Home Ass Grammar হাৰিছ বিন হিল্লিজা | Haris bin Hillija

হাৰিছ বিন হিল্লিজা | Haris bin Hillija

0

হাৰিছ বিন হিল্লিজা | Haris bin Hillija

হাৰিছ বিন হিল্লিজা  Haris bin Hillija

হাৰিছ বিন হিল্লিজা | Haris bin Hillija

হাৰিছ বিন হিল্লিজা: চমু  পৰিচয়:

প্ৰাক-ইছলামী যুগৰ কবিসকলৰ মাজৰ এজন অন্যতম মুৱাল্লাকা কবি আছিল হাৰিছ বিন হিল্লিজা। তেওঁ বনু বকৰ গোত্ৰত খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ প্ৰাক কালত জন্ম গ্ৰহণ কৰিছিল বুলি অনুমান কৰা হয়। তেওঁৰ সম্পূৰ্ণ নাম আছিল আবু জালীম আল হাৰিছ বিন হিল্লিজা। তেওঁ শৈশৱৰ পৰাই বনু বকৰ গোত্ৰ আৰু তাঘলিব গোত্ৰৰ মাজত সময়ে সময়ে চলি থকা যুদ্ধ প্ৰত্যক্ষ কৰিছিল আৰু নিজকে মানসিকভাৱে শক্তিশালী আৰু সাহসী কৰি তুলিছিল। জনা যায় যে তেওঁ হেনো সৰুকালতে কুষ্ঠ ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছিল। কিন্তু এই বেমাৰেও তেওঁৰ মানসিকতাক দুৰ্বল কৰিব পৰা নাছিল। তেওঁ কুষ্ঠ ৰোগী হোৱা সত্বেও কেইবাটাও যুদ্ধত অংশ গ্ৰহণ কৰিছিল আৰু বৃদ্ধ বয়সত তেওঁ নিজ গোত্ৰৰ যুদ্ধৰ দায়িত্ব গ্ৰহণ কৰিছিল। সেই সময়ত বনুবকৰ আৰু তাঘলিব গোত্ৰৰ মাজত চলি থকা যুদ্ধৰ ফলত দুয়োপক্ষৰে যথেষ্ট ক্ষয়-ক্ষতি হৈছিল। বনু বকৰ গোত্ৰৰ হৈ হাৰিচ বিন হিল্লিজা আৰু তাঘলিব গোত্ৰৰ প্ৰতিনিধিস্বৰূপ আমৰ বিন কুলছুমে কবিতা ৰচনা কৰিছিল। আমৰ বিন কুলছুমৰ দৰে হাৰিছো আত্মমৰ্যাদা সচেতন ব্যক্তি আছিল আৰু কোনো দিন কাৰো ওচৰত মূৰ নত কৰা নাছিল। ৰাজকীয় বিষয়তো তেওঁ প্ৰচুৰ অভিজ্ঞতা আৰু দক্ষতা আছিল । সেয়ে তেওঁ জীৱনৰ শেষ বয়সত হীৰাৰ ৰজাৰ ৰাজসভাত স্থান পাইছিল।

হাৰিছ বিন হিল্লিজা: কাব্য প্ৰতিভাঃ

হাৰিচ বিন হিল্লিজা আছিল প্ৰাক ইছলামী যুগৰ কবি আৰু তেওঁৰ কবিতাত তেওঁৰ পূৰ্বৱৰ্তী আৰু সমসাময়িক কবিৰ প্ৰভাৱ স্পষ্ট। তেওঁ ৰচনা কৰা কবিতাৰ সংখ্যা কিমান আছিল সেয়া অজ্ঞাত। মাত্ৰ তেওঁৰ মুৱাল্লাকা কবিতাটো কালৰ হাতৰ পৰা ৰক্ষা পাই বৰ্তি আছে। এই কবিতাটো এটি কাছিদা আৰু ই ৮২ টা শাৰীত সমাপ্ত হৈছে।
 
কবিতাটো পৰম্পৰাগত কাচিদা শৈলীত ৰচিত হৈছে। কবিয়ে তেওঁৰ প্ৰেয়সী  আছমাৰ বিদায়ৰ প্ৰসঙ্গৰে কবিতাটি আৰম্ভ কৰিছে। তেওঁ প্ৰেয়সীৰ বিৰহত বেদনাহত। তেওঁ প্ৰেয়সীৰ লগত বিগত দিনত কটোৱা ঠাইসমূহৰ বিষয়ে ৰোমন্থন কৰিছে আৰু কৈছে যে তেওঁৰ এই বিৰহ বেদনা সহ্য হোৱা নাই। তেওঁৰ দুচকুৱেদি চকুলো বৈ আহিছে। সম্ভৱতঃ তেওঁৰ প্ৰেয়সীয়ে তেওঁক পাহৰি কোনো এক পাহাৰৰ শিখৰত অগৰু কাঠেৰে জুই জ্বলাইছে আৰু সেই জুইৰ পোহৰে তেওঁৰ প্ৰেয়সীৰ অংগ-প্ৰত্যঙ্গ জিলিকি উঠিছে। কবিয়ে তেওঁৰ প্ৰেয়সীক লগ পাবলৈ ব্যাকুল হৈছে আৰু উটপক্ষীৰ দৰে দীঘল দ্ৰুতগামী উটৰ পিঠিত উঠি প্ৰেয়সীক বিচাৰি গৈছে।
 
এইদৰে বিৰহ বেদনাৰ বৰ্ণনা দাঙি ধৰি কবিয়ে প্ৰতিপক্ষৰ লগত হোৱা নিজ গোত্ৰৰ যুদ্ধৰ বৰ্ণনা দিছে। বৰ্ণনাটোত বনু বকৰ গোত্ৰ আৰু তাঘলিব গোত্ৰৰ মাজত চলা যুদ্ধৰ কাহিনী আছে।  এই বৰ্ণনাৰ মাজত নিজ গোত্ৰৰ গৌৰৱগাঁথা উল্লেখ কৰি হীৰাৰ ৰজাৰ লগত বকৰসকলৰ বন্ধুত্বৰ বিষয়ে উল্লেখ কৰিছে। পিছত নিজ গোত্ৰৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি প্ৰতিপক্ষ তাঘলিব গোত্ৰৰ নিন্দাৰে কবিতাটি সামৰণি মাৰিছে।
 
কবিতাটি যদিও পৰম্পৰাগত কাছিদা শৈলীত ৰচিত তথাপি অন্যান্য কবিৰ কাছিদাৰ দৰে হিল্লিজাৰ এই কবিতাটো কাব্যিক শক্তিত দুৰ্বল।  ইয়াত বৰ্ণনাৰ চাতুৰ্য আৰু চমৎকাৰিত্বৰ অভাৱ পৰিলক্ষিত হয়। তেওঁৰ কল্পচিত্ৰও গতানুগতিক আৰু অভিনৱত্বহীন। তেওঁৰ ভাষা সৰল কিন্তু ছন্দোময়। ০ ০ ০.
হাৰিছ বিন হিল্লিজা

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..
 

LEAVE A REPLY

Please enter your comment!
Please enter your name here