Home Essay মাদাৰ টেৰেছা | Mother Teresa Essay in Assamese

মাদাৰ টেৰেছা | Mother Teresa Essay in Assamese

0

যদি আপুনি ‘মাদাৰ টেৰেছা’ ৰ বিষয়ে এখন ৰচনা বিচাৰিছে আৰু ইয়াৰ বিষয়ে সবিশেষ জানিব খোজে, তেন্তে এইখন নিবন্ধ আপোনাৰ বাবে উপযুক্ত। এই নিবন্ধখন ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ পাঠকসকলে সহজে বুজিব পৰাকৈ সৰল ভাষাত লিখা হৈছে।

মাদাৰ টেৰেছা Mother Teresa Essay in Assamese

মাদাৰ টেৰেছা | Mother Teresa Essay in Assamese

পৰিচয়:

মাদাৰ টেৰেছা আছিল বিশ্ববৰেণ্য এজনী মানৱতাবাদী কৰ্মী, দয়া, কৰুণা আৰু ত্যাগৰ এক জলন্ত প্ৰতিমূৰ্তি। নিঃকিন, দীন-দৰিদ্ৰ, ৰোগী, পতিত আৰু গৃহহীন লোকসকলৰ সেৱা আৰু কল্যাণ সাধন কৰাই আছিল তাইৰ জীৱনৰ একমাত্ৰ লক্ষ্য।

জন্ম আৰু শিক্ষা  জীৱন:

মাদাৰ টেৰেছাই  ইংৰাজী ১৯১০ চনৰ আগষ্ট মাহৰ ২৭ তাৰিখে ইউৰোপৰ যুগোশ্লাভিয়াত জন্ম গ্ৰহণ কৰে। তাইৰ দেউতাকৰ  নাম আছিল নিকোলাচ আৰু মাকৰ নাম আছিল মিচেচ ড্ৰানা। সৰুতে মাদাৰ টেৰেছাক পিতৃ-মাতৃয়ে ‘এগনেছ’  নামেৰে মাতিছিল।

মাদাৰ টেৰেছাই পাঁচ বছৰ বয়সত স্থানীয় বিদ্যালয়ত নাম ভৰ্তি কৰে। সাত বছৰ বয়সত তাইৰ দেউতাকৰ মৃত্যু হয়। ফলত পৰিয়ালটি আৰ্থিক সংকটত পৰে। মাকৰ তত্বাৱধানত তাই হাই স্কুলীয়া শিক্ষা সাং কৰি আনুষ্ঠানিক  শিক্ষাৰ সামৰণি মাৰে।

কৰ্ম জীৱন:

মাদাৰ টেৰেছা এজনী কোমল হৃদয়া ছোৱালী আছিল। মানুহৰ দুখ, কষ্টৰ প্ৰতি তাই অতিকৈ সংবেদনশীল আছিল। সেয়ে তাই মানৱ সেৱাত নিজকে নিয়োজিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি  খ্ৰীষ্টান মিছনেৰী সংগঠন এটিত যোগ দি ভাৰতলৈ আহে।

এগনেছে ১৯২৮ চনত ভাৰতবৰ্ষলৈ আহি দাৰ্জিলিঙ  চহৰত ‘লৰেটো’ সংগঠনৰ এখন বিদ্যালয়ত শিক্ষাদান কৰিবলৈ লয়। সেই সময়ত তাই ‘টেৰেছা’ নাম গ্ৰহণ কৰে। তাৰ পিছত তাই কলকাতাৰ ‘চেন্ট মেৰীজ স্কুল’ত সহকাৰী শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে যদিও পিছলৈ টেৰেছাই দৰিদ্ৰ ল’ৰা- ছোৱালীসকলৰ বাবে ‘মিছনেৰী অফ চেৰিটি’ নামৰ এক সংস্থাৰ জন্ম দি দৰিদ্ৰ জনগণৰ সেৱাত মনোনিেবশ কৰে। ইয়াৰ পিছত তাই ‘নিৰ্মল শিশু ভৱন’ আৰু ‘নিৰ্মল হৃদয়’ নামৰ শুশ্ৰূষাগৃহ স্থাপন কৰে।

টেৰেছাই তাইৰ মিছনেৰী অফ চেৰিটিৰ অধীনত পৃথিৱীৰ বিভিন্ন দেশত ষাঠিখন বিদ্যালয় আৰু দুই শতাধিক চিকিৎসালয়  স্থাপন কৰে আৰু এইবোৰ অনুষ্ঠানৰ  যোগেদি গোটেই  জীৱন নিঃস্ব আৰু দৰিদ্ৰ জনগণৰ সেৱা কৰি ১৯৯৭ চনৰ ৫ চেপ্তেম্বৰৰ দিনা পৰলোকগামী হয়।

স্বীকৃতি:

মাদাৰ টেৰেছাই তাইৰ মানৱ সেৱাৰ স্বীকৃতি হিচাপে  বহুত ৰাষ্ট্ৰীয় আৰু আন্তজাৰ্তিক সন্মান আৰু পুৰষ্কাৰেৰে ভূষিত হয়। তাৰ ভিতৰত ১৯৭৯ চনত শান্তিৰ নেবল বঁটা, ভাৰত চৰকাৰৰ পৰা ‘পদ্মশ্ৰী’, ‘ভাৰতৰত্ন’ আদি উপাধি লাভ কৰাৰ উপৰিও ‘জৱাহৰলাল নেহৰু এৱাৰ্ড’,  ‘ৰাজীৱ গান্ধী সম্ভৱনা বঁটা‘, ‘মেঘেছেছে বঁটা’ আদি  নানান  বঁটা লাভ কৰে। তাই  নিজে নিচেই সাধাৰণ আৰু সৰল জীৱন যাপন কৰি  পুৰষ্কাৰ হিচাপে লাভ কৰা সকলো ধন দৰিদ্ৰ জনগণৰ কল্যাণৰ বাবে খৰচ কৰিছিল।

সামৰণি:

মাদাৰ টেৰেছাই  মানৱ সেৱাত নিজকে ইমানেই একানপতীয়কৈ নিয়োজিত কৰিছিল যে তাই বৈবাহিক বান্ধোনৰ কথা পাহৰি গোটেই জীৱন অবিবাহিত হৈয়ে কটাইছিল। চিৰকুমাৰী থাকিও তাই নিঃস্ব আৰু দৰিদ্ৰ জনসাধাৰণৰ বিশ্বমাতৃ হিচাপে সকলোৰে পৰা শ্ৰদ্ধা লাভ কৰিছিল। আমি তাইৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হোৱা উচিত। 0 0 0

Read More: অসমীয়া ৰচনা শিক্ষা

মাদাৰ টেৰেছা: চমু জীবনী

(ৰচনা )

জন্ম আৰু শৈশৱ

মাদাৰ টেৰেছাৰ জন্ম ১৯১০ চনৰ ২৬ আগষ্টত স্কোপজে নামৰ চহৰত হৈছিল। তেওঁৰ আচল নাম আছিল এগনেছ গনছা বজাক্সিউ। তেওঁ এজন সচ্ছল কৃষকৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। সৰুতে তেওঁক ‘এগনেছ’ বুলি মাতিছিল।

শিক্ষা আৰু ধৰ্মীয় দীক্ষা

এগনেছৰ প্ৰাথমিক শিক্ষা তেওঁৰ জন্মভূমিৰ এখন চৰকাৰী স্কুলত আৰম্ভ হৈছিল। স্কুলখনৰ কাষতে আছিল ধৰ্ম-যাজক সকলৰ এটি সংগঠন। এগনেছৰ হৃদয়ৰ আকৰ্ষণত বাৰবছৰীয়া কিশোৰী এগনেছ সেই সংগঠনত যোগদান কৰিছিল। ১৯২৯ চনত তেওঁ ঘৰৰপৰা একেবাৰে বাহিৰ ওলাই আহিল আৰু বিশ্ব-মানৱৰ সুবিশাল প্ৰংগণলৈ আগবাঢ়ি গ’ল।

কৰ্মজীৱন

কলিকতাত মাদাৰ টেৰেছাৰ কৰ্মজীৱন আৰম্ভ হৈছিল। ছেণ্ট মার্গাৰেণ্ট স্কুলৰ শিক্ষয়িত্ৰী ৰূপে, তাৰ পিছত কিছুদিন অধ্যক্ষাৰূপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৪৬ চনৰ ১০ ছেপ্তেম্বৰত পূজাৰ ছুটীত দাৰ্জিলিঙলৈ গৈছিল। তাতে তেওঁ যেন যীশুৰ আহ্বান শুনিবলৈ পালে আৰু ক্ষুধাৰ্ত, আতুৰ, গৃহহীনসকলৰ কল্যাণৰ বাবে সংকল্প ল’লে ।

মিছনেৰীজ অব্ চেৰিটি

১৯৫০ চনত মাদাৰ টেৰেছাই “মিছনেৰীজ অব্ চেৰিটি” গঠন কৰে। মহামান্য পোপে আনন্দেৰে তালৈ স্বীকৃতি প্রদান কৰে। ১৯৫৪ চনত কালীঘাটত স্থাপিত হয় মুমূর্ষুজনৰ বাবে “নিৰ্মল হৃদয়” নামৰ সদন। মৰণ পথৰ যাত্ৰীয়ে ইয়াত লাভ কৰিছে শুবলৈ বিচনা, পেট ভৰাই খাবলৈ খাদ্য আৰু লগতে শুশ্রূষা। মাদাৰ টেৰেছাৰ পৰিচালনাত ভাৰততে আছে ৬০ খন স্কুল, ২১৩ খন দাতব্য চিকিৎসালয় আৰু ৫৪টা কুষ্ঠ চিকিৎসা কেন্দ্র।

মানৱ সেৱা

মাদাৰ টেৰেছাই পৰিধান কৰিছিল নীলা পাৰী দিয়া বগা সূতাৰ শাড়ী। বিশ্বৰ পীড়িত জনগণৰ মাজত ইমূৰৰপৰা সিমূৰলৈ তেওঁ ঘূৰি ফুৰিছিল। মাদাৰ টেৰেছাৰ কৰ্মজীৱন কলিকতাতেই আৰম্ভ হৈছিল।

স্বীকৃতি

বিশ্বাবাসীয়ে মাদাৰ টেৰেছাৰ উদাৰ মানৱতাবাদী দৃষ্টিভংগীৰ বাবে তেওঁলৈ যাচিছে বিভিন্ন সন্মান আৰু উপাধি। ১৯৭১ চনত তেওঁ “পোপ ত্ৰয়োবিংশ শান্তি পুৰস্কাৰ” লাভ কৰিছে। ১৯৭২ চনত “নেহেৰু পুৰস্কাৰ” আৰু পিছৰ বছৰত পাইছে আন্তর্জাতিক বুজাবুজিৰ বাবে “টেম্পলটন্ ফাউণ্ডেচন প্ৰাইজ”। ১৯৭৯ চনত মাদাৰ টেৰেছাই শান্তিৰ ন’বেল বঁটা লাভ কৰে। ১৯৮০ চনত ভাৰত চৰকাৰে তেওঁক বিৰল “ভাৰত-ৰত্ন” উপাধিৰে ভূষিত কৰে।

মৰণ আৰু উত্তৰাধিকাৰ

মাদাৰ টেৰেছাৰ মৃত্যু ১৯৯৭ চনৰ ৫ ছেপ্টেম্বৰত হৈছিল। মৃত্যুৰ পাছত পোপ জন পল দ্বিতীয়-ই তেওঁক ‘কলিকতাৰ স্বৰ্গীয় টেৰেছা’ সন্মানেৰে বিভূষিত কৰে। মাদাৰ টেৰেছাৰ উত্তৰাধিকাৰ অতুলনীয় নিষ্ঠা আৰু পৰিৱৰ্তনশীল প্ৰভাৱৰ উত্তৰাধিকাৰ হৈয়েই আছে। “অবাঞ্চিত, অপ্ৰিয়, অযত্নহীন”ৰ সেৱাৰ প্ৰতি তাইৰ অটল দায়বদ্ধতাই সামাজিক ন্যায়ৰ বাবে এক বিশ্বব্যাপী আন্দোলন জগাই তুলিছিল।

উপসংহাৰ

মাদাৰ টেৰেছাৰ জীৱন আৰু কৰ্ম মানৱতাৰ এক উজ্জ্বল দৃষ্টান্ত। তেওঁৰ উদাৰতা, কৰুণাময়তা আৰু নিস্বাৰ্থ সেৱা বিশ্ববাসীৰ বাবে এক অনুপ্ৰেৰণা। মাদাৰ টেৰেছাৰ জীৱন আৰু কৰ্মৰ পৰা আমি শিকিব পাৰো যে মানৱ সেবাই সকলোতকৈ ডাঙৰ ধৰ্ম। 0 0 0

বি. দ্র. উক্ত ‘মাদাৰ টেৰেছা | Mother Teresa Essay in Assamese ৰচনাটি ৰাব্বি মছৰুৰ ৰচিতঅসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত।

নোট:যদি আপুনি ৰচনাটো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ । 0 0 0

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here