Home Kabita হীৰেন ভট্টাচাৰ্যৰ কবিতাত আশাবাদ

হীৰেন ভট্টাচাৰ্যৰ কবিতাত আশাবাদ

0

হীৰেন ভট্টাচাৰ্যৰ কবিতাত আশাবাদ

হীৰেন ভট্টাচাৰ্যৰ কবিতাত আশাবাদ

 

হীৰেন ভট্টাচাৰ্যৰ কবিতাত আশাবাদ

হীৰেন ভট্টাচাৰ্যৰ কবিতাত আশাবাদ

সমস্যা জৰ্জৰিত এইখন মানৱ পৃথিৱীত কৰ্তব্য পথত আগবাঢ়ি যোৱাৰ প্ৰথম আৰু প্ৰধান প্ৰেৰণা হৈছে জীৱনৰ প্ৰতি এক আশাবাদী দৃষ্টিভঙ্গী। জীৱনৰ প্ৰতি আশা নথকা ব্যক্তি এজনৰ কোনো দৰ্শন নাই, জীৱনৰ কোনো মাদকতা নাই আৰু জীৱনৰ প্ৰতি যাৰ মাদকতা নাই সি জীয়াই থকাৰো যোগ্য নহয়। শত সমস্যাত পোত খাই থকা মানৱ সমাজক আশাবাদৰ জিলিঙনিৰে জীয়াই ৰাখে শিল্পী সাহিত্যিকসকলে। কাৰণ সমাজৰ প্ৰতি সিহঁতৰ এক সুকীয়া দায়বদ্ধতা আছে। সেয়ে সিহঁতে সমাজত আশাবাদৰ প্ৰতিনিধিত্ব কৰে। হতাশাত ভোগা জাতি এটাক নিৰাশাৰ বাণীৰে জগাব নোৱাৰি; পাৰি আশাৰ সঞ্জীৱনী মহামন্ত্ৰৰেহে। কবি হীৰেন ভট্টাচাৰ্য সমাজৰ কবি। মানৱ সমাজক সুখ শান্তিৰে ভ’ৰা এখন সাম্য-মৈত্ৰীৰ আদৰ্শ সমাজলৈ আগুৱাই লৈ যোৱাই তেওঁৰ লক্ষ্য। সেয়ে তেওঁৰ কবিতাত নিৰাশা আৰু হতাশাৰ ছবি থকাৰ লগে লগে সুন্দৰ ভৱিষ্যতৰ প্ৰতি সবল আশাৰ ৰেঙনিও আছে। তেওঁৰ আশাবাদ হৈছে সাম্যবাদী সমাজবাদৰ সপক্ষে।

কবি সমাজৰ বিভিন্ন অৱক্ষয়মান দিশৰ প্ৰতি সচেতন। তেওঁ নিজেও জীৱন পথত খোজ পেলাওঁতে হতাশাৰ গ্ৰাসত পৰিছে যদিও এক উজ্জ্বল ভৱিষ্যতৰ আশা এৰা নাই।  তেওঁ আশা কৰিছে  ভৱিষ্যতত নিশ্চয় সমাজ কলুষমুক্ত হ’ব অৰ্থাৎ জনসাধাৰণ সচেতন হৈ সাম্যবাদৰ পক্ষে বিপ্লৱ কৰিব আৰু এক শ্ৰেণীহীন সাম্য-মৈত্ৰীৰ সমাজ প্রতিষ্ঠা হ’ব। কবিয়ে সেয়ে কৈছে–

“কলঘৰৰ কলা ধোঁৱাই 

এদিন আকাশত বিজুলী জ্বলাব, 

ৰাস্তাৰ কাষৰ এইজাক ল’ৰাই 

জীৱনৰ বাটে বাটে ফুল ফুলাব, 

ব্যধিগ্ৰস্ত এই নগৰে এদিন

আকাশলৈ মূৰ তুলি চাব- আকাশ ইমান বহল!

দ-কৈ উশাহ লৈ ক’ব- বতাহ ইমান কোমল!” (নাগৰিক)

কবি বিপ্লৱত বিশ্বাসী। তেওঁ বিশ্বাস কৰে যে বিপ্লৱৰ পৰিণাম নিশ্চয় সাম্যবাদী সমাজ। সেয়ে তেওঁ বিপ্লৱৰ শেষত অপৰূপ পৃথিৱীৰ সপোন দেখি লিখিছে–

“এই জুইকুৰা ময়েই জ্বলালো

জানো আই, এই জুইৰ পোহৰত

তোমাৰ ৰুগ্ন মুখত উদ্ভাসিত হৈ উঠিব 

পৃথিৱীৰ অপৰূপ ৰূপ

সেয়ে জুইকুৰা ময়েই জ্বলালো।” (শোভাযাত্ৰাত নিহতজনৰ কবিতা)

হীৰেন ভট্টাচাৰ্য সমাজৰহে কবি। সমাজৰ অৱক্ষয়মান দিশ কবিতাৰ মাজেৰে মূৰ্ত কৰি জনগণৰ আগত দাঙি ধৰি সিহঁতক সমাজ সচেতন কৰি তোলাই তেওঁৰ কবিতাৰ  উদ্দেশ্য। সেয়ে তেওঁৰ কবিতাত আশাবাদৰ সুৰ বিদ্যমান। কিন্তু তেওঁৰ আশাবাদী কবিতাৰ সংখ্যা তেনেই তাকৰ। শেষত ক’ব পাৰি যে কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাত আশাবাদৰ চিত্ৰ সণ্ঢালনিকৈ নাথাকিলেও তেওঁৰ কবিতাই পাঠকসকলক  ভৱিষ্যতৰ প্ৰতি আশাবাদী দৃষ্টিভঙ্গী গ্ৰহণ কৰাত উদ্বুদ্ধ কৰি তোলে। ০ ০ ০

হীৰেন ভট্টাচাৰ্যৰ কবিতাত আশাবাদ হীৰেন ভট্টাচাৰ্যৰ কবিতাত আশাবাদ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here