Home Amplification মৰে অসম জীয়ে কোন জীয়ে অসম মৰে কোন —ভাৱ সম্প্ৰসাৰণ

মৰে অসম জীয়ে কোন জীয়ে অসম মৰে কোন —ভাৱ সম্প্ৰসাৰণ

মৰে অসম জীয়ে কোন জীয়ে অসম মৰে কোন ?

0

মৰে অসম জীয়ে কোন জীয়ে অসম মৰে কোন —ভাৱ সম্প্ৰসাৰণ

মৰে অসম জীয়ে কোন জীয়ে অসম মৰে কোন

মৰে অসম জীয়ে কোন জীয়ে অসম মৰে কোন

মৰে অসম জীয়ে কোন জীয়ে অসম মৰে কোন —ভাৱ সম্প্ৰসাৰণ

উক্ত পদ ফাকিৰ দ্বাৰা স্বজাতি আৰু স্বদেশৰ প্ৰতি প্ৰেমভাব  প্ৰকাশ কৰা  হৈছে । ইয়াত কবিয়ে দেশ আৰু জাতি – এই দুটাৰ মাজত যে অভিন্ন সম্পৰ্ক আছে তাকে ব্যক্ত কৰিছে।

অসমীয়া জাতিৰ লগত অসম দেশৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। অৰ্থাৎ অসম বুলিলে অসমীয়া জাতিক সামৰি লয় আৰু অসমীয়া জাতি বুলিলে অসম দেশক সামৰি লয়। এটা অবিহনে আনটোৰ স্বতন্ত্ৰ পৰিচয় নাই। গতিকে কবিয়ে ক’ব বিচাৰিছে যে যদি অসমখন ধবংস হৈ যায় বা পৰাধীন হৈ যায়  তেন্তে অসমীয়া জাতিও ধবংস বা পৰাধীন হৈ যাব। আৰু অসমখন যদি জীয়াই থাকে অৰ্থাৎ ইয়াৰ স্বাধীনতা যদি বৰ্তি থাকে তেন্তে অসমীয়া জাতিৰো কোনো ধবংস নাই। সেয়ে অসমীয়া জাতি জীয়াই থাকিবলৈ হ’লে অসমখন জীয়াই ৰাখিব লাগিব অৰ্থাৎ অসমৰ স্বাধীনতাক ৰক্ষণােবক্ষণ দিব লাগিব।  ইয়াৰ উন্নয়ন মানেই অসমীয়া জাতিৰ উন্নয়ন ।

সেয়ে কবিয়ে অসমখনৰ লগত অসমীয়া জাতিৰ নিবিড় সম্পৰ্কৰ কথা উনুকিয়াই দি অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে  সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ উক্ত তাৎপৰ্যপূৰ্ণ কথাষাৰ কৈছে। কথাষাৰ যে কেবল অসম আৰু অসমীয়া জাতিৰ ক্ষেত্ৰত প্ৰযোজ্য এনে নহয়, ই সকলো দেশ আৰু সকলো জাতিৰ ক্ষেত্ৰতে প্ৰযোজ্য। অৰ্থাৎ উক্ত কথাষাৰৰ সাবৰ্বজনীন আবেদন  আছে। 0 0 0

মৰে অসম জীয়ে কোন জীয়ে অসম মৰে কোন —ভাৱ সম্প্ৰসাৰণ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here