Home Essay মোৰ দৈনন্দিন জীৱন | My Everyday Life Essay in Assamese

মোৰ দৈনন্দিন জীৱন | My Everyday Life Essay in Assamese

0

মোৰ দৈনন্দিন জীৱন

মোৰ দৈনন্দিন জীৱন  My Everyday Life Essay in Assamese

মোৰ দৈনন্দিন জীৱন | My Everyday Life Essay in Assamese

আৰম্ভণি:

মই এজন ছাত্ৰ আৰু মোৰ দৈনন্দিন জীৱনো অতিকৈ সাধাৰণ আৰু সৰল।  মই প্ৰতিটো দিনক মুঠতে চাৰিটা অংশত ভাগ কৰি লৈছো, যথাঃ ৰাতিপুৱা, সন্ধিয়া,  ভাটিবেলা  আৰু ৰাতি। সময়ৰ এই ভাগকেইটা মই তলত দিয়া ধৰণে  ব্যৱহাৰ কৰো।

ৰাতিপুৱা:

মই খুৱ পুৱাই টোপনিৰ পৰা  উঠি হাত- মুখ ধুই ভগৱানক প্ৰৰ্থনা কৰো। তাৰ পাছত কিছুসময় শাৰীৰিক ব্যায়াম কৰি পঢ়িবলৈ  বহো। প্ৰথমতে মই ইংৰাজী বিষটো পঢ়ি লওঁ । মোৰ পঢ়া  কামটো ৰাতিপুৱা ৮.৩০ বজালৈ চলি থাকে। তাৰ পাছত মই গা-পা ধুই, ভাত-পানী  খাই ৯ বজাত স্কুললৈ যাত্ৰা আৰম্ভ কৰো।

আমাৰ স্কুলখন ৯.৩০ বজাত বহে। স্কুললৈ যোৱাত মোৰ কেতিয়াও পলম নহয়। মই শিক্ষকে কোৱা প্ৰতিটো কথাই বৰ মনোযোগেৰে শুনো। জিৰণিৰ সময়খিনি মই পুথিভঁৰাললৈ গৈ কাকত, আলোচনী, গল্পৰ  পুথি  আদি অধ্যয়ন কৰো। আমাৰ স্কুল ২.৩০ বজাত ছুটি হয় আৰু মই পোনে পোনে  ঘৰলৈ ওভতি আহো।

ভাটিবেলা :

মই প্ৰায় ৩ বজাত ঘৰ পাওঁ। ঘৰ পাই স্কুলীয়া পোছাক সলাই হাত-মুখ ধুই, জা-জলপান খাওঁ। ইয়াৰ পিছত মই কিছুসময় জিৰণি লৈ মোৰ ঘৰত কৰিবলৈ দিয়া পাঠৰ অনুশীলনবোৰ  কৰো। তাৰ পিছত মই আধা ঘন্টামান মোৰ বন্ধুবৰ্গৰ  লগত খেলা-ধূলা কৰো আৰু সূৰ্য ডুব যোৱাৰ লগে লগে ঘৰলৈ ওভতি আহো।

ৰাতি:

সন্ধিয়া ঘৰলৈ ওভতি আহি হাত-মুখ ধুই ঈশ্বৰক প্ৰৰ্থনা কৰো আৰু তাৰ পাছত একাপ চাহ বা গাখীৰ খাই পঢ়িবলৈ  বহো। মই ৰাতি ১০ বজালৈ পঢ়ো   আৰু তাৰ পাছত ভাত খাই প্ৰায় ১০.৩০ বজাত শুই পৰো।

বন্ধৰ দিন:

বন্ধৰ দিনবোৰত  মই  উপৰি উক্ত কাৰ্যসূচী অনুসৰন নকৰো। বন্ধৰ  দিনবোৰত  মই পাঠ্যপুথি  পঢ়াৰ  উপৰিও কিছু বাহিৰা কিতাপ  পঢ়ো । ভাটিবেলা  ভাইটি-ভন্টিহঁতৰ লগত খেলো বা ঘৰুৱা কাম-বন কৰো।  কেতিয়াৱা মই ৰেডিঅ শুনো বা টেলিভিচন চাও। প্ৰতি দেওবাৰ দিনা মই স্থানীয় গ্ৰাম্য পুথিভঁৰাললৈ যাওঁ আৰু বিভিন্ন ধৰণৰ কাকত, আলোচনী আদি পঢ়ো  । 

সামৰণি:

এইদৰেই মই মোৰ দৈনন্দিন জীৱন  উপেভাগ কৰো।  মই সদায় উক্ত ৰুটিন মানি চলিবলৈ সচেষ্ট; কাৰণ  মই ভাবো  অনুশাসনপূৰ্ণ শৃঙ্খলাবদ্ধ জীৱনেই সুখ আৰু সফল জীৱন। 0 0 0

মোৰ দৈনন্দিন জীৱন | My Everyday Life Essay in Assamese

Read More: ৰচনা লিখাৰ নিয়ম

বি. দ্র. উক্ত ‘মোৰ দৈনন্দিন জীৱন | My Everyday Life Essay in English ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া ৰচনা শিক্ষা‘ গ্রন্থৰ অন্তর্গত।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here