Home Ass Grammar বাচ্য। Voice Change in Assamese

বাচ্য। Voice Change in Assamese

0

বাচ্য। Voice Change

বাচ্য। Voice Change in Assamese

 

বাচ্য। Voice Change in Assamese

‘বাচ্য’ বুলিলে কথা, উক্তি বা বক্তব্যক বুজোৱা হয়।  বাক্য একোটাত ক্ৰিয়াই মুখ্য স্থান দখল কৰে আৰু ক্ৰিয়াৰ লগত বাক্যত থকা আন আন পদৰ সংগতি থাকে।  বাক্যত ক্ৰিয়াই কেতিয়াবা কৰ্তাৰ বিষয়ে আৰু কেতিয়াবা কৰ্মৰ বিষয়ে কয়। কোনো কোনো বাক্যত কৰ্তাই প্রাধান্য পায় আৰু কোনো কোনো বাক্যত কৰ্মই প্রাধান্য পায়। উদাহৰণ–

(১) আমি ভাত খালো।

(২) আমাৰ ভাত খোৱা হ’ল।

উক্ত ১ নং বাক্যটিত কৰ্তাই প্রাধান্য পাইছে আৰু কৰ্তা বাক্যৰ আদিতে বহিছে। আনহাতে ২ নং বাক্যটিত কৰ্মই প্রাধান্য পাইছে । এনেদৰে বাক্যত ক্ৰিয়াই যাৰ বিষয়ে কয় তাৰ ওপৰত নিৰ্ভৰ কৰি অসমীয়া বাক্য (বাচ্য)ক চাৰিটা ভাগ কৰা হৈছে, যথা–

(১) কৰ্তৃবাচ্য

(২) কৰ্মবাচ্য

(৩) ভাববাচ্য আৰু 

(৪) কৰ্ম-কৰ্তৃবাচ্য।

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

কৰ্তৃবাচ্য

যি বাক্যত ক্ৰিয়াই কৰ্তাক প্রাধান্য দিয়ে বা কৰ্তা প্ৰধান হৈ বাক্যৰ প্ৰথমতে বহে তাকে কৰ্তৃবাচ্য বোলে।  উদাহৰণ–

টমে বাইেবল পঢ়িছে।

ৰহিমে ক্ৰিকেট খেলিছে।

ৰামহঁতে ভাত খাইছে। 

তপন স্কুললৈ যায়।

ওপৰৰ প্ৰতিটো বাক্যত কৰ্তা বাক্যৰ প্ৰথমতে বহিছে আৰু ই বাক্যত প্ৰধান্য পাইছে।

কৰ্মবাচ্য

যি বাক্যত কৰ্মই প্ৰধান হৈ বহে  আৰু কৰ্মৰ লগত ক্ৰিয়াৰো  প্ৰধান সম্বন্ধ হয় তাকে কৰ্ম বাচ্য বোলে।  কৰ্মবাচ্যৰ বাক্যত  কৰ্মৰ লগত প্ৰথমা বিভক্তি আৰু  কৰ্তাত ষষ্ঠী বা তৃতীয়া বিভক্তি হয় আৰু কৰ্ম অনুযায়ী ক্ৰিয়া পদ হয়।  ইয়াত কৰ্তৃবাচ্যৰ ক্ৰিয়াটো কৃদন্ত পদ হয়।  আৰু তাৰ পাছত ‘হ’ বা ‘যা’ ধাতুৰ সাধ্যা ক্ৰিয়াৰ ৰূপত ব্যৱহাৰ হয়।  উদাহৰণ–

কৰ্তৃবাচ্য – নৱনিতাই চিঠিখন লিখিলে।

কৰ্মবাচ্য – নৱনিতাৰ দ্বাৰা চিঠিখন লিখা হ’ল।

ইয়াত কৰ্তৃবাচ্যৰ কৰ্তা ‘নৱনিতা’ ত তৃতীয়া বিভক্তি যোগ হৈ ‘নৱনিতাৰ দ্বাৰা’ হৈছে।  ‘চিঠিখন’- এই কৰ্ম পদটোত প্ৰথমা বিভক্তি হৈ  ই প্ৰধান হৈ বহিছে।  ‘লিখিছে’ – এই ক্ৰিয়া পদটোৰ কৃদন্ত ৰূপ ‘লিখা’ হৈ তাৰ পাছত ‘হ’ ধাতুৰ  সাধ্যা ক্ৰিয়াৰ ৰূপ লৈছে।

অন্যান্য উদাহৰণ–

কৰ্তৃবাচ্য – তাই আম খালে।

কৰ্মবাচ্য – তাইৰ দ্বাৰা আম খোৱা হ’ল।

কৰ্তৃবাচ্য – ৰমনে কিতাপখন পঢ়িলে।

কৰ্মবাচ্য – ৰমনৰ দ্বাৰা কিতাপখন পঢ়া হ’ল।

কৰ্তৃবাচ্য – সিহঁতে  ফুটবল খেলি আছে।

কৰ্মবাচ্য – সিহঁতৰ দ্বাৰা ফুটবল খেলি থকা হৈছে।

কৰ্মবাচ্যত কেতিয়াবা কৰ্তা উহ্য থাকে।  উদাহৰণ–

বেলটো বজোৱা হ’ল।

চিঠিখন পঠোৱা হ’ল।

অংকটো কৰা হ’ল।

ভাববাচ্য

যি বাক্যত ক্ৰিয়া প্ৰধান হৈ বহে তাকে ভাববাচ্যৰ বাক্য বোলে।  এনে বাক্যত কৰ্তাটো উহ্য থাকে বা ষষ্ঠী বিভক্তিযুক্ত হয়। মূল ধাতুটো ‘আ’ প্ৰত্যয়ান্ত কৃদন্ত শব্দ হয় আৰু তাৰ পাছত সহায়কাৰী ‘হ’  বা ‘যা’ ধাতুৰ সমাপিকা ৰূপ হয়। সহায়কাৰী ক্ৰিয়াটো সদায় তৃতীয় পুৰুষত হয়। অকৰ্মক ক্ৰিয়াৰহে ভাববাচ্য হয় আৰু সকৰ্মক হ’লে কৰ্মবাচ্য হয়। উদাহৰণ–

ভাববাচ্য – তাৰ খোৱা হ’ল।

কৰ্মবাচ্য – তাৰ ভাত খোৱা হ’ল।

তেনেদৰে,

খেলা হ’ল।

পঢ়া হ’ল।

লিখা হৈছিল। 

শিকোৱা হ’ব।

যোৱা হ’ল।

শোৱা হ’ল। ইত্যাদি।

কৰ্ম-কৰ্তৃবাচ্য

যি বাক্যত কৰ্মই কৰ্তাৰ দৰে কাম কৰে আৰু ক্ৰিয়া আপোনা-আপুনি সিদ্ধ হয় আৰু ক্ৰিয়াটো তৃতীয় পুৰুষত থাকে, এনে বাক্যকে কৰ্ম-কৰ্তৃ বাচ্যৰ বাক্য বোলে।

ধান পকিছে।

ৰ’দ দিছে।

বৰষুণ দিছে।

ফল পকিছে।

মৌ মিঠা লাগে।

বি: দ্ৰ: মনত ৰাখিবলগীয়া যে কৰ্তৃ বাচ্যৰ বাক্যত কৰ্তা আৰু কৰ্ম থাকে। কেতিয়াবা কৰ্ম নাথাকিবও পাৰে।  কৰ্ম বাচ্যত কৰ্ম প্ৰধান হৈ বহে। ভাৱ বাচ্যত কৰ্ম নাথাকে। আৰু কৰ্ম-কৰ্তৃবাচ্যত কৰ্মই কৰ্তাৰ দৰে বহে।

অনুশীলনী

(১) বাচ্য কাক বোলে? 

(২) বাচ্য কেইবিধ আৰু কি কি?

(৩) কৰ্তৃবাচ্য কাক বোলে? সূত্ৰ লিখি উদাহৰণ দিয়া।

(৪) কৰ্মবাচ্য কাক বোলে? সূত্ৰ লিখি উদাহৰণ দিয়া।

(৫) ভাববাচ্য কাক বোলে সূত্ৰ লিখি উদাহৰণ দিয়া।

(৬) কৰ্ম-কৰ্তৃবাচ্য কাক বোলে? সূত্ৰ লিখি উদাহৰণ দিয়া। 

(৭) তলত দিয়া বাক্যবোৰৰ বাচ্য পৰিৱৰ্তন কৰা–

(ক) আমি যোৱা শুক্ৰবাৰে বৰপেটালৈ গৈছিলো।

(খ) সিহঁতে কামটো কৰিলে।

(গ) আমাৰ তালৈ যোৱা হল।

(ঘ) ৰামে ৰামায়ন পঢ়িলে। ০ ০ ০

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here