Home Biography বীৰুবালা ৰাভা | Birobala Rava

বীৰুবালা ৰাভা | Birobala Rava

0

বীৰুবালা ৰাভা

বীৰুবালা ৰাভা  Birobala Rava

 

বীৰুবালা ৰাভা | Birobala Rava

বীৰুবালা ৰাভা (Birobala Rava) হৈছে অসমৰ ৰাভা জনগোষ্ঠীৰ এজনী সমাজ সেৱিকা আৰু মানৱ দৰদী সংগ্ৰামী নেত্ৰী। 

বীৰুবালা ৰাভাই গোৱালপাৰা জিলাৰ ঠাকুৰবিলা নামৰ ভিতৰুৱা গাঁও এখনত ১৯৪৯ চনত জন্ম লাভ কৰে।  বীৰুবালা ৰাভাৰ পিতৃৰ নাম আছিল কালিয়াৰাম ৰাভা আৰু মাতৃৰ নাম সাগৰবালা ৰাভা। 

প্ৰাথমিক বিদ্যালয়ৰ ৩য় শ্ৰেণীলৈ পঢ়ি মাত্ৰ ১৫ বছৰ বয়সতে বিবাহ পাশত আবদ্ধ হোৱা বীৰুবালা ৰাভাৰ কৰ্মজীৱনৰ আৰম্ভণি হয় বোৱা-কটা কামৰ জৰিয়তে। ইয়াৰ লগে লগে সামাজিক কু-সংস্কাৰ ডাইনী হত্যাৰ বিৰুদ্ধে সক্ৰিয় অংশ গ্ৰহণ কৰে। অবিৰামভাৱে এই কামত লাগি থকা বীৰুবালা ৰাভাই তেওঁৰ কামৰ স্বীকৃতি হিচাপে বহুতো বঁটা আৰু তলত উল্লেখ কৰা স্বীকৃতিসমূহ লাভ কৰে:

২০০৫ চনত শান্তিৰ নোবেল বঁটালৈ মনোনয়ন।

২০০৫ চনত Real Hero স্বীকৃতি, IBN 18 Network and Reliance Group.

২০১১ চনত সমাজপ্ৰাণ সর্বেশ্বৰ দত্ত মেমোৰিয়ল বঁটা পুৰস্কাৰ প্ৰদানেৰে ‘সমাজপ্ৰাণ’ পুৰস্কাৰ।

২০১১ চনত উৰ্মিলা দাস মেমোৰিয়েল বঁটা।

২০১২ চনত ডিব্রূগড় মহিলা ক্লাৱৰ ‘জয়মতী’ বঁটা প্ৰদান।

২০১৩ চনত ইংখং ৱেলফেয়াৰ ছ’ছাইটি কোকৰাঝাৰ জিলাৰ দ্বাৰা ‘মেন অৱ দা ইয়াৰ’ বঁটা।

২০১৪ চনত শিৱসাগৰ সোণাৰী টাই আহোম যুৱ পৰিষদৰ দ্বাৰা ‘বীৰাংগনা মূলাগাভৰু’ বঁটা।

২০১৫  চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা সন্মানীয় ডক্টৰেট  ডিগ্ৰী প্ৰদান।

বৰ্তমান তেওঁ ‘Mission Birubala’-ৰ জৰিয়তে ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে অহৰহভাৱে কাম কৰি আছে। ০ ০ ০

বি. দ্র. উক্ত ‘বীৰুবালা ৰাভা | Birobala Rava ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

LEAVE A REPLY

Please enter your comment!
Please enter your name here