আপুনি যদি ‘হজৰত ইউছুফ কুইজ‘ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই ‘হজৰত ইউছুফ কুইজ’ বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।
হজৰত ইউছুফ কুইজ
প্ৰঃ হজৰত ইউছুফ (আঃ)ক তেখেতৰ পিতা ইয়াকুব (আঃ)য়ে অধিক ভালেপাৱাৰ কাৰণ কি?
উঃ ইউছুফৰ কপালত নূৰে নবুয়তৰ উজ্জ্বল আভা আছিল যি আন কোনো পুত্ৰৰ নাছিল। ইয়াৰ উপৰি ইউছুফ (আঃ)সৰুতেই মাতৃহাৰা হৈছিল। সেইবাবে পিতা ইয়াকুব (আঃ)য়ে ইউছুফক অতি মৰম কৰিছিল।
প্ৰঃ কিমান বছৰ বয়সত ইউছুফ (আঃ)ৰ ভায়েকসকলে ইউছুফ (আঃ)ক কূপ (নাদ)ত নিক্ষেপ কৰিছিল?
উঃ 12 অথবা 17 বছৰ বয়সত (জেৰুজালেমৰ এটি কূপত)।
প্ৰঃ ভাইসকলে ইউছুফ (আঃ)ক কূপত নিক্ষেপ কৰি পোছাকত কিহৰ তেজ সানি দেউতাক ইয়াকুব (আঃ)ক কৈছিল যে ইউছুফক বাঘে খাইছিল?
উঃ ছাগলীৰ তেজ।
প্ৰঃ হজৰত ইউছুফ (আঃ)ক কোনে কূপৰ পৰা উদ্ধাৰ কৰিছল?
উঃ সেই বাটেৰে যোৱা মিছৰৰ কেইজনমান ব্যৱসায়ীয়ে।
প্ৰঃ হজৰত ইউছুফ (আঃ) কিমান বছৰ কাৰাগাৰত আছিল?
উঃ 10 বছৰ।।
প্ৰঃ হজৰত ইউছুফ (আঃ) কিমান বছৰ বয়সত মিছৰৰ শাসন ক্ষমতা লাভ কৰে?
উঃ 30 বছৰ বয়সত।
প্ৰঃ পৃথিৱীত সৰ্ব প্ৰথম কোনে ৰাষ্ট্ৰীয় কোষাগাৰৰ পৰা দুখীয়া লোকক দান দিয়াৰ প্ৰথা প্ৰৱৰ্তন কৰে?
উঃ হজৰত ইউছুফ (আঃ)।
প্ৰঃ হজৰত ইউছুফ (আঃ)ৰ কিমান বছৰ মিছৰৰ ক্ষমতাত অধিষ্ঠিত আছিল?
উঃ 80 বছৰ।
প্ৰঃ পুত্ৰ হজৰত ইউছুফ (আঃ) ৰ শোকত পিতা ইয়াকুব (আঃ) অন্ধ হোৱাত কিভাৱে তেখেতৰ অন্ধত্ব দূৰ হয়?
উঃ ইউছুফৰ পোছাক চকুত ঘঁহি।
প্ৰঃ কিমান বছৰ পিছত হজৰত ইউছুফ (আঃ)ৰ লগত তাৰ ভাই ইয়ামিনৰ লগত সাক্ষাৎ হয়?
উঃ 22 বছৰ পিছত।
প্ৰঃ কোন নাৰীৰ মিথ্যা চক্ৰান্তত ইউছুফ (আঃ) কাৰাগাৰত নিক্ষেপিত হয়?
উঃ মিছৰৰ বাদশাৰ অৰ্থমন্ত্ৰী ফৌত্বিফাৰেৰ পত্নী জুলাইখাৰ চক্ৰান্তত।
প্ৰঃ হজৰত ইউছুফ (আঃ) তেখেতৰ বংশধৰসকলক কি অছিয়ত কৰি গৈছিল?
উঃ “তোমালোকে যেতিয়া মিছৰ ত্যাগ কৰি গুচি যাবা তেতিয়া মোৰ মৃতদেহ কবৰৰ পৰা উঠাই তোমালোকৰ লগত লৈ যাবা।”
প্ৰঃ বৰ্তমান হজৰত ইউছুফ (আঃ) ৰ সমাধি ক’ত?
উঃ ফিলিষ্টাইনত। মুছা (আঃ) যেতিয়া বনী ইস্ৰাইলসকলক লৈ মিছৰ ত্যাগ কৰে, তেতিয়া এজনী বুঢ়ীৰ কথামতে হজৰত ইউছুফ (আঃ)ৰ ফচিল (মৃতদেহ) বাকচ সহকাৰে নদী গৰ্ভৰ পৰা তুলি সিহঁতৰ লগত ফিলিষ্টাইনলৈকে লৈ আহে আৰু তাত পুনৰাই কবৰস্থ কৰে। 0 0 0
নোট: যদি আপুনি উক্ত ‘হজৰত ইউছুফ কুইজ’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:






