Home All সৰল অসমীয়া অভিধান । Assamese Dictionary

সৰল অসমীয়া অভিধান । Assamese Dictionary

Assamese Dictionary

0

 

সৰল 

অসমীয়া অভিধান

সৰল অসমীয়া অভিধান । Assamese Dictionary 

ৰাব্বি   মছৰুৰ 

সৰল অসমীয়া অভিধান । Assamese Dictionary

গ্রূহিলচ  পাব্লিশিং 

কমলপুৰ, বৰপেটা  (অসম)

Saral Asomiya Abhidhan, a dictionary of the Assamese Language by Rabbi Masrur, Published  by Growhills  Publishing, Barpeta (Assam)

সৰল অসমীয়া অভিধান । Assamese Dictionary 

All Right Reserved 

New Edition: 

সৰল অসমীয়া অভিধান । Assamese Dictionary 

Price: Rs. ………….. /- 

সৰল অসমীয়া অভিধান । Assamese Dictionary 

D.T.P. by …………………..

সৰল অসমীয়া অভিধান । Assamese Dictionary 

Printed at ……………………………..

সৰল অসমীয়া অভিধান । Assamese Dictionary 

আগকথা

অভিধান হৈছে এনে এখন গ্ৰন্থ য’ত কোনো ভাষাৰ শব্দসমূহ (অৰ্থৰ সৈতে) বৰ্ণানুক্ৰমিকভাৱে সজোৱা থাকে। অভিধানে ভাষা এটিক সুস্থিৰতা, সাৰ্বজনীনতা আৰু স্থায়ীত্ব দান কৰে। ভাষা এটিৰ প্ৰচাৰ, বিস্তাৰ, আৰু শিক্ষণৰ ক্ষেত্ৰত অভিধানৰ গুৰুত্ব অপৰিসীম। আজিকালি পৃৃথিৱীৰ প্ৰায় সকলোবোৰ লিখিত ভাষাৰ অভিধান প্ৰণয়ন কৰা হৈছে। অসমীয়া ভাষাৰ অভিধান প্ৰণয়নৰ কামৰ শুভাৰম্ভ হৈছিল উনবিংশ শকিতকাৰ দ্বিতীয়াৰ্দ্ধত অসমলৈ খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰিবলৈ অহা মাইলচ ব্রনচন নামৰ এজন আমেৰিকান মিচনেৰীৰ দ্বাৰা। তেওঁ সংকলন কৰা অভিধানখনৰ নাম আছিল ‘A Dictionary in Assamese and English’। এইখন ১৮৬৪ চনত প্ৰকাশ পায়। মাইলচ ব্রনচনৰ এই অভিধানখন পূৰ্ণাংগ আৰু বিজ্ঞানভিত্তিক নাছিল যদিও অসমীয়া ভাষাৰ অভিধান প্ৰণয়নৰ পৰম্পৰা সৃষ্টিত অভিধানখনৰ বিশেষ গুৰুত্ব আছে। ইয়াৰ পিছত হেমচন্দ্ৰ বৰুৱাই  ‘হেমকোষ’ (১৯০০) প্ৰণয়ন কৰে। এইখন অসমীয়া ভাষাত ৰচনা কৰা প্ৰথমখন বিজ্ঞানভিত্তিক পূৰ্ণাংগ অসমীয়া অভিধান বুলি গণ্য কৰা হয়। ইয়াৰ পিছত কেইবাজনো পণ্ডিতে কেইবাখনো অভিধান প্ৰণয়ন কৰি অসমীয়া ভাষাৰ অভিধান সাহিত্য চহকী কৰিছে। সেইবোৰৰ ভিতৰত চন্দ্ৰকান্ত অভিধান (১৯৩৩), আধুনিক অসমীয়া শব্দকোষ (১৯৯৫), অসমীয়া জাতীয় অভিধান (২০১০), শৰাইঘাট অভিধান, গিৰিধৰ শৰ্মাৰ অসমীয়া অভিধান ইত্যদি। 

অসমীয়া ভাষাৰ অভিধান সাহিত্যৰ ভঁৰালৈ মোৰ এই ‘সৰল অসমীয়া অভিধান’খন এক সামান্য সংযোজন। অভিধানখন কোনোপধ্যেই পূৰ্ণাংগ নহয়। ইয়াত সন্নিবিষ্ট শব্দৰ সংখ্যা খুবেই কম। ইয়াৰ কাৰণ এইখন মাত্ৰ উচ্চ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰণয়ন কৰা হৈছে। ইয়াত প্ৰাথমকি, মাধ্যমিক আৰু উচ্চ মাধ্যমিক শ্ৰেণীসমূহৰ অসমীয়া বিষয়ৰ পাঠ্যপুথিত থকা শব্দসমূহ স্থান দিয়া হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে অতি সহজে শব্দসমূহ আয়ত্ব কৰিব পাৰে। 

মই আশাবাদী যে ছাত্ৰ-ছাত্ৰীসকলে অভিধানখনৰ পৰা উপকৃত হ’ব। ইতি

ৰাব্বি  মছৰুৰ

শান্তি কানন

২০২১

সৰল অসমীয়া অভিধান । Assamese Dictionary  

সূচীপত্র

সৰল অসমীয়া অভিধান 

সৰল অসমীয়া অভিধান । Assamese Dictionary 

অগণন (বিণ). অলেখ, বহুত।

অপাৰ (বিণ). বহুত, অলেখ।

অতএব (অব্য). এই কাৰণে, গতিকে।

অচীন (বিণ). অচিনাকী।

অভ্যাস (বি). প্ৰতিদিন নিয়মিতভাৱে কৰা কাম।

অংগক্ষত (বি). শৰীৰৰ কোনো অংগত অস্ত্ৰৰে কৰা ঘুণ বা ক্ষত বা আঘাত। 

অভ্যস্ত (বিণ). অভ্যাস থকা।

অনুপান (বি).দৰবৰ লগত মিহলাই খোৱা আনুষঙ্গিক উপাদান।

অভাৱনীয় (বিণ). ভাবিব নোৱাৰা।

অৱলম্বন (বি). আশ্ৰয়, সহায়।

অপৰিপক্ক (বিণ). অপৈণত, অনভিজ্ঞ, অনিপুণ।

অবাৰিত (বিণ). বাধাহীন, মুকলি।

অবিনাশী (বিণ). যাৰ বিনাশ (ধবংস) নাই।

অম্ৰাৱতী (বি). বিশ্বকৰ্মা নিৰ্মিত দেৱপুৰী, ইন্দ্ৰৰ ৰাজধানী।

অশ্বত্থ (বি). আঁহত গছ।

অংগীভূত (বিণ). অংগ হিচাপে পৰিগণিত।

অশৰীৰি (বিণ). শৰীৰবিহীন।

অৰ্ঘ্য (বি). পূজাৰ উপকৰণ।

অনুসন্ধিৎসু (বিণ). অনুসন্ধান কৰিবলৈ ইচ্ছুক, জানিবলৈ উৎসুক।

অনুকৰণীয় (বিণ) অনুকৰণৰ যোগ্য।

অনাহাৰী (বিণ). খাদ্যৰ অভাৱত থকা লোক।

অনৰ্গল (বিণ). অবিৰামভাবে ।

অতীন্দ্ৰিয় (বিণ). ইন্দ্ৰিয়াতীত, ইন্দ্ৰিয়ৰ দ্বাৰা উপলব্ধ নোহোৱা।

অনসূয়া (বি). ঈৰ্ষাহীন; শকুন্তলাৰ এগৰাকী সখী।

অলকা তিলক (বি). মুখমণ্ডলত চন্দন আদিৰে অঁকা চিত্ৰ।

অনাহত (বিণ). বাধা নোপোৱা।

অনাহত ধবনি (বি). আঘাত নোপোৱা, অক্ষত ধ্বনি (যি ধ্বনি বাধা নোপোৱাকৈ অহৰহ বাজি থাকে)।

অনুৰাগ  (বি). আসক্তি।

অমৰাপুৰী (বি). স্বৰ্গলোক।

অমিয়া (বিণ). অমৃত, অমৃতৰ দৰে মধুৰ।

অলকাপুৰী (বিণ). কুবেৰৰ নগৰ।

অহৈতুক  (বিণ). উদ্দেশ্য নথকা, নিষ্কৰ্মা, কাৰণহীন।

অমূলক (বিণ). মিছা, কাল্পনিক, মনে সজা। 

অসামঞ্জস্য (বি). বিচিত্ৰ, সামঞ্জস্য নথকা ।

অনুপম  (বিণ). উপমাহীন, শ্রেষ্ঠ । 

অনাখৰী (বিণ). প্ৰকাশ কৰিব নোৱাৰা, আখৰেৰে নিলিখা, নিৰক্ষৰ। 

অনুকম্পা (বি). সহানুভূতি, দয়া। 

অবিনশ্বৰ (বিণ). অবিনাশী, অক্ষয়। 

অৱনতি (বি). পতন, নত হোৱা কাৰ্য, দোঁ খোৱা। 

অভিনৱ (বিণ). নতুন। 

অপৰিহাৰ্য (বিণ). যাক পৰিহাৰ কৰিব নোৱাৰি।

অবিকল (বিণ). হুবহু। 

অপ্ৰমাদী (বিণ). সতৰ্ক, সাৱধান। 

অবিলুপ্ত (বিণ). বিলুপ্ত নোহোৱা, নিঃশেষ নোহোৱা। 

অন্নং ন…. তদ্‌ব্রতম: (তৈত্তেৰীয় উপনিষদ) অন্ন অৰ্থাৎ  খাদ্যক নিন্দা কৰিব নালাগে। অন্ন যিমান পাৰি বঢ়াব লাগে। এই অন্নবৃদ্ধি কাৰ্য এটা ব্রত।

অভ্যুত্থান (বি). জাগৰণ।

অভিযান (বি). যাত্ৰা। 

অভিনৱ (বিণ). একেবাৰে নতুন।  

অভাৱনীয় (বিণ.) যাক ভাবিব নোৱাৰি, অচিন্তনীয়।

অলীক (বিণ). অবাস্তৱ।

অমিয়া (বিণ). অমৃত। 

অঙ্গদ (বি). কিষ্কিন্ধ্যাৰ বানৰ-ৰাজ বালীৰ পুত্ৰ। অতিশয় বলশালী অঙ্গদে সীতা উদ্ধাৰৰ অভিযানত শ্ৰীৰামচন্দ্ৰক সহায় কৰিছিল।

অব্যক্ত (বিণ). অপ্ৰকাশিত, অপ্ৰকট।

অগ্ৰগনী (বিণ). মুখ্য, প্ৰধান।

অক্ষৌহিনী (বি). এক অক্ষৌহিনীত 21,870 ৰথ আৰু হাতী, 65,610 ঘোঁৰা, আৰু 1,09,350 পদাতিক বীৰ থাকে।

অগাধ (বিণ). বৰ গভীৰ। 

অধীৰ (বিণ). অস্থিৰ। 

অপ্ৰীতিবৰ্ধক (বিণ). দুখ বৰ্ধক। 

অল্পকলীয়া (বিণ). পাতল ক’লা বৰণৰ। 

অন্তৰ্যামী (বি). মনৰ সকলো ভাব বুজি পাওঁতা, ঈশ্বৰ। 

অচ্ছন্ন (বিণ). অবৃত, ঢাক খাই থকা।

অচিন্ত্য (বিণ). চিন্তা কৰিব নোৱাৰা।

অস্বস্থ  (বিণ). অশান্ত। 

অনল (বি). জুই। 

অন্বনৃ (বিণ). সম্পূৰ্ণ দেহ জুৰি। 

অনুকম্পা (বি). সহানুভূতি, কৰুণা, দয়া।

অৰুণ (বি). বেলি, সূৰ্য। 

অভ্রভেদী (বিণ). আকাশলঙ্গা ।

অনিয়া-অনি. পৰস্পৰে দায়িত্ব অস্বীকাৰ কৰা।

অংশুকায় (বি). যাৰ শৰীৰৰ পৰা ৰশ্মি বিচ্ছুৰিত হয়।

অংশুধৰ (বি). সূৰ্য।

অংশুপতি (বি). সূৰ্য।

অংস (বি). কান্ধ।

অঁকৰা (বিণ). কথা ক’ব নোৱাৰা, বোবা।

অঁটা (বিণ). যিমান লাগে সিমান।

অকথ্য (বি). অকথনীয়, অশ্লীল।

অকস্মাৎ (ক্ৰি. বিণ). হঠাৎ।

অঁই (বি). ম’হে মতা মাত।

অকাজভাগী (বিণ). কামৰ অযোগ্য।

অকালন (বিণ). মাত নুফুটা, কেঁচুৱা।

অকুণ্ঠ (বিণ). নিসংশয়, নিসন্দেহ।

অকুতোভয় (বিণ). ভয়হীন, নিৰ্ভীক।

অকুল (বি). অজাতি, হীনকুল।

অকৈতব (বিণ). অকপট, ছলনাহীন।

অক্লিকান্দা (বিণ). উভৈনদী।

অক্লিষ্ট (বিণ). কষ্ট নমনা।

অক্লেদ্য (বিণ). পানীয়ে তিয়াব নোৱাৰা।

অগত্যা (ক্ৰি. বিণ). বাধ্য হৈ, উপায় নাপাই।

অগূঢ় (বিণ). খোলোচা, গুপ্ত নোহোৱা।

অগ্নিবাণ (বি). জুই ওলোৱা শৰ।

অগ্ৰংবগ্ৰং (বি). যিহকে পায় তাকে কৰা বা কোৱা।

অগ্ৰহায়ণ (বি). আঘোণ মাহ।

অঘৱন্ত (বিণ). পাপী।

অঙ্কুৰ, অংকুৰ (বি). পোষা, গজালি।

অঙ্গনা (বি). সুন্দৰী তিৰোতা।

অঙ্গিনা (বি). চোতাল।

অঙ্গুৰি (বি). আঙঠি।

অচিন্ত (বিণ). চিন্তাশূন্য।

অচ্যুত (বিণ). যাৰ নাশ বা ক্ষয় নাই।

অজ (বি). যাৰ জন্ম নাই (ঈশ্বৰ)।

অজগৌ (বিণ). একো নজনা, জধা মূৰ্খ।

অজবিথী (বি). হাতীপটি, ছায়াপথ।

অজান্তিমুলুক (বি). নজনা-নুশুনা ঠাই।

অঞি (অব্য). হেৰা, হে।

অতসী (বি). এবিধ হালধীয়া ফুল।

অতিক্ৰান্ত (বিণ). অতীত, অতিক্ৰম।

অতিপাতক (বি). মহাপাপী।

অতিশয়োক্তি (বি). বাহুল্য বৰ্ণনা।

অতিসাৰ (বি). পেট চলা বেমাৰ, সঘনাই হোৱা পনীয়া হাগা।

অতুঙ্গ (বিণ). অত্যুচ্চ।

অত্যয় (বি). অতিক্ৰম।

অত্যুক্তি (বি). বৰকৈ বঢ়াই কোৱা কথা।

অত্ৰাহি (বি). নিৰুপায়, বিবুদ্ধি।

অথন্তৰ (বি). অকস্মাৎ হোৱা বিপদ।

অদৃষ্টবাদ (বি). ভাগ্যত যি আছে সেয়া হ’ব-এই মত।

অদ্বয় (বি). অদ্বিতীয়, ঈশ্বৰ।

অদ্বৈত (বি). এক ঈশ্বৰবাদী।

অদ্ৰি (বি). পৰ্বত।

অধিবাস (বি). কোনো শুভ কাৰ্যৰ আগদিনা গধূলি গন্ধ মাল্যাদিৰ দ্বাৰা কৰা কাৰ্য।

অধিষ্ঠাত্ৰী (বি). বাস কৰোতা, নিয়ন্ত্ৰণ কৰোতা।

অধিক্ষেপ (বি). অৱহেলা, নিন্দা; নিক্ষেপ।

অধ্যৱসায় (বিণ). নেৰানেপেৰা প্ৰচেষ্টা।

অনপত্য (বিণ). সন্তানহীন।

অনৱগুণ্ঠিতা (বিণ). অনাবৃত, ওৰণি নথকা।

অনৰ্হ (বিণ). অযোগ্য।

অনাস্থা (বি). অবিশ্বাস, অশ্ৰদ্ধা।

অনাহূত (বিণ). অনিমন্ত্ৰিত।

অনিয়া-অনি (বি). প্ৰতিদ্বন্দ্বিতা, আনক চেৰ পেলাবলৈ কৰা অৰিয়া-অৰি।

অনুষ্টুপীয়া (বিণ). অলপীয়া, সংক্ষেপ।

অনূঢ়া (বিণ). অবিবাহিত।

অন্যূন (বিণ). কম নোহোৱা, সম্পূৰ্ণ।

অপৰাহ্ন (বি). আবেলি।

অপৰ্ণা (বি). পাবৰ্বতী, দূৰ্গা।

অপহুতা (বিণ). অলাগতিয়াল, অনিমন্ত্ৰিত, যাক মাতি অনা নাই।

অব্ধি (বি). সাগৰ, মহাসাগৰ।

অভীপ্সু (বিণ). ইচ্ছুক।

অম্বৰ (বি). আকাশ।

অম্বু (বি). পানী, সাগৰ।

অমূৰ্ত (বিণ). মূৰ্তিহীন, নিৰাকাৰ, আকাৰহীন।

অর্চন  (ক্ৰি). পূজা কৰা।

অবৰ্বুদ (বি). দহ কোটি, অসংখ্য।

অৱগুণ্ঠন (বি). ওৰণি, মুখাবৰণ।

অশ্বগন্ধা (বি). এবিধ লতা।

অষ্টপ্ৰহৰ (বি). সদায়, দিন-ৰাতি।

অষ্টধাতু (বি). আঠবিধ প্ৰধান ধাতু, যথা-সোণ, ৰূপ, তাম, ৰাং, পিতল, লো, তীখা আৰু সীহ।

অহম্মক (বিণ). নির্বোধ, মূৰ্খ।

অহিছত্ৰ (বি). কাঠফুলা।

অহৌবাং (বি). চঞ্চল কথকী মানুহ।

অহ্ন (বি). দিন, দিৱস।

অক্ষক্ৰীড়া (বি). পাশাখেল।

অক্ষয় (বিণ). কেতিয়াও ক্ষয় নোহোৱা, যুগমীয়া।

অক্ষশক্তি (বি). কেন্দ্ৰীয় শক্তি।

অক্ষৌহিণী (বি). বহু সংখ্যক সেনা।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

আ 

আচল (বিণ). প্ৰকৃত; প্ৰধান।

আচমান (বি). আকাশ। 

আদম (বি). আদি মানৱ, আল্লাহৰ সৃষ্ট প্ৰথম মানৱ। 

আইন (বি). প্ৰশাসনীয় বিধি-ব্যৱস্থা।

আসক্তি (বিণ). প্ৰৱল অনুৰাগ।

আসি (ক্ৰি). আহি।

আভৰণ (বি). অলংকাৰ, কানি-কাপোৰ ।

আকণ্‌ (বি). বগা আঠা ওলোৱা এবিধ ফুলৰ গছ।

আটক (ক্ৰি). অবৰোধ, অভাৱ, নাটনি। 

আত্মঘাতী (বিণ). আত্মহত্যাকাৰী, আপোনঘাতী।

আত্ম-প্ৰৱঞ্চনা (বিণ). নিজকে ঠগা।

আত্মা (বিণ). প্ৰাণ, সৰ্বব্যাপী চৈতন্য।

আৱহমান (বিণ). চিৰকাল চলি থকা। 

আৰ্কাইভ (বি). সংগ্ৰহ, ভঁৰাল। 

আৰাধ্য (বিণ).  পূজনীয়, উপাস্য। 

আঞ্চলে (ক্ৰি. বিণ). আঁচলত।

আনীত (বিণ). আমদানিকৃত, অনা, ওচৰ চেপাৱা। 

আকাশলংঘী (বিণ). অতি ওখ।

আচৰণ (বি). ব্যৱহাৰ, চাল-চলন।

আবু (বি). আইতা।

আনুসঙ্গিক (বিণ). মূল বিষয়ৰ লগত গৌণভাৱে জড়িত। 

আঠমঙলা (বি). বিয়াৰ আঠদিনাৰ দিনা দৰা-কইনাৰ ঘৰলৈ গৈ কৰা মাঙ্গলিক অনুষ্ঠান ।

আঁকুহি  (বিণ). হাঁকুটি; গছৰ ফল আদি আঁজুৰি আনিব পৰা আগ-আঁকোৰা ডাঁৰ। 

আদ্যোপান্ত  (বিণ). আদিৰ পৰা অন্তলৈ। 

আউৰ  (অব্য). আৰু

আমেজ  (বি). আনন্দ

আখি (বি). চকু।

আসুখ (বিণ). অসম্ভৱ। 

আঁকোৰ-গোজ  (বিণ). যি কথা বা কামত নিজৰ মতৰ পৰা কোনোপধ্যেই আঁতৰি নাযায়। 

আনমনা (বিণ). অন্যমনস্ক।

আজোড়ন্তে  (বিণ). আজুৰি থাকোঁতে।

আঁহফলা নীতি (বিণ). বিভেদকামী মনোভাৱ।

আন্বয় (বিণ). অৰ্থ, ব্যাখ্যা, মত। 

আগ্ৰহাতিশয্য (বি). অতি বেছি আগ্ৰহ। 

আবগাৰী (বিণ). আবকাৰী, মদ বা ৰাগীয়াল বস্তু সম্পৰ্কীয়। 

আহৰণ (ক্ৰি). গোটাই অনা কাৰ্য, সংগ্ৰহ।

আপ্যায়িত (বিণ). আহাৰ আদিৰে সন্তুষ্ট কৰা কাৰ্য।

আপুৰুগীয়া (বিণ). আটকীয়া, দুৰ্লভ।

আৰাও (বি).  মাত, চিঞৰ, শব্দ।

আলোক-বোধন  (বি). পোহৰ।

আত পাচে (ক্ৰি. বিণ). ইয়াৰ পাছত। 

আপুনি (বি, সবৰ্ব). স্বয়ং, নিজে।

আউনা-আউনি (বি). অৰিয়া-অৰি, টনা-আঁজোৰা।

আও-দুৱাৰ (বি). ভুল দুৱাৰ, পিছ দুৱাৰ।

আঁকুহী (বি). হাঁকুটি, কোনো বস্তু টানি আনিবলৈ আগেবঁকা দীঘল মাৰি।

আঁচিনাই, আঁজিনাই (বি). চকুৰ ৰোগ।

আকণ্ঠ (ক্ৰি. বিণ). পেটৰ পৰা ডিঙিলৈকে।

আকিঞ্চন (বি). একো নথকা, দুখীয়া।

আগচ (ক্ৰি). আগেভটি ধৰ।

আগন্তুক (বিণ). সম্ভাৱনা থকা, হ’ব পৰা।

আগল (বিণ). বৰ চোকা।

আঙামুৰি, এঙামুৰি (বি). গামুৰি, শুই থকাৰ পিছত হাত-ভৰি জোকাৰি উঠা কাৰ্য।

আচন্দ্ৰাই (বি). দুবৰ্বলতাৰ বাবে হোৱা মূৰ ঘূৰণি।

আচাৰ্য্য (বি). শিক্ষক, গুৰু।

আচিনাই (বি). গাত হোৱা সৰু ফোঁহা।

আজানু (বিণ). আঁঠু পৰ্যন্ত।

আপচু (বিণ). কুৎসিত, কুশ্ৰী।

আজানুলম্বিত, আজানুলম্বী (বিণ). আঁঠুলৈকে পৰা।

আটন্তিয়াৰ (বিণ). যিমান লাগে সিমান থকা।

আড়তদাৰ (বি). ব্যৱসায়ী, দালাল।

আড়ম্ভৰ (বি). জাকজমক, ফিতাহি।

আঢ্যৱন্ত (বিণ). ধনী।

আত্মগ্ৰাহী (বিণ). স্বাৰ্থপৰ।

আত্ৰেয়িকা (বি). ঋতুমতী স্ত্ৰী।

আথাও (বি). আইতা, আবু, দেউতাকৰ মাক।

আদল (ক্ৰি. বিণ). পৰিৱৰ্তে, সলনি।

আদিষ্ট (বিণ). অনুমতি প্ৰাপ্ত।

আদ্য (বি). আদি, প্ৰথম।

আদ্যান্ত (বিণ). প্ৰথমৰ পৰা শেষলৈকে।

আদ্যোপান্ত (বি). আগৰ পৰা শেহলৈকে।

আধিভৌতিক (বি). দেহ যুক্ত, সশৰীৰী, দেহজনিত।

আনয়ন (ক্ৰি). লৈ অহা।

আজন (বিণ). এটা সন্তান হোৱাৰ পৰা আন এটা হোৱালৈকে।

আপাতত (অব্য). এতিয়া, সম্প্ৰতি।

আবাল (বি, বিণ). ল’ৰাকাল।

আবালবৃদ্ধ (ক্ৰি. বিণ). ল’ৰাৰ পৰা বুঢ়ালৈকে।

আভুৱা (বিণ). বুজ নোপোৱা।

আম্মোক্তাৰ (বি). আনৰ প্ৰতিনিধিস্বৰূপ কাম কৰোতা।

আয়তী (বি). স্বামী থকা তিৰোতা।

আয়ষ্মান, আয়ুষ্মতী, আয়ুষ্মন্ত (বিণ). দীৰ্ঘজীৱী।

আৰিমুৰী (বি). বান্ধৰ পৰা নিজকে মুকলি কৰাৰ বাবে  কৰা চেষ্টা।

আৰ্ত (বিণ). পীড়িত, দুখ-কষ্টত থকা।

আলেঙে-আলেঙে  (ক্ৰি. বিণ). ওচৰলৈ নগৈ আঁতৰৰ পৰা।

আশু (ক্ৰি. বিণ). সোনকালে, শীঘ্ৰে।

আশ্বস্ত (বি). আশ্বাস পোৱা, নিৰুদ্বেগ।

আসৈ মাত (ক্ৰি). অস্বীকাৰ কৰা।

আস্তিন (বি). চোলাৰ হাত।

আহূত (বিণ). আমন্ত্ৰিত।

আহলাদ (বি). আনন্দ, আমোদ, ৰং।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

ইফতাৰ (বি). ইছলাম ধৰ্মাৱলম্বীসকলে আৰবী ৰমজান মাহত প্ৰতিদিন ৰোজা (উপবাস)ৰ শেষত সন্ধিয়া ৰোজা ভংগ কৰাৰ বাবে গ্ৰহণ কৰা আহাৰ।

ইকট বিকট (ক্ৰি). বেয়া সোৱাদৰ বাবে মুখ বিকটা।

ইজাৰ (বি). পায়জামা।

ইজ্জত (বি). মান-সন্মান।

ইদানীন্তন (বিণ). আধুনিক সময়ৰ, বৰ্তমান সময়ৰ।

ইদং (সবৰ্ব). এই।

ইনাম (বি). পুৰস্কাৰ, বঁটা।

ইন্দু (বি). চন্দ্ৰকান্ত মণি।

ইয়াকি (বি). ঠাট্টা, বিদ্ৰূপ।

ইমাম (বি). মুছলমানসকলৰ ধৰ্মীয় নেতা।

ইসাদ (বি). সাক্ষী।

ইষ্ট (বিণ). বাঞ্ছিত, পূজনীয়।

ইষ্ট-দেৱতা (বি). উপাস্য দেৱতা।

ইস্তাহাৰ (বি). জাননী।

ইক্ষু (বি). কুঁহিয়াৰ।

ইন্দ্ৰিয়গ্ৰাহ্য (বিণ). ইন্দ্ৰিয়ৰ সহায়ত যাক অনুভৱ কৰিব পাৰি।

ইতিহাস (বিণ). পুৰণি কথা, ঘটি যোৱা ঘটনাৰ বিৱৰণ  । 

ইজাৰ (বি). চুৰিয়া বা ঠেঙ্গাৰ তলত পিন্ধা পায়জামা। 

সৰল  অসমীয়া অভিধান । Assamese Dictionary 

 

ঈদ (বি). মুছলামনসকলৰ প্ৰধান ধৰ্মীয় উৎসৱ।

ঈদগাহ (বি). মুছলমানসকলৰ উপাসনা গৃহ।

ঈশ্বৰদত্ত  (বিণ). ঈশ্বৰৰ দান। 

ঈদৃশ (বিণ). এনে, এই ধৰণৰ।

ঈপ্সা (বি). ইচ্ছা, বাঞ্ছা।

ঈপ্সিত (বিণ). বাঞ্ছিত।

ঈষ (বি). নাঙলৰ দণ্ড।

ঈক্ষণ (বি). দৃষ্টি, দৰ্শন।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

উ 

উজ্জ্বল (বিণ). জ্যোতিময়, জলমলীয়া।

উচন (বি). ধবংস।

উদ্যম (বি). উৎসাহ।

উলাই  (ক্ৰি). তুচ্ছ কৰা, উলংঘা কৰা।

উচ্ছল (ক্ৰি). ওফন্দি উঠা।

উত্তৰে  আন্টায়ে নাহি পাৰি.  উত্তৰত বলে নোৱাৰি।

উনিকৰ (ক্ৰি. বিণ). এওঁৰ।

উত্তৰণ (বি). উন্নতি।

উদাত্ত (বি). উদাৰ ।

উৰুলি (বি). শুভ কাৰ্যত তিৰোতাসকলে কৰা ধ্বনি বিশেষ। 

উৎপন্ন (বি). উদ্ভৱ। 

উজাৰি (ক্ৰি. বিণ). গোটেইখিনি ঢালি দি।

উৎকণ্ঠা (বি). অস্থিৰতা, ব্যাকুলতা।

উদ্যোক্তা (বি). আয়োজক।

উৎপাদন (বি). উৎপন্ন কৰা কাৰ্য।

উত্ৰাৱল (বিণ). অস্থিৰ, চঞ্চল।

উত্তঙ্গগিৰি (বিণ). অতি ওখ পৰ্বত।

উচৰি (ক্ৰি). উচ্চাৰণ কৰি।

উতপাড়ে (ক্ৰি). উঘালে।

উচ্চাৰি (বিণ). উচ্চাৰণ কৰি।

উতাৰল (ক্ৰি). হৰণ কৰিলে।

উদৰে  (ক্ৰি. বিণ). গৰ্ভত।

উদয় (বি). জন্ম, আবিৰ্ভাৱ, প্ৰকাশ।

উতপাটক (বি). দূৰ কৰোঁতা, নিৰ্মূলকাৰী।

উৰুকা (বি). বিহুৰ আগদিনা। 

উপৰিপুৰুষ (বি). পূৰ্বপুৰুষ।

উদবাউল (বিণ). বলিয়া। 

উপভাষা (বি). মূল ভাষাৰ আঞ্চলিক ৰূপ।

উৰ্বৰা (বিণ). সাৰুৱা, উৎপাদনক্ষম।

উণাৱন্ত (ক্ৰি). শুনা। 

উৎছন (বিণ). নাশ। 

উদাস (বিণ). সুগম। 

উপাম (বি). তুলনা।

উদ্‌ভ্ৰান্ত (বিণ). ব্যাকুল।  

উদ্দীপনা (বি).মনত আশাৰ ভাৱ জগাই দিয়া কাৰ্য। 

উপকল্প (বি). উপবিধি। 

উদাসীনতা (বি). অনুৰাগ নথকা স্বভাৱ।  

উপৰিস্থসকল (বি). জ্যেষ্ঠসকল। 

উৰ্মাল (বি). ৰুমাল।

উঁই-হাফলু (বি). উঁইয়ে তোলা ওখ মাটি।

উকটা (ক্ৰি). লেতেৰা কাম কৰা।

উখণ্ডি. অৱজ্ঞা কৰি।

উগুল-থুগুল (বিণ). উদ্বিগ্ন, অস্থিৰ।

উখনা-উখনি (বি). উত্তৰা-উত্তৰি, বাদ-বিবাদ।

উচ্ছল (বিণ). ওখ, ডাঙৰ।

উচ্ছিষ্ট (বি). খাই এৰা বস্তু, অৱশেষ।

উচ্ছ্ৰিত (বিণ). ওখ, উন্নত, শ্ৰীবৃদ্ধি।

উজীৰ (বি). মন্ত্ৰী।

উজু (বিণ). সহজ, সৰল।

উঠঙা  (বিণ). অলপ দাং খুৱা। 

উতঙ্গা (ক্ৰি). কাম কৰিবলৈ উত্তেজিত কৰা।

উতনুৱা (বিণ). অস্থিৰ, পাতল, উদ্ধত।

উৎকল (বি). উৰিষ্যা ৰাজ্য।

উৎকোচ (বি). ঘোচ, ভেটি।

উত্তমৰ্ণ (বি). ধন ধাৰে দিওঁতা।

উৎপল (বি). ভেটফল , পদুম ফুল।

উৎপাটক (বিণ). নষ্ট কৰোতা, যিয়ে সমূলে ধবংস কৰে।

উৎপ্ৰেক্ষা (বি). কোনো বস্তুৰ সৈতে আন কোনো বস্তুৰ অসম্ভৱ তুলনা।

উৎক্ষিপ্ত (বিণ). ওপৰলৈ নিক্ষিপ্ত।

উদ্দাম (বিণ). দমন কৰিব নোৱাৰা।

উদাস্তু (বি). নিজৰ থকা ঠাই এৰি অহা লোক।

উন্তি (বি). মতা মানুহে কাণত পিন্ধা কঁৰিয়া।

উপগত (বিণ). উপস্থিত, উপনীত।

উপচ্ছায়া (বি). পাতল ছাঁয়া।

উপদিষ্ট (বিণ). আদিষ্ট, উপদেশপ্ৰাপ্ত।

উপনয়ন (বি). লগুণ দিয়া।

উপপাদ্য (বিণ). যুক্তিৰে প্ৰমাণ কৰিবলগীয়া।

উপমান (বিণ). তুলনা, সমান, সাদৃশ্য, যি বস্তুৰ সৈতে কোনো বস্তুৰ তুলনা কৰা হয়।

উপাঙ্গ (বিণ). সৰু অঙ্গ, যেনেঃ নখ, চুলি আদি।

উপান্ত (বিণ). নষ্ট, উচ্ছন্ন, শেষৰ আগৰটো।

উপায়ন (বি). উপহাৰ, পাৰিতোষিক।

উমাল (বিণ). উম থকা, সামান্য গৰম।

উমেদাৰ (বি). কাম পাবৰ নিমিত্তে আশা কৰি এনেই বা অলপ বেতন লৈ কাম কৰা লোক।

উৰ্ণনাভ (বিণ). মকৰা।

উৰ্ফাল (ক্ৰি). জাঁপ দিয়া।

উৱাদিহ (বি). কোনো গুপ্ত বস্তুৰ জ্ঞান।

উষ্ণীষ (বি). পাগুৰি।

উহুঁ (অব্য). অমান্তি বুজোৱা মাত।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

উষা (বিণ). ধলপুৱা, দোকমোকালি। 

উঠন (বি). উঠন, কন্যাকাল।

উড়া (বি). বিয়া দিয়া।

উদফাই (বি). উৰ্দ্ধশ্বাস, কফ উঠি নিশ্বাস লোৱাত কষ্ট হোৱা ৰোগ।

উৰুমি (বি). কোৰ্হাল।

উৰ্মি, উৰ্ম্মি (বিণ). পানীৰ ঢৌ।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

 

ঋজু (বিণ). সৰল, সহজ, পোন।

ঋতুপতি, ঋতুৰাজ (বি). বসন্তকাল।

ঋত্বিক (বি). পুৰেহিত।

ঋষভ (বি). ষাঁড় গৰু।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

একৈক (বি). এজন এজন।  

এমত (সবৰ্ব). এনে কথা।

এমা-ডিমা (বিণ). কুমলীয়া, নিচেই সৰু।

একাণপতীয়া (বিণ). আন কোনো ফালে কাণ নকৰাকৈ একান্তমনে লাগি থকা।

এচাৰ মাৰি (ক্ৰি). জোৰেৰে দূৰলৈ পেলাই দি। ঠেচেকা মাৰি।

এলাবাদু (বিণ). কোনো কামৰ যোগ্য নহয়, অপাত্ৰ।

এচমকা (বিণ). ক্ষন্তেকীয়া।

একচেতীয়া (বিণ). এদনীয়া, এজনৰ দখল বা স্বত্বত থকা।

একদা (অব্য). এসময়ত।

একশিৰা (বি). এটা অণ্ডকোষ উখহি বেদনা হোৱা বেমাৰ।

একাচেকা (বিণ). আনতকৈ বেলেগ, বিশেষ ধৰণৰ।

একুতি, একুতী (বিণ). এজন ল’ৰা বা এজনী ছোৱালী সন্তান থকা তিৰোতা।

একেপান্তি (বিণ). একে স্বভাৱৰ।

এচিকটা (বিণ). অকণমান।

এজ্‌লাচ (বি). আদালত, বিচাৰালয়।

এদোগেদো (বিণ). গা-গধুৰ, লেহেম।

এনয় (বিণ). এনেকুৱা।

এনুৱা (বিণ). এনেকুৱা।

এন্ত (সবৰ্ব). তেখেত, সি।

এৰাল (বি). জন্তু বন্ধা দীঘল জৰী।

এলাগী (বিণ). আঁভজা, দেখিবলৈ বেয়া।

এসাজী (বিণ). ভাল কামত নহা।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

 

ঐশ্বৰ্য (বি).  বিভূতি, বিপুল ধন-সম্পদ।  

ঐক্যতান (বি).  বিভিন্ন বাদ্য যন্ত্ৰ স্বমস্বৰে বজোৱা কাৰ্য।

ঐছে, ঐছন (ক্ৰি. বিণ). এনে, এনেকুৱা।

ঐদহে বৈদহে (ক্ৰি. বিণ). নানা দেশত।

ঐৰাৱত (বি). হাতী।

ঐশানু (বি). বটগছ।

ঐহিক (বিণ). সাংসাৰিক, পাৰ্থিৱ।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

ওমলি (বিণ). ৰং, ধেমালি কৰি। 

ওখহা (ক্ৰি). ওফন্দি উঠা, ফুলি উঠা।  

ওঙ্কাৰ (বি). ওঁ শব্দ, সৃষ্টি, স্থিতি আৰু সংহৰণৰ প্ৰতীক (ব্রহ্মা, বিষ্ণু, মহেশ্বৰক কৰা স্তুতি)।

ওঁম (বি). বিষ্ণু, শিৱ আৰু ব্রহ্মা (ত্ৰিমূৰ্তি); ঈশ্বৰৰ সৃজন, পালন আৰু সংহৰণ এই তিনি শক্তি বুজোৱা শব্দ।

ওখল (বি). গাৰ বা কাপোৰৰ মলি।

ওখোন (বি). কাৰাইল, শস্য গোটোৱা লুটিওৱা আগ বেঁকা বাঁহ।

ওজ, ওজঃ (বি). তেজ, শক্তি, উৎসাহ।

ওদন (বি). ভাত।

ওভত-গোৰে (ক্ৰি. বিণ). ভৰি ওপৰলৈ কৰি।

ওৰা পাত.  লানি লগা।

ওৱাকফ্‌ (বি). মানৱ সেৱাৰ উদ্দেশ্যে ঈশ্বৰৰ নামত দান কৰা সম্পত্তি ।

ওৱাদানি (বিণ). যথেষ্ট, প্ৰচুৰ।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

ঔটেঙা (বি). এবিধ কেঁহা জাতীয় গছ বা তাৰ ফল।

ঔচিত্য (বি). নায্যতা, উপযুক্ততা।

ঔৰ্দ্ধত্য (বিণ). উগ্ৰতা, অহংকাৰ।

ঔৰস (বি). বীৰ্যজাত।

ঔৰত (বি). তিৰোতা।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

 

কৰ্ম (বি). কাম। 

কদাপি (ক্ৰি. বিণ). কেতিয়াও। 

কন্বমুনি (বি).  শকুন্তলাক আশ্ৰয় দিয়া এজন মুনি।

কল্পলোক (বি). কল্পনাৰ জগত।

কামিনী (বি). নাৰী

কৰ্ণ (বি). কাণ।

কলিমল (বি). কলিকালৰ পাপ।

কয়লি (ক্ৰি). কৰিলে।

কন্টক বন (বি). কাঁইটেৰে ভৰা বন।

কৰকৰা ভাত (বিণ). ঠাণ্ডা (বাহি) ভাত।

কপিধ্বজ (বি). যাৰ ধ্বজা বা পতাকাত বান্দৰৰ প্ৰতীক আছে।

কাঁহ (বি). এবিধ ধাতু।

কাকিনী তামোল (বি). বৰ ওখ তামোল গছ।

কথা (বিণ). মাত, বচন

কেলেহুৱা (বিণ). লোকৰ ঘৰত থাকি পেট পুহি থকা, চপনীয়া।

কোঠা (বিণ). খোটালি। 

কুটেশাল (বিণ). কপটীয়া। 

কটি পীত ভুনি (বি). কঁকালত পিন্ধা হালধীয়া চুৰিয়া।

কাশ্যপ নন্দন (বি). সূৰ্য দেৱতা (কাশ্যপ আৰু অদিতিৰ পুত্ৰ)।

কটাহ (বি).  ঢাকনি।

কাৰ্যকৰী (বিণ). কাৰ্যক্ষম

কোতমণি (বিণ). সোণ বা ৰূপৰ এবিধ সৰু মণি।

কঙাল (বিণ). যাৰ একো নাই, নিঃস্ব, দুখীয়া, খাবলৈ নোপোৱা। 

কংকণ (বিণ). হাতত পিন্ধা অলংকাৰ, এবিধ খাৰু। 

কৌশল (বি). পদ্ধতি, কাম কৰাৰ ধৰণ।  

কঠা (বি). মাটিৰ জোখ।

কঁথা (বি). ফটা কাপোৰ লগলগাই সী লোৱা ডাঠ কাপোৰ।

কাহ (বি). ডিঙিত হোৱা এবিধ অসুখ।

কাৰেং (বি).  ৰাজপ্ৰসাদ।

কাঠবাজী (বিণ).  যি তিৰোতাৰ সন্তান নাই।

কুকুহা (বি). কাউৰীৰ সমান ইটাবৰণীয়া এবিধ চৰাই।

কিসৰ. কিহৰ।

কীৰিতি (বি). যশ, খ্যাতি।

কল্প (বিণ). হিন্দু শাস্ত্ৰমতে ব্রহ্মাৰ এদিন এৰাতি এই কালৰ ৰ্দ্ঘৈ অনুসৰি এহেজাৰ যুগ বা চাৰিশ বত্ৰিশ কোটি বছৰ। (বি). যজ্ঞ সম্পৰ্কে বিৱৰণ থকা বেদাংগ গ্ৰন্থ বিশেষ।

কল্পান্তৰ (বি). এটা কল্পৰ পৰা আন এটা কল্পলৈ পৰিৱৰ্তন।

কালান্তক (বি). জীৱনৰ কাল শেষ কৰোতা, যম।

কাঠনি (বি). ডাঙৰ ডাঙৰ গছ থকা হাবি।

কেটেৰা মাত (বি). খঙেৰে টানকৈ মতা মাত।

কাতৰ (বিণ). দুঃখিত, পীড়িত।

কামিনী (বি). নাৰী।

কলহ (বি). চৰু।

কাছুটি (বি). তিয়নি

কাপ (বি). কলম

কাকত (বি). কাগজ।

কাঁড়ী (বি). যিয়ে ধনুৰ কাঁড় মাৰে।

কবচ কাপোৰ  (বিণ). যুদ্ধত শত্ৰুৰ অস্ত্ৰৰ আঘাতৰ পৰা ৰক্ষা পাবলৈ পিন্ধা কাপোৰ ।

কণ্টকি (বিণ). কাঁইটীয়া গছ।

কপিত্থ (বি). ঔ টেঙা ।

কমলা টেঙ্গৰা (বি). কমলা টেঙা ।

কলেৱৰ (বি). শৰীৰ।

কপট (বি). চাতুৰী, প্ৰতাৰণা, ছলনা, কৃত্ৰিমতা। 

কালি (বি). মুখেৰে বজোৱা এবিধ পেঁপা জাতীয় বাদ্যযন্ত্ৰ।

কণ্ঢাৰ (বি). কাণ্ডাৰী, গুৰিয়াল।

কন্নত. কাণত।

কৰ্পূৰ (বি). এবিধ গছৰপৰা ওলোৱা সুগন্ধি দ্ৰব্য।

কয় কহুঁ. কৰি পেলাই।

কলঙ্ক কৰসি (ক্ৰি). বদনাম ৰটিছে।

কঙ্কণ (বি). খাৰু।

কদলি (বি). কলগছ।

কমপ্লেক্স (বি). চৌহদ।

কঁটীয়া (বিণ). চুটি, চাপৰ।

কঁথা (বি). ফটা বা পুৰণি কাপোৰেৰে সি লোৱা নিহালি।

কঁৰীয়া (বি). তিৰোতাই কাণত পিন্ধা এবিধ অলংকাৰ।

কঁহুৱা (বি). এবিধ দীঘল বন।

কচৰৎ (বি). অঙ্গ সঞ্চালন, ব্যায়াম।

কচুৰি (বি). ভিতৰত ভজা বস্তু দি কৰা এবিধ পিঠা।

কচ্চপ (বি). কাছ।

কঞ্জৰ (বি). হাতী।

কটঙা (বিণ). নীৰস, দুখীয়া।

কটাক্ষ (বি). কোপ দৃষ্টি, চকু কেৰাহিকৈ কৰা অৱজ্ঞাৰ দৃষ্টি।

কণামাকৰি (বি). কাণৰ ভিতৰত জমা হোৱা মল।

কণামুচৰি (বি). এবিধ মাছ খোৱা চৰাই।

কতিপয় (বিণ). অলপমান, কিছুমান।

কদলী (বি). কল।

কপৰ্দ্দক (বিণ). সামান্য মূল্যৰ।

কপাট (বি). দুৱাৰ, দৰজা।

কপিত্থ (বি). ঔটেঙা।

কপোল  (বি). গাল।

কয়েদি (বি). বন্দী।

কৰঙন (বি). আঁঠুৰ ওপৰৰ ভাগ।

কৰঙা (বি). পানীত হোৱা এবিধ ঘাঁহ।

কৰাপাট (বি). সত্ৰৰ বাটচৰা।

ক্ৰয় (ক্ৰি). কিনা।

কলাঘুমটীয়া (বিণ). চিল্‌মিল্‌কৈ অহা টোপনিৰ অৱস্থা। 

কৰ্ফাল (বি). পিছলি আছাৰ খাই পৰা।

কলত্ৰ (বি). তিৰোতা, ঘৈনী।

কল্কী (বি). ফুলৰ কলি।

কাত্যায়নী (বি). দুৰ্গা দেৱীৰ আন এটি নাম।

কাদম্বৰী (বি). ফুলৰ মৌৰ পৰা হোৱা।

কান্তি (বি). জেউতি, শোভা, উজ্জ্বলতা।

কায়কাষ্ঠা  (বিণ). আন্তৰিক শ্ৰদ্ধা।

কালান্তক (বিণ). ভয়ঙ্কৰ, জীৱন নাশ কৰিব পৰা।

কাহু. কোনো কোনোয়ে।

কাইকুতি (বি). ভাকুটকুটনি, দুই আঙুলিৰ আগেৰে দিয়া চিমটি।

কাচল (বি). পিন্ধা কাপোৰৰ ওলমি থকা ভাগ।

কালশতৰু (বি). ঘোৰ শত্ৰু।

কেনে. কেনেকুৱা

কেচ্‌ কেচ্‌ (বি). কাঁচিৰে ধান কাটোতে হোৱা শব্দ।

কোঙা (বিণ).  হাত-ভৰি লৰাই ফুৰিব নোৱাৰা।

কণকঠীয়া মৰা (ক্ৰি). সম্পূৰ্ণৰূপে ধবংস হোৱা।  

কৈফিয়ত (বি). কাৰণ দৰ্শোৱা, জবাব। 

কৰ্পটি (বি). ৰোগৰ আনুসঙ্গিক লেঠা। 

কুক্কুৰ (বি). কুকুৰ।  

ক্ৰান্তিকাৰ (বি). সমাজৰ উত্তৰণ বা পৰিৱৰ্তনৰ বাবে সংগ্ৰাম কৰোঁতা, সমাজ বিপ্লৱী। 

ক্ৰীড়া (বি). খেলা।

কৰ্কৰা (বি). পানী নিদিয়াকৈ থোৱা বাহি ভাত।

কৰ্ণিকা (বি). কাণৰ অলৎকাৰ। 

কুৰ্চ্চুট (বি). হিংসা, কুটিলতা। 

কিন্নৰী (বি). সৰ্গত নৃত্য কৰা অপ্সৰী। 

কস্তুৰীগন্ধা (বি). মৃগনাভি, গান্ধকলাই। 

কুটজ (বি). গিৰিমল্লিকা ফুল আৰু তাৰ গছ।

কুসুম (বি). ফুল। 

কল্লোল (বি). ডাঙৰ ঢৌ। 

ককৰ্থনা (বি). তিৰস্কাৰ। 

কামন্দকীয় নীতিসাৰ (বি). কামনদাকি নামৰ আচাৰ্যই ৰচনা কৰা নীতিশাস্ত্ৰ¸। 

কালশিলি বৰ্ণ (বি). হাতীৰ বৰ্ণ বিশেষ।  

কুঞ্জ (বি). লতা-পাতেৰে আগুৰি থকা ঠাই, উপবন। 

কুশ্ৰী (বিণ). দেখিবলৈ Îবয়া। 

কোপ. খঙ ।

কলৰোল (বি). কলৰৱ।

কিঞ্চিত (বিণ). সামান্য পৰিমাণৰ, অকণমান।

কেৱ. কেও, কোনো।

কাম্য (বি). কামনা।

কহয়. কয়।

কুটুৱ (বি). ধ্ৰৱ নক্ষত্ৰ। 

কেৰু (বি).  কাণত পিন্ধা এবিধ অলংকাৰ।

কেলিবান (বি). এটা অদ্ভূদ জীৱ। শ্বেক্সপীয়েৰৰ নাটক ‘টেমেপষ্ট’ৰ নায়িকা  মিৰাণ্ডাই অকলশৰীয়া দ্বীপ এটাত দেখা একমাত্ৰ জীৱ।

কোৰ্হাল (বি).  হূলস্থুল । 

কাছুটি (বিণ). সদায় পিন্ধা সৰু কাপোৰ।

কাতিকুতা (বি). ইকাতি সিকাতি।

কিংখাপ (বিণ). সোণ/ৰূপৰ বনকৰা ৰেশমী বা পাটৰ কাপোৰ ।

কিঙ্কৰ (বি). চাকৰ, সেৱক, বন্দী।

কৰ্ফাল (বি). পিছলি আছাৰ খাই পৰা।

কলত্ৰ (বি). তিৰোতা, ঘৈনী।

কল্কী (বি). ফুলৰ কলি।

কাত্যায়নী (বি). দুৰ্গা দেৱীৰ আন এটি নাম।

কাদম্বৰী (বি). ফুলৰ মৌৰ পৰা হোৱা।

কান্তি (বি). জেউতি, শোভা, উজ্জ্বলতা।

কায়কাষ্ঠা (বিণ). আন্তৰিক শ্ৰদ্ধা।

কালান্তক (বিণ). ভয়ঙ্কৰ, জীৱন নাশ কৰিব পৰা।

কাহু. কোনো কোনোয়ে।

কাইকুতি (বি). ভাকুটকুটনি, দুই আঙুলিৰ আগেৰে দিয়া চিমটি।

কাচল (বি). পিন্ধা কাপোৰৰ ওলমি থকা ভাগ।

কুঁচিমুচি (ক্ৰি. বিণ). কোঁচ খাই।

কুকুহা (বি). এবিধ চৰাই।

কুমুদ (বি). ভেঁট ফুল।

কুন্ধচ (বিণ). আগঢ়ী , কুশ্ৰী।

কুমজেলুকা, কুমজেলেকুৱা (বি). গাত বীজল থকা এবিধ মুগা বৰণীয়া পোক।

কুৰঙ্গ (বি). হৰিণ।

কুহেলিকা (বি). কুঁৱলি।

কেওমেও কৰা (ক্ৰি). বৰকৈ কাকুতি মিনতি কৰা।

কেৱাৰী (বিণ). সাৰ নথকা, অনুৰ্বৰ।

কেহেলুৱা (বি). লোকৰ ঘৰত পেট পুহি থকা।

কৈৱল্য (বি). নিৰাশ্ৰয় লোক।

ক্লিষ্ট (বিণ). ক্লেশ প্ৰাপ্ত. যাতনা পোৱা।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

 

খঞ্জৰ (বি). তৰোৱাল। 

খং (বি). ৰাগ।

খণ্ডে (ক্ৰি). খণ্ডন কৰে।

খসি (ক্ৰি). খহি।

খটাসুৰ (বি). বৰ দুষ্ট ল’ৰা।

খঁক (বি). হেঁপাহ, লোভ।

খকন্দ (বি). পৰিয়ালৰ মাজত হোৱা কাজিয়া।

খচৰা (বি). পাণ্ডুলিপি।

খন্তা, খন্তি (বি). মাটি খান্দিবলৈ ব্যৱহাৰ কৰা এবিধ লোৰ সঁজুলি।

খদমদম (বি). লৰালৰি, খৰখেদা।

খনিকৰ (বি). শিল-কাঠ-মাটিৰ মূৰ্তি নিৰ্মাণ কৰোঁতা।

খাটনি (বি). কাৰোবাৰ পৰা উপকাৰ পোৱাৰ আশাৰে কৰি দিয়া কাম।

খাটাংকৈ (ক্ৰি. বিণ). সম্পূৰ্ণ নিশ্চিতভাৱে।

খান্তি (বি). বৃত্তান্ত, বিৱৰণ।

খবৰ্ব (বিণ). খৰ, তীক্ষ্ণ। 

খাগৰি (বি). এবিধ তৃণজাতীয় উদ্ভিদ। 

খিতাপ (বি). সন্মান, উপাধি।

খিৰিকি (বি). বাতায়ন।

খ্যাতনামা (বিণ). বিখ্যাত।

খেড়ি (বি). খেলা।

খেড়ি  ৰসে (ক্ৰি. বিণ). ক্ৰীয়াৰ আনন্দত।

খোবা-খুবুনী (বি). নকৈ বিয়া হোৱা দৰা-কইনাক লম্ভা এহাল ভূত-ভূতুনী। এই ভূত-ভূতুনীৰ হাতৰ পৰা নৱ-দম্পতীক ৰক্ষা কৰিবৰ কাৰণে বিয়াৰ তিনিদিনৰ দিনা খোবা-খুবুনী নামৰ সবাহ পতা হয়।

খোল (বি). কলপটুৱাৰে প্ৰস্তুত কৰা দোণা।

খোদিত (বিণ). কাঠ, শিল, ধাতু আদিত কাটি কাটি নক্সা বা চিত্ৰ অঁকা কাম।

খোৰা (বিণ). লেঙেৰা, ভালদৰে খোজকাঢ়িব  নোৱাৰা।

খোৰাক (বি). আহাৰ, খাদ্য।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

 

গধূলি (বি). সন্ধিয়া

গৰ্দভ (বি). গাধ। 

গত্যন্তৰ (ক্ৰি. বিণ). উপায়ন্তৰ, অন্য উপায়।

গয়না (বি). আশ্ৰয়, আলম

গগন (বি). আকাশ।

গৰব (বি). গৌৰৱ। 

গহ (বি). অহংকাৰ, কেৰেপ, গ্ৰাহ্য।

গজপত (বি). অভিশাপ, শাওপাত। 

গজশাস্ত্ৰ (বি). হাতী বিষয়ক পুথি।  

গজগজীয়া (বিণ). ডাঙৰ- দীঘল, স্থায়ী।

গছত গৰু উঠা (বিণ). অসম্ভৱ, অবাস্তৱ।

গড়াই (ক্ৰি). গঢ়াই।

গড় (বি). দুৰ্গ, মাটি বা কাঠৰ শকত আৰু ওখ প্ৰাচীৰ।

গগনে (ক্ৰি, বিণ). আকাশলৈ।

গুনন্ত (ক্ৰি). ভাবিলে।

গুৱা (বি). তামোল।

গেঁজখাই (বিণ). গিজ্‌ গিজ্‌, প্ৰচুৰ, ভৰপুৰ।

গোমচেং (মেখেলা) (বি). এবিধ মিহি ফুলাম পাতল পাটৰ কাপোৰ।

গ্ৰাম (বি). গাওঁ

গুণি-গাথি (ক্ৰি). চিন্তা কৰি।

গোলাকৃতি (বিণ). ঘূৰণীয়া আকৃতি।

গোমস্তা (বি). দোকানত হিচাপ-পত্ৰ ৰখা কৰ্মচাৰী। 

গোষ্ঠী (বি). বংশ, জাতি, দল।

গ্ৰীব, গ্ৰীবা (বি).  ডিঙি।

গাৰি (বি). গালি।

গাজনিবা  (বি). ডাঙৰ শব্দ

গিৰিয়েৰা (বি). স্বামী

গ্লানি (বি). অপযশ, বদনাম, কলংক। 

গোষ্টক (বি). গৰু-ম’হৰ খুটি। 

গৌৰ (বি). বগা বৰণ। 

গৌৰৱান্বিত (বিণ). মহিমামণ্ডিত।

গঁতা (বি). গলধনত ধৰি হাতেৰে মৰা ঠেলা।

গঁৰল (বি). ডিঙি  উখহা ৰোগ।

গঁৰাল (বি). জন্তু ৰখা ঘৰ।

গগনা (বি). মুখেৰে বজোৱা বাঁহৰ বাদ্য।

গজমূৰা (বি). ঘৰৰ সকলো মানুহ মৰাৰ পিছত জীয়াই থকা।

গঞ্জ (বিণ). ঠাহ খোৱা, ঘন।

গণিকা (বি). বেশ্যা, নটী।

গণ্ডলিকা (বি). অহংকাৰ, ডাঙ্কোপ।

গপ (বি). অহংকাৰ, নিজকে ডাঙৰ বুলি ভবা।

গপচ (বিণ). উত্তম  বিধৰ, গহীন।

গভিয়া (বি). ঘৰ জোঁৱাই, চপনীয়া। 

গয়ৰহ (বি). প্ৰতিজন, গাইপতি।

গৰ্দ্দভ (বি). গাধ, মূৰ্খ মানুহ।

গলগ্ৰহ (বি). হেঙাৰ, কষ্টদায়ক অথচ এৰিব নোৱাৰা।

গৱাক্ষ (বি). ঘূৰণীয়া খিৰিকী।

গিৰীন্দ্ৰ (বি). পবৰ্বতশ্ৰেষ্ঠ, হিমালয়।

গিৰ্মিট (বি). সংকল্প, কোনো কাম কৰিবলৈ কৰা প্ৰতিজ্ঞা।

গুহ্য (বিণ). গোপনীয়, লুকাই থকা।

গূঢ় (বিণ). গুপ্ত, দুর্বোধ্য।

গৃহাহত (বি). অভ্যাগত, অতিথি।

গেন্ধেলা (বিণ). বেয়া গোঁন্ধোৱা, ঘিণ লগা।

গোঙা (ক্ৰি). মাত ফুটাই কথা ক’ব নোৱাৰা।

গোমোঠা (বিণ). বিমৰ্ষ, নিৰুৎসাহী, মলিন।

গোলন্দাজ (বি). কামান চলোৱা সৈন্য।

গ্ৰাহী (বি). গ্ৰহণ কৰোঁতা।

গ্ৰীমবুদা (বি). ৰাভাসকলৰ শাৰদীয় উৎসৱ।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

ঘ 

ঘৰমুৱা (বিণ). ঘৰৰ ফাললৈ আহি থকা। 

ঘৰ মহ (বিণ). ঘৰৰ ভিতৰত।

ঘঁটীয়া (বিণ). টেঙৰ, চতুৰ।

ঘন্টক (বি). কন্দল, গোলমাল।

ঘপৰাই (ক্ৰি. বিণ). ততালিকে, বেগতে।

ঘৰ্ম্ম (বি). ঘাম।

ঘমঘণ্ট (বি). হুলস্থ²ল।

ঘাউৰা (বি). অমঙ্গল, বিঘিনী।

ঘাগী (বি). কোনো কামত একানপতীয়াকৈ লাগি থকা লোক।

ঘাগৰ (বিণ). সৰু ল’ৰা বা ছোৱালীয়ে পিন্ধা জুনুকাৰ মালা।

ঘানী (বিণ). তেল পেৰা যন্ত্ৰ।

ঘ্ৰাঞ্চ (বিণ). বিদ্ৰোহ, অপৰাধ।

ঘেকেটা (বিণ). ঘিণ লগা।

ঘেটেলা (বিণ). মলিযুক্ত, লেতেৰা।

ঘোং (বি). বাঘ জাতীয় এবিধ জন্তু।

ঘূঘুয়া (বিণ). অলপীয়া, অলপকৈ হোৱা। 

ঘোপা (বিণ). খং দেখুৱাবলৈ চকু কোঁচাই সৰু কৰা।

ঘ্ৰাণজ (বিণ). ঘ্ৰাণেন্দ্ৰিয়জাত।

ঘৈয়াই (বিণ). ঘাপ মাৰি। 

সৰল  অসমীয়া অভিধান । Assamese Dictionary

চহকী (বিণ). ধনী।

চঁক (বিণ). অকস্মাৎ ভয়, উচাপ। 

চটক (বি). ঘনচিৰিকা।

চ’ৰাঘৰ (বি). বাহিৰৰ বহা ঘৰ, আলহীৰে কথা-বতৰা পতা ঘৰ।

চৰক (বি). আয়ুেৰ্বদ শাস্ত্ৰৰ এগৰাকী প্ৰাচীন ভাৰতীয় পণ্ডিত।

চৰ্জন (বি).  স্ৰজন।  

চৰক পৰা মানুহ (বি). বজ্ৰপাত পৰি জঠৰ হোৱা মানুহ।

চকলং (বি). আহোম বিয়া পদ্ধতি।

চতুৰানন (বি). ব্রহ্মা।

চৰজমিন (বি). স্থানীয় তদন্ত।

চৰণ (বি). ভৰি।

চচি্ৰ্চ (বিণ). আলোচনা কৰি।

চাটুকাৰ (বি). ছলাহী কথাৰে আনৰ অন্তৰ জয় কৰা মানুহ, স্তাৱক । 

চিকুণ (বিণ). সুন্দৰ।

চিকুট (ক্ৰি). দুই নখেৰে চেপি ধৰি দুখ দিয়া।

চিন্ময় (বিণ). চৈতন্য স্বৰূপ।

চিয়াৰ (বি). সংকেত, ইঙ্গিত।

চুপহি (বি). ফুলৰ নুফুলা কলি।

চৰ্চমৈ (বিণ). ভাঙি  ছিঙি চুৰমাৰ কৰা।

চেৰেমা (বিণ). ক্ষীণ।

চেলেপু (বিণ). চঞ্চল, অতিপাত কথকী।

চিৰস্তাদাৰ (বি). কাছাৰীৰ একোটা বিভাগৰ মুৰববী কৰ্মচাৰী।

চন্দুক (বিণ). ধন-সোণ নাইবা নথিপত্ৰ আদি ভালদৰে সুৰক্ষিত কৰিবলৈ কাঠ বা ধাতুৰে সজা পেৰা।

চণ্ড (বি). খং, বৰ খঙাল। 

চতুৰালি (বি). চাতুৰী

চুবুৰি (বি). সামাজিক বান্ধোনেৰে বন্ধনযুক্ত ওচৰা-ওচৰিকৈ থকা কেইঘৰমান মানুহৰ গোট।

চাৰু উজ্জৰিত (বিণ). সুন্দৰ উজ্জ্বল।

চালিতে (ক্ৰি. বিণ). এচলীয়া ঘৰত।

চাৰি আশ্ৰম (বি). ব্রহ্মচাৰ্য, গাৰ্হস্থ, বানপ্ৰস্থ আৰু সন্ন্যাস।

চাণ্ড (ক্ৰি. বিণ). জোৰকৈ। 

চিয়ঁৰী (বি). সংকেত চিহ্নৰ বাবে পুতি থোৱা খুটা।

চাৰি মুঠি জীৱ (বি). উৰণ, বুৰণ, ভ্ৰমণ আৰু গজন -এই চাৰি প্ৰকাৰৰ জীৱকে ‘চাৰি মুঠি জীৱ’ বুলি কোৱা হয়।

চোৰ চাতুৰীয়ে (ক্ৰি. বিণ). ছলে-কৌশলে।

চোৰি (ক্ৰি). পৰিহাৰ কৰা। 

চতুৰবয়ন (বি). চাৰিখন মুখ। 

চৰ্চা (বি). অভ্যাস, অনুশীলন।

চকু (বি). নয়ন, আঁখি।

চেষ্টা (বি). প্ৰয়াস।

চিঞৰ (বি). আটাহ।

চন্দ্ৰতাপ (বি). ডাঙৰ লোক বহা বা দেৱতাৰ মূৰ্তি থোৱা ঠাইৰ ওপৰত তৰা কাপোৰ ।

চাৰু (বি). সুন্দৰ, ধুনীয়া, মিহি।

চিকুন (বিণ). মিহি, সুন্দৰ।

চিচা (বি). আইনা।

চেলেং (বি). গৰমকালি গাত মেৰিয়াই লোৱা এতৰপীয়া পাতল কাপোৰ।

চেলা গিৰিপথঃ অৰুণাচল প্ৰদেশত চীনা সীমান্তত থকা এটি গিৰিপথ। 

চোঁৱৰ (বি). চামৰ (মুঠিকৈ বন্ধা চুঁৱৰী পহুৰ নেজৰ নোম)।

চিভিল-পিনাল-ক’ডঃ দেৱানী দণ্ড বিধি আইন।

চৈতন্য (বি). চেতনা, জীৱনী শক্তি।   

চৌপৰ (বি). চাৰি প্ৰহৰ। 

চৌদান্ত (বিণ). মহাবলবান।

চ্যুত (বিণ). পতিত।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

ছ 

ছন (বি). বিয়পি পৰা।  

ছন্ন (বি). ধবংস, নষ্ট। 

ছব্‌ জজ (বি). উপ বিচাৰতি। 

ছত্ৰপতি (বি). সম্ৰাট, ৰজা।

ছত্ৰভংগ (বি). ৰজাৰ ৰাজ্য নাশ, ৰাজভগন।

ছন্নমতি (বিণ). বুদ্ধি নাশ, যাৰ মূৰৰ বিকাৰ হৈছে।

ছয়ৰিপু (বি). কাম, ক্ৰোধ, লোভ, মোহ, মদ আৰু মাৎসৰ্য্য।

ছলহা (বিণ). অনৰ্থক কথা কৈ ফুৰা।

ছলাহ (বি). ছলনা।

ছৱাল (বি). ল’ৰা।

ছোহোৰা (বি).শুকান খেজুৰ ফল।

ছাতিয়াল (বি). ছতিয়না গছ।

ছাইন-পোস্ট (বি). পথৰ নাম আদি উল্লেখ থকা ফলক। 

ছায়া (ক্ৰি). চাই।

ছৰোদই (বি). ই হিন্দু ধৰ্মৰ এক বিশেষ শাস্ত্ৰ। এই শাস্ত্ৰৰ বিধানানুসৰি নাকৰ বিন্ধাইদি বায়ুৰ প্ৰবাহ অধ্যয়ন কৰি ভৱিষ্যত নিৰ্ণয় কৰা এবিধ বিদ্যা

ছানি (বিণ). আৱৰি।

ছকঠীয়াখনি (বি). গাত লোৱা আলোৱান। 

ছত্ৰ (বি). ছাতি, জাপি।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

 

জনাকীৰ্ণ (বিণ). মানুহেৰে ভৰা।

জলক (বি). দ্বীপ্তি, চমকীয়া পোহৰ।

জঙ্কট (বি). সংকট।

জগড়া (বি). কাজিয়া, বিবাদ।

জটায়ু (বি). এবিধ ডাãৰ চৰাই।

জতুৱা (বিণ). নিজৰ জাতত থকা, বিজতৰীয়া নোহোৱা।

জধলা (বিণ). অপৰিস্কাৰ, লেতেৰা।

জনাৰ্দ্দন (বি). বিষ্ণু।

জম্বুক (বি). শিয়াল।

জয়ধ্বজা (বি). জয় পতাকা, গৌৰৱৰ চিহ্ন।

জৰৌৰৱা (বিণ). বহুত ফুটা থকা।

জলধি (বি). সাগৰ।

জকা (বি). পিতল আদিৰ বৰ ডাãৰ টৌ।

জলন্ধৰ (বি). গাৰ তেজ গুচি পানী হোৱা ৰোগ, শোথ ৰোগ।

জলৌজপৌ (বিণ). কাপোৰ-কানি পিন্ধাত অপৰিপাটি।

জান (বিণ). জুৰি, নিজৰা

জাঁই (বি). মাইকী মেকুৰী।

জাঁজৰি (বি). পানীত ভাঁহি অহা কাঠ বা খাগৰি।

জাতিস্মৰ (বিণ). যাৰ পূৰ্বজন্মৰ কথা মনত আছে।

জামাতা (বি). জোঁৱাই, কন্যাৰ স্বামী।

জাহিল (বিণ). মূৰ্খ, অনাচাৰী।

জাহ্নবী (বি). গঙ্গা নদী।

জাসে (ক্ৰি). জাহ যায়। 

জিঁজিৰ (বি). শিকলি।

জিঘাংসা (বি). বধ কৰিবৰ ইচ্ছা।

জেওৰা (বি). খেতি পথাৰৰ চাৰিওপিনে বাঁহেৰে দিয়া বেৰ।

জীৱনৰ নিযুতি (বি).  নিশ্চুপ, নিতাল।

জীৰ্ণ-শীৰ্ণ-দীৰ্ণ (বিণ). নিঃকিন অৱস। 

জজমেন্ট (বি). ৰায়। 

জাঁত-জাঁত (বি). ছেও, শব্দ বিশেষ। 

জমি (বি). মাটি। 

জন্মান্তৰ (বি). এই জন্মৰ বা পাছৰ কোনো জন্ম।

জোৰোণ (বি). বিয়াৰ আগতে দৰাৰ ঘৰৰ পৰা কইনালৈ বুলি পঠোৱা বস্ত্ৰ, অলংকাৰ আৰু বিবিধ সম্ভাৰ।

জেউতি (বি). পো হৰ

জোটাপুটি লগা (বি). টনা-আঁজোৰা লগা। এটাক আনটোক খামুচি ধৰি থকা অৱস্থাত কৰা  টনাটনি।

জাকাত (বি). মুছলমানসকলে প্ৰতি বছৰে ৰমজান মাহত নিজৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ এক ভাগ দুখীয়াক দিয়া দান।

জাতক (বি). বুদ্ধদেৱৰ পূৰ্বজন্মৰ কাহিনীৰে পূৰ্ণ এখন ধৰ্মীয় পুথি। ই পালি ভাষাত ৰচিত।

জনাৰ্দ্দন (বি). দুষ্টজনক অৰ্দন বা পীড়ন কৰে কাৰণে কৃষ্ণক জনাৰ্দ্দন বোলে।

জলাঞ্জলিহীন (বি). যাৰ উদ্দেশ্যে তৰ্পন কৰা নহয়।

জুড়াৱল (ক্ৰি). শান্ত হ’ল।

জড় (বিণ). অচেতন, জীৱহীন।

জনেৰ. জনৰ

জেঠেৰী (বি). ঘৈনীয়েকৰ ককায়েক।

জাতি (বি). কুল, বংশ। কোনো এক ভূখণ্ডত সাধাৰণতে একে ভাষা, ধৰ্ম-সংস্কৃতিৰে বসবাস কৰা জনসমষ্টি।

জাহ যোৱা (ক্ৰি). জীন যোৱা, মিলি যোৱা।

জাকৰুৱা (বিণ). জাকপাতি থকা

জঁয় (বিণ). ম্লান, মৰহি যোৱা।

জুৰাই (বিণ). শাঁত পেলাই।

জননী (বি). মাতৃ, মা, জন্মদাত্ৰী।

জৈচন (ক্ৰি. বিণ). যেনেকৈ।

জনৌকা (বি). জোনাকী পৰুৱা।

জীৱনৰ বিদ্যুৎ (বি). জীৱনৰ প্ৰাণশক্তি।

জাঁজি (বি). উঠি অহা বস্তুৰ থূপ (খাগৰিৰ থূপ)। 

জীৱাষ্ম (বি). শিলা হৈ থকা উদ্ভিদ বা প্ৰাণী। 

জলৰ দেৱী নীয়ৰী(বি). কবিয়ে নিয়ৰক জলৰ দেৱী বুলি কল্পনা কৰিছে। 

জয়শ্ৰী (বি). শত্ৰুক পৰাজয় কৰাৰ পৰা হোৱা সৌভাগ্য।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

ঝঙ্কাৰি (বি). ঝঙ্কাৰ শব্দ, ধ্বনি।

ঝাণ্ডা (বি). পতাকা।

ঝাস (বি). জাহ। 

ঝাঝৰ (বি). এবিধ কাঁহৰ বাদ্য।

ঝৰ্ণা (বি). নিজৰা।

ঝৰিল (ক্ৰি. বিণ). ওলাই আহিল।

ঝলক (বিণ).পোহৰৰ জিলিকনি।

ঝামৰ (বিণ). মলিন।

ঝান্টে (ক্ৰি. বিণ). সোনকালে।

ঝূলন (বি). দোলন।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

ট 

টলমল (ক্ৰি,  ক্ৰি. বিণ). ইফাল-সিফাল কৰা, অস্থিৰ দীপ্তি, জ্বলমল। 

টনা (বি). দুই মূৰ মোনাৰ দৰে সীয়া এৰীয়া গামোচা।

টলৌ-টলৌকৈ (ক্ৰি. বিণ). অস্থিৰভাৱে।

টংকৰ (ক্ৰি). ভবা-চিন্তা কৰা।

টকলা (বিণ). মূৰ চুলি নথকা।

টকচা (ক্ৰি). আজি দিম বা কালি দিম বুলি  ভাব।

টকলিয়া (ক্ৰি). টকালি মাৰ, তালুত জিভাৰে শব্দ কৰ।

টঙা (ক্ৰি). হাত ভৰি জোকাৰি দিয়া, বেমাৰৰ পৰা সুস্থ হোৱা।

টঙালি (বি). কঁকালত বন্ধা এবিধ দীঘল কাপোৰ।

টপাটপ (ক্ৰি. বিণ). লৰালৰিকৈ।

টহল দিয়া (ক্ৰি). সকলো ঠিকে আছে বুলি ঘূৰা-ফিৰা কৰি পহৰা দিয়া।

টাটকা (বিণ). নতুন,সবুজ।

টিকচি উঠ (ক্ৰি). হঠাৎ অতিপাত খং কৰা।

টিং (বি). শিখৰ।

টিপয় (বি). চাহ জলপান আদি পৰিবেশনৰ বাবে ব্যৱহাৰ কৰা তিনিটা খুৰা থকা মেজ।

টিপ (বি). কথা বুজাবৰ বাবে কৰা চকুৰ সঞ্চালন।

টীকা (বি). টিপ্পনী, কোনো শব্দৰ সংক্ষেপ ব্যাখ্যা।

টুট (ক্ৰি). হ্রাস পোৱা।

টুটকীয়া (বিণ). লোকৰ কথা লগাই ফুৰা, দুৰ্নাম কৰোতা।

টুলুঙা (বিণ). অস্থিৰ, পাতল।

টেঙেচী (বিণ). সামান্য টেঙা।

টেটন (বি). প্ৰৱঞ্চক, প্ৰতাৰক।

টোটক (বি). আগত নথকা লোকৰ বিৰুদ্ধে সঁচাই-মিছাই কথা কৈ দুৰ্নাম কৰা লোক।

টোকোন (বি). আঘাত কৰিবলৈ ব্যৱহাৰ কৰা মাৰি।

টেমপেস্ট (বি). ইংৰাজ কবি উইলিয়াম শ্বেক্সপীয়েৰৰ এখন নাটক।

টোল (বিণ). ঘৰ-বাৰী, সংস্কৃত পঢ়াশালি।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

 

ঠকনা (ক্ৰি). আঘাত কৰ।

ঠগা (বি). পুথি থোৱা এঠেঙ্গীয়া কাঠৰ যতন।

ঠটা (বিণ). উদং আৰু টান।

ঠাচ (বি). আকাৰ, গঢ়, ৰূপ।

ঠাৱৰ (বিণ).নিশ্চয়, স্থিৰ, ঠিক।

ঠামে. ঠাইত।

ঠিহা (ক্ৰি). সৰু ঠাইত অধিক বস্তু হেঁচি সুমা।

ঠেও (বি). ছেও ধৰি মতা মাত।

ঠেৰেঙা (বিণ). চেঁচা হৈ অৱশ হোৱা।

ঠেহেপচ (ক্ৰি). বেজাৰ পাই মনে মনে কৰা খং।

ঠোকোনা (বি). হাতেৰে লাহেকৈ মৰা ঠেলা বা হেঁচা।

ঠৌ-ঠৌৱা (বিণ). কাৰো গাত কেও নলগা, জৰ্জৰীয়া।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

ড 

ডৰীয়া (বি). সূতা নকটা তাঁতৰ কাপোৰ। (ইয়াত ফুলাম অৰ্থত ব্যৱহাৰ হৈছে)।

ডংডঙ্গীয়া (বিণ). ডাঙৰ, দীঘল আৰু শকত।

ডকডকীয়া (বিণ). নতুন আৰু সতেজ।

ডকা (ক্ৰি). আগলৈ খেদা।

ডঙুৱা (বিণ). ল’ৰা-ছোৱালী নথকা, অকলশৰীয়া।

ডাকল (বিণ). ভয়ানক।

ডাঙ্কা (বি). দুৰ্নাম, বদনাম।

ডাকুৰ (বি). ছাগলীৰ ডিঙিত পথালিকৈ আৰি দিয়া মাৰি।

ডাক (ক্ৰি).  মাত।

ডাঙৰি (বি). ধানৰ সৰু সৰু মুঠি একেলগ কৰি বন্ধা ডাঙৰ মুঠা। 

ডিঙা  (বি). পানচৈ নাও, সৰু নাও।

ডিঠক, দিঠক (বি). চেতন অৱস্থা।

ডুগি (বি). ধান, চাউল আদি থোৱা সৰু পাচি।

ডেকুৰ (বি). জন্তুৰ ভৰিত বান্ধি দিয়া চুটি জৰী।

ডেকেৰুৱা (বিণ). ডেকা বয়সৰ।

ডোং, ডোঙা (বি). সৰু খাল।

ডেই-পুৰি মৰ্ (ক্ৰি). জ্বলি-পকি মৰ।

ডৰে (বিণ). ভয়তে।

ডোঙা (বি). পানী থকা সৰু খাল, খাৱৈ।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

ঢকা (বি). মেলা হাতেৰে কৰা চাপৰ বা আঘাত।

ঢঙ (বি). বিলাস, ধেমালি।

ঢাকলি (বি). ফাঁকি, প্ৰৱঞ্চনা।

ঢাণ্ডী (বিণ). খকুৱা, ৰাক্ষসী; ঘূৰি ফুৰা তিৰোতা।

ঢাপলি (বি). জন্তুৰ লৰ।

ঢাৰি-পাটি (বি). বিছনা।

ঢেকেৰ ঢেকেৰ গাড়ী. লাহে  লাহে চলা গাড়ী।

ঢিপ (বি). মাটিৰ হাঁফলু।

ঢেঁকী (বি). ধান বনা আৰু শস্য খুন্দা কাঠৰ যতন।

ঢেকুৰা (বি). মতা কুকুৰ।

ঢেমনি (বি). ৰক্ষিতা, বিয়া নকৰাকৈ ভাৰ্যাস্বৰূপ ৰখা তিৰোতা।

ঢেৰাঢেৰ (বিণ). প্ৰচুৰ, অপৰ্যাপ্ত।

ঢেলা (বিণ). হেতা, নিস্তেজ।

ঢোৰোহা (বিণ). বৰকৈ ওফন্দা, ওলমি পৰা।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

তনু (বি). শৰীৰ।

তদাৰক (বি). চোৱা-চিতা কৰা কাম। 

তথি. তালৈ।

তটৰেখা (বি). সাগৰ বা বৃহৎ জলভাগৰ কাষত থকা স্থলভাগ।

তভক মাৰি. তধা লাগি।

তম্ভিয়োক. ৰওক।

তন্দ্ৰা (বি). টোপনি, নিদ্ৰা।

তৰা-জৰী (বি). তৰা গছৰ জৰী।

তৰুণ (বিণ). ডেকা, যুৱা

তমাল (বিণ). ডাঠ ক’লা বাকলিৰে এবিধ গছ।

তৎপশ্চাৎ (ক্ৰি. বিণ). তাৰ পিছত। 

তপোবন  (বিণ). ঋষি-মুনিসকলে তপস্যা কৰা আশ্ৰম।

তথ্য ভিত্তিক. তথ্যৰ ওপৰত প্ৰতি¿‡ত।

তৰণে. পাৰ হ’বলৈ। 

তহিতে. তাত। 

তৰি. পাৰ হৈ। 

তত্ত্ব (বি). মূল সত্য।

তৰুমূল শ্লোক. শ্ৰীমদ্ভাগৱতৰ চতুৰ্থ স্কন্ধৰ ৩৯ অধ্যায়ৰ ২৪ সংখ্যক শ্লোক।

তংকৰ (ক্ৰি). মনোযোগ কৰ, কাণ কৰ।

তঁক (বি). অকস্মাৎ বেছিকৈ উঠা খং।

তঞ্চক (বি). প্ৰৱঞ্চক।

তট (বি). পাৰ, কূল।

তড়িত (বি). বিদ্যুৎ, বিজুলী।

তটিনী (বি). নৈ।

ততাভুকুতা (বি). বৰ লৰালৰি অৱস্থা।

তততুল্য. তেনেকুৱা।

তথাস্তু (অব্য). সেইদৰে হওঁক।

তদ্দণ্ডে (বিণ). তেতিয়াই।

তদ্দাৰা (অব্য). তাৰ দ্বাৰা।

তদ্দৎ (অব্য). সেইদৰে, সেই নিচিনা।

তনয় (বি). পুত্ৰ।

তন্মাত্ৰ (বি). মূল পদাৰ্থ যি বস্তুৰ পৰা আন বস্তু উৎপন্ন হয়।

তন্বী (বি). সুন্দৰী তিৰোতা।

তপচিল (বি). তালিকা, বিস্তাৰিত বিৱৰণ।

তফাৎ (বি). প্ৰেভদ, দূৰত্ব।

তবহু (ক্ৰি. বিণ). তথাপিও।

তমলুৱা (বিণ). কুমলীয়া।

তমস্কাৰ (বিণ). পৰিপাটি, পৰিস্কাৰ।

তমাম (বিণ). সমস্ত।

তৰঙ্গনী (বি). নৈ।

তৰণি (বি). উদ্ধাৰ, পৰিত্ৰাণ।

তৰ্দ্ধনি (বি). টানত পৰি বিবুদ্ধি হোৱা অৱস্থা।

তল্প (বি). শৰ্যা।

তাকেৰি (সবৰ্ব). তেওঁৰ।

তাগজ (বি). সাহস।

তাজ্জব (বি). আশ্চৰ্য।

তাপস (বি). তপস্বী।

তামৰস (বি). পদ্ম।

তালিম (ক্ৰি). অনুশীলন কৰা, আখৰা কৰা।

তাৰি. উদ্ধাৰ কৰি। 

তাণ্ডৱ নৃত্য. উদ্ধত নৃত্য।

তাপ (বি). দুখ।

তামীঘৰা (বি). তম্বু।

ত্ৰাণ (বি). উদ্ধাৰ

তাসম্বাক (সবৰ্ব). তেওঁলোকক।

তাপিত (বিণ). দুঃখিত, সন্তাপিত। 

তাবেদাৰ (বি). অনুচৰ, অনুসৰণকাৰী। 

তান্ত্ৰিক ধৰ্ম. প্ৰাচীন তন্ত্ৰৰ ওপৰত প্রতিষ্ঠিত হিন্দু ধৰ্ম। 

ত্ৰিকালজ্ঞ (বি). ত্ৰিকাল অৰ্থাৎ অতীত, বৰ্তমান, ভৱিষ্যত কালৰ বিষয়ে যিসকলে জানে।

ত্ৰিজগত পতি. স্বৰ্গ, মৰ্ত্য, পাতাল: এই তিনি জগতৰ অধিকাৰী, ভগৱান শ্ৰী কৃষ্ণ। 

তিৰ্য্যক (বিণ). বেঁকা।

তিলোত্তমা (বি). অতি উত্তম।

ত্ৰিলোক (বি). স্বৰ্গ, মৰ্ত্য আৰু পাতাল। 

তেজি (ক্ৰি). ত্যাগ কৰি।

তেজহ (ক্ৰি). ত্যাগ কৰা।

তেনয় (বিণ). তেনেকুৱা।

তেজ (ক্ৰি). ত্যাগ কৰা। 

তেনেৱা (ক্ৰি. বিণ). তেনেকুৱা।

তেৰা (সবৰ্ব). তোমাৰ (মান্যাৰ্থত)।

তেবাটা (বি). তিনি বাটৰ সংযোগস্থল।

তেৰেচী (বি). তিনি বছৰৰ অন্তৰে অন্তৰে পোৱালি দিয়া গাই।

তেহ্নয়. তেনেকুৱা।

তেউ হালধীয়া. তেল হালধীয়া, পাতল হালধীয়া।

তিৰবণী (বি). ত্রিবেণী (গংগা, যমুনা আৰু স্বৰস্বতী নদীৰ  সংগম স্থল। স্থানখনক হিন্দুসকলে পবিত্ৰ বুলি গণ্য কৰে)। 

ত্ৰিকূট. ৰামায়ণ কাব্য অনুসৰি লৱণ সমুদ্ৰৰ মাজত থকা পৰ্বত। ইয়াৰ ওপৰত লংকা নগৰ প্রতিষ্ঠিত হৈছে।

তুষাৰ (বিণ). বৰফ।

তুল (বি). তুলনা।

তুমিসে. তোমাৰ।

তোৰণ-দ্বাৰ (বি). পদূলিমুখত বা আলিবাটত নিৰ্মাণ কৰা ওখ সুসজ্জ্বিত দুৱাৰমুখ।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

থতমত (বি). হতবুদ্ধি, কিংকৰ্তব্যবিমূঢ়।

থাউকতে (ক্ৰি. বিণ). একেলগে, এবাৰতে।

থাপনা (বি). সেৱা-পূজা আদি কৰিবলৈ পাতি লোৱা ওখ বেদী।

থিয়ৈ মৰা (বি). মহাবিপদত পৰা অৱস্থা।

থিত (বিণ). স্থিৰ, ধীৰ, স্থিতি, অৱস্থান। 

থিক. আছে।

থ্ৰিলাৰ (বিণ). উত্তেজনা সৃষ্টিকাৰী বা দুঃসাহসিক কাহিনী।

থুঃ (অব্য). ঘিন বা তুচ্ছ কৰা মাত।

থুলন্তৰ (বিণ). মঙহাল. হূষ্ট-পুষ্ট।

থেৰোগেঁৰো (বিণ). ইতস্ততঃ, হোহোকা-পিছলা।

থেঙ্গেনা (বিণ). গালি। 

থেতাল (বিণ). খুন্দি চেপেটা কৰা।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

দশন (বি). দাঁত।

দন্দ (বি). কাজিয়া।

দৰশন (বি). দৰ্শন, সাক্ষাৎ।

দৰিয়া (বি). সাগৰ।

দখিন ভূজ (বি). সোঁ বাহু।

দগধ (ক্ৰি). পোড়া । 

দংদঙাই (বিণ). একো ভয় সংশয় নকৰাকৈ, উদণ্ডভাৱে।

দগাবাজ (বিণ). বৰ দুষ্ট।

দপাল (ক্ৰি). মহতালি দেখুৱাই দমাই ৰাখ।

দমৰা (বি). মতা গৰু পোৱালি।

দয়দস্তৰ (বি). সামাজিক নীতি নিয়ম।

দস্তৰ (বি). চলি অহা নীতি-নিয়ম।

দস্যুতা (বিণ). ডকাইতি। 

দৰ্শন (বি). জীৱজগত আৰু বিশ্বব্রহ্মাণ্ড সম্পৰ্কে তত্ত্বজ্ঞান।

দণ্ডৱতে (বিণ). দণ্ড বা মাৰি এডালৰ নিচিনা পৰি গৈ।

দৃশ্যান্তৰ (বি). অন্য দৃশ্য।

দুৰ্দিন (বি). কুদিন, দুখৰ দিন।

দুৰ্মদ (বিণ). অতি পৰাক্ৰমী, দুৰ্ধৰ্ষ। 

দক্ষিণ হাত (বি). সোঁহাত। 

দাশৰথী ৰাম (বি). দশৰথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰ।

দাহ (ক্ৰি). দহন (পোৰা কাৰ্য)। 

দাখৰ (বি). খড়্‌গ, তৰোৱাল।

দাই (বি). জগৰ, অপৰাধ।

দাখৰ (বি). খড়্‌গ, তৰোৱাল।

দাদৰা (বিণ). কঠোৰ, টান।

দাক্ষিণ্য (বি). দয়া, আনুকুল্য।

দিবাভাগে (বিণ). দিনৰ ভাগত।

দিদৃক্ষু (বিণ). দেখিবলৈ ইচ্ছা কৰা।

দিহাদিহি (বিণ). নানা ঠাইলৈ, নিজৰ নিজৰ ঠাইলৈ।

দুতী (বি). দ্বিতীয়।

দীপক সুৰ (বি). ভাৰতীয় সঙ্গীতৰ ৰাগ বিশেষ।

দিবাস্বপ্ন (বি). অবাস্তৱ কল্পনা।

দুৰ্নিবাৰ (বিণ). দুৰ্বাৰ, বাধা দিব নোৱাৰা।

দুতয় (বি). দ্বিতীয়।

দুৰাকাঙ্খা (বি). দুৰ্লভ বস্তু পোৱাৰ বাবে কৰা আশা, নিন্দনীয় আশা।

দুৰ্ম্মদ (বিণ). দুৰ্দ্ধৰ্ষ, উন্মত্ত।

দুষ্কৰ (বিণ). কৰিবলৈ টান, দুঃসাধ্য।

দুবিৰ্বনীত (বিণ). বিনীত নোহোৱা, অভদ্ৰ।

দেওধাই (বি). আহোমসকলৰ এক শ্ৰেণীৰ পুৰোহিত।

দেখল (ক্ৰি). দেখিলোঁ।

দেৰাজ (বি). আলমাৰি বা মেজৰ ভিতৰৰ টানি উলিয়াব পৰা বাকচ।

দৃষ্টি বলাই চান্ত. দৃষ্টি প্ৰসাৰিত কৰি চালে।

দেখন্ত, দেখিলন্ত (ক্ৰি). দেখিলে।

দুৰ্বহ (বিণ). বহন কৰা কঠিন, অসহ্য।

দেশান্তৰ (বি). অন্য দেশ

দিব্যাঙ্গনা (বি). সৰগৰ তিৰোতা।

দোহৰা (ক্ৰি). আকৌ কোৱা।

দুনাই (বিণ). দ্বিতীয়বাৰ।

দুৰ্গম (বিণ). যাবলৈ কঠিন বা কষ্টকৰ।

দিগন্ত (বি). আকাশৰ সীমা।

দন্ত (বি). দাঁত। 

দ্যুতি (বি). উজ্জ্বলতা।

দোলে (ক্ৰি). দুলি থাকে, লৰি থাকে।

দিব্য (বি). স্বৰ্গীয়।

দুৰূহ (বিণ). বুজিবলৈ টান।

দেৱা (বি). দেৱতা।

দুষ্মন্ত (বি). এজন ৰজা, শকুন্তলাৰ স্বামী।

দুৰাৰূহ (বিণ). উঠিবলৈ বা বগাবলৈ কঠিন।

দায়া (বি). দয়া। 

দেৱযোনি (বি). উপদেৱতা, ভূত-প্ৰেত আদি।

দাৰুণ (বিণ). ভয়ানক, প্ৰৱল। 

দৌহিত্ৰ (বি). জীয়েকৰ পুতেক।

দ্ৰুম (বি). বৃক্ষ, গছ।

দ্ব্যৰ্থ (বিণ). দুটা অৰ্থ থকা, জটিল ।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

ধক্‌ (বি). লাজ, অপমান।

ধপলা (বিণ). ডাঙৰ আৰু বহল।

ধর্তব্য (বিণ). ধৰিবলগীয়া, বিবেচ্য।

ধৰ্ম (বি). ধৰম।

ধৱল (বিণ). বগা।

ধ্বংসল (ক্ৰি). ধবংস কৰিলে। 

ধাম (বি). পবিত্ৰ ঠাই।

ধানুকী (বি). ধনুৰ্দ্ধৰ বীৰ।

ধিতিঙা (বিণ). কাম নকৰি গা ঘেলাই ফুৰা।

ধুৰুপ (বি). সত্য, নিশ্চয়।

ধুৰন্ধৰ (বিণ). কাৰ্যকুশলী, কৌশলেৰে কাম কৰাত পাকৈত।

ধূপল (বি). খৰাং বতৰ।

ধ্যেয় (বিণ). ধ্যানযোগ্য, স্মৰণযোগ্য।

ধী-শক্তি (বি). বুদ্ধি বা মেধাৰ ক্ষমতা।

ধেনু¸(বি). গাখীৰতী গাই। 

সৰল  অসমীয়া অভিধান । Assamese Dictionary

নৰা (বি). ধাই নিয়া ধানৰ পথাৰত ৰৈ যোৱা গা-গছৰ অংশ।

নটুৱা (বি). মতা বা তিৰোতাৰ বেশ লৈ নচা ল’ৰা।

নপৰা (বিণ). নৰিয়াত পৰা।

নবী (বি). ঈশ্বৰৰ বাণী বহন কৰি আনোতা, মহাপুৰুষ। 

নৰক (বি). পাপীলোকৰ মৃত্যুৰ পিছত শাস্তি দিয়া ঠাই।

নকল-নবীছ (বি). আৰ্হি চাই কাকত আদি লেখা কেৰাণী।

নশ্বৰ (বিণ). অচিৰস্থায়ী, ক্ষণস্থায়ী।

নৱপল্লৱ পাদপদ্মকোশ. পাদপদ্মযুৰি কোমল পাত সদৃশ।

নন্দজায়া. নন্দৰজাৰ পত্নী।

নয. নহয়।

নপাৱন্ত. নোপোৱা।

নওৰোজ (বি). নৱবৰ্ষ, নতুন বছৰ। 

ন-জল না-স্থল. উপায়হীন অৱস্থা। 

নকৰ (বি). চাকৰ।

নঙলা (বি). পদুলি।

নজিৰ (বি). পূৰ্বদৃষ্টান্ত।

নজৰানা (বি). উপহাৰ।

নট্‌ (বি). নাচোতা।

নপুংসক (বি). ক্লীৱ, পুৰুষ শক্তি নথকা।

নবীচ (বি). লেখক।

নব্য (বিণ). নতুন।

নামত হোঙ্কৰা বুদ্ধিত পাগল. নামত মত্ত কিন্তু বুদ্ধিহীন।

নাৰঙ্গ (বি). কমলা টেঙাৰ গছ।

নাৱ (বিণ). নৌকা।

নাটে. নোজোৰে।

নামাজ (বি). মুছলামানসকলে প্ৰতিদিন পাঁচবাৰ আল্লাহক কৰা  প্ৰাৰ্থনা।

নায়েগ্ৰা (বি). এটি বৃহৎ  জলপ্ৰপাত।

নাশক (বি). নাশ কৰোঁতা।

নাকলিয়. নোলায়, নাভাবি।

নাগপাশ (বি). পুৰণি কালত ৰণত শত্ৰুক বন্ধা সাপৰ নিচিনা জৰী।

নাটনি (বি). অভাৱ, কম হোৱা।

নাকাল (বিণ). লাঞ্ছিত।

নামলব্ধ (বিণ). বিখ্যাত।

নাৰাজ (বি). ৰাজি নথকা, বেয়া পোৱা।

নালিচ (বি). অভিযোগ, মোকৰ্দমা।

নিলগ (বিণ). আঁতৰ, দূৰ।

নিৰ্মাণ (বি). প্ৰস্তুত কৰা কাৰ্য।

নিৰাশ্ৰয় (বি). যাৰ আশ্ৰয় নাই।

নিজাপী (বি). সম্পূৰ্ণ নিজৰ। 

নিৰগুণ (বিণ). সকলো গুণৰ ঊধৰ্বত। 

নিৰ্জনতাপ্ৰিয়. নিজান  পৰিৱেশ  ভালপোৱা।

নিকটে (ক্ৰি. বিণ). ওচৰতে।

নিদ্ৰমগ্ন (বিণ). টোপনিয়ে ধ’ৰা হেতুকে অলস।

নিনাদ (বি). ধ্বনি বা ডাঙৰ শব্দ।

নিৰুপমা (বিণ). অতুলনীয়। 

নিনাদ (বি). শব্দ। 

নিতম্ব কৃশ. কঁকালৰ তলৰ সৰু অংশ।

নিবৃত্তি (বিণ). বৈৰাগ্য পন্থা।

নিঝৰ (বি). নিজৰা।

নিধান (বি). সম্পত্তিৰ ভঁৰাল, বহুমূলীয়া বস্তু।

নিঃস্ব (বি). নিঃকিন, দৰিদ্ৰ।

নিষেধি. বাধা দি।

নিকুঞ্জ(বি). ফুল-লতাৰে আবৃত ঠাই।

নিশি (বি). ৰাতি, নিশা। 

নিন্দ (বি). নিদ্ৰা, টোপনি। 

নিৰ্বন্ধ(বি). বিধান, পূৰ্বৰ পৰা চলি অহা দস্তৰ।

নিয়মিত (বিণ). নিয়ম অনুযায়ী হোৱা, নিৰ্দিষ্ট, নিৰ্ধাৰিত।

নিয়মানুৱৰ্তিতা (বি). ধ’ৰা-বন্ধা নিয়ম মানি চলা কাৰ্য।

নিদ্ৰা (বি). টোপনি

নিকাৰ (বি). যন্ত্ৰণা।

নিঃশ্ৰেয়স (বি). মংগলহীন। 

নিথৰ (বিণ). নিশ্চল, নিস্তব্ধ।  

নিবৃতি (বি). বিৰতি। 

নিবিড় (বিণ). একান্ত, বৰ ঘন। 

নিষ্কাসন (বি). নিগৰণ, চেপি বা ঠেলি বাহিৰলৈ উলিওৱা কাৰ্য। 

নিজম (বিণ). নিস্তব্ধ। 

নিগাজী (বিণ). স্থায়ী। 

নিঃশঙ্ক (বিণ). ভয়হীন।

নিকুঞ্জ (বি). গছৰ লতাৰে সজোৱা ঘৰ।

নিগূঢ় (বিণ). গুপ্ত, ৰহস্যময়।

নিগ্ৰহ (বি). অনুগ্ৰহৰ অভাৱ, কষ্ট।

নিতান্তে (ক্ৰি. বিণ). সদায়।

নিতে (ক্ৰি. বিণ). প্ৰতিদিন।

নিদাঘ (বি). গ্ৰীষ্মকাল।

নিবন্ধ (বি). বন্ধ, লৰ-চৰ নকৰা।

নিৰঙ্কুশ (বিণ). অনিবাৰ্য, বাধাহীন।

নিৰন্তৰ (ক্ৰি. বিণ). একেলেথাৰিয়ে, ছেদ-ভেদ নথকা।

নিৰ্বাণ (বি). মোক্ষ, মুক্তি।

নিৰ্ঘণ্ট (বি). সূচী।

নিৰ্য্যাস (বি). সাৰ, ৰস।

নিলয় (বি). ঘৰ।

নিষ্কাম (বিণ). কৰ্ম কৰা কিন্তু ফলৰ প্ৰতি আশা নকৰা।

নিস্পৃহ (বিণ). স্পৃহা নথকা, আশা নথকা।

নীলিম (বি). নীলা।

নীল (বি). সীতা অন্বেষণ আৰু সাগৰত সেঁতু বান্ধোতে ৰামচন্দ্ৰক সহায় কৰা এজন সেনাপতি।

নীৰজ (বি). পদুম।

নীহাৰ (বি). নিয়ৰ, বৰফ।

ন্যুব্জ (বি). কুঁজা।

নূতন (বিণ). নতুন।

ন্যূন (বিণ). কম, যিমান লাগে সিমান নোহোৱা।

নেত পিচোৰা উজৰিত.পাটৰ মিহি উৰা কাপোৰেৰে উজ্জ্বলিত।

নৈসৰ্গিক (বিণ). বহিঃপ্ৰকৃতিগত, বহিঃপ্ৰকৃতি সম্বন্ধীয়।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

পৰভাত (বি). প্ৰভাত, ৰাতিপুৱা।

পৰিহৰি. ত্যাগ কৰি।

পতঞ্জলি (বি). যোগশাস্ত্ৰ ৰচনা কৰা এজন ঋষি; পাণিনি সূত্ৰৰ ভাষ্যকাৰ।  

পংক্তি (বি). শাৰী, শ্ৰেণী।

পইদা (বি). জন্ম।

পৰাণ (বি). প্ৰাণ।

পখী (বি). চৰাই।

পৰলোক (বি). মৃত্যুৰ পিছত জীৱ য’লৈ যায়, পৰকাল।

পষ (বিণ). পষেক (পোন্ধৰ দিনীয়া)।

পৰিপোষণ (বি). লালন-পালন, পোহপাল, প্ৰতিপালন।

পৰম্পৰা (বি). ধাৰা, অনুক্ৰম, চলি অহা ৰীতি-নীতি-বিশ্বাস আদি।

পতা-সোণ (বি). সোণাৰীয়ে পিটি পাতল কৰা সোণ।

পর্যবেক্ষণ (বি). নিৰীক্ষণ, ভালকৈ চোৱা।

পলুৰংগা (বি). কেঁচুমাটি, কণ কণ মাটিৰ দ’ম।

পয়োধি (বি). সাগৰ। 

পৰকাশ (বি). প্ৰকাশ। 

পল্লৱিত. কুঁহিপাত ধৰা।

পথৰুৱা (বিণ). পথত উৎপন্ন হোৱা।

পথাৰ (বিণ). প্ৰান্তৰ।

পঞ্চামৃত (বিণ). এৱাঁ গাখীৰ, দৈ, ঘিউ, মৌ আৰু চেনি মিহলাই কৰা পানীয়।

পহিলা (বিণ). প্ৰথম।

পদ্মিনী দিঘী. পদুম ফুলৰ পুখুৰী।

পৱন-নন্দন (বি). বায়ু দেৱতাৰ পুত্ৰ হনুমান।

পড়াক (বিণ). চুবুৰীৰ।

পদগতি (বি). খোজকাঢ়ি।

পৰাভৱ (বি). পৰাজয়।

পটলুন (বি). ঠেঙা, পায়জামা।

পণ্যাঙ্গণা (বি). বেশ্যা।

পত্তন (বি). নিৰ্মাণ, প্রতিষ্ঠা ।

পথিকৃত (বি). পথ দেখাওঁতা।

পনৰু (বি). পিঁয়াজ।

পৰমান্ন (বি). পায়স।

পৰশু (বি). কুঠাৰ।

পৰিনিষ্ঠা (বিণ). পাৰ্গত।

পৰিণয় (বি). বিয়া।

পহলং (বি). চিকাৰী।

পয়োধৰা (বি). মেঘ, ডাৱৰ, স্তন। 

পকাগুৱা (বি). পকা তামোল।

পৰিহৰি (ক্ৰি). পৰিত্যাগ। 

পশিলন্ত. সোমালহি¸।

পৰাৎপৰ. শ্রেষ্ঠতকৈয়ো শ্রেষ্ঠ, পৰম সত্য।

পকনীয়া (বি). নৈৰ সোঁতৰ পাক, চাকনৈয়া

পৰম্পৰাগত (বিণ). আগৰ পৰা চলি অহা।

পৰিপাট্য (বি). পৰিপাটি গুণ, সুশৃঙ্খলতা।

পঞ্চতত্ত্ব (বি). ভাৰতীয় সাংখ্য দৰ্শনৰ মতে পাঁচোটা মূল পদাৰ্থ, যথা-ক্ষিতি (মাটি), অপ্‌ (পানী), তেজ (অগ্নি), মৰুৎ (বায়ু) আৰু ব্যোম (আকাশ)।

পঞ্চতীৰ্থ (বি). গুৱাহাটীত থকা পাঁচোটা তীৰ্থ, যথা- কামাখ্যা, উমানন্দ, বশিষ্ঠ, অশ্বক্লান্ত আৰু শুক্লেশ্বৰ।

পঞ্চনদ (বি). শতদ্ৰু, বিপাশা, ইৰাৱতী, চন্দ্ৰভাগা, বিতস্ত আৰু পঞ্জাৱ।

পঞ্চামৃত (বি). একেলগে গোটোৱা এৱাঁ, গাখীৰ, দৈ, চেনি আৰু মৌ।

পেঞ্চাপচাৰ (বি). গন্ধ, পুষ্প, ধূপ, দীপ আৰু নৈবেদ্য।

পঞ্জৰ (বি). সজা, পিঞ্জৰা, বাঁহ।

প্ৰকৃত (বিণ). আচল। 

পৰিপন্থী (বিণ). বিৰোধী।

পৰিকাঠামো (বি). সা-সুবিধা। 

প্ৰভাত (বি). ৰাতিপুৱা।

প্ৰচণ্ড (বিণ). প্ৰবল, ভয়লগা।

প্ৰশমন (বি). নিবাৰণ। 

প্ৰতীতি (ণি). বিশ্বাস, ধাৰণা।

প্ৰবাল দ্বীপ. সাগৰত প্ৰৱাল নামৰ এবিধ প্ৰাণীৰ জঁকা জমা হৈ সৃষ্টি হোৱা দ্বীপ। 

প্ৰদূষণ (বি). দূষণ, নষ্ট হোৱা, জলবায়ু আদি দূষিত হোৱা কাৰ্য। 

প্ৰমোদ কানন. বিলাস-আমোদৰ বাগিছা।

প্ৰব্রজন (বি). এখন ঠাইৰ পৰা আন এখন ঠাইলৈ আহি বসবাস কৰা।

প্ৰতীক্ষা (বি). অপেক্ষা। 

প্ৰবৃতি (বি). প্রবৃত্তি, জন্মগত স্বভাৱ  ।

প্ৰবাহিত (বিণ). বৈ থকা।

প্ৰত্যাশা (বি). আশা, ভৰসা।

প্ৰত্যাহ্বান (বিণ). বাধা।

প্ৰয়াস (বি). পুৰুষাৰ্থ, চেষ্টা, যত্ন।

প্ৰকৃষ্ট (বিণ). উত্তম, শ্রেষ্ঠ। 

প্ৰণিপাত (বি). সেৱা।

প্ৰবন্ধে (ক্ৰি. বিণ). প্ৰচেষ্টাৰে।

প্ৰয়াসি. যত্ন কৰি।

প্ৰচণ্ড (বিণ). শক্তিশালী।

প্ৰতিভূ (বি). জামিন।

প্ৰক্ষাল (বি). ধোৱন, পখাল।

প্ৰাণ (বি). জীৱন।

প্ৰাচুৰ্য (বি). আধিক্য, উভৈনদী হৈ থকা অৱস্থা।

পৃষ্ঠপোষক (বি). হিতাকাংক্ষী, সহায়ৰ হাত আগবঢ়াওঁতা। 

পাতক (বি). পাপ, পাপী।

পাশ (বি). কাষ।

পাঞ্চালী (বি). দৌপদী।

পাৰত্ৰিক (বিণ). পৰকাল সম্পৰ্কীয়।

পাত্ৰ (বি). মন্ত্ৰী।

পাকঘৰ (বি). ৰান্ধনিঘৰ।

পাৰদৰ্শিতা (বি). পটুতা, নিপুণতা

পালপচা (বিণ). ধৰা-বন্ধাকৈ কৰা কোনো কামৰ নিৰ্দেশ।

পাহুৱাল (বিণ). শকত-আৱত, হৃষ্টপুষ্ট। 

পাইক (বি). আহোম যুগৰ এক শ্ৰেণীৰ সাধাৰণ মানুহ।

পাহাৰ (বি). পৰ্বত।

পাটমাদৈ (বি). প্ৰধান ৰাণী।

পাৱল. পালে।

পাত্ৰ. সাজ

পাশক (ক্ৰি. বিণ). ওচৰলৈ, কাষলৈ।

পাহি (বি). ফুলৰ সৰু পাপৰি।

পাকৈত (বিণ). পাৰ্গত, কামত নিপুণ।

পাচিলে. আদেশ দিলে।

পাদ্য (বি). ভৰি ধুবলৈ দিয়া পানী।

পাণ্ডিত্য (বি). পণ্ডিতৰ গুণ। 

পুৰি. পূৰ্ণ কৰি।

পুৰী (বি). নগৰ। 

পুছিলে. সুধিলে।

পুহাইল (ক্ৰি). পুৱাল।

পুৰুষানুক্ৰমে. এক পুৰুষৰ পৰা তাৰ পিছৰ পুৰুষলৈ চলি থকা। 

পুৰুষাৰ্থ (বি). যত্ন, চেষ্টা। 

পুত্ৰিকা (বি). কন্যা, ছোৱালী।

পুৰোধা (বি). পুৰোহিত।

পুষ্টাঞ্জলি (বি). হাতযোৰ।

পূৰিয়ে (বিণ). পূৰ্ণ কৰি।

পিয়াসী (বিণ). তৃষ্ণাতুৰ, পিয়াহত আতুৰ।

পিৰিয়ে-পিৰিয়ে: এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ।

পিতৃব্য (বিণ).  পিতাৰ ভাই, খুড়া।

পিযুষ (বি). মধু, মৌ। 

সলিলা:  নদী।

প্ৰিয়ম্বদা:  প্ৰিয়ভাষিণী, শকুন্তলাৰ এগৰাকী সখী।

পিপৰা (বি). পৰুৱা।

পিয়াল (বি). আঙুৰ গছ।

পেন্দুকণা (বি). কেঁচুৱা।

পোদ্দাৰ (বি). ৰাজভঁৰালৰ ধন-সম্পত্তিৰ হিচাপ ৰখা কৰ্মচাৰী।

পৈশন্ত. প্ৰৱেশ কৰা, সোমাল। 

পৈসল. প্ৰৱেশ কৰিলে, সোমালে।

পোনছাটেই (বিণ). একে কোবেই।

প্রৌঢ়ি. জনাজাত, ব্যক্ত ।

প্ৰাগৈতিহাসিক. ইতিহাসে ঢুকি নোপোৱা যুগ।

প্ৰাঞ্চিৰ (বি). প্ৰাচীৰ, দেৱালয়।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

ফই (বি). লেজু, ডাঙৰ জৰী।

ফইদা (বি). লাভ।

ফক্কৰ (বি). অনাৱশ্যক কথা কওঁতা।

ফচহু (বিণ). মূল্যহীন, মিছা কথা।

ফটুৱা (বিণ). চেলেবলীয়া, অকামিলা।

ফণধৰ, ফণী (বিণ). সাপ।

ফণীন্দ্ৰ (বি). সাপৰ ৰজা বাসুকী।

ফৰ্মাহী (বি). গণ্ডপ, ফুটনি।

ফষ্টি (বি). ভেম, গপ।

ফটিক (বিণ). স্বচ্ছ, পৰিষ্কাৰ।

ফচৌ (বি). আহোম ৰজাই মূৰত পিন্ধা বস্ত্ৰ বিশেষ।

ফৰিয়াদ (বি). গোচৰ, অভিযোগ। 

ফিতিৰা (বি). মুছলমানসকলে প্ৰতিবছৰে ৰমজান মাহত গাইপতি ১,৬৬৬ গ্ৰাম ঘেঁহু  বা তাৰ সমমূল্যৰ মুদ্ৰা দুখীয়াক আগবঢ়াব লাগে। ইয়াকে ফিতিৰা বোলে।

ফিৰত. ঘূৰি ফুৰা।

ফেঁহু (বি). ফেঁচু চৰাই।

ফেন যায় যায়. কঠোৰ পৰিশ্ৰমৰ বাবে মুখেৰে যেন ফেন বাহিৰ হয়। 

ফেচেৰা (বিণ). প্ৰসাৱৰ গোন্ধ।

ফৈৰাম (বি). দালাল।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

ব 

বক্‌চিচ (বি). পুৰস্কাৰ।

বক্‌ৰা (ক্ৰি). খোনা, থোকাথুকিকৈ কথা পাতা।

বদৰ.  বৰী গছ, এবিধ লতা।

বঙিয়া (বি). পথাৰৰ মাজেদি মানুহ যোৱা আলি।

বয়কট (বি). ত্যাগ কৰণ।

বল্লভ (বি). স্বামী, বন্ধু।

বল্লম (বি). যাঠী, বৰ্শা।

বঙহ. বংশ, গোত্ৰ।

বৰাব: বশ কৰিব। 

বক্তৃতা (বি). ভাষণ, সভাত কোৱা কথা। 

বৰ্ণ: বৰণ 

বঁকিয়া (বিণ). পথাৰত পানী ৰখাৰ বাবে লগতে মানুহ যাব পৰাকৈ বন্ধা সৰু আলি।

বৎস (বি).  পোৱালি।

বৰ্ণসঙ্কৰ (বি).  ভিন ভিন জাতিৰ স্ত্ৰী-পুৰুষৰ মিলনত জন্মা সন্তান।

বয়ন (বি).  মুখ,  ব্রহ্ম। 

বনপোৰা  জুই.  নিজে জ্বলি নিজেই নুমাই যোৱা হাবিৰ জুই। 

বৰ্দ্ধিত (বিণ).  বাঢ়া।

বল্কল (বি).  গছৰ বাকলি।

বন্তি (বি).  চাকি।

বৰ্ণাশ্ৰম (বি).  ব্রাহ্মণ, ক্ষৈত্ৰীয়, বৈশ্য আৰু শূদ্ৰ -এই চাৰি বৰ্ণ বা জাতিৰ ব্রহ্মচাৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস এই চাৰি আশ্ৰমৰ শাস্ত্ৰবিহিত ধৰ্ম।

বক্‌ৰিত (বি).  আল্লাহৰ উদ্দেশ্যে কোনো চাৰিঠেঙ্গীয়া জন্তু উছৰ্গা কৰি আয়োজন কৰা সমূহীয়া প্ৰাৰ্থনা অনুষ্ঠান।

বহুনা (বি).  হাতীৰ ডিঙিত মাউত বহা ঠাই।

বতৰ চাই কঠীয়া পেলা.  সুযোগ বুজি কাম কৰা।

বংশী (বি). বাঁহী

বসিচন্ত.   বহিছে।

বক্ষ (বি).  বুকু।

বজ্ৰ (বি).  বজ্ৰপাত।

বদন (বি).  মুখ।

বসুন্ধৰা (বি).  পৃথিৱী, ধৰিত্ৰী।

বৰভূঞা (বিণ).  ভূঞাসকলৰ শ্রেষ্ঠ।

বাত (বি).  বাৰ্তা।

বাতাস (বি).  বতাহ। 

বাইলুং (বি).  আহোমসকলৰ তিনিশ্ৰেণী পুৰোহিতৰ ভিতৰত একশ্ৰেণী।

বালাই লঞ.  বিপদ মূৰপাতি লোৱা।

বাহী গা. ৰাতিপুৱা স্নান নকৰা গা। 

বাৰিধি (বি).  সাগৰ.

বাপতি-সাহোন (বি). পৈত্ৰিক সম্পত্তি।

বাঘঢকা (বি).  দুয়োখন  হাত লগাই মৰা ডাঙৰ চাপৰ, পিঠিত গাৰ বলেৰে মৰা ঢকা। 

বাঁহতল (বি). বিশৃঙ্খল বা অশান্তিকৰ ঠাই।

বাপি (বি).  বোপাই।

বাঁহনি (বিণ). বাঁহ গছৰ বাৰী

বাতকৰ্ম, বাৎকৰ্ম্ম,বাধাকৰ্ম্ম  (বি).  নিষিদ্ধ কৰ্ম।

বাহু বক্ষস্থল অশ্বত্থৰ পত্ৰ.  বাহু আৰু বুকুখন আঁহতৰ পাতৰ নিচিনা।

বাগীশ (বি). কথা কোৱাত পাকৈত লোক, পণ্ডিত।

বাতায়ন (বি). খিৰিকী, গবাক্ষ।

বাৰঙ্গনা (বি). গণিকা, বেশ্যা।

বিক্‌চিনা (বিণ). ঘৃণা।

বিড়ম্বন (বি). বেশ, ভাও।

বিয়াগাম (বিণ). বৰ ডাঙৰ।

বিসম্বাদ (বি). বিবাদ, কাজিয়া।

বিসম্বাদী (বিণ). বিবাদী, বিৰুদ্ধবাদী।

বিদিত (বিণ).  জনা।

বিগুটিয়া (বিণ).  ঠাট্টা ।

বিষুৱণ (বি).  দিন-ৰাতি সমান হোৱা কাল। যজ্ঞ সম্পাদন কৰা এটা দিনৰ নাম।

বিষ্ণু ভকত (বি).  ঈশ্বৰৰ একান্ত সেৱক।

বিদ্যাভূষণ (বি).  বিদ্যাৰ অলংকাৰ। 

বিনীত (বিণ).  নম্ৰ, ভদ্ৰ, অহংকাৰহীন।

বিনোদ নৃত্য (বি).  আনন্দদায়ক নাচ।

বিদ্ৰূপ (বি).  ইতিকিং, উপহাস। 

বিমোহন (বি).  মোহিত কৰা কাৰ্য, মনোমুগ্ধকৰ। 

বিহাৰী (বি).  বিচৰণ কৰোঁতা। 

বিয়াগোম বিষয়া (বি).  ডাঙৰ বিষয়া।

বিনন্দীয়া (বিণ).  অতি ধুনীয়া, আনন্দপূৰ্ণ। 

বিলোকন (বি).  দৃষ্টি। 

বিস্তীৰ্ণ (বিণ).  বিশাল, বিপুল।

বিশ্ব শিল্পী মহাবিশ্বৰ (বিণ).  কাঠমিস্ত্ৰিক কবিয়ে বিশ্ব শিল্পী বুলি অভিহিত কৰিছে। 

বিশ্ব-গিৰি (বি). বিশ্বৰ গৰাকী, সৃষ্টিকৰ্তা।

বিশ্ব-খনিকৰ (বি).  বিশ্বভ্ৰমাণ্ডৰ সৃষ্টি কৰোঁতা। 

বিৰিঙা (বিণ).  অলপকৈ নিগৰি ওলোৱা।

বিলাসীৰ দল (বি).  লাহ-বিলাসত থকা ধনী শ্ৰেণী। 

বৃত্তি  (বি).  জীৱিকা, ব্যৱসায়।

বিভু (বি).  ঈশ্বৰ।

বিধি (বি).  নিয়ম, পদ্ধতি।

বিৱৰি (বিণ). বহলাই, বৰ্ণনা সহকাৰে। 

বিসৰ্জন  (বি). ত্যাগ। 

বিশ্বজনীন (বিণ). যি স্থান কাল ভেদে শুদ্ধ বা সত্য।

বিপদসংকুল (বিণ).  বিপদেৰে পৰিপূৰ্ণ।

বিনিময় (বি). সলনি। 

বিমোহিত  (বিণ). বিমুগ্ধ, অতিশয় মুগ্ধ।

বিজন (বিণ).  জনহীন।

বিন্ধা (বি). সুৰুঙা। 

বিটপী (বি). গছ, বিৰিখ।

বিৰিন্দা বিপিন (বি).  বৃন্দাবন। 

বিৰাল (বি).  মেকুৰী।

বিশ্বকৰ্মা (বি).  দেৱতাসকলৰ বিমান আৰু অলংকাৰ নিৰ্মাণ কৰা দেৱতা । তেওঁক শিল্পীসকলৰ ভিতৰত শ্রেষ্ঠ বুলিও কোৱা হয়।

বিভোল  (বিণ). আপোন পাহৰা

বিহানে (ক্রি  বিণ).  ৰাতিপুৱা।

বীজপুৰ (বি).  নেমুৰ দৰে এবিধ টেঙাৰ গছ।

বীৰৰস (বি).  ন প্ৰকাৰৰ ৰসৰ অন্যতম। 

বেকত হুয়া.  ব্যক্ত হৈ, আবিৰ্ভাৱ হৈ।

বেকাৰ  (বিণ).  নিবনুৱা।

বেগুণ্য (বি).  দোষ, অপৰাধ, হানি।

বৃন্দাবনচন্দ্ৰ (বি).  শ্ৰীকৃষ্ণ। 

বুলন (বি). খোজ। 

বুনিয়াদ.  েভটি।

বুৰঞ্জী (বি).  নজনা কথা জনাৰ ভঁৰাল (টাই ভাষাৰ শব্দ)।

ব্লেক  আউট (বি).  নিষ্প্ৰদীপ, পোহৰহীন। 

বেলি ঘড়ী (বি).  বেলি ফুল বা সূৰ্যমুখী ফুল। এই ফুল সূৰ্যৰ পিনে মুখ কৰি থাকে অৰ্থাৎ সূৰ্যৰ লগে লগে ঘূৰে। এই ফুলে ঘড়ীৰ নিচিনাকৈ সূৰ্য থকা স্থানলৈ সময় নিৰ্ণয় কৰে। সময়ৰ হিচাপ দিয়ে কাৰণে বেলি ফুলক ‘বেলি ঘড়ী’ বোলা হয়।

বেহাৰ (বি).  বেপাৰ। 

বেইঘৰ (বি).  কল-পটুৱাৰে সজা দৰা-কইনাক বিবাহ উপলক্ষে গা-ধোওৱা অস্থায়ী ঘৰ।

বেঙা-মেলি.  দীঘলকৈ খোজ দিয়া। ওপৰত থকা বস্তু আনিবলৈ বা চাবলৈ ভৰিৰ আঙুলিত ভৰ দি থিয় হোৱা।

বেলা ছোট হল. বেলি পৰি আহিল।

বৈনাই (বি).  ভনী জোঁৱাই।

বৈৰাগ্য, বিৰাগ (বি).  বিষয় বা ইন্দ্রিয়ভোগৰ প্ৰতি অনাসক্তি। 

বৈমাত্ৰ, বৈমাত্ৰেয় (বি). মাহীমাকৰ ল’ৰা।

বৌদ্ধধৰ্ম (বি).  গৌতম বুদ্ধই প্ৰচাৰ কৰা ধৰ্ম। এই ধৰ্মৰ মূলমন্ত্ৰ হ’ল- অহিংসা পৰম ধৰ্ম।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

ভৰাৰিডুবি (বি). ধুৱাহাটৰ ওচৰৰ এখন ঠাই।

ভঙ্গ মানল. পৰাজয় স্বীকাৰ কৰিলে।

ভকত (বি). ঈশ্বৰৰ উপাসক, কোনো সত্ৰত গোঁহাইৰ আশ্ৰয়ত থকা লোক।

ভঙুৱা (বি). ভাং খোৱা লোক।

ভতৰা (বি). নবন্ধাকৈ ৰখা মতা গৰু।

ভতাৰ (বি). স্বামী।

ভৱিতব্য (বি). ভৱিষ্যত ঘটনা।

ভৰি (বি). এতোলা পৰিমাণ সোন-ৰূপ আদিৰ জোখৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।

ভাণ্ডাৰ (বি). ভঁৰাল।

ভাস্কৰ (বি). উজ্জ্বলতা, দীপ্তি।

ভাকুট্‌কুটা. কাষলতিত সুৰসুৰণি তোল।

ভাস্কৰী বিদ্যা. শিলৰ মূৰ্তি আদি তৈয়াৰ কৰা বিদ্যা।

ভাটি (বিণ). উজনিৰ বিপৰীত, নৈৰ সোঁতৰ দিশ।

ভাস্কৰ্য্য (বি). শিল, ধাতু আদিৰে মূৰ্তি সজা বিদ্যা।

ভাগ্য-নিৰ্মাতা. ভাগ্যফলৰ গৰাকী।

ভিজিট (বি). ৰোগীৰ চিকিৎসাৰ বাবে ডাক্তৰক দিবলগীয়া মাননি। 

ভেজা (বি). কোনো বস্তুৰ ভৰ ৰাখিবলৈ লগোৱা ধৰণী, হেঁচা।

ভুজন্ত. খালে।

ভুজঙ্গ (বি). সাপ।

ভেজি. তিয়াই।

ভেঁজা(বি). ভৰ, হেঁচা

ভুজ বাসুকি প্ৰাই আজানুলম্বিত. আঁঠুলৈকে ওলমি পৰা দীঘল হাত দুখন বাসুকি নাগ সদৃশ।

ভূতত্ত্ব (বি). পৃথিৱীৰ আভ্যন্তৰ, পৃথিৱীৰ শিলাখণ্ড আদিৰ বিষয়ে অধ্যয়ন।

ভূত (বি). জীৱ, জগত সৃষ্টিৰ মূল উপাদান। 

ভূষণ (বি). অলংকাৰ। 

ভেৰোণ (বি). ভাৰা, কেৰেয়া। 

ভেলেঙ্গী (বি). মাইকী পহু।

ভেজি. তিয়াই। 

ভৈলোহো. হোৱা।

ভৈলা. হ’লা।

ভোল. মোহিত, বিষ্মিত আপোন পাহৰা

ভোদা (বি). ভেবা, অজলা, মুৰ্খ।

ভ্ৰূৱ ভাস. চেলাউৰীৰ শোভা।

ভৃঙ্গ( বি). ভোমোৰা।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

মগনিয়াৰ (বি). মাগি খাওঁতা, ভিক্ষাৰী।

মথনি (বি). গাখীৰ ঘঁটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি।

মগন (বি). মগ্ন, নিমজ্জিত হোৱা। 

মজ্জল. মজিলে, লীন হ’ল। 

মৰ্দিত (বিণ). যাক পিহন কৰা হৈছে। 

মধুসদন (বি).  বিষ্ণুৰ এটা নাম, মধু দৈত্যক বধ কৰোঁতা।

মধুকৰ (বি). মৌমাখি।

মহাকাব্য (বি). আটাইতকৈ বেছি সৰ্গ থকা পৌৰাণিক কাব্য। 

মণ্ডিত (বিণ). অলংকৃত, বিভূষিত।

মচগুল (বি). নিমগ্ন, ব্যস্ত.

মঞি (সবৰ্ব). মই।

মহাত্ৰাস (বি). অতি ভয় পোৱা।

মক্‌ফাইট (বি). ব্যংগ যুঁজ। 

মণ্ডল (বিণ). ঘূৰণীয়া।

মহাভাৰত (বি). গধুৰ বোজা।

মৰিষণ (ক্ৰি. বিণ). ক্ষমা।

মহি (বি). পৃথিৱী।

মকৰ-কুণ্ডল. মকৰ (ঘঁৰিয়াল) ৰ আকৃতিৰ কাণত পিন্ধা এবিধ অলংকাৰ।

মদন চাপ ভ্ৰূৱযুগ. মদন বা কামদেৱৰ ধেনুৰ দৰে ভাঁজ খোৱা চকুৰ চেলাউৰি।

মস্তকত. মূৰত।

ময়াপী (বিণ). মায়া, মোহ, ভ্ৰান্তি উপজোৱা জীৱ।

মৰ্ষনাথে. মোচনাৰ্থে।

মৰ্মান্তিক (বিণ). গভীৰ বেদনাদায়ক।

মধ্যবিত্ত  (বিণ). ধনী আৰু দৰিদ্ৰ শ্ৰেণীৰ মাজৰ লোক। 

মকৰন্দ (বি). ফুলৰ মৌ।

মণিবন্ধ (বি). হাতৰ গাঁঠি।

মধুমেহ (বি). বহুমূত্ৰ ৰোগ।

মনস্বী (বিণ). প্ৰতিভাশালী, প্ৰভাৱশালী।

মৰিষণ (বি). ক্ষমাকৰণ।

মৰুৎ (বি). বায়ু।

মস্কৰা (বি). ঠাট্টা, বিদ্ৰূপ।

মহাকল্প (বি). মহাপ্ৰলয়।

মহাব্যাধি (বি). কোষ্ঠ ৰোগ।

মাখুন্দী (বি). মাইকী হাতী।

মাগী (বি). বেশ্যা।  

মাতঙ্গ (বি). হাতী।

মানপী (বিণ). মানৱী।

মাভৈ. ভয় নকৰিবা।

মাৰল ঘৰ (বি). শোৱা ঘৰৰ আগত থকা মানুহ বহা-মেলা কৰা ঘৰ।

মাধুৰী (বিণ). মধুৰ গুণ, সৌন্দৰ্য। 

মানপী (বি). মানৱতা, মানুহৰ গুণ।

মাতুল (বি). মামা, মোমাই। 

মার্গ (বি). পন্থা।

মাখিয়ে (ক্ৰি). সানি দি।

মাধুৰ্য (বি). মধুৰ গুণ, মধুৰতা

মাথােপাট (বি).  কৰ্মৰ প্ৰতি অৱহেলাৰ ফলত ওপজা দুঃচিন্তা। 

মুগ্ধ (বিণ). মোহিত

মুঠি খাৰু (বি). কেবাপাটো চেপেটা বালা জোৰা লগাই কৰা খাৰু।

মুক. মৌন।

মুকুতি.  মুক্তি।

মুখে ছাৰ পৰক. মুখত ছাই পৰক, মৰি যা। 

মুদৈ (বি). নাৱেৰে বেপাৰ কৰা বেপাৰী।

মূলাধাৰ (বি). লিঙ্গ আৰু শৌচাদ্বাৰৰ মাজৰ ঠাই।

মূৰাৰি (বি). মূৰ নামৰ অসুৰৰ বৈৰী।

মূৰুখ (বিণ). মূৰ্খ। 

মূমূুৰ্ৰ্ষু (বিণ). মৃতপ্ৰায়।

মৃণালু¸(বিণ). পদুমৰ বগা ঠাৰি। 

মৃগাঙ্ক (বি). চন্দ্ৰ।

মেহগনি (বি). এবিধ মূল্যৱান কাঠ। 

মেঘাচ্ছন্ন (বিণ). মেঘেৰে ঢকা। 

মেলান (বিণ). মেল খোৱা বা মুকলি হোৱা।

মেটমৰা (বিণ). বহু বস্তু ঠাহ খাই থকা, বৰ গধুৰ।

ম্লেচ (বি). অহিন্দু, হিন্দু ধৰ্মৰ বাহিৰৰ লোক।

মৈলাম (বি). চিঁয়াহী পাত্ৰ।

মোগোৰা (বি). ঋতুস্নান নোহোৱাকৈ গৰ্ভধাৰণৰ পৰা হোৱা সন্তান। 

মোলায়েম (বিণ). কোমল, মৃদু।

মোচোকা (বি).  পাক খাই হাড়ৰ জোৰা, শিৰ আদিত আঘাত পাই দুখ পোৱা।

মোহনা (বি). নদীৰ মুখ। 

মোক্ষ (বি).  মুক্তি।  

মোমিন (বিণ). ঈশ্বৰত বিশ্বাস থকা লোক। 

মোক্ষ (বি). মুক্তি, সংসাৰৰ বন্ধনৰ পৰা মোচন। 

মোড়ল (বি). মোহাৰিলে।

মোই. মোৰ।

মৃত্যুঞ্জয়ী. যিয়ে মৰণক জয় কৰে।

মৌন (বিণ). নীৰৱ।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

যখ (বি). পুতি থোৱা ধন-সোণ ৰখি থাকে বুলি ভবা অপদেৱতা, অতিশয় কৃপণ লোক।

যক্ষিণী (বি). এক শ্ৰেণীৰ প্ৰেত। 

যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ. জীৱনত লাভ কৰা দুখ-যন্ত্ৰণাৰ পৰাই শিক্ষা লাভ কৰিছে। 

যদিস্যাতো. যদিও। 

যক্ষ (বি). কুবেৰৰ ধন ভঁৰালী, অপদেৱতা।

যদৃচ্ছা (বি). নিজ ইচ্ছা, ইচ্ছা যেনে তেনে।

যদ্যপি (অব্য). যদি।

যামিনী (বি).  ৰাতি।

যাজ্ঞসেনী (বি). দ্ৰৌপদী।

যুগ (বি). কালৰ এটা ভাগ। হিন্দু শাস্ত্ৰমতে যুগ বুলিলে– সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি এই  চাৰি যুগক বুজায়।

যুগপৎ (অব্য). একে সময়তে, যুগ সাপেক্ষ।

যুযুৎসু (বিণ). যুদ্ধ অভিলাষী।

যোৰানাম (বি). বিয়াত দৰাঘৰীয়া বা কইনাঘৰীয়া বা দৰা-কইনাক জোকাই ধেমালিতে গোৱা এক শ্ৰেণীৰ বিয়ানাম। 

যোজন (বি). আঠ মাইল ৰ্দ্ঘ্যৈৰ।

যৌতুক. বিয়াত কইনাক মাক-বাপেকৰ ঘৰৰ পৰা উছৰ্গা কৰি দিয়া বস্তু-বাহানি।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

ৰহণ (বি). ৰং।

ৰজনী (বি). ৰাতি।

ৰকতি (বি). আসক্তি। 

ৰঞ্জন (বি). আনন্দ দিওঁতা। 

ৰচুল (বি). ঈশ্বৰৰ প্ৰেৰিত পুৰুষ, পয়গম্বৰ। 

ৰহম (বি). দয়া। 

ৰসনা (বি). জিভা।

ৰঞ্জন (বি). ৰঙ লগোৱা কাৰ্য। 

ৰত্নৰ পাকৰি আঙুলি. ভৰিৰ আঙুলি ৰত্নৰ পাকৰি সদৃশ।

ৰংমনে. আনন্দমনে

ৰত্নৰ মোলান আঙুলি. হাতৰ আঙুলি ৰত্নৰ মৃণাল সদৃশ।

ৰচকী (বি). গা ঘেলাই ধুন মাৰি ফুৰা তিৰোতা।

ৰজিতা (বিণ). মিল, সংগতি।

ৰটনা (বি). দুৰ্নাম।

ৰন্ধ্ৰ (বি). বিন্ধা।

ৰাগগোট. খঙাল মানুহ।

ৰাও (বি). চিঞৰ।

ৰাজ মাৰগে. ৰাজবাটত।

ৰাইখ. ৰাখে। 

ৰাগি (বি). নিচা, মাদকতা। 

ৰাণ্ডা (বি). কাঠ মিহিকৈ চাঁচিবলৈ মিস্ত্ৰিয়ে ব্যৱহাৰ কৰা অস্ত্ৰ বিশেষ। 

ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অৱ মেৰিট. ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা মেধাৰ প্ৰমাণ পত্ৰ।

ৰাতুল (বিণ).  ৰক্ত, ৰঙা।

ৰিফ্রেছমেন্ট (বি). আহাৰ, জলপান। 

ৰিপুৱা ধৰ. গুপ্তচৰ নিযুক্ত কৰ। 

ৰুফিএৰ কৰ্দ্দম কৰে. তেজেৰে মাটিত ডোঙা বন্ধায়।

ৰেতস (বি). বীৰ্য্য।

ৰোৰুদ্যমান (বিণ). কান্দি থকা।

ৰোল (বি). শব্দ।

ৰোষ (বি). খং।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

লৱনু (বি). মাখন।

লপাথপা (বি). সৰু চাপৰ, হাতৰ তলুৱাৰে লাহেকৈ কৰা আঘাত।

ললনা (বি). তিৰোতা।

ললাট (বি). কপাল।

ললিত (বিণ). সুন্দৰ, মনোৰম।

লহঙা (বিণ). দীঘল আৰু নিপোটল।

লতিকা (বি). সৰু লতা।

লাঘৱ (বি). পাতল কৰা কাৰ্য, হ্রাস ।

লানি-নিছিগা (বিণ). ধাৰাবাহিক গতি।

লাঞ্জ (বি). নেজ।

লাউমূৰা (বিণ). শিং নথকা।

লাংলাং (বিণ). সিঁচৰতি, বিশৃঙ্খল।

লাপিলুপা (বিণ). সৰু-সুৰা, কম পৰিমাণৰ।

লিংলিঙ্গীয়া (বিণ). পাতল আৰু ক্ষীণ, লাহী।

লিটিকা, লিটিকাই (বি). লগুৱা।

লীলা বিলাসে. অংগী-ভংগীৰে।  

লুপ্তপিণ্ড (বি). যাৰ পিণ্ড লোপ হয়।

লেখনী (বি). কলম।

লেকেচীয়া (বিণ). পুৰঠ নোহোৱা।

লেধেমা (বিণ). গধুৰ।

লোককৃতি (বি). সমাজত প্ৰচলিত কাম।

লেল. ল’লে।

লেপি. ঘঁহি।

লেকেটা (বিণ). সহজে ছিগি ভাগি নোযোৱা।

লেকেটীয়া নৰিয়া. দীৰ্ঘ সময় জুৰি হৈ থকা ৰোগ, শৰীৰত আঠাৰ দৰে লাগি থকা বেমাৰ। 

লোকে লোকাৰণ্য. মানুহেৰে ভৰি পৰা।

লোই. লোক।

লোকগীত. অনাদি কালৰ পৰা মুখে মুখে চলি অহা মৌখিক গীতসমূহকে লোকগীত বুলি কোৱা হয়। উদাহৰণ- নিচুকনি গীত, নাওখেলোৱা গীত, বাৰমাহী গীত, আই নাম, বিয়া নাম, বিহু গীত, বন গীত ইত্যাদি।

লোকেল ব’ৰ্ড. চহৰৰ প্ৰশাসনৰ বাবে গঠন কৰা স্থানীয় প্ৰশাসনিক গোট। 

লোম সিহৰি  পৈল. গাৰ নোম ডাল ডাল হৈ পৰিল।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

শঙ্কা (বি). ভয়।

শতদল (বি). পদুম ফুল।

শতৰঞ্চি (বি). দলিচা।

শৰাধ (বি). মৃত ব্যক্তিৰ কল্যাণ কামনা কৰি লোকক খাবলৈ দিয়া আহাৰ।

শলাকানি (বি). শলিতা, শিহা।

শাৰ্দ্দুল (বি). বাঘ।

শাৱক (বি). পোৱালি।

শাৰদ (বিণ). শৰত কালত হোৱা, শাৰদীয়।

শাৰদ (বি). শৰৎ.

শাখিনী (বি). কুলক্ষণী তিৰোতা।

শিকিয়া (বি). কোনো বস্তু ওপৰত আঁৰি থ’বৰ বাবে ৰচিৰে প্ৰস্তুত কৰা এবিধ সঁজুলি।

শিখণ্ডী (বি). ম’ৰা চৰাই।

শিথিলা (বি). শিথিল। 

শিশ্ন (বি). পুৰুষৰ জননেন্দ্ৰিয়, লিঙ্গ।

শ্ৰোণী (বি). তপিনা, নিতম্ব।

শ্ৰোণী ভৰে, নিতম্ব বা তপিনাৰ ওপৰত।

শোধন. নিৰ্মল. শুদ্ধ

শুতিয়া. শুই।

শ্যামল (বি). শ্যাম বৰণীয়া (ক’লা আৰু সেউজীয়া ৰঙৰ)।

শ্যামকানু (বি). কৃষ্ণ।

শ্বপচ (বি). ব্যাধ, চণ্ডাল, চিকাৰী।

শৈলবালা (বি). পৰ্বত কন্যা,  পাৰ্বতী। 

শ্ৰাৱণ (বি). শাওন মাহ।  

শেহান্তৰে. অন্তত, অৱশেষত। 

শৃগাল (বি). শিয়াল। 

শৈলজা (বিণ). পৰ্বতত জন্ম হোৱা, পাৰ্বতী। 

শ্ৰীক (বিণ). শোভা-সৌন্দৰ্য।

শাক্য সিংহ (বিণ).বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰোঁতা, বুদ্ধদেৱ।

শুচি (বিণ). পৱিত্ৰ

শ্যামল (বিণ). সেউজীয়া।  

শুকুলা (বি). বগা।  

শ্ৰান্তি (বি). ভাগৰ। 

শ্ৰেয় (বি). পৰম কল্যাণকৰ বস্তু।  

শ্বান. মূলতঃ চীনদেশৰ লোক।

শ্ৰী (বি). শোভা, সৌন্দৰ্য।  

শ্লাঘা (বি). প্ৰশংসা।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

ষট্‌ (বি). ছয়। 

ষড়ঙ্গ (বিণ). ছয় অংগযুক্ত।

ষান্মাসিক (বিণ). ছয়মহীয়া।

ষড়ানন (বি). দেৱতাসকলৰ সেনাপতি।

ষোড়শোপচাৰ (বি). পূজাৰ  ১৬ বিধ উপকৰণ। সেইবোৰ হ’ল– আসন, স্বাগত, পাদ্য, অৰ্ঘ্য, আচমনীয়, মধুপৰ্ক, পুনৰাচমনীয়, স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবেদ্য আৰু বন্দনা।। 

সৰল  অসমীয়া অভিধান । Assamese Dictionary

সমল (বি). দ্ৰব্য, বয়-বস্তু।

সলিলা (বি). নদী।

সম্প্ৰীতি (বি). পাৰস্পৰিক মিলা-প্ৰীতি।

সলঙ্গা (বি). সোলং, সোলোং (এবিধ বৰ উগ্ৰ টেঙা ফল)।

সংকট (বি). ডাঙৰ বিপদ।

সপ্তসুৰ (বি). সংগীতৰ সাত সুৰ, যেনে– সা  ৰে  গা  মা  পা  ধা  নি।

সমন্বয় (বি). সংযোগ, মিলন।

সুপণ্ডিত (বি). শাস্ত্ৰ জনা বিদ্বান লোক।

স্বৰ্ণ (বি). সোণ। 

সুহৃদ (বি). আপোনজন

সাৰথি (বি). সহায়, সংগী।

সুৰুঙা (বি). ফাঁক।

সমতান (বি). সমান বা এক তালত মিলাই গোৱা গানৰ সুৰ।

সয় (বি). সহ্য হয়।

সর্বোৎকৃষ্ট (বিণ ). শ্রেষ্ঠ, সকলোৰে মাজত উত্তম । 

সমল (বি). উপাদান

সংযমিত (বিণ). সংযম ৰক্ষা কৰি।

সৰ্বাকাশ (বি). গোটেই আকাশ।

সংকীৰ্ণতা (বি).  ঠেক।

সঞ্চল. সাঁচিলে।

সমাদৰ (বি). আদৰ।

সম্ভাষণ (বি). আদৰণি, আগ্ৰহেৰে কৰা মাত-বোল।    

সন্ধান (বি). শুংসূত্ৰ, উৱাদিহ। 

সমাদৰ (বি). বিশেষ আদৰ, সন্মান।

সঞ্চাৰ (বি). তলা, সঁচাৰ।

সংকট (বি). বিপদ, প্ৰতিকুল অৱস্থা।

সঁহাৰি (বি). সমিধান, উত্তৰ, আশা কৰা ধৰণৰ প্ৰতিক্ৰিয়া।

সমিধ (বি). এবিধ ওখ ডাঙৰ কাঁইটীয়া গছ।

সন্মোহন (বি). মোহিত কৰা, মুগ্ধ কৰা।

সমীহ (বি). সন্মান।

সন্দেশ দি. বতৰা বা খবৰ দি।

সত্ত্ব (বি). সংখ্যা দৰ্শনত উল্লেখিত ত্ৰিগুণৰ প্ৰথমটো (নম্ৰ আৰু শান্ত গুণ), সাৰভাগ, আত্মা, প্ৰাণ। 

সমীৰণ (বি). মৃদু বতাহ। 

সুধা (বি). অমৃত। 

সন্ত (বি). সাধু।

সংগীত (বি). গীত, বাদ্য আৰু নৃত্যৰ সমলয়।

সৰ্ব-ব্যাপী (বিণ). সকলোতে জুৰি থকা। 

সংহতি (বি). মিলন, একীভূত।

সম্‌পূজিতা. শ্ৰদ্ধাৰে পূজিতা। 

সংগত (বিণ). খাপ খোৱা, উচিত, যুক্তিযুক্ত। 

সমিৰণ ছন্দা. মৃদু বতাহ।  

সত্যম্‌, শিৱম্‌, সুন্দৰম্‌. নন্দনতাত্ত্বিক সুখ বা আনন্দজনক। 

সাধনা (বি). ঐকান্তিকভাৱে কৰা চেষ্টা।

সিংহজিত (বি). দুষ্যন্ত-শকুন্তলাৰ পুত্ৰ ভৰতৰ অন্য এটি নাম। সৰুৰে পৰা তেওঁ সিংহৰ লগত খেলি তাক পৰাজিত কৰিব পাৰিছিল বাবে তেওঁক সিংহজিত বুলি কোৱা হয়। তেওঁৰ আন এটি নাম সৰ্বদমন।

সুঠান (বিণ). সুঠাম, ধুনীয়া।

সিঁহৰিল. শিঁয়ৰি উঠিল।

সুমৰি. স্মৰণ কৰি।

সুগ্ৰীব. ৰামায়ণৰ মতে বানৰৰাজ বালীৰ ভায়েক।

সোটলোট (বিণ).  লেওসেউ।

সিংহ বন্ধ কন্ধ গ্ৰীৱ. সিংহৰ কান্ধ আৰু ডিঙিৰ নিচিনা আটিল কান্ধ আৰু ডিঙি।

সুউচ্চ (বিণ). অতি উচ্চ, ওখ।

সুকুমাৰ কলা. কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য্য ঃ এই  পাঁচবিধ কলাক সুকুমাৰ কলা Îবালে।

সাখী মানত. সাক্ষী কৰিলে।

সুবাস. সুগন্ধি, সুৰভি।

সিক্ত (বিণ). তিতা, ভিজা।

সিঞ্চিৰাই (ক্ৰি). ছটিয়াই দি, সিঁচি দি।

স্ৰৱৈ. বৈ থকা।

সুবাস (বি). সুগন্ধ।

সিদ্ধান্ত (বি). শেষত স্থিৰ কৰা মত।

সুঘ্ৰাণ (বি). ভাল গোন্ধ।

স্নিগ্ধ (বিণ). কোমল, শীতল।

সুমৰন্তে. সুঁৱৰি।

সেৱালি (বি). প্ৰণাম, সেৱা।

সাগৰ (বি). সমুদ্ৰ।

সেৰেঙা (বিণ). পাতল।

সাতসৰী হাৰ. ডিঙিত পিন্ধা সাতধৰীয়া মণিৰ হাড়।

স্নেহাৰ্দ্ৰ. চেনেহেৰে ওপচাই পেলোৱা।

সাম্য (বিণ). সমান।

সম্বন্বয় (বি). সমিলমিল।

স্বকীয়তা (বি). নিজস্বতা।

সাৰময় (বিণ). মূল্য থকা, সাৰুৱা। 

সুশ্ৰুত. সুশ্ৰুত-সংহিতাৰ ৰচক, এগৰাকী প্ৰাচীন ভাৰতীয়  বৈদ্য। 

স্বতঃপ্ৰেৰিত (বিণ). নিজে নিজে পঠিওৱা, স্ব-প্ৰচাৰিত।

সামবেদ  (বি). তৃতীয়খন Îবদ। 

সাৰ্বজনীন (বিণ). সকলোকে সামৰা, ৰাজহুৱা।            

সুৰ (বি). সূৰ্য। 

সুৰতি (বি). চুৰ্তি, তৎ, ধৈৰ্য। 

সামৰাজ (বি). সমূহ, সমূহত।   

সুধা (বি). অমৃত।  

সুৰধনী (বি). কলকল শব্দৰে প্ৰবাহিত নদীৰ জলধাৰা। 

সৃজাম্যহম. নিজক সৃষ্টি কৰোঁ। (গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, ‘হে অৰ্জুন, যেতিয়াই পৃথিৱীত ধৰ্মৰ পতন ঘটে, অধৰ্মই প্ৰভাৱ বিস্তাৰ কৰে, তেতিয়াই মই নিজকে সৃষ্টি কৰোঁ।’)   

সঁচাৰকাঠী (বি). তলাৰ চাবি।  

স্বন্দ (বি). লালিত্য, সৌন্দৰ্য¸।         

সূচান্দ (বিণ). চন্দ্ৰটোৰ দৰে সুন্দৰ। 

সো (সবৰ্ব). সেই, সেইজন ।  

প্ৰবুদ্ধ (বি). জ্ঞান লাভ কৰা, জাগৰিত, জ্ঞানী। 

সুভাস (বি). ভাল গোন্ধ, সুগন্ধ।

স্বয়ংক্ৰিয় (বিণ). আপোনা-আপুনি ক্ৰিয়া কৰা। 

সৰল  অসমীয়া অভিধান । Assamese Dictionary

হস্ত (বি). হাত

হয় (বি). ঘোঁৰা।

হলাহল (বি). বৰ চোকা বিষ।

হৰ্ম্য (বি). কাৰেং। 

হব্য (বি). ঘিউ।

হাৰিঠা (বি). মনছাল বা ৰিঠা গছ।

হায়াত-মৱত. জীৱন-মৃত্যু।

হাৰলি (বিণ). অতি মৰমৰ।

হাম (সবৰ্ব). মই।

হাই ডেফিনেচন ডিজিটেল পদ্ধতি. উচ্চ বৰ্ণনাক্ষম বৈদ্যুতিন পদ্ধতি।

হাওপাত (বি). অভিশাপ।

হাঁকোটা (বি). কাপোৰ বা কিবা বস্তু থবৰ বাবে ব্যৱহাৰ কৰা বৰশীৰ নিচিনা মাৰি।

হাবাং, হেবাং (বিণ). নির্বোধ, ভোদা।

হিৰণ (বিণ). উজ্জ্বল, সোণালী।

হিজাব (বি). ইৰাণী মহিলাই মুৰ ঢাকি লোৱা কােপাৰ।

হিৰণ্ময় (বিণ). সোণৰ দৰে উজ্জ্বল, সোণেৰে সজা।

হিল্লোল (বি). তৰংগ, ঢৌ।

হৃষীকেশ(বি). ইন্দ্ৰিয়ৰ অধিপতি, জিতেন্দ্ৰীয়।

হেঙুলি (বিণ). ৰংচুৱা। 

হেন্দোলদোপ (বি). তল-ওপৰ কৰা কাৰ্য, প্ৰৱলভাৱে জোকাৰ খোৱা কাৰ্য। 

হুনু. হেনো।

হুহ. হৈ।

হুঁচৰি (বি). ব’হাগৰ বিহুত ঢোল-েপঁপা বজাই দল বান্ধি নৃত্য-গীত কৰি গৃহস্থক আশীৰ্বাদ দিয়া অসমীয়া পৰম্পৰা বিশেষ। 

হেৰা পাওঁ. হেৰোৱা বস্তু পাওঁ। 

হোৱে. হয়।

হ্রী (বি). লজ্জা।

সৰল  অসমীয়া অভিধান । Assamese Dictionary

ক্ষ

ক্ষণজন্মা (বিণ). অতি শুভ সময়ত জন্ম হোৱা, ভাগ্যবান।

ক্ষীৰ (বি). জুইত গৰম কৰি দাঠ কৰা গাখীৰ।

ক্ষেম (বি). কল্যাণ, কুশল।

ক্ষৌণী (বি). পৃথিৱী।

ক্ষৌমবস্ত্ৰ (বি). পাটৰ কাপোৰ । ০ ০ ০

সৰল অসমীয়া অভিধান । Assamese Dictionary 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here