহক নিৰ্ভুল বুলি মানি লোৱা হয়। সেয়ে কোৰানৰ পিছতে বোখাৰী শ্বৰীফখনক গুৰুত্ব দিয়া হয়।

মুছলিম শ্বৰীফ

হাদীছ গ্ৰন্থসমূহৰ ভিতৰত দ্বিতীয় স্থানত আছে মুছলিম শ্বৰীফ। এই গ্ৰন্থখন আবুল হাছান মুছলিম আল-নিশাপুৰী (৮১৫-৮৭৫ খ্রী) নামৰ এজন মুছলমান পণ্ডিতে সংকলন কৰিছিল। তেওঁ ইমাম নিছাপুৰী নামে জনাজাত। তেওঁ সেই সময়ৰ খোৰাচান (বৰ্তমানৰ ইৰান)ৰ নিছাপুৰ নামে নগৰত জন্ম গ্ৰহণ কৰে। তেওঁ ওঠৰ বছৰ বয়সৰ পৰা দেউতাকৰ ওচৰত হাদীছ অধ্যয়ন কৰিবলৈ লয়। ইয়াৰ পিছত তেওঁ অধিক অধ্যয়নৰ বাবে ছিৰিয়া, ইৰাক, হিজাজ আৰু ইজিপ্তলৈ যায় আৰু সেই ঠাইবোৰত হাদীছ জনা ব্যক্তিসকলক লগ ধৰি অশেষ পৰিশ্ৰম কৰি প্ৰায় ৩০,০০০ হাদীছ সংগ্ৰহ কৰে। পিছত বিশুদ্ধতাৰ ভিত্তিত সেইবোৰৰ পৰা বাছনি কৰি ৯,২০০ হাদীছ সংকলন কৰি এক গ্ৰন্থ প্ৰস্তুত কৰে। তেওঁ সংকলন কৰা হাদীছ গ্ৰন্থখনক তেওঁৰ নাম অনুসৰি ‘মুছলিম শ্বৰীফ’ বুলি কোৱা হয়। তেওঁ আছিল ইমাম বোখাৰীৰ সমসাময়িক। বিশুদ্ধতাৰ পিনৰ পৰা ‘বোখাৰী শ্বৰীফ’ৰ পিছতে এই গ্ৰন্থখনৰ স্থান।

আবু দাউদ শ্বৰীফ

হাদীছ গ্ৰন্থসমূহৰ ভিতৰত তৃতীয় স্থানত আছে ‘আবু দাউদ’ নামৰ হাদীছ গ্ৰন্থখন। এইখন আবু দাউদ চুলেইমান আল চিজিস্থানী (৮১৮-৮৮৯) নামৰ এজন মুছলিম পণ্ডিতে সংকলন কৰে। তেওঁৰ জন্ম হয় চিজিস্থানৰ বছৰা নগৰত। তেওঁ সৰু কালৰ পৰাই বৰ জ্ঞান পিপাসু আছিল আৰু ইছলামী জ্ঞান আয়ত্ব কৰাৰ বাবে তেওঁ বিভিন্ন স্থানৰ শৈক্ষিক অনুষ্ঠানসমূহ ভ্ৰমণ কৰিছিল আৰু হাদীছ জনা বহু লোকক লগ ধৰি ৫০,০০০হাদীছ সংগ্ৰহ কৰিছিল। পিছত সেইবোৰৰ নিৰ্ভৰযোগ্যতা বিচাৰ কৰি ৪,৮০০ টি হাদীছক লৈ এখন সংকলন প্ৰস্তুত কৰে। তেওঁৰ নাম অনুসৰি এই হাদীছ সংকলনখনক ‘আবু দাউদ শ্বৰীফ’ বুলি কোৱা হয়।

তিৰমিজী শ্বৰীফ

আৰবী হাদীছ গ্ৰন্থসমূহৰ ভিতৰত চতুৰ্থ স্থানত আছে ‘তিৰমিজী’ নামৰ হাদীছ গ্ৰন্থখন। এইখন আবু ইছা মুহাম্মদ আল-তিৰমিজী (৮২৪-৮৯২) নামৰ এজন পণ্ডিতে সংকলন কৰিছিল। তেওঁ উজবেকিস্থানৰ তিৰমিজ নামৰ ঠাইত জন্ম গ্ৰহণ কৰিছিল। তেওঁ সৰু কালতে কোৰান, আৰবী ব্যাকৰণ আৰু হাদীছ শাস্ত্ৰত পাৰ্গত হৈ উঠে আৰু অধিক হাদীছ জানিবৰ বাবে তেওঁ বিভিন্ন ঠাইলৈ ভ্ৰমণ কৰিছিল। তেওঁৰ ভ্ৰমণৰ কালছোৱাত হাদীছ জনা লোকসকলক লগ ধৰি সিহঁতৰ পৰা প্ৰায় ৫০,০০০ হাদীছ সংগ্ৰহ কৰে আৰু পিছত সেইবোৰৰ পৰা বাছনি কৰি ১,৬০০ টা হাদীছৰ এখন গ্ৰন্থ সংকলন কৰে। তেওঁ সংকলন কৰা হাদীছ গ্ৰন্থখনক তেওঁৰ নামানুসাৰে ‘তিৰমিজী শ্বৰীফ’ বুলি কোৱা হয়।

নিছাঈ

প্ৰাথমিক যুগৰ আৰবী ভাষা আৰু সাহিত্যৰ আন এক নিৰ্ভৰযোগ্য উৎস হৈছে ‘নিচাই’ নামৰ হাদীছ গ্ৰন্থ। এইখন আবু আব্দুৰ ৰহমান আহম্মদ ইবনে ছিনান (৮২৯-৯১৫ খ্রী) নামৰ লোক এজনে সংকলন কৰিছিল। তেওঁ বৰ্তমানৰ তুৰ্কেমিনিস্থানৰ নাছা নামে নগৰত জন্ম গ্ৰহণ কৰিছিল। তেওঁ  জন্ম স্থানতে প্ৰাথমিক শিক্ষা লাভ কৰি পোন্ধৰ বছৰ বয়সত জ্ঞানান্বেষণৰ বাবে ঘৰৰ পৰা ওলাই যায় আৰু ইৰাক, কুফা, হিজাজ, ছিৰিয়া আৰু ইজিপ্ত ভ্ৰমণ কৰি কোৰান আৰু হাদীছৰ ওপৰত যথেষ্ট জ্ঞান অৰ্জন কৰে। তেওঁ এজন ভাল বক্তাও আছিল আৰু বিভিন্ন স্থানত তেওঁ ইছলামী দৰ্শনৰ ওপৰত বক্তৃতা প্ৰদান কৰিছিল। তেওঁৰ ভ্ৰমণ কালছোৱাত তেওঁ বহুতো হাদীছ সংগ্ৰহ কৰিছিল আৰু সেইবোৰৰ পৰা নিৰ্বাচন কৰি ৪,৪৮২ টা হাদীছ সংকলন কৰি গ্ৰন্থকাৰে প্ৰস্তুত কৰে। ইয়াৰ পিছত তেওঁ নানান ঠাই ঘূৰি-ফুৰি ৯১৫ খৃঃত দামাস্কচত আহি উপস্থিত হয় আৰু তাতে ইহলীলা সম্ভৰণ কৰে।সঃ হাদীছ 

ইবনে মাজা

আৰবী হাদীছ গ্ৰন্থসমূহৰ ভিতৰত ষষ্ঠখন হাদীছ গ্ৰন্থৰ নাম ইবনে মাজা। এইখন আবু আবদুল্লাহ মুহাম্মদ ইবনে জায়িদ আল-মাজাহ (৮২৪-৮৮৭)  নামৰ এজন ইছলামী পণ্ডিতে সংকলন  কৰে। তেওঁ ইৰানৰ কাজউইন নামৰ ঠাইৰ জন্ম গ্ৰহণ কৰে। তেওঁ ল’ৰালিকালতে কোৰানৰ ওপৰত পাণ্ডিত্য অৰ্জন কৰে আৰু হাদীছ সংগ্রহৰ বাবে  ইৰাক, মক্কা আৰু ইজিপ্ত ভ্ৰমণ কৰে। তেওঁ বহুতো হাদীছ সংগ্ৰহ কৰিছিল যদিও বিশুদ্ধতাৰ বিবেচনাত মাত্ৰ ৪,০০০ হাদীছক লৈ এখন সংকলন প্ৰস্তুত কৰে। তেওঁ সংকলন কৰা হাদীছ গ্ৰন্থখনক তেওঁৰ নাম অনুসাৰে ‘ইবনে মাজাহ’ বুলি কোৱা হয়।
 
ওপৰত আলোচনা কৰা উক্ত ছয়খন হাদীছক একেলগে ‘ছিহা ছিত্তাহ’ (বিশুদ্ধ হাদীছ গ্ৰন্থ) বুলি কোৱা হয়। মুছলমানসকলে কোৰানৰ পিছতে উক্ত ছয়খন হাদীছ গ্ৰন্থক স্থান দিয়ে।

প্ৰাথমিক আৰবী সাহিত্যৰ উৎসঃ হাদীছ-সামৰণি

উল্লেখ্য যে উক্ত ছয়খন হাদীছ গ্ৰন্থৰ উপৰিও আৰু কেইবাখনো সৰু-সুৰা হাদীছ গ্ৰন্থ আছে, যেনে- ইমাম মালিকৰ ‘আল মুত্তাহ’, ছুনান আল-দাৰামি, মাছাবি আল-ছুন্নাহ, ৱালি আল দ্বীন তিবৰিজী ইত্যাদি। কিন্তু এই গ্ৰন্থসমূহত সন্নিবিষ্ট হাদীছসমূহক দুৰ্বল হাদীছ বুলি গণ্য কৰা হয়। 0 0 0.
.প্ৰাথমিক আৰবী সাহিত্যৰ উৎসঃ হাদীছ

বি দ্রঃ উক্ত ‘প্ৰাথমিক আৰবী সাহিত্যৰ উৎসঃ হাদীছ । Hadith as a Source of Early Islamic Literature’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ‘ গ্রন্থখনৰ পৰা লোৱা হৈছে।

প্ৰাথমিক আৰবী সাহিত্যৰ উৎসঃ হাদীছ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Additional Searches:

LEAVE A REPLY

Please enter your comment!
Please enter your name here