Home Quiz বিশ্ব ব্রহ্মাণ্ড কুইজ

বিশ্ব ব্রহ্মাণ্ড কুইজ

0

বিশ্ব ব্রহ্মাণ্ড কুইজ

বিশ্ব ব্রহ্মাণ্ড কুইজ

বিশ্ব ব্রহ্মাণ্ড কুইজ

 

বিশ্ব ব্রহ্মাণ্ড কুইজ

প্ৰঃ বিজ্ঞান বুলিলে কি বুজা?

উঃ বিজ্ঞান বুলিলে কোনো এক বিষয়, বস্তু বা ঘটনাৰ অন্তৰালত নিহিত থকা নীতি, সূত্ৰ বা কাৰ্য প্ৰণালীৰ  ওপৰত প্ৰণালীবদ্ধ পৰ্যেবক্ষণ, পৰীক্ষা-নিৰীক্ষা আদিৰ জৰিয়তে লাভ কৰা বিশেষ জ্ঞানক বুজায়। 

প্ৰঃ সৌৰজগত মানে কি?

উঃ সূৰ্য আৰু ইয়াৰ চাৰিওফালে ঘূৰি থকা গ্ৰহ, উপগ্ৰহ আৰু জোতিষ্কক একেলগে সৌৰ জগত বোলে।

প্ৰঃ নক্ষত্ৰ কি?

উঃ মহাকাশত নিজা তাপ আৰু পোহৰ থকা জ্যোতিষ্কক  নক্ষত্ৰ বুলি কোৱা হয়।

প্ৰঃ সূৰ্য কি?

উঃ সূৰ্য মহাকাশত থকা  এটি নক্ষত্ৰ।

প্ৰঃ সূৰ্যক প্ৰদক্ষিণ কৰি থকা গ্ৰহ কেইটা কি কি?

উঃ সূৰ্যক প্ৰদক্ষিণ কৰি থকা গ্ৰহ আঠ টা, যেনেঃ বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শণি, ইউৰেনাছ আৰু নেপচুন।

প্ৰঃ সূৰ্যৰ ব্যাস কিমান?

উঃ 8 লাখ 66 হাজাৰ মাইল।

প্ৰঃ তাৰকা ৰাজ্য কি?

উঃ মহাকাশত থকা কেইবা কৌটি নক্ষত্ৰৰ সমষ্টিক তাৰকা ৰাজ্য বোলে।

প্ৰঃ এক পাৰছেকত কিমান আলোকবৰ্ষ?

উঃ  3.26 আলোকবৰ্ষ।

প্ৰঃ বিশ্ব-ব্রহ্মাণ্ডত থকা তৰাৰ সংখ্যা কিমান?

উঃ আনুমানিক 10²²  টা।

প্ৰঃ বুধ গ্ৰহৰ উপগ্ৰহ আছেনে?

উঃ নাই।

প্ৰঃ কোন গ্ৰহৰ কিমান উপগ্ৰহ আছে?

উঃ পৃথিৱীৰ 1 টা, মংগলৰ 2 টা, বৃহস্পতিৰ 14 টা, শনিৰ 3 টা।

প্ৰঃ কোনটো গ্ৰহ আৰু পৃথিৱীক যমজ বুলি কোৱা হয়?

উঃ শুক্ৰ গ্ৰহ।

প্ৰঃ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি?

উঃ শুক্ৰ।

প্ৰঃ সৌৰজগতৰ কোন দুটা গ্ৰহৰ উপগ্ৰহ নাই?

উঃ বুধ আৰু শুক্ৰ গ্ৰহৰ।

প্ৰঃ উপগ্ৰহ বুলিলে কি বুজা?

উঃ কোনো গ্ৰহ এটাক কেন্দ্ৰ কৰি ঘূৰি থকা বস্তুপিণ্ডক  উপগ্ৰহ বোলে।

প্ৰঃ আমাৰ কোনটো গ্ৰহক পুৱতি ত’ৰা বা সন্ধা ত’ৰা বুলি কোৱা হয়?

উঃ শুক্ৰ গ্ৰহক।

প্ৰঃ পূৱৰ পৰা পশ্চিমলৈ গতি কৰা গ্ৰহ কোনটো?

উঃ ইউৰেনাছ।

প্ৰঃ সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি?

উঃ বুধ। বিশ্ব ব্রহ্মাণ্ড কুইজ, Universe Quiz

প্ৰঃ সূৰ্যৰ শক্তিৰ উৎস কি?

উঃ নিউক্লিয় সংযোজন।

প্ৰঃ সূৰ্য পৃষ্ঠৰ  উষ্ণতা কিমান?

উঃ 6000⁰ ছেলছিয়াছ।

প্ৰঃ পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান?

উঃ 14 কোটি 37 লাখ 30 হাজাৰ কিলোমিটাৰ।

প্ৰঃ পৃথিৱীৰ তুলনাত সূৰ্য কিমান ডাঙৰ?

উঃ 13 লাখ গুণ।

প্ৰঃ পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব কিমান?

উঃ 150 ✖ 10⁶ কিঃ মিঃ।

প্ৰঃ সৌৰ জগতত থকা বৃহত্তম গ্ৰহটোৰ নাম কি?

উঃ বৃহস্পতি।

প্ৰঃ সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি?

উঃ নেপচুন।

প্ৰঃ সৌৰজগতত সূৰ্যৰ ভৰৰ শতাংশ কিমান?

উঃ প্ৰায় 99.86  শতাংশ।

প্ৰঃ গ্ৰহৰ গতি সূত্ৰবোৰ  কোনে কৰিছিল?

উঃ কেপ্‌লাৰে।

প্ৰঃ মহা আকাশৰ ৰঙা গ্ৰহ কোনটো?

উঃ মংগল গ্ৰহ।

প্ৰঃ ধুমকেতু কিহেৰে গঠিত?

উঃ শীতল পানী, কাৰ্বনডাই-অক্সাইড আৰু মিথেন গেছেৰে।

প্ৰঃ ‘নেবুলাৰ প্ৰকল্প’ নামেৰে আমাৰ সৌৰ জগতৰ উৎপত্তি ব্যাখ্যা কৰিবলৈ আগবঢ়োৱা তত্ত্বটো কোনে উত্থাপন কৰিছিল?

উঃ লেপ্‌লেছে।

প্ৰঃ সূৰ্যৰ পোহৰ পৃথিৱীত পৰিবলৈ কিমান সময় লাগে?

উঃ 8 মিনিট 20 চেকেণ্ড।

প্ৰঃ পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান?

উঃ 3 লাখ 82 হাজাৰ কিলোমিটাৰ।

প্ৰঃ ধূমকেতু কি?

উঃ ধূমকেতু হ’ল গ্রহবোৰৰ দৰে সূৰ্যক প্ৰদক্ষিণ কৰা এবিধ জ্যোতিষ্ক। ই সূৰ্যৰ ওচৰলৈ আহিলে সূৰ্যৰ তাপত গেছৰ আয়তন বাঢ়ি নেজৰ সৃষ্টি কৰে।

প্ৰঃ আমি দেখিবলৈ পোৱা সূৰ্যৰ গেছীয় তৰপটোক কি বুলি কোৱা হয়?

উঃ ফট’ছফিয়েৰ।

প্ৰঃ এতিয়ালৈকে চিনাক্ত কৰা নক্ষত্ৰপুঞ্জৰ সংখ্যা কিমান?

উঃ 88 খন। বিশ্ব ব্রহ্মাণ্ড কুইজ, Universe Quiz

প্ৰঃ কোন মাহৰ কোন তাৰিখে সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব সৰ্বাধিক হয়?

উঃ 3 জুলাইত।

প্ৰঃ টাউৰাছ, সপ্তৰ্ষিমণ্ডল, অৰিয়ন আৰু চিৰিয়াছৰ কোনটো নক্ষত্ৰপুঞ্জ নহয়?

উঃ চিৰিয়াছ।

প্ৰঃ হেলীৰ ধুমকেতু শেহতীয়াকৈ কিমান চনত দেখা গৈছিল?

উঃ 1986 চনত।

প্ৰঃ পৃথিৱীৰ গতিেবগ কিমান?

উঃ চেকেণ্ডত 185 মাইল।

প্ৰঃ আমাৰ পৃথিৱীখনৰ ব্যাস আৰু আয়তন কিমান?

উঃ ব্যাস 7972 মাইল আৰু আয়তন 196550 মাইল।

প্ৰঃ এণ্ডোমিতা বুলিলে কি বুজা?

উঃ এণ্ডোমিতা হ’ল এটি নিহাৰিকাৰ নাম। ইয়াৰ ওজন সূৰ্যতকৈয়ো তিনি হাজাৰ গুণবেছি।

প্ৰঃ কোনটো গ্ৰহ জভিয়ান গ্ৰহ নহয়?

উঃ মংগল গ্ৰহ।

প্ৰঃ কোন গৰাকী বিজ্ঞানীয়ে জ্যোৰ্তিবিজ্ঞান সম্বন্ধীয় পৰ্যেবক্ষণত পোন প্ৰথমে দূৰবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰিছিল?

উঃ গেলিলিঅ’।

প্ৰঃ সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰোতে চন্দ্ৰৰ কিমান সময় লাগে?

উঃ 27.3 দিন।

প্ৰঃ সৌৰজগতৰ বৃহত্তম উপগ্ৰহটোৰ নাম কি?

উঃ গেনিমেড।

প্ৰঃ ধ্রৱতৰা কোন নক্ষত্ৰ মণ্ডলত অৱস্থিত?

উঃ কাল-পুৰুষ মণ্ডলত।

প্ৰঃ আমাৰ হাতীপটি তাৰকা ৰাজ্যখন কোন শ্ৰেণীৰ তাৰকা ৰাজ্য?

উঃ সৰ্পিল তাৰকা ৰাজ্য।

প্ৰঃ শনিগ্ৰহৰ আঙুঠিবোৰ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ গেলিলিঅ’ৱে।

প্ৰঃ চন্দ্ৰটোৰ ব্যাস কিমান?

উঃ 2162 মাইল।

প্ৰঃ কোনটো গ্ৰহ ভূ-গ্ৰহ নহয়?

উঃ বৃহস্পতি।

প্ৰঃ মহাকাশৰ ক্ষুদ্ৰতম নক্ষত্ৰটোৰ নাম কি?

উঃ ক্ৰাক্‌চ এষ্ট’লিছ।

প্ৰঃ বিশ্বব্রহ্মাণ্ডৰ উৎপত্তি সম্বন্ধীয় মহাবিস্ফুৰণবাদ নামৰ তত্ত্বটো কোনজন বিজ্ঞানীয়ে আগবঢ়াইছিল?

উঃ হাবল।

প্ৰঃ কোনজন বিজ্ঞানীয়ে নেপচুন গ্ৰহটো আৱিষ্কাৰ কৰিছিল?

উঃ জে. চেভাৰিয়াৰ।

প্ৰঃ খালী চকুৰে দেখিবলৈ পোৱা আটাইতকৈ দূৰৰ জ্যোতিষ্কটো  কি?

উঃ এণ্ড্ৰ’মিডা তাৰকা ৰাজ্য।

প্ৰঃ সৌৰজগতৰ  নীলা গ্ৰহ কোনটো?

উঃ পৃথিৱী।

প্ৰঃ সৌৰজগতৰ কোনটো গ্ৰহ সেউজীয়া ?

উঃ ইউৰেনাছ।

প্ৰঃ কিমান চনত প্লুটো  আৱিষ্কাৰ কৰা হৈছিল?

উঃ 1930 চনত।

প্ৰঃ সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্ৰহ কোনটো?

উঃ বুধ গ্ৰহ।

প্ৰঃ কোন গ্ৰহ পানীত উপঙাৰ সম্ভাৱনা আছে বুলি বৈজ্ঞানিকসকলে ভাৱে?

উঃ শনিগ্ৰহ। কাৰণ ই  গেছেৰে গঠিত।

প্ৰঃ সূৰ্য পৃষ্ঠত দাগ দেখা পোৱা প্ৰথম ব্যক্তিজন কোন আছিল?

উঃ গেলিলিঅ’। বিশ্ব ব্রহ্মাণ্ড কুইজ, Universe Quiz

প্ৰঃ সৌৰজগতৰ কোনবোৰ গ্ৰহৰ চাৰিওফালে আঙুঠি আছে?

উঃ বৃহস্পতি, শনি আৰু ইউৰেনাছৰ।

প্ৰঃ মহাজাগতিক এককত পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান?

উঃ 1 এ ইউ।

প্ৰঃ পৃথিৱীৰ পৰা ‘প্ৰক্সিমা চেন্টাউৰি’ নামৰ নক্ষত্ৰটোৰ দূৰত্ব কিমান?

উঃ প্ৰায় 4.3 আলোকবৰ্ষ।

প্ৰঃ নক্ষত্ৰ এটাৰ বৰণ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উঃ ইয়াৰ পৃষ্ঠভাগৰ উষ্ণতাৰ ওপৰত।

প্ৰঃ পৃথিৱীৰ প্ৰদক্ষিণ কাৰ্য কোনে আৱিষ্কাৰ কৰিছিল?

উঃ কপাৰনিকাছে।

প্ৰঃ সূৰ্যটো সৌৰজগতৰ কেন্দ্ৰত অৱস্থিত বুলি কোনজন বৈজ্ঞানিকে প্ৰথম দেখুৱাইছিল।

উঃ কপাৰনিকাছে।

প্ৰঃ স্বচক্ষে পৰ্যেবক্ষণ কৰাৰ আগতে পূৰ্বানুমান কৰা গ্ৰহটোৰ নাম কি?

উঃ ইউৰেনাছ।

বিশ্ব ব্রহ্মাণ্ড কুইজ, Universe Quiz

প্ৰঃ চুপাৰ ন’ভা কি?

উঃ এটা পপীয়া তৰাৰ নাম।

প্ৰঃ পৃথিৱীৰ চাৰিওফালৰ দূৰত্ব জোখা প্ৰথম ব্যক্তিজন কোন ?

উঃ ইৰাট’স্থেনিছ।

প্ৰঃ আটাইতকৈ বিখ্যাত ধুমকেতু কোনটো?

উঃ হেলিৰ ধুমকেতু।

প্ৰঃ উল্কাক সাধাৰণতে কি বুলি কোৱা হয়?

উঃ শ্বুটিং ষ্টাৰ।

প্ৰঃ নেপচুন গ্ৰহটো কোনে আৱিষ্কাৰ কৰিছিল?

উঃ গেলিলিঅ’ই।

প্ৰঃ ইউৰেনাছ গ্ৰহ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ হাৰ্চকেল নামৰ বিজ্ঞানীয়ে।

প্ৰঃ সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰোঁতে কোনটো গ্ৰহৰ আটাইতকৈ কম সময় লাগে?

উঃ বুধ গ্ৰহৰ।

প্ৰঃ সৌৰজগতৰ কোনটো গ্ৰহই সূৰ্যক প্ৰদক্ষিণ কৰোতে প্ৰায় পৃথিৱীৰ সমান সময় লয়?

উঃ মংগল গ্ৰহ।

প্ৰঃ সূৰ্যৰ ভৰ কিমান?

উঃ প্ৰায় 2 ✖10³⁰ কিঃ গ্ৰাঃ।

প্ৰঃ বিশ্বব্রহ্মাণ্ড বাঢ়ি আছেনে নে টুটি আছে?

উঃ বিশ্বব্রহ্মাণ্ডখন 1 চেকেণ্ড 1 মেগা পাৰচেকেণ্ডত 40 কি.মি. হাৰত বাঢ়ি আছে।

প্ৰঃ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰোতে প্ৰতি মিনিটত  ইয়াৰ দ্ৰুতি কিমান?

উঃ  1500 কিঃ মিঃ।

প্ৰঃ ন’ভা কি?

উঃ তাৰকা ৰাজ্য।

প্ৰঃ সৌৰজগতৰ আটাইতকৈ গধূৰ গ্ৰহ কোনটো?

উঃ বৃহস্পতি।

প্ৰঃ সৰ্বাধুনিক তথ্যমতে বিশ্বব্রহ্মাণ্ডৰ বয়স কিমান?

উঃ 1370 কোটি বছৰ।

প্ৰঃ মেৰু-নক্ষত্ৰৰ ভাৰতীয় নাম কি?

উঃ মৰিষী।

প্ৰঃ 1998  চনৰ 18  নৱেম্বৰ তাৰিখে কোনটো ধুমকেতুৰ পৰা প্ৰচণ্ডভাৱে উল্কাপাত হৈছিল?

উঃ টেম্প’ল চাট’ল।

প্ৰঃ কোনজন বিজ্ঞানীক জ্যোতিৰি্বজ্ঞানৰ পিতৃ বুলি কোৱা হয়?

উঃ কপাৰনিকাছ।

প্ৰঃ ধুমকেতুৰ নেজডাল সদায় কোন দিশে গতি কৰে?

উঃ সূৰ্যৰ বিপৰীত দিশে। ০ ০ ০

বিশ্ব ব্রহ্মাণ্ড কুইজ, Universe Quiz

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here