Home Essay যন্তৰ-মন্তৰ । Jantar Mantar

যন্তৰ-মন্তৰ । Jantar Mantar

0

যন্তৰ-মন্তৰ । Jantar Mantar

যন্তৰ-মন্তৰ । Jantar Mantar

যন্তৰ-মন্তৰ

মোগল সম্ৰাট ঔৰংজেৱৰ সমসাময়িক অম্বৰৰ শাসনকৰ্তা দ্বিতীয় জয় সিংহৰ দুটা বস্তুৰ প্ৰতি অভিৰুচি আছিল। তেওঁ আছিল কলা বিশাৰদ আৰু একে সময়তে, তেওঁ বিজ্ঞান, বিশেষকৈ জোতিৰবিজ্ঞানৰ প্ৰতি আটাইতকৈ বেছি আকৰ্ষিত আছিল।সেই সময়ৰ মোগল সম্ৰাট মহম্মদ ছাহৰ লগত তেওঁৰ উল্লেখনীয় মিত্ৰতা  আছিল।  ঔৰংজেৱ জীৱিত থকা কালতে তেওঁ বিখ্যাত হৈছিল। তেওঁঁ ১৬৯৯ চনত এঘাৰ বছৰ বয়সত অম্বৰৰ সিংহাসনত আৰোহণ কৰিছিল। তেওঁ বয়সৰ তুলনাত অধিক চোকা আৰু ধূৰ্ত আছিল বাবে ঔৰংজেৱে তেওঁক  ‘সাৱাই’ উপাধি প্ৰদান কৰি সন্মানিত কৰিছিল। যাৰ অৰ্থ আছিল  গুণত সৰ্বসাধাৰণ মানুহতকৈ ১.২৫ শতাংশতকৈ বেছি।জয় সিং নিজকে মোগল সম্ৰাটৰ যোগ্য মিত্ৰ বুলি নিজকে  বাৰে বাৰে প্ৰমাণ কৰিছিল বাবে মহম্মদ ছাহে তেওঁক যথাযথভাৱে আগ্ৰা আৰু পিছলৈ মালাৱৰ শাসনকৰ্তা পাতিছিল।  জয় সিংহই ১৭২৪ চনৰ পৰা ১৭৩০ চনৰ ভিতৰত দিল্লী, জয়পুৰ, বাৰাণসী, উজ্জয়িনী আৰু মধুৰাত পাঁচোটা মানমন্দিৰ নিৰ্মাণ কৰিছিল। ই আছিল এনেকুৱা এক সময় যি সময়ছোৱাক  ভাৰতৰ ইতিহাসৰ অন্ধকাৰ যুগ বুলি কোৱা হয়।  ই আছিল এনে এক সময় যি সময়ছোৱাত সৰ্বশেষ মহান মোগল সম্ৰাটজনৰ মৃত্যু হৈছিল আৰু মোগল সাম্ৰাজ্য দ্ৰুতগতিত পতনৰ পিনে ঢাল খাই আছিল।  ‘যন্তৰ-মন্তৰ’ নামে পৰিচিত মানমন্দিৰটো ৰাজপুত ৰজাসকলৰ অধীনত সিহঁতৰ  প্ৰযুক্তিবিদ্যা সম্পৰ্কীয় কৃতিত্ব আৰু  জ্যোতিৰবিজ্ঞান সম্পৰ্কীয় ৰহস্যসমূহ প্ৰকাশ কৰাৰ প্ৰচেষ্টাৰ উপৰিও মহাকাশৰ গ্ৰহ-নক্ষত্ৰসমূহৰ চিন বা হিচাপ ৰখাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। 

মানমন্দিৰসমূহ নিৰ্মাণ কৰাৰ পটভূমিত এটা কাহিনী আছে।  এবাৰ মহম্মদ ছাহৰ ৰাজসভাত জয় সিংহই হিন্দু আৰু মুছলমান জ্যোতিৰবিদসকলে  কিছুমান গ্ৰহ বা নক্ষত্ৰৰ নিশ্চিত স্থানৰ বিষয়ক লৈ তীব্র যুক্তিতৰ্কৰ মাজত  সোমাই থকা দেখা পাইছিল।  কোনো অভিযান আৰম্ভ কৰাৰ শুভ লক্ষণ নিৰ্দ্ধাৰণ কৰিবলৈ গ্ৰহৰ নিখুঁত স্থান জনাটো প্ৰায়োজন হৈ পৰিছিল। জয় সিংহই জ্যোতিৰবিজ্ঞানৰ তালিকাখন সংশোধন কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল আৰু মোগল সম্ৰাটে সেয়া গ্ৰহণ কৰিছিল। ফলস্বৰূেপ সূৰ্য, চন্দ্ৰ আৰু অন্যান্য গ্ৰহৰ গতি অধ্যয়ন কৰিবলৈ দিল্লীত ‘যন্তৰ-মন্ত্ৰৰ’ নামৰ জ্যোতিৰবিদ্যাৰ মানমন্দিৰটো স্থাপন কৰা হয়।  জয় সিংহৰ এই কাৰ্যৰ পিছত যিয়ে কাম কৰিছিল সেয়া আছিল  জ্যোতিৰবিদ্যাত জড়িত ব্যক্তিসকল আৰু ভাৰতীয় সৰ্বসাধাৰণৰ মাজত জ্যোতিৰবিজ্ঞান অধ্যয়নৰ জাগৰণ সৃষ্টি কৰা।

ক’বলৈ গ’লে,  দিল্লীৰ প্ৰথম মানমন্দিৰটোত জয় সিংহই পিতলৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু পিতলৰ যন্ত্ৰপাতিবোৰৰ কিছুমান স্বভাৱগত দোষ আছিল। সিহঁত আছিল সৰু আৰু সিহঁতৰ কেন্দ্ৰত থকা দণ্ডডাল আছিল অস্থিৰ যাৰ কাৰণে ইয়াৰ কেন্দ্ৰ সঘনে স্থানচ্যুত হৈছিল। তেতিয়া তেওঁ প্ৰখ্যাত আৰব জ্যোতিৰবিজ্ঞানী ৰাজকুমাৰ উলুঘ বেগে পোন্ধৰ শতিকাত উজবেকিস্থানৰ চমৰখণ্ডত নিৰ্মাণ কৰা  শৈলীটো অনুসৰণ কৰিবলৈ সিদ্ধান্ত লৈছিল। দিল্লীৰ মানমন্দিৰটো ১৭২৪ চনত সম্পূৰ্ণ হৈছিল আৰু ই মাত্ৰ সাতবছৰ কাৰ্যক্ষম হৈ আছিল।  এটা নতুন সূচী বা তালিকা প্ৰস্তুত কৰাৰ বাবে গ্ৰহ-নক্ষত্ৰসমূহৰ পর্যবেক্ষণ নিয়মিতভাৱে চলাই থকা হৈছিল যি পিছলৈ সেই সময়ৰ শাসনকৰ্তাৰ নামানুসাৰে ‘লিজ মহম্মদ সাই’ নামেৰে সংকলন কৰা হৈছিল। জয় সিংহই মানমন্দিৰটোক ‘যন্তৰ-মন্তৰ’ বুলি নামকৰণ কৰিছিল যি প্ৰকৃততে ‘যন্ত্ৰ-মন্ত্ৰ’ অৰ্থ প্ৰকাশ কৰে।  ‘যন্ত্ৰ’  শব্দৰ অৰ্থ হৈছে যন্ত্ৰপাতি আৰু ‘মন্ত্ৰ’ শব্দৰ অৰ্থ হৈছে সূত্ৰ (পদ্ধতি)। এই মানমন্দিৰটোত এটা প্ৰকাণ্ড সূৰ্য ঘড়ী আছে যাক ‘সম্ৰাট যন্ত্ৰ’ বুলি কোৱা হয় যিটো দিনৰ সময় আধা চেকেণ্ডলৈকে নিখুঁতভাৱে নিৰূপণ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। ইয়াক সূৰ্য আৰু অন্যান্য আকাশী গ্ৰহ-নক্ষত্ৰৰ পতন বা ঘূৰ্ণন অধ্যয়ন কৰাৰ বাবেও ব্যৱহাৰ কৰা হৈছিল। তাত আৰু অন্য কিছুমান  যন্ত্ৰ আছে যিবোৰ আকাশৰ গ্ৰহ-নক্ষত্ৰ, সিহঁতৰ কক্ষপথ আৰু গ্ৰহণৰ ভৱিষ্যতবাণী কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। মিশ্ৰ-যন্ত্ৰৰ দক্ষিণ-পশ্চিমত দুটা স্তম্ভ আছে আৰু সেইবোৰ বছৰৰ আটাইতকৈ সৰু আৰু আটাইতকৈ দীঘল দিন নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। এয়া আমোদৰ বিষয় যে ইয়াৰ এটা স্তম্ভ ডিচেম্বৰ মাহত ইয়াৰ ছাঁৰ দ্বাৰা আনটোক সম্পূৰ্ণৰূপে ঢাকি ৰাখে আনহাতে জুন মাহত ই কোনো ছাঁ নেপেলায়।

সময়ৰ গতিত, যন্তৰ-মন্তৰটো অব্যৱহৃত হৈ পৰি আছে, কিন্তু  দিল্লী আৰু জয়পুৰত থকা মানমন্দিৰটো ভাৰতীয় বৈজ্ঞানিক ঐতিহ্যৰ এক অবিচ্ছেদ্য অংশ হিচাপে ৰৈ আছে।দিল্লীত থকা যন্ত্ৰৰ-মন্ত্ৰৰটো সঘনে ভ্ৰমণকাৰীসকলৰ বাবে লিখা কিতাপসমূহত দেখুওৱা হয় আৰু ই আছিল ১৯৮২ চনৰ এচিয়ান গেমচৰ প্ৰতীক। ইয়াক এতিয়া বিশ্ব ঐতিহ্যৰ স্থান হিচাপে বিবেচনা কৰা হয়। ০ ০ ০.

যন্তৰ-মন্তৰ । Jantar Mantar

বিঃদ্রুঃ উক্ত ‘যন্তৰ-মন্তৰ । Jantar Mantar’ ৰচনাটি ৰাব্বি  মছৰুৰ ৰচিত ‘বিবিধ‘ শিৰোনামৰ গ্রন্থৰ অন্তর্গত।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here