Home Quiz মহাকাশ অভিযান কুইজ | Space Exploration

মহাকাশ অভিযান কুইজ | Space Exploration

0

মহাকাশ অভিযান কুইজমহাকাশ অভিযান কুইজ 

মহাকাশ অভিযান কুইজ

মহাকাশ অভিযান কুইজ-1

প্ৰঃ মহাকাশৰ প্ৰথম পৰীক্ষাগাৰৰ নাম কি?

উঃ স্কাইলেব-১।

প্ৰঃ কোন চনত পোন প্ৰথমবাৰৰ বাবে মানুহে মহাকাশত খোজ দিছিল?

উঃ 1961 চনত।

প্ৰঃ ভাৰতীয় কৃত্ৰিম উপগ্ৰহটো কোন চনত কক্ষপথত স্থাপন কৰা হৈছিল?

উঃ 19 এপ্ৰিল, 1975 চন।

প্ৰঃ ভাৰতৰ ৰাকেশ শৰ্মাই মহাকাশত কোন চনত খোজ দিছিল?

উঃ 3 এপ্ৰিল, 1984 চন।

প্ৰঃ মহাকাশযানৰ প্ৰথম মহিলা পাইলট কোন আছিল?

উঃ আইলীন কলিনছ (আমেৰিকা যুক্তৰাষ্ট্ৰ)।

প্ৰঃ বিশ্বত মহাকাশ যুগ কেতিয়া আৰম্ভ হয়?

উঃ 1957 চনৰ 4 অক্টোবৰত ৰাছিয়াই পোন প্ৰথমতে  মহাকাশত ‘স্পুটনিক’ নামৰ যান প্ৰেৰণ কৰি মহাকাশ যুগৰ শুভাৰম্ভ কৰিছিল।

প্ৰঃ বিশ্বৰ প্ৰথম মহাকাশচাৰী কোন আছিল?

উঃ ৰাছিয়াৰ ইউৰি গাগাৰিন।

মহাকাশ অভিযান কুইজ-2

প্ৰঃ চন্দ্ৰত অৱতৰণ কৰিবলৈ কোনখন দেশে প্ৰথম মহাকাশযান পঠাইছিল?

উঃ আমেৰিকা যুক্তৰাষ্ট্ৰ।

প্ৰঃ প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?

উঃ আৰ্যভট্ট।

প্ৰঃ  শ্ৰীহৰিকোটা কোন প্ৰদেশত অৱস্থিত?

উঃ অন্ধ্ৰপ্ৰদেশ।

প্ৰঃ দুগৰাকী ভাৰতীয় মহাকাশচাৰীৰ নাম কোৱা।

উঃ ৰাকেশ শৰ্মা আৰু কল্পনা চাওলা।

প্ৰঃ প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল?

উঃ ৰাছিয়াৰ ভেলেন্টিনা তেৰেস্কোভা (1964 চনৰ 16 জুন)।

প্ৰঃবিশ্বৰ কোনখন দেশে প্ৰথমে কৃত্ৰিম উপগ্ৰহ প্ৰেৰণ কৰিছিল?

উঃ ছোভিয়েট ৰাছিয়া।

প্ৰঃ মহাকাশৰ প্ৰথম পৰ্যটকজন কোন আছিল?

উঃ ডেনিছ টিট’।

মহাকাশ অভিযান কুইজ-3

প্ৰঃ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?

উঃ স্পুটনিক -১।

প্ৰঃ মহাকাশত খোজ দিয়া প্ৰথম আমেৰিকান গৰাকী কোন?

উঃ আলম বালেটি শ্বেফাৰ্ড।

প্ৰঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা কোন চনত প্ৰতিষ্ঠা হৈছিল?

উঃ 1969 চনত।

প্ৰঃ ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত অগ্ৰগণ্য বিজ্ঞানীজন কোন আছিল?

উঃ বিক্ৰম চাৰাভাই।

প্ৰঃ আমেৰিকাৰ ৰকেট বিদ্যাৰ পিতৃ কোন?

উঃ ৰবাৰ্ট গডাৰ্ড।

প্ৰঃ সৰ্বপ্ৰথম কোনে চন্দ্ৰত অৱতৰণ কৰিছিল?

উঃ আমেৰিকাৰ মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং, 1969 চনৰ 20 জুলাই তাৰিখে ভাৰতীয় সময়মতে ৰাতিপুৱা 8 বাজি 26 মিনিটত।

প্ৰঃ কোন ঠাইৰ পৰা ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ ‘আৰ্যভট্ট’ উৎক্ষেপন কৰা হৈছিল?

উঃ ছোভিয়েট ৰাছিয়াৰ পৰা।

প্ৰঃ মহাকাশত স্থাপন কৰা প্ৰথম মহাকাশ ষ্টেচনটোৰ নাম কি?

উঃ ‘চেলিউট’ (1971 চন)।

মহাকাশ অভিযান কুইজ-4

প্ৰঃ মুক্তবেগ  কি?

উঃ যি বেগত গ’লে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ আকৰ্ষণক এৰাই যাব পাৰি তাকে ‘মুমুক্তবেগ’ বা ‘এচকেপ ভেলোচিটি’ বোলা হয়। মুক্ত বেগৰ মান ঘন্টাত 25000 মাইল।

প্ৰঃ মানৱযান পঠিওৱা পৃথিৱীৰ তৃতীয় দেশ কোনখন?

উঃ চীন।

প্ৰঃ ইন্টাৰনেচনেল স্পেচ ষ্টেচন (ISS) কাৰ্যসূচীত কিমানখন দেশে অংশ গ্ৰহণ কৰিছে?

উঃ  16  খন।

প্ৰঃ এতিয়ালৈকে কিমানজন মহাকাশচাৰীয়ে চন্দ্ৰ পৃষ্ঠত ভৰি দিছে?

উঃ 12 জন।

প্ৰঃ কোন চনত স্কাইলেব পৃথিৱীত পতিত হৈছিল?

উঃ 1979 চনত।

প্ৰঃ সৌৰজগতৰ কোনটো গ্ৰহৰ নাম গ্ৰীক শব্দ ব্যৱহাৰ নকৰাকৈ ৰখা হৈছে?

উঃ পৃথিৱী।

প্ৰঃ মহাকাশত নিহত হোৱা প্ৰথম মানুহজনৰ নাম কি আছিল?

উঃ ভ্লাডিমাৰ ক’মাৰভ।

প্ৰঃ লাইট ইয়েৰ (আলোকবৰ্ষ) কি?

উঃ লাইট ইয়েৰ হ’ল পোহৰে এবছৰত গতি কৰিব পৰা দূৰত্ব। পোহৰৰ গতিবেগ  ছেকেণ্ডত 3×10⁸ মিঃ।

প্ৰঃ ৰাছিয়াৰ মহাকাশ যান কেতিয়া শুক্ৰ গ্ৰহত অৱস্থান কৰে?

উঃ 1970 চনত।

প্ৰঃ মহাকাশত আটাইতকৈ বেছিদিন কটোৱা ব্যক্তিজন কোন?

উঃ ইউৰি ৰ’মানিকভ, (326 দিন)।

প্ৰঃ মহাকাশত খোজকঢ়া  প্ৰথম ব্যক্তিজন কোন?

উঃ ৰাছিয়াৰ আলেকচেল লিওনভ। 

প্ৰঃ শুক্ৰ গ্ৰহত অৱতৰণ কৰা প্ৰথম মহাকাশযানখনৰ নাম কি?

উঃ ভেনেৰা -7।

প্ৰঃ মঙ্গল গ্ৰহলৈ যোৱা প্ৰথম মানৱবিহীন যানখনৰ নাম কি?

উঃ মেৰিণাৰ -4।

মহাকাশ অভিযান কুইজ-5

প্ৰঃ বুধ গ্ৰহলৈ যোৱা প্ৰথম মানৱবিহীন মহাকাশযানখনৰ নাম কি?

উঃ মেৰিণাৰ -10

প্ৰঃ মহাকাশলৈ যোৱা প্ৰথম প্ৰাণীটো কি?

উঃ  লাইকা নামৰ কুকুৰ।

প্ৰঃ মহাজাগতিক ৰশ্মি কি?

উঃ অতি ক্ষীণ বিদ্যুৎ চুম্বকীয় তৰঙ্গৰ বিকীৰণ।

প্ৰঃ স্পেচ শ্বাটল কি?

উঃ স্পেচ শ্বাটল হ’ল বিশেষ ধৰণৰ মহাকাশ যান। ইয়াক মহাকাশত উৎক্ষেপন কৰাৰ পাছত আকৌ পৃথিৱীলৈ ঘূৰাই আনিব পাৰি। 

প্ৰঃ প্ৰথম স্পেচ শ্বাটলখনৰ নাম কি আছিল?

উঃ ‘কলম্বিয়া’।

প্ৰঃ জেট বিমান আৰু ৰকেটৰ মাজত পাৰ্থক্য কি?

উঃ জেট বিমান অকল বায়ুমণ্ডল থকা ঠাইতহে উৰিব পাৰে। বায়ুত থকা অক্সিজেনে জেটক ইন্ধন যোগায়। 

আনহাতে ৰকেট উৰিবলৈ বায়ুমণ্ডলৰ প্ৰয়োজন নাই। ইয়াৰ ইন্ধনৰ বাবে অক্সিজেনৰ যোগান ধৰিবলৈ ইয়াৰ ভিতৰতে সকলো ব্যৱস্থা থাকে।

মহাকাশ অভিযান কুইজ-6

প্ৰঃ হাবল কি?

উঃ হাবল হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰই মহাকাশত স্থাপন কৰা বিশ্বৰ বৃহত্তম আৰু ভ্ৰাম্যমান এটা দূৰবীণ যন্ত্ৰ। 

প্ৰঃ ব্ল্যাক হোলচ (কৃষ্ণ গহ্বৰ) কি?

উঃ ব্ল্যাক হোলচ (কৃষ্ণ গহ্বৰ)  হ’ল এটি অতি প্ৰাচীন মৃত নক্ষত্ৰ। এই মৃত নক্ষত্ৰটোৰ পদার্থবোৰ ইমানেই ঘনীভূত যে ইয়াত অত্যন্ত শক্তিশালী মাধ্যাকৰ্ষণ বলৰ সৃষ্টি হৈছে। এই মাধ্যাকৰ্ষণ শক্তিয়ে পোহৰকো আকৰ্ষণ কৰি নিঃশেষ কৰি দিয়া বাবে তৰাটো এটি কল্পনাতীত বৃহৎ অন্ধকাৰ গহ্বৰ হৈ পৰিছে। 

প্ৰঃ এজন মানুহে পোহৰৰ গতিবেগত মহাকাশত 24 ঘন্টা ভ্ৰমণ কৰিলে পৃথিৱীত সেই সময়খিনিত কিমান সময় পাৰ হৈ যাব?

উঃ 18  বছৰ। ০ ০ ০

বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ 

মহাকাশ অভিযান কুইজ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here