Home Literary Criticism প্ৰাথমিক ইছলামী যুগত আৰবী গদ্য সাহিত্যৰ বিকাশত অৱদান আগবঢ়োৱা ব্যক্তিসকল | Early Islamic...

প্ৰাথমিক ইছলামী যুগত আৰবী গদ্য সাহিত্যৰ বিকাশত অৱদান আগবঢ়োৱা ব্যক্তিসকল | Early Islamic Prose Writers

0

প্ৰাথমিক ইছলামী যুগত আৰবী গদ্য সাহিত্যৰ বিকাশত অৱদান আগবঢ়োৱা ব্যক্তিসকল

প্ৰাথমিক ইছলামী যুগত আৰবী গদ্য সাহিত্যৰ বিকাশত অৱদান আগবঢ়োৱা ব্যক্তিসকল  Early Islamic Prose Writers

প্ৰাথমিক ইছলামী যুগত আৰবী গদ্য সাহিত্যৰ বিকাশত অৱদান আগবঢ়োৱা ব্যক্তিসকল 

‘গদ্য’ বুলিলে সমাজ জীৱনত মানুহে পৰস্পৰে পৰস্পৰৰ লগত যোগাযোগ কৰোতে অৰ্থাৎ মনৰ ভাৱ, আবেগ, অনুভূতি আদি প্ৰকাশ কৰোতে স্বতঃস্ফূৰ্তভাৱে যি ভাষা ব্যৱহাৰ কৰে তাকে বুজোৱা হয় আৰু স্বতঃস্ফূৰ্ত এই ভাষাত ৰচিত হোৱা সাহিত্যকে ‘গদ্য সাহিত্য’ বুলি কোৱা হয়। বিশ্বৰ সকলো ভাষাতে গদ্য সাহিত্য আছে। বিশ্বৰ অন্যতম আৰবী ভাষাৰো এক চহকী গদ্য সাহিত্য আছে। কিন্তু এই ভাষাৰ গদ্য সাহিত্য ঠিক কেতিয়া আৰম্ভ হৈছিল তাৰ সঠিক তথ্য নাই যদিও প্ৰাক-ইছলামী যুগত অৰ্থাৎ ৫০০ খ্ৰীষ্টাব্দৰ পৰা ৬২২ খ্ৰীষ্টাব্দৰ ভিতৰত আৰবী গদ্য সাহিত্যই জন্ম লাভ কৰিছিল বুলি ইতিহাসত প্ৰমাণ পোৱা যায়। সেই সময়ৰ গদ্য সাহিত্যৰ পৰিসৰ কিছুমান প্ৰবাদ বাক্য, যুদ্ধ কাহিনী, সাধুকথা বা উপাখ্যান, বক্তৃতা, কাহেনসলকৰ বাণী আদিৰ মাজতে সীমাবদ্ধ আছিল। কিন্তু দুখৰ বিষয় যে মাত্ৰ সামান্য চানেকীৰ বাহিৰে সেই সময়ৰ গদ্য সাহিত্যৰ অস্তিত্ব পোৱা নাযায়।
 
৬২২ খ্ৰীষ্টাব্দত হজৰত মহম্মদ (ছাঃ)য়ে মক্কাৰ পৰা মদীনালৈ হিজৰত কৰে আৰু মুক্তভাৱে ইছলাম প্ৰচাৰ কৰিবলৈ লয়। এই সময়ৰ পৰা আৰবৰ সমাজ জীৱন, ৰাজনৈতিক জীৱন, ধৰ্মীয় জীৱনৰ লগতে সাহিত্য জগততো নতুন জাগৰণ আৰম্ভ হয়। ফলত আৰবী কাব্য সাহিত্যৰ লগতে গদ্য সাহিত্যও ভালেখিনি বিকাশ লাভ কৰে। এই বিকাশৰ ক্ষেত্ৰত হজৰত মহম্মদ (ছাঃ) ওপৰত আল্লাহৰ পৰা অৱতীৰ্ণ হোৱা কোৰান আৰু নবীজীৰ হাদীছসমূহে বিশেষ অৱদান আগবঢ়াইছিল। কোৰানৰ ভাষা আছিল গদ্য আৰু পদ্যৰ এক অপূৰ্ব সংমিশ্ৰণ। আনহাতে হাদীছৰ ভাষা আছিল নিভাঁজ গদ্য। এই গদ্য আছিল সৰল, পোনপটীয়া আৰু সহজবোধ্য। সেয়ে কোৰানৰ ভাষাতকৈ হাদীছৰ গদ্যই সেই সময়ৰ আৰবী ভাষাক যথেষ্ট প্ৰভাৱিত কৰিছিল। অৱশ্যে নবী হজৰত মহম্মদ (ছাঃ) লগতে আন বহুতে বিশেষকৈ সঠিক পথত পৰিচালিত হোৱা খলিফা চাৰিজনে যথা: হজৰত আবু বকৰ (ৰা), হজৰত ওমৰ  (ৰা), হজৰত ওছমান (ৰা), হজৰত আলি (ৰা) আদি ব্যক্তিয়ে আৰবী গদ্যৰ বিকাশ আৰু প্ৰচাৰত অৱদান আগবঢ়াইছিল। ০ ০ ০.
প্ৰাথমিক ইছলামী যুগত আৰবী গদ্য সাহিত্যৰ বিকাশত অৱদান আগবঢ়োৱা ব্যক্তিসকল
বি দ্রঃ উক্ত ‘প্ৰাথমিক ইছলামী যুগত আৰবী গদ্য সাহিত্যৰ বিকাশত অৱদান আগবঢ়োৱা ব্যক্তিসকল | Early Islamic Prose Writers’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ‘ গ্রন্থখনৰ পৰা লোৱা হৈছে।
প্ৰাথমিক ইছলামী যুগত আৰবী গদ্য সাহিত্যৰ বিকাশত অৱদান আগবঢ়োৱা ব্যক্তিসকল

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

Additional Searches:

LEAVE A REPLY

Please enter your comment!
Please enter your name here