Home Literary Criticism হজৰত মহম্মদ। Hazrat Mohammad

হজৰত মহম্মদ। Hazrat Mohammad

0

হজৰত মহম্মদ । Hazrat Mohammad

হজৰত মহম্মদ। Hazrat Mohammad

হজৰত মহম্মদ । Hazrat Mohammad

হজৰত মহম্মদ: আৰম্ভণি

হজৰত মহম্মদ (ছাঃ) আছিল আল্লাহৰ মনোনীত ৰছুল, ইছলাম ধৰ্মৰ প্ৰৱৰ্তক, সমাজ সংস্কাৰক, সংগঠক, প্ৰশাসক আৰু মানৱ জাতিৰ বাবে সৰ্বকালৰ সর্বোচ্চ আদৰ্শবান ব্যক্তি।

হজৰত মহম্মদ-চমু পরিচয়:

৫৭০ খ্ৰীষ্টাব্দৰ ২০ এপ্ৰিলত আৰবৰ মক্কা নগৰত বিখ্যাত কোৰাইশ বংশত হজৰত মহম্মদ (ছাঃ)ৰ জন্ম। তেখেতৰ দেউতাকৰ নাম আছিল আব্দুল্লাহ আৰু মাকৰ নাম আছিল আমিনা। হজৰত মহম্মদ (ছাঃ) মাতৃগৰ্ভত থাকোতে তেখেতৰ দেউতাকৰ মৃত্যু হয় আৰু  জন্মৰ ছয় বছৰ বয়সত মাক আমিনাৰ মৃত্যু হয়। পিতৃ-মাতৃহীন মহম্মদ (ছাঃ)ক ককাক আব্দুল-মুত্তালিব আৰু খুৰায়েক আবু তালিবৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হয়।
 
২৫ বছৰ  বয়সত তেখেতে আৰবৰ অন্যতম নওফেল গোত্ৰৰ ইবনে খালেদৰ জীয়েক মোছাম্মদ খাজিৰাৰ লগত বিবাহ পাশত আবদ্ধ হয়। সৰু কালৰ পৰাই হজৰত মহম্মদ (ছাঃ) আছিল সত্যবাদী, দয়ালু, পৰোপকাৰী আৰু সৎ চৰিত্ৰবান। ডাঙৰ হৈ অহাৰ লগে লগে তেওঁ চিন্তাশীল আৰু ঈশ্বৰপৰায়ণ হয়। পয়ত্ৰিশ বছৰ বয়সত তেখেতৰ জীৱনলৈ এক পৰিৱৰ্তন আহে আৰু অধিক চিন্তাশীল হৈ উঠে আৰু মক্কাৰ পৰা তিনি মাইলমান আতঁৰত হীৰা নামে পৰ্বতৰ গুহাত ধ্যান কৰিবলৈ লয়। তেখেতৰ বয়স যেতিয়া ৪০ হয় তেতিয়া এদিন ৰাতি হীৰা গুহাত ধ্যানমগ্ন অৱস্থাত থাকোঁতে ঈশ্বৰৰ বাৰ্তাবাহক হজৰত জিব্রাইল (আঃ)ৰ আগমন ঘটে আৰু তেখেতক ঈশ্বৰৰ পৰা অনা এটি (বাৰ্তা) পঢ়িবলৈ দিয়ে। বাৰ্তাটো আছিল নিম্নৰূপঃ
 
“পাঠ কৰক,  আপোনাৰ প্ৰভুৰ নামত যিজনে গোট মৰা তেজৰ পৰা মানুহক সৃষ্টি কৰিছে। পাঠ কৰক, আপোনাৰ প্ৰভু মহামহিমান্বিত, যিজেন কলমৰ জৰিয়তে মানুহক শিক্ষা দিছে সেইবিষয়সমূহ যিবোৰ তেওঁ জনা নাছিল।”
 
এই আয়াত (বাক্যটো) পাঠ কৰাৰ লগে লগে তেখেতে ঐশ্বৰকি জ্ঞানপ্ৰাপ্ত হয় আৰু ৰছুলৰ মৰ্যদা লাভ কৰে।
 
ইয়াৰ পিছত ৬৩২ খ্ৰীষ্টাব্দলৈ অৰ্থাৎ তেখেতেৰ পৰলোক গমনৰ  ন মাহমান আগলৈকে প্ৰায় ২২ বছৰ ধৰি ছোৱা ছোৱাকৈ নবীজীৰ ওপৰত আল্লাহৰ পৰা অহি (বাৰ্তা) অৱতৰণ হৈ থাকে। আল্লাহৰ পৰা অহা অহিবোৰ পিছলৈ একেলগে গ্ৰন্থ আকাৰে সংকলন কৰি ‘কোৰান’ নাম দিয়া হয়। এই কোৰানখনত মানৱ জাতিৰ বাবে প্ৰয়োজনীয় সকলো দিশ নিৰ্দেশনা দিয়া হৈছে। এই গ্ৰন্থৰ বিধি-বিধান মানি চলা লোকসকলক ‘মুছলমান’ বুলি কোৱা হয়।
 
হজৰত মহম্মদ (ছাঃ)য়ে আল্লাহৰ পৰা লাভ কৰা বাৰ্তা (অহি) প্ৰচাৰ কৰিবলৈ লোৱাত মক্কাৰ পৌত্তলিক লোকসকলে প্ৰৱল বাধাৰ সৃষ্টি কৰে আৰু নবীজীৰ বিৰুদ্ধাচৰণ কৰিবলৈ লয়। এটা সময়ত নবীজীৰ ওপৰত সিহঁতৰ বিৰোধীতা চৰম আকাৰ লয় আৰু নবীজীৰ জীৱন নাশৰ ভাবুকি আহে। তেতিয়া আল্লাহৰ নিৰ্দেশত তেখেতে সংগী আবু বকৰ (ৰাঃ)ক লগত লৈ মক্কাৰ চাৰে চাৰিশ কিলোমিটাৰ উত্তৰ দিশত থকা মদীনালৈ পলাই যায়। মদীনাৰ লোকসকলে তেখেতক উষ্ণ আদৰণি জনায় আৰু তেখেতৰ ওচৰত ইছলাম ধৰ্ম গ্ৰহণ কৰি নবীজীক সিহঁতৰ নেতা হিচাপে গ্ৰহণ কৰে। মদীনাত নবীজীয়ে মুক্তভাৱে ধৰ্ম প্ৰচাৰ কৰিবলৈ লয় আৰু ইছলাম ধৰ্ম দ্ৰুত বিস্তাৰ লাভ কৰিবলৈ ধৰে। ইছলামৰ দ্ৰুত প্ৰচাৰ আৰু ইয়াৰ জনপ্ৰিয়তা দেখি মক্কাৰ পৌত্তলিকসকল শংকিত হৈ পৰে আৰু নবীজীৰ বিৰুদ্ধে কেইবাটাও যুদ্ধ সংঘটিত কৰে। প্ৰায় প্ৰতিটো যুদ্ধতে ইছলামৰ জয় হয়। এনেদৰে মদীনাক কেন্দ্ৰ কৰি নবীজীয়ে এক ইছলামী ৰাষ্ট্ৰ গঠন কৰে আৰু তাত ইছলামী বিধি-বিধানৰ ভিত্তিত শাসন-ব্যৱস্থা প্ৰতিষ্ঠিত কৰে।
 
ইছলাম প্ৰচাৰ কৰি আৰু এখন ইছলামী ৰাষ্ট্ৰ গঠন কৰি আৰব সমাজত পূৰ্বৰ পৰা চলি অহা বহু অন্ধবিশ্বাস, কুসংস্কাৰ আদি সংস্কাৰ কৰি ৬৩২ খ্ৰীষ্টাব্দৰ ২৯ আগষ্টত তেখেতে ইহলোক ত্যাগ কৰে।

হজৰত মহম্মদ: আৰবী ভাষা-সাহিত্যলৈ অৱদানঃ

হজৰত মহম্মদ (ছাঃ) এজন ‘উম্মী’ (নিৰক্ষৰ) লোক আছিল। অৰ্থাৎ তেখেতে পঢ়িব আৰু লিখিব জনা নাছিল। নিৰক্ষৰ হৈয়ো তেখেতে আল্লাহ প্ৰদত্ত কোৰান আৰু তেখেতৰ বাণী, কাৰ্যকলাপ, বক্তৃতা আদিৰ দ্বাৰা আবৰী ভাষা আৰু সাহিত্যৰ জগতলৈ এক অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে।
 
পবিত্ৰ কোৰানখনে আৰবী সাহিত্যৰ ভাণ্ডাৰত এক বিশেষ স্থান দখল কৰি আহিছে। ইয়াৰ ভাষা গদ্য আৰু পদ্যৰ এক অপূৰ্ব সংমিশ্ৰন। এইখন এনেকুৱা ৰীতিত ৰচিত হৈছিল যি আছিল পূৰ্ব দৃষ্টান্তহীন আৰু অতুলনীয়। ইয়াৰ ভাষা ৰীতি, শব্দ চয়ন, অলংকাৰ আদিয়ে সেইসময়ৰ আৰবী ভাষা আৰু সাহিত্যৰ ওপৰত এক গভীৰ প্ৰভাৱ পেলায় আৰু আৰবী ভাষাক  স্থিৰতা, সাৰ্বজনীনতা প্ৰদান কৰি আৰবী ভাষা-সাহিত্যক এক নতুন গতি প্ৰদান কৰে। ইয়াক প্ৰাথমিক ইছলামী যুগৰ আৰবী ভাষা-সাহিত্যৰ প্ৰধান উৎস হিচাপে বিবেচনা কৰা হয়।
 
কোৰানৰ পিছতে প্ৰাথমিক ইছলামী যুগৰ আৰবী ভাষা-সাহিত্যৰ এক বলিষ্ঠ আৰু উল্লেখযোগ্য উৎস হ’ল হাদীছ শ্বৰিফসমূহ। ‘হাদীছ’ বুলিলে আল্লাহৰ নবী হজৰত মহম্মদ (ছাঃ)ৰ মুখেৰে কোৱা কথা, হাতেৰে কৰা কাম আৰু অনুমোদন কৰা সকলো বিষয়কে বুজোৱা হয়। আন কথাত, হজৰত মহম্মদ (ছাঃ)ৰ জীৱন যাপন প্ৰণালী, বিভিন্ন স্থানত থকা তেখেতৰ প্ৰতিনিধিসকল আৰু দেশ-বিদেশৰ বিশিষ্ট ব্যক্তিসকললৈ লিখা চিঠি-পত্ৰ, তেখেতৰ ওচৰলৈ অহা বিভিন্ন ব্যক্তি,  বন্ধু, সহচৰ, আত্মীয়-স্বজন, আৰু তেখেতৰ লগত হোৱা বিভিন্ন যুদ্ধ-বিগ্ৰহ, আদিৰ বিৱৰণকো হাদীছ গ্ৰন্থসমূহত অন্তৰ্ভূক্ত হৈছে। 
 
হজৰত মহম্মদ (ছাঃ)ৰ হাদীছৰ ভাষা আছিল সহজ, সৰল আৰু পোনপটীয়া। ই আছিল ব্যাকৰণসন্মত আৰু বাহুল্য বৰ্জিত। সেয়ে এই গদ্যই সকলোকে আকৰ্ষিত কৰিছিল আৰু হাদীছৰ গদ্যৰ আৰ্হিতেই পিছত আৰবী ভাষাই গঢ়  লৈছিল। তেখেতৰ গদ্যৰ নমুনা কিমান সৰল, পোনপটীয়া, সহজ আৰু বিষয়বস্তুৰ পিনৰ পৰা বাস্তৱসন্মত আছিল তাৰ আৰ্হিস্বৰূপ তলত বিদায় হজৰ সময়ত আৰাফতত দিয়া তেখেতৰ জীৱনৰ অন্তিম ভাষণৰ পৰা কিয়দাংশ উদ্ধৃত কৰা হ’লঃ
 
“আপোনালেকে এই মাহটোক, আজিৰ দিনটোক আৰু এই চহৰটোক যিদৰে পবিত্ৰ বুলি গণ্য কৰে, ঠিক তেনেদৰে প্ৰতিজন মুছলমানৰ জীৱন আৰু সম্পত্তিক এক পবিত্ৰ নিধি বুলি গণ্য কৰক। আপোনালোকৰ ওচৰত গচ্ছিত ৰখা সামগ্ৰীবোৰ সঠিক মালিকসকলক ঘূৰাই দিয়ক। কাকো আঘাত নকৰিব যাতে কোনেও আপোনাক আঘাত নকৰে। মনত ৰাখিব যে আপুনি নিশ্চয় আপোনাৰ প্ৰভুক লগ পাব লাগিব আৰু তেওঁ আপোনাৰ কাৰ্যৰ বিচাৰ কৰিব।”
 
“হে লোকসকল, তোমালোকৰ স্ত্ৰীসকলৰ ওপৰত তোমালোকৰ যেনেকুৱা অধিকাৰ আছে, তোমালোকৰ ওপৰতো তেওঁলোকৰ অধিকাৰ তেনেকুৱাই। আল্লাহক সাক্ষী কৰি তোমালোকে সিহঁতক গ্ৰহণ কৰিছা আৰু আল্লাহৰ আদেশ মতে সিহঁতক তোমালোকৰ বাবে বৈধ কৰি লৈছা। তেওঁলোকৰ প্ৰতি সদয় ব্যৱহাৰ কৰিবা।”

হজৰত মহম্মদ-সামৰণি:

এনেদৰে নিৰক্ষৰ হৈয়ো হজৰত মহম্মদ (ছাঃ)য়ে আৰবী ভাষা আৰু সাহিত্যলৈ বিশেষকৈ গদ্য সাহিত্যলৈ অকল অৱদান আগবঢ়োৱাই নহয়, আৰবী গদ্যক এক নতুন গতি প্ৰদান কৰিছিল যাৰ ওপৰত ভিত্তি কৰি আৰবী ভাষাই আজি বিশ্বৰ এক মৰ্যদাশীল ভাষাত পৰিণত হৈছে। ০ ০ ০.
.
বি দ্রঃ উক্ত ‘হজৰত মহম্মদ । Hazarat Mohammad’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ‘ গ্রন্থখনৰ পৰা লোৱা হৈছে।
.

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

Additional Searches:

LEAVE A REPLY

Please enter your comment!
Please enter your name here