Home Ass Grammar ষত্ব বিধি। Satba Bidhi

ষত্ব বিধি। Satba Bidhi

0

ষত্ব বিধি। Satba Bidhi

 

ষত্ব বিধি। Satba Bidhi

 

ষত্ব বিধি । Satba Bidhi

ষত্ব বিধি। Satba Bidhi

‘ণত্ব বিধি’য়ে যিদৰে দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’লৈ ৰূপান্তৰ হোৱাৰ বিধি বা নিয়মক বুজায়, সেইদৰে অসমীয়া ভাষাত বহু ক্ষেত্ৰত দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’লৈ ৰূপান্তৰ হয়। এই বিধিসমূহকে ‘ষত্ব বিধি’ বুলি কোৱা হয়।

তলত ষত্ব বিধিৰ নিয়মসমূহ উল্লেখ কৰা হ’ল। 

(১) অ, আ- ৰ বাহিৰে অন্য ‘ক’ আৰু ‘ৰ’ ৰ পাছত প্ৰত্যয়ৰ প্ৰথম  দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয়। উদাহৰণ–

কৃষ্ণ, ঈৰ্ষা, বিষয়, মুমূৰ্ষু, ভৱিষ্যত, শুশ্ৰূষা, শ্ৰীচৰণেষু, ঋষি ইত্যাদি।

(২) ‘ঋ’ কাৰৰ পাছত  দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয়। উদাহৰণ–

ঋষি, ঋষভ, বৃষ, তৃষা, কৃষ্ণ, বৃষিত, বৃষভ ইত্যাদি।

(৩) ‘ট’, ‘ঠ’ ৰ সৈতে যুক্ত  দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয়। উদাহৰণ–

কষ্ট, মিষ্ট, ওষ্ট, দুষ্ট, সুমিষ্ট, স্পষ্ট, ষষ্ঠ ইত্যাদি।

(৪) অনু, অধি, অভি, বি, পৰি, সু — আদি উপসৰ্গৰ পাছত বহা কিছুমান ধাতুৰ   দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয়। উদাহৰণ–

অনুষ্ঠান, অধিষ্ঠান, অভিষেক, বিষাদ, সুষমা, পৰিষ্কাৰ, অভিলাষ, নিষেধ, বিষণ্ণ ইত্যাদি।

(৫) ভূমি, গো, অংগু- আদি শব্দৰ পাছত ‘স্থ’ ধাতুৰ  দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয়। উদাহৰণ–

ভূমিষ্ঠ, গোষ্ঠ, অঙ্গুঠি, যুধিষ্ঠিৰ ইত্যাদি।

(৬) সু আৰু বি উপসৰ্গৰ পৰৱৰ্তী ‘সম’ শব্দৰ  দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয়। উদাহৰণ–

সুষম, সুষমা, বিষম ইত্যাদি।

(৭) প্ৰত্যয় যোগ হ’লে ‘ভবিস্য’, ‘হবিস’, আৰু ‘চাক্ষুস’ শব্দৰ  দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয়। উদাহৰণ–

হবিষ্য, চাক্ষুষ, ভৱিষ্যত ইত্যাদি।

(৮) কিছুমান শব্দ স্বাভাবিকতে মূৰ্দ্ধণ্য ‘ষ’ হয়। উদাহৰণ–

পাষাণ, ভূষণ, বৰ্ষণ, বৰ্ষা, মহিষ, কুষ্মাণ্ড, ৰোষ, ঈৰ্ষা, কলুষ, পাষণ্ড, দোষ, পুৰুষ, ভাষা, উষা, আষাৰ, মেষ, শোষণ, তোষণ, আষাঢ়, উৎকৰ্ষ, ঔষধ, ষোড়শ, পুষ্প, শিৰীষ, প্ৰত্যুষ, দ্বেষ, কৰ্ষণ, হৰ্ষ, বৰ্ষ, নিঃশেষ আদি।

ষত্ব বিধি নিষেধৰো কিছুমান বিধি আছে। অৰ্থাৎ অসমীয়া ভাষাত এনে কিছুমান পদ আছে যিবোৰত এই বিধিবোৰ নাখাটে। তলত এনে নিষেধ বিধি উল্লেখ কৰা হ’ল। 

(১) অ’ বা ‘আ’ ৰ বাহিৰে অন্য স্বৰান্ত শব্দৰ পথছত  দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয় যদিও  কেতিয়াবা এই নিয়ম নাখাটে। উদাহৰণ–

ভূমিস্যাৎ, ধূলিস্যাৎ আদি। 

(২) বিসৰ্গ, বিষ্ময়, নিৰ্গত, অনুসৰণ, বিসৰ্জন আদি শব্দত  ষত্ব বিধিৰ নিয়ম নাখাটে। এইবোৰক ষত্ব নিষেধ বুলি কোৱা হয়।

(৩) ঋ-ৰ পাছত সাধাৰণতে মূৰ্দ্ধণ্য ‘ষ’ হয় যদিও কেতিয়াবা ‘ঋ’ৰ পাছত তালব্য- ‘শ’ পোৱা যায়। উদাহৰণ–

কুশ, কৃশ, কৃশাংগী ইত্যাদি।

Read More: ণত্ব বিধি

 

অনুশীলনী

(১) ষত্ব বিধি কাক বোলে? 

(২) ষত্ব বিধিৰ কোন কোন ক্ষেত্ৰত প্ৰযোজ্য লিখা।

(৩) ক’ত ক’ত ষত্ব বিধি নাখাটে লিখা।

(৪) তলত দিয়া শব্দবোৰত মূৰ্দ্ধণ্য ‘ষ’ হোৱাৰ কাৰণ দৰ্শোৱা।

সুষম, সুষমা, বিষম, ঋষি, যুধিষ্ঠিৰ, পৰিষ্কাৰ, অনুষ্ঠান, আধিষ্ঠান, অভিষেক, অভিলাষ, শ্ৰীচৰণেষু, পাষাণ, ভূষণ, কুষ্মাণ্ড, ৰোষ, কষ্ট, মিষ্ট, সুমিষ্ট, স্পষ্ট, ঈৰ্ষা, কলুষ, চাক্ষুষ, ভবিষ্যত, পাষণ্ড। ০ ০ ০

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here