Home Literary Criticism সমসাময়িক কেইটিমান কবিতা–এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Samasamoyik Keitiman Kabita

সমসাময়িক কেইটিমান কবিতা–এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Samasamoyik Keitiman Kabita

0

সমসাময়িক কেইটিমান কবিতা–এক সমালোচনাত্মক বিশ্লেষণ

সমসাময়িক কেইটিমান কবিতা--এক সমালোচনাত্মক বিশ্লেষণ Ismail Hossain Samasamoyik Keitiman Kabita

সমসাময়িক কেইটিমান কবিতা–এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ

‘সমসাময়িক কেইটিমান কবিতা’ শিৰোনামাৰে লিখা কবিতা কেইটি চাৰিটা সৰু সৰু কবিতাৰ সমষ্টি। এই কবিতা কেইটিত কবিয়ে সমসাময়িক সমাজৰ অৰ্থনৈতিক দুৰ্যোগ  আৰু তাৰ ফলত জনতাৰ বুকুত জ্বলা ক্ষোভৰ জুই আৰু কবিৰ মনত তাৰ সহজাত প্ৰতিফলনৰ ছবি অংকিত হৈছে।

যেতিয়া জনগণৰ শান্তি বিনষ্ট হয় তেতিয়াই ক্ষোভৰ জুই জ্বলি উঠে। ক্ষোভৰ জুই জ্বলি উঠাৰ কোনো নিৰ্দিষ্ট সময় নাই। ই দিন বা ৰাতি যিকোনো সময়তে জ্বলি উঠিব পাৰে।  কিন্তু মানুহৰ ক্ষুধা সদায় গতিশীল। ক্ষুধাত মানুহৰ চকু, মুখ, বুকু, পেট আদি সকলো জঁই পৰি যায়। ফলত ভুক্তভোগীয়ে স্বাভাৱিক তেজস্বিতা হেৰুৱাই পে লায়। সেয়ে কবিয়ে ব্যক্ত কৰিছে–

“দুখৰ ৰাতিতো দপদপকৈ জ্বলে

দুঃসহ ক্ষোভৰ জুই

চকু, মুখ, বুকু, পেট সকলোতে,

ক্ষুধাৰ দৈত্যটো তেতিয়াও বৰফৰ দৰে শীতল।”

ক্ষোভৰ জুই কবিৰ প্ৰাণতো জ্বলিছে আৰু প্ৰতিক্ৰিয়া হিচাপে কবিৰ উশাহ-নিশাহ প্ৰায় বন্ধ হৈছে; কিন্তু বুকুত জ্বলা জুইৰ সাম কটা নাই। কবিয়ে কৈছে–

“বহু কষ্টেৰে উশাহ লৈছোঁ

বুকুৰ তীব্র  উত্তাপত গলি যায় চোলাৰ বুতাম।”

কবি কিন্তু স্থিতপ্ৰজ্ঞ। শোক-দুখত ভাগি পৰাটো কবিৰ ধৰ্ম নহয়। সেয়ে তেওঁ ক্ষোভৰ জুইত ইন্ধন যোগাবলৈ এবেলি অন্তঃত অনাহাৰেই কটাবলৈ দৃঢ় সংকল্প লৈছে। কবিতাটিৰ দ্বিতীয়াংশৰ শেষৰ শাৰী দুটাৰ মাজেৰে কবিয়ে ব্যক্ত কৰিছে–

”পেটৰ গাঁঠিটোও টানকৈ বান্ধি লৈছো

এবেলি অন্ততঃ অনাহাৰেই কটাম।”

অনাহাৰ, অনিদ্ৰা আজিকালি প্ৰায় সকলোৱে উপলব্ধি কৰা সাধাৰণ সমস্যা। কবিৰ বাবেও ই সাধাৰণ, কিন্তু কবিয়ে আইৰ মৰমী সঙ্গ লাভ কৰি সকলো সমস্যা, ভাগৰ ক্লান্তি দূৰ কৰিব পাৰে। অৱশ্যে ইয়াত কবিৰ মাতৃ প্ৰেমো প্ৰকাশ পাইছে। কবিৰ ভাষাত–

“আজিকালি অনাহাৰ – অনিদ্ৰা মোৰ বাবে সহজ সাঁথৰ

আইৰ স’তে জুহালত হাত দুখন সেকিলেই 

ক্ষন্তেকতে দূৰ হয়

সমস্ত ভাগৰ।”

কৃষকৰ হাত সকলো কামতে নিপুণ। আনকি সিহঁতৰ সতি-সন্ততিৰো। সেইদৰে কৃষকসকল দৰিদ্ৰতাৰ মাজত উপায়ান্তৰ হৈ জীয়াই থাকিবলৈ অভ্যস্ত। কবি সচেতন যে শ্ৰমিক শ্ৰেণীয়ে এবাৰ দৰিদ্ৰতাৰ সন্মুখীন হ’লে দৰিদ্ৰতাৰ বিষভাষ্প বহু দিন থাকে অৰ্থাৎ দৰিদ্ৰতাৰ গৰাহৰ পৰা ওলাই অহা কষ্টসাধ্য। কবিৰ ভাষাত–

“বহু শ্ৰমৰ এই দুখন হাত

দৰিদ্ৰতাৰ কমাৰ শালত

এবাৰ মাথো শান দিলেই

বহু দিনলৈ থাকে ধাৰ।”

কবিতাটিৰ ভাষা শৈলী অতিকৈ সাধাৰণ। বাক্য বিন্যাস প্ৰায় গদ্যময়। কিন্তু ইয়াৰ বিষয়-বস্তুৰ জ্বলন্ত বাস্তৱতা আৰু শব্দৰ সাৱলীল প্ৰয়োগত কবিতাটিয়ে স্বতঃস্ফূর্ত সুৰ পাইছে – যাৰ বাবে কবিতাটি পঢ়িলে মনোৰাজ্যত ইয়াৰ অনুৰণন বহু সময় বাজি থাকে। অলংকাৰৰ দিশৰ পৰা কবিতাটি দুখীয়া নহয়। ইয়াত ‘ক্ষুধাৰ দৈত্য’ – এই গুণবাচক ধাৰণাটো  সমাসোক্তি (personification) কৰা হৈছে। তাৰোপৰি ‘বুকুৰ উত্তাপত চোলাৰ বুতাম গলি’ যোৱা অত্যুক্তি (hyperbole) য়ে কবিতাটিৰ পঠন সোৱাদ বাৰুকৈয়ে বৃদ্ধি কৰিছে। মুঠতে কবিতাটো বিষয়-বস্তু আৰু ভাষাশৈলীৰ দিশৰ পৰা ভাল আধুনিক কবিতা। ০ ০ ০ Keitiman Kabita

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here