Home Biography মেৰী কুৰী । Marie Curie

মেৰী কুৰী । Marie Curie

0

মেৰী কুৰী । Marie Curie

মেৰী কুৰী । Marie Curie

 

মেৰী কুৰী । Marie Curie

মেৰী কুৰী । Marie Curie

যিসকল মুষ্ঠিমেয় মহিলা বিজ্ঞানীয়ে বিজ্ঞান জগতত অৱদান আগবঢ়াই ইতিহাসত অমৰ হৈ আছে সেইসকলৰ ভিতৰত সততে উচ্চাৰিত হোৱা এজনী বিজ্ঞানীৰ নাম হ’ল মেৰী কুৰী (Marie Curie)।

মেৰী কুৰীৰ জন্ম নাম মেৰীয়া চাল’মীয়া লুডুৱস্কা। ৭ নভেম্বৰ, ১৮৬৭ চনত তেতিয়াৰ ৰুছ সাম্ৰাজ্যৰ নিয়ন্ত্ৰণাধীন প’লেণ্ডৰ ওৱাৰশ্ব’ত তাই জন্ম গ্ৰহণ কৰিছিল। তাই আছিল পৰিয়ালটোৰ পঞ্চম আৰু সৰ্বকনিষ্ট সন্তান। তাইৰ পিতৃ-মাতৃ আছিল সুপৰিচিত শিক্ষক। পৰিয়ালটোৱে প’লেণ্ডৰ স্বাধীনতা পুনঃপ্রতিষ্ঠাৰ লক্ষ্যেৰে কৰা স্বদেশী আন্দোনলত জড়িত হোৱা বাবে সিহঁতে সা-সম্পত্তি হেৰুৱাইছিল। আনকি মেৰীয়াৰ দেউতাক এজন পোলেণ্ডবাসী হোৱা বাবে কামৰ পৰা বিতাৰিত হৈছিল। সেয়ে মেৰীয়া আৰু তাইৰ ভাই-ভনীসকলে জীৱনত আগুৱাই যোৱাত বহুতো জটিলতাৰ মুখামুখী হৈছিল।

মেৰীয়াৰ দেউতাক লাডিচল’ ল’ড’স্কিয়ে গণিত আৰু পদাৰ্থ বিজ্ঞান পঢ়াইছিল। তেওঁ আনকি ল’ৰাসকলৰ বাবে থকা ওৱাৰশ্ব ব্যায়ামাগাৰৰ সঞ্চালক আছিল। ৰুছ কৰ্তৃপক্ষই পোলেণ্ডৰ বিদ্যালয়সমূহৰ পৰীক্ষাগাৰৰ শিক্ষা বন্ধ কৰাত তেওঁ পৰীক্ষাগাৰত থকা বহুতো সা-সঁজুলি নিজ ঘৰলৈ লৈ আহিছিল আৰু সেইবোৰৰ ব্যৱহাৰৰ বিষয়ে ল’ৰা-ছোৱালীসকলক কৈছিল। মাৰীয়াই সেইবোৰৰ কিছুমান সঁজুলি বৰ ভাল পাইছিল। তাইৰ দেউতাকে তাইক জনাইছিল যে সেই সা-সঁজুলিবোৰ পদাৰ্থ বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষাৰ লগত জড়িত।

মেৰী কুৰীৰ মাতৃ ব্রনিচলাৱাই মেৰীৰ জন্মৰ আগতে ছোৱালীসকলৰ বাবে থকা সন্মানীয় ওৱাৰশ্ব বডিং স্কুল চলাইছিল। মেৰীয়াৰ জন্মৰ পিছত তাই এই চাকৰিৰ পৰা ইস্তফা দিছিল। যেতিয়া মাৰীয়া মাত্ৰ ১০ বছৰীয়া হৈছিল তেতিয়া তাইৰ মাতৃ ব্রনিছলাৱাৰ মৃত্যু হয়। তাইৰ মাতৃৰ মৃত্যুৰ পিছত মৰীয়াই জে, ছিক’ৰস্কা বৰ্ডিং স্কুলত ভৰ্তি হৈছিল। পিছত তেওঁ ছোৱালীসকলৰ জিমনেছিয়াম স্কুলত ভৰ্তি হৈছিল য’ৰ পৰা তাই ১৬ বছৰ বয়সত ১২ জুন, ১৮৮৩ চনত স্নাতক হৈছিল। তাই এজনী তিৰোতা হোৱা বাবে উচ্চ শিক্ষাৰ বাবে নিয়মিত কোনো শিক্ষানুষ্ঠানত নাম ভৰ্তি হ’ব পৰা নাছিল। সেয়ে তাই আৰু তাইৰ ভনী ব্রনিছলাৱাই গোপনে চলি থকা ফ্লায়িং ইউনিভাৰচিটিত ভৰ্তি হৈছিল। ই আছিল পোলেণ্ডৰ এটি উচ্চ শিক্ষাৰ স্বদেশী অনুষ্ঠান যিটোৱে নাৰী ছাত্ৰীক ভৰ্তি কৰিছিল।

১৮৯১ চনৰ শেষ ভাগত মেৰীয়াই ফ্রান্সৰ উদ্দেশ্যে প’লেণ্ড ত্যাগ কৰে। ফ্রান্সত মেৰীয়া ‘মেৰী’ নামেৰে জনাজাত হয়। পেৰিচত তাই তাইৰ ভনী আৰু ভনীজোঁৱাইৰ লগত কিছুদিন থাকে। পিছত তাই পেৰিচ বিশ্ববিদ্যালয়ৰ ওচৰত এটি কোঠালী ভাৰাত লয়। তাই পেৰিচ বিশ্ববিদ্যালত পদাৰ্থ বিজ্ঞান, ৰসায়ন আৰু গণিত অধ্যয়ন কৰিছিল। তাই তাইৰ অধ্যয়নত ইমানেই মগ্ন হৈছিল যে মাজে মাজে তাই খাবলৈ পাহৰি গৈছিল। তাই দিনৰ ভাগত অধ্যয়ন কৰিছিল আৰু সন্ধিয়া জীৱিকাৰ অৰ্থে ঘৰুৱা শিক্ষয়ীত্ৰিৰ কাম কৰিছিল। ১৮৯৩ চনত তাইক পদাৰ্থ বিজ্ঞানত ডিগ্ৰী প্ৰদান কৰা হৈছিল আৰু অধ্যাপক গেব্রিয়েল লিপম্যানৰ ঔদ্যোগিক গৱেষণাগাৰত কাম আৰম্ভ কৰিছিল। তাই পেৰিচ বিশ্ববিদ্যালয়ত  পঢ়া-শুনা চলাই গৈছিল আৰু ১৮৯৪ চনত দ্বিতীয়টো ডিগ্ৰী লাভ কৰিছিল

মেৰী কুৰীয়ে ফ্রান্সৰ ৰসায়ন বিদ্যালয়ৰ অধ্যাপক পেৰী কুৰীক ১৮৯৪ চনত লগ পায়। ১৮৯৫ চনৰ ২৬ জুলাইত তেওঁৰ লগত তাই বিবাহ পাশত আবদ্ধ হয়। এয়া বৰ আমোদজনক ঘটনা যে মেৰীয়ে বিবাহৰ দিনা কইনাৰ সাজ পিন্ধাৰ পৰিৱৰ্তে অতি নীলা ঢিলা পোছাক পৰিধান কৰিছিল। পিছলৈ এই পোছাক তেওঁ বহু বছৰ গৱেষণাগাৰৰ পোছাক হিচাপে ব্যৱহাৰ কৰিছিল। ১৮৯৭ চনত সিহঁতৰ প্ৰথম কন্যা ইৰীণৰ জন্ম হৈছিল। পিছত ইৰীণেও নিজকে এজনী বিখ্যাত পদাৰ্থবিদ বুলি প্ৰমাণ কৰিছিল। ১৯০৬ চনত মেৰীৰ স্বামী পেৰী কুৰী পেৰিচত আকস্মিকভাৱে ঘোঁৰাই টনা গাড়ীৰ সন্মুখত হঠাৎ হাউলি পৰা বাবে মৃত্যুমুখত পৰে। মেৰীয়ে চৰবৰ্ণ ইনিভাৰচিটিৰ পদাৰ্থ বিজ্ঞানৰ গৱেষণাগাৰ মূৰব্বী পদত তাইৰ স্বামীৰ স্থলাভিষিক্ত হয়। সেই শিক্ষানুষ্ঠানৰ তাই আছিল প্ৰথম মহিলা অধ্যাপক।

পদাৰ্থ বিজ্ঞানৰ বিদ্যালয়ৰ পিছপিনে থকা এটি চালি ঘৰত কুৰী দম্পত্তিয়ে সিহঁতৰ সৰহভাগ গৱেষণাৰ কাম সম্পাদন কৰিছিল। স্বামীৰ লগত কৰা মেৰী কুৰীৰ প্ৰচেষ্টাত প’ল’নিয়াম আৰু ৰেডিয়াম আৱিষ্কাৰ হৈছিল। সেই চালিঘৰটোত অতি সামান্যভাৱে ভেন্টিলেশ্বনৰ ব্যৱস্থা আছিল আনকি ই পানী নিসৰকাৰও নাছিল। তাই প’ল’নিয়াম আৰু ৰেডিয়ামৰ দৰে উপাদান ৰেডিঅ’ এক্টিভিটি আৱিষ্কাৰ কৰিছিল। মেৰী আৰু তাইৰ স্বামীয়ে প’ল’নিয়ামৰ নাম মেৰীৰ স্বদেশ প’লেণ্ডৰ নামানুসাৰে ৰাখিছিল। তাই আনকি এক্স-ৰেৰ ওপৰত তাইৰ নিজা পৰীক্ষা-নিৰীক্ষা চলাইছিল। পিছত প্ৰথম বিশ্বযুদ্ধ (১৯১৪-১৯১৮)ৰ সময়ত মেৰী কুৰীয়ে তাইৰ সময় আৰু শক্তি বহন কৰিব পৰা এক্স-ৰে মেচিন ব্যৱহাৰ কৰি ঘুণীয়া মানুহক সহায় কৰাত নিয়োগ কৰিছিল।

১৯০৩ চনত মেৰী কুৰীয়ে তাইৰ স্বামী আৰু আন এজন পদাৰ্থ বিজ্ঞানী হেনৰী বেকুৰেলৰ লগত সিহঁতৰ ৰেডিঅ’ এক্টিভিটি কামৰ বাবে পদাৰ্থ বিজ্ঞানত নবেল পুৰস্কাৰ পাইছিল। ১৯১১ চনত মেৰীয়ে তাইৰ ৰেডিয়াম আৰু প’ল’নিয়াম আৱিষ্কাৰৰ বাবে ৰসায়ন বিজ্ঞানত দ্বিতীয়বাৰ নবেল পুৰস্কাৰ লাভ কৰে। পুৰস্কাৰটো গ্ৰহণ কৰা সময়ত, তাইৰ বক্তৃতাত, তাইৰ সন্মানটো তাইৰ মৃত স্বামীৰ লগত ভগাই লৈছিল। মেৰী কুৰী আছিল প্ৰথম মহিলা আৰু প্ৰথম ব্যক্তি যিয়ে বিজ্ঞানৰ দুটা ভিন ভিন শাখাত, দুবাৰ নবেল পুৰস্কাৰ লাভ কৰিছিল।

মেৰী কুৰীয়ে এপ্লাষ্টিক এনিমীয়াত আক্ৰান্ত হৈ ১৯৩৪ চনৰ ৪ জুলাইত মৃত্যু বৰণ কৰিছিল। এই বেমাৰটো দীৰ্ঘদিন ধৰি তেজষ্ক্ৰিয় ৰেডিয়শ্বনৰ বাবে  হোৱা বুলি বিশ্বাস কৰা হৈছিল। তাইৰ গৱেষণাগাৰত ব্যৱহাৰ কৰা কোটৰ পকেটত তাই ৰেডিয়াম থকা টেষ্ট টিউব কঢ়িয়াই ফুৰিছিল। এইটোৱে তাইৰ স্বাস্থ্যৰ ওপৰত ক্ৰিয়া কৰিছিল।

বিজ্ঞান জগতত মেৰী কুৰী এজনী অগ্ৰগণ্য ব্যক্তি আৰু তিৰোতাসকলৰ বাবে এজনী আদৰ্শ ব্যক্তিত্ব হিচাপে স্মৰণ কৰা হয়। কেইবাটাও শিক্ষানুষ্ঠান আৰু গৱেষণা অনুষ্ঠান যেনে কুৰী ইনষ্টিটিউট আৰু পেৰী এণ্ড মেৰী কুৰী ইউনিভাৰচিটি এই বিখ্যাত যুগলৰ নামেৰে নামাকৰণ কৰা হয়। ১৯৩৭ চনত, মেৰীৰ দ্বিতীয় কন্যা, ইভ কুৰীয়ে ‘মেডাম কুৰী’ শিৰোনামেৰে এখন জীৱনী ৰচনা কৰে আৰু আৰু ই তাইৰ মাকৰ নামত উছৰ্গা কৰে। ০ ০ ০.

মেৰী কুৰী । Marie Curie

বিঃদ্রঃ উক্ত ‘মেৰী কুৰী । Marie Curie’ লিখনিটো ৰাব্বি মছৰুৰ ৰচিত ‘এক গুচ্ছ জীবনী‘ গ্রন্থৰ পৰা লোৱা হৈছে।

মেৰী কুৰী । Marie Curie

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here