Home All বিবিধ । ৰাব্বি  মছৰুৰ | Bibidh Rabbi Masrur

বিবিধ । ৰাব্বি  মছৰুৰ | Bibidh Rabbi Masrur

0

 

বিবিধ । ৰাব্বি  মছৰুৰ  Bibidh Rabbi Masrur

বিবিধ

 

ৰাব্বি  মছৰুৰ

 

গ্র’হিলচ্‌

বৰেপটা, অসম

Bibid (An Anthology of Miscellaneous Writings) by Rabbi Masrur and Published by Growhills Publishing, Kamalpur, Barpeta. First edition 2018.

Website: www.masrur360.com

 

পাতনি

ইতিমধ্যে ৰচনা কৰা মোৰ গ্রন্থবোৰ পাঠক সমাজে আকোৱালি লোৱাত এইবাৰ মই ‘বিবিধ’ শিৰোনামৰ এই গ্ৰন্থখন প্ৰস্তুত কৰি উলিয়ালোঁ। বিভিন্ন সময়ত বিভিন্ন সংক্ৰান্তত লিখা কেইটিমান লিখনি গ্ৰন্থখনত সন্নিবিষ্ট কৰা হৈছে। ইয়াত মোৰ মৌলিক লিখনি থকাৰ উপৰিও কেইটিমান অনুবাদ লিখনিও অন্তৰ্ভূক্ত কৰা হ’ল। আশা ৰাখিছোঁ সদাশয় পাঠক সমাজে মোৰ এই গ্ৰন্থখনো মৰমেৰে আকোঁৱালি ল’ব।
ৰাবিব মছৰুৰ
কমলপুৰ, বৰেপটা (অসম)
২০১৮বিবিধ । ৰাবিব মছৰুৰ

 

নির্ঘণ্ট 

ইন্টাৰভিউৰ টকা
যন্তৰ-মন্তৰ
এগৰাকী সৰু ছোৱালীৰ দিনলিপি
ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃ ড০ বিক্ৰম চাৰাভাই
সপোন আৰু বাণী
সোতৰ শতিকাৰ বিজ্ঞান
ইৰাণৰ চমু ইতিহাস
জন্তু প্ৰেম
এন্টাৰ্কটিকা
নাইনিতাল ভ্ৰমণ
আটাইতকৈ দীৰ্ঘ ৰেল ভ্ৰমণ
আধুনিকতা আৰু বিহু
মহাকাশত ভাৰতবৰ্ষ
ৰেলগাড়ীত
টম ছায়াৰৰ দুঃসাহসিক কাম
মেৰিনাৰ প্ৰতি
মহৌষধী ফল আমলখি

 

বিবিধ

(বাৰেমিহলি লিখনিৰ সংকলন)

 

ইন্টাৰভিউৰ  টকা

প্রদীপে কলিং লেটাৰখন হাতত লৈ ভাবিছে – অহা মাহৰ তিনি তাৰিখে ইন্টাৰভিউ। সন্মুখত মাত্ৰ পাঁচ দিন। এই পাঁচ দিনৰ ভিতৰত তেওঁ ধুবুৰীৰ পৰা গুৱাহাটীলৈ অহা-যোৱা খৰচৰ বাবদ কমেও পাঁচশমান টকা যোগাৰ কৰিবই লাগিব। পাই যাব পাৰে চাকৰিটো! সি স্থানীয় বিধায়কক কেইবাদিনো লগ ধৰি কিবা এটা ব্যৱস্থা কৰি দিবলৈ খাটনি ধৰিছিল। তাৰোপৰি নিৰ্বাচনৰ সময়ত তেওঁ বিধায়কৰ হৈ কমখন নগুৰ-নাকতি ভোগ কৰা নাছিলনে? ক’বলৈ গ’লে বিধায়কজনৰ জয়লাভৰ অন্তৰালত তেওঁৰ বহুত অৱদান আছে। সেয়ে তেওঁ ইন্টাৰভিউটো দিবই লাগিব। ভাল হয়, বেয়া হয় -সেয়া কোনো কথা নহয়। তেওঁ মাত্ৰ বহিব লাগে। মাথো ইন্টাৰভিউত উপস্থিত থাকিব লাগে। কিন্তু ইন্টাৰভিউত উপস্থিত হ’বলৈ তেওঁ গুৱাহাটীলৈ যাব লাগিব। এবাৰ তেওঁ নিজকে নিজে ক’লে, ‘ইমান দূৰত ইন্টাৰভিউ পাতিব লাগেনে? চৰকাৰৰতো বিবেচনা বোলা বস্তুটো থাকিব লাগে।  সামান্য কেৰানীৰ চাকৰি এটাৰ  ইন্টাৰভিউৰ  বাবে আমি ধুবুৰীৰ পৰা যাব লাগে গুৱাহাটীলৈ। আমাৰ যে দিনেই নচলে তেনে স্থলত গাড়ী ভাড়া যোগাৰ কৰাটো আমাৰ কাৰণে কিমান কষ্টকৰ- চৰকাৰে সেয়া ভাবিব লাগিছিল। এইবাৰ চৰকাৰৰ ওপৰত তেওঁৰ খং উঠিল।  তেওঁ কোনোবাই কোৱা শুনিছে যে প্ৰতিজন বিধায়কে হেনো মাহেকত দৰমহাৰ নামত প্ৰায় একলাখ টকা পায়।  অথচ এইখন অসমতে শতকৰা আশীভাগ পৰিয়ালৰ মাহেকীয়া আয় দুই হাজাৰ টকাতকৈয়ো কম। আকাশ পাতাল পাৰ্থক্য। বিধায়কসকলে এমাহত পোৱা দৰমহাৰে আমাৰ দৰে পঞ্চাশটা পৰিয়াল জীয়াই থাকিব পাৰোঁ। তেওঁ নিৰাশ হ’ল। উশাহ নিশাহত কষ্ট অনুভৱ কৰিবলৈ ধৰিলে।

এইবাৰ তেওঁ ভাবিলৈ ধৰিলে বিধায়কসকলৰ দ্বাৰা আমাৰ কি উন্নয়ন হৈ আছে? সিহঁতে পথাৰত কোনোদিন হাল বাই চাইছেনে?  সিহঁতে ৰাস্তা-ঘাটত কোনো দিন শিল ভাঙি পাইছেনে? সিহঁতে এই মাঘৰ শীতত এটি মাথো টেৰা কঁথাৰে ৰাতি কটাই পাইছেনে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ তেওঁ নিজেই দিলে, “নাই পোৱা। সিহঁতকতো আমি ৰাইজৰ সেৱাৰ বাবেই প্ৰতিনিধি কৰি পঠাইছো। অথচ ৰাইজৰ সেৱাৰ নামত সম্ৰাট হৈ বহি আছে।” তেওঁ আৰু ভাবি থাকিব নোৱাৰিলে। এইবাৰ ইন্টাৰভিউলৈ যোৱাৰ বাবে লগা টকা যোগাৰ কাৰাৰ উপায় চিন্তা কৰিবলৈ ধৰিলে। তেওঁৰ মনলৈ পাৰ হৈ যোৱা দিনবোৰৰ ছবি ভাঁহি উঠিল। তেওঁ এইবাৰৰ আগতে দহবাৰমান ইন্টাৰভিউত বহিছে। প্ৰথমবাৰ ইন্টাৰভিউত উপস্থিত হোৱাৰ বাট খৰচ উলিয়াবলৈ মোমায়েকহঁতে তেওঁৰ মাকক দিয়া দামুৰিটো বিক্ৰি কৰিব লগা হৈছিল। দামুৰিটো বিক্ৰি কৰাৰ সময়ত মাকক কৈছিল, “আই, তই চিন্তা নকৰিবি। চাকৰিটো মিলিলে প্ৰথমতে মই তোক ঠিক অষ্ট্ৰেলিয়ান গাই এটি কিনি দিম।” কিন্তু আশাৰ মূৰত চেঁচা পানী পৰিল। তিনি বছৰ পিছত ইন্টাৰভিউৰ ফলাফল ওলাল। লিষ্টত তেওঁৰ নাম নাই। পিছত গম পালে ‘আগতে যোগাযোগ কৰিলে’ তেওঁ হেনো চাকৰিটো পালেহেঁতেন।

দ্বিতায়বাৰ ইন্টাৰভিউত বহোতে মাকৰ খাৰুযোৰ বিক্ৰি কৰিব লগা হৈছিল। সেইবাৰ তেওঁ মাকক কৈছিল, “আই, তই দুখ নকৰিবি। এইবাৰ নিশ্চয় ইন্টৰভিউটো দিয়েই যোগাযোগৰ চেইনটো উলিয়াম। আমাৰতো এবিঘামান মাটি আছেই। সেয়াই বিক্ৰি কৰি দিম। এইবাৰ নিশ্চয় চাকৰিটো পাম। আই, তোক অষ্ট্ৰেলিয়ান গাইৰ লগতে খাটি সোণেৰে খাৰুটো বনাই দিহে বেলেগ চিন্তা কৰিম।” 

সময় বাগৰি গ’ল। দুই বছৰ পিছত ইন্টাৰভিউৰ ফলাফল ঘোষণা হ’ল। তেওঁ যোগাযোগৰ চেইনেই বিচাৰি নাপালে। চাকৰিটোও নহ’ল। তাৰ পিছত তৃতীয়টো ইন্টাৰভিউৰ সময়ত …… নহয়, নহয়। তেওঁ আৰু ভাবিব নোৱাৰিলে। তেওঁৰ মূৰটো আচন্দ্ৰাই কৰিলে।  তেওঁ  বিছনাতে বাগৰি দিলে।  চকুদুখন মুদি দিলে। শৰীৰটো গৰম হৈ উঠিল। কিন্তু মগজুয়ে ভাবি থাকিল- এইবাৰেই তেওঁৰ শেষ আশা। তেওঁ টকা যোগাৰ কৰিবই লাগিব। তেওঁৰ নিজৰ মূৰে আৰু কাম নকৰিলে। অৱশেষত প্ৰদীেপ মাকক মাতি ক’লে,

“আই, তই এপাক মোমায়েকহঁতৰ ঘৰলৈ যাচোন। সিহঁৰ পৰা যদি কিছু টকা আনিব পৰা যায়। ইন্টাৰভিউটো দিব পাৰিলে এইবাৰ চাকৰিটো নিশ্চয় পাম। এইবাৰ বিধায়কজনে আশ্বাস দিছে।”

মাকে ক’লে, “তোৰ মামাহঁতৰে দিন নচলে। সিহঁতেনো টকা ক’ৰ পৰা দিব? মই গৈ আৰু লাজ পাব নোখোজো। পাৰা যদি অন্য উপায়ৰ কথা চিন্তা কৰ।”

প্রদীপে এইবাৰ ভাবিলে সি খুৰায়েকৰ ঘৰলৈ যাব। কিন্তু পিছ মূহুৰ্ততে মনত পৰিল সিহঁতৰ পৰা ছয়মাহমান আগতে ৱাৰ্ডম্যানৰ চাকৰিটোৰ বাবে দিয়া ইন্টাৰভিউৰ সময়ত তিনিশ টকা আনিয়েই থৈছে। গতিকে দ্বিতীয়বাৰ তেওঁ খুৰায়েকহঁতৰ ঘৰলৈ যোৱাৰ সাহস নকৰিলে।

এইবাৰ তেওঁ ভাবি ভাবি বাগৰি পৰিল। তেওঁ কঁপিব ধৰিলে। চকু দুটা মুদি দিলে।  তেওঁ অলপমান সময় চিন্তা নকৰিব বুলি মনক বুজালে।  কিন্তু হঠাতে মুদি থকা চকুৰ আগত ভাঁহি উঠিল পাঁচ বছৰ আগতে ঘৰৰ পৰা ওলাই যোৱা ‘মিনতি’ বায়েকৰ কথা।  প্ৰদীপহঁত পাঁচজনীয়া পৰিয়াল। মাক, তিনিজন ভাই-ককাই আৰু মিনতি নামৰ বায়েকজনী। দেউতাক দহ বছৰমান আগতে ঢুকাইছে। মিনতি ছোৱালীজনীয়েই  ডাঙৰ । প্ৰদীপ মাক-দেউতাকৰ দুই নম্বৰ সন্তান। ভাই-ককাইৰ ভিতৰত সিয়েই ডাঙৰ।  সৰু দুজন ভাইটিৰ এজন অষ্টম শ্ৰেণীত পঢ়ি  আছে আৰু কনিষ্টজন এখন চাহ দোকানত নবিচ খাটি আছে। বায়েক মিনতিয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষা পাচ কৰি চাকৰিৰ সন্ধানত এদিন ঘৰৰ পৰা ওলাই গৈছিল। সেই যে তাই ওলাই গৈছে ঘৰলৈ আৰু ঘূৰি অহা নাই। প্ৰথমতে তাই ধুবুৰী টাউনত কেইজন মান বান্ধৱীৰ লগলাগি এম্ৰাইডাৰীৰ কাম আৰম্ভ কৰিছিল। এই কাম কৰি তাই নিজা খৰচ উলিওয়াৰ উপৰিও ঘৰলৈ মাহে মাহে দুই-তিনিশ মানকৈ টকা পঠিয়াবও পাৰিছিল। তাই মাহে মাহে পঠিওৱা টকাকেইটাই ঘৰখনক অলপ হ’লেও সকাহ দিছিল।  ইতিমধ্যে প্রদীপে বি. এ. পাচ কৰিলে।

দিনবোৰ কোনোমতে পাৰ হৈ থাকিল। লাহে লাহে তাই অলপ বেছি টকা পঠাব পৰা হ’ল। পৰিয়ালটোৰ সকলোৰে ভাল লাগিল। এবাৰ চিঠিত তাই জনালে, “এম্ৰইডাৰী কামৰ চাহিদা কমি গৈছে। ইয়াৰ দ্বাৰা নিজৰ ৰেচন উলিওৱাটোয়েই কঠিন। সেয়ে মই বেলেগ কিবা কৰাৰ চিন্তা কৰি আছো।” কিন্তু তাই বা কি বেলেগ কিবা চিন্তা কৰি আছে? এবাৰ এজন মানুহৰ মুখে প্ৰদীপহঁতে শুনিবলৈ পালে তাই হেনো গুৱাহাটী চহৰলৈ গুচি গৈছে আৰু তাতে হেনো হোটেলত গণিকা ………।  

ইয়াৰ পিছত প্ৰদীয়ে আৰু কোনো কথা মনত পেলাব নোৱাৰিলে। তেওঁৰ মস্তিষ্কত খেলি-মেলি লাগিল। পৰিয়ালটোৰ আটোয়ে সিদিনা কান্ধোনত ভাগি পৰিছিল। মাকে তাইক ত্যাজ্যা সন্তান ঘোষণা কৰি হিয়া ভুকুৱাই কান্দিছিল। প্ৰদীয়ে বায়েকৰ অভিশপ্ত জীৱনৰ প্ৰতি প্ৰচণ্ড ঘৃণা পোষণ কৰি থাকিল। তাইৰ লগত পৰিয়ালৰ সকলো যোগাযোগ বন্ধ কৰি দিলে। সেই মাহত ঘৰলৈ পঠোৱা পাচঁশ টকা গ্ৰহণ নকৰি ঘূৰাই পঠালে। 

পৰিয়ালটো এইবাৰ ঘোৰ অন্ধকাৰত পৰিল। তাৰ পিছৰ পৰা ভুলক্ৰমেও ‘মিনতি’ নামটো পৰিয়ালৰ কোনেও উচ্চাৰণ কৰা প্রদীপে শুনিবলৈ পোৱা নাই।

কিন্তু সময় এক দুর্বোধ্য সাঁথৰ। সময় আৰু পৰিস্থিতি সলনি হোৱাৰ লগে লগে মানুহৰ মন আৰু মানসিকতাও সলনি হয়। কিন্তু মানুহে এই সলনি বুজাতহে পলম কৰে।  প্রদীপে ইন্টাৰভিউলৈ যোৱা খৰচৰ টকা যোগাৰ কৰাৰ কোনো উপায় বিচাৰি নাপাই মনে মনে ভাবিলে, “এইবাৰ যদি মিনতি বায়ে পাঁছশ মান টকা পঠালেহেঁতেন!” ০ ০ ০.

বিবিধ । ৰাব্বি  মছৰু

যন্তৰ-মন্তৰ

মোগল সম্ৰাট ঔৰংজেৱৰ সমসাময়িক অম্বৰৰ শাসনকৰ্তা দ্বিতীয় জয় সিংহৰ দুটা বস্তুৰ প্ৰতি অভিৰুচি আছিল। তেওঁ আছিল কলা বিশাৰদ আৰু একে সময়তে, তেওঁ বিজ্ঞান, বিশেষকৈ জোতিৰবিজ্ঞানৰ প্ৰতি আটাইতকৈ বেছি আকৰ্ষিত আছিল।সেই সময়ৰ মোগল সম্ৰাট মহম্মদ ছাহৰ লগত তেওঁৰ উল্লেখনীয় মিত্ৰতা  আছিল।  ঔৰংজেৱ জীৱিত থকা কালতে তেওঁ বিখ্যাত হৈছিল। তেওঁঁ ১৬৯৯ চনত এঘাৰ বছৰ বয়সত অম্বৰৰ সিংহাসনত আৰোহণ কৰিছিল। তেওঁ বয়সৰ তুলনাত অধিক চোকা আৰু ধূৰ্ত আছিল বাবে ঔৰংজেৱে তেওঁক  ‘সাৱাই’ উপাধি প্ৰদান কৰি সন্মানিত কৰিছিল। যাৰ অৰ্থ আছিল  গুণত সৰ্বসাধাৰণ মানুহতকৈ ১.২৫ শতাংশতকৈ বেছি।জয় সিং নিজকে মোগল সম্ৰাটৰ যোগ্য মিত্ৰ বুলি নিজকে  বাৰে বাৰে প্ৰমাণ কৰিছিল বাবে মহম্মদ ছাহে তেওঁক যথাযথভাৱে আগ্ৰা আৰু পিছলৈ মালাৱৰ শাসনকৰ্তা পাতিছিল।  জয় সিংহই ১৭২৪ চনৰ পৰা ১৭৩০ চনৰ ভিতৰত দিল্লী, জয়পুৰ, বাৰাণসী, উজ্জয়িনী আৰু মধুৰাত পাঁচোটা মানমন্দিৰ নিৰ্মাণ কৰিছিল। ই আছিল এনেকুৱা এক সময় যি সময়ছোৱাক  ভাৰতৰ ইতিহাসৰ অন্ধকাৰ যুগ বুলি কোৱা হয়।  ই আছিল এনে এক সময় যি সময়ছোৱাত সৰ্বশেষ মহান মোগল সম্ৰাটজনৰ মৃত্যু হৈছিল আৰু মোগল সাম্ৰাজ্য দ্ৰুতগতিত পতনৰ পিনে ঢাল খাই আছিল।  ‘যন্তৰ-মন্তৰ’ নামে পৰিচিত মানমন্দিৰটো ৰাজপুত ৰজাসকলৰ অধীনত সিহঁতৰ  প্ৰযুক্তিবিদ্যা সম্পৰ্কীয় কৃতিত্ব আৰু  জ্যোতিৰবিজ্ঞান সম্পৰ্কীয় ৰহস্যসমূহ প্ৰকাশ কৰাৰ প্ৰচেষ্টাৰ উপৰিও মহাকাশৰ গ্ৰহ-নক্ষত্ৰসমূহৰ চিন বা হিচাপ ৰখাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। 

মানমন্দিৰসমূহ নিৰ্মাণ কৰাৰ পটভূমিত এটা কাহিনী আছে।  এবাৰ মহম্মদ ছাহৰ ৰাজসভাত জয় সিংহই হিন্দু আৰু মুছলমান জ্যোতিৰবিদসকলে  কিছুমান গ্ৰহ বা নক্ষত্ৰৰ নিশ্চিত স্থানৰ বিষয়ক লৈ তীব্র যুক্তিতৰ্কৰ মাজত  সোমাই থকা দেখা পাইছিল।  কোনো অভিযান আৰম্ভ কৰাৰ শুভ লক্ষণ নিৰ্দ্ধাৰণ কৰিবলৈ গ্ৰহৰ নিখুঁত স্থান জনাটো প্ৰায়োজন হৈ পৰিছিল। জয় সিংহই জ্যোতিৰবিজ্ঞানৰ তালিকাখন সংশোধন কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল আৰু মোগল সম্ৰাটে সেয়া গ্ৰহণ কৰিছিল। ফলস্বৰূেপ সূৰ্য, চন্দ্ৰ আৰু অন্যান্য গ্ৰহৰ গতি অধ্যয়ন কৰিবলৈ দিল্লীত ‘যন্তৰ-মন্ত্ৰৰ’ নামৰ জ্যোতিৰবিদ্যাৰ মানমন্দিৰটো স্থাপন কৰা হয়।  জয় সিংহৰ এই কাৰ্যৰ পিছত যিয়ে কাম কৰিছিল সেয়া আছিল  জ্যোতিৰবিদ্যাত জড়িত ব্যক্তিসকল আৰু ভাৰতীয় সৰ্বসাধাৰণৰ মাজত জ্যোতিৰবিজ্ঞান অধ্যয়নৰ জাগৰণ সৃষ্টি কৰা।

ক’বলৈ গ’লে,  দিল্লীৰ প্ৰথম মানমন্দিৰটোত জয় সিংহই পিতলৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু পিতলৰ যন্ত্ৰপাতিবোৰৰ কিছুমান স্বভাৱগত দোষ আছিল। সিহঁত আছিল সৰু আৰু সিহঁতৰ কেন্দ্ৰত থকা দণ্ডডাল আছিল অস্থিৰ যাৰ কাৰণে ইয়াৰ কেন্দ্ৰ সঘনে স্থানচ্যুত হৈছিল। তেতিয়া তেওঁ প্ৰখ্যাত আৰব জ্যোতিৰবিজ্ঞানী ৰাজকুমাৰ উলুঘ বেগে পোন্ধৰ শতিকাত উজবেকিস্থানৰ চমৰখণ্ডত নিৰ্মাণ কৰা  শৈলীটো অনুসৰণ কৰিবলৈ সিদ্ধান্ত লৈছিল। দিল্লীৰ মানমন্দিৰটো ১৭২৪ চনত সম্পূৰ্ণ হৈছিল আৰু ই মাত্ৰ সাতবছৰ কাৰ্যক্ষম হৈ আছিল।  এটা নতুন সূচী বা তালিকা প্ৰস্তুত কৰাৰ বাবে গ্ৰহ-নক্ষত্ৰসমূহৰ পর্যবেক্ষণ নিয়মিতভাৱে চলাই থকা হৈছিল যি পিছলৈ সেই সময়ৰ শাসনকৰ্তাৰ নামানুসাৰে ‘লিজ মহম্মদ সাই’ নামেৰে সংকলন কৰা হৈছিল। জয় সিংহই মানমন্দিৰটোক ‘যন্তৰ-মন্তৰ’ বুলি নামকৰণ কৰিছিল যি প্ৰকৃততে ‘যন্ত্ৰ-মন্ত্ৰ’ অৰ্থ প্ৰকাশ কৰে।  ‘যন্ত্ৰ’  শব্দৰ অৰ্থ হৈছে যন্ত্ৰপাতি আৰু ‘মন্ত্ৰ’ শব্দৰ অৰ্থ হৈছে সূত্ৰ (পদ্ধতি)। এই মানমন্দিৰটোত এটা প্ৰকাণ্ড সূৰ্য ঘড়ী আছে যাক ‘সম্ৰাট যন্ত্ৰ’ বুলি কোৱা হয় যিটো দিনৰ সময় আধা চেকেণ্ডলৈকে নিখুঁতভাৱে নিৰূপণ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। ইয়াক সূৰ্য আৰু অন্যান্য আকাশী গ্ৰহ-নক্ষত্ৰৰ পতন বা ঘূৰ্ণন অধ্যয়ন কৰাৰ বাবেও ব্যৱহাৰ কৰা হৈছিল। তাত আৰু অন্য কিছুমান  যন্ত্ৰ আছে যিবোৰ আকাশৰ গ্ৰহ-নক্ষত্ৰ, সিহঁতৰ কক্ষপথ আৰু গ্ৰহণৰ ভৱিষ্যতবাণী কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। মিশ্ৰ-যন্ত্ৰৰ দক্ষিণ-পশ্চিমত দুটা স্তম্ভ আছে আৰু সেইবোৰ বছৰৰ আটাইতকৈ সৰু আৰু আটাইতকৈ দীঘল দিন নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। এয়া আমোদৰ বিষয় যে ইয়াৰ এটা স্তম্ভ ডিচেম্বৰ মাহত ইয়াৰ ছাঁৰ দ্বাৰা আনটোক সম্পূৰ্ণৰূপে ঢাকি ৰাখে আনহাতে জুন মাহত ই কোনো ছাঁ নেপেলায়।

সময়ৰ গতিত, যন্তৰ-মন্তৰটো অব্যৱহৃত হৈ পৰি আছে, কিন্তু  দিল্লী আৰু জয়পুৰত থকা মানমন্দিৰটো ভাৰতীয় বৈজ্ঞানিক ঐতিহ্যৰ এক অবিচ্ছেদ্য অংশ হিচাপে ৰৈ আছে।  দিল্লীত থকা যন্ত্ৰৰ-মন্ত্ৰৰটো সঘনে ভ্ৰমণকাৰীসকলৰ বাবে লিখা কিতাপসমূহত দেখুওৱা হয় আৰু ই আছিল ১৯৮২ চনৰ এচিয়ান গেমচৰ প্ৰতীক। ইয়াক এতিয়া বিশ্ব ঐতিহ্যৰ স্থান হিচাপে বিবেচনা কৰা হয়। ০ ০ ০.

বিবিধ । ৰাবিব মছৰুৰ

এজনী সৰু ছোৱালীৰ দিনলিপি

‘দি ডায়েৰি অৱ এ ইয়ং গাৰ্ল’ খনক ‘ডায়েৰি অৱ এনি ফ্রেঙ্ক’ বুলিও জনা যায়। ই হৈছে ডাচ ভাষাত লিখা এখন দিনলিপি যিখন এনি ফ্রেঙ্ক নামৰ এজনী ছোৱালীয়ে লিখিছিল যেতিয়া তাইৰ পৰিয়ালটো নাজী বাহিনীয়ে দখল কৰা নেদাৰলেণ্ডত দুবছৰৰ বাবে লুকাই আছিল। এইখন বিখ্যাত কিতাপ। এজনী যুৱতী ছোৱালীৰ দ্বাৰা লিখিত এইখন হৈছে যুদ্ধ আৰু মানুহৰ ওপৰত প্ৰভাৱ পেলোৱা  বিজ্ঞ আৰু আটাইতকৈ বাস্তৱসন্মত মতামতৰ কিতাপবোৰৰ ভিতৰত এটা। এয়া ধাৰণা কৰা হয় যে ডেকাসকলে সঁচা কথা কোৱাত ভয় নকৰে।

ই আৰম্ভ হৈছিল এনিয়ে তাইৰ জন্মদিনত উপহাৰ হিচাপে লাভ কৰা এখন দিনলিপিক লৈ যিখনক তাই ‘কিট্টী’ বুলি নামকৰণ কৰিছিল। এনিয়ে কিতাপখনত বিস্তাৰিতভাৱে তাইৰ  চিন্তা, শংকা আৰু আকাঙ্খাবোৰৰ বিষয়ে লিখিছে। 

বিংশ শতাব্দীৰ আম্ভণিৰে পৰা জাৰ্মান সাম্ৰাজ্যখন ইউৰোপৰ আটাইতকৈ শক্তিশালী সাম্ৰাজ্য আছিল, যিখন ১৯১৮ চনত প্ৰথম বিশ্বযুদ্ধৰ পৰিণতিত ভাঙি পৰিছিল। ১৯২১ চনত অষ্ট্ৰিয়াত জন্মগ্ৰহণ কৰা চিত্ৰকৰ এডলফ হিটলাৰ নাজী বাহিনীৰ নেতা হয়। চতুৰ, উন্মত্ত, লক্ষ্য পূৰণত মিছা আৰু পাশৱিকতা প্ৰয়োগ কৰাত অকনো ইতস্তঃত নকৰা, হিটালৰে তেওঁৰ শ্ৰোতাসকলক আবেগিকভাৱে প্ৰভাৱিত কৰাত সমৰ্থবান আছিল। হিটলাৰ আৰু নাজী বাহিনীয়ে জাৰ্মানীৰ শক্তি পতন হোৱাৰ  দোষ ইহুদীসকলৰ ওপৰত জাপি দিছিল। সেয়ে তেওঁ ইহুদীসকলৰ ওপৰত অতি শক্তিশালী জাতিগত আক্ৰমণ পৰিচালিত কৰিছিল।  বহুতো উল্লেখযোগ্য অৱদানৰ সৈতে ইহুদীসকলে জাৰ্মানীত শতাব্দীৰ পৰা শতাব্দীলৈ বসবাস কৰি আছিল।  হিটলাৰৰ মতাদৰ্শই বৰ্ণনা কৰিছিল যে ইহুদীসকল হৈছে বিদেশী আৰু নিকৃষ্ট জাতি।হিটলাৰৰ মতে, যেতিয়ালৈ ইহুদীসকল জাৰ্মানীত বসবাস কৰি থাকিব সিহঁত হৈ থাকিব আদৰ্শৰ সোঁচৰা বেমাৰ  আৰু জাৰ্মান জাতিৰ বিশুদ্ধতাৰ প্ৰতি ভাবুকিস্বৰূপ।

১৯২৯ চনত হিটলাৰে পূৰ্বত যুদ্ধ জাপি দিছিল যাৰ প্ৰস্তুতি তেওঁ চেন্সেলৰ হোৱাৰ পিছৰে পৰাই আৰম্ভ কৰিছিল। ‘ইহুদী প্ৰশ্ন’ৰ তেওঁ ‘সৰ্বশেষ সমাধান’ গ্ৰহণ কৰিছিল সেয়া আছিল নিৰ্মূলকৰণ। ইহুদীসকলক বিশেষ নিৰ্মূলকৰণ কেম্পলৈ স্থানান্তৰিত কৰা হৈছিল। তাত বন্ধীসকলে গুলি বা গেছৰ দ্বাৰা হত্যা হোৱালৈকে কঠোৰ কাম কৰিব লগা হৈছিল। ছয় মিলিয়ন (ষাঠি লাখ) পুৰুষ, মহিলা আৰু ল’ৰা-ছোৱালীক প্ৰণালীবদ্ধভাৱে হত্যা কৰা হৈছিল।

এনি ফ্রেঙ্ক ১৯২৯ চনৰ ১২ জুনত ঐতিহাসিক জাৰ্মান মহানগৰ ফ্রেঙ্কফুটত জন্ম গ্ৰহণ কৰিছিল। তাইৰ পিতৃ অটো এইচ, ফ্রেঙ্ক আছিল এজন সন্মানীয় ব্যৱসায়ী। যেতিয়া সংকটৰ পিছত সংকট আৰম্ভ হৈছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ ভাবুকি বৃদ্ধি পাইছিল, অটো এইচ, ফ্রেঙ্কে ১৯৩৩ চনত ফ্রেঙ্কফোৰ্ট ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল। মিচেচ ফ্রেঙ্কয়ে তাইৰ দুই গৰাকী ছোৱালীসহ বেলজিয়ামৰ সীমান্তৰ ওচৰত থকা আচেনত তাইৰ মাকৰ ওচৰলৈ যায়। অটো ফ্রেঙ্ক পোনাপুনি হলেণ্ডলৈ যায়। ১৯৩৪ চনত ফ্রেঙ্ক পৰিয়ালটো পুনৰ লগালগি হয় আৰু আৰ্মষ্টাৰডামত থাকিবলৈ লয়।

পোনতে এগৰাকী ডাচ ছোৱালীৰ দৰে এনিয়ে আৰ্মষ্টাৰডামত সুখেৰে থাকিবলৈ লৈছিল। তাই মন্টেছ’ৰী স্কুলত ভৰ্তি হৈছিল, বহুতো বন্ধু-বান্ধৱী পাইছিল আৰু আনন্দৰ সৈতে আৱিষ্কাৰ কৰিছিল যে ল’ৰাসকলে তাইক ভাল পাইছিল। কিন্তু ১৯৪০ চনত জাৰ্মানীয়ে হলেণ্ড আক্ৰমণ কৰাৰ লগে লগে সকলো পৰিৱৰ্তন হ’ল।  জাৰ্মানসকলে সিহঁতে বিজয় কৰা আন আন জাতিৰ ওপৰত কৰা ধৰণে হলেণ্ডবাসীসকলৰ ওপৰতো অত্যাচাৰ আৰু শোষণ আৰম্ভ কৰে। সিহঁতে ইহুদী বিৰোধী কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল। এনে পৰিস্থিতি চলি থকাৰ সময়তে অটোৱে তেওঁৰ পৰিয়ালৰ নিৰাপত্তাৰ পৰিকল্পনা কৰিলে। গোপনে  প্ৰিনচেনগ্ৰচ খাদৰ তলত আৰু ওপৰত থকা কেইখনমান কোঠালী, যিবোৰ ওৱেৰহাউচ আৰু কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰা হৈছিল, সেইবোৰ লুকুৱা স্থান হিচাপে সাজু কৰা হৈছিল। তাত অটোৰ কেইজনমান ব্যৱসায়িক বন্ধু মিষ্টাৰ ভান ডান, তেওঁৰ ঘৈনীয়েক আৰু পোন্ধৰ বছৰীয়া পুত্ৰ পেটাৰে সিহঁতৰ লগ লাগিছিল।  পিছলৈ সিহঁতে তাত এজন বয়সীয়াল দন্ত চিকিৎসক  এলবাৰ্ট ডুছেলক  সিহঁতৰ লগত একেলগে থাকিবলৈ নিমন্ত্ৰণ জনাইছিল। সেই গোপন কোঠালীটোত আঠজন ইহুদীয়ে দিনৰ ভাগত শান্তভাৱে থাকিছিল যি সময়খিনিত তলৰ কোঠালীবোৰত প্ৰতিদিনৰ ব্যৱসায়িক কাম-কাজ চলিছিল। ৰাতিৰ ভাগত যেতিয়া অট্ৰালিকাটো জনশূন্য হৈছিল তেতিয়াহে সিহঁতে লৰচৰ কৰিব পাৰিছিল। এজন ডাচ বাৰ্তাবাহকৰ পৰা পোৱা তথ্য অনুসৰণ কৰি ১৯৪৪ চনৰ ৪ আগষ্টত দুৰ্ভাগ্যজনকভাৱে ভয়ঙ্কৰ গেষ্টােপা বাহিনীয়ে ফ্রেঙ্কহঁতে লুকাই থকা স্থানত প্ৰৱেশ কৰে। তাৰ পিছত আহিল মানৱ সভ্যতাৰ ইতিহাসত আটাইতকৈ কঠোৰ আৰু অমানৱীয় অধ্যায়টো।

সেই অন্ধকাৰ দিনবোৰত এনিয়ে তাইৰ দৈনন্দিন জীৱনৰ চলন্ত বিৱৰণ তাইৰ দিনলিপিত লিখিছিল। বাহ্যিকভাৱে যুদ্ধৰ ভয়  আৰু আভ্যন্তৰীণভাৱে যুদ্ধৰ বেয়া পৰিণাম আৰু মানৱ আত্মাৰ অৱনতি আৰু নিৰ্জনতাত কাৰাৰুদ্ধ হোৱা অৱস্থাত সিহঁতে বাস কৰিবলৈ লৈছিল। বিশেষ পৰিস্থিতিত বাস কৰিবলৈ লোৱা এজনী ডেকা ছোৱালীৰ চিন্তা আৰু অনুভূতিসমূহে আমাৰ নিজৰ বিষয়ে আৰু আমাৰ ল’ৰা-ছোৱালীকলৰ বিষয়ে বহুত কথা জানিবলৈ দিয়ে। 

এনি ফ্রেঙ্কে বাৰ্জেন বেলচেন অন্ধকুপ কেম্পত টাইফাচ ৰোগত আক্ৰান্ত হৈ অসময়ত মৃত্যু বৰণ কৰে।  তাই লিখা দিনলিপিখন পৰিয়ালটোৰ একমাত্ৰ জীৱিত ব্যক্তি মীপ গিয়েছে পাইছিল যিজনে এইটো এনিৰ দেউতাক অটো ফ্রেঙ্কক দিছিল। পিছত ইয়াক গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হয়। কিতাপখন এতিয়ালৈ ষাঠিখন বিভিন্ন ভাষাত প্ৰকাশ কৰা হৈছে। ০ ০ ০.

বিবিধ । ৰাবিব মছৰুৰ

ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃ ড০ বিক্ৰম চাৰাভাই

ভাৰতবৰ্ষ হৈছে পৃথিৱীৰ এক অন্যতম শক্তিকেন্দ্ৰ।  শূন্যৰ ধাৰণা আৰম্ভ কৰাৰে পৰা, জ্যোতিৰবিজ্ঞানৰ বিষ্ময়সমূহ অনুসন্ধান কৰালৈকে ভাৰতবৰ্ষই বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত মহান কৃতিত্ব অৰ্জন কৰিছে।  ভাৰতবৰ্ষৰ বিজ্ঞানীসকলে  দেশখনৰ বিকাশৰ ক্ষেত্ৰত এক নক্ষত্ৰসদৃশ্য ভূমিকা গ্ৰহণ কৰিছে। ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃ ড০ বিক্ৰম আম্বালাল চাৰাভাই আছিল অলপ সংখ্যক বিজ্ঞানীসকলৰ মাজৰ এজন যিসকলে  সিহঁতৰ গোটেই জীৱন  আমাৰ দেশখনৰ উন্নতিৰ বাবে মনোনিবেশ কৰিছিল। 

ড০ বিক্ৰম এ. চাৰাভাইয়ে মহাকাশ গৱেষণা ক্ষেত্ৰত ভাৰতৰ্ষক আন্তৰ্জাতিক মানচিত্ৰত বহুৱাইছিল।  ড০  বিক্ৰম এ. চাৰাভাই আছিল ভাৰতবৰ্ষৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ ‘আৰ্যভট্ট’ উৎক্ষেপণ পটভূমিৰ প্ৰধান ব্যক্তিত্ব। ভাৰতীয় মহাকাশ গৱেষণা সংগঠন (ইছৰু) ৰ স্থাপন আছিল তেওঁৰ এক মহান কৃতিত্ব।

ড০ বিক্ৰম এ. চাৰাভাইয়ে আগষ্ট ১২, ১৯১৯ চনত গুজৰাটৰ আহমেদাবাদত শ্ৰী আম্বালা চাৰাভাইৰ ঔৰষত আৰু সৰলাদেৱী চাৰাভাইৰ গৰ্ভত জন্ম গ্ৰহণ কৰিছিল।  পৰিয়ালটো আছিল এক ঔদ্যোগিক পৰিয়াল। ইন্টাৰমেডিয়েট বিজ্ঞান পৰীক্ষা পাছ কৰাৰ পিছত বিক্ৰমে আহমেদাবাদত থকা গুজৰাট মহাবিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিছিল। ইয়াৰ পিছত তেওঁ ইংলণ্ডলৈ গৈছিল আৰু কেমব্রিজ বিশ্ববিদ্যালয়ৰ চেইন্ট জন কলেজত ভৰ্তি হৈছিল। তেওঁ ১৯৪০ চনত  কেমব্রিজৰ পৰা প্ৰাকৃতিক বিজ্ঞানত ট্ৰিপচ লাভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰাৱল্যৰ লগে লগে বিক্ৰম চাৰাভাইয়ে ভাৰতলৈ উভতি আহে আৰু বাংগালোৰত থকা ভাৰতীয় বিজ্ঞান প্রতিষ্ঠানত যোগদান কৰে আৰু চি. ভি. ৰমনৰ তত্বাৱধানত মহাজাগতিক ৰশ্মিৰ ওপৰত গৱেষণা আৰম্ভ কৰে। তেওঁ আকৌ ১৯৪৫ চনত ইংলণ্ডলৈ যায়। ১৯৪৭ চনত তেওঁৰ গৱেষণাপত্ৰ ‘বিষুৱীয় অক্ষাংশত মহাজাগতিক ৰশ্মিৰ অনুসন্ধান’ৰ বাবে ডক্টৰেট উপাধি লাভ কৰে। ভাৰতবৰ্ষলৈ উভতি আহি ড০  চাৰাভাইয়ে ফিজিকেল ৰিচাৰ্চ লেবৰেটৰী আৰ পি এল প্রতিষ্ঠা কৰে।

বিক্ৰম এ. চাৰাভাইয়ে ভাৰতৰ এজনী বিখ্যাত দ্রুপদী নৰ্তকী মৃণালিনীক বিয়া কৰে। সিহঁতৰ দুজনী  ল’ৰা-ছোৱালী আছিল–কাৰ্তিকিয়া আৰু মল্লিকা। মল্লিকাও এজন বিখ্যাত দ্রুপদী নৰ্তকী হৈছিল।

১৯৬২ চনত ভাৰতীয় মহাকাশ গৱেষণাৰ ভাৰতীয় জাতীয় কমিটিৰ সভাপতি হিচাপে তেওঁ ভাৰতবৰ্ষত মহাকাশ গৱেষণা সংগঠন কৰাৰ দায়িত্ব গ্ৰহণ কৰে। তেওঁ থিৰুভানানথাপুৰমত থাম্বা ইকুইটৰিয়েল ৰকেট লাঞ্চিং ষ্টেচন স্থাপন কৰাৰ বাবে নিৰ্দেশনা দিছিল। ১৯৬৩ চনত সামাজিক আৰু শৈক্ষিক সমস্যাসমূহ অধ্যয়ন কৰাৰ বাবে তেওঁ নেহৰু ফাউণ্ডেশ্বন ফৰ ডেভেলপমেন্ট স্থাপন কৰিছিল। ১৯৬৬ চনত এইটোৰ সমৰ্থনত তেওঁ কমিউনিটি চায়েন্স চেন্টাৰ স্থাপন কৰে যাৰ লক্ষ্য আছিল বিজ্ঞান সম্পৰ্কীয় জ্ঞান বিস্তাৰ কৰা, বিজ্ঞানৰ প্ৰতি অভিৰুচি সৃষ্টি কৰা আৰু ছাত্ৰ-ছাত্ৰীসকল, শিক্ষকসকল আৰু সাধাৰণ জনতাৰ মাজত বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ বাবে উৎসাহ প্ৰদান কৰা।

ড০ বিক্ৰম আম্বালাল চাৰাভাইয়ে ভাৰতত প্ৰথম ৰকেট নিক্ষেপণ  ষ্টেচন প্ৰতিষ্ঠা কৰে। কেন্দ্ৰটো  আৰব সাগৰৰ উপকূলত তিৰুভানানথাপুৰমৰ ওচৰত থুম্বাত স্থাপন কৰা হয়।  এক উল্লেখযোগ্য প্ৰচেষ্টাৰ পিছত ইয়াৰ উদ্বোধনী উৰণ নিক্ষেপ কৰা হয় নভেম্বৰ ২১, ১৯৬৩ চনত। চাৰাভাইয়ে এটা ভাৰতীয় উপগ্ৰহ আৰু প্ৰথম ভাৰতীয় উপগ্ৰহ ‘আযভট্ট’ৰ গঠন আৰু নিক্ষেপণৰ কাৰণে এটি প্ৰকল্প আৰম্ভ কৰিছিল। ইয়াক ১৯৭৫ চনত ৰাছিয়াৰ কছমোড্ৰমৰ পৰা কক্ষপথত স্থাপন কৰা হয়।

আগশাৰীৰ বিজ্ঞানী ড০ চি. ভি. ৰমনৰ নেতৃত্বত চাৰাভাইৰ মহাজাগতিক ৰশ্মিৰ অধ্যয়নে প্ৰকাশ কৰিছিল যে মহাজাগতিক ৰশ্মি হৈছে বৰ্হিমহাকাশৰ পৰা পৃথিৱীলৈ অহা শক্তিৰ অণু, ই বাটত সূৰ্য, বায়ুমণ্ডল আৰু চুম্বক শক্তিৰ দ্বাৰা প্ৰভাৱিত হয়। এই অধ্যয়নে পৃথিৱীৰ চুম্বক শক্তি আৰু বায়ুমণ্ডল, সূৰ্যৰ প্ৰকৃতি আৰু বৰ্হি মহাকাশ পর্যবেক্ষণ কৰাত সহায় কৰে। ভাৰতবৰ্ষক মহাকাশ যুগলৈ নিক্ষেপ কৰাৰ কৃতিত্ব একমাত্ৰ সক্ৰিয় বিজ্ঞানী ড০ বিক্ৰম আম্বালাল চাৰাভাইয়ে পাইছে। ড০ বিক্ৰম আম্বালাল চাৰাভাই ৫২ বছৰ বয়সত ডিচেম্বৰ ৩০, ১৯৭১ চনত মৃত্যু বৰণ কৰে।

ড০ বিক্ৰম আম্বালা চাৰাভাই আছিল এজন সৃষ্টিশীল বিজ্ঞানী, এজন সফল আৰু দূৰদৰ্শী উদ্যোগপতি, এজন উচ্চ শৃঙ্খলাৰ উদ্ভাৱক, এজন শিক্ষাবিদ, এজন কলা সমালোচক, এজন সামাজিক পৰিৱৰ্তনৰ  হোতা, এজন আগৰণুৱা পৰিচালক, শিক্ষক আৰু বহুতো। ০ ০ ০.

বিবিধ । ৰাবিব মছৰুৰ

সপোন  আৰু বাণী

মূলঃ ইংৰাজী

ড০ এ. পি. জে. আব্দুল কালাম

‘সপোন, সপোন, সপোন

সপোনবোৰ চিন্তালৈ ৰূপান্তৰিত হয়

আৰু চিন্তাবোৰ কাৰ্যত পৰিণত হয়।’ 

২০০১ চনৰ ৩০ চেপ্তেম্বৰৰ দিনা মই ৰাঞ্চিৰ  ঝাৰখণ্ডৰ পৰা বোকাৰুলৈ যোৱা পথত মোক কঢ়িয়াই নিয়া হেলিকপ্তাৰটোৱে ভূমিত পদাৰ্পন কৰাৰ কেইমূহুৰ্তমান আগতে দূৰ্ঘটনাগ্ৰস্ত হৈছিল। ইয়াৰ ইঞ্জিনটো বিফল হোৱাৰ পিছত ই বিকট শব্দ কৰি ভূমিত আঘাত কৰিছিল। আমি বিমানখনত থকা যাত্ৰীকেইজনে আচৰিতভাৱে ৰক্ষা পাইছিলো। আমি ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ, কিন্তু ঘটনাটোত বিষ্মিত নহৈ মই মোৰ পূৰ্ব নিৰ্দ্ধাৰিত কাৰ্যসূচীমতে বোকাৰুত থকা ছাত্ৰ-ছাত্ৰীসকললৈ ভাষণ দিয়াৰ বাবে গৈছিলো। ৰাতি, চিকিৎসকৰ দল এটাই মোক মোৰ ভয় লাঘৱ কৰিবলৈ মোক উত্তেজনা প্ৰশমক ঔষধ ব্যৱহাৰ কৰিবলৈ হেঁচা দিছিল। ঔষধটোৱে মোক  সাধাৰণ নিয়মমতে ৰাতি ১ বজাৰ কেইবাঘন্টা আগতেই টোপনি নিয়াইছিল। মই মোৰ প্ৰতিদিনৰ দৰে ৰাতিপুৱা ৬ বজাত উঠিবলৈ বিফল হৈছিলো আৰু ৰাতিপুৱা ৮ বজাৰ পিছতহে সাৰ পাইছিলোঁ।

ই আছিল এক আমনিদায়ক টোপনি আৰু মাজে মাজে টোপনিৰ মাজত মই চিন্তা কৰিবলৈ লৈছিলো ঈশ্বৰৰ সৰ্বশ্রেষ্ঠ সৃষ্টি হৈয়ো মানৱ জাতিয়ে হিংসাৰ দ্বাৰা কিয় ইমান গভীৰভাৱে বিভাজিত। মই পাঁচজন ব্যক্তিৰ মাজত হোৱা আলোচনা কল্পনা কৰিছিলো যিসকল একেলগে মানৱ মনৰ আটাইতকৈ সুন্দৰ গুণৰ প্ৰতীক আৰু যিসকলক মই গভীৰভাৱে প্ৰশংসা কৰো। সিহঁতৰ কথোপকথনৰ পৰা মই এটা উত্তৰ বিচাৰিছিলো। এই অভিজ্ঞতা আছিল এটা সজীৱ সপোনতকৈয়ো গভীৰ, কিন্তু ইয়াক বুজাবলৈ উপযুক্ত শব্দৰ অভাৱৰ বাবে মই ইয়াক এনেদৰে বুজাম–মই নিজকে এখন মৰুভূমিত দেখা পাইছিলো যাৰ চাৰিওপিনে বহুত মাইল জুৰি বালি আছিল। চন্দ্ৰটো পূৰ্ণ আছিল আৰু মৰুভূমিটো পোহৰত  আলোকিত হৈ আছিল। পাঁচজন ব্যক্তি–মহাত্মা গান্ধী, এলবাৰ্ট আইনষ্টাইন, সম্ৰাট অশোক, আব্রাহাম লিংকন আৰু খলিফা ওমৰ–বৃত্তাকাৰভাৱে থিয় দি আছিল, সিহঁতৰ পোছাক বতাহে উৰুৱাইছিল।

মই মহামান্য সম্ৰাট অশোকৰ পিছত থিয় দি নিজকে বাওনা বুলি অনুভৱ কৰিছিলোঁ। অশোকে দুটা জীৱন-যাপন কৰিছিল–এবাৰ এজন নিৰ্দয় বিজেতা হিচাপে আৰু আনবাৰ এজন সহানুভূতিশীল প্ৰশাসক হিচাপে। মই যি ব্যক্তিজনৰ কাষত থিয় দি আছিলো তেওঁ এইমাত্ৰ বিজয়ৰ পৰা উভতিছিল। কিন্তু বিজয় যথেষ্ট মূল্যৰ বিনিময়ত লাভ কৰা হৈছিল। কলিংগ যুদ্ধই কমেও তিনিলাখ মানুহৰ প্ৰাণ লৈছিল আৰু সমান সংখ্যক মানুহ ঘূণীয়া হৈছিল। মই সকলোকে অশোকৰ পিনে চোৱা দেখা পাইছিলো যিজনে তেওঁৰ আঠুত পৰিছিল আৰু তেওঁৰ অস্ত্ৰ আৰু ৰাজমুকুট আঁতৰ কৰিছিল। তেওঁৰ মুখমণ্ডল আছিল বিবৰ্ণ, তেওঁৰ চাৰিওপিনে মৃত্যৰ ছবি প্ৰতিফলিত হৈছিল। তেওঁ আকাশলৈ চাইছিল। তেওঁ উজ্জ্বল শীতল চন্দ্ৰটো পোহৰ দি থকা দেখা পাইছিল আৰু ঈশ্বৰৰ দয়া মাতৃ মেদিনীৰ ওপৰত পৰি থকা দেখিছিল। আৰু তলপিনে তেওঁ সৃষ্টি কৰা বিভীষিকাৰ ছবি দেখা পাইছিল, যিয়ে সকলোতে তেজ বোৱাইছিল। ই আছিল ৰূপালীম চন্দ্ৰৰ পোহৰৰ সৌন্দৰ্য আৰু মাটিত মানুহৰ যন্ত্ৰণা আৰু জীয়াতু ভোগাৰ বিভীষিকাৰ মূহুৰ্ত। তেতিয়া তাৰ বিৰুদ্ধে প্ৰকৃতিয়ে কোৱা আৰম্ভ কৰিলে আৰু অহিংসা ধৰ্মৰ জন্ম হয়। সম্ৰাট অশোকে ঈশ্বৰৰ আদেশ গ্ৰহণ কৰি তেওঁৰ নীতিৰ জৰিয়তে মানৱপ্ৰেম প্ৰচাৰ কৰিবলৈ ল’লে।

মই থিয় দি থকা অৱস্থাতে বিষ্মিত হৈছিলো, কিয় কলিংগ যুদ্ধ হৈছিল, কিয় মহাত্মা গান্ধী আৰু আব্রাহাম লিংকনক আততায়ীয়ে হত্যা কৰিছিল? অথবা বহুতে কিয় এইসকলক ভাল পায়? সৰ্বশক্তিমান ঈশ্বৰে তেওঁৰ সৃষ্টিকৰ্মত উজুটি খাইছিলনে? দ্বিতীয় কোনো সৃষ্টিৰ বাবে মানৱ জাতিৰ ধবংস অনিবাৰ্যনে?

এনে এক স্বৰ্গীয় নীৰৱতাৰ সময়ত মহাত্মা গান্ধীয়ে ক’বলৈ আৰম্ভ কৰিছিল, ‘বন্ধুসকল আমি যি স্বৰ্গীয় বাতৰি শুনি আছো সেয়া হৈছে সৃষ্টিৰ বাতৰি। যিহেতু আমি আটায়ে পৃথিৱী নামৰ গ্ৰহৰ বাসিন্ধা, আমি মানৱ জাতিলৈ এক বাণী দিব পাৰো কিদৰে বিভিন্ন জাতিৰ, ধৰ্মৰ আৰু ভাষাৰ মানুহে শান্তিপূৰ্ণভাৱে স্বচ্ছলভাৱে একেলগে বাস কৰিব পাৰে।

শক্তিশালী ঈশ্বৰে আমাক সকলোকে কিবা অতুলনীয় গুণ দি পঠাইছে যিবোৰ আমি আমাৰ কৰ্ম আৰু প্ৰচেষ্টাৰ দ্বাৰা মানৱ জাতিলৈ এৰি যাব পাৰো। এয়া কাম কৰি আছেনে? ইয়াত কোনো স্বৰ্গীয় বাণী বা নীতি আছেনে? স্বৰ্গীয় সৌন্দৰ্য মানৱ হৃদয়ত  আৰু সুখ মানৱ শৰীৰত আৰু মনত সোমাৱ লাগিব। এয়া সম্ভৱনে?

অশোকে কৈছিল, ‘বন্ধুসকল, মই উপলব্ধি কৰা এটা বস্তু আছে। সেয়া হ’ল দুখ-যন্ত্ৰণা দিয়াত কোনো বিজয় নাই।  শান্তিপূৰ্ণ ৰাষ্ট্ৰই হৈছে বিজয়।

খলিফা ওমৰে কৈছিল, “জেৰুজালেম সোমোৱাৰ পিছত মই শিকিলো যে সকলো মানুহ সমান। আন মানুহক তোমাৰ পথ অনুসৰণ কৰাৰ বাবে শক্তি প্ৰয়োগৰ কোনো কাৰণ নাই। তুমি মাত্ৰ সেইখিনিয়েই পাবা যিখিনি তোমাৰ বাবে পূর্বে নিৰ্দ্ধাৰণ কৰি থোৱা হৈছে। অকল ঈশ্বৰহে সার্বভৗম।’

খলিফা ওমৰে কেতিয়াও পদবীৰ দ্বাৰা তেওঁৰ মৰ্যদা দেখা নাছিল। তেওঁৰ মতে চৰকাৰ আছিল এক পবিত্ৰ নিধি আৰু তেওঁৰ ওপৰত ন্যস্ত কৰা নিধিৰ কোনো বিশ্বাসঘাতকতা নকৰিবলৈ তেওঁ সর্বোত্তমটো কৰিছিল।  

এতিয়া আহিল আইনষ্টাইনৰ পাল। “মই মোৰ বন্ধু ওৱেৰ্নাৰ হাইজেনবাৰ্গৰ মত মনত পেলাবলৈ ভাল পাম। ‘তুমি জানা, আমি পাশ্চাত্যত এটা বিশাল সুন্দৰ জাহাজ তৈয়াৰ কৰিছো। ইয়াত সকলো প্ৰকাৰৰ বিলাসিতা আছে, কিন্তু মাত্ৰ এটা বস্তু নাই। সেয়া হৈছে ইয়াৰ কোনো কম্পাচ নাই আৰু ই নাজানে ই ক’লৈ যাব। ঠাকুৰ আৰু গান্ধী আৰু সিহঁতৰ ভক্তসকলে সেই কম্পাচখন পাইছিল। আমি কিয় সেই কম্পাচখন মানৱ জাহাজত প্ৰয়োগ কৰিব নোৱাৰো যাতে সিহঁতে জীৱনৰ উদ্দেশ্য বুজিব পাৰে।’

আমেৰিকাৰ মহান নেতা আব্রাহাম লিংকন যিজনে দাস প্ৰথাৰ বিৰুদ্ধে যুঁজিছিল আৰু যাৰ জীৱনটো আছিল কিছু ক্ষেত্ৰত মহাত্মাৰ সমান্তৰাল। ইয়াত এটা বস্তু আছে যিটো আমি ক’বলৈ ভাল পামঃ সুখ আহে বিভিন্ন স্তৰত পৰিয়াললৈ অহা সম্পত্তিৰ পৰা। ঈশ্বৰৰ দয়াই মানৱ জীৱনক আশীৰ্বাদ দিয়ে। পৃথিৱীত ঈশ্বৰময় জীৱনৰ দুটা গুৰুত্বপূৰ্ণ উপাদান হৈছে সুখ আৰু স্বৰ্গীয় আশীৰ্বাদ। সম্ভৱতঃ মানুহৰ আৰু জাতিবোৰৰ মাজত বহুত দ্বন্দ্ব আছে। কাৰণ  সম্পত্তি আৰু ক্ষমতা লাভৰ ক্ষেত্ৰত আমি নৈতিক মূল্য হেৰুৱাইছো। আমি নিজকে সুধিব লাগিব মানৱ সজ্ঞানৰ ভূমিকা কি? ৰাজনৈতিক চিন্তা, বৈজ্ঞানিক চিন্তা, আৰু ধৰ্মীয় চিন্তাত ইয়াৰ কোনো অংশ আছেনে? জীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত আধ্যাত্মিকতাৰ প্ৰয়োজন আছেনে? 

মহাত্মা গান্ধীয়ে ঋষি অষ্ট বক্ৰাৰ কথা মনত পেলাইছিল যিজনে প্ৰচাৰ কৰিছিল, “হে মোৰ পুত্ৰ! তুমি হৈছা সেই সজ্ঞানতা যিটোৱে এই ঘটনাময় বিশ্বব্রহ্মাণ্ডৰ সৃষ্টি কৰিছে যিটো তোমাৰ পৰা পৃথক নহয়।  কোনো বস্তু গ্ৰহণীয় বা অগ্ৰহণীয় হয়নে সেই বিষয়ে তাত কিদৰে প্ৰশ্ন হ’ব পাৰে? আমাৰ জীৱনৰ ব্যৱস্থা শান্তি আৰু  উন্নতিৰ হওঁক, শোষণ আৰু দ্বন্দ্ব নহয়।

“এয়াই হৈছে গ্ৰহটোলৈ আমাৰ বাণী। আমি গ্ৰহণ কৰা যিকোনো নীতি মানৱ জাতিৰ কল্যাণৰ বাবে হোৱা উচিত।

তাৰ পিছদিনা ৰাতিপুৱা মই চাহ খোৱাৰ সময়ত এই আচৰিত সপোনটোৰ বিষয়ে ভাবি আছিলো। যদি হেলিকপ্টাৰটোৱে অধিক উচ্চতাত ইন্ধন হেৰুৱালেহেঁতেন? মোৰ নিজৰ দুৰ্ঘটনাটোৰ মাত্ৰ কেইঘন্টামান আগতে এজন সম্ভাব্য নেতা আৰু ডেকা আৰু বুদ্ধিমান সাংবাদিকৰ দল এটাক কঢ়িওৱা এটা উৰাজাহাজ সকলোৰে জীৱন নাশ কৰি দুৰ্ঘটনাগ্ৰস্ত হৈছিল। মই ভাগ্যবান যে মই জীয়াই আছো এতিয়া আছে সেই ৰাতিটোৰ অভিজ্ঞতা যিটোৱে মোৰ বাবে এটা বাণী ধাৰণ কৰিছে। মই  কি কৰা উচিত? ০ ০ ০.

বিবিধ । ৰাবিব মছৰুৰ

সোতৰ শতিকাৰ বিজ্ঞান

সোতৰ শতিকাৰ ইউৰোপৰ কেইবাখনো দেশত কেইজনমান বিজ্ঞানীৰ জন্ম হৈছিল আৰু সিহঁতে বিজ্ঞানৰ বিভিন্ন বিভাগত গৱেষণাপ্ৰসূত বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ পাতনি মেলিছিল। তাৰে প্ৰধান কেইজনমান তলত উল্লেখ কৰা হ’ল।

১৬০০ চনত উইলিয়াম গিলবাৰ্ট নামৰ এজন লোকে ‘De Magnete’ নামৰ গ্ৰন্থ ৰচনা কৰি চুম্বক বিজ্ঞান আৰু বিদ্যুৎ বিজ্ঞান চৰ্চাৰ আধুনিক আৰু বৈজ্ঞানিক ধাৰাৰ প্ৰৱৰ্তন কৰে।

১৬২০ চনত ইংৰাজ দাৰ্শনিক, পণ্ডিত আৰু প্ৰৱন্ধকাৰ বেকনে ‘Novum Organum’ গ্ৰন্থ প্ৰকাশ কৰে। এই গ্ৰন্থৰ সহায়ত বেকনে আৰোহণ, পৰীক্ষা-নিৰীক্ষা আৰু বৈজ্ঞানিক সহযোগিতাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে।

১৬২৮ চনত উইলিয়াম হার্ভেৰ দ্বাৰা ৰচিত ‘On the Motions of Heart and Blood in Animals’ গ্ৰন্থৰ দ্বাৰা জীৱ বিজ্ঞান আৰু শৰীৰ বিজ্ঞান সম্পৰ্কে আলোচনাৰ বাট মুকলি কৰে।

সোতৰ শতিকাৰ আন বহুতো বিজ্ঞানীয়ে বিজ্ঞানৰ অন্যান্য শাখালৈ অভৃতপৃৰ্ব অবদান আগবঢ়ায়। সেইসকলৰ ভিতৰত স্কটলেণ্ডৰ জন নেপিয়েৰ এজন।  তেওঁ ১৬১৪ চনত ‘ঘাতাংক গণিত বা ল’গাৰিদম’ৰ ওপৰত গ্ৰন্থ ৰচনা কৰে। ১৬৪৬ চনত পোলেণ্ডৰ জন হেভেলিয়াছে বুধ গ্ৰহৰ কলা আৰু চন্দ্ৰপৃষ্ঠৰ মানচিত্ৰ অংকন কৰে। ১৬৬৫ চনত হলেণ্ডৰ খ্ৰীষ্টিয়ান হাইজেন্সে শনি গ্ৰহৰ বলয় আবিষ্কাৰ কৰে। ইটালিৰ ট’ৰিচেল্লিয়ে ১৬৪৩ চনত বেৰ’মিটাৰ আৱিষ্কাৰ কৰে। ইটালিৰ মেলপিদিয়ে ‘উদ্ভিদ আৰু প্ৰাণীৰ শৰীৰ বিজ্ঞান’ সম্পৰ্কে গৱেষণা কৰে। জাৰ্মানীৰ গ’ডফ্রিড লেইবনিটজে গণক যন্ত্ৰ, কেলকুলাচ আৰু বাইনেৰী সংখ্যা পদ্ধতি আৱিষ্কাৰ কৰে।

সপ্তদশ শতিকাৰ আন দুজন প্ৰখ্যাত বিজ্ঞানী হ’ল  গেলিলিঅ গেলিলি আৰু ছাৰ আইজাক নিউটন। গেলিলিয়ে নিজে দূৰবীন সাজি চন্দ্ৰ আৰু বৃহস্পতি গ্ৰহৰ উপগ্ৰহৰ ওপৰত গৱেষণা চলায়। তেওঁ গ্ৰহ-নক্ষত্ৰৰ ওপৰত ‘The Starry Messenger’  আৰু ‘Dialogue’  নামৰ গ্ৰন্থ ৰচনা কৰে। গেলিলিয়ে বিজ্ঞান চৰ্চাত আধুনিক  গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষা পদ্ধতিৰ সূচনা কৰে। গেলিলিওৰ পিছত বিজ্ঞান জগতলৈ মহান অৱদান আগবঢ়োৱা বিজ্ঞানীজন হ’ল নিউটন। তেওঁ জ্যোৰ্তিবিজ্ঞান, পদাৰ্থ বিজ্ঞান, গতি বিজ্ঞান আদিৰ ওপৰত যথেষ্ট গৱেষণা কৰি কেইবাটাও যুগান্তকাৰী সূত্ৰ আৱিষ্কাৰ কৰে। তেওঁৰ ‘The Principia’ গ্ৰন্থখন বিজ্ঞান জগতৰ এক আলোড়নকাৰী গ্ৰন্থ।

ইয়াৰ উপৰিও বহুতো বিজ্ঞানীয়ে সপ্তদশ শতিকাৰ বিজ্ঞানৰ অগ্ৰগতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু এই শতিকাতে বিজ্ঞান চৰ্চাৰ আধুনিক পৰীক্ষা-নিৰীক্ষাৰ ধাৰা প্ৰতিষ্ঠিত হয়। ০ ০ ০.

বিবিধ । ৰাবিব মছৰুৰ

ইৰাণৰ চমু ইতিহাস

ইৰাণৰ ইতিহাস অতি প্ৰাচীন। ইয়াৰ প্ৰাচীন সভ্যতাৰ স্বাক্ষৰ ইয়াৰ প্ৰত্নতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক আৰু কৃৰ্তিস্তম্ভত সজীৱ হৈ আছে। প্ৰায় চাৰি হাজাৰ বছৰ পূর্বে আৰ্য গোষ্ঠীৰ লোকসকলে ইয়াত বসবাস কৰিবলৈ লৈছিল। খ্ৰীষ্টপূৰ্ব ছয় শতিকামানত বিখ্যাত ৰজা ছাইৰাছে উত্তৰ ইৰাণৰ মেডেছ’সকলক পৰাস্ত কৰি ইৰানীসকলক একেগোট কৰিছিল। তেওঁৰ পিছত ৰজা দৰিয়াছে সাম্ৰাজ্য প্ৰসাৰৰ প্ৰয়াস কৰিছিল। পৰৱৰ্তীকালত আলেকজেণ্ডাৰৰ  আগমনে ছাইৰাছৰ পাৰ্ছেপলিছ সাম্ৰাজ্যৰ পতন ঘটিছিল।

খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকালৈ চলা গ্ৰীক শাাসনৰ পাছত পাৰ্থিয়ানসকলে ইৰাণৰ শাসনভাৰ লৈছিল। তেওঁলোকৰ শাসনকালত জোৰাষ্টিয়ান ধৰ্মই ৰাজধৰ্ম হিচাপে স্বীকৃতি লাভ কৰিছিল। পাৰ্থিয়ানসকলে ৩৫০ বছৰ ইৰাণ শাসন কৰিছিল।

পাৰ্থিয়ানসকলৰ পিছত ছাজানিকসকলে চাৰিটা শতিকা ইৰাণ শাসন কৰে।  ইয়াৰ পিছত আৰবসকলৰ আগমন ঘটে। আৰবসকলে ইৰাণৰ ইতিহাস সলনি কৰি দিছিল। তেওঁলোকৰ দিনত ইছলাম ধৰ্ম ইৰাণৰ মুখ্য ধৰ্ম হিচাপে স্বীকৃতি পাইছিল। আৰবসকলৰ শাসনকালৰ পৰৱৰ্তী সময়ছোৱাত কেইবা শতিকা জুৰি চলা বিদেশী আক্ৰমণৰ ফলত ইৰাণ বিধবস্ত হৈছিল। 

ইৰাণৰ শাসকসকলৰ ভিতৰত নাদিৰ ছাহ অন্যতম সম্ৰাট আছিল। তেওঁৰ বংশৰ শাসকসকলে প্ৰথম বিশ্ব যুদ্ধৰ সময়লৈকে ইৰাণ শাসন কৰে। প্ৰথম বিশ্ব যুদ্ধৰ পিছত ৰেহাশ্বাহ পাহলাভিয়ে ইৰাকৰ শাসনভাৰ হাতত লয়। তেতিয়াৰ পৰা ইৰাণত আধুনিকতাৰ প্ৰচেষ্টা আৰম্ভ হয়। ১৯৭৯ চনত ইমাম খোমোনিৰ নেতৃত্বত ইৰাণত ইছলামিক গণতন্ত্ৰ প্ৰতিষ্ঠা হয়। বৰ্তমান ইৰাণ এক শক্তিশালী গণতান্ত্ৰিক ৰাষ্ট্ৰ। ০ ০ ০.

বিবিধ । ৰাবিব মছৰুৰ

জন্তু প্ৰেম

বৰুণ এজন প্ৰকৃতিপ্ৰেমী। তেওঁৰ জন্তুপ্ৰেম সৰ্বজনবিদিত। তেওঁৰ বয়স মাত্ৰ ওঠৰ। দুই বছৰ আগতে তেওঁৰ পশু চিকিৎসক পিতৃৰ সহায়ত তেওঁ ’এনিমেল লাভাৰ্চ’ (জন্তুপ্ৰেমী) নামেৰে এটি সংগঠনৰ সৃষ্টি কৰিছে। তেওঁৰ সংগঠনৰ সভ্যসকল হৈছে পশু শল্য-চিকিৎসক, জন্তু কৰ্মী, স্বেচ্ছাসেৱক আৰু ল’ৰা-ছোৱালীসকল। সিহঁত সকলো যত্নশীল ব্যক্তি।

বৰুণে অনুভৱ কৰে যে তেওঁ সেইবোৰ জন্তুৰ কান্দোন শুনিবলৈ পায় যিবোৰ জন্তুয়ে মানুহৰ ভাষাত যোগাযোগ কৰিব নোৱাৰে। তেওঁ মাতৃহীন মেকুৰী পোৱালিৰ যন্ত্ৰণাদায়ক মেউ-মেউ বুজিব পাৰে। গধুৰ বোজা বহন কৰা সময়ত থৰক্‌-বৰক কৰা গাধৰ কষ্ট তেওঁ দেখি উদ্বিগ্ন হয়। যেতিয়া তেওঁ হেৰুৱাই যোৱা কুকুৰ পোৱালিৰ পেন-পেন কান্দোন শুনে তেতিয়া  তেওঁ শোকাতুৰ হৈ পৰে আৰু যেতিয়া কোনো জন্তু কোনো গাড়ীৰ দ্বাৰা আঘাতপ্ৰাপ্ত হয় তেতিয়া তেওঁৰ মন দুঃখেৰে ভৰি পৰে। তেওঁ অনাই-বনাই ঘূৰি ফুৰা বাটৰ জন্তুবোৰক ঘৰলৈ লৈ যায় আৰু সিহঁতক খুওৱায় কাৰণ সেইবোৰো হাড় আৰু ছাল থকা জীৱ।

বৰুণৰ সংগঠনটোৰ প্ৰতিজন সদস্যই বাটৰ জন্তুবোৰক ধৰি আনি সিহঁতৰ খাদ্য, ঔষধ আৰু টীকাকৰণ কৰি যত্ন লয়। গ্ৰীষ্মৰ দিনত সিহঁতে বাটৰ জন্তুবোৰৰ কাৰণে আনকি বহুতো মাটিৰ তৈয়াৰী পানীৰ পাত্ৰ সুবিধাজনক স্থানত স্থাপন কৰে। ই কুকুৰ, মেকুৰী, চৰাই, পৰুৱা আদি জীৱবোৰৰ তৃষ্ণা নিবাৰণ কৰে।

যোৱা বছৰ জুলাই মাহত, বৰুণৰ সংগঠন ‘জন্তু প্ৰেমী’য়ে এটি মহান কাম কৰিছিল। সেই সময়ত অসমত বানপানী আছিল। বৰ্দ্ধিত পানী কাজিৰঙাৰ জন্তুবোৰৰ প্ৰতি ভাবুকিস্বৰূপ হৈ পৰিছিল। বহুতো গড়, হৰিণ আৰু হাতী বানপানীত আবদ্ধ হৈ পৰিছিল। গড়ৰ পোৱালিবোৰ সিহঁতৰ মাকৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল। নিজকে উদ্বাৰ কৰিবলৈ সিহঁত যিহেতু অতি সৰু আছিল সেয়ে সিহঁতে সহজতে আবদ্ধ হৈ পৰিছিল। ‘জন্তুপ্ৰেমী’ৰ কিছুসংখ্যক সদস্যই কাজিৰঙালৈ গৈছিল আৰু বানপানীৰ পৰা তেনে দুটা পোৱালি উদ্ধাৰ কৰিছিল। সিহঁতে গাঁৱৰ লোকসকলৰ সহায়ত কামটো কৰিছিল আৰু সেইবোৰক পুনৰ সংস্থাপন কেন্দ্ৰলৈ পঠিয়াই দিছিল। ‘জন্তুপ্ৰেমী’ৰ দুজন চিকিৎসক সদস্যই চাৰিটামান আঘাতপ্ৰাপ্ত হগ হৰিণ উদ্বাৰ কৰিছিল আৰু সিহঁতক চিকিৎসা কৰিছিল। হগ হৰিণবোৰেও বানপানীৰ সময়ত আটাইতকৈ বেছি দুৰ্যোগ ভূগ কৰে। সিহঁতে নিৰাপদ স্থান বিচাৰি সঘনে ৰাস্তা পাৰ হয়। ৰাস্তা পাৰ হোৱাৰ সময়ত সিহঁতৰ কিছুমানে যানবাহনৰ দ্বাৰা আঘাতপ্ৰাপ্ত হয়।

প্ৰতিবছৰ ‘জন্তুপ্ৰেমী’ সংগঠনৰ সদস্যসকলে অসমৰ বিভিন্ন বানপানী প্ৰভাৱিত অঞ্চলত বানপানী পূৰ্ব-সচেতনতা শিবিৰৰ আয়োজন কৰে। সিহঁতৰ পৰিকল্পনা হৈছে স্থানীয় সম্প্ৰদায়ৰ লোকসকলক কিদৰে জৰুৰী অৱস্থাৰ মোকাবিলা কৰিব লাগে, জীৱ-জন্তুক পৰিচালনা কৰিব লাগে আৰু কিদৰে প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰিব লাগে তাৰ প্ৰশিক্ষণ দিয়া। এইদৰে স্থানীয় সম্প্ৰদায়ৰ লোকসকলে বন বিভাগৰ লোকসকলৰ উদ্বাৰ অভিযানৰ দল অহাৰ আগলৈকে কিদৰে বিপদত পৰা জীৱজন্তুক সেই স্থানতে শান্ত ৰাখিব লাগে আৰু কি পদ্ধতি গ্ৰহণ কৰিব লাগে সেইবোৰৰ বিষয়ে উচিত শিক্ষা লাভ কৰে। বিশেষকৈ হগ হৰিণবোৰে ‘কেপশ্বাৰ মায়োপ্যাথী’ ৰোগত দুৰ্যোগ ভোগ কৰে। যদি সিহঁতক অযথাযথভাৱে ধ’ৰা হয় আৰু ব্যৱহাৰ কৰা হয় তেন্তে সিহঁত মৰি যায়। গতিকে তেন্তে জন্তুবোৰক যথাযথ যত্ন লোৱাৰ বাবে প্ৰশিক্ষণৰ প্ৰয়োজন হয়।

সম্প্ৰতি ‘জন্তুপ্ৰেমী’ সংগঠনৰ সদস্যসকল সিহঁতৰ জন্তু উদ্বাৰ কৰা কামৰ বাবে বিখ্যাত আৰু জনাজাত হৈছে। জীৱ-জন্তুৰ প্ৰতি ইমান আবেগিক হোৱা বাবে সকলোৱে সিহঁতক প্ৰশংসা কৰে। এতিয়ালৈকে সিহঁতে আঘাতপ্ৰাপ্ত ৪৫ টা বাটৰ কুকুৰ, ১৫ টা শহাপশু, ২০ টা মেকুৰীৰ পোৱালি, ১০ টা কপৌ আৰু ২৫ টা ঘৰচিৰিকা চৰাই প্ৰতিপালন কৰিছে।  এইদৰে সিহঁতে এটা ডাঙৰ পৰিয়ালত পৰিণত হৈছে। স্বেচ্ছাচাৰী সদস্যসকল আৰু জন্তুকৰ্মীসকলে কুকুৰবোৰৰ কাৰণে প্ৰতিদিন খাদ্য প্ৰস্তুত কৰে। সিহঁতে জন্তুবোৰ আৰু সিহঁতৰ আশ্ৰয়স্থলো পৰিস্কাৰ কৰে।  সিহঁতে কপৌ আৰু ঘৰচিৰিকা চৰাইবোৰৰ বাবে বিভিন্ন প্ৰকাৰৰ শস্য, মেকুৰীৰ পোৱালিবোৰৰ বাবে গাখীৰ আৰু শহাপশুবোৰৰ বাবে সজীৱ ফল-মূল আৰু শাক-পাচলিৰ যোগান ধৰে।

সংগঠনটোৰ সদস্যসকলৰ এক প্ৰশংসনীয় কাম হৈছে ইয়াৰ প্ৰতিজন সদস্যই সিহঁতৰ নিজ নিজ ঘৰত জীৱ-জন্তুবোৰৰ বাবে এক যত্নশীল পৰিৱেশৰ সৃষ্টি কৰিছে।  সিহঁতৰ পৰিয়ালৰ সদস্যসকলেও বাটৰ জীৱ-জন্তুবোৰক খুওৱাবলৈ চেষ্টা কৰে আৰু জীৱজন্তু আৰু চৰাইবোৰৰ তৃষ্ণা নিবাৰণ কৰাৰ বাবে পানীৰ চৰিয়া ৰাখে।

‘জন্তুপ্ৰেমী’সকলে বিভিন্ন দাতব্য নিধি, শুভাকাংক্ষী, ভাৰতৰ জন্তু কল্যাণ বোৰ্ড ইত্যাদিৰ পৰা দান-বৰঙণি সংগ্ৰহ কৰে। এ ডব্লিউ বি আই য়ে সিহঁতক জীৱ-জন্তুৰ আশ্ৰয়, পানীৰ পাত্ৰ, জীৱজন্তুৰ ঔষধ ক্ৰয়, অন্যান্য সা-সঁজুলি আৰু জন্তুৰ বাবে এম্বুলেঞ্চ ক্ৰয় আৰু প্ৰতিপালনৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদান কৰে। বিশেষকৈ প্ৰাকৃতিক দুৰ্যোগ যেনে-বানপানী, বনজুই আদিৰ সময়ত গৃহপালিত আৰু বাটৰ জীৱ-জন্তুৰ সুৰক্ষা আৰু যত্নৰ প্ৰয়োজন। ইয়াৰ উপৰিও, পথ দুৰ্ঘটনা আৰু বেমাৰৰ বাবে জন্তুবোৰে সঘনে আঘাতপ্ৰাপ্ত আৰু বিকলাংগ হয়। তেনে ক্ষেত্ৰত ‘জীৱ-জন্তুপ্ৰেমী’সকলে জন্তুবোৰৰ যত্ন লোৱৰ বাবে সিহঁতৰ জন্তুৰ বাবে থকা এম্বুলেঞ্চ পঠিয়াই দিয়ে। ০ ০ ০.

বিবিধ । ৰাবিব মছৰুৰ

এন্টাৰ্কটিকা

এন্টাৰ্কটিকা দক্ষিণ মেৰুত।  এইটো পৃথিৱীৰ তল অংশত অৱস্থিত।  এন্টাৰ্কটিকাৰ প্ৰায় গোটেইখিনি এন্টাৰ্কটিকা বৃত্তত অৱস্থিত। এন্টাৰ্কটিকা বৃত্ত হৈছে এক কাল্পনিক ৰেখা যিয়ে পৃথিৱীৰ দক্ষিণ অংশক আগুৰি আছে। এন্টাৰ্কটিকাৰ চাৰিওপিনে দক্ষিণ মহাসাগৰ। আয়তনৰ দিশত ই  পৃথিৱীৰ এচিয়া, আফ্রিকা, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ পিছতেই পঞ্চম বৃহৎ মহাদেশ। এন্টাৰ্কটিকা হৈছে আটাইতকৈ শীতল, শুষ্ক আৰু বতাহযুক্ত মহাদেশ।  এন্টাৰ্কটিকাত কোনো জনমানৱ স্থায়ীভাৱে বাস নকৰে। এন্টাৰ্কটিকাত বাস কৰা মানুহৰ বেছিসংখ্যকেই হৈছে বিজ্ঞানী আৰু সিহঁতৰ সহযোগীসকল।

এন্টাৰ্কটিকাক এখন মৰুভূমি বুলি বিবেচনা কৰা হয়। মৰুভূমি হৈছে এক বিশাল ভূ-অঞ্চল য’ত খুব সামান্য পানী আছে আৰু খুব কম সংখ্যক গছ-গছনিহে তাত জন্মে। বেছিভাগ মৰুভূমি বালিৰ দ্বাৰা আবৃত। চাহাৰা মৰুভূমি হৈছে তেনে মৰুভূমিৰ এটা। কিন্তু এন্টাৰ্কটিকাত কোনো বালি নাই। তেন্তে এন্টাৰ্কটিকাক কিয় এখন মৰুভূমি বুলি বিবেচনা কৰা হয়? এইটো এটা মৰুভূমি কাৰণ ইয়াত অতি কম বৰষুণ হয়। মৰুভূমি হৈছে বৰষুণহীন (শিলা-বৃষ্টিহীন) অতিপাত শুকান ঠাই। শিলা-বৃষ্টি হৈছে বৰষুণ, বৰফ ইত্যাদিৰ পৰিমাণ যি এঠাইত বৰ্ষিত হয়। এন্টাৰ্কটিকাত যিহেতু কোনো বৰষুণ নহয়, সেয়ে ইয়াক মৰুভূমি বুলি কোৱা হয়। প্ৰকৃততে ই পৃথিৱীত থকা আটাইতকৈ ডাঙৰ মৰুভূমি। এইটো পৃথিৱীৰ অতি শুষ্ক আফ্রিকাৰ চাহাৰা মৰুভূতিকৈ তাৎপৰ্যপূৰ্ণভাৱে ডাঙৰ।

দক্ষিণ মেৰুত, শীতকালত (মাৰ্চৰ পৰা আগষ্টলৈ) সূৰ্যটো দিগন্তৰ ওপৰলৈ নুঠে। গ্ৰীষ্মকালত (চেপ্তেম্ভৰৰ পৰা ফেব্রূৱাৰীলৈ) সূৰ্যটো দীৰ্ঘ সময়ৰ বাবে অস্ত নাযায়। এন্টাৰ্কটিকাৰ প্ৰায় ৯৮ শতাংশ বৰফৰ স্তৰে ঢাক খাই আছে যি এমাইলতকৈ অধিক গভীৰ। ই হৈছে পৃথিৱীৰ বৰফৰ প্ৰায়  ৯০ শতাংশ। সেই সকলো বৰফ পৃথিৱীৰ পৰিষ্কাৰ পানীৰ ৭০ শতাংশ। এন্টাৰ্কটিকাৰ ভিতৰৰ গড় উত্তাপ -৬৭° ৰ পৰা  -৭৬°  ফাৰেনহাইট।

এন্টাৰ্কটিকাৰ জলবায়ু জীৱৰ প্ৰতিকূল; সেয়ে ইয়াত অতি কম জৈৱ-বৈচিত্ৰ আছে। তথাপি তিমিৰ কেইবাটাও প্ৰজাতি যেনে-ব্লো হোৱেল, ফিন হোৱেল, হাম্পেবক হোৱেল আৰু স্পাৰ্ম হোৱেল এন্টাৰ্কটিৰ চাৰিওপিনে থকা সাগৰত পোৱা যায়। এই বৰফময় মৰুভূমিৰ অতি বিখ্যাত বাসিন্দা হৈছে পেংগুইন। বিভিন্ন প্ৰজাতিৰ পেংগুইন ইয়াত জন্ম গ্ৰহণ কৰে। সকলো পেংগুইনৰ ভিতৰত সম্ৰাট পেংগুইন হৈছে আটাইতকৈ বিশাল প্ৰজাতিৰ পেংগুইন। পেংগুইন হৈছে উৰিব নোৱাৰা চৰাই। সিহঁতৰ ডেউকা উৰাৰ পৰিৱৰ্তে সাতোঁৰাৰ বাবেহে বিকশিত হৈছে। এন্টাৰ্কটিকাৰ প্ৰতিকূল বতাহ আৰু উষ্ণতা ধৰি ৰখাৰ বাবে সিহঁত একে ঠাইতে গোট খাই থাকে। ইয়াৰ বাহিৰেও নানা প্ৰকাৰৰ শেলুৱৈ, বেক্টেৰিয়া, ভেঁকুৰ, উদ্ভিদ, প্ৰটিষ্টা আৰু নিৰ্দিষ্ট আন আন জীৱ যেনে মাইটচ, নেমাট’ডেচ, ছীল আৰু টাৰ্ডিগ্ৰেড ইত্যাদি তাত পোৱা যায়। 

এন্টাৰ্কটিকা হৈছে এনেকুৱা এটি মহাদেশ যাৰ কোনো প্ৰশাসনীয় গোট নাই। বিভিন্ন দেশে এন্টাৰ্কটিকাৰ অংশ দাবী কৰি আহিছে কিন্তু সেই দাবী অন্যান্য দেশসমূহৰ দ্বাৰা স্বীকৃতি পোৱা নাই। ‘এন্টাৰ্কটিকা চুক্তি’ৰ দ্বাৰা এন্টাৰ্কটিকা মহাদেশখনক সুৰক্ষা দিয়া হৈছে। এই চুক্তিয়ে এন্টাৰ্কটিকাৰ অংশ দাবী কৰাত দেশবোৰক বাধা প্ৰদান কৰিছে। এই চুক্তি ডিচেম্বৰ ১, ১৯৫৯ চনত চহী কৰাৰ বাবে মুকলি কৰা হৈছে আৰু আনুষ্ঠানিকভাৱে ই ২৩ জুন, ১৯৬১ চনত কাৰ্যকৰী কৰা হৈছে।  আৰম্ভণিতে বাৰখন দেশে চুক্তিখনত চহী কৰিছিল। ২০১৯ চনত ৫৪ খন ৰাষ্ট্ৰই চুক্তিখনত চামিল হৈছে। এই চুক্তিখনে ইয়াও নিশ্চিত কৰিছে যে এন্টাৰ্কটিকা অকল বৈজ্ঞানিক উদ্দেশতহে ব্যৱহাৰ কৰিব পৰা যাব।

যদিও সাম্প্ৰতিক সময়ত ই হৈছে পৃথিৱীত থকা আটাইতকৈ শীতল অঞ্চল, গৱেষকসকলে কয় যে প্ৰায় ৫০ মিলিয়ন বছৰ আগতে, এন্টাৰ্কটিকাৰ কিছুমান অংশত উষ্ণতা আছিল  ৬৩° ফাৰেনহাইট বা ১৭° চেলচিয়াচ। এইটো কোৱা হয় যে তাত নাতিশীতোষ্ণ জলবায়ু বিৰাজ কৰিছিল। ইয়াৰ সকলোতে চিৰসেউজ হাবি আছিল আৰু বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু তাত বাস কৰিছিল। সেই সময়ত ই আছিল বৰ্ষাৰণ্যৰ ঘৰ। দুর্ভাগ্যক্ৰমে, সময়ৰ গতিত সেইবোৰ নিম্ন চাপ আৰু বৰফৰ টুপীয়ে মচি পেলাইছিল। বিজ্ঞানীসকলে এইয়া তাত পোৱা সাক্ষ্য যেনে ঢেঁকীয়াৰ জীৱাষ্ম আৰু হাবিৰ জীৱ-জন্তুৰ দ্বাৰা প্ৰমাণ কৰিছে।

অকল্পনীয় শীতৰ বাবে আজি এন্টাৰ্কটিকা হৈছে জীৱনৰ বাবে এক প্ৰতিকূল ঠাই। কিন্তু দুঃসাহসিক অভিযান ভাল পোৱাসকলে এন্টাৰ্কটিকা উপদ্বীপৰ মাজেদি এন্টাৰ্কটিকা ভ্ৰমণ কৰে। এন্টাৰ্কটিকা উপদ্বীপক ‘বেনানা বেল্ট’ বুলিও জনা যায়। পৰ্যটকসকলে এন্টাৰ্কটিকাৰ গ্ৰীষ্মকালত এন্টাৰ্কটিকা ভ্ৰমণ কৰে। এন্টাৰ্কটিকা ভ্ৰমণকাৰীসকলৰ বাবে সদায় অনুমতি লোৱাৰ প্ৰয়োজন হয়। বহুতো মানুহে এন্টাৰ্কটিকাত অনুসন্ধান কৰিছে। এন্টাৰ্কটিকাক অবিকৃত ৰাখিবলৈ  যথেষ্ট সংখ্যক নীতি-নিয়ম প্ৰনয়ণ কৰা হৈছে যাতে কোনেও এন্টাৰ্কটিকাৰ পৰিৱেশ¸ প্ৰদূষিত কৰিব নোৱাৰে। কোনেও এন্টাৰ্কটিকালৈ মাটি বা সাৰ আৰু অন্যান্য বস্তু যেনে কণী আৰু যিকোনো ধৰণৰ মাটিত বসবাস কৰিব পৰা মেৰুদণ্ডহীন লেটা কঢ়িয়াই লৈ যাব নোৱাৰে কাৰণ মাটিয়ে উদ্ভিদৰ বীজ ধাৰণ কৰিব পাৰে। ভ্ৰমণকাৰীসকলে আনকি কোনো বস্তু এন্টাৰ্কটিকাৰ পৰা বহন কৰি আনিব নোৱাৰে। প্ৰত্যেকেই সিহঁতৰ ভ্ৰমণৰ কাৰণে এটা স্মাৰক ৰাখিবলৈ ভাল পায়। এন্টাৰ্কটিকালৈ কোনো বস্তু লৈ যোৱাটো নিষিদ্ধ। এইবোৰৰ অন্তৰ্ভূক্তি হৈছে শিল, পাখি, হাড়, কণী আৰু মাটিৰ চিহ্নৰ সৈতে যিকোনো প্ৰকাৰৰ জৈৱিক পদাৰ্থ।

গ্ৰেট বৃটেইনৰ চাৰ জেমচ ক্লাৰ্ক ৰ’ছ হৈছে এন্টাৰ্কটিকা অভিযানৰ আটাইতকৈ বেছি বিখ্যাত ব্যক্তিসকলৰ ভিতৰত এজন। তেওঁক এন্টাৰ্কটিকাক এখন মহাদেশ বুলি চিহ্নিত কৰা প্ৰথম মানৱ বুলি বিবেচনা কৰা হয়।  নৰৱেৰ ৰ’নাল্ড এমুণ্ডাচন, গ্ৰেট বৃটেইনৰ ৰবাৰ্ট ফেলকন স্কট, অষ্টেলিয়াৰ চাৰ ডগলাচ মাওচন, নিউ জিলেণ্ডৰ চাৰ এডমাণ্ড হিলাৰী হৈছে কেইজনমান অভিযানকাৰী যিসকলে এই বৰফময় ভূ-ভাগত পদাৰ্পন কৰিছিল।

বৰ্তমান সময়ত গোলকীয় উষ্ণতা হৈছে এক জলন্ত সমস্যা। এন্টাৰ্কটিকাত গোলকীয় উষ্ণতাৰ প্ৰভাৱ স্পষ্টভাৱে দেখা যায়। যোৱা ৫০ বছৰত এই বিশাল বৰফময় ভূমিত ক্ৰমান্বয়ে উষ্ণতা বৃদ্ধি পাইছে। উষ্ণতা বৃদ্ধিৰ পৰিণামস্বৰূপে অৱশেষত এন্টাৰ্কটিকাৰ বৰফ গলিব পাৰে যিয়ে গোলকীয় সমুদ্ৰপৃষ্ঠৰ সীমা বৃদ্ধি কৰিব পাৰে। ই গোলকীয় সাগৰৰ উপকূল জলমগ্ন কৰিব পাৰে।

এন্টাৰ্কটিকা বিজ্ঞানীসকলৰ অতি মৰমৰ যিসকলে আমাৰ মাতৃ গ্ৰহ পৃথিৱীক ভাল পায়। ই বিজ্ঞানৰ বাবে গুৰুত্বপূৰ্ণ আৰু ইয়াক পৃথিৱীৰ আটাইতকৈ ডাঙৰ পৰীক্ষাগাৰ বুলি বিবেচনা কৰা হয়। আমাৰ পৃথিৱীখনে কিদৰে কাম কৰে আৰু প্ৰাকৃতিক পৃথিৱীত মানুহৰ কাৰ্য কলাপৰ প্ৰভাৱ কেনেকুৱা এই বিষয়ে এন্টাৰ্কটিকাই আমাক কয়। ০ ০ ০.

বিবিধ । ৰাবিব মছৰুৰ

নাইনিতাল ভ্ৰমণ

অৰ্পিতাই মা-দেউতাৰ সৈতে তাইৰ গৰমৰ বন্ধ নাইনিতালত কটাই আছে। নাইনিতাল হৈছে উত্তৰাখণ্ডৰ এখন পাৰ্বত্য ষ্টেচন। এইটো হৈছে ভাৰতৰ শ্ৰেষ্ঠ ষ্টেচনবোৰৰ ভিতৰত এটা আৰু ই ইয়াৰ বিভিন্ন প্ৰাকৃতিক আকৰ্ষণৰ বাবে বিখ্যাত। অৰ্পিতাৰ মামা মহাশয় আদিত্য শৰ্মাই তেওঁৰ পৰিয়ালৰ সৈতে তাত বাস কৰে।  তেওঁ জিম কৰেবট জাতীয় উদ্যানত কাম কৰে। সেয়ে অৰ্পিতা আৰু তাইৰ মা-দেউতাই তেওঁৰ বাসভৱনত থকা কৰিছে।

অৰ্পিতাই জিম কৰেবট জাতীয় উদ্যানখন চাবলৈ তাইৰ আগ্ৰহ ব্যক্ত কৰিছে।  সেয়ে তাইৰ মামাই তাইৰ কাজিন (সমন্ধীয় ভাই)ৰ সৈতে তাইক উদ্যানখনলৈ লৈ গৈছে। মহাশয় আদিত্য শৰ্মাই উদ্যানখন আৰু জিম কৰবেটৰ বিষয়ে বহুতো তথ্য তাইক কৈছে।

মহাশয় আদিত্য শৰ্মা: অৰ্পিতা, তুমি জানানে যে জিম কৰবেট জাতীয় উদ্যানখন হৈছে ভাৰত আটাইতকৈ পুৰণি জাতীয় উদ্যান? এইটো ১৯৩৬ চনত হেইলি জাতীয় উদ্যান হিচাপে সংকটাপন্ন বেংগল টাইগাৰৰ সুৰক্ষা দিয়াৰ উদ্দেশ্যে স্থাপন কৰা হৈছিল। উদ্যানখন ১৯৫৪-৫৫ চনত পুনৰ নামাকৰণ কৰা হৈছিল ‘ৰামগংগা জাতীয় উদ্যান’ হিচাপে আৰু আকৌ ১৯৫৫-৫৬ চনত ইয়াক ‘জিম কৰেবট জাতীয় উদ্যান’ হিচাপে নামকৰণ কৰা হয়। এই নতুন নামকৰণে  সুপৰিচিত লিখক আৰু প্ৰকৃতিবিদ জিম কৰেবটক সন্মানিত কৰিছে।

অৰ্পিতা: মামা, জিম কৰেবট এজন চিকাৰী আছিল, নহয়নে?

মহাশয় আদিত্য শৰ্মা: হয়, তুমি ঠিকেই কৈছা। কিন্তু তেওঁ এজন প্ৰকৃতি-সুৰক্ষাদাতা বুলি বেছি পৰিচিত। সঁচা কথা ক’বলৈ গ’লে, তেওঁ আছিল এজন প্ৰকৃতিপ্ৰেমী। সৰু কালতে জিম কৰবেটে তেওঁৰ ঘৰৰ চাৰিওফালে থকা হাবি আৰু বনৰীয়া জীৱ-জন্তুৰ প্ৰতি আকৰ্ষিত হৈছিল। তেওঁ  জীৱ-জন্তু, সিহঁতৰ গতি-বিধি আৰু অভ্যাসৰ বিষয়ে জনাৰ উদ্দেশ্যে ৰাতি অকলেই হাবিত কটাইছিল।

অৰ্পিতা: তেওঁৰ জীৱন আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে আমাক কওঁক।

মহাশয় আদিত্য শৰ্মা: এডৱাৰ্ড জেমচ কৰবেট অথবা সুপৰিচিত জিম কৰবেট নাইনিতাল নগৰত ২৫ জুলাই, ১৮৭৫ চনত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পৰিয়ালটো আছিল এটা ডাঙৰ পৰিয়াল। জিমৰ দেউতাক আছিল নাইনিতালৰ এজন পোষ্টমাষ্টৰ। জিমৰ বয়স যেতিয়া ছয় তেতিয়া তেওঁ দেউতাকক হেৰুৱাইছিল। জিম কৰবেটে ১৯৫৫ চনৰ ১৯ এপ্ৰিলত ৭৯ বছৰ বয়সত কেনিয়াত মৃত্যু বৰণ কৰিছিল। 

অৰ্পিতা: আপুনি যে কয় জিম কৰেবট আছিল এজন প্ৰকৃতিৰ সুৰক্ষাকাৰী, ইয়াৰ দ্বাৰা আপুনি কি বুজাইছে?

মহাশয় আদিত্য শৰ্মা: একেজন ব্যক্তিকে বুজাবলৈ চিকাৰী আৰু প্ৰকৃতি সুৰক্ষাদাতা বুলি কোৱাটো অসাধাৰণ কথা, কিন্তু জিম কৰবেটৰ ক্ষেত্ৰত এয়াই সঁচা। তেওঁ আছিল এনে এজন ব্যক্তি যিজনে তেওঁৰ চিকাৰ কৰাৰ দক্ষতা মানৱ জাতিৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰিছিল। বন্য জীৱ-জন্তুৰ সৈতে তেওঁৰ নিকট যোগাযোগৰ বাবে জিম কৰবেট এজন ভাল চিকাৰী হৈ উঠিছিল। তেওঁ আছিল এজন প্ৰকৃতি সুৰক্ষাদাতা কাৰণ পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। 

অৰ্পিতা: এজন ভাল চিকৰী! ইয়ে কি বুজায়?

মহাশয় আদিত্য শৰ্মা: জিম কৰবেটে যেতিয়া বাঘৰ বিশেষ পদচিহ্ন দেখা পাইছিল তেতিয়া সি বাঘৰ বাসস্থান উলিয়াব পাৰিছিল। সেয়ে তেওঁক এজন ভাল চিকাৰী বুলি কোৱা হয়। 

অৰ্পিতা: তেওঁ বাঘ আৰু নাহৰফুটুকীয়া দুয়োকে মাৰিছিল নে?

মহাশয় আদিত্য শৰ্মা: হয়। তেওঁৰ এখন কিতাপত এই বিষয়ে লিখিছিল। তেওঁ বাঘ আৰু নাহৰফুটুৰীৰ মাজত প্ৰধান পাৰ্থক্য ধৰিব পাৰিছিল। তেওঁৰ মতে এই দুটাৰ মাজত বাঘক চিকাৰ কৰা আৰু গুলি কৰা সহজ। যেতিয়া বাঘ এটা নৰ-খাদক হয়, তেতিয়া ই মানুহৰ প্ৰতি থকা সকলো ভয় হেৰুৱাই পেলায়। যিহেতু মানুহে ৰাতিৰ তুলনাত দিনৰ ভাগত অধিক মুক্তভাৱে ঘূৰা-ফিৰা কৰিব পাৰে, সেয়ে বাঘ এটাই এই সময়ত মানুহক আক্ৰমণ কৰিবলৈ সমৰ্থ হয়। আনহাতে, এটা নাহৰফুটুকীয়াই আনকি বহু সংখ্যক মানুহক হত্যা কৰাৰ পিছতো মানুহৰ প্ৰতি ইয়াৰ ভয় হ্রাস নাপায়। দিনৰ পোহৰত ই মানুহৰ মুখামুখি হ’বলৈ অনিচ্ছুক। এইটোৱে ৰাতিহে চিকাৰ কৰে যেতিয়া মানুহে ঘূৰা-ফিৰা কৰি থাকে বা ই ৰাতি মানুহৰ ঘৰ ভাঙিও মানুহ চিকাৰ কৰে।

অৰ্পিতা: মানুহ মাৰা আৰু নৰখাদক হোৱাটো বাঘ আৰু নাহৰফুটুকীৰ অভ্যাসনে?

মহাশয় আদিত্য শৰ্মা: কৰবেটৰ মতে, মানুহ বাঘৰ স্বভাৱিক চিকাৰ নহয়। যেতিয়া কৰবেটে তেওঁ হত্যা কৰা বাঘৰ দেহ বিশ্লেষণ কৰিছিল, তেওঁ লক্ষ্য কৰিছিল যে সিহঁত কোনো বেমাৰত ভূগিছিল বা আগতে কোনোবাই কৰা গুলিত আঘাতপ্ৰাপ্ত হৈছিল বা কেঁটেলাপহুৰ কাঁইটৰ দ্বাৰা আক্ৰান্ত হৈছিল। আঘাত বা বুঢ়া বয়সৰ বাবে যেতিয়া বাঘে পহু চিকাৰ কৰিবলৈ অসমৰ্থ হৈছিল তেতিয়াহে সিহঁতে নৰ-খাদক হৈছিল।

অৰ্পিতা: এয়া বৰ আমোদজক! মামা, অনুগ্ৰহ কৰি আমাক কৰবেটৰ চিকাৰ কৰাৰ অভিজ্ঞতাৰ বিষয়ে কওঁক।

মহাশয় আদিত্য শৰ্মা: বাৰু, হে মোৰ মইনা। মই জনা সকলো কথা তোমালোকক কম। সংযুক্ত ৰাজ্যসমূহ (বৰ্তমান উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড) ৰ চৰকাৰৰ দ্বাৰা কৰবেটক প্ৰায়ে নৰখাদক বাঘ আৰু নাহৰফুটুকী মাৰিবলৈ কোৱা হৈছিল। তেওঁ ১৯০৭ আৰু ১৯৩৮ চনৰ ভিতৰত ৩৩ টা নৰখাদক বাঘ মাৰিছিল যাৰ ভিতৰত ১৯ টা আছিল বাঘ আৰু ১৪ টা আছিল নাহৰফুটুকী। ইয়ৰ ভিতৰত আছিল চম্পাৱতীৰ নৰখাদক যিটোৱে ৪৩৬ জন মানুহ আৰু পানাৰ নাহৰফুটুকী যিটোৱে ৪০০ মানুহ মাৰিছিল বুলি চৰকাৰী নথিভূক্ত হৈছিল। ৰুদ্ৰপ্ৰয়াগৰ নাহৰফুটুকীয়ে ১২৬ জন মানুহৰ মৃত্যু ঘটোৱা বুলি কোৱা হয়। এই হিচাপ কৰি ডাঙৰ মেকুৰী (বাঘ) য়ে মুঠ ১, ২০০ নৰ, নাৰী আৰু ল’ৰা-ছোৱালী হত্যা কৰিছিল।

বিপদজনক চিকাৰ কৰাৰ সময়ত, কৰবেটে অকলে আৰু ভৰিৰে খোজকাঢ়ি গৈ চিকাৰ কৰিবলৈ পছন্দ কৰিছিল। তেওঁ প্ৰায়ে ৰবিন, নামৰ সৰু কুকুৰৰ লগত চিকাৰ কৰিছিল যাৰ বিষয়ে তেওঁ ‘কুমায়ুনৰ নৰখাদক’ নামৰ প্ৰৱন্ধটোত লিখিছিল।  স্থানীয় মানুহ বা নিৰ্দিষ্ট অঞ্চলৰ গাওঁৰ মানুহে সদায় কৰেবটক বাঘৰ পিছ লোৱা আৰু চিকাৰ কৰাত সহায় কৰিছিল।

নৰখাদক চিকাৰ কৰাৰ সময়ত কৰবেটে চৰকাৰৰ দ্বাৰা দুটা চৰ্ত পূৰণ কৰাৰ ওপৰত জোৰ দিছিল। প্ৰথম, চৰকাৰী পুৰস্কাৰ প্ৰত্যাহাৰ কৰা যাতে ভাৰতীয় বন্যপ্ৰানীৰ ধনলোভী চিকাৰী বুলি তেওঁ বিবেচিত নহয়। দ্বিতীয়, আন আন চিকাৰীক প্ৰত্যাহাৰ কৰা যাতে তেওঁ আকস্মিক গুলি খোৱা এৰাই চলিব পাৰে। আজি কৰবেটৰ চিকাৰ অভিযানৰ বিষয়ে জনা আৰু উপভোগ কৰাৰ সর্বোত্তম উপায় হৈছে তেওঁৰ কিতাপ অধ্যয়ন কৰা।

(অৰ্পিতাই তিনি ঘন্টামান ঘূৰি-ফুৰি তাইৰ কাজিন আৰু মামাৰ সৈতে মামাৰ বাসভৱনলৈ ঘূৰি আহিল) ০ ০ ০.

বিবিধ । ৰাবিব মছৰুৰ

আটাইতকৈ দীৰ্ঘ ৰেল ভ্ৰমণ

(মালবিকা আৰু শিখাই যোৱা বছৰ বিবেক এক্সেপছত কন্যাকুমাৰালৈ গৈছিল।  তলত এই ভ্ৰমণৰ সময়ত মালবিকাই লাভ কৰা অভিজ্ঞাৰ এক সাৰাংশ দিয়া হ’ল।)

দীৰ্ঘ অপেক্ষাৰ অন্তত আমাৰ গ্ৰীষ্মৰ বন্ধ আহিল। মই  কন্যাকুমাৰীক মোৰ গ্ৰীষ্মৰ বন্ধ কটোৱাৰ লক্ষ্যস্থান হিচাপে নিৰ্বাচন কৰিলোঁ। মই ৰেল ভ্ৰমণ পছন্দ কৰো।  ৰেল ভ্ৰমণ সম্পূৰ্ণ উত্তেজনাপূৰ্ণ। মই ৰেলেৰে ভাৰতৰ কেইবাটাও অঞ্চল ভ্ৰমণ কৰিছোঁ আৰু সেই ভ্ৰমণৰ সময়ছোৱাত অভিজ্ঞাতা লাভ কৰিছিলো। এয়া বৰ মনোমুগ্ধকৰ যে ৰেল ভ্ৰমণে  বিভিন্ন সংস্কৃতি, অঞ্চল, ভাষা আৰু  ৰন্ধন শৈলীৰ বিষয়ে আমাৰ  অভিজ্ঞতা বৃদ্ধি কৰে। ৰেল ভ্ৰমণৰ আন এক সুবিধা হৈছে ই বিভিন্ন মানুহৰ লগত ভাৱ-বিনিময়ৰ সুযোগ দিয়ে।

মোৰ সহপাঠী শিখায়ো এই ভ্ৰমণত মোৰ লগত যাবলৈ ইচ্ছা কৰিছিল। সেয়ে আমি বিবেক এক্সপ্ৰেছৰ বাবে দুটা টিকেট লৈছিলো। এই ভ্ৰমণটোৰ বাবে আমি সকলো প্ৰকাৰৰ প্ৰয়োজনীয় যা-যোগাৰ কৰি লৈছিলো। যিহেতু শিখা আৰু মই দেমাজী জিলাৰ এখন গাওঁ মুৰকংচেলেকৰ বাসিন্দা, সেয়ে আমি আমাৰ কন্যাকুমাৰী যাত্ৰাৰ এদিন আগতে গুৱাহাটীলৈ যাব লগা হৈছিল। সেইমতে আমি কামাখ্যা- মুৰকংচেলেক লাচিত এক্সেপছত গুৱাহাটীলৈ আহিছিলো। আমি ৰাতিটো গুৱাহটীতে কটাছিলোঁ। পিছদিনা আমি আমাৰ বয়-বস্তু লৈ গুৱাহাটী ৰেল ষ্টেচনত উপস্থিত হ’লোঁ।

ডিব্রূগড়-কন্যাকুমাৰী বিবেক এক্সেপছখন হ’ল এখন সাপ্তাহিক ৰেল। এইটো অসমৰ ডিব্রূগড়ৰ পৰা তামিলনাডুৰ কন্যাকুমাৰীলৈকে চলে। এই বিবেক এক্সপ্ৰেছখন স্বামী বিবেকানন্দৰ ১৫০ তম জন্মবাষিকী উপলক্ষে আৰম্ভ কৰা হৈছিল। ই ডিব্রূগড়ৰ পৰা কন্যাকুমাৰী পাবলৈ ৮৩ ঘন্টা সময় লয়। যাত্ৰাপথত ই ৪,২৩৩ কিলোমিটাৰ দূৰত্ব সাঙুৰি লয় আৰু ভাৰতৰ আঠখন ৰাজ্যৰ মাজেদি যায়।সময় আৰু দূৰত্বৰ পিনৰ পৰা ই ভাৰত উপমহাদেশখনৰ আটাইতকৈ দীৰ্ঘ যাত্ৰাৰ ৰেল বুলি  ৰেকৰ্ড লাভ কৰিছে।  ৰেলখনৰ যাত্ৰাপথত ৫৬ টা স্থানত ৰয়।  ই অসম, নাগালেণ্ড, পশ্চিম বংগ, বিহাৰ, উডিছা, অন্ধ্ৰপ্ৰদেশ, কেৰালা আৰু তামিলনাডুৰ মাজেদি যায়।

যেতিয়া আমি গুৱাহাটী ৰেলৱে ষ্টেচনত বিবেক এক্সেপছত উঠো তেতিয়া ই এক বিবুদ্ধিকৰ (ঠেলা-হেঁচাৰ) দৃশ্য প্ৰদৰ্শন কৰিছিল। ই মানুহৰ জুমেৰে ভৰ্তি আছিল যিসকল সিহঁতৰ বন্ধু-বান্ধৱী আৰু আত্মীয়সকলক বিদায় জনাবলৈ আহিছিল। ৰেলখনত উঠিবলৈ যাত্ৰীসকলে বৰকৈ ঠেলা-হেঁচা কৰিছিল। আমি আমাৰ ডবাত উঠিছিলো। বিভিন্ন সম্প্ৰদায়ৰ মানুহ ডবাখনত ঠেহ খাই পৰিছিল। যাত্ৰীসকলৰ কিছুমান আছিল অসভ্য আৰু কিছুমান আছিল ভদ্ৰ। ১১.৪৫ বজাত প্ৰহৰীজনে শিঙা বজাইছিল আৰু সেউজীয়া পতাকা উৰুৱাইছিল। ঘন্টাটো বাজি উঠিছিল আৰু ইঞ্জিনটোৱে তীব্র হুইছেল বজাই সুকলমে ষ্টেচন এৰিছিল। 

অৱশেষত আমাৰ অতি আকাঙ্খিত যাত্ৰা আৰম্ভ হৈছিল। দুঘন্টা পিছত আমি গোৱালপাৰা পাইছিলোঁ। আমি মহাবাহু ব্রহ্মপুত্ৰ নদীৰ ওপৰত থকা নৰনাৰায়ণ সেঁতু অতিক্ৰম কৰিছিলো। এইটো সঁচাকৈয়ে এক সুন্দৰ দলং। ইয়াৰ দুই মহলা পথ আছে। তলৰ মহলাটো ৰেলৰ বাবে আৰু ওপৰৰ মহলাটো গাড়ীৰ বাবে।  আবেলি ৩ বজাত আমি নিউ বঙাইগাওঁ ষ্টেচন পাইছিলোগৈ। আমি তাত কেইটামান বিস্কুট আৰু চাহ খাইছিলো। টিকেট পৰীক্ষকজন আমাৰ ডবালৈ আহিছিল আৰু আমাৰ টিকেটবোৰ পৰীক্ষা কৰিছিল।

৪.৪৫ বজাত আমি পশ্চিমবংগৰ আলিপুৰ দুৱাৰ জনশ্বন পাইছিলো। যিহেতু ৰেলখন বিভিন্ন অঞ্চলৰ গাওঁৰ মাজেদি গৈছিল, সেয়ে মই গাঁৱলীয়া সৌন্দৰ্য চাই অভিভূত হৈছিলো।  আমি ধানৰ পথাৰ দেখা পাইছিলো য’ত খেতিয়কসকলে শস্য চপাই আছিল।  মুক্ত ঘাঁহনি পথাৰত গৰু-ম’হ চৰি আছিল। 

আমাৰ ৰেলখন আলিপুৰ দুৱাৰ জংশ্বন পাৰ হৈছিল আৰু ইয়াৰ  এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যৰ মাজেদি যাত্ৰা অব্যাহত ৰাখিছিল। সন্ধিয়া ৮.৩০ বজাত আমি আমাৰ ৰাতিৰ আহাৰ গ্ৰহণ কৰিছিলো। খাদ্য ভাল আছিল। আহাৰ গ্ৰহণৰ পিছত শিখা আৰু মই আমাৰ ভ্ৰমণৰ বিষয়ে কথা পতা আৰম্ভ কৰিছিলো। তাই মোক কৈছিল যে এবাৰ তাই আৰু তাইৰ মামা আৰু খুড়ীয়ে মহাৰাজা এক্সপ্ৰেছত ভ্ৰমণ কৰিছিল যিটো হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ অধিক খৰচী ৰেল। সিহঁতে দিল্লী, আগ্ৰা, জয়পুৰ, বিকানাৰ, যুদপুৰ, উদয়পুৰ, ৰান্থাম্ব’ৰ নেচনেল পাৰ্ক, খাজুৰাহো, বাৰানসী, লখনৌ, মুম্বাই আৰু ঔৰাংগবাদ ভ্ৰমণ কৰিছিল। ৰাতি দহ বজাত আমি নিউ জলপাইগুৰি পাইছিলো। তেতিয়া মই শিখাক কৈছিলো যে মই জিৰণি ল’ব বিচাৰো। মই যিহেতু খোলা খিড়িকীৰ সৈতে তলৰ বিচনাত আছিলো সেয়ে মই খিড়িকী জপাই দি টোপনি যাবলৈ চেষ্টা কৰিছিলো। পিছদিনা ৮ বজাত আমি দুৰ্গাপুৰ পাইছিলো আৰু আমাৰ জলপান গ্ৰহণ কৰিছিলো। জলপান গ্ৰহণ কৰাৰ পিছত আমি আমাৰ সহযাত্ৰীসকলৰ লগত কথা পাতিছিলো। ই আছিল এক প্ৰকৃত স্ফূর্তি।

সন্ধিয়া ৪.৩০ বজাত আমি ক’টাক পাইছিলো। এইদৰে আমি উৰিষ্যাত সোমাই গৈছিলো। ৩.১০ বজাত আমি ভূৱনেশ্বৰ পাইছিলোগৈ। ই হৈছে উৰিষ্যাৰ ৰাজধানী আৰু ভাৰতৰ আটাইতকৈ বিশাল নগৰবোৰৰ ভিতৰত এটা। ইয়াক ‘ভাৰতৰ মন্দিৰ নগৰ’ বুলি কোৱা হয়। সেইদিনাখনো আমি সন্ধিয়া ৮.৩০ বজাত আমাৰ ৰাতিৰ আহাৰ গ্ৰহণ কৰিছিলো। কিন্তু এইবাৰ আমি ভাত আৰু দাইলৰ পৰিৱৰ্তে চাপাটি আৰু মটৰ-পনীয়েৰ অৰ্ডাৰ কৰিছিলো।

আমি ক’টাকত কেইটামান আনন্দদায়ক উপন্যাস ক্ৰয় কৰিছিলো। তেনে দীৰ্ঘ ৰেলযাত্ৰাৰ ক্লান্তিৰ পৰা সকাহ পাবৰ উদ্দেশ্যে আমি দুয়োজনে সেই উপন্যাস পঢ়িবলৈ সিদ্ধান্ত লৈছিলো। আমি কিনা দুখন আনন্দদায়ক উপন্যাস আছিল  খালেদ হুছেইনৰ ‘দি কাইট ৰানাৰ’ আৰু  ‘এ থাউজেণ্ড স্প্লেন্ডিড চানচ’। আমি দুয়োজনে দুয়োখন কিতাপ পঢ়িবলৈ লৈছিলো। আমি পঢ়ি যোৱাৰ লগে লগে কিতাপবোৰৰ আলোচ্য বিষয় আৰু লিখন শৈলীৰ ওপৰত আলোচনা কৰিছিলো। এইদৰে ৮৩ ঘন্টা বিবেক এক্সপ্ৰেছত কটোৱাৰ পিছত, অৱশেষত আমি আমাৰ লক্ষ্যস্থান কন্যাকুমাৰী পাইছিলোগৈ।

কন্যাকুমাৰী হৈছে তামিলনাডুৰ এখন চহৰ। আমি তাত এখন হোটেলত এসপ্তাহ আছিলো। কন্যাকুমাৰীৰ প্ৰখ্যাত দৰ্শনীয় স্থানসমূহ হ’ল তিৰুভাল্লুভাৰ ষ্টেশ্বো, বিবেকানন্দ ৰ’ক মেম’ৰিয়েল, গান্ধী মেম’ৰিয়েল মান্দাপাম, চুনমী মেম’ৰিয়েল পাৰ্ক ইত্যাদি। আমাৰ থকাকালীন সময়ত আমি এই সকলো স্থান দৰ্শন কৰিছিলো।  আমি আনকি বজাৰ কৰিবলৈয়ো গৈছিলো আৰু কিছুমান পৰম্পৰাগত কাপোৰ-কানি, মোনা, শ্ব পিচ আদি কিনিছিলো। তাত এসপ্তাহমান কটোৰ পিছত আমাৰ ওভোতা যাত্ৰা আৰম্ভ কৰিছিলো। ০ ০ ০.

বিবিধ । ৰাবিব মছৰুৰ

আধুনিকতা আৰু বিহু

বিহু অসমৰ অকল জাতীয় উৎসৱেই নহয়, ই অসমৰ পৰিচয়, সত্বা আৰু সংস্কৃতিৰ এৰাব নোৱাৰা অংগ। বিহু উৎৱসটি ইতিহাসৰ কোনটো যুগত জন্ম গ্ৰহণ কৰিছিল তাৰ কোনো হদিচ পাবলৈ নাই। কিন্তু এই উৎসৱ যে অতি প্ৰাচীন কালৰ পৰা অসমত পৰম্পৰাগতভাৱে আৰু অতি উদ্যমৰ সৈতে পালন কৰা হৈ আছে তাত কোনো সন্দেহ নাই। বিহু উৎসৱৰ পালন কৰা সময়,  ধৰণ আৰু বৈশিষ্ট্য অনুধাৱন কৰিলে দেখা যায় ই এক কৃষিভিত্তিক উৎসৱ আৰু কৃষিৰ ওপৰত ভিত্তি কৰিয়েই এই উৎসৱৰ জন্ম হৈছিল। 

বিংশ শতাব্দীৰ প্ৰায় শেষাৰ্ধলৈকে বিহু উৎসৱটি পূৰাপুৰিভাৱেই এক কৃষি আৰু চহা উৎসৱ আছিল। ডেকা গাভৰুয়ে মুকলি পথাৰত বোকা-পানীৰ মাজত বিহু উৎসৱ অকৃত্তিমভাৱে পালন কৰিছিল। কিন্তু সময় বাগিৰ যোৱাৰ লগে লগে মানুহৰ জীৱন-শৈলী, মূল্যবোধ, অভিৰুচি আদিৰ সলনি হ’বলৈ ধৰে। আধুনিকতাৰ বতাহে অসমীয়াৰ বাপতিসাহোন বিহুকো চুই গৈছে আৰু ই দ্ৰুত গতিত ই আধুনিকতাৰ পিনে গতি লৈছে।

বিহুয়ে আধুনিকতাৰ ৰূপ লোৱাৰ আগতে ইংৰাজ শাসন কালত অসমৰ কিছুসংখ্যক প্ৰভাৱশালী ব্যক্তিয়ে বিহুত ডেকা-গাভৰুৰ নাচ অশ্লীল বুলি অভিযোগ কৰি ইয়াক নিষিদ্ধ কৰিবলৈ ইংৰাজ চৰকাৰৰ ওচৰত আবেদন জনাইছিল। উদাহৰণ স্বৰূপে হলিৰাম ঢেকীয়াল ফুকন, কমলাকান্ত ভট্টাচাৰ্য, গুণাভিৰাম বৰুৱা আদি ব্যক্তিসকলে বিহুৰ বিৰুদ্ধে কাকত-আলোচনীত লিখা-মেলা কৰিছিল। ১৮৯৮ চনত বুদ্ধিন্দ্ৰনাথ ভট্টাচাৰ্যদেৱে বিহু উৎসৱটি ৰদ কৰিবলৈ ইংৰাজ চৰকাৰক পৰামৰ্শ আগবঢ়াইছিল। চৰকাৰেও বিভিন্ন ব্যক্তিৰ বিহু বিৰোধী আলোচনা আৰু লিখা-মেলাবোৰৰ বিষয়ে গম পাই  বিহুক সম্পূৰ্ণ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয়। অৱশ্যে কেইজনমান মুষ্টিমেয় ব্যক্তিৰ বাহিৰে সৰ্বসাধাৰণ ৰাইজ বিহুৰ পক্ষে আছিল। বিহুৰ বিৰুদ্ধে কৰা প্ৰৰোচনামূলক আলোচনাৰ বিষয়ে গম পাই সেই সময়ৰ কেইজনমান ব্যক্তিয়ে ৰাইজৰ লগত সমূহীয়াভাৱে এই বিষয়ে আলোচনা কৰে। আলোচনাৰ সিদ্ধান্ত মৰ্মে নগাওঁৰ ঢুলীয়া মইমত টাটিঙা হাজৰিকা নামৰ এজন ব্যক্তিয়ে এটা বিহুৱা দল সাজু কৰি একমাত্ৰ নাচনী হিচাপে নিজৰ ভনীয়েক চেনিমাইক লগত লৈ গুৱাহাটীলৈ যায় আৰু ইংৰাজ চাহাবৰ আগত বিহু মাৰি দেখুৱায়। সেই বিহু চাই চাহাবে তাত একো অশ্লীলতা দেখা নাপাই ভূয়সী প্ৰশংসা কৰে আৰু ধন্যবাদ দিয়ে । আনকি ইংৰাজ চাহাব গৰ্ডনে  বিহুৰ সমৰ্থনত কাকতত প্ৰবন্ধ লিখে। ফলত বিহু উৎসৱ নিষিদ্ধ কৰাৰ চৰকাৰী সিদ্ধান্ত ৰদ হয়। 

১৯৪১ চনত পোনপ্ৰথমবাৰৰ বাবে মহেশ্বৰ নেওগ আৰু কেইজনমান ব্যক্তিৰ উদ্যমত  শিৱসাগৰৰ মঞ্চত বিহু প্ৰদৰ্শন কৰা হয় আৰু ১৯৫১ চনত ৰাধাগোবিন্দ বৰুৱাৰ পৃষ্ঠপোষকতাত গুৱাহাটীত বিহু সন্মিলনৰ আয়োজন কৰা হয়। তেতিয়াৰ পৰা বিহু ক্ৰমান্বয়ে মুকলি আকাশৰ তলৰ পৰা চহৰৰ মঞ্চ দখল কৰাত লাগে। বৰ্তমান মঞ্চ বিহুৱে সমগ্ৰ অসমজুৰি অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰা দেখা গৈছে। ইয়াৰ বিপৰীতে কৃষি উৎসৱ বিহুয়ে আগৰ সৰলতা, প্ৰাকৃতিকত্ব, চহা ৰূপ আদি  বৈশিষ্ট্য হেৰুৱাই আছে। আনকি মঞ্চ বিহুত পৰম্পৰাগত থলুৱা নাচৰ লগতে বিদেশী নাচৰ ঠাঁচও যোগ হৈ আছে। চহৰৰ কোনো কোনো বিহুত থলুৱা বাদ্য-যন্ত্ৰৰ লগতে পাশ্চাত্য বাদ্যযন্ত্ৰৰ ব্যৱহাৰো হৈ আছে। এইবোৰ অসমীয়াৰ বাপতি সাহোন বিহুৰ বাবে সুভ লক্ষণ নে অশুভ লক্ষণ সেয়া চিন্তাৰ বিষয়। আমি ভয় কৰো সময়ত বিহু গীত পশ্চিমীয়া পপ সংগীত আৰু ফ্রান্সৰ বল ডেন্সৰ ঠাঁচ লাভ কৰি বিহুৰ অসমীয়াত্ব, মৌলিক ৰূপ আৰু তাৎপৰ্য হেৰুৱাই পেলাব! ০ ০ ০.

বিবিধ । ৰাবিব মছৰুৰ

মহাকাশত ভাৰতবৰ্ষ

মহাকাশ হৈছে কেতিয়াও শেষ নোহোৱা ত্ৰিমাত্ৰিক বিস্তাৰ য’ত বস্তুৰ অস্তিত্ব আছে, কাৰ্য সংঘটিত হয় আৰু যাৰ স্থান আৰু পথ আছে। মহাকাশত কোনেও তোমাৰ চিৎকাৰ শুনিব নোৱাৰে। কাৰণ ইয়াত কোনো বায়ু নাই; ই বায়ু শূন্য।

বিশ্বৰ প্ৰায় সকলো দেশৰে নিজস্ব মহাকাশ কাৰ্যসূচী আছে। ভাৰতবৰ্ষৰ মহাকাশ গৱেষণা কাৰ্যসূচী ইয়াৰ স্বাধীনতাৰ পিছতে আৰম্ভ হৈছিল। ভাৰতৰ বিজ্ঞানীসকল আৰু ৰাজনীতিকসকলে এয়া উপলব্ধি কৰিছিল যে ভাৰতবৰ্ষৰ দৰে বিশাল দেশ এখনৰ বাবে দূৰ সংযোগ আৰু যোগাযোগৰ বাবে মহাকাশত ইয়াৰ নিজা উপগ্ৰহ থকা প্ৰয়োজন। সেইমতে ড° বিক্ৰম চাৰাভাইয়ে ১৯৪৭ চনত আহমেদাবাদত ফিজিকেল ৰিচাৰ্চ লেবৰেটৰী স্থাপন কৰিছিল। ভাৰতবৰ্ষৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুয়েও জাতিটোৰ বিকাশৰ বাবে বৈজ্ঞানিক বিকাশ আৰু গৱেষণাৰ প্ৰয়োজনীয়তা অনুধাৱন কৰিছিল। ১৯৬২ চনত ড° বিক্ৰম চাৰাভাইক চিয়াৰমেন হিচাপে লৈ ড° হোমি ভাবাই ইণ্ডিয়ান নেচনেল কমিটি ফ’ৰ স্পেচ ৰিচাৰ্চ যাক ‘ইনকচপাৰ’ বুলি জনা যায় সেয়া স্থাপন কৰিছিল আৰু এনেদৰেই ভাৰতবৰ্ষৰ মহাকাশ কাৰ্যসূচী আৰম্ভ হৈছিল। 

১৯৬২ চনৰ ওচৰা-ওচৰি  ইউ এনৰ পৃষ্ঠপোষকতাত শব্দ থকা ৰকেট পৃথিৱীৰ বিষুৱীয় অঞ্চল আৰু দক্ষিণ গোলাৰ্ধত বৰ্হি মহাকাশৰ শান্তিপূৰ্ণ ব্যৱহাৰৰ বাবে ইউ এন কমিটিয়ে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল। শব্দ থকা ৰকেট হৈছে এনে ৰকেট যিয়ে ‘শব্দ’ অথবা বায়ুমণ্ডলৰ বিভিন্ন স্তৰ অধ্যয়ন কৰে। সেইমতে নাচাই মহাকাশ গৱেষণাৰ বাবে আমেৰিকাৰ শব্দ থকা ৰকেট ভাৰতবৰ্ষৰ পৰা নিক্ষেক্ষ কৰিবলৈ  ভাৰতীয় জাতীয়  মহাকাশ গৱেষণা কমিটিৰ লগত এখন চুক্তিত সাক্ষৰ কৰিছিল।

নাচায়ো ভাৰতীয় বিজ্ঞানীসকলক আমেৰিকাৰ পৰা আমদানি কৰা ৰকেট সংগ্ৰহ কৰা আৰু নিক্ষেপ কৰাৰ বাবে ভাৰতীয় বিজ্ঞানীসকলক প্ৰশিক্ষণ দিবলৈ মান্তি হৈছিল।

১৯৬৩ চনৰ ২১ নেভম্বৰত এটা সৰু বিজ্ঞানী দলে থিৰুভানানথাপুৰমৰ থাম্বুৰ সাগৰৰ উপকূলৰ এখন সৰু গাঁৱত থকা  থাম্বু ৰকেট লাঞ্চিং ষ্টেচনৰ পৰা প্ৰথম ৰকেটটো নিক্ষেপ কৰি এক ইতিহাস সৃষ্টি কৰিছিল। ইয়াৰ পিছত বায়ুমণ্ডল অধ্যয়ন কৰা বহুতো ৰকেট থাম্বুৰ পৰা উত্তোলন কৰা হৈছিল।

১৯৬৬ চনত ড° বিক্ৰম চাৰাভাইয়ে নাচাৰ লগত কথা পাতিছিল। ইয়াৰ পৰিণতি হিচাপে ১৯৬৬ চনত চেটেলাইট ইনচট্ৰাকশ্বনেল টেলিভিচন এক্সেপৰিমেন্ট জুলাই ১৯৭৫ আৰু জুলাই ১৯৭৬ চনৰ মাজৰ সময়খিনিত উৎক্ষেপণ কৰা হৈছিল। ড° চাৰাভায়ে এখন ভাৰতীয় উপগ্ৰহ তৈয়াৰ কৰা আৰু নিক্ষেপ কৰাৰ প্ৰকল্পও আৰম্ভ কৰিছিল।  ফলস্বৰূপে ভাৰতৰ প্ৰথম উপগ্ৰহ ‘আৰ্যভট্ট’  ৰাছিয়াৰ কচমোড্ৰমৰ পৰা ১৯৭৫ চনত কক্ষপথত স্থাপন কৰা হৈছিল।

১৯৬৮ চনৰ ২ ফেব্রূৱাৰীত থাম্বু ইকুয়েট’ৰিয়েল ৰকেট লাঞ্চিং ষ্টেচনটো আনুষ্ঠানিকভাৱে তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দ্বাৰা ইউ এনৰ নামত উছৰ্গা কৰা হৈছিল। ইয়াৰ প্ৰধান লক্ষ্য আছিল ইউ এনৰ সকলো সদস্য ৰাষ্ট্ৰ যেনে– জাৰ্মানী, ফ্রান্স, ইউ. এছ. এ. আৰু ৰাছিয়াক গৱেষণা সহায্য আগবঢ়োৱা।

প্ৰখ্যাত বিজ্ঞানী ড° বিক্ৰম চাৰাভাইক ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ পিতৃ বুলি বিবেচনা কৰা হয়। তেওঁ জাতীয় বিকাশ আৰু সৰ্বসাধাৰণ মানুহৰ সমস্যা সমাধানত মহাকাশ প্ৰযুক্তিৰ বিশাল প্ৰয়োজনীয়তাৰ কথা উপলব্ধি কৰিছিল। তেওঁ ভাৰতবৰ্ষৰ দৰে এখন বিকাশশীল দেশৰ বাবে মহাকাশ কাৰ্যসূচীৰ প্ৰয়োজনীয়তাৰ কথা চৰকাৰক সফলতাৰে প্ৰত্যয় নিয়াব পাৰিছিল। ফলস্বৰূেপ ১৯৬৯ চনৰ ১৫ আগষ্টত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইচৰু) স্থাপন কৰা হৈছিল। ইয়াৰ মূল লক্ষ্য আছিল মহাকাশ প্ৰযুক্তিৰ বিকাশ সাধন কৰা আৰু জাতীয় লাভৰ বাবে ইয়াক ব্যৱহাৰ কৰা। ইচৰু হৈছে ডিপাৰ্টমেন্ট অৱ এটমিক এনার্জি বা ডিএইৰ এটা অংশ। ইয়াৰ মূখ্যকাৰ্যালয় বাংগালোৰৰ অন্তৰীক্ষ ভৱনত।

আজিলৈ ইচৰুয়ে যোগাযোগ সেৱাৰ বাবে ইণ্ডিয়ান নেচনেল চেটেলাইট (ইনচাট) আৰু প্ৰাকৃতিক সম্পদৰ ৰক্ষণাবেক্ষণৰ বাবে ভাৰতীয় ৰিমোট চেনচিং (আইআৰএচ) নামৰ দুটা প্ৰধান উপগ্ৰহ পদ্ধতিৰ বিকাশ সাধন কৰিছে। ইয়াৰ উপৰিও, ইচৰুয়ে ইছৰু পদ্ধতিৰ উপগ্ৰহ আৰু ইনচাট পদ্ধতিৰ চেটেলাইট জিঅ’ষ্টেচনেৰী চেটেলাইট লাঞ্চ ভেহিকলৰ বাবে প’লাৰ চেটেলাইট লাঞ্চ ভেহিক’ল (পিএচএলভি)ৰ বিকাশ সাধন কৰিছে।

এতিয়া ভাৰতবৰ্ষই মহাকাশ গৱেষণাৰ ক্ষেত্ৰত দ্ৰুত বিকাশশীল দেশবোৰৰ মাজত স্থান লাভ কৰিছে। ইচৰু হৈছে ভাৰত চৰকাৰৰ প্ৰাথমিক মহাকাশ এজেঞ্চি। ই হৈছে  আমেৰিকাৰ নাচা, ৰাচিয়াৰ আৰকেএ, ইউৰোপৰ ইছা, চীনৰ চিএএ আৰু জাপানাৰ জেএএক্সএ -ৰ সতে পৃথিৱীৰ বৃহত্তম ছয়খন চৰকাৰী মহাকাশ এজেন্সিবোৰৰ ভিতৰত এটা। 

আৰম্ভণিৰ পৰা ই হৈছে  আন্তৰ্জাতিক  সহযোগিতাৰ ক্ষেত্ৰত এক উজ্জ্বল উদাহৰণ। দি থুম্বা ইকুয়েটৰিয়েল ৰকেট লাঞ্চিং ষ্টেচন, দ্যা চেটেলাইট ইনচট্ৰাকশ্বনেল টেলিভিচন এক্সেপৰিমেন্ট, দ্যা  চেটেলাইট টেলিকমিউনিকেশ্বন এক্সেপৰিমেন্ট, আৰ্যভট্ট’ আৰু ‘ভাস্ক’ৰৰ উৎপ্ৰেক্ষণ, এপল, ইচৰা-আই এ, আৰু ইচৰা-আইবি উপগ্ৰহ আদিৰ উৎপ্ৰেক্ষণ হৈছে সেই সহযোগিতাসমূহৰ কিছু উদাহৰণ।

নিৰক্ষীয় বায়ুমণ্ডল অধ্যয়নৰ কাৰণে মেঘা ট্ৰ’পিকচ উপগ্ৰহ মিছনটো হৈছে ভাৰতবৰ্ষ আৰু ফ্রান্সৰ যুটিয়া প্ৰচেষ্টা। আনহাতে চন্দ্ৰলৈ ইছৰুৰ মধ্যৱৰ্তী মিছন, চন্দ্ৰযান-১ ইয়াৰ লগত একেলগে কাম কৰা আন্তৰ্জাতিক ভূমিকাৰ সৈতে মহাকাশৰ সীমা বিস্তাৰত সহযোগিতাৰে কাম কৰা কিছুমান প্ৰকৃত উদাহৰণ।

অৱশ্যে এই প্ৰৱন্ধটোৰ জৰিয়তে সংক্ষেপে ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ বিষয়ে শিকাৰুসকলক পৰিচয় কৰি দিয়া হ’ল। কিন্তু বৰ্তমানলৈকে ইয়াৰ বিষয়ে আলোচনা কৰিবলৈ বহুতো বিষয় আছে। ০ ০ ০.

বিবিধ । ৰাবিব মছৰুৰ

ৰেলগাড়ীত

মূল ইংৰাজীঃ

জৱাহৰলালা নেহৰু 

বন্ধুবৰ্গই মোক প্ৰায়ে  প্ৰশ্ন কৰে, “আপুনি কেতিয়া পঢ়ে?” মোৰ জীৱনটো বিভিন্ন ধৰণৰ সৰু-সুৰা কাম-কাজেৰে পৰিপূৰ্ণ, ইয়াৰ কিছুমান নিশ্চয় উপকাৰী আৰু আন কিছুমানৰ  উপকাৰীতা সম্পৰ্কে সন্দেহ  আছে। কিতাপৰ লগত বন্ধুত্ব স্থাপন কৰা আৰু সিহঁতৰ মোহনীয় পৃথিৱীৰ লগত বসবাস কৰাটো সহজ নহয় য’ত ভয়ানক ৰাজনীতিৰ ব্যস্ততাই আমাৰ ডেকা আৰু যুৱকসকলক নিঃশেষ কৰি আছে আৰু আমাৰ দিন আৰু ৰাতিৰ সময় ভক্ষণ কৰি আছে যি সময় আমি অধিক উপযুক্ত বিভাজনৰ দ্বাৰা অধিক সুখজনক কাম-কাজত ব্যৱহাৰ কৰিব পাৰিলোহেঁতেন। তথাপি এই ভয়ানক কাম-কাজৰ মাজত ৰাজনীতিৰ পৰা আঁতৰত থকা অৱস্থাত মই কিছু  কিতাপ পঢ়িবলৈ সময় উলিয়াই লওঁ। মই সদায় সফল নহওঁ। কিন্তু মোৰ সৰহভাগ অধ্যয়ন  ৰেল ভ্ৰমণকালত সংঘটিত হয় যিহেতু মই এই বিশাল দেশখনৰ মাজেদি ইফালে-সিফালে ভ্ৰমণ কৰিব লগা হয়।

তৃতীয় শ্ৰেণী আৰু মধ্যৱৰ্তী শ্ৰেণী পঢ়া-শুনাৰ বাবে বা আন কোনো কামৰ বাবে আদৰ্শ ঠাই নহয়। কিন্তু মোৰ সহযাত্ৰীসকলৰ বন্ধুত্বপূৰ্ণ সহযোগিতা আৰু ৰেল বিভাগৰ কৰ্মচাৰীসকলৰ সৌজন্যতাই মোৰ বাবে পৰিস্থিতি ভিন কৰি তোলে। কিন্তু মই ৰেল ভ্ৰমণৰ সকলো অভিজ্ঞতা লাভ কৰিছো বুলি ভাও জুৰিব নোৱাৰো।  কিছুমানে মোৰ সংগ লাভ কৰিবলৈ জোৰ দিয়ে আৰু সিহঁতৰ সৌজন্যমূলক আচৰণে মোৰ ভ্ৰমণত সন্তুষ্টিদায়ক মানৱীয় স্পৰ্শ দিয়ে। এয়া নহয় যে মই বিৰক্তি ভাল পাওঁ বা ইয়াক বিচাৰি যাওঁ। মই তৃতীয় শ্ৰেণীত ভ্ৰমণ কৰিবলৈ আসক্ত এই কাৰণে যে ইয়াত কিবা গুণ আছে বা কোনো নীতি জড়িত আছে সেয়া কিন্তু নহয়। প্ৰধান বিবেচনাৰ বিষয়টো হৈছে টকাৰ, আনাৰ আৰু পাইৰ। তৃতীয় শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ ভাড়াৰ মাজত ইমানেই পাৰ্থক্য যে মাত্ৰ অতিপাত প্ৰয়োজনৰ খাতিৰতহে মই দ্বিতীয় শ্ৰেণীৰ বিলাসিতাৰ মাজত ভ্ৰমণ কৰো। 

আগৰ দিনবোৰত, এক যুগ আগতে, মই ৰেলত ভ্ৰমণ কৰি থকা সময়ত বহুত লিখিছিলোঁ। কিন্তু এতিয়া মই ৰেলত লিখা কামটোৰ অভ্যাস এৰি পেলালো। সম্ভৱতঃ মোৰ শৰীৰটো এতিয়া কম নমনীয় হ’ল আৰু ই সহজে নিজকে ভালদৰে  মিলাই ল’ব নোৱাৰে। আগতে শৰীৰটো চলন্ত ৰেলৰ জোকাৰণিৰ লগত অভ্যস্ত আছিল। কিন্তু ৰেল ভ্ৰমণৰ সময়ত মই  পঢ়িব  পঢ়াতকৈ অধিক কিতাপ বাকচত কঢ়িয়াই ফুৰো। যদিও কোনোবাই পঢ়িব নোৱাৰে তথাপি লগত কিতাপ লৈ ফুৰাটোত এক সন্তুষ্টিকৰ অনুভৱ আছে।

এই ভ্ৰমণটো সুদূৰ কৰাচীলৈ এটা দীৰ্ঘ ভ্ৰমণ আছিল। ইউৰোপৰ আধা ৰাস্তাত, বায়ুযানত কৰা ভ্ৰমণৰ পিছত, এই ভ্ৰমণত বিভিন্ন বিষয়ৰ কিতাপেৰে মোৰ বাকচটো ভৰ্তি আছিল। মই অভ্যস্ত থকা মতে, মই ইন্টাৰমেডিয়েট শ্ৰেণীত ভ্ৰমণ আৰম্ভ কৰিছিলো। কিন্তু তাৰ পিছদিনাখন, লাহোৰত ভয়ঙ্কৰ উত্তাপ আৰু ধূলি-বালিয়ে মোৰ দৃঢ়তা হ্রাস কৰি দিছিল আৰু মই দ্বিতীয় শ্ৰেণীৰ বিলাসিতাত ভ্ৰমণ কৰিব লগা হ’ল। এনেদৰে মধ্যমীয়া আৰামদায়ক অৱস্থাত মই সিন্ধু মৰুভূমিৰ মাজেদি গৈছিলো। এই ভ্ৰমণতো আমাৰ বন্ধ ডবাৰ বিন্ধাৰ মাজদি সৰু-সৰু ধূলি চাৰিওপিনৰ পৰা সোমাই আমাৰ ওপৰত তৰেপ তৰেপ পৰিছিল আৰু উশাহৰ বাবে বায়ু গধূৰ কৰি তুলিছিল। মই গৰম সহ্য কৰিব পাৰো কিন্তু ধূলি-বালি সহ্য কৰিবলৈ খুব টান পাওঁ।

মই এই দীৰ্ঘ ভ্ৰমণত পঢ়া এখন কিতাপ আছিল এডৱাৰ্ড উইলচন নামৰ এজন প্ৰখ্যাত আৰু অসাধাৰণ মানুহজনৰ  বিষয়ে, তেওঁ আছিল পক্ষী প্ৰেমী আৰু জন্তু প্ৰেমী আৰু এন্টাৰ্কটিকা অঞ্চলত মৃত্যুলৈকে স্কটৰ সংগী আছিল। কিতাপখনৰ প্ৰতি মোৰ দুগুণ আবেদন আছিল। কাৰণ ই আহিছিল আন এজন বিখ্যাত ব্যক্তিৰ পৰা। ই আছিল এ. জি. ফ্রেজাৰৰ পৰা দিয়া এক উপহাৰ, যিজন আছিল পশ্চিম আফ্রিকাৰ অছিম’টা কলেজৰ অধ্যক্ষ। ই হৈছে আফ্রিকাৰ শিক্ষা ব্যৱস্থাৰ অতুলনীয় কীৰ্তিস্তম্ভ যিটোক এই গৰাকী ব্যক্তিয়ে অতি কষ্ট আৰু সহানুভূতিৰ সৈতে গঢ়ি তুলিছিল।

বালিময় অসহ্যকৰ সিন্ধু মৰুভূমিটো ৰেলৰে পাৰ হৈ যোৱাৰ লগে লগে মই এন্টাৰ্কটিকা অঞ্চলৰ বিষয়ে আৰু তাৰ পৰিৱেশৰ বিৰুদ্ধে যুঁজ কৰা মানুহৰ বিষয়ে, মানুহৰ সাহসৰ বিষয়ে যিয়ে শক্তিশালী প্ৰকৃতিক জয় কৰিছিল, মই পঢ়ি গৈছিলো। উচ্চ প্ৰচেষ্টা আৰু বন্ধুবৰ্গৰ প্ৰতি আনুগত্য, নিজকে পাহৰি যোৱা আৰু আসন্ন দুৰ্ভাগ্যৰ সন্মুখতো মুখত ৰসিক হৈ থকাৰ এক অবিশ্বাস্য কাহিনী। ই কিয়?  সংশ্লিষ্ট ব্যক্তিসকলৰ কোনো সুবিধাৰ বাবে নহয়, আনকি বিজ্ঞানৰ নিৰ্দিষ্ট উপকাৰীতাৰ বিষয়ে স্পষ্টভাৱে কোনো জনকল্যাণৰ বাবে নহয়। তেন্তে কিয়? ই আছিল মাত্ৰ মানুহৰ ভিতৰত থকা সাহসৰ বাবে, শক্তিৰ বাবে, যিয়ে কেতিয়াও নত স্বীকাৰ নকৰে, কিন্তু  ই সদায় উচ্চতৰ পৰা উচ্চতৰলৈ যাব বিচাৰে, ই সেই আহ্বান শুনিব বিচাৰে যি আকাশৰ তাৰকামণ্ডলীৰ পৰা আহে। আমাৰ সৰহভাগেই সেই আহ্বানৰ প্ৰতি কলা, কিন্তু এয়া ভাল কথা যে কিছুমানে সেয়া শুবিলৈ পায় আৰু আমাৰ বৰ্তমানৰ প্ৰজন্মক মহান কৰি তোলে। সিহঁতৰ বাবে জীৱনটো হৈছে এক প্ৰত্যাহ্বান, এক দীৰ্ঘ সাহসৰ অভিযান, সিহঁতৰ সামৰ্থৰ এক পৰীক্ষা।

“মই জীৱনটোক মাত্ৰ এক সমূহ বুলি ভাবো

আত্মাৰ শক্তিক পৰীক্ষা কৰি চাবলৈ”

তেনে এজনেই আছিল এডৱাৰ্ড উইলচন, আৰু এয়া ভাল যে দক্ষিণ মেৰুত উপস্থিত হোৱাৰ পিছত তেওঁ আৰু তেওঁৰ সংগীসকল সিহঁতৰ অন্তিম বিশ্ৰামৰ বাবে শুই পৰিছিল সেই বিশাল এন্টাৰটিকা অঞ্চলত য’ত দীৰ্ঘ দিৱসৰ পিছত দীৰ্ঘ ৰাতিৰ আগমন হয় আৰু নীৰৱতাই শাসন কৰে। সিহঁতে তাতে পৰি আছে যি পৰিমাপ কৰিব নোৱাৰা বৰফৰ দ্বাৰা পৰিবেষ্টিত। সিহঁতৰ ওপৰত মানুহৰ হাতে যথাৰ্থ ফলক আঁৰি দিছে–

“চেষ্টা কৰা, অনুসন্ধান কৰা, বিচাৰি পোৱা কিন্তু পৰাজয় স্বীকাৰ নকৰিবা।”

মেৰু দুটা জয় কৰা হৈছে, মৰুভূমি অনুসন্ধান কৰা হৈছে, ওখ পর্বতবোৰ মানুহৰ প্ৰতি নত হৈছে, যদিও ইভাৰেষ্ট এতিয়াও সগৌৰৱে অপৰাজেয় হৈ আছে। কিন্তু মানুহে অবিৰত চেষ্টা কৰি গৈছে আৰু ইভাৰেষ্ট এদিন মানুহৰ ওচৰত নত স্বীকাৰ কৰিব। কিয়নো মানুহৰ সৰু শৰীৰৰ ভিতৰত এনে এটি মন আছে যিয়ে কোনো সীমা নুবুজে, আৰু এনে  শক্তি আছে যিয়ে পৰাভূত হ’ব নাজানে। ইয়াৰ পিছত কি থাকিব পাৰে? পৃথিৱীখন সৰু হৈ আছে আৰু মানুহৰ ৰোমাঞ্চ আৰু মধ্যযুগৰ সামৰিক বিষয়াসকলৰ দুৰূহ অভিযান সিহঁতৰ পৰা ওলাই আছে। আমি আনকি শুনিছো যে  মেৰুলৈকে  উৰাজাহাজ চলাচল কৰাটো অনতিপলমে সাধাৰণ ঘটনাত পৰিণত হ’ব আৰু পৰ্বতৰ ওপৰত ফিউৰ্ণিকুলাৰ তৈয়াৰ কৰা হ’ব আৰু ইয়াৰ ওপৰেদি গাড়ী চলাচল কৰিব। পৰ্বতৰ ওপৰত বিলাসী হোটেল স্থাপন হ’ব আৰু জাজ সংগীতে সেই ঠাইৰ ৰাতিৰ নীৰৱতা ভংগ কৰিব আৰু বৰফৰ অনন্ত নীৰৱতাক ইতিকিং কৰিব আৰু নির্বোধ মধ্য বয়সীয়া লোকে ব্রিজ খেলিব আৰু পৰচৰ্চা কৰিব আৰু ডেকা লোকসকলে অতিপাত আমোদ-প্ৰমোদত আমনি অনুভৱ কৰিব, আৰু বৃদ্ধ ব্যক্তিসকলে উতনুৱা আনন্দ বিচাৰিব আৰু এয়া সিহঁতে বৃথাই বিচাৰিব।

তথাপি সাহসৰ অভিযান তাত থাকিব দুৰূহ অভিযানকাৰীসকলৰ বাবে আৰু বহল পৃথিৱীখন তেতিয়াও সিহঁতক পোহৰ দেখাব যিসকলৰ সাহস আছে, আত্মা আছে আৰু আকাশৰ নক্ষত্ৰমণ্ডলীয়ে সিহঁতলৈ প্ৰত্যাহ্বান নিক্ষেপ কৰিব। এজনৰ যাবলৈ প্ৰয়োজন হ’ব মেৰুলৈ, অথবা মৰুভূমিলৈ, অথবা পৰ্বতৰ ওপৰলৈ সাহসৰ কামৰ বাবে। জীৱনৰ অভিযান তাত থাকিব সেইসকলৰ বাবে যিসকলে ইয়াক পাব বিচাৰে।

আমি আমাৰ জীৱনটোক আৰু মানৱ সমাজখনক কি যে আবৰ্জনাময় কৰিছো! যথেষ্ট আনন্দৰ আৰু মানৱ আত্মাৰ মুক্ত বিকাশ আমাৰ সন্মুখত উন্মুক্ত । তথাপি আমি অনাহাৰে থাকো আৰু আমাৰ শক্তি দাসত্বত নিঃশেষ কৰো যি বৃদ্ধ মানুহতকৈ বেছি বেয়া। আহা আমি ইয়াক পৰিৱৰ্তন কৰিবলৈ আমাৰ ভাগৰখিনি কৰোঁ যাতে মানৱ জাতি যোগ্যবান হ’ব পাৰে, সিহঁতৰ মহান ঐতিহ্যৰ আৰু সিহঁতৰ জীৱনটো সুন্দৰ  আনন্দময় আৰু শক্তিমন্ত কৰিব পাৰে। জীৱনৰ অভিযানে পোহৰ দেখুৱায় আৰু ই হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ অভিযান। 

মৰুভূমি অন্ধকাৰৰ দ্বাৰা আবৃত, কিন্তু ৰেলগাড়ীখনে ইয়াৰ নিৰ্দিষ্ট লক্ষ্যৰ পিনে আগবাঢ়িছে। যদিও ৰাতি অন্ধকাৰ তথাপি মানৱ জাতিয়ে সম্ভৱত উজুটি খাই গোপন লক্ষ্যৰ পিনে আগবাঢ়ি আছে। সোনকালেই দিনৰ আভিৰ্ভাৱ হ’ব আৰু মৰুভূমিৰ পৰিৱৰ্তে আমাক আদৰণি জনাবলৈ তাত থাকিব নীলা -সেউজীয়া সাগৰ। ০ ০ ০.

বিবিধ । ৰাবিব মছৰুৰ

টম ছায়াৰৰ দুঃসাহসিক কাম

মূল ইংৰাজীঃ মাৰ্ক টুয়েইন

“টম, টম! আন্ট প’লিয়ে ঘৰৰ ভিতৰত সকলোতে তেওঁক বিচাৰি আছিল। ‘বাৰু, মই যদি তোমাক ধৰিব পাৰোঁ, মই তোমাক … ” খুড়ীয়ে কৈছিল। 

তাই সঁচাকৈয়ে এই ল’ৰাটো আৰু তেওঁৰ দুষ্টালিত বিৰক্তি হৈছিল। ঠিক সেই সময়তে তাইৰ পিছপিনে সামান্য শব্দ শুনিবলৈ পালে। তাই  সেইপিনে ঘূৰা মাত্ৰেই তেওঁক ধৰিব পাৰিলে।

“তুমি ইয়াত কি কৰি আছা?” খুৰীয়ে সুধিলে।

“একো নহয়, খুৰী, একো নহয়,” টম উত্তৰ দিলে।

“তোমাৰ মুখত কি? অ, এইয়া জাম। মই এতিয়া বুজি পালোঁ তুমি তাত কি কৰি আছিলা।  আন্ট প’লিয়ে তেওঁৰ পিনে এক তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিলে। 

হঠাৎ টমে ক’লে, “অ খুৰী, আপোনাৰ পিছপিনে চাওক।”

খুৰীয় নিজৰ চাৰিওপিনে ঘূৰিলে আৰু তাই কি ঘটিল সেয়া উপলব্ধি কৰাৰ আগতেই টমে তাৰ পৰা পলায়ন কৰিলে। কিন্তু তেওঁৰ সকলো দুষ্টালি সত্বেও আন্ট প’লিয়ে তেওঁক ভাল পাইছিল। টম আছিল তাইৰ মৃত ভনীয়েকৰ একমাত্ৰ পুত্ৰ।

তাই ভাবিছিল যে তেওঁক পিছদিনা কামত লগাব কাৰণ সিদিনা আছিল শনিবাৰ।  তাই নিজকে কৈছিল, ’টমক ব্যস্ত ৰাখিব লাগিব যাতে তেওঁ অবাবতে সময় নষ্ট কৰিব নোৱাৰে।’ তাই টমক মাতিলে আৰু পিছদিনা বেৰখনত চূণ সানিবলৈ আদেশ দিলে।

এয়া আছিল এক সুন্দৰ শনিবাৰৰ ৰাতিপুৱা। টমে এবাল্টি চূণপানী আৰু এটা দীঘল হাতুল থকা ব্রাছ লৈ ঘৰৰ বাহিৰলৈ আহিল। তেওঁ অলসভাৱে বেৰখনলৈ চালে আৰু তেওঁৰ ব্ৰাচখন জুবুৰিয়ালে আৰু বেৰখনৰ ওপৰৰ পাতিত ৰং সানিবলৈ আৰম্ভ কৰিলে। কামটো কেইবাবাৰো কৰাৰ পিছত তেওঁ ক্লান্ত আৰু আমনি অনুভৱ কৰিলে। তেওঁ  জানিছিল যে তেওঁৰ সকলো বন্ধুয়ে এই শনিবাৰত হয় খেলি থাকিব বা সাঁতুৰি থাকিব। আৰু তেওঁ ….. ? অ! তেওঁ কিমান বেয়াকৈয়ে যে বাহিৰলৈ যাবলৈ আৰু আন ল’ৰাসকলৰ লগত আনন্দ কৰিবলৈ বিচাৰিছিল!

ঠিক সেই সময়তে টমে জিমক দেখা পালে। জিমে আন্ট প’লিৰ বাবে কাম কৰিছিল। তেওঁ নগৰৰ দমকলৰ পৰা পানী আনিবলৈ এটা টিনৰ পাত্ৰ লৈ আহি আছিল। যদিও টমে তেওঁৰ কামটো বেয়া পাইছিল, তেওঁ জিমৰ কামটো তেওঁৰ কামতকৈ ভাল বুলি অনুভৱ কৰিছিল কাৰণ নগৰৰ দমকলৰ ওচৰত আন আন লৰাই খেলি থাকিব পাৰে। তেওঁ এটা ফন্দি উলিয়ালে আৰু জিমৰ বাবে তেওঁ পানী আনি দিব বুলি ক’লে। কিন্তু সিহঁতে কোনো সিদ্ধান্তলৈ অহাৰ আগতে জিমে আন্ট প’লিৰ জোতাৰ শব্দ শুনিবলৈ পালে আৰু তেওঁ তেওঁৰ বাল্টিটো লৈ ৰাস্তাৰে নামি গুচি গ’ল। দুৰ্ভগীয়া টম! তেওঁ আকৌ বেখনত চূণ দিয়া কাম আৰম্ভ কৰিলে। 

কিছু মূহুৰ্ত পিছত তেওঁ বেনক ৰাস্তাৰে সেইপিনে আহি থকা দেখা পালে। তেওঁ এটা আপেল খাই আছিল। টমে তেওঁঁৰ প্ৰতি কোনো মনোযোগ দিয়া নাছিল আৰু তেওঁ কামত নিমগ্ন থকাৰ ভাও জুৰিছিল। বেন তেওঁৰ ওচৰলৈ আহিছিল আৰু বন্ধৰ দিনত কাম কৰা বুলি তেওঁক জুকাইছিল। টমে হঠাৎ আচৰিত হৈ তেওঁৰ পিনে চাইছিল। 

‘অ, বেন! মই তোমাক লক্ষ্য কৰা নাছিলোঁ’, টমে ক’লে।

বেনে ক’লে যে তেওঁ সাঁতুৰিবলৈ গৈ আছে। তেওঁ ভাবিছিল যে ইয়াৰ বাবে টম তেওঁৰ প্ৰতি ঈৰ্ষাপৰায়ণ হ’ব। কিন্তু টমে ক’লে, “অ, নহয়! মই চূণ সনা কামটো এৰিব নোৱাৰোঁ। এয়া বৰ আনন্দদায়ক!” কথাখিনি কৈ তেওঁ পুনৰ তেওঁৰ কামত মগ্ন হ’ল।

এই সময়ত বেন প্ৰলোভিত হৈছিল আৰু কৈছিল, “অনুগ্ৰহ কৰি মোক অলপ ৰং সানিবলৈ দিয়া।” “নহয়, নহয়, মই দিব নোৱাৰোঁ। এয়া বৰ যত্নসহকাৰে কৰিব লাগে, বেন। প্ৰত্যেকেই এয়া কৰিব নোৱাৰে।”

বেন অধিক প্ৰলোভিত হ’ল। “অনু্‌গ্ৰহ কৰি, টম মাত্ৰ এবাৰ দিয়া। ইয়াৰ পৰিৱৰ্তে মই তোমাক মোৰ আপেলটো দিম।” বেনে অনুৰোধ কৰি থাকিল। টম তেওঁৰ পৰিকল্পনা সফল হোৱা বুলি আনন্দিত হ’ল। তেওঁ ক’লে, “ঠিক আছে, কিন্তু সাৱধান হ’বা।”

বেনে বৰ উদ্যমেৰে বেৰখনত চূণ সানিবলৈ আৰম্ভ কৰিলে। এইদৰে বেনে বেৰখনত ৰং সানি থাকিল।  টমে আৰামেৰে এটা গছৰ ছাঁত বহিল আৰু আংশিকভাৱে খোৱা আপেলটো চোৱাই চোৱাই খাবলৈ আৰম্ভ কৰিলে। নিজৰ পৰিকল্পনাটোৱে কাম কৰাত তেওঁ আনন্দিত আৰু সন্তুষ্ট হ’ল।

ইয়াৰ কিছুসময় পিছত বেনে দেখিলে যে বিলি ফিচাৰ সিহঁতৰ পিনে আহি আছে। এই সময়ত বেন ক্লান্ত হৈ পৰিছিল। তেওঁ খন্তেক জিৰণি বিচাৰিছিল। সেয়ে তেওঁ বিলি ফিচাৰৰ লগতো একে ছলনা খেলিব বিচাৰিছিল। বেনে বিলিক বেৰখনত ৰং সানিবলৈ প্ৰলোভিত কৰিলে। কিন্তু টমে গোটেই পৰিস্থিতি লক্ষ্য কৰি আছিল। বিলি ফিচাৰে চূণ সনা কামটো পোৱাৰ পৰিৱৰ্তে তেওঁক কিবা দিব লাগে বুলি ক’লে।এই সুযোগটো পোৱাৰ বাবে বিলিয়ে টমক এটা চিলা দিব লগা হয়। জনী মিলাৰ নামৰ আন এজন ল’ৰায়ো টমক এটা মৃত এন্দুৰ দিয়াৰ বিনিময়ত চূন সনা কামটো কৰাৰ সুযোগ ললে। সন্ধিয়া হোৱাৰ আগে আগে টমে বাৰটা মাৰ্বল, এটা চকপেঞ্চিল, এক টিন চলদাৰ,  এযোৰ লালুকী, এটা মেকুৰী, কটাৰী এখনৰ বাবে হাতুল এখন আৰু ছয়টা আতজবাজি সংগ্ৰহ কৰিলে। ইয়াৰ বিপৰীতে টমৰ বেৰখনত তিনিবাৰমান চূন সনা হৈ গ’ল! ০ ০ ০.

বিবিধ । ৰাবিব মছৰুৰ

মেৰিনাৰ প্ৰতি

মূল ইংৰাজীঃ

মেনোনিম মেনোনিমাস

মেৰিনা,

তুমি আমাকে মাফ কেৰ দিও। তোমাৰ সকল প্ৰকাৰ সুখ-শান্তি কামনা কৰছি।

ইতি

মেনোনিমাস

বিঃ দ্ৰঃ শুনছো মেৰিনা। আমি আকাশেৰ সব তাৰাগুলি চিনি। সবগুলিৰ নাম অৱশ্যে জানিনা। চোটকালে ভাবতাম তাৰাগুলি যদি আমি আমাৰ হাতেৰ মুঠোয় পাইতাম! তবে যখন বয়স হলো, আমি জানলাম- তাৰাগুলি নাকি অনেক অনেক বড়, অসম্ভব বড়, আমাদেৰ পৃথিৱীৰ চেয়েও বড়। তাই এখন ভাবছি তালাগুলি আকাশেৰ বুকেই থাক। দূৰ থেকে তালাগুলি দেখতে লাগে ভালো। সুখে থেকো।

মেৰিনা, আবাৰ বলছি-তুমি আমাকে মাফ কেৰ দিও। ০ ০ ০.

বিবিধ । ৰাবিব মছৰুৰ

মহৌষধী ফল আমলখি

সময়-বাসন্তী সন্ধ্যা। আমি আমাৰ বাগানে। হাতে নিৰানি। হেমন্তেৰ শীতে মৰে  যাওয়াৰ ভান কৰা ঘাঁস-বনগুলি বসন্তেৰ আগমনে মাথা উঁচু কৰে উঠছে, আৰ আমি এই ঘাঁসগুলিৰ বিৰুদ্ধে নিৰানিৰ সাহাৰ্যে যুদ্ধ কৰছি। বাগানটি আমাৰ অনেক প্ৰিয়–যেমন ৰিম ঝিম শব্দে বৈয়ে যাওয়া ঝৰ্ণা কোনো ৰমন্যাসিক কবিৰ কাছে প্ৰিয়। বাগানে আমি অনেক জাতেৰ অনেক গাছ লাগায়েছি। যেমন আম, জাম, কাঁঠাল, বড়ই, নাচপতি, আপেল আৰও অনেক। বাগানটা আমাৰ গৌৰব। হঠাৎ আমি চেয়ে দেখি আমাৰ বাগানে একটি খড়গোশ আমাৰ দিকে পিছন দিকে চেয়ে আছে। আমি ভাবলাম আমাৰ বাগানটা কি জংগল হয়ে গেল! এমন সময় আমাকে কে যেন ডাকল, “জাহিদ কি কৰতেছ?”

আমি ঘাড় ঘূৰিয়ে দেখি– হৰ্ষবাবু। আমি বললাম, “আৰ কি কৰবো , এইতো ঘাঁস-বনগুলি …. । আপনি হঠাৎ কৰে আমাৰ বাগানে?”

“অনেক লোকেৰ মুখে তোমাৰ বাগানেৰ প্ৰশংসা শুনেছি। তাই আজ নিজ চক্ষে দেখতে এলাম। ”

‘অ, দেখুন।’ আমাৰ বুকটা গর্বে ভৰে উঠল। হৰ্ষৰাজেৰ মত একজন সন্মানী এবং দামী মানুষ আজ আমাৰ বাগোনে! হৰ্ষৰাজেৰ ডাক নাম ‘হৰ্ষ কবিৰাজ’। বয়স আনুমানিক নব্বৈ, কিন্তু চক্ষে চশমা নেই, হাতে কোনো লাঠি নেই। যেন ত্ৰিশ বছেৰৰ জোয়ান। আমাদেৰ অঞ্চলে তাৰ বিশেষ পৰিচয় আছে কবিৰাজ হিচাপে।  বৰ্তমান আধুনিক বিজ্ঞানেৰ যুগেও তাৰ প্ৰভাৱ একটুও কমেনি। কম ৰোজগাৰী আৰ গৰীব সবলোক  তাৰ পাশেই দাড়ায়  বেমাৰ হৈলে। 

সে আমাৰ বাগানটা ঘূৰে ঘূৰে দেখলেন। আমি তাৰ পাশে পাশে। সে নানান গাছ দেখলেন এবং সেগুলিৰ ঔষধী গুণ আমাকে শুনালেন। অৱশেষে আমাকে বললেন, “লাইব্রেৰীতে যেমন ‘কোৰান’ আৰ ‘বাইেবল’ নাথাকলে পূৰ্ণাংগ লাইব্রেৰী হয়না, ফুল বাগিছায় যেমন গোলপ নাথাকলে পূৰ্ণ বাগিছা হয়না, তেমন বৃক্ষ বাগানে আমলখি গাছ নাথাকিলে বাগান পূৰ্ণাংগ হয়না।

আমি প্ৰশ্ন কৰলাম, “আমলখি বৃক্ষটা এমন কি গাছ যে এইটা বাগানে নাথাকলে বাগান পূৰ্ণ হয়না?”

সে বললো, “শুন, আমৰা চৈধ্যপুৰুষ কবিৰাজী কৰি। আমাৰ একজন উপৰিপুৰুষ মোগল সম্ৰাট আকবৰেৰ এক সময়েৰ বংগেৰ চুবাচাৰ ৰামসিংহেৰ চিকিৎসা কৰেছিল। আমাৰ ঠাকুৰ দাদা বাংলাৰ ৰাজশাহীৰ বিশেষ নাম কৰা কবিৰাজ ছিলেন। তবে আমাৰ বাবাৰ কবিৰাজী পেশাৰ প্ৰতি কোনো জুক ছিলোনা। আমি ছোটবেলায় অনেক দিন ঠাকুৰদাদাৰ বাৰীতে ছিলাম আৰ সে সময় ঠাকুৰদাদাৰ কাছ থেকে কবিৰাজী বিদ্যাৰ অনেক কিছু শিকে ফেলি। আমাৰ বয়স যখন পোন্ধৰ তখন দাদাজী মাৰা যান। তেব আমাৰ আৰও কিছু শিকাৰ ছিলো। তাই আমি একবাৰ কলকাতায় যাই। সেখানে একজন কবিৰাজ ছিলো-নাম আলতু বাবু কবিৰাজ। একদিন আমি জানতে পাৰি যে সে তিৰ্বতে যাবেন সে জায়গাৰ স্থানীয় চিকিৎসা পদ্ধতি সম্পৰ্কে জ্ঞান আহৰণ কৰতে।  আমি নাচোৰবান্দা হয়ে তাৰ সাথে সুদীৰ্ঘ দেড়মাস পায়ে হেঁটে তিৰ্বতে যাই। তখন আমাৰ বয়স বিশ। সমগ্ৰ ভাৰতে ইংৰাজদেৰ ৰাজত্ব চলছে। আমি তিৰ্বতেৰ পাদদেশে আমাদেৰ লক্ষ্যেৰ সেই কবিৰাজকে পাই। নাম ছিলো তাৰ চাংফো। সে সেই অঞ্চলেৰ বিখ্যাত এবং একমাত্ৰ কবিৰাজ। আমি আমাৰ উদ্দেশ্যৰ কথা জানালাম। সেখানে আমি তিন বৎসৰ থাকি। কবিৰাজ চাংফোৰ কাছে প্ৰতিদিন ৰোগী আসতেন।  আমি কবিৰাজেৰ খেদমতে থাকায় তাৰ চিকিৎসা পদ্ধতি, এবং ৰোগীদেৰকে দেওয়া পৰামৰ্শ লক্ষ্য কৰতাম।

একদিন সকাল বেলা একজন ৰোগী আসলেন আৰ বললেন, ‘আমাৰ পেট ফুলে আছে, চিন চিন বিষ অনুভব কৰছি। শৰীৰটা দুৰ্বল।’

কবিৰাজ চাংফো বিশেষ বেছি ঔষধ দিলেনা। সে তিনটি কাপড়েৰ নুৰায় কিছু গাছ-পালাৰ পাতা, ঠাল, শিপা আৰ কিছু শুকনো ফল ৰাখতেন। সে একটি কাপড়েৰ নুৰা খুলে কিছু শুকনো আমলখি ৰোগীৰ হাতে দিয়ে বললেন, “এগুলি প্ৰতিদিন দুইবাৰ খাবে। যদি সম্ভৱ হয় সবুজ আমলখি পিশে ৰস কৰে  খাবে।”

দ্বিতীয় ৰোগী আসলেন। সে বললেন, “আমাৰ প্ৰসাব জ্বালা-পোৰা কৰছে। প্ৰসাব পৰিপূৰ্ণ খালাচ হচ্ছেনা।”

কবিৰাজ চাংফো তাহাৰ হাতে কিছু আমলখি দিয়ে বলল, “এইগুলি পিশে ৰস কৰে এক সপ্তাহ সকাল-সন্ধ্যা খাও।”

এইবাৰ তৃতীয় ৰোগী আসলেন। ৰোগীজনেৰ বয়স প্ৰায় সত্তৰ। সাথে একজন আছে, সে ৰোগীকে হাঁটতে সাহাৰ্য কৰছে। সে এসে বললো, “হুজুৰ আমাৰ সৰ্বশৰীৰে বিষ। হাঁটতে পাৰছিনা।’

চানফোয়ে তাহাকে কিছু আমলখি দিয়ে বললেন, ‘এইগুলি সকাল-সন্ধ্যা খাবে দুইসপ্তাহ। ভাল হৈয়ে যাবে।’

সে চলে গেলো। এবাৰ একজন বৃদ্ধা মহিলা আসিল। সে বললো, ‘আমি আমাৰ হস্তে আঘাত পেয়েছি। ৰক্ত ঝড়ছে। বন্ধ হচ্ছেনা।’

কবিৰাজ চাংফোয়ে কয়েকটি শুকনো আৰ সবুজ আমলখি কাপড়েৰ নুৰা থেকে  বেৰ কৰে ৰোগীকে বললেন, ‘দুইটি খাওঁ এবং দুইটি পিশে আঘাতপ্ৰাপ্ত জায়গায় লাগায়ে দেও। সাথে সাথে ৰক্ত বন্ধ হয়ে যাবে।’

এইবাৰ আসল একজন প্ৰায় পঞ্চশ বৎসৰ বয়সেৰ লোক। সে বললো, ‘আমাৰ মাথায় উফি হচ্ছে, চুল ঝড়ছে এবং চুল সাদা হয়ে যাচ্ছে। 

কবিৰাজ চাঙফো তাহাকে কিছু আমলখি দিয়ে বললেন, ‘এইগুলি নেমুৰ সাথে পিশে মাথায় লাগাও। মাজে মাজে লাগিয়ে থাকবা আৰ নিয়মিত আমলখি খেতে অভ্যাস কৰ । সব ঠিক হয়ে যাবে।’

তাৰ পৰ আৰ একজন আসলেন। সে বললো, ‘আমাৰ মুখটা দুৰ্গন্ধ হচ্ছে। মুখে ৰুচি নেই। আপনি আমাকে কিছু পৰামৰ্শ দেন।’

সে তাহাকে নিয়মিত আমলখি খাবৰ পৰামৰ্শ দিয়ে বিদায় দিলেন। 

আমি চানফোৰ চিকিৎসা দেখলাম আৰ বিষ্মিত হলাম। আমাৰ কৌতুহল নিবৃতিৰ জন্য আমি চাঙফোকে জিজ্ঞাসা কৰলাম, ‘আপনি দেখছি আমলখি দিয়েই সব ৰোগেৰ চিকিৎসা কৰেন। আমলখি কি এমনি সৰ্বঢাক ঔষধ?’

সে বললো, ‘আমলখি এমন এক জিনিষ যা স্বৰ্গে আছে কিনা জানিনা। তবে এটা যে এই দুনিয়াতে ঈশ্বৰ মানুষেৰ জন্য সৃষ্টি কৰছেন তাৰ জন্য ঈশ্বৰকে হাজাৰ হাজাৰ ধন্যবাদ। ভাৰতেৰ ৰিষি চ্যাবনে সত্তৰ বৎসৰ বয়সে নিয়মিত কাঁচা আমলখিৰ ৰস সেবন কৰে পঁচিশ বৎসৰেৰ যৌবন ফিৰিয়ে পেয়েছিল।

কবিৰাজ হৰ্ষৰাজে আমাকে চাঙফোৰ কাহিনী শুনায়ে আমাকে বললো,  ‘জাহিদ আজ তোমাৰ বাগানে যদি একটি আমলখিৰ গাছ থাকতো তোমাৰ বাগানটা পৰিপূৰ্ণ হৈত।’

হৰ্ষবাবু আজ নাই- এ সংসাৰ ছেড়ে চলে গেছে অজানাৰ দেশে আজ দশ বৎসৰ আগে। এৰি মধ্যে আমি আমাৰ বাগানে পাঁচটি ভিন্ন জাতেৰ আমলখি গাছ লাগায়েছি। আজ যদি হৰ্ষ বাবু বেঁচে থাকতো আমি তাকে আমন্ত্ৰণ কৰে আমাৰ বাগানটা দেখাতাম আৰ বলতাম, ‘আমাৰ বাগানটা আজ কি পৰিপূৰ্ণ হয়েছে?’ ০ ০ ০. বিবিধ । ৰাবিব মছৰুৰ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

  1. অসমীয়া লেখক পৰিচয়
  2. বিশ্ব ব্যক্তি পৰিচয়
  3. অসমীয়া ৰচনা শিক্ষা
  4. অসমীয়া ভাব সম্প্রসাৰণ
  5. এক গুচ্ছ জীৱনী
  6. শিশু পদ্য
  7. অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
  8. অসমীয়া অনুবাদত বিশ্ব কবিতা
  9. অসমীয়া অনুবাদত বিদেশী কবিতা
  10. পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
  11. সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
  12. মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
  13. তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
  14. তোমাকে বলছি (বাংলা কবিতা সংকলন)
  15. ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
  16. হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
  17. ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা 
  18. ইছমাইল হোছেইনৰ কবিতা : এক বিশ্লেষণাত্মক অধ্যয়
  19. অসমীয়া উপন্যাস সমালোচনা
  20. অসমীয়া চুটি গল্প সমালোচনা
  21. মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
  22. অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
  23. বিবিধ (বাৰে মিহলি লিখনিৰ সংকলন)
  24. নির্বাচিত অসমীয়া কবিতা সমালোচনা
  25. অসমীয়া ব্যাকৰণ ক অংশ
  26. অসমীয়া ব্যাকৰণ খ অংশ

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here