Home Ass Grammar লাবিদ বিন ৰাবিয়াহ | Labid bin Rabiyah

লাবিদ বিন ৰাবিয়াহ | Labid bin Rabiyah

0

লাবিদ বিন ৰাবিয়াহ | Labid bin Rabiyah

লাবিদ বিন ৰাবিয়াহ  Labid bin Rabiyah

লাবিদ বিন ৰাবিয়াহ | Labid bin Rabiyah

লাবিদ বিন ৰাবিয়াহ: চমু পৰিচয়:

লাবিদ বিন ৰাবিয়াহ আছিল প্ৰাক-ইছলামী আৰু ইছলামী-দুয়ো যুগৰ এজন প্ৰখ্যাত আৰবী কবি। তেওঁক আৰবী মুৱাল্লাকা কবিসকলৰ ভিতৰত আটাইতকৈ কনিষ্ঠ কবি বুলি কোৱা হয়। তেওঁৰ আচল নাম আছিল আবু আ’কিল লাবিদ বিন ৰাবিয়াহ বিন মালিক বিন জাফৰ।  তেওঁ ৫১৪ খ্ৰীষ্টাব্দত আৰবৰ বিখ্যাত আমিৰ বংশত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাকৰ নাম আছিল ৰাবিয়াহ বিন মালিক।  তেওঁ আছিল এজন দানশীল নেতা। লাবিদ বিন ৰাবিয়াহই বংশানুক্ৰমে কিছুমান মহান গুণ যেনে-দানশীলতা, ক্ষমা, পৰোপকাৰীতা, নৈতিকতা আদিৰ অধিকাৰী হৈছিল। বাল্যকালৰ পৰাই লাবিদ কবিতাৰ প্ৰতি আকৰ্ষিত হয়। কথিত আছে যে লাবিদৰ কবিত্ব শক্তি পৰীক্ষা কৰাৰ কাৰণে এবাৰ তেওঁৰ দদায়েকে তেওঁৰ সন্মুখত পৰি থকা ঘাঁহ এটুকুৰাৰ বিষয়ে কবিতা ৰচনা কৰিবলৈ কোৱাত তেওঁ তলত উদ্ধৃত কৰা কবিতাফাকি ৰচনা কৰিছিল-
 
“জ্বলাব নোৱাৰি কোনো জুই 
এই ঘাঁহৰ দ্বাৰা, নোৱাৰি ঘৰ সাজিবও
ই কাৰো নহয় আনন্দৰ আহিলা
ইয়াৰ কোনো কাঠো নহয়
পাতৰো ব্যৱহাৰ হয় অতি নগন্য
ডালবোৰ হয় কোমল
ই তৃণভূমিৰ নিকৃষ্ট ফচল।”
 
এনেদৰে লাবিদ বিন ৰাবিয়াই কবিতা ৰচনা কৰি কবি হিচাপে গৌৰৱৰ আসনত প্ৰতিষ্ঠিত হোৱাৰ পিছত তেওঁৰ ওচৰলৈ হজৰত মহম্মদ (ছাঃ)য়ে প্ৰচাৰ কৰা ইছলাম ধৰ্ম গ্ৰহণৰ প্ৰস্তাৱ আহে। তেতিয়া তেওঁৰ বয়স এশ বছৰৰো অধিক হৈছিল। ইছলাম ধৰ্ম গ্ৰহণৰ প্ৰস্তাৱ পাই তেওঁ তেওঁৰ গোত্ৰৰ কেইজনমান লোকক লগতলৈ মদিনালৈ গৈ হজৰত মহম্মদ (ছাঃ)ক সাক্ষাৎ কৰে আৰু নবীৰ মুখৰ পৰা ছুুৰা ‘আল বাকাৰা’ৰ কেইটিমান আয়াত শুনি বিমুগ্ধ হয় আৰু ইছলাম গ্ৰহণ কৰে। ইছলাম ধৰ্ম গ্ৰহণ কৰি তেওঁ কাব্য ৰচনা এৰি দিয়ে। ইয়াৰ কাৰণ সুধাত তেওঁ কৈছিল, “কবিতাৰ পৰিৱৰ্তে আল্লাহই মোক কোৰাণ দিছে।” জনা যায় যে তেওঁ বুঢ়া বসয়তে গোটেই কোৰাণখন মুখস্থ কৰিছিল। অৱশ্যে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পিছত তেওঁ কাচিৎহে কবিতা ৰচনা কৰিছিল আৰু সেইবোৰ আছিল সম্পূৰ্ণ ইছলামী দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত।
 
তেওঁ সুদীৰ্ঘ ১৪৫ বছৰ জীয়াই থাকি প্ৰশাসক মুৱাবিয়াৰ ৰাজত্বকালত ৬৬১ খৃঃত মৃত্যু বৰণ কৰে।
 

লাবিদ বিন ৰাবিয়াহ: কাব্য প্ৰতিভাঃ

লাবিদ আছিল প্ৰাক ইছলামী আৰু ইছলামী যুগৰ এজন মহান কবি। তেওঁৰ কবিতাত দুয়োটা যুগৰে প্ৰভাৱ স্পষ্ট। তেওঁ ৰচনা কৰা বহু কবিতাৰ ভিতৰত যি সামান্য অংশ সংৰক্ষিত অৱস্থাত পোৱা যায় সেইখিনি অধ্যয়ন কৰিলে দেখা যায় যে তেওঁৰ কবিতাৰ বিষয়বস্তু আছিল যুদ্ধ, আৰবীয় গ্ৰাম্য জীৱন, প্ৰেম, মৰুভূমিৰ দৃশ্য, জীৱ-জন্তু, মানৱীয় গুণ আদি।
 
তেওঁৰ বিখ্যাত মুৱাল্লাকা কবিতাটি অন্যান্য মুৱাল্লাকা কবিতাৰ দৰে প্ৰেম প্ৰসংগৰ দ্বাৰা আৰম্ভ হৈছে। এই বৰ্ণনাত প্ৰেয়সীৰ পৰিত্যক্ত বাসস্থানৰ দৃশ্য অংকিত হৈছে আৰু পৰিত্যক্ত স্থানৰ নিৰ্জনতাক তেওঁ অতি সাৱলীলতাৰে বৰ্ণনা কৰাত দক্ষতা দেখুৱাইছে। উল্লেখ্য যে প্ৰেয়সীৰ শাৰীৰিক সৌন্দৰ্যৰ কোনো কামাতুৰ বৰ্ণনা তেওঁৰ কবিতাত পৰিলক্ষিত নহয়।
 
প্ৰেয়সীৰ পৰিত্যক্ত বাসস্থানৰ বৰ্ণনা দাঙি ধৰি কবি লাবিদে তেওঁ আৰোহন কৰা উটৰ বৰ্ণনা দিছে আৰু ইয়াক বনৰীয়া গাধৰ লগত তুলনা কৰি উটৰ বৰ্ণনা শেষ কৰিছে। 
 
ইয়াৰ পিছত পোৱালি হেৰুৱা এজনী গাই গৰুৰ বৰ্ণনা দি ধুমুহা বতাহ, মেঘ, বৰষুণ আদিৰ বৰ্ণনা কৰি তেওঁৰ যাত্ৰা পথত সন্মুখীন হোৱা কষ্টৰ এক বাস্তৱিক চিত্ৰ অংকন কৰিছে।
 
মুঠতে কবি লাবিদৰ মুৱাল্লাকা কবিতাটো হৈছে মৰুভূমিৰ মাজেৰে কৰা তেওঁৰ ভ্ৰমণৰ এক কাব্যিক বৰ্ণনা।
 
লাবিদ বিন ৰাবিয়াহ প্ৰাক ইছলামী যুগৰ কবি যদিও সেই যুগৰ কবিতাত সততে পোৱা নাৰীদেহৰ অশ্লীল বৰ্ণনাৰ পৰা তেওঁৰ কবিতা সম্পূৰ্ণ মুক্ত। ইয়াৰ বিপৰীতে তেওঁৰ কবিতাত মানৱীয়তা, ধৈৰ্য, ক্ষমা, প্ৰাকৃতিক সৌন্দৰ্য, মৰুভূমিৰ কঠোৰ জীৱন সংগ্ৰাম আদিৰ সাৱলীল বৰ্ণনা পোৱা যায়।
 
কাব্যিক অলংকাৰৰ দিশৰ পৰা তেওঁৰ কবিতা ইমৰাউল কাইছৰ কবিতাৰ দৰে সংবেদনশীল নহয় যদিও বৰ্ণনাৰ চাতুৰ্য, সৰল আৰু জটিল শব্দৰ সমাহাৰ তেওঁৰ কবিতাত বিদ্যমান।
 
লাবিদ বিন ৰাবিয়াই ইছলাম গ্ৰহণৰ পিছত ৰচনা কৰা কবিতাত আল্লাহৰ শ্ৰেষ্ঠত্বৰ গুণ-গান, মানৱ জীৱনৰ ক্ষণস্থায়ীত্ব, শেষ বিচাৰৰ দিন আদি ইছলামী দৰ্শনৰ প্ৰসংগ আছে। উদাহৰণস্বৰূপে তলত কেইশাৰীমান কবিতা উধ্বৃত  কৰা হ’ল-
 
“আল্লাহৰ বাহিৰে সকলো বস্তুয়েই মূল্যহীন
সকলো সুখ, চৰ্তহীনভাৱেই অদৃশ্য হ’ব
……………………………
শেষ বিচাৰৰ দিনাখন উদ্ভাসিত হ’ব 
সকলো কৰ্ম সন্মুখত তোমাৰ
আৰু সৰ্বশক্তিমান আল্লাহই তোমাৰ 
কৰিব বিচাৰ।’
 
লাবিদ বিন ৰাবিয়াহৰ কবিতাৰ উক্ত পংক্তিসমূহ শ্ৰৱণ কৰি হজৰত মহম্মদ (ছাঃ)য়ে প্ৰশংসা কৰি কৈছিল, “এজন কবিয়ে ৰচনা কৰিব পৰা শ্ৰেষ্ঠ পংক্তি।
 
সামৰণিত ক’ব পাৰি যে লাবিদ বিন ৰাবিয়াহ আছিল প্ৰাক-ইছলামী যুগৰ এজন ব্যতিক্ৰমধৰ্মী কবি যিজনৰ কবিতাত কোনো অমানৱীয়তা বা অশ্লীলতাৰ গুণ-গান নাই। ০ ০ ০.
 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..
 

LEAVE A REPLY

Please enter your comment!
Please enter your name here