Home Literary Criticism হজৰত ওছমান । Hazarat Othman

হজৰত ওছমান । Hazarat Othman

0

হজৰত ওছমান  । Hazarat Othman

হজৰত ওছমান । Hazarat Othman

হজৰত ওছমান  । Hazarat Othman

হজৰত ওছমান: আৰম্ভণি

হজৰত ওছমান (Hazarat Othman) (ৰাঃ) আছিল ইছলাম ধর্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ এজন বিশ্বস্ত চাহাবা (সহচৰ), দানবীৰ, ইছলামী সাম্ৰাজ্যৰ তৃতীয় ন্যায়পৰায়ণ খলিফা আৰু এজন সুদক্ষ প্ৰশাসক।

হজৰত ওছমান: চমু পৰিচয়

তেওঁৰ জন্ম হৈছিল ৫৭৫ খৃষ্টাব্দত আৰবৰ সম্ভ্ৰান্ত কোৰাইশ বংশত। তেওঁৰ দেউতাকৰ নাম আছিল আফ্‌ফান ইবনে আবি আল-আছ আৰু মাকৰ নাম আছিল আৰৱা বিনতে কোৰাইছ। সৰু কালত তেওঁ ঘৰুৱা শিক্ষকৰ অধীনত আৰবী লিখা আৰু পঢ়া শিকিছিল। তেওঁৰ দেউতাক আছিল এজন ধনী ব্যৱসায়ী। দেউতাকৰ লগত ডেকা কালৰ পৰাই তেওঁ ব্যৱসায়-বাণিজ্যত জড়িত হৈ পৰিছিল আৰু পিছলৈ তেওঁ কোৰাইশ বংশৰ  আটাইতকৈ ধনী ব্যক্তিত পৰিণত হৈছিল।
 
তেওঁ ৬১১ খ্ৰীষ্টাব্দত হজৰত মহম্মদ (ছাঃ)য়ে প্ৰচাৰ কৰা ইছলাম ধৰ্মত দীক্ষিত হয় আৰু তেতিয়াৰ পৰা নবীজীৰ এজন বিশ্বস্ত চাহাবাত পৰিণত হয় আৰু ইছলাম প্ৰচাৰত বিভিন্নভাৱে নবীজীক সহায়-সহযোগ কৰিবলৈ লয়। তেওঁ নিজে হজৰত মহম্মদ (ছাঃ)ৰ দুই কন্যা উম্মে ৰুকিয়া আৰু উম্মে কুলছুমক বিয়া কৰাইছিল। হজৰত মহম্মদ (ছাঃ)ৰ দুই কন্যাক বিয়া কৰাইছিল বাবে  তেওঁক ‘দু-আল নুৰীয়া’ (দুই পোহৰৰ গৰাকী) বুলিও কোৱা হৈছিল।
 
৬২২ খ্ৰীষ্টাব্দত নবীজীৰ পিছত তেওঁ সপৰিয়ালে মদীনালৈ হিজৰত কৰে। ৬৪৪ খ্ৰীষ্টাব্দত ইছলামৰ দ্বিতীয় খলিফা হজৰত ওমৰ (ৰাঃ) আততায়ীৰ হাতত নিহত হোৱাৰ পিছত হজৰত ওছমান (ৰাঃ) ইছলামী সাম্ৰাজ্যৰ তৃতীয় খলিফা নিযুক্ত হয়। খলিফা নিযুক্ত হৈ হজৰত ওমৰ (ৰাঃ)য়ে গ্ৰহণ কৰা শাসন নীতিবোৰ বাহাল ৰখাৰ উপৰিও তেওঁ কৰ নীতিৰ কিছু সাল-সলনি ঘটাই নতুন কৰ আৰোপ কৰিছিল। তেওঁৰ ৰাজত্বকালত মুছলামসকলৰ পাৰস্যবিজয় সম্পূৰ্ণ হয় আৰু বাইজেন্টাইন সাম্ৰাজ্যলৈ ইছলামৰ  দখল অব্যাহত থাকে।
 
তেওঁ সেনা-বাহিনীৰো কিছু সংস্কাৰ সাধন কৰে আৰু এটি নৌবাহিনী গঠন কৰে। তেওঁৰ দিনত কোৰানৰ পঠন শৈলী, উচ্চাৰণ, সুৰ আদিক লৈ বিভিন্ন অঞ্চলৰ লোকসকলৰ মাজত মতানৈক্য সৃষ্টি হয়। সেয়ে তেওঁ হাছান বিন ছাবিত নামৰ এজন কবি আৰু পণ্ডিতক প্ৰথম খলিফা হজৰত আবু বকৰে সংকলন কৰা কোৰানখনৰ বিশুদ্ধ কপি প্ৰস্তুত কৰি কোৰান পঠনক লৈ উদ্ভৱ হোৱা বিতৰ্কৰ ওৰ পেলায়। হাছান বিন ছাবিতে কোৰানৰ ছয়খন কপি প্ৰস্তুত কৰে আৰু সেইবোৰ ইছলামী সাম্ৰাজ্যৰ প্ৰধান চহৰ সমূহলৈ পঠাই দিয়ে।
 
হজৰত ওছমানৰ দিনত চৰকাৰী উচ্চ পদস্থ বিষয়া নিযুক্তিত স্বজনপ্ৰীতি বৃদ্ধি পায়। তেওঁৰ স্বজনপ্ৰীতিত অসন্তুষ্ট হৈ তেওঁৰ ৰাজত্বৰ শেষৰ পিনে বিদ্ৰোহৰ সূত্ৰপাত হয়। পিছত ৬৫৬ খ্ৰীষ্টাব্দত ইজিপ্তৰ এক বিদ্ৰোহী বাহিনীয়ে খলিফা হজৰত ওছমানৰ বাসস্থান অৱৰোধ কৰে আৰু তেওঁক হত্যা কৰে।

হজৰত ওছমান: আৰবী ভাষা-সাহিত্যলৈ অৱদানঃ

হজৰত ওছমান (Hazarat Othman) এজন সুশিক্ষিত লোক আছিল আৰু কবিতাৰ প্ৰতি ৰাপ আছিল। তেওঁ যৌৱনত কিছু কবিতাও ৰচনা কৰিছিল বুলি জনা যায় যদিও তেওঁ পেচাধাৰী কবি নাছিল। তেওঁ নবীজীৰ বহুত হাদীছ মুখস্থ কৰিছিল আৰু সেইবোৰ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল।
 
হজৰত ওছমান ইতিহাস সাহিত্যৰ বিকাশ সাধনত যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল।  তেওঁৰ ৰাজত্বকালত হজৰত আলিৰ ভাই আকীলে মদীনাৰ মছজিদৰ পৰা নিয়মিতভাৱে ইতিহাসৰ ওপৰত বক্তৃতা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছিল।
 
হজৰত ওছমানৰ সাহিত্যকীৰ্তিৰ প্ৰধান নিদৰ্শন হৈছে তেওঁৰ বক্তৃতাসমূহ।  তাৰ বক্তৃতা আছিল তেজস্বী, হৃদয়গ্ৰাহী আৰু আবেদনমময়ী। ইছলামী সাম্ৰাজ্যৰ খলিফা নিৰ্বাচিত হোৱাৰ পিছত তেওঁ যি বক্তৃতা প্ৰদান কৰিছিল সেয়া ইতিহাস প্ৰসিদ্ধ। তলত সেই বক্তৃতাৰ পৰা কেইশাৰীমান উদ্বৃত কৰা হ’লঃ
 
“তোমালোক অৱস্থান কৰি আছা এক নশ্বৰ গৃহত, তোমালোকৰ প্ৰকৃত জীৱন-যাপন হ’ব অবিনশ্বৰ গৃহত। সেয়ে তোমালোকে সেই নিৰ্ধাৰিত দিশত তোমালোকৰ সামৰ্থ্য অনুযায়ী পথৰ সম্বল লৈ গতিশীল হোৱা। কাৰণ তোমালোক তাত যাবই লাগিব হয় -ৰাতিপুৱা, নহয় সন্ধিয়া। পৃথিৱীক নিশ্চয় অহংকাৰৰ ওপৰত সংকুচিত কৰা হৈছে। সেয়ে তোমালোকক যেন পাৰ্থিৱ জীৱনে প্ৰতাৰিত নকৰে।”
 
হজৰত ওছমানৰ গদ্যৰ প্ৰধান বৈশিষ্ট্য হৈছে সুস্পষ্ট শব্দ চয়ন, কম শব্দৰ মাজেৰে অধিক  ভাৱ প্ৰকাশকৰণ, কোৰান-হাদীছৰ পৰা উদ্বৃতিৰ জৰিয়তে বিষয়ৰ গভীৰতা উপলব্ধিকৰণ আদি

হজৰত ওছমান: সামৰণি

হজৰত ওছমানে জীৱনত বহুতো কক্তৃতা প্ৰদান কৰিছিল আৰু সেইবোৰ আৰবী গদ্য সাহিত্যৰ অমূল্য সম্পদ। এনেদৰে তেওঁ বক্তৃতাৰ জৰিয়তে আৰবী গদ্য সাহিত্যৰ ভঁৰাললৈ অৱদান ৰাখি গৈছে। ০ ০ ০.
.
বি দ্রঃ উক্ত ‘হজৰত ওছমান  । Hazarat Othman’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ‘ গ্রন্থখনৰ পৰা লোৱা হৈছে।
.

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

Additional Searches:

LEAVE A REPLY

Please enter your comment!
Please enter your name here