Home Literary Criticism হজৰত আলি। Hazarat Ali

হজৰত আলি। Hazarat Ali

0

হজৰত আলি। Hazarat Ali

হজৰত আলি। Hazarat Ali

হজৰত আলি (Hazarat Ali)

হজৰত আলি: আৰম্ভণি:

হজৰত আলি আছিল হজৰত মহম্মদ (ছাঃ)ৰ চাহাবা, জোৱায়েক, এজন  বীৰ যোদ্ধা, ইছলাম প্ৰচাৰক, কবি আৰু ইছলামৰ চতুৰ্থ তথা অন্তিমজন সঠিকপথত পৰিচালিত হোৱা খলিফা। তেওঁ ৬০০ খ্ৰীষ্টাব্দত মক্কাৰ বিখ্যাত কুৰাইশ বংশত জন্ম গ্ৰহণ কৰে। তেওঁৰ দেউতাকৰ নাম আছিল আবু তালিব আৰু মাকৰ নাম আছিল ফাতিমা বিনতে আছাদ। জন্মৰ পাঁচ বছৰ বয়সত তেওঁ পিতৃ হাৰা হয় আৰু হজৰত মহম্মদ (ছাঃ) আৰু তেখেতৰ পত্নী খাদিজাই তুলি-তালি ডাঙৰ দীঘল কৰে।
 
৬১০ খ্ৰীষ্টাব্দত হজৰত মহম্মদ (ছাঃ)য়ে আল্লাহৰ পৰা অহি (স্বৰ্গীয় বাণী) লাভ কৰে আৰু নবছৰ বয়সত হজৰত আলিয়ে নবীজীৰ ওচৰত ইছলাম গ্ৰহণ কৰে। হজৰত মহম্মদ (ছাঃ)য়ে প্ৰচাৰ কৰা ইছলাম ধৰ্মত দীক্ষিত হোৱা তেওঁ আছিল দ্বিতীয়জন পুৰুষ। প্ৰথমজন  আছিল হজৰত আবু বকৰ (ৰাঃ)। নাৰীৰ ভিতৰত প্ৰথমে ইছলাম গ্ৰহণ কৰিছিল হজৰত হজৰত মহম্মদ (ছাঃ)ৰ পত্নী হজৰত খাদিজাই ।
 
হজৰত আলীয়ে সৰু-কলাৰ পৰাই নবীজীৰ তত্বাৱধানত ডাঙৰ-দীঘল হৈছিল সেয়ে নবীজীৰ আদৰ্শত তেওঁৰ জীৱন গঢ় লৈছিল। হজৰত মহম্মদ (ছাঃ)য়ে ৬২২ খ্ৰীষ্টাব্দত মদীনালৈ হিজৰত কৰাৰ কিছুদিন পিছত হজৰত আলিয়েও সপৰিয়ালে মদীনালৈ হিজৰত কৰে আৰু ইছলামৰ বিৰোধী শক্তিবোৰৰ বিৰুদ্ধে সংগঠিত হোৱা প্ৰতিটো যুদ্ধত নবীজীৰ লগত থাকে আৰু আজীৱন ইছলাম বিস্তাৰত অৱদান আগবঢ়ায়।
 
৬৫৬ খ্ৰীষ্টাব্দত ইছলামৰ তৃতীয় সঠিক পথত পৰিচালিত খলিফা হজৰত ওছমান বিদ্ৰোহীৰ হাতত শ্বহীদ হোৱাত হজৰত আলী ইছলামৰ চতুৰ্থজন খলিফা হিচাপে নিযুক্ত হয়।
 
তেওঁৰ শাসনকালছোৱাত কেইবাটাও যুদ্ধ সংগঠিত হয়, যেনে – উটৰ যুদ্ধ, ছিফি্‌ফনৰ যুদ্ধ, নাহৰানৰ যুদ্ধ আদি। হজৰত আলিয়ে প্ৰতিটো যুদ্ধ সফলতাৰে পৰিচালনা কৰে। তেওঁৰ শাসনকালৰ শেষৰ পিনে ইছলামী সাম্ৰাজ্যত বিভিন্ন বিষয় লৈ মতানৈক্যৰ সৃষ্টি হয় আৰু আইন-শৃঙ্খলা বিনষ্ট হয়। প্ৰাদেশিক শাসনকৰ্তা মোৱাবিয়াৰ লগত সংঘাত আৰম্ভ হয়। এই সংঘাত চলি থাকোতে ৬৬১ খ্ৰীষ্টাব্দত ইবনে মুলজাম নামৰ এজন লোকে তেওঁক হত্যা কৰে। তেওঁৰ মৃত্যুৰ লগে লগে সঠিক পথত পৰিচালিত হোৱা খলিফাসকলৰ ৰাজত্বকালৰ অন্ত পৰে।

হজৰত আলি: আৰবী ভাষা-সাহিত্যলৈ অৱদানঃ

হজৰত আলি (ৰাঃ) আৰবী ভাষাত এজন সুশিক্ষিত ব্যক্তি আছিল আৰু নিজে কবিতা চৰ্চা কৰিছিল যদিও তেওঁ পেচাধাৰী কবি নাছিল।
 
তেওঁ বিভিন্ন সময়ত বিভিন্ন উপলক্ষে প্ৰদান কৰা বক্তৃতা আৰু তেওঁ লিখা বিভিন্ন ৰাজকীয় ফৰমানসসমূহৰ দ্বাৰা আৰবী গদ্য সাহিত্যলৈ অৱদান ৰাখি গৈছে।
 
তেওঁৰ গদ্য আছিল আটকধুনীয়া, কাব্যময়, অলংকাৰপূৰ্ণ, আৰু অসাধাৰণ। তেওঁৰ গদ্যৰ নমুনাস্বৰূপ তেওঁৰ ভাষণৰ পৰা কেইশাৰীমান তলত উদ্বৃত কৰা হ’লঃ
 
“আল্লাহই আমালোকৰ নবীক সেইসময়ত পঠিয়াইছিল  যেতিয়া পৃথিৱীত দীৰ্ঘকালজুৰি কোনো ৰছুল অহা নাছিল, যেতিয়া মানৱ জাতিয়ে সিহঁতৰ কৰ্তব্য ভুলি গৈছিল আৰু সমাজত বিৰোধ- বিশৃঙ্খলতাই ছানি ধৰিছিল। ………….. সেয়ে হে আল্লাহৰ বান্দাসকল, ইতিহাসৰ পৰা শিক্ষা গ্ৰহণ কৰা, তোমালোকৰ পিতৃ-মাতৃ, ভাই বন্ধুসকলৰ পৰিণতি চাই সতৰ্ক হোৱা। তোমালোক যেন সিহঁতৰ অনুসাৰী নোহোৱা।”

হজৰত আলি: সামৰণি

তেওঁ হজৰত মহম্মদ (ছাঃ)ৰ এজন অহি লিখকো আছিল আৰু নবীজীৰ হৈ বহুতো সন্ধিপত্ৰ আৰু চুক্তিপত্ৰও লিখিছিল। তেওঁৰ ৰাজত্বকালত শাসন সংক্ৰান্ত বিভিন্ন বিষয়ত তলতীয়া কৰ্মচাৰীসকললৈ বহুতো চিঠি আৰু নিৰ্দেশনা পত্ৰ লিখিব লগা হৈছিল। তেওঁ নিজে বিশেষ লিখক নাছিল যদিও তেওঁৰ বক্তৃতা, তেওঁ লিখা চিঠি-পত্ৰ, চুক্তিপত্ৰ আদি আৰবী সাহিত্যৰ অমূল্য সম্পদ। ০ ০ ০.
.
বি দ্রঃ উক্ত ‘হজৰত আলি। Hazarat Ali’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ‘ গ্রন্থখনৰ পৰা লোৱা হৈছে।
.

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

Additional Searches:

LEAVE A REPLY

Please enter your comment!
Please enter your name here