Home Essay সোতৰ শতিকাৰ বিজ্ঞান | Science in the 17th Century

সোতৰ শতিকাৰ বিজ্ঞান | Science in the 17th Century

0

সোতৰ শতিকাৰ বিজ্ঞান | Science in the 17th Century

সোতৰ শতিকাৰ বিজ্ঞান  Science in the 17th Century

সোতৰ শতিকাৰ বিজ্ঞান

সোতৰ শতিকাৰ ইউৰোপৰ কেইবাখনো দেশত কেইজনমান বিজ্ঞানীৰ জন্ম হৈছিল আৰু সিহঁতে বিজ্ঞানৰ বিভিন্ন বিভাগত গৱেষণাপ্ৰসূত বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ পাতনি মেলিছিল। তাৰে প্ৰধান কেইজনমান তলত উল্লেখ কৰা হ’ল।

১৬০০ চনত উইলিয়াম গিলবাৰ্ট নামৰ এজন লোকে ‘De Magnete‘ নামৰ গ্ৰন্থ ৰচনা কৰি চুম্বক বিজ্ঞান আৰু বিদ্যুৎ বিজ্ঞান চৰ্চাৰ আধুনিক আৰু বৈজ্ঞানিক ধাৰাৰ প্ৰৱৰ্তন কৰে।

১৬২০ চনত ইংৰাজ দাৰ্শনিক, পণ্ডিত আৰু প্ৰৱন্ধকাৰ বেকনে ‘Novum Organum’ গ্ৰন্থ প্ৰকাশ কৰে। এই গ্ৰন্থৰ সহায়ত বেকনে আৰোহণ, পৰীক্ষা-নিৰীক্ষা আৰু বৈজ্ঞানিক সহযোগিতাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে।

১৬২৮ চনত উইলিয়াম হার্ভেৰ দ্বাৰা ৰচিত ‘On the Motions of Heart and Blood in Animals’ গ্ৰন্থৰ দ্বাৰা জীৱ বিজ্ঞান আৰু শৰীৰ বিজ্ঞান সম্পৰ্কে আলোচনাৰ বাট মুকলি কৰে।

সোতৰ শতিকাৰ আন বহুতো বিজ্ঞানীয়ে বিজ্ঞানৰ অন্যান্য শাখালৈ অভৃতপৃৰ্ব অবদান আগবঢ়ায়। সেইসকলৰ ভিতৰত স্কটলেণ্ডৰ জন নেপিয়েৰ এজন।  তেওঁ ১৬১৪ চনত ‘ঘাতাংক গণিত বা ল’গাৰিদম’ৰ ওপৰত গ্ৰন্থ ৰচনা কৰে। ১৬৪৬ চনত পোলেণ্ডৰ জন হেভেলিয়াছে বুধ গ্ৰহৰ কলা আৰু চন্দ্ৰপৃষ্ঠৰ মানচিত্ৰ অংকন কৰে। ১৬৬৫ চনত হলেণ্ডৰ খ্ৰীষ্টিয়ান হাইজেন্সে শনি গ্ৰহৰ বলয় আবিষ্কাৰ কৰে। ইটালিৰ ট’ৰিচেল্লিয়ে ১৬৪৩ চনত বেৰ’মিটাৰ আৱিষ্কাৰ কৰে। ইটালিৰ মেলপিদিয়ে ‘উদ্ভিদ আৰু প্ৰাণীৰ শৰীৰ বিজ্ঞান’ সম্পৰ্কে গৱেষণা কৰে। জাৰ্মানীৰ গ’ডফ্রিড লেইবনিটজে গণক যন্ত্ৰ, কেলকুলাচ আৰু বাইনেৰী সংখ্যা পদ্ধতি আৱিষ্কাৰ কৰে।

সপ্তদশ শতিকাৰ আন দুজন প্ৰখ্যাত বিজ্ঞানী হ’ল  গেলিলিঅ গেলিলি আৰু ছাৰ আইজাক নিউটন। গেলিলিয়ে নিজে দূৰবীন সাজি চন্দ্ৰ আৰু বৃহস্পতি গ্ৰহৰ উপগ্ৰহৰ ওপৰত গৱেষণা চলায়। তেওঁ গ্ৰহ-নক্ষত্ৰৰ ওপৰত ‘The Starry Messenger‘  আৰু ‘Dialogue’  নামৰ গ্ৰন্থ ৰচনা কৰে। গেলিলিয়ে বিজ্ঞান চৰ্চাত আধুনিক  গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষা পদ্ধতিৰ সূচনা কৰে। গেলিলিওৰ পিছত বিজ্ঞান জগতলৈ মহান অৱদান আগবঢ়োৱা বিজ্ঞানীজন হ’ল নিউটন। তেওঁ জ্যোৰ্তিবিজ্ঞান, পদাৰ্থ বিজ্ঞান, গতি বিজ্ঞান আদিৰ ওপৰত যথেষ্ট গৱেষণা কৰি কেইবাটাও যুগান্তকাৰী সূত্ৰ আৱিষ্কাৰ কৰে। তেওঁৰ ‘The Principia’ গ্ৰন্থখন বিজ্ঞান জগতৰ এক আলোড়নকাৰী গ্ৰন্থ।

ইয়াৰ উপৰিও বহুতো বিজ্ঞানীয়ে সপ্তদশ শতিকাৰ বিজ্ঞানৰ অগ্ৰগতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু এই শতিকাতে বিজ্ঞান চৰ্চাৰ আধুনিক পৰীক্ষা-নিৰীক্ষাৰ ধাৰা প্ৰতিষ্ঠিত হয়। ০ ০ ০.

সোতৰ শতিকাৰ বিজ্ঞান | Science in the 17th Century

বিঃদ্রুঃ উক্ত ‘সোতৰ শতিকাৰ বিজ্ঞান | Science in the 17th Century’ ৰচনাটি ৰাব্বি  মছৰুৰ ৰচিত ‘বিবিধ‘ শিৰোনামৰ গ্রন্থৰ অন্তর্গত।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here