Home Quiz মধ্য যুগৰ ভাৰত বুৰঞ্জী কুইজ | Indian Medieval History Quiz

মধ্য যুগৰ ভাৰত বুৰঞ্জী কুইজ | Indian Medieval History Quiz

0

আপুনি যদি ‘মধ্য যুগৰ ভাৰত বুৰঞ্জী কুইজ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । ইয়াত মধ্য যুগৰ ভাৰত বুৰঞ্জী সম্পর্কে বিভিন্ন উৎসৰ পৰা আমি কুইজবোৰ সংগ্রহ কৰিছোঁ আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পাঠকসমাজে কুইজবোৰ ভাল পাব ।

মধ্য যুগৰ ভাৰত বুৰঞ্জী কুইজ

মধ্য যুগৰ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ কেতিয়া ভাৰতৰ ইতিহাসত মধ্য যুগ আৰম্ভ হোৱা বুলি কোৱা  হয়?

উঃ 1206 খ্ৰীষ্টাব্দত, কুতুবুদ্দিন আইবাকে দাস বংশ প্রতিষ্ঠা কৰাৰ লগে লগে।

প্ৰঃ ভাৰতত কোনে দাস বংশ প্রতিষ্ঠা কৰিছিল?

উঃ কুতুবুদ্দিন আইবাকে।

প্ৰঃ কুতুবুদ্দিন আইবাকে স্থাপন কৰা ৰাজবংশটোক কিয় ‘দাস’ বংশ বুলি কোৱা হয়?

উঃ কুতুবুদ্দিন ঘজনীৰ চুলতান মহম্মদ ঘোৰীৰ এজন দাস আছিল বাবে তেওঁ স্থাপন কৰা ৰাজ বংশক ইতিহাসত ‘দাস বংশ’ বুলি কোৱা হয়।

প্ৰঃ কুতুবুদ্দিনে কিমান বছৰ ৰাজত্ব কৰিছিল?

উঃ 4 বছৰ।

প্ৰঃ দাস বংশৰ কোনজন চুলতানক ‘লাখ বক্স’ বুলি কোৱা হয়?

উঃ কুতুবুদ্দিন আইবাকক ‘লাখবক্স’ বুলি কোৱা হৈছিল কাৰণ তেওঁ লাখ লাখ টকা দান কৰিছিল।

প্ৰঃ কুতুবুদ্দিনৰ পিছত কোনে দিল্লীৰ সিংহাসন বহে?

উঃ কুতুবুদ্দিনৰ পুত্ৰ আৰাম ছাহ।

প্ৰঃ দাস বংশৰ তৃতীয়জন চুলতানৰ নাম কি?

উঃ ইলতুৎমিছ।

প্ৰঃ কোনজন দিল্লীৰ চুলতানক বাগদাদৰ খলিফাই ‘চুলতান-ই- আলম’ উপাধি প্ৰদান কৰিছিল?

উঃ ইলতুৎমিছক ।

প্ৰঃ ভাৰতত কোনে সৰ্বপ্ৰথম ৰূপৰ আৰু তামৰ মুদ্ৰা প্ৰচলন কৰে?

উঃ ইলতুৎমিছে।

মধ্য যুগৰ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ ইতিহাস প্ৰসিদ্ধ ‘কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্য কোনে আৰম্ভ কৰে আৰু কোনে সমাপ্ত কৰে?

উঃ কুতুবমিনাৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে কুতুবুদ্দিনে আৰু ইয়াৰ নিৰ্মাণ কাৰ্য সমাপ্ত কৰে ইলতুৎমিচে।

প্ৰঃ কুতুবুদ্দিনৰ লগত ইলতুৎমিছৰ সম্বন্ধ কি আছিল?

উঃ ইলতুৎমিছ কুতুবুদ্দিনৰ জোঁৱায়েক আছিল।

প্ৰঃ দাস বংশৰ শ্রেষ্ঠ চুলতান (ৰজা) জন কোন আছিল?

উঃ ইলতুৎমিছ।

প্ৰঃ কাৰ ৰাজত্ব কালত চেঙ্গিজখাঁই ভাৰত আক্ৰমণ কৰিছিল?

উঃ দিল্লীৰ চুলতান ইলতুৎমিছৰ ৰাজত্ব কালত।

প্ৰঃ চেঙ্গিজ খাই কিমান চনত ভাৰত আক্ৰমণ কৰিছিল?

উঃ 1221 খ্ৰীষ্টাব্দত।

প্ৰঃ দিল্লীৰ সিংহাসনত বহা প্ৰথমজনী মহিলা কোন আছিল?

উঃ চুলতানা ৰাজিয়া।

প্ৰঃ দাস বংশৰ কোনজন চুলতানে নিজ হাতে কোৰাণ নকল কৰি সেই ধনেৰে হাত খৰচ মোকলাইছিল?

উঃ চুলতান নাচিৰুদ্দিন মাহমুদে।

প্ৰঃ কোনে ভাৰতত ‘খিলিজি ৰাজ বংশ’ প্রতিষ্ঠা কৰে?

উঃ জালালুদ্দিন খিলিজিয়ে।

প্ৰঃ জালালুদ্দিন খিলিজিয়ে কেতিয়া ‘খিলিজি’ বংশ প্রতিষ্ঠা কৰে?

উঃ  1299 খ্ৰীঃত ।

প্ৰঃ আমিৰ খশ্ৰু কোন আছিল?

উঃ আলাউদ্দিন খিলিজিৰ ৰাজকবি আছিল।

প্ৰঃ কোনে ‘আলাই দৰওৱাজা’ নিৰ্মাণ কৰে?

উঃ দিল্লীৰ চুলতান আলাউদ্দিন খিলিজিয়ে।।

প্ৰঃ বিখ্যাত ‘ৰণথম্বোৰ দুৰ্গ’ কোনে জয় কৰে?

উঃ আলাউদ্দিন খিলিজিয়ে 1299 চনত।

মধ্য যুগৰ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ কোনজন দিল্লীৰ চুলতানে সৈনিকসকলক জাইগীৰি দিয়াৰ পৰিৱৰ্তে বেতন দিয়াৰ নিয়ম প্ৰৱৰ্তন কৰে?

উঃ আলাউদ্দিন খিলিজিয়ে।

প্ৰঃ টোগলক ৰাজবংশৰ প্রতিষ্ঠাতা কোন?

উঃ গিয়াচুদ্দিন টোগলক।

প্ৰঃ কিমান চনত গিয়াচুদ্দিন টোগলক দিল্লীৰ ৰাজপাটত উঠে?

উঃ 1320 চনত।

মধ্য যুগৰ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ ‘টোগলকবাদ নগৰ’ কোনে নিৰ্মাণ কৰে?

উঃ গিয়াচুদ্দিন টোগলকে।

প্ৰঃ দিল্লীৰ কোনজন চুলতানক ‘গাজী মালিক’ বুলি জনা যায়?

উঃ গিয়াচুদ্দিন টোগলকক।

প্ৰঃ গিয়াচুদ্দিন টোগলকৰ মৃত্যুৰ পিছত কোনে দিল্লীৰ ৰাজসিংহাসনত বহে?

উঃ গিয়াচুদ্দিনৰ পুত্ৰ মহম্মদ বিন টোগলকে।

প্ৰঃ কোনজন দিল্লীৰ চুলতানক ‘ইতিাসহৰ বিচিত্ৰ পৰুষ’ আৰু ’সৃষ্টিৰ পৰম বিষ্ময়’ বুলি কোৱা হয়?

উঃ মহম্মদ বিন টোগলকক।

প্ৰঃ কোনজন দিল্লীৰ চুলতানে ৰাজধানী ‘দেৱনাগিৰি’লৈ স্থানান্তৰিত কৰিছিল?

উঃ মহম্মদ বিন টোগলকে।

প্ৰঃ কোনজন দিল্লীৰ চুলতানে দেশত তামৰ মু্‌দ্ৰাৰ প্ৰচলন কৰিছিল?

উঃ মহম্মদ বিন টোগলকে।

প্ৰঃ কোনজন ভাৰত সম্ৰাটে পোন প্ৰথমে ইৰাক আক্ৰমণৰ পৰিকল্পনা কৰিছিল?

উঃ মহম্মদ বিন টোগলকে।

প্ৰঃ কোনজন দিল্লীৰ চুলতানক ‘জ্ঞানী-মূৰ্খ’ চুলতান বুলি কোৱা হয়?

উঃ মহম্মদ বিন টোগলকক।

প্ৰঃ ‘চফৰ নামা’ পুথিখন কোনে ৰচনা কৰিছিল?

উঃ ইবন বতুটাই।

প্ৰঃ কোনজন বিদেশী আক্ৰমণকাৰীৰ ভাৰত আক্ৰমণ ভাৰতবাসীৰ বাবে ‘ভগবানৰ অভিশাপ’ আছিল বুলি কোৱা হয়?

উঃ চমৰখণ্ডৰ আমীৰ টাইমূৰৰ ভাৰত আক্ৰমণ ।

প্ৰঃ কোনজন দিল্লীৰ সম্ৰাটে দেশৰ নিবনুৱা সমস্যা সমাধানৰ বাবে ‘কৰ্মসংস্থাপন সংস্থা’ স্থাপন কৰিছিল?

উঃ ফিৰোজ ছাহ টোগলকে।

প্ৰঃ কিমান চনত চমৰখণ্ডৰ আমীৰ টাইমূৰে ভাৰত আক্ৰমণ কৰে?

উঃ 1398 চনত।

প্ৰঃ খিজিৰ খাঁই প্রতিষ্ঠা বংশটোক কিয় ‘চৈয়দ বংশ’ বুলি কোৱা হয়?

উঃ খিজিৰ খাঁই নিজকে ইছমাল ধৰ্মৰ প্রবর্তক হজৰত মহম্মদৰ বংশধৰ বুলি পৰিচয় দিছিল বাবে তেওঁ প্রতিষ্ঠা কৰা বংশটোক ইতিহাসত ‘চৈয়দ বংশ’ বুলি কোৱা হয়।।

মধ্য যুগৰ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ দিল্লীত কোনে চৈয়দ ৰাজবংশ প্রতিষ্ঠা কৰে?

উঃ খিজিৰ খাঁই (1414 খ্ৰীঃত)।

প্ৰঃ ভাৰতত কোনে ‘লোডী ৰাজ বংশ’ প্রতিষ্ঠা কৰে?

উঃ পঞ্জাৱৰ শাসনকৰ্তা বাহলুল লোডীয়ে (1451 চনত) ।

প্ৰঃ কোনে বিজয় নগৰ ৰাজ্য প্রতিষ্ঠা কৰে?

উঃ  সংগম বংশৰ হৰিহৰ আৰু বুক্ক নামৰ দুজন ভাই-ককাইয়ে তুঙ্গভদ্ৰা নদীৰ দক্ষিণ পাৰত 1336 চনত বিজয় নগৰ ৰাজ্য প্রতিষ্ঠা কৰে।

প্ৰঃ বাহমনি ৰাজ্যৰ প্রতিষ্ঠাতা কোন?

উঃ আলাউদ্দিন বাহমন ছাহ।

প্ৰঃ ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰে?

উঃ জাহিৰুদ্দিন মহম্মদ বাবৰ নামৰ এজন আফগান নেতাই।

প্ৰঃ মোগল সকল কোনজন মোঙ্গল নেতাৰ সতি-সন্ততি বুলি কোৱা হয়? 

উঃ চেঙ্গিজ খাঁৰ ।

প্ৰঃ ‘বাবৰ’ শব্দৰ অৰ্থ কি ?

উঃ তুৰ্কী ভাষাত ‘বাবৰ’ শব্দৰ অৰ্থ ‘বাঘ’।

প্ৰঃ পানীপথৰ প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল ?

উঃ 1526 খ্ৰীঃত।

প্ৰঃ পানীপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল?

উঃ দিল্লীৰ চুলতান ইব্রাহিম লোডী আৰু আফগান নেতা জাহিৰুদ্দিন বাবৰৰ মাজত।।

প্ৰঃ জাহিৰুদ্দিন মহম্মদ বাবৰে লিখা আত্মজীৱনীখনৰ নাম কি?

উঃ ‘তুজুক-ই-বাবৰি’।

মধ্য যুগৰ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ বাবৰৰ পিছত কোনে দিল্লীৰ সিহাসনত উঠে?

উঃ বাবৰৰ পুত্ৰ হুমায়ুনে।

প্ৰঃ ‘হুমায়ুন’ শব্দৰ অৰ্থ কি?

উঃ ভাগ্যবান।

প্ৰঃ কোনজন মোগল সম্ৰাট হিন্দু সকলৰ প্ৰতি অতি উদাৰ নীতি গ্ৰহন কৰিছিল?

উঃ সম্ৰাট আকবৰে।

মধ্য যুগৰ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ কোন দুৰ্গক পূৱ-ভাৰতৰ দ্বাৰ’ বুলি কোৱা হৈছিল?

উঃ আগ্ৰা দুৰ্গক।

প্ৰঃ মোগল সম্ৰাট আকবৰৰ জন্ম ক’ত হৈছিল?

উঃ ‘অমৰ কোট’ নামে ঠাইত (1542 চনত)।

প্ৰঃ হুমায়ুনৰ মৃত্যুৰ পিছত মোগল সম্ৰাট আকবৰৰ অভিভাৱক কোন হৈছিল?

উঃ বৈৰাম খাঁ।

প্ৰঃ পানীপথৰ দ্বিতীয় যুদ্ধ কিমান চনত সংগটিত হৈছিল?

উঃ 1556 চনত।

প্ৰঃ ভাৰতত কোনে মনচবদাৰী প্ৰথা প্ৰৱৰ্তন কৰিছিল?

উঃ মোগল সম্ৰাট আকবৰে।

প্ৰঃ কোনে ‘দিন-ইলাহী’ ধৰ্ম প্ৰৱৰ্তন  কৰিছিল?

উঃ মোগল সম্ৰাট আকবৰে।

প্ৰঃ ‘হুমায়ুন নামা’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উঃ মোগল সম্ৰাট হুমায়ুনৰ ভনী গুলবদন Îবগমে।

প্ৰঃ কোনে মোগল সম্ৰাট আকবৰক ‘অশুচি বিদেশী’  বুলি উপহাস কৰিছিল?

উঃ মেৱাৰৰ ৰাণাই।

প্ৰঃ আকবৰৰ মৃতুৰ পিছত কোনে মোগল সম্ৰাজ্যৰ সিংহাসনত বহিছিল?

উঃ আকবৰৰ পুত্ৰ যুৱৰাজ চেলিমে ‘জাহাঙ্গীৰ’ নাম লৈ সিংহাসনত বহিছিল।

প্ৰঃ ‘জাহাঙ্গীৰ’ শব্দৰ অৰ্থ কি?

উঃ বিশ্ব বিজয়ী।

প্ৰঃ জাহাঙ্গীৰে কাক নিকাহ কৰাইছিল?

উঃ মেহেৰুনিচ্ছা (নুৰজাহান)।

প্ৰঃ কোনজন ইংৰাজ দূতে মোগল সম্ৰাট জাহাঙ্গীৰৰ পৰা ভাৰতত বেপাৰ-বাণিজ্য কৰাৰ অনুমতি আদায় কৰে?

উঃ টমাচ ৰো।

প্ৰঃ জাহাঙ্গীৰৰ আত্মজীৱনীখনৰ নাম কি?

উঃ তুজুক-ই জাহাঙ্গীৰি।

মধ্য যুগৰ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ জাহাঙ্গীৰৰ পিছত কোন মোগল সাম্ৰাজ্যৰ সম্ৰাট হয়?

উঃ ছাহজাহান।

প্ৰঃ ‘নুৰজাহান’ শব্দৰ অৰ্থ কি?

উঃ বিশ্ব সুন্দৰী।

প্ৰঃ নুৰ¸জাহানৰ পূৰ্বৰ নাম কি আছিল?

উঃ মেহেৰুন্নিচা।

প্ৰঃ ‘ছাহজাহান’ শব্দৰ অৰ্থ কি?

উঃ বিশ্ব সম্ৰাট।

প্ৰঃ ছাহজাহানে কাক বিয়া কৰাইছিল?

উঃ আৰজুমন্দ ভানু বেগমক ‘মমতাজমহল’ নাম দি বিয়া কৰাইছিল।

মধ্য যুগৰ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ ‘মমতাজমহল’ শব্দৰ অৰ্থ কি?

উঃ প্ৰসাদৰ অলংকাৰ।

প্ৰঃ বিশ্বৰ সপ্তম আশ্চৰ্য ‘তাজমহল’ কোনে নিৰ্মাণ কৰিছিল?

উঃ সম্ৰাট ছাহজাহানে।

প্ৰঃ ছাহজাহানৰ পূৰ্বৰ নাম কি আছিল?

উঃ খুৰম।

প্ৰঃ তাজমহলৰ নক্সা কোনে তৈয়াৰ  কৰিছিল?

উঃ ওস্তাদ ইছা খাঁই।

প্ৰঃ বিশ্ব বিখ্যাত ‘ময়ূৰ সিংহাসন’ কোন শিল্পীয়ে নিৰ্মাণ কৰিছিল?

উঃ শিল্পী বেবাদল খাঁই (সাত বছৰ পৰিশ্ৰম কৰি)।

প্ৰঃ দেৱান-ই-খাচ, আৰু দেৱান-ই-আম কোনে নিৰ্মাণ কৰিছিল?

উঃ মোগল সম্ৰাট ছাহজাহানে।

মধ্য যুগৰ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ ছাহজাহানৰ পিছত কোনে মোগল সিংহাসনত বহিছিল?

উঃ ঔৰংজেৱ।

প্ৰঃ জামে-মছজিদ, জুম্মা মছজিদ আৰু মতি মছজিদ কোনে নিৰ্মাণ  কৰিছিল?

উঃ মোগল সম্ৰাট ছাহজাহানে।

মধ্য যুগৰ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ ঔৰংজেৱে কি নাম লৈ সিংহাসনত উঠিছিল?

উঃ আলমগীৰ পাদশাহ গাজী।

প্ৰঃ কোনজন মোগল সম্ৰাটে হিন্দুসকলৰ ওপৰত ‘জিজিয়া কৰ’ ধাৰ্য কৰিছিল?

উঃ মোগল সম্ৰাট ঔৰংজেৱে।

প্ৰঃ কোনজন মোগল সম্ৰাটক ‘জিন্দাপীৰ’ আখ্যা দিছিল?

উঃ কোৰাণৰ ওপৰত পৰম আস্থা থকা বাবে সম্ৰাট ঔৰংজেৱক মানুহে ‘জিন্দাপীৰ’ বুলি আখ্যা দিছিল।

প্ৰঃ ‘আলমগীৰ পাদশাহ গাজী’ শব্দৰ অৰ্থ কি?

উঃ পৃথিৱী বিজয়ী ধৰ্মযোদ্ধা সম্ৰাট।

প্ৰঃ কোনজন মোগল সম্ৰাটৰ দিনত মীৰজুমলাই অসম আক্ৰমণ কৰিছিল?

উঃ মোগল সম্ৰাট ঔৰংজেৱৰ সময়ত।

প্ৰঃ শিৱাজীৰ মন্ত্ৰীসভাক কি বুলি কোৱা হৈছিল?

উঃ অষ্ট প্ৰধান।

প্ৰঃ কোনজন মোগল সম্ৰাটৰ দিনত মোগল সাম্ৰাজ্যই সৰ্বাধিক বিস্তাৰ লাভ কৰিছিল?

উঃ সম্ৰাট ঔৰংজেৱৰ সময়ত।

প্ৰঃ ঔৰংজেৱৰ মৃত্যুৰ পিছত কোন মোগল সাম্ৰাজ্যৰ সম্ৰাট হয়?

উঃ ঔৰংজেৱৰ জ্যেষ্ঠ পুত্ৰ মুৱাজ্জমে ‘প্ৰথম বাহাদুৰ ছাহ’ নাম লৈ মোগল সিংহাসনত উঠে। তেওঁ ‘প্ৰথম ছাহ আলম’ নামেও পৰিচিত।

প্ৰঃ কিমান চনত পাৰস্য সম্ৰাট নাদিৰ ছাহে ভাৰত আক্ৰমণ কৰে?

উঃ 1739 চনত।

প্ৰঃ ‘মই কোন আৰু মই কিয় এই পৃথিৱীলৈ আহিছিলোঁ, মই নেজানো। মই মোৰ দেশ আৰু প্ৰজাৰ বাবে একো কৰি যাব নোৱাৰিলোঁ। মোৰ জীৱন অথলে গ’ল।’ – কথাষাৰ কোনজন মোগল সম্ৰাটৰ অন্তিম বাণী?

উঃ মোগল সম্ৰাট ঔৰংজেৱৰ।

মধ্য যুগৰ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ কোনজন বিদেশী আক্ৰমণকাৰীয়ে সম্ৰাট ছাহজাহানে নিৰ্মাণ কৰা ‘ময়ূৰ সিংহাসন’ লৈ গৈছিল?

উঃ পাৰস্য সম্ৰাট নাদিৰ ছাহে।

প্ৰঃ পানীপথৰ তৃতীয় যুদ্ধ কিমান চনত সংগঠিত হৈছিল?

উঃ 1761 চনত।

প্ৰঃ আইনী- ই আকবৰী’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উঃ মোগল সম্ৰাট আকবৰৰ সভা কবি আবুল ফজলে।

প্ৰঃ আকবৰৰ ৰাজত্ব কালত কোনজন ইংৰাজ পৰ্যটক ভাৰতলৈ আহিছিল?

উঃ ৰালফ ফিটচ্‌।

প্ৰঃ ঔৰংজেৱৰ দিনত কোনজন ফৰাচী পৰ্যটক ভাৰতলৈ আহে?

উঃ  বাৰ্নিয়াৰ (Bernier)।

মধ্য যুগৰ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ ইটালীৰ পৰ্যটক মানুচী (Monucci)  কোনজন মোগল সম্ৰাটৰ ৰাজত্ব কালত ভাৰতলৈ আহিছিল?

উঃ ঔৰংজেৱৰ দিনত।

প্ৰঃ কোনজন চুলতানে অশোকৰ স্তম্ভ দিল্লীলৈ স্থানান্তৰ কৰিছিল?

উঃ ফিৰোজছাহ টোগলক।

প্ৰঃ জাহাঙ্গীৰৰ ৰাজত্ব কালত ভাৰতলৈ অহা পৰ্তুগীজ পৰ্যটকজনৰ নাম কি?

উঃ ফ্রান্সিচকো পেলসাৰ্ট (Francisco Pelsaert)।

প্ৰঃ কেতিয়া মোগলসকলে কোচ ৰাজ্য আক্ৰমণ কৰিছিল?

উঃ 1615 চনত।

প্ৰঃ ছাহজাহানৰ ৰাজত্ব কালত কোনজন ফৰাচী বণিক আৰু পৰ্যটক ভাৰতলৈ আহিছিল?

উঃ ট্ৰাভাৰ্নিয়েৰ (Travernier)।

প্ৰঃ আলাউদ্দিন খিলিজিৰ ৰাজত্বকালত মোগল সম্ৰাজ্য ভ্ৰমণ কৰা আফ্রিকীয় পৰ্যটকজনৰ নাম কি?

উঃ ইবন বটুতা।

মধ্য যুগৰ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ দিল্লীৰ প্ৰথমজন আফগান চুলতান কোন আছিল?

উঃ বাহল’ল লোডী।

প্ৰঃ সম্ৰাট ছাহজাহানে কোনখন নগৰ নিৰ্মাণ কৰিছিল?

উঃ ছাহজাহানবাদ।

প্ৰঃ কোন চনত ছাহজাহানে আগ্ৰাৰ পৰা দিল্লীলৈ ৰাজধানী স্থানান্তৰ কৰিছিল?

উঃ 1648 খ্ৰীঃত।

প্ৰঃ শিৱাজীক ঔৰংজেৱে আটক কৰা অৱস্থাৰ পৰা মুক্ত কৰাত কোনে সহায় কৰিছিল?

উঃ জয় সিং।

প্ৰঃ ভাস্ক-ডা-গামাই কেতিয়া ভাৰত অভিমূখী সাগৰীয় পথ আৱিস্কাৰ কৰিছিল?

উঃ 1498 খ্ৰীঃত।

প্ৰঃ কোনজন মোগল সম্ৰাটৰ ৰাজত্বকালক মোগল ৰাজত্বৰ ‘সোণালী যুগ’ বুলি কোৱা হয়?

উঃ ছাহজাহান।

প্ৰঃ কোনজন মধ্য যুগীয় ভাৰতীয় লিখকে তেওঁৰ লিখনীত আমেৰিকা আৱিষ্কাৰৰ বিষয়ে উল্লেখ কৰিছে?

উঃ আবুল ফজল।

প্ৰঃ আগ্ৰাৰ ওচৰৰ কোনখন ঠাই চিকন্দৰ লোডীৰ নামেৰে নামাকৰণ কৰা হয়?

উঃ চিকন্দৰবাদ।

মধ্য যুগৰ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ ব্রিটিছ -ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে  প্ৰথমে ভাৰতৰ ক’ত সিহঁতৰ বাণিজ্যিক ঘাটি স্থাপন কৰিছিল?

উঃ ‘চুৰাট’ নামে ঠাইত।

প্ৰঃ নিজৰ জীয়েকক মোগল সম্ৰাট আকবৰলৈ বিয়া দিয়া ৰাজপুত ৰজাজনৰ নাম কি আছিল?

উঃ অম্বৰৰ ৰজা বিহাৰীমল।

প্ৰঃ ভাৰতত কোনে প্ৰথমে তামৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল?

উঃ টোগলক বংশৰ চুলতান মহম্মদ বিন টোগলক।

প্ৰঃ বাবৰে প্ৰথমবাৰ ভাৰত আক্ৰমণ কৰা সময়ত দিল্লীৰ চুলতান কোন আছিল?

উঃ ইব্রাহিম লোডী।

প্ৰঃ ‘ৰামচৰিতমানস’ গ্ৰন্থখনৰ লিখক কোন ?

উঃ  তুলসী দাস।

প্ৰঃ ময়ূৰ সিংহাসনত বহা অন্তিমজন মোগল সম্ৰাটজনৰ নাম কি আছিল?

উঃ মহম্মদ ছাহ।

প্ৰঃ কোনজন মোগল সম্ৰাটৰ ৰাজত্বকাল চলি থকা সময়ত তুলসী দাসে ‘ৰামচৰিতমানস’ পুথিখন ৰচনা কৰিছিল?

উঃ মোগল সম্ৰাট আকবৰ।

প্ৰঃ ভাৰতৰ কোনজন শাসকে ঐতিহাসিক ‘গ্ৰেণ্ড ট্ৰাংক ৰোড’ নিৰ্মাণ কৰিছিল?

উঃ ছেৰ ছাহ ।

প্ৰঃ ইংৰাজসকলক ভাৰতত বেহা-বেপাৰ কৰিবলৈ কোনজন মোগল সম্ৰাটে অনুমতি প্ৰদান কৰিছিল?

উঃ জাহাঙ্গীৰ।

প্ৰঃ কোনজন মোগল সম্ৰাট নিৰক্ষৰ আছিল?

উঃ সম্ৰাট আকবৰ।

প্ৰঃ মোগল সম্ৰাট আকবৰৰ ৰাজহ মন্ত্ৰীজনৰ নাম কি আছিল?

উঃ টোডৰমল।

মধ্য যুগৰ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ কোনজন মোগল সম্ৰাটে হিন্দুসকলৰ ওপৰত ‘জিজিয়া কৰ’ ধাৰ্য কৰিছিল?

উঃ ঔৰংজেৱে।

প্ৰঃ মোগল সাম্ৰাজ্যৰ অন্তিমজন শাসকৰ নাম কি আছিল?

উঃ  বাহাদুৰ ছাহ জাফৰ।

প্ৰঃ ‘দাগ’ প্ৰথা মানে কি?

উঃ দিল্লীৰ চুলতানসকৰ দিনত মনচবদাৰসকলে উৎকৃষ্ট আৰু প্ৰশিক্ষণপ্ৰাপ্ত ঘোঁৰা ৰখাৰ নিয়ম আছিল। এই প্ৰথাকেই ‘দাগ’ প্ৰথা বুলি কোৱা হয়।

প্ৰঃ ভাৰতত কোনে প্ৰথমতে ‘দাগ’ প্ৰথা প্ৰৱৰ্তন কৰিছিল?

উঃ আলাউদ্দিন খিলিজিয়ে।

প্ৰঃ তাজমহল ভাৰতৰ কোনখন নদীৰ পাৰত অৱস্থিত?

উঃ যমুনা নদীৰ পাৰত।

প্ৰঃ ভাৰতলৈ নতুন সামুদ্ৰিক পথ আৱিষ্কাৰ কৰাৰ ক্ষেত্ৰত ইউৰোপৰ কোন জাতি অগ্ৰণী আছিল?

উঃ  পৰ্তুগীজসকল।

প্ৰঃ ভাস্কো-ডা-গামাই ভাৰতৰ কোনখন বন্দৰত আহি উপস্থিত হৈছিল?

উঃ  ভাৰতৰ দক্ষিণ-পশ্চিম উপকূলত অৱস্থিত ‘কালিকট’ নামৰ বন্দৰত।

মধ্য যুগৰ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ কোনজন ভাৰতীয় ৰজাই ভাস্কো-ডা-গামাক অভ্যৰ্থনা জনাইছিল?

উঃ  কালিকটৰ ৰজা জামোৰিণে (Zamorin)।

প্ৰঃ ভাৰতত কোনজন পৰ্তুগীজ লোক  প্ৰথমতে ভাৰতত শাসনকৰ্তা নিযুক্ত হৈছিল?

উঃ  ফ্রান্সিচকো দ -আলমাইদা (Francisco-de Almaida)।

প্ৰঃ কিমান চনত পৰ্তুগীজসকল প্ৰথমে ভাৰতলৈ আহে?

উঃ  1498 চনত।

প্ৰঃ কোন চনত পৰ্তুগীজ নাৱিক ভাস্কো-ডা-গামাই ভাৰতলৈ আহে?

উঃ  1498 চনত।

প্ৰঃ কোনজন পৰ্তুগীজ  শাসনকৰ্তা ভাৰতত পৰ্তুগীজ  শক্তিৰ প্ৰকৃত প্রতিষ্ঠাতা আছিল?

উঃ  আলফোনচো আলবুকাৰ্ক। ০ ০ ০

Medieval Indian History Quiz

Q. Who was the founder of Delhi Sultanate?
A. Qutubuddin Aibak.

Q. Which ruler built Qutub Minar?
A. Qutubuddin Aibak (later completed by Iltutmish).

Q. Name the first female ruler of Delhi.
A. Razia Sultana.

Q. Which battle started Mughal rule in India?
A. First Battle of Panipat (1526).

Q. Who was the last ruler of the Mughal dynasty?
A. Bahadur Shah II (Bahadur Shah Zafar).

Q. Name the capital city founded by Muhammad bin Tughlaq.
A. Daulatabad (earlier known as Devagiri).

Q. Who was the author of ‘Kitab-ul-Hind’?
A. Al-Biruni.

Q. Which dynasty ruled the Vijayanagara Empire?
A. Sangma dynasty.

Q. Name the king who defeated Muhammad Ghori in the First Battle of Tarain.
A. Prithviraj Chauhan.

Q. Who was the Persian traveller who visited the court of Muhammad bin Tughlaq?
A. Ibn Battuta.

Q. What was the primary language of administration under the Delhi Sultanate?
A. Persian.

Q. Who built the Gol Gumbaz in Bijapur?
A. Muhammad Adil Shah.

Q. Name the ruler who introduced token currency in India.
A. Muhammad bin Tughlaq.

Q. Which famous ruler built the Buland Darwaza in Fatehpur Sikri?
A. Akbar.

Q. Who wrote the historical text ‘Rajatarangini’?
A. Kalhan.

Q. Name the battle that ended the rule of the Vijayanagara Empire.
A. Battle of Talikota (1565).

Q. Which ruler of the Mughal Empire was known for his policy of religious tolerance?
A. Akbar.

Q. Who was the founder of the Chola dynasty?
A. Vijayalaya Chola.

Q. Name the king who built the Sun Temple at Konark.
A. King Narasimhadeva I.

Q. What was the original name of Sher Shah Suri?
A. Farid Khan.

Q. Who was the commander of Alauddin Khilji’s army in the Deccan campaign?
A. Malik Kafur.

Q. Name the Mughal ruler who introduced the Mansabdari system.**
A. Akbar.

Q. Who was the most prominent Bhakti saint of North India in the medieval period?
A. Kabir.

Q. Which was the primary port city of the Chola Empire?
A. Nagapattinam.

Q. Name the Sufi saint whose tomb is located in Ajmer.
A. Moinuddin Chishti.

Q. Which Sikh Guru founded the Khalsa?
A. Guru Govind Singh.

Q. Who was the ruler of Bijapur at the time of Shivaji’s invasion?
A. Ali Adil Shah II.

Q. Name the Mughal emperor who built the Taj Mahal.
A. Shah Jahan.

Q. Who was the first ruler to issue coins in India?
A. Samudragupta or Gupta rulers (for standardized coinage).

Q. Name the state that resisted Mughal expansion under Queen Durgavati.
A. Gondwana.

Q. Who was the founder of the Bahmani Empire?
A. Alauddin Bahman Shah.

Q. Name the famous traveler who documented the Vijayanagara Empire.
A. Domingo Paes.

Q. What was the name of Akbar’s religious assembly?
A. Ibadat Khana.

Q. Who was the ruler during the Second Battle of Panipat?
A. Akbar (against Hemu).

Q. Which Indian ruler invited the Portuguese to set up trading posts in Goa?
A. Zamorin of Calicut.

Q. Name the art that flourished under the Mughal Empire by combining Persian and Indian styles.
A. Mughal miniature painting.

Q. Who was the architect of the Mughal administrative system?
A. Akbar (with advisors like Bairam Khan).

Q. Name the famous musician in Akbar’s court.
A. Tansen.

Q. Who defeated the British at the Battle of Pollilur during the Anglo-Mysore Wars?
A. Tipu Sultan. 0 0 0

N.B. If you find the মধ্য যুগৰ ভাৰত বুৰঞ্জী কুইজ | Medieval Indian Quiz helpful, please share your comments with us.

বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ 

মধ্য যুগৰ ভাৰত বুৰঞ্জী কুইজ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here