Home All শিশু পদ্য | Shishu Padya

শিশু পদ্য | Shishu Padya

Assamese Rhymes

0

শিশু পদ্য Shishu Padya

শিশু পদ্য 

শিশু পদ্য

ৰাব্বি মছৰুৰ

 

 

গ্র’হিলচ্ পাব্লিশ্বিং

কমলপুৰ, বৰপেটা  (অসম)

Shishu Padya (শিশু পদ্য), A Collection of Assamese Rhymes for Children by Rabbi Masrur, Published by Growhills Publishing.

Internet Editon: 2020

Website: www.masrur360.com

Price: Rs. ………….. 

 

D. T. P. By  Rabbi Masrur

Printed at :

…………………….

শিশু পদ্য

(১)

মইনা আমাৰ ভাল

কন্দা-কটা নাই

গোটেইদিন পঢ়ি  থাকে

কিতাপ এটি  পাই। ০ ০ ০

(২)

ভবেন  খুৰা, ভবেন  খুৰা

বয়সে কৰিলে বুঢ়া 

দাঁত কেইটা সৰি গ’ল 

চকু দুটাও বহি গ’ল 

উশাহত কষ্ঠ হয়

খোজ কাঢ়াতে উজুটি খায়

সহায় কৰিবলৈ কোনো নাই। ০ ০ ০

(৩)

সুৰুয কাই, সুৰুয কাই 

সোনকালে আহাঁ ওলাই

ডাৱৰখিনি আঁতৰাই 

ৰ’দ  দিয়া, ৰ’দ দিয়া।

লাজ-মান কাতি কৰি 

গোটেই দিন ৰ’দ দিয়া। ০ ০ ০

(৪)

হাতী অ’, হাতী অ’

তুমি কিমান বলী

তোমাৰনো বয়স কিমান

কিমাননো পোৱালি?

আছেনে  তোমাৰ নাতি-পুতি

শুনাবলৈ সিহঁতক সাধু

তোমাৰ শুঁৰডাল ইমান ডাঙৰ

নেজডাল দেখোন সৰু। ০ ০ ০

(৫)

 অ’ কুলি,  অ’ কুলি

মোৰ কোলালৈ আহাঁ

মাহ দিম, বুট দিম

পেট ভৰাই খাবা। ০ ০ ০

শিশু পদ্য

(৬)

ককাৰ ঘৰলৈ যাম

খাম মিঠা আম

আইতাৰ মুখত সাধু শুনি

বৰ ভাল পাম। ০ ০ ০

শিশু পদ্য

(৭)

উট, উট, উট

উটৰ পিঠিত কুঁজ

তোমাৰ কোমল মঙহৰে

খুৱাবানে ভোজ? ০ ০ ০

শিশু পদ্য

(৮)

অ’ ঋষি, অ’ ঋষি

গছৰ তলত বহি 

কাৰ নামনো জপ কৰা

চকু দুটা মুদি? ০ ০ ০

শিশু পদ্য

(৯)

অ’ শিয়াল, অ’ শিয়াল

কিয় নিদিয়া হোৱা

হাঁহ কুকুৰা ধৰিবলৈ 

যোৱানে নোযোৱা? ০ ০ ০

শিশু পদ্য

(১০)

অ’ বৰ নৈ, অ’ বৰ নৈ

ক’লৈনো যোৱা বৈ

বাটে বাটে পাৰ ভাঙি

যোৱানে বৈ সাগৰলৈ? ০ ০ ০

শিশু পদ্য

(১১)

বাঃ বাঃ বাঃ

টুনী চৰাইৰ বাহ

কণী পাৰি ৰখি আছে

গোটেই কাতি মাহ। ০ ০ ০

শিশু পদ্য

(১২)

ঔ গছত মৌচাক

চাক ভৰ্তি মৌ

বালি ভাত খাম বুলি 

মাৰিলো বিলৰ ৰৌ। ০ ০ ০

শিশু পদ্য

(১৩)

অ’ জোনালী, অ’ জোনালী

এই ফালে আহচোন

জোনবায়েনো কি কৰে

সুধি চোৱাচোন। ০ ০ ০

শিশু পদ্য

(১৪)

পাৰ চৰাই অ’ পাৰ চৰাই অ’

কলৈনো যোৱা উৰি,

বেলি ডুবাৰ আগতেই 

আহিবাচোন ঘূৰি। ০ ০ ০

শিশু পদ্য

(১৫)

চিলনী বাই, চিলনী বাই

ক’তনো তোৰ ঘৰ

গোটেই দিন উৰি উৰি

নেলাগেনে তোৰ ভাগৰ? ০ ০ ০

শিশু পদ্য

(১৬)

অ’ কুলি,  অ’ কুলি

ক’ত পাৰিলা কণী

কাউৰী বাইয়ে গম পালে

কণী পেলাব ভাঙি। ০ ০ ০

শিশু পদ্য

(১৭) 

ভেকুলীৰ বিয়া হ’লে 

ৰ’দ দি দি বৰষুণ দিয়ে,

বাঘ বাঘিনীৰ জ্বৰ হ’লে

হাবি- বননিত জুই লাগে। ০ ০ ০

শিশু পদ্য

(১৮)

গহীন ৰাতি কেৰ্কেটুৱাই

পলাই পলাই তামোল খায়

কেৰ্কেটুৱাক ধৰিব নোৱাৰি

নেউলক বান্ধি কিলায়। ০ ০ ০

শিশু পদ্য

(১৯)

মইনা অ’, মইনা অ’

কন্দা-কটা এৰি দিয়া

এয়া আনিছোঁ চক’লেট

হাত মেলি নিয়া। ০ ০ ০

শিশু পদ্য

(২০)

হাতী খুৰা, হাতী খুৰা

কলগছ খাবৰ মন

কিনি খালে গম পালাহেঁতেন

কিমাননো  লাগে ধন। ০ ০ ০

শিশু পদ্য

(২১)

সিংহ হ’ল হাবিৰ ৰজা

নদীৰ ৰজা শিহু

সাগৰৰ ৰজা তিমি হেনো

বাইদেৱে কোৱা শুনো। ০ ০ ০

শিশু পদ্য

(২২)

অ’ মেঘ, অ’ মেঘ

বৰষুণ দিবা ৰাতি

দিনত আমি খেল খেলো

নাই  আমাৰ  ছাতি। ০ ০ ০

শিশু পদ্য

(২৩)

কইনা আমাৰ বগা মেকুৰী

পিঠি নোমেৰে ভৰা

এই বহাগত নিবলৈ আহিব

দিচাংমুখৰ দৰা।  ০ ০ ০

শিশু পদ্য

(২৪)

ভেকুলী অ’, ভেকুলী অ’

বৰষুণত তিতানো কিয়

তাতে আছে বেছাতিটো

বুটলি নোলোৱানো কিয় ?

আহাৰ মাহৰ বৰষুণত

পথ-ঘাট হ’ল নষ্ট 

শশুৰৰ ঘৰলৈ যোৱা ভাল

বাটতহে পাওঁ কষ্ট। ০ ০ ০

শিশু পদ্য

(২৫)

এইবাৰ বহাগত মই

মামাৰ ঘৰলৈ যাম

মামাৰ ঘৰৰ সেন্দুৰীয়া আম

পেট ভৰাই খাম।

মামীয়ে মোক মৰম কৰিব

বৰ ভাল পাম

ককাই মোক সাধু শুনাব

শুনি মজা পাম। ০ ০ ০

শিশু পদ্য

(২৬)

ববছা বনত বনৰৌ

লুকা-ভাকু খেলে

তাকে দেখি হৰিণাই  

ভিৰাই লৰ দিলে। ০ ০ ০

(২৭)

ক’লা ডাৱৰে মেঘ দিলে

হাঁহবোৰে হাঁহে,

সুৰুয কায়ে ৰ’দ দিলে

টপচ খুৰাই কাঁহে। ০ ০ ০

শিশু পদ্য

(২৮)

সৌৱা উৰিল ৰঙ্গীন জিঞা

পিছ ললে ফটিক মিঞা,

জিঞা গ’ল ৰংপুৰত 

ফটিক মিঞা পৰিল খালত। ০ ০ ০

শিশু পদ্য

(২৯)

অ’ মা, অ’ মা

সোনকালে আহাচোন 

দাপোণখনৰ ভিতৰত 

সৌজনী কোন?

 

মোৰ দৰেই ফ্রক তাইৰ

মোৰ দৰেই চুলি

মোৰ দৰেই কাণ দুখন

মোৰ দৰেই ভৰি। ০ ০ ০

শিশু পদ্য

(৩০)

মা, মা অকন মৰম দিয়া 

মা, অকন মৰম দিয়া

খেলি খেলি ভাগৰ লাগিল 

লাগিল মোৰ পিয়াহ। ০ ০ ০

শিশু পদ্য

(৩১)

অ’ ফুল, অ’ ফুল

তোৰ আই কোন

আছেনে তোৰ দেউতা

সঁচা কথা কোৱাচোন। ০ ০ ০

শিশু পদ্য

(৩২)

ৰেল গাড়ী, ৰেল গাড়ী

ক’তনো তোৰ ঘৰবাৰী,

আজি দেখো ইয়াতে

কাইলৈ নাই,

পিছদিনা আকৌ দেখো

পৰহি দিনা নাই।

তোৰ বুকুত ইমান যাত্ৰী 

ক’লৈনো  যায়,

গোটেই দিন বহি থাকি

কিনো বাৰু খায়? ০ ০ ০

শিশু পদ্য

(৩৩)

মই তোমাৰ আই

পেহীয়েক তাই

সি তোমাৰ ককাই হয়

কাকো নকৰে ভয়।

সৌজনী মাহীয়েক

এইজন ককায়েক

বঢ়াজন তাৱৈ

বুঢ়ীজনী মাৱৈ। ০ ০ ০

শিশু পদ্য

(৩৪)

আই গ’ল অফিচলৈ

দেউতা গ’ল পথাৰলৈ

বায়েকজনী কলেজলৈ

ককাই গ’ল খেলিবলৈ

ঘৰত মাথো মই আৰু ৰাম

গোটেই দিন টি. ভি. চাম

সাঁচি থোৱা পিঠা খাম

বাঃ বাঃ বৰ মজা পাম! ০ ০ ০

শিশু পদ্য

(৩৫)

মোৰ নাম ছামিমা

অংকুৰ শ্ৰেণীত পঢ়ো,

ছাহৰিয়াৰ ককাই হয়

মই হ’লোঁ সৰু।

ৰিহান মোৰ ভাইটি 

চক’লেট খায়,

মেকুৰীৰ মেও শুনি

বৰ ৰং পায়। ০ ০ ০

(৩৬)

হালুৱা ককায়ে হাল বায়

বলদ দুটা লৈ

ৰাতিপুৱা হাল মাৰে

সন্ধিয়া দিয়ে মৈ।

মেঘে গৰ্জিলে ভয় পায়

হাল এৰি দৌৰি পলায়। ০ ০ ০

(৩৭)

কল বল ফল 

খল মল ছল

বৰ বৰ নল

অকনৰ ঘৰ দৰং

নদৰ ওপৰত দলং

টং টং টং 

ঘটং মটং। ০ ০ ০

(৩৮)

মই এটি গছ

বৰ উপকাৰী

মই কৰোঁ শুৱনি 

তোমাৰ ঘৰ-বাৰী।

মোক তুমি ৰুই দিবা

য’তেই  ঠাই পোৱা।

ডাঙৰ হৈ ফল দিম

আৰু দিম ছাঁ

মোৰ তলত বহিবা 

শীতল হ’ব গা। ০ ০ ০

(৩৯)

অ’ জোনালী, অ’ জোনালী 

ক’লৈ যোৱা বাৰু

ধুনীয়াজনী হৈছা দেখোন

পিন্ধিছা যে খাৰু।

 

ৰংপুৰলৈ যাওঁ আমি

লগত খুৰাদেউ

ৰূপাহঁতৰ ঘৰত থাকিম

আছে বাইদেউ।

 

ৰংপুৰত ৰং আছে

আছে ৰংঘৰ

ওচৰতে আছে হেনো

মাটিৰ তলত ঘৰ।

 

শিৱদৌল চাম আমি

ৰুদ্ৰ সিংহই সজা

শিৱসাগৰ চাই আমি

পাম বৰ মজা। ০ ০ ০

(৪০)

নতুন বছৰ বহাগত

খৰ হয় জেঠত।

আমৰ বতৰ আহাৰত

ভৰ বাৰিষা শাওনত।

গুৰুৰ তিথি ভাদ মাহত

আহিনত আৰম্ভ শৰৎ।

কুঁৱলী পৰে কাতি মাহত

ধান পকে আঘোণত।

বৰ শীত পুহত

ভোগালী মাঘৰ শেষত।

পছোৱা বয় ফাগুনত

বছৰ শেষ হয় চ’তত। ০ ০ ০

(৪১)

শিয়াল

আজি ৰাতি নাহিবি শিয়াল

খাবলৈ হাঁহ  কুকুৰা, 

ভাইটিয়ে আনিছে  বন্দুক এটি

ৰংপুৰ মেলাৰ পৰা।

তেওঁ পোহা কুকুৰ দুটাক

পিন্ধাই থৈছে টাই,

আহা যদি আজি ৰাতি 

তোৰ ৰক্ষা নাই।

বন্দুকেৰে গুলি কৰি

সিপুৰীলৈ পঠাব,

তোৰ পোৱালিক ধৰি আনি  

বন্দী কৰি থ’ব।

তোক বিচাৰি আহে যদি 

তোৰ বুঢ়ী আই,

তাকো সি মাৰিব হেনো

লাঠিৰে কোবাই।

সেয়ে তই আজিৰ পৰা 

আমাৰ ঘৰলৈ নাহিবি

হাবিৰ কোমল ঘাঁহ খাই 

পেট পুহি থাকিবি। ০ ০ ০

শিশু পদ্য

(৪২)

এক, দুই, তিনি, চাৰি

এক, দুই, তিনি, চাৰি

আমি হওঁ শাৰী শাৰী।

দুই, তিনি, চাৰি, পাঁচ

সুন্দৰ ঐনিতম নাচ।

তিনি, চাৰি, পাঁচ, ছয়

আমি কৰিম বিশ্বজয়।

চাৰি, পাঁচ, ছয়, সাত

গছৰ আগত কুঁহিপাত।

পাঁচ, ছয়, সাত, আঠ

মনপুতি পঢ়িবা পাঠ।

ছয়, সাত, আঠ, ন

কিতাপ-পত্ৰ মেলি ল।

সাত, আঠ, ন, দহ

দুষ্টালি এৰি পঢ়াত বহ। ০ ০ ০

সমাপ্ত 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

  1. প্ৰেমৰ কবিতা
  2. পদ্য-কবিতা
  3. অসমীয়া শিশু কবিতা
  4. অসমীয়া সাহিত্য

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here