Home Quiz ৰাজনীতি বিজ্ঞান কুইজ। Political Science Quiz

ৰাজনীতি বিজ্ঞান কুইজ। Political Science Quiz

0
ৰাজনীতি বিজ্ঞান কুইজ । Political Science Quiz
ৰাজনীতি বিজ্ঞান কুইজ। Political Science Quiz
ৰাজনীতি বিজ্ঞান কুইজ, Political Science Quiz

ৰাজনীতি বিজ্ঞান কুইজ

প্ৰশ্নঃ NATO সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ North Atlantic Treaty Organisation.

প্ৰশ্নঃ NIEO ৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ New International Economic Order.

প্ৰশ্নঃ CENTO ৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ Central Treaty Organisation.

প্ৰশ্নঃ LOCS  কি?

উত্তৰঃ Line of Controls.

প্ৰশ্নঃ NAM সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ Non-Aligned Movement.

প্ৰশ্নঃ LDCs কি?

উত্তৰঃ Least Developed Countries.

প্ৰশ্নঃ কোন চনত জাৰ্মানীৰ একত্ৰিকৰণ কৰা হয়?

উত্তৰঃ 1990 চনত।

প্ৰশ্নঃ ‘শীতল যুদ্ধ’ (Cold War)  বুলিলে কি বুজা?

উত্তৰঃ দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত বিশ্বৰ দুই মহাশক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ মাজত বিশ্ব ৰাজনীতিত আধিপত্য স্থাপনক লৈ চলা প্ৰতিযোগিতা আৰু কুটনৈতিক অৰিয়া-অৰিক শীতল যুদ্ধ বুলি কোৱা হয়।

প্ৰশ্নঃ শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ 1945 চনত।

প্ৰশ্নঃ শীতল যুদ্ধ কেতিয়া শেষ হৈছিল?

উত্তৰঃ 1991  চনত।

প্ৰশ্নঃ ৱাৰশ্ব চুক্তি (Warsaw Pact)ৰ  প্ৰধান কাৰ্য কি আছিল?

উত্তৰঃ ৱাৰশ্ব চুক্তি (Warsaw Pact) ৰ প্ৰধান কাম আছিল ত্ত্বট্টথ্বত্থ ক প্ৰতিৰোধ কৰা।

প্ৰশ্নঃ কিউবা সংকট (Cuba Crisis) কি?

উত্তৰঃ কিউবা সংকট (Cuba Crisis) হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰই ছোভিয়েট ৰাছিয়াক কিউবালৈ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ কঢ়িয়াই নিয়াত বাধা দিয়াৰ ফলস্বৰূপে সৃষ্টি হোৱা মতানৈক্য।

প্ৰশ্নঃ দুই মহাশক্তিৰ নাম লিখা।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়া।

প্ৰশ্নঃ কোন চনত আমেৰিকাই জাপানৰ হিৰোশ্বিমা আৰু নাগাছাকিত আণৱিক বোমা নিক্ষেপ কৰিছিল?

উত্তৰঃ 1945 চনত ।

প্ৰশ্নঃ CENTO ৰ উদ্দেশ্য পৃথকীকৰণ নে?

উত্তৰঃ CENTO ৰ উদ্দেশ্য পৃথকীকৰণ নহয়। ইয়াৰ উদ্দেশ্য হ’ল- স্বাধীন বৈদেশিক নীতি গ্ৰহণ কৰা আৰু শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰা।

প্ৰশ্নঃ গোষ্ঠী নিৰেপক্ষ আন্দোলনৰ প্রতিষ্ঠাপক কোন আছিল? 

উত্তৰঃ যচিব ব্রোস টিটু।

প্ৰশ্নঃ গোষ্ঠী নিৰেপক্ষ আন্দোলনৰ প্ৰথম সন্মিলন কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ 1961 চনত,  বেলগ্ৰেডত।

প্ৰশ্নঃ গোষ্ঠী  নিৰেপক্ষ আন্দোলনৰ প্ৰথম অধিৱেশনত কেইখন সদস্য ৰাষ্ট্ৰ উপস্থিত আছিল?

উত্তৰঃ 25 খন।

প্ৰশ্নঃ ‘গোষ্ঠী নিৰেপক্ষতা নিৰ্লিপ্তবাদ নহয়, কিয়নো নিৰ্লিপ্তবাদ মানে ঘটনাক্ৰমৰ পৰা আঁতৰি থকা বুজায়।’ – কথাষাৰ সঁচানে?

উত্তৰঃ সঁচা।

প্ৰশ্নঃ দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত বোমা পৰা দুখন ঠাইৰ নাম লিখা।

উত্তৰঃ হিৰোশ্বিমা আৰু নাগাচাকি।

প্ৰশ্নঃ ৱাৰশ্ব চুক্তি (Warsaw Pact)  বুলিলে কি বুজা?

উত্তৰঃ ৱাৰশ্ব চুক্তি (Warsaw Pact) হ’ল 1955 চনত ছোভিয়েট ৰাছিয়াৰ নেত্বত্বত পোলেণ্ড, পূৰ্ব জাৰ্মানী, হাঙ্গেৰী আৰু চেকশ্লোভাকিয়াকে ধৰি 8 খন ৰাষ্ট্ৰই লগ হৈ NATO ক প্ৰত্যাহ্বান জনাবলৈ সম্পাদন কৰা এক সামৰিক চুক্তি।

প্ৰশ্নঃ কিউবা সংকট ………. চনত হৈছিল। (খালী ঠাই পূৰণ কৰা)

উত্তৰঃ 1962

প্ৰশ্নঃ SEATO ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ South East Asia Treaty Organisation.

প্ৰশ্নঃ বাৰ্লিন দেৱালৰ ৰ্দ্ঘৈ কিমান কিলোমিটৰ আছিল?

উত্তৰঃ 150 কি. মি.।

প্ৰশ্নঃ ‘বাৰ্লিন দেৱাল’ৰ কেতিয়া পতন হয়?

উত্তৰঃ 1989 চনত।

প্ৰশ্নঃ ‘ছোভিয়েট গণৰাজ্যৰ ভিতৰত কোনখন গণৰাজ্য প্ৰথমে স্বাধীন বুলি ঘোষণা কৰে?

উত্তৰঃ লিথুৱানিয়া।

প্ৰশ্নঃ শ্বক থেৰাপী (Shock Therapy) মানে কি?

উত্তৰঃ সমাজবাদী গোষ্ঠী পতনৰ পিছত পূৰ্বৰ সমাজবাদী ৰাষ্ট্রবোৰক পুঁজিবাদী গণতান্ত্ৰিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ যি প্ৰক্ৰিয়া বিশ্ববেংক আৰু আন্তঃৰ্জাতিক মুদ্ৰা নিধিৰ উদ্দ্যোগত আৰম্ভ হৈছিল, তাকে বিশ্ব ৰাজনীতিত ‘Shock Therapy’ বুলি কোৱা হয়।

প্ৰশ্নঃ CIS ৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ Commonwealth of Independent States.

প্ৰশ্নঃ কোন চনত ৰাষ্ট্ৰসংঘত ৰাছিয়াই পূৰ্বৰ ছোভিয়েট ইউনিয়ৰ আসন গ্ৰহণ কৰিছিল?

উত্তৰঃ 1991 চনত। 

প্ৰশ্নঃ কোনখন দেশৰ পতনৰ লগে লগে শীতল যুদ্ধৰ অৱসান ঘটায়?

উত্তৰঃ ছোভিয়েট ইউনিয়ন।

প্ৰশ্নঃ পূৰ্বৰ ছোভিয়েট ইউনিয়নত কিমানখন গণৰাজ্য আছিল?

উত্তৰঃ 15 খন। 

প্ৰশ্নঃ বলচেভিক সাম্যবাদী দলৰ প্রতিষ্ঠাপক কোন আছিল?

উত্তৰঃ বৰিচ য়াল্টচিন।

প্ৰশ্নঃ কেতিয়া ছোভিয়েট ৰাছিয়াৰ জন্ম হয়?

উত্তৰঃ 1917 চনত।

প্ৰশ্নঃ কেতিয়া পাৰমাণৱিক নিঃসম্প্ৰসাৰণ চুক্তি স্বাক্ষৰিত হৈছিল?

উত্তৰঃ 1964 চনৰ 1 জুলাইত।

প্ৰশ্নঃ ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত বিশ্বত কোন শক্তি একক মহাশক্তি হৈছিল?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ।

প্ৰশ্নঃ কোন চনত আমেৰিকাই জাপানৰ হিৰোশ্বিমা আৰু নাগাছাকিত আণৱিক বোমা নিক্ষেপ কৰিছিল?

উত্তৰঃ 1945 চনত ।

প্ৰশ্নঃ কোন চনত ৱাৰশ্ব সন্ধি ভংগ হৈছিল?

উত্তৰঃ 1991 চনত। 

প্ৰশ্নঃ বলছেভিক কমিউনিষ্ট পাৰ্টিৰ প্রতিষ্ঠাতা কোন আছিল?

উত্তৰঃ লেলিন।

প্ৰশ্নঃ কেতিয়া ছোভিয়েট ৰাছিয়াৰ উত্থান হয়?

উত্তৰঃ 1917  চনত।

প্ৰশ্নঃ কেতিয়া দ্বি-মেৰুকৰণৰ অৱসান ঘটে?

উত্তৰঃ 1991 চনত।

প্ৰশ্নঃ  কোনে ছোভিয়েট ৰাছিয়াত সংস্কাৰ আৰম্ভ কৰিছিল?

উত্তৰঃ মিখাইল গৰ্বাচেেভ।

প্ৰশ্নঃ চোভিয়েট ৰাছিয়াৰ পতনৰ তাৎক্ষণিক কাৰণ কি আছিল?

উত্তৰঃ চোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে গৰ্বাচেভ 1991 চনৰ 25 ডিচেম্বৰত পদত্যাগ কৰাৰ লগে লগে ছোভিয়েট ইউনিয়নৰ পৰিসমাপ্তি ঘটে।

প্ৰশ্নঃ কোনখন দেশৰ পতনক ‘দ্বিতীয় বিশ্বৰ পতন’ বুলি কোৱা হয়?

উত্তৰঃ ছোভিয়েট ইউনিয়ন।

প্ৰশ্নঃ এক মেৰু ৰাষ্ট্ৰ বুলিলে কি বুজা?

উত্তৰঃ ‘এক মেৰু ৰাষ্ট্ৰ’ বুলিলে এনে এখন ৰাষ্ট্ৰক বুজোৱা হয় যি বিশ্বৰ সৰ-বৰ অন্যান্য ৰাষ্ট্ৰৰ ওপৰত সামৰিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰভাৱ বিস্তাৰ কৰে।

প্ৰশ্নঃ ছোভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংকট কোনে আৰম্ভ কৰিছিল?

উত্তৰঃ মিখাইল গৰ্বাচেভ।

প্ৰশ্নঃ ‘এক মেৰু ব্যৱস্থা বুলিলে কি বুজা?

উত্তৰঃ পৃথিৱীৰ প্ৰায়বোৰ ক্ষমতা আৰু প্ৰতিপত্তি যেতিয়া এটা কেন্দ্ৰ বা এখন দেশত কেন্দ্ৰীভূত হৈ পৰে, তেতিয়া তাক এককেন্দ্ৰিক পদ্ধতি বা ‘এক মেৰু ব্যৱস্থা’ বুলি কোৱা হয়।

প্ৰশ্নঃ তলৰ উক্তিটো শুদ্ধ কৰা–

‘বিশ্ব আধিপত্যৰ শিপাডাল আছে প্ৰাচীন ৰোমত।’

উত্তৰঃ বিশ্ব আধিপত্যৰ শিপাডাল আছে প্ৰাচীন গ্ৰীচত।

প্ৰশ্নঃ  ‘নমনীয় শক্তি’ কি?

উত্তৰঃ এখন ৰাষ্ট্ৰই নিজৰ আদৰ্শ তথা চিন্তাধাৰাৰ প্ৰভাৱৰ দ্বাৰা অন্যান্য ৰাষ্ট্ৰৰ ওপৰত প্ৰভূত্ব বিস্তাৰ কৰিবলৈ সক্ষম হোৱাকে ‘নমনীয় শক্তি’ বোলে।

প্ৰশ্নঃ ‘কঠিন শক্তি’ কি?

উত্তৰঃ অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত তথা সুগঠিত সামৰিক বাহিনীৰ সমৰ্থতাকে ‘কঠিন শক্তি’ বোলে।

ৰাজনীতি বিজ্ঞান কুইজ, Political Science Quiz

প্ৰশ্নঃ ‘অপাৰেশ্যন ডেজাৰ্ট ষ্ট্ৰম’ কি?

উত্তৰঃ কুৱেটক ইৰাকৰ কৱলৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে 1991 চনত 660,000 সৈনিকেৰে গঠিত 34 খন ৰাষ্ট্ৰৰ সন্মিলিত গোট এটাই ইৰাকৰ বিৰুদ্ধে চলোৱা অভিযানক “অপাৰেচন ডেজাৰ্ট ষ্ট্ৰম’ বা ‘মৰুভূমিৰ ধুমুহা অভিযান’ বুলি কোৱা হয়।

প্ৰশ্নঃ গঠনমূলক শক্তি হিচাপে আধিপত্যৰ এটি উদাহৰণ দিয়া।

উত্তৰঃ যোগাযোগৰ বাবে সাগৰীয় পথ।

প্ৰশ্নঃ কোনে কাৰ বিৰুদ্ধে  ‘অপাৰেশ্যন এনডিউৰং ফ্রিডম’ পৰিচালনা কৰিছিল?

উত্তৰঃ আমেৰিকাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশেষকৈ আফগানিস্থানৰ তালিবানসকল আৰু ‘অল- কায়দা’ সংগঠনটোৰ বিৰুদ্ধে ‘অপাৰেশ্যন এনডিউৰিং ফ্রিডম’ পৰিচালনা কৰিছিল।

প্ৰশ্নঃ গোলকীয় ৰাজহুৱা পণ্যৰ এটি উদাহৰণ দিয়া।

উত্তৰঃ ইন্টাৰনেট।

প্ৰশ্নঃ গোলকীয় গাওঁ কি?

উত্তৰঃ গোলকীয় গাওঁ বুলিলে তথ্য-প্ৰযুক্তি আৰু সংযোগ ব্যৱস্থাৰ দ্ধাৰা সংকুচিত হোৱা বৰ্তমানৰ বিশ্বখনক বুজায়।

প্ৰশ্নঃ 1881 চনত মাৰ্কিন যুক্তৰাষ্ট্ৰত প্রতিষ্ঠা কৰা প্ৰথমখন বাণিজ্যিক স্কুলৰ নাম কি?

উত্তৰঃ হাৰ্টন স্কুল।

প্ৰশ্নঃ মাৰ্কিন যুক্তৰাষ্ট্ৰত কেতিয়া প্ৰথম এম বি এ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰঃ  1950 চনত।

প্ৰশ্নঃ প্রথম  উপসাগৰীয় যুদ্ধৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আছিল?

উত্তৰঃ জৰ্জ এইচ ডব্লিউ  বুশ্ব।

প্ৰশ্নঃ কোন চনত মাৰ্কিন সামৰিক গৱেষণা প্ৰকল্প আৰম্ভ হৈছিল?

উত্তৰঃ  1950 চনত। 

প্ৰশ্নঃ কেতিয়াৰ পৰা আন্তৰ্জাতিক প্ৰেক্ষাপটত আমেৰিকাৰ আধিপত্য আৰম্ভ হৈছিল?

উত্তৰঃ 1991 চনত ।

প্ৰশ্নঃ ‘9/11’ আক্ৰমণত কিমান লোকৰ মৃত্যু হৈছিল?

উত্তৰঃ 3,000 জন।

প্ৰশ্নঃ‘অল-কাইদা’ কি?

উত্তৰঃ ‘অল- কাইদা’ হ’ল আফগানিস্থিত এটা সন্ত্ৰাসবাদী সংগঠন। এই সংগঠনটোৱে 2001 চনৰ 11 চেপ্তেম্বত আমেৰিকাত বিমানেৰে আক্ৰমণ চলাই প্ৰায় 3,000 জন লোকৰ মৃত্যু ঘটাইছিল।।

প্ৰশ্নঃ সাম্প্ৰতিক বিশ্ব ৰাজনীতিত ‘এক মেৰু’য়ে কি সুচায়?

উত্তৰঃ  সাম্প্ৰতিক বিশ্বত আমেৰিকা যুক্তৰাষ্ট্ৰই একচেতীয়া আধিপত্য বিস্তাৰ কৰিছে – ইয়াকে ‘এক মেৰু’ বোলা হয়।

প্ৰশ্নঃ  NATO ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ North Atlantic Treaty Organisation.

প্ৰশ্নঃ প্ৰথম ইউৰোপীয় যুদ্ধক ‘মৰুভূমি ধুমুহা অভিযান’ বুলিও জনা যায়। (হয়নে নহয় লিখা) 

উত্তৰঃ হয়।

প্ৰশ্নঃ 1985 চনত ছোভিয়েট ইউনিয়নত কোনে সংস্কাৰ সাধন কৰিছিল? 

উত্তৰঃ মিখাইল গৰ্বাচেেভ।

প্ৰশ্নঃ ‘কিমান চনত ইৰাকে কৱেইট আক্ৰমণ কৰিছিল?

উত্তৰঃ 1990 চনত।

প্ৰশ্নঃ ‘মৰুভূমি ধুমুহা অভিযান’ মানে কি?

উত্তৰঃ 1990চনত ৰাষ্ট্ৰসংঘই ইৰাকৰ বিৰুদ্ধে কৰা সামৰিক অভিযানক ‘মৰুভূমিৰ ধুমুহা অভিযান’ বুলি কোৱা হয়।

প্ৰশ্নঃ চীনৰ কমিউনিষ্ট বিপ্লৱৰ নেতা কোন আছিল?

উত্তৰঃ মাও চে টুং।

প্ৰশ্নঃ ‘খোলা (মুক্ত) দুৱাৰৰ নীতি’ কি?

উত্তৰঃ ‘খোলা দুৱাৰ ‘বা মুক্ত দুৱাৰ’ হ’ল 1978  চনত চীন দেশত ঘোষণা কৰা এক নীতি যি নীতিৰ উদ্দেশ্য হ’ল বিদেশৰ পৰা আমদনি কৰা মুলধন আৰু প্ৰযুক্তি বিদ্যা বিনিয়োগ কৰি উৎপাদনশীলতা বৃদ্ধি কৰা। 

প্ৰশ্নঃ কোন বছৰত একক বজাৰৰ সৃষ্টি কৰা হৈছিল?

উত্তৰঃ 1993 চনত একক বজাৰৰ সৃষ্টি কৰা হৈছিল।

প্ৰশ্নঃ কোন চনত ভাৰতৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীয়ে চীন ভ্ৰমণ কৰিছিল?

উত্তৰঃ ৰাজীৱ গান্ধীয়ে 1988 চনত চীন ভ্ৰমণ কৰিছিল।

প্ৰশ্নঃ ইউৰোপীয় ইউনিয়নৰ মুদ্ৰা কি?

উত্তৰঃ ইউৰো।

প্ৰশ্নঃ মাৰ্শ্বাল পৰিকল্পনা কি?

উত্তৰঃ 1948 চনত আমেৰিকা যুক্তৰাষ্ট্ৰই ইউৰোপীয় অৰ্থনীতি পুনৰ উত্থানৰ বাবে প্ৰচুৰ বিত্তীয় সাহাৰ্য্য আগবঢ়োৱাৰ বাবে যি পৰিকল্পনা হাতত লৈছিল তাকে ‘মাৰ্শ্বাল পৰিকল্পনা’ বুলি কোৱা হয়।

প্ৰশ্নঃ ‘বেংকক ঘোষণা পত্ৰ’ কি?

উত্তৰঃ 1967 চনত ইণ্ডোনেচিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ আৰু থাইলেণ্ডে বেংকত লগলাগি এক ঘোষণাপত্ৰত স্বাক্ষৰ কৰে, তাকে বেংকক ঘোষণা-পত্ৰ বোলে।

প্ৰশ্নঃ কোন চনত ইউৰোপীয় পৰিষদ প্রতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ 1949 চনত।

প্ৰশ্নঃ চীন কেতিয়া বিশ্ব বাণিজ্য সংগঠনৰ সদস্য হৈছিল?

উত্তৰঃ 2001 চনত।

প্ৰশ্নঃ মিষ্ট্ৰিখটৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰঃ 1992  চনত।

প্ৰশ্নঃ চীনৰ নিবনুৱা সমস্যাৰ বিষয়ে এটা বাক্যত লিখা।

উত্তৰঃ জনসংখ্যা বৃদ্ধি চীনৰ নিবনুৱা সমস্যাৰ এক অন্যতম কাৰণ।

প্ৰশ্নঃ 1972 চনত চীনে কোনখন প্ৰধান ৰাষ্ট্ৰৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক স্থাপন কৰিছিল?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে।

প্ৰশ্নঃ 1950 চনত চীনৰ ৰাজনৈতিক আৰু ধৰ্মীয় নেতা কোন আছিল?

উত্তৰঃ দালাই লামা। 

প্ৰশ্নঃ কোন বছৰত ASEAN আঞ্চলিক মঞ্চ গঠন কৰা হৈছিল?

উত্তৰঃ 1994 চনত ।

প্ৰশ্নঃ কোন চনত ARF প্রতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ  1994 চনত।  

প্ৰশ্নঃ ভাৰত   ASEAN   ৰ সদস্য হয়নে?

উত্তৰঃ  নহয়?

প্ৰশ্নঃ চাৰি আধুনিকীকৰণ বুলিলে কি বুজা?

উত্তৰঃ ‘চাৰি আধুনিকীকৰণ’ বুলিলে উন্নয়নৰ চাৰিটা ক্ষেত্ৰ যেনে- কৃষি, উদ্যোগ, ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু বিজ্ঞান-প্ৰযুক্তিক বুজায়।

প্ৰশ্নঃ কিমান চনত চীনে ভাৰত আক্ৰমণ কৰিছিল?

উত্তৰঃ  1962 চনত।

প্ৰশ্নঃ ASEAN ৰ এখন প্রতিষ্ঠাপক সদস্য ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ ফিলিপাইনছ। 

প্ৰশ্নঃ মেকমোহন লাইনে কোন দুখন ৰাষ্ট্ৰক পৃথক কৰিছে?

উত্তৰঃ ভাৰত আৰু চীন।

প্ৰশ্নঃ SEZ ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ Special Economic Zone.

প্ৰশ্নঃ ASEAN  ৰ বৰ্তমান সদস্য সংখ্যা কেইখন?

উত্তৰঃ 10 খন।

প্ৰশ্নঃ ASEAN কোন চনত গঠিত হৈছিল?

উত্তৰঃ 1967 চনত।

প্ৰশ্নঃ চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণকৰিছিল। (হয় নে নহয় লিখা)

উত্তৰঃ হয়

প্ৰশ্নঃ আৰম্ভণিতে এছিয়ানৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কেইখন আছিল?

উত্তৰঃ 5 খন।

প্ৰশ্নঃ ভাৰত আৰু ¸চীনৰ মাজত হোৱা 1962 চনৰ সীমা বিবাদ মূলতঃ …………. আৰু ………….. কলৈ হৈছিল? (খালী ঠাই পূৰণ কৰা)                

উত্তৰঃ অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আকচাই চীন।

প্ৰশ্নঃ আগ্ৰা শীৰ্ষ সন্মিলন ভাৰত আৰু পাকিস্থানৰ মাজত অনুষ্ঠিত হৈছিল। এই শীৰ্ষ সন্মিলনত অংশ গ্ৰহণ কৰা ভাৰতীয় প্ৰধানমন্ত্ৰীজনৰ নাম লিখা।

উত্তৰঃ অটল বিহাৰী বাজেেপয়ী।

প্ৰশ্নঃ  SAARC- ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ South Asian Association of Regional Co-operation.

প্ৰশ্নঃ ইছলামাবাদত অনুষ্ঠিত 12 তম SAARC  শীৰ্ষ সন্মিলনত SAFTA স্বাক্ষৰ কৰা হৈছিল’- উক্তিটো শুদ্ধনে?

উত্তৰঃ শুদ্ধ।

প্ৰশ্নঃ শ্ৰীলংকাৰ ৰাজনীতি ———– সংখ্যাগুৰু সম্প্ৰদায়ৰ দ্বাৰা অৱদমিত। (খালী ঠাই পূৰণ কৰা)।

উত্তৰঃ সিংহলি।

প্ৰশ্নঃ ভাৰতৰ ‘পূৱলৈ চোৱা নীতি’ৰ এটা অংশ কোনদেশ?

উত্তৰঃ বাংলাদেশ।

প্ৰশ্নঃ দক্ষিণ এছিয়াই কি সূচায়?

উত্তৰঃ দক্ষিণ এছিয়া বুলিলে বাংলাদেশ, ভূটান, মালদ্বীপ, ভাৰত, নেপাল, পাকিস্থান, আৰু শ্ৰীলংকা- এই সাতখন দেশক বুজায়।

প্ৰশ্নঃ চীন দক্ষিণ এছিয়াৰ এটা অংশ হয়নে?

উত্তৰঃ চীন দক্ষিণ এছিয়াৰ এটা অংশ নহয়।

প্ৰশ্নঃ দক্ষিণ এছিয়া মণ্ডলত প্ৰথমে কোনখন দেশে নিজৰ অৰ্থনীতিৰ উদাৰীকৰণ কৰিছিল?

উত্তৰঃ শ্ৰীলংকা।

প্ৰশ্নঃ চীনৰ কমিউনিষ্ট বিপ্লৱৰ নেতা কোন আছিল?

উত্তৰঃ মাও চে টুং।

প্ৰশ্নঃ 1998 চনত ভাৰতে ক’ত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল?

উত্তৰঃ গুজৰাটৰ পোষৰাণত।

প্ৰশ্নঃ SAARC ৰ মূল উদ্দেশ্য কি?

উত্তৰঃ দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত সহযোগ স্থাপন তথা ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, কাৰিকৰী আৰু বিজ্ঞান বিষয়ত সহযোগিতা সৃষ্টি কৰা।

প্ৰশ্নঃ কোন ঠাইত চতুৰ্দশ SAARC শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল?

উত্তৰঃ নতুন দিল্লীত, 2007 চনত।

প্ৰশ্নঃ কোন গৰাকী ভাৰতীয় প্ৰধান মন্ত্ৰীয়ে লাহোৰলৈ বাছ যাত্ৰা কৰিছিল?

উত্তৰঃ অটল বিহাৰী বাজেপয়ী।

প্ৰশ্নঃ ক’ত পঞ্চদশ SAARC শীৰ্ষ সন্মিলন অনুষ্ঠিত  হৈছিল?

উত্তৰঃ  কলম্বোত, 2008 চনত।

প্ৰশ্নঃ  SAARCৰ প্ৰথম সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ ঢাকাত, 1985 চনত। 

প্ৰশ্নঃ SAARC কেতিয়া গঠিত হৈছিল?

উত্তৰঃ  1985 চনত।  

প্ৰশ্নঃ কোন চনত শ্ৰীলংকা স্বাধীন হৈছিল?

উত্তৰঃ 1948 চনত।

প্ৰশ্নঃ কোন চনত ভাৰত আৰু পাকিস্থানে পাৰমাণবিক পৰীক্ষণ সম্পন্ন কৰিছিল?

উত্তৰঃ  1998 চনত।

প্ৰশ্নঃ কোন চনত ভাৰতে শ্ৰীলংকালৈ শান্তি বাহিনী প্ৰেৰণ কৰিছিল?

উত্তৰঃ 1987  চনত।

প্ৰশ্নঃ বাংলাদেশ …….. চনৰ পৰা …….. চনলৈ পাকিস্থানৰ অংশ আছিল। (বাক্যটোৰ খালী ঠাই পূৰণ কৰা) 

উত্তৰঃ 1947 ৰ পৰা 1971 চনলৈ।

প্ৰশ্নঃ  WTO – ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ World Trade Organisation.

প্ৰশ্নঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কেইখন স্থায়ী সদস্য আছে?

উত্তৰঃ 5 খন।

প্ৰশ্নঃ ভেটো ক্ষমতাই কি বুজায়?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত ইয়াৰ স্থায়ী সদস্য ৰাষ্ট্ৰই বিৰোধিতা কৰিব পৰা ক্ষমতাকে ‘ভেটো ক্ষমতা’ বুলি কোৱা হয়।

প্ৰশ্নঃ ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য কি? 

উত্তৰঃ বিশ্ব শান্তি ৰক্ষা কৰা।

প্ৰশ্নঃ NGO সমূহৰ এটা দুৰ্বলতা লিখা।

উত্তৰঃ NGO সমূহে নিজাববীয়াকৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে।

প্ৰশ্নঃ জাতিসংঘ কেতিয়া গঠিত হৈছিল?

উত্তৰঃ 1920 চনত।

প্ৰশ্নঃ ‘যুদ্ধতকৈ বকবকনি বেছি ভাল’- কোনে কৈছিল?

উত্তৰঃ উইনষ্টোন চাৰ্চিল।

প্ৰশ্নঃ ৰাষ্ট্ৰসংঘ কেতিয়া প্রতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ 1945 চনৰ 24 অক্টোবৰত ।

প্ৰশ্নঃ ৰাষ্ট্ৰসংঘৰ প্রতিষ্ঠাৰ সময়ত ইয়াৰ চনদখনত কেইখন ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?

উত্তৰঃ 51 খন সদস্য ৰাষ্ট্ৰই।।

প্ৰশ্নঃ  IAEA- ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ International Atomic Energy Agency.

প্ৰশ্নঃ বৰ্তমান ৰাষ্ট্ৰসংঘত কিমান সদস্য ৰাষ্ট্ৰ আছে?

উত্তৰঃ 192 খন।

প্ৰশ্নঃ ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিব  প্ৰধান কোন আছিল?                                                

উত্তৰঃ  নৰৱে’ৰ ট্ৰিগ্ৰ ভি লাই।

প্ৰশ্নঃ কোনটো দিনত ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়?                                                  

উত্তৰঃ 24 অক্টোবৰ ।

প্ৰশ্নঃ ৰাষ্ট্ৰসংঘলৈ বৃহৎ বৰঙণি দাতা দেশখনৰ নাম কি?

উত্তৰঃ  আমেৰিকা যুক্তৰাষ্ট্ৰ।

প্ৰশ্নঃ কোন চনত ৰাষ্ট্ৰসংঘই শান্তি সৃষ্টিৰ পুঁজি  গঠন কৰিছিল?

উত্তৰঃ 2006 চনত ।

প্ৰশ্নঃ ৰাষ্ট্ৰসংঘৰ পৰিষদৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষা কোন আছিল?

উত্তৰঃ  বিজয়লক্ষ্মী পণ্ডিত। 

প্ৰশ্নঃ ‘বিগ থ্ৰি’ বুলিলে কাক কাক বুজায়?

উত্তৰঃ ৰুজেভল্ট, চাৰ্চিল আৰু ষ্টেলিন।

প্ৰশ্নঃ ৰাষ্ট্ৰসংঘৰ সর্বোচ্চ কাৰ্যবাহীৰ নাম কি?

উত্তৰঃ সাধাৰণ পৰিষদ।

প্ৰশ্নঃ শান্তি গঢ়া আয়োগ কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ  2005  চনত।

প্ৰশ্নঃ এখন এককেন্দ্ৰিক বিশ্বত ৰাষ্ট্ৰসংঘৰ প্ৰাসঙ্গিকতা কি?

উত্তৰঃ ৰাষ্ট্ৰসংঘই শান্তি আৰু নিৰাপত্তা প্রতিষ্ঠাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।

প্ৰশ্নঃ ভাৰত কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল?

উত্তৰঃ  1945 চনত।

প্ৰশ্নঃ ‘এমনেষ্টি  ইন্টাৰনেচনেল কেতিয়া প্রতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ 1961 চনত, লণ্ডণত।

প্ৰশ্নঃ ‘হিউমেন ৰাইট ৱাচ্চ’ কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ 1978 চনত।

প্ৰশ্নঃ ‘হিউমেন ৰাইট ৱাচ্চ’ক পূৰ্বতে কি নামেৰে জনা গৈছিল?

উত্তৰঃ  ‘হেলচিনকি ৱাচ্চ’ নামেৰে।

প্ৰশ্নঃ ‘হিউমেন ৰাইট ৱাচ্চ’ৰ মুখ্য কাৰ্যালয় ক’ত?

উত্তৰঃ নিউয়ৰ্ক চহৰত।

প্ৰশ্নঃ ‘আন্তৰ্জাতিক পাৰমাণৱিক ইন্ধন এজেঞ্চি’ কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ 1957 চনৰ 29 জুলাইত।

প্ৰশ্নঃ 2011 চনত কোনদেশৰ পাৰমাণৱিক কেন্দ্ৰত বিষ্ফোৰণ ঘটি অসংখ্য মানুহৰ জীৱন নাশ হৈছিল?

উত্তৰঃ জাপানত।

প্ৰশ্নঃ বিশ্ব বেংকৰ পৰা সৰ্বাধিক ঋণ  গ্ৰহণ কৰা দুখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ ভাৰত আৰু চীন।

প্ৰশ্নঃ বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক’ত?

উত্তৰঃ চুইজাৰলেণ্ডৰ জেনেভাত।

প্ৰশ্নঃ U. N. O. ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ United Nations Organisation.

প্ৰশ্নঃ  UNESCO-  ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ United Nations Educational Scientific and Cultural Organisation.

প্ৰশ্নঃ ৰাষ্ট্ৰসংঘৰ চনদত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?

উত্তৰঃ 51 খন। 

প্ৰশ্নঃ ‘বিশ্ব বেংক’ কেতিয়া প্রতিষ্ঠা  হৈছিল?

উত্তৰঃ 1945 চনত।

প্ৰশ্নঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কেইখন স্থায়ী সদস্য ৰাষ্ট্ৰ আৰু কেইখন অস্থায়ী সদস্য ৰাষ্ট্ৰ আছে?

উত্তৰঃ স্থায়ী সদস্য ৰাষ্ট্ৰ 5 খন আৰু অস্থায়ী সদস্য ৰাষ্ট্ৰ 5 খন।

প্ৰশ্নঃ SAARC ৰ প্ৰথমখন শীৰ্ষ সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?                                    

উত্তৰঃ ঢাকাত।

প্ৰশ্নঃ ‘ৰিয় সন্মিলনে ‘কাৰ্যসূচী – 21’ নামৰ উন্নয়নমূলক কাৰ্যসূচীক অনুমোদন জনাইছিলনে?

উত্তৰঃ হয়।

প্ৰশ্নঃ কেতিয়া সন্ত্ৰাসবাদীয়ে ভাৰতৰ সংসদ ভৱনত আক্ৰমণ কৰিছিল?

উত্তৰঃ 2001 চনত।

প্ৰশ্নঃ আধুনিক বিশ্বত দেখা দিয়া এটা ভয়ৰ উৎস উল্লেখ কৰা।

উত্তৰঃ সন্ত্ৰাসবাদ।

প্ৰশ্নঃ ‘নিৰাপত্তা’ বুলিলে কি বুজা?

উত্তৰঃ ‘নিৰাপপত্তা’ বুলিলে সাধাৰণতে ভাবুকি বা বিপৰ্যয়ক প্ৰতিহত কৰাৰ বাবে গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থাক বুজায়।

প্ৰশ্নঃ পৰম্পৰাগত নিৰপত্তা কৌশলৰ এটা উপাদান উল্লেখ কৰা।

উত্তৰঃ ক্ষমতাৰ ভাৰসাম্য।

প্ৰশ্নঃ আণৱিক শক্তি সম্পন্ন দুখন দেশৰ নাম উল্লেখ কৰা।

উত্তৰঃ চীন আৰু ভাৰত।

প্ৰশ্নঃ কেতিয়া আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্ৰত সন্ত্ৰসাবাদীয়ে আক্ৰমণ কৰিছিল? 

উত্তৰঃ 2001চনৰ 11 চেপ্তেম্বত।

প্ৰশ্নঃ প্রব্রজনৰ এটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ দৰিদ্ৰতা।

প্ৰশ্নঃ ভাৰতে পোন প্ৰথমবাৰৰ বাবে কেতিয়া পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল?

উত্তৰঃ 1974 চনত।

প্ৰশ্নঃ The Anti-Ballistic Missile Treaty কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰঃ 1972 চনত।

ৰাজনীতি বিজ্ঞান কুইজ, Political Science Quiz

প্ৰশ্নঃ অস্ত্ৰ-শস্ত্ৰৰ নিয়ন্ত্ৰণ বুলিলে কি বুজা?

উত্তৰঃ  অস্ত্ৰ-শস্ত্ৰৰ উদ্ভাৱন আৰু সম্প্ৰসাৰণ নিয়ন্ত্ৰণ কৰাকে ‘অস্ত্ৰ-শস্ত্ৰ নিয়ন্ত্ৰণ’ বুলি কোৱা হয়।

প্ৰশ্নঃ ‘নিৰাপত্তা প্রতিষ্ঠা ব্যৱস্থা’ বুলিলে কি বুজা?

উত্তৰঃ নিৰাপত্তাজনিত বিষয়ত ৰাষ্ট্ৰসমূহৰ মাজত নিয়মিতভাৱে তথ্য বিনিময় প্ৰক্ৰিয়াক ‘নিৰাপত্তা প্রতিষ্ঠা  ব্যৱস্থা’ বুলি কোৱা হয়।

প্ৰশ্নঃ ‘মৈত্ৰী সংঘ’ বুলিলে কি বুজা?

উত্তৰঃ  সামৰিক আক্ৰমণ প্ৰতিহত কৰিবৰ বাবে ৰাষ্ট্ৰসমূহৰ মাজত গঢ়ি উঠা সামৰিক মিত্ৰতাকে মৈত্ৰী সংঘ বুলি কোৱা হয়।

প্ৰশ্নঃ ‘আভ্যন্তৰীণভাৱে স্থানান্তৰিত লোক’ বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ মানুহে বিভিন্ন কাৰণত বা নিৰাপত্তাহীনতাৰ বাবে  দেশৰ চাৰিসীমাৰ ভিতৰত থাকি নিজৰ ঘৰ এৰি যায়, তেওঁলোকক ‘আভ্যন্তৰীণভাৱে স্থানচ্যুত লোক’ বুলি কোৱা হয়।

প্ৰশ্নঃ মানৱীয় নিৰাপত্তাই কি বুজায়?

উত্তৰঃ মানুহক ভয়, ত্ৰাস, অভাৱ আদিৰ পৰা সুৰক্ষা দি মানবীয় মৰ্যাদা সহকাৰে জীৱন-যাপন কৰিবলৈ উপযুক্ত পৰিৱেশ দিয়া ব্যৱস্থাক ‘মানৱীয় নিৰাপত্তা’ বুলি কোৱা হয়।

প্ৰশ্নঃ ভাৰতে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰাৰ উদ্দেশ্য কি?

উত্তৰঃ ভাৰতে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰাৰ প্ৰধান উদ্দেশ্য হ’ল ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত কৰা।

প্ৰশ্নঃ গোলকীয় ভাবুকিৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ গোলকীয় উষ্ণতা বৃদ্ধি।

প্ৰশ্নঃ কিহে ধনী ৰাষ্ট্ৰক অধিক ধনী কৰে?

উত্তৰঃ জনসংখ্যা হ্রাস আৰু উচ্চ জনমূৰি আয় বৃদ্ধিয়ে ধনী ৰাষ্ট্ৰক অধিক ধনী কৰে।

প্ৰশ্নঃ মানুহ কিয় প্রব্রজন কৰে?

উত্তৰঃ  উন্নত আৰু নিৰাপদ জীৱনৰ সন্ধানত মানুহে প্রব্রজন কৰে।

প্ৰশ্নঃ কেতিয়া পাৰমাণৱিক অস্ত্ৰ-নিসম্প্ৰসাৰণ চুক্তি সম্পাদিত হৈছিল?

উত্তৰঃ  1968  চনত।

প্ৰশ্নঃ প্ৰদূষণ কি?

উত্তৰঃ প্ৰাকৃতিক পৰিৱেশ জীৱন-ধাৰণৰ প্ৰতিকূলে যোৱা অৱস্থাকে ‘প্ৰদূষণ’ বুলি কোৱা হয়।

প্ৰশ্নঃ ‘ৰাসায়নিক অস্ত্ৰ নিষিদ্ধকৰণ চুক্তি’ত কিমানখন ৰাষ্ট্ৰই সন্মতি দিছিল?

উত্তৰঃ  181 খন।

প্ৰশ্নঃ সকলো সমাজতে নিৰাপত্তাৰ ধাৰণা একেনে?

উত্তৰঃ সকলো সমাজতে নিৰাপত্তাৰ ধাৰণা একে নহয়।

প্ৰশ্নঃ ৰাষ্ট্ৰসংঘৰ কোনটো সংস্থাই পাৰমাণৱিক প্ৰযুক্তিবিদ্যাৰ নিৰাপদ আৰু শান্তিপূৰ্ণ ব্যৱহাৰৰ দিশটো চোৱা-চিতা কৰে?

উত্তৰঃ আন্তৰ্জাতিক আণৱিক ইন্ধন এজেন্সিয়ে।

প্ৰশ্নঃ মানৱ নিৰাপত্তাৰ যিকোনো এটা ভাবুকিৰ নাম উল্লেখ কৰা।

উত্তৰঃ দৰিদ্ৰতা।

প্ৰশ্নঃ পৰিৱেশ বুলিলে কি বুজা?

উত্তৰঃ পৰিৱেশ বুুলিলে পানী, বায়ু, ভূমি আৰু এইবোৰৰ মাজত থকা অন্যান্য জীৱ-জন্তু, প্ৰাণী আদিৰ পাৰস্পৰিক সম্পৰ্কক বুজায়।

প্ৰশ্নঃ প্ৰাকৃতিক সম্পদ কি?

উত্তৰঃ প্ৰাকৃতিক পৰিৱেশৰ পৰা আহৰণ কৰিব পৰা সম্পদকে প্ৰাকৃতিক সম্পদ বোলে।

প্ৰশ্নঃ কোন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়?

উত্তৰঃ  5 জুন।

প্ৰশ্নঃ পৰিৱেশ প্ৰদূষণৰ এটি কাৰণ উল্লেখ কৰা।

উত্তৰঃ ঔদ্যোগিকৰণ।

প্ৰশ্নঃ পৰিৱেশ সম্পৰ্কীয় ‘ষ্টকহম সন্মিলন’ কেতিয়া অনুষ্ঠিত কৰা হৈছিল?

উত্তৰঃ 1972  চনত।

প্ৰশ্নঃ ভাৰতে কেতিয়া ‘কী’য়টো প্ৰট’কল’ত স্বাক্ষৰ কৰিছিল?

উত্তৰঃ 2002 চনৰ আগষ্ট মাহত।

প্ৰশ্নঃ ৰিঅ’ সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰঃ 1992 চনত।

প্ৰশ্নঃ পৰিৱেশ আন্দোলনৰ লগত জড়িত এটা আন্দোলনৰ নাম উল্লেখ কৰা।

উত্তৰঃ চিপক’ আন্দোলন।

প্ৰশ্নঃ ভাৰতীয় সংবিধানৰ কোনটো অনুেচ্ছদত পৰিৱেশ সুৰক্ষা, বনাঞ্চল আৰু বন্যপ্ৰাণী ৰক্ষাৰ্থে চৰকাৰক নিৰ্দেশনা দিয়া হৈছে?

উত্তৰঃ 48 (ক) অনুেচ্ছ¸চদ।

প্ৰশ্নঃ United Nations Framework Convention on Climate কিমান চনত অনুষ্ঠিত হৈছিল?

উত্তৰঃ 1992 চনত।

প্ৰশ্নঃ কোনখন আয়োগে 1987 চনত বহনক্ষম উন্নয়নৰ সংজ্ঞাটো আগবঢ়াইছিল?

উত্তৰঃ ব্রন্ড লেণ্ড আয়োগে।

প্ৰশ্নঃ Kyoto Protocol কি? ই পৰিৱেশৰ কোনটো সমস্যাৰ লগত জড়িত?

উত্তৰঃ Kyoto Protocol হ’ল এক আন্তৰ্জাতিক চুক্তি যি চুক্তিৰ যোগেদি উদ্যোগ প্ৰধান ৰাষ্ট্ৰসমূহক সেউজ গৃহ গেছ নিৰ্গমন বন্ধ কৰাৰ লক্ষ্য স্থিৰ কৰি দিয়া হৈছে। ই পৰিৱেশ প্ৰদূষণ সমস্যাৰ লগত জড়িত।

প্ৰশ্নঃ ‘ভূ-শীৰ্ষ সন্মিলন’ কি?

উত্তৰঃ 1992 চনৰ জুন মাহত ব্রাজিলৰ ৰাজধানী ৰিঅ’দা জেনেৰিঅ’ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন বিষয়ক সভাখনক ‘ভূ-শীৰ্ষ সন্মিলন’ বুলি কোৱা হয়।

প্ৰশ্নঃ UNEP  ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ United Nations Environment Programme..

প্ৰশ্নঃ UNFCCC ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ United Nations Framework Conventions on Climate Change.

প্ৰশ্নঃ প্ৰথম বিশ্বক কি বুলি জনা যায়?

উত্তৰঃ ‘গ্লোবাল নৰ্থ।

প্ৰশ্নঃ 1992 চনৰ ‘বসুন্ধৰা সন্মিলন’ত কিমানখন দেশে অংশ গ্ৰহণ কৰিছিল?

উত্তৰঃ  170 খন ৰাষ্ট্ৰই।

প্ৰশ্নঃ 21 দফীয়া কাৰ্যসূচী কি? 

উত্তৰঃ 1992 চনত ৰিঅ’ দি জেনেৰিঅ’ চহৰত অনুষ্ঠিত  ‘ধৰিত্ৰী সন্মিলন’ত জলবায়ু পৰিৱৰ্তন, জৈৱ বৈচিত্ৰতা, বননীকৰণ আদি সম্পৰ্কে মুঠ 21 টা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। ইয়াকে ‘21 দফীয়া কাৰ্যসূচী’ Îবালে।

প্ৰশ্নঃ খিলঞ্জীয়া লোকৰ বিশ্ব পৰিষদ কোন চনত গঠন কৰা হৈছিল?

উত্তৰঃ 1975  চনত।

প্ৰশ্নঃ সেউজ গৃহ গেছ নিৰ্গাসন মানে কি? 

উত্তৰঃ বিশ্বৰ দেশবোৰে স্থাপন কৰা উদ্যোগসমূহৰ পৰা নিৰ্গমন হোৱা কাৰ্বন-ডাই-অক্সাইড, মিথেন, হাইড্ৰ-ফ্লৰ’কাৰ্বন আদিয়ে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কৰে। এইবোৰ গেছকে ‘সেউজ গৃহ গেছ নিৰ্গাসন’ বুলি কোৱা হয়।

প্ৰশ্নঃ সেউজ গৃহ গেছ বুলিলে কি বুজা?

উত্তৰঃ  সেউজ গৃহ গেছ বুলিলে বিশ্বৰ দেশবোৰে স্থাপন কৰা উদ্যোগসমূহৰ পৰা নিৰ্গমন হোৱা কাৰ্বন-ডাই-অক্সাইড, মিথেন, হাইড্ৰ-ফ্লৰ’কাৰ্বন আদি গেছক বুজায়।

প্ৰশ্নঃ বিশ্বায়ন’ বা ‘গোলকীকৰণ’ (Globalisation) বুলিলে কি বুজা?

উত্তৰঃ ‘বিশ্বায়ন’ বা ‘গোলকীকৰণ’ (Globalisation) বুলিলে বিভিন্ন ৰাষ্ট্ৰ আৰু বিভিন্ন অঞ্চলৰ জনসাধাৰণৰ মাজত সামাজিক, অৰ্থনৈতিক আদি বিভিন্ন ক্ষেত্ৰত পৰস্পৰ নিৰ্ভৰশীলতা তথা বিশ্ব ব্যাপী যোগযোগৰ আন্তঃসংযোগক বুজায়।

প্ৰশ্নঃ ‘গোলকীকৰণৰ ক্ষেত্ৰত প্ৰযুক্তি হ’ল গুৰুত্বপূৰ্ণ কাৰকসমূহৰ ভিতৰত এটা।’ উক্তিটো শুদ্ধনে?

উত্তৰঃ শুদ্ধ।

প্ৰশ্নঃ বিশ্বায়নৰ এটা সকৰাত্মক দিশ উল্লেখ কৰা।

উত্তৰঃ ভাৱৰ সহজ আদান-প্ৰদান।

প্ৰশ্নঃ অৰ্থনৈতিক গোলকীকৰণে কি বুজায়?

উত্তৰঃ অৰ্থনৈতিক গোলকীকৰণে বিশ্বৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ অৰ্থনৈতিক বস্তু যেনে- মূলধন, কাৰিকৰী কৌশল, বস্তু-সামগ্ৰী আদিৰ আদান-প্ৰদানক বুজায়।

প্ৰশ্নঃ ভাৰতত কেতিয়া নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰা হৈছিল?

উত্তৰঃ 1991 চনত।

প্ৰশ্নঃ সাংস্কৃতিক একীভূতকৰণ ———— ৰ এটা ৰূপ। (খালী ঠাই পূৰণ কৰা।)

উত্তৰঃ বিশ্বায়ন। 

প্ৰশ্নঃ ভাৰতে অৰ্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ কৰিছিল?

উত্তৰঃ 1991 চনত।

প্ৰশ্নঃ ৰাষ্ট্ৰৰ সমৰ্থনত গোলকীকৰণৰ ইতিবাচক পৰিণতি এটা উল্লেখ কৰা।

উত্তৰঃ প্ৰযুক্তি ব্যৱহাৰ কৰি ৰাষ্ট্ৰই নাগৰিকসকলক নানান তথ্য-পাতি যোগান ধৰিব  পাৰে।

প্ৰশ্নঃ বিশ্ব সামাজিক মঞ্চ কি?

উত্তৰঃ বিশ্ব সামাজিক মঞ্চ হৈছে এনেকুৱা এক মঞ্চ য’ত মানৱাধিকাৰী কৰ্মী, শ্ৰমিক, যুৱ সম্প্ৰদায় আৰু মহিলা কৰ্মীসকলে একগোট হৈ নতুন উদাৰনৈতিক বিশ্বায়নৰ বিৰোধিতা কৰে।

প্ৰশ্নঃ বিশ্বায়নৰ এক অন্যতম গুৰুত্বপূৰ্ণ কাৰক হ’ল প্ৰযুক্তিবিদ্যা–হয়নে?

উত্তৰঃ হয়। 

প্ৰশ্নঃ কোন ক্ষেত্ৰত গোলকীকৰণ লাভদায়ক নহয়?

উত্তৰঃ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত।

প্ৰশ্নঃ বিশ্ব সামাজিক মঞ্চৰ প্ৰথমখন বৈঠক কেতিয়া ক’ত হৈছিল?

উত্তৰঃ ব্রাজিলৰ পোর্তো এলগাৰত, 2001 চনত।

প্ৰশ্নঃ গোলকীকৰণৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ মুক্ত বজাৰ অৰ্থনীতি।

প্ৰশ্নঃ ‘প্ৰতিৰক্ষাবাদ’ কি?

উত্তৰঃ বিশ্বৰ বিভিন্ন দেশৰ জাতীয়তাবাদী নেতাসকলে বিশ্বায়নৰ পৰা জাতীয় ঐতিহ্য সুৰক্ষা কৰাৰ বাবে  চলোৱা প্ৰচেষ্টাক ‘প্ৰতিৰক্ষাবাদ’ বুলি কোৱা হয়।

প্ৰশ্নঃ  গোলকীকৰণ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ 1990 চনত। 

প্ৰশ্নঃ কোন চনত ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল?

উত্তৰঃ 1952 চনত।

প্ৰশ্নঃ ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল?

উত্তৰঃ সুকুমাৰ সেন।

প্ৰশ্নঃ কোনজন ভাৰতীয় মুখ্য নিৰ্বাচনী আয়ুক্ত নেপাল আৰু চুডানৰ মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল?

উত্তৰঃ সুকুমাৰ সেন।

প্ৰশ্নঃ ভাৰতৰ প্ৰথমখন সাধাৰণ নিৰ্বাচনত কিমানখন দলে প্ৰতিদ্বন্দ্বিতা কৰিছিল?

উত্তৰঃ 14 খন ৰাষ্ট্ৰীয় দলে আৰু 50 খনতকৈ অধিক ৰাজ্যিক পৰ্যায়ৰ দলে।

প্ৰশ্নঃ কেতিয়া জাতীয় কংগ্ৰেছ প্রতিষ্ঠা হৈছিল?

উত্তৰঃ 1885 চনত।

প্ৰশ্নঃ কোনে কংগ্ৰেছ দলটো গঠন কৰিছিল?

উত্তৰঃ এলান অক্টোভিয়াম হিউম নামৰ এজন ইংৰাজ বিষয়াই।

প্ৰশ্নঃ ভাৰতৰ সংবিধান সভাৰ খচৰা কমিটিৰ সভাপতি কোন আছিল?

উত্তৰঃ ড০ বি. আৰ. আম্বেদকাৰ।

প্ৰশ্নঃ ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা বলৱৎ কৰা হয়?

উত্তৰঃ 1950 চনৰ 26 জানুৱাৰীৰ পৰা।

প্ৰশ্নঃ ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনত লোকসভাৰ মুঠ কিমানখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল?

উত্তৰঃ 489  খন।

প্ৰশ্নঃ ভাৰতৰ প্ৰথমখন সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে কিমানখন আসন লাভ কৰিছিল?

উত্তৰঃ 364 খন।

প্ৰশ্নঃ ভাৰতৰ প্ৰথমখন সাধাৰণ নিৰ্বাচনত কোনটো দলে দ্বিতীয় স্থান দখল কৰিছিল।

উত্তৰঃ ভাৰতীয় সাম্যবাদী দলে, 16 খন আসন।

প্ৰশ্নঃ ভাৰতৰ প্ৰথমখন সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে কিমান শতাংশ ভোট লাভ কৰিছিল?

উত্তৰঃ 45 শতাংশ।

প্ৰশ্নঃ ভাৰতৰ কোনখন সাধাৰণ নিৰ্বাচনক বিশ্বৰ গণতান্ত্ৰিক ইতিহাসত এক ‘মাইলৰ খুটি’ বুলি বিবেচনা কৰা হয়?

উত্তৰঃ ভাৰতৰ প্ৰথম (1952 চনৰ) সাধাৰণ নিৰ্বাচনক।

প্ৰশ্নঃ ভাৰতৰ কোনখন সাধাৰণ নিৰ্বাচনক এখন কাকতৰ সম্পাদকে ‘ইতিহাসৰ সৰ্ববৃহৎ জুৱা’ বুলি মন্তব্য কৰিছিল?

উত্তৰঃ 1952 চনত অনুষ্ঠিত হোৱা ভাৰতৰ প্ৰথমখন সাধাৰণ নিৰ্বাচনক। 

প্ৰশ্নঃ ভাৰতৰ দ্বিতীয় সাধাৰণ নিৰ্বাচন কোন চনত অনুষ্ঠিত কৰা হৈছিল?

উত্তৰঃ  1957 চনত।

প্ৰশ্নঃ ভাৰতবৰ্ষ হ’ল পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ ———- ৰাষ্ট্ৰ। (খালী ঠাই পূৰণ কৰা)।

উত্তৰঃ  গণতান্ত্ৰিক ।

প্ৰশ্নঃ কংগ্ৰেছ দলে পোন প্ৰথমতে ভাৰতৰ কোনখন ৰাজ্যত পৰাজয়ৰ তিক্ততা লাভ কৰে?

উত্তৰঃ কেৰালা ৰাজ্যত, 1957 চনৰ নিৰ্বাচনত।

প্ৰশ্নঃ ভাৰতৰ কোনখন নিৰ্বাচনক ‘ৰাজনৈতিক ভূমিকম্প’ বুলি কোৱা হয়?

উত্তৰঃ  1967 চনৰ সাধাৰণ নিৰ্বাচনক।

প্ৰশ্নঃ অসমত পোন প্ৰথমবাৰৰ বাবে কেতিয়া জনতা দলে চৰকাৰ গঠন কৰে?

উত্তৰঃ  1977 চনত।

প্ৰশ্নঃ কিমান চনত অসমত ‘অসম গণ পৰিষদ’ দলে নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰে?

উত্তৰঃ  1985 চনত।

প্ৰশ্নঃ কোন চনত ‘সমাজবাদী দল’ গঠন হয়?

উত্তৰঃ 1948 চনত।

প্ৰশ্নঃ ‘ভাৰতৰ সাম্যবাদী দল (চি পি আই) কেতিয়া গঠন কৰা হয়?

উত্তৰঃ  1924 চনত।

প্ৰশ্নঃ 1952 চনৰ সাধাৰণ নিৰ্বাচনত 14 টা ৰাষ্ট্ৰীয় দলে অংশ গ্ৰহণকৰিছিল? সত্যনে?

উত্তৰঃ সত্য।

প্ৰশ্নঃ ‘ভাৰতীয় জনসংঘ’ কিমান চনত প্রতিষ্ঠিত হৈছিল?

উত্তৰঃ  1951 চনত।

প্ৰশ্নঃ কোন দেশত বলছেভিক বিপ্লৱ হৈছিল?

উত্তৰঃ ছোভিয়েট ৰাচিয়াত।

প্ৰশ্নঃ ‘ভাৰতীয় জনসংঘ’ৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?

উত্তৰঃ  শ্যামা প্ৰসাদ মুখাৰ্জী।

প্ৰশ্নঃ 1967 চনৰ সাধাৰণ নিৰ্বাচনে ভাৰতৰ নিৰ্বাচনী আৰু ৰাজনৈতিক ইতিহাসত পৰিৱৰ্তন আনিছিল। সত্যনে?

উত্তৰঃ সত্য।

প্ৰশ্নঃ কোন চনৰ পৰা কেন্দ্ৰত মৰ্চা চৰকাৰৰ যুগ আৰম্ভ হৈছিল?

উত্তৰঃ 1977 চনৰ পৰা।

প্ৰশ্নঃ UPA ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ United Progressive Alliance.

প্ৰশ্নঃ দেশ বিভাজনৰ সময়ত সাম্প্ৰদায়িক মণ্ডলত বিভাজিত হৈ পৰা দুখন মহানগৰৰ নাম লিখা।

উত্তৰঃ লাহোৰ আৰু কলিকতা।

প্ৰশ্নঃ স্বাধীন ভাৰতৰ প্ৰথমজন গৃহমন্ত্ৰী (উপ-প্ৰধানমন্ত্ৰী) কোন আছিল?

উত্তৰঃ চৰ্দাৰ বল্লভভাই পেটেল।

প্ৰশ্নঃ ভাৰতে স্বাধীনতা পোৱাৰ সময়ত মণিপুৰৰ ৰজা কোন আছিল?

উত্তৰঃ মহাৰাজা বোধচন্দ্ৰ সিং।

প্ৰশ্নঃ দেশ বিভাজনৰ দ্বাৰা কোন দুখন ৰাজ্য অধিক ক্ষতিগ্ৰস্ত হৈছিল?

উত্তৰঃ পঞ্জাৱ আৰু কাশ্মীৰ।

প্ৰশ্নঃ ‘ষ্ট্ৰাগ’ল ফৰ ছাৰি্ভেভল’ কোন চনত প্ৰকাশিত হৈছিল?

উত্তৰঃ 1952 চনত।

প্ৰশ্নঃ স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰঃ  পণ্ডিত জৱাহৰলাল নেহৰু।

প্ৰশ্নঃ 1947 চনৰ 14-15 আগষ্টত দুখন ৰাষ্ট্ৰৰ জন্ম হৈছিল এখন পাকিস্থান আৰু আনখন কি আছিল?

উত্তৰঃ ভাৰত।

প্ৰশ্নঃ স্বাধীন ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰঃ লাল বাহাদুৰ শাস্ত্ৰী¸।

প্ৰশ্নঃ ‘দ্বিৰাষ্ট্ৰ সূত্ৰ’ ৰ ধাৰণাটো উল্লেখ কৰা।

উত্তৰঃ ইংৰাজ শাসিত ভাৰতবৰ্ষক হিন্দু ধৰ্ম আৰু ইছলাম ধৰ্মৰ ওপৰত ভিত্তি কৰি  অৱশেষত ভাৰতবৰ্ষ আৰু পাকিস্থান নামেৰে দুখন দেশ হিচাপে স্বাধীনতা প্ৰদান কৰাকে ‘দ্বিৰাষ্ট্ৰ সূত্ৰ’ বুলি কোৱা হয়।

প্ৰশ্নঃ হায়দৰাবাদৰ জনসাধাৰণে কিয় নিজামৰ বিৰোধীতা কৰিছিল?

উত্তৰঃ হায়দৰাবাদৰ নিজামে কৃষকসকলক শোষণ আৰু উৎপীড়ন কৰিছিল বাবে জনসাধাৰণে নিজামৰ বিৰোধীতা কৰিছিল।

প্ৰশ্নঃ সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত কোনখন ৰাজকীয় ৰাজ্যই কিছুমান সমস্যাৰ সৃষ্টি কৰিছিল?

উত্তৰঃ মণিপুৰ।

প্ৰশ্নঃ ‘চামিলকৰণৰ দলিল’ চুক্তিখনৰ মূল বিধানসমূহ কি আছিল?

উত্তৰঃ ‘চামিলকৰণৰ দলিল’ চুক্তিৰ বিধানমতে ভাৰতৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ দেশীয় শাসকৰ সৈতে চহী কৰি সেইবোৰ ভাৰতীয় সংঘৰ সৈতে চামিলকৰণ কৰা হৈছিল।

প্ৰশ্নঃ কোন তাৰিখে জম্বু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতৰ ‘চামিলকৰণ দলিল’ত চহী কৰিছিল?

উত্তৰঃ 1947 চনৰ 26 অক্টোবৰত।

প্ৰশ্নঃ মুছলিম লীগ’ কেতিয়া প্রতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ 1906 চনত।

প্ৰশ্নঃ ৰাজ্য পুনৰ গঠন আয়োগ কিয় গঠন কৰা হৈছিল?

উত্তৰঃ ৰাজ্যসমূহৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰিবৰ বাবে।

প্ৰশ্নঃ ‘সীমান্ত গান্ধী’ বুলিলে কাক বুজায়?

উত্তৰঃ খান আব্দুল গফুৰ খান।

প্ৰশ্নঃ ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিল? 

উত্তৰঃ ড০ ৰাজেন্দ্ৰ প্ৰসাদ ।

প্ৰশ্নঃ ভাৰত বিভাজনৰ সময়ত ভাৰতত মুঠ জনসংখ্যাৰ কিমান শতাংশ মুছলিম আছিল?

উত্তৰঃ 12 শতাংশ।

প্ৰশ্নঃ কেবিনেট মিছনৰ আঁচনি অনুসৰি গঠন কৰা অন্তঃৱৰ্তীকালীন চৰকাৰৰ মুৰববী কোন আছিল?

উত্তৰঃ জৱাহৰলাল নেহৰু।

প্ৰশ্নঃ ভাৰতৰ লগত চামিল হোৱাৰ আগতে গোৱা কাৰ অধীনত আছিল?

উত্তৰঃ পৰ্তুগীজ শাসনৰ অধীনত।

প্ৰশ্নঃ ভাৰতৰ কোনখন ৰাজ্যৰ পৃথক সংবিধান আছে?

উত্তৰঃ জম্বু আৰু কাশ্মীৰ।

প্ৰশ্নঃ 2000 চনত নতুনকৈ সৃষ্টি কৰা তিনিখন ৰাজ্য কি কি?

উত্তৰঃ ঝাৰখণ্ড, ছট্টিশগড় আৰু উত্তৰাঞ্চল।

প্ৰশ্নঃ ভাষাৰ ভিত্তিত সৃষ্টি কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য কোনটো আছিল?

উত্তৰঃ অন্ধ্ৰপ্ৰদেশ।

প্ৰশ্নঃ কিহৰ ভিত্তিত ভাৰতবৰ্ষক বিভাজন কৰা হৈছিল?

উত্তৰঃ  ধৰ্মৰ ভিত্তিত।

প্ৰশ্নঃ দেশীয় ৰাজ্যবোৰৰ ভিতৰত ভাৰত স্বাধীন হোৱাৰ সময়ত সৰ্ববৃহৎ ৰাজ্য কোনটো আছিল?

উত্তৰঃ হায়দৰাবাদ।

প্ৰশ্নঃ ‘মোৰ শৱদেহৰ ওপৰত পাকিস্থানৰ সৃষ্টি হ’ব’- কথাষাৰ কোনে কৈছিল?

উত্তৰঃ  মহাত্মা গান্ধী।

প্ৰশ্নঃ ‘জাতি গঠন’ বুলিলে কি বুজা?

উত্তৰঃ এখন দেশৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি সকলো দিশতে একতা প্রতিষ্ঠা কৰাকে ‘জাতি গঠন’ বুলি কোৱা হয়।

প্ৰশ্নঃ 1956 চনৰ ৰাজ্য পুনৰ গঠন আইনৰ ভিত্তিত গঠন হোৱা এখন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ বিহাৰ।

প্ৰশ্নঃ ৰাজ্য পুনৰ গঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিল?

উত্তৰঃ 1956 চনত।

প্ৰশ্নঃ তেলেঙ্গনা ৰাজ্য ভাৰতৰ ——– তম ৰাজ্য। (খালী ঠাই পূৰণ কৰা।)

উত্তৰঃ 29 তম।

প্ৰশ্নঃ সংবিধানৰ কোনটো অনুচ্ছেদত জম্বু আৰু কাশ্মীৰক বিশেষ মৰ্যদা প্ৰদান কৰা হৈছিল?

উত্তৰঃ 370 নং অনুচ্ছেদত। 

প্ৰশ্নঃ সংবিধান পৰিষদৰ খচৰা প্ৰস্তুতি সমিতিৰ অধ্যক্ষ কোন আছিল?

উত্তৰঃ ড০ ভীম ৰাও আম্বেদকাৰ।

প্ৰশ্নঃ ভাৰতৰ নিৰ্বাচিনী আয়োগ কেতিয়া গঠন কৰা হৈছিল? ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল?

উত্তৰঃ ভাৰতৰ নিৰ্বাচনী আয়োগ গঠন কৰা হৈছিল 1950 চনৰ 25 জানুৱাৰীত। ইয়াৰ মুখ্য নিৰ্বাচনী আয়ুক্তজন আছিল সুকুমাৰ সেন। 

প্ৰশ্নঃ কোন দুখন কেন্দ্ৰীয় শাসিত অঞ্চলক 1972  চনত পূৰ্ণাংগ ৰাজ্যৰ মৰ্যদা দিয়া হৈছিল?

উত্তৰঃ মণিপুৰ আৰু ত্ৰিপুৰা।

প্ৰশ্নঃ কোন তাৰিখে ভাৰতীয় সংবিধানৰ খচৰাত স্বাক্ষৰ কৰা হৈছিল আৰু ই কেতিয়া বলবৎ কৰা হৈছিল?

উত্তৰঃ 1949  চনৰ 26  নভেম্বৰত ভাৰতীয় সংবিধানৰ খচৰাত চহী কৰা হৈছিল আৰু 1950 চনৰ 6  জানুৱাৰীত ইয়াক বলৱৎ কৰা হৈছিল।

প্ৰশ্নঃ ভাৰতীয় পৰিসংখ্যা প্রতিষ্ঠানৰ প্রতিস্থাপক কোন আছিল?

উত্তৰঃ পি. চি. মহলানৱীশ।

প্ৰশ্নঃ ‘ভাৰতৰ গোৱাল’ বুলি কাক কোৱা হৈছিল?

উত্তৰঃ  ভাৰ্গিজ কুৰিয়েনক।

প্ৰশ্নঃ AMUL ৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ Anand Milk Union Limited.

প্ৰশ্নঃ পৰিকল্পিত উন্নয়ন বুলিলে কি বুজা?

উত্তৰঃ এখন ৰাষ্ট্ৰত কি ধৰণে, কি কি ক্ষেত্ৰত কেনেকৈ উন্নয়ন হ’ব তাৰ এক আৰ্হি প্ৰস্তুত কৰাকে ‘পৰিকল্পিত উন্নয়ন’ বুলি কোৱা হয়।

প্ৰশ্নঃ POSCO সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ Pohang Iron and Steel Company.

প্ৰশ্নঃ  ভাৰতৰ পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল? 

উত্তৰঃ 1950 চনৰ 15 মাৰ্চত।।

প্ৰশ্নঃ উন্নয়নৰ দুটা আদৰ্শ আছে ঃ এটা হ’ল উদাৰ পুঁজিবাদী আদৰ্শ আৰু আনটো কি?

উত্তৰঃ সমাজবাদী আদর্শ।

প্ৰশ্নঃ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ 1951 চনত।

প্ৰশ্নঃ FYP  মানে কি?

উত্তৰঃ Five Year Plan.

প্ৰশ্নঃ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত অন্তৰ্ভূক্ত এটা বৃহৎ প্ৰকল্পৰ নাম লিখা।

উত্তৰঃ ভাক্ৰানাঙ্গল বান্ধ।

প্ৰশ্নঃ ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ধাৰণাটো ক’ৰ পৰা লোৱা হৈছিল?

উত্তৰঃ ছোভিয়েট ৰাছিয়াৰ পৰা।

প্ৰশ্নঃ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰধান উদ্দেশ্য কি আছিল?

উত্তৰঃ কৃষিৰ বিকাশ সাধন কৰা।

প্ৰশ্নঃ ভাৰতে পঞ্চবাৰ্ষিক পৰিকল্পনা কিয় গ্ৰহণ কৰিছে?

উত্তৰঃ দেশখনৰ সামগ্ৰিক বিকাশ ত্বৰান্বিত কৰাৰ বাবে।

প্ৰশ্নঃ ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন?

উত্তৰঃ ভাৰতৰ প্ৰধান মন্ত্ৰী।

প্ৰশ্নঃ  ভাৰতৰ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত কি খণ্ডৰ ওপৰত গুৰুত্ব দিয়া হৈছিল?

উত্তৰঃ গধুৰ উদ্যোগৰ ওপৰত।

প্ৰশ্নঃ ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনা কোনে প্ৰস্তুত কৰে?

উত্তৰঃ পৰিকল্পনা আয়োগে।

প্ৰশ্নঃ পৰিকল্পনা আয়োগক এটা সাংবিধানিক সংস্থা ক’ব পাৰিনে?

উত্তৰঃ নোৱাৰি।

প্ৰশ্নঃ ‘কেৰেলা মডেল’ বা ‘কেৰেলা আৰ্হি’ কি?

উত্তৰঃ ভাৰতৰ কেৰেলা চৰকাৰে ৰাজ্যখনৰ বিকাশৰ বাবে গ্ৰহণ কৰা এক আৰ্হি হ’ল কেৰেলা আৰ্হি।

প্ৰশ্নঃ সোঁ দল আৰু বাওঁ দল বুলিলে কি বুজা?

উত্তৰঃ ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনাৰ ক্ষেত্ৰত উদাৰ অৰ্থনৈতিক আৰ্হিৰ সমৰ্থনকাৰী লোকসকলক ‘সোঁ দল’ আৰু সাম্যবাদী আৰ্হিৰ সমৰ্থকসকলক ‘বাওঁ দল’ বুলি কোৱা হয়।

প্ৰশ্নঃ চৰকাৰৰ বাজেটক দুটা ভাগত ভাগ কৰা হয়, সেই দুটা কি কি?

উত্তৰঃ (ক ) পৰিকল্পনাভূত বাজেট আৰু (খ) পৰিকল্পনা বহিৰ্ভূত বাজেট।

প্ৰশ্নঃ বৰ্তমান ভাৰতত পৰিকল্পনা আয়োগৰ সলনি কোনটো প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে?

উত্তৰঃ নীতি আয়োগ (NITI Ayog) 

প্ৰশ্নঃ ভৰত সেউজ বিল্পৱৰ পিতৃ কাক আখ্যা দিয়া হয়?

উত্তৰঃ ড০ নৰ্মান বৰলাউগ।

প্ৰশ্নঃ ‘শ্বেত বিল্পৱ’ কি? 

উত্তৰঃ গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত দ্ৰব্যক কেন্দ্ৰ কৰি সংঘটিত হোৱা বিপ্লৱক শ্বেত বিপ্লৱ বুলি কোৱা হয়। 1970 দশকত গুজৰাটত শ্বেত বিপ্লৱ সংঘটিত হৈছিল।

প্ৰশ্নঃ নিৰ্বাচন আয়োগে কোন চনত EVM ৰ ব্যৱহাৰ আৰম্ভ কৰিছিল?                          

উত্তৰঃ 1990 চনত।

প্ৰশ্নঃ ভাৰত চৰকাৰে মণ্ডল আয়োগ কোন চনত নিযুক্তি দিছিল?

উত্তৰঃ 1979 চনত।

প্ৰশ্নঃ ভাৰতীয় জনসংঘ কেতিয়া গঠিত হৈছিল? ভাৰতীয় জনসংঘৰ প্রতিষ্ঠাপক সভাপতি কোন আছিল?

উত্তৰঃ 1951 চনত। ইয়াৰ প্রতিষ্ঠাপক সভাপতি আছিল শ্যামা প্ৰসাদ মুখাৰ্জী।

প্ৰশ্নঃ  NEFA ই কি সূচায়?

উত্তৰঃ North-East Frontier Agency.

প্ৰশ্নঃ 1966 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী আৰু পাকিস্থানৰ ৰাষ্ট্ৰপতি জেনেৰেল আয়ুব খানৰ দ্বাৰা স্বাক্ষৰিত চুক্তিখনৰ নাম কি?

উত্তৰঃ তাছখণ্ড চুক্তি।

প্ৰশ্নঃ কেতিয়া চিমলা চুক্তি কৰা হৈছিল?

উত্তৰঃ 1972 চনত।

প্ৰশ্নঃ কোন চনত বাংলাদেশ আৰু পাকিস্থানৰ মাজত যুদ্ধ সংঘটিত হৈছিল?

উত্তৰঃ  1971 চনত।

প্ৰশ্নঃ চীন আৰু ভাৰতৰ সীমাৰেখা হিচাপে কোন চনত মেকমোহন ৰেখা নিৰ্ধাৰণ কৰা হৈছিল?

উত্তৰঃ 1914 চনত।

প্ৰশ্নঃ ভাৰতীয় সংবিধানৰ কোন অনুেচ্ছদত বৈদেশিক নীতিৰ উল্লেখ আছে?

উত্তৰঃ 51 নং অনুেচ্ছদত।

প্ৰশ্নঃ ভাৰতৰ বৈদেশিক নীতিৰ বাটকটীয়া কোন?

উত্তৰঃ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু।

প্ৰশ্নঃ কোন চনত চীনে তিবৰ্বতক চামিল কৰি লয়?

উত্তৰঃ 1950 চনত।

প্ৰশ্নঃ চীনে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল?

উত্তৰঃ 1962 চনত।

প্ৰশ্নঃ কাশ্মীৰ বিভাজনৰ প্ৰস্তাৱ কোনে দিছিল?

উত্তৰঃ ৰাষ্ট্ৰসংঘই।

প্ৰশ্নঃ প্ৰথমখন গোষ্ঠী নিৰেপক্ষ শীৰ্ষ সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ ইন্দোনেছিয়াৰ বানডাং চহৰত।

প্ৰশ্নঃ ভাৰতৰ বৈদেশিক নীতিৰ মূলনীতি কি?

উত্তৰঃ গোষ্ঠীনিৰেপক্ষতা।

প্ৰশ্নঃ ‘বৈদেশিক নীতি’ বুলিলে কি বুজা?

উত্তৰঃ কোনো এখন স্বাধীন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক স্থাপনৰ কৰাৰ বাবে গ্ৰহণ কৰা নীতিক বৈদেশিক নীতি বুলি কোৱা হয়।

প্ৰশ্নঃ পঞ্চশীল নীতি’ স্বাক্ষৰিত হৈছিল ভাৰত আৰু ——— ৰ মাজত। (খালী ঠাই পূৰণ কৰা)

উত্তৰঃ চীন।

প্ৰশ্নঃ কাৰ্গিল যুদ্ধ কিমান চনত হৈছিল?

উত্তৰঃ 1999 চনত।

প্ৰশ্নঃ কিমান চনত ভাৰতীয় জনতা দল ক্ষমতালৈ আহিছিল?

উত্তৰঃ  1977 চনত।

প্ৰশ্নঃ বৈদেশিক নীতিৰ উপাদানসমূহ কি কি?

উত্তৰঃ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থ।

প্ৰশ্নঃ ভাৰতৰ বৈদেশিক নীতিৰ মুখ্য স্থপতি বুলি কাক কোৱা হয়?

উত্তৰঃ জৱাহৰলাল নেহৰু।

প্ৰশ্নঃ 1971 চনত ভাৰতে কোন ৰাষ্ট্ৰৰ লগত ‘বন্ধুত্বমূলক চুক্তি’ত স্বাক্ষৰ কৰিছিল?

উত্তৰঃ ছোভিয়েট ইউনিয়নৰ লগত।

প্ৰশ্নঃ CTBT ৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ Comprehensive Test Ban Treaty.

প্ৰশ্নঃ ভাৰতে পোন প্ৰথমবাৰৰ বাবে কেতিয়া পাৰমাণৱিক বিষফুৰণ ঘটাইছিল?

উত্তৰঃ  1974 চনত।

প্ৰশ্নঃ 1972 চনত ইন্দিৰা গান্ধী আৰু জুলফিকৰ আলি ভুট্টোৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিখনৰ নাম কি?

উত্তৰঃ চিমলা চুক্তি।

প্ৰশ্নঃ স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল?

উত্তৰঃ চৰ্দাৰ বল্লভভাই পেটেল।

প্ৰশ্নঃ ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীয়ে ‘পঞ্চশীল নীতি’ গ্ৰহণ কৰিছিল?

উত্তৰঃ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুয়ে।

প্ৰশ্নঃ কোনটো অঞ্চলৰ বিধায়কৰ লগত ‘আয়া ৰাম, গয়া ৰাম’ বাক্যাংশটো জড়িত?

উত্তৰঃ হাৰিয়ানা।

প্ৰশ্নঃ ভাৰতত মৰ্চা ব্যৱস্থা কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ 1967 চনৰ পৰা।

প্ৰশ্নঃ চতুৰ্থ সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰঃ 1967 চনত।

প্ৰশ্নঃ 1967 চনৰ সাধাৰণ নিৰ্বাচনত ভাৰতৰ জাতীয় কংগ্ৰেছে লোকসভাত কিমানখন আসন লাভ কৰিছিল?

উত্তৰঃ 283 খন।

প্ৰশ্নঃ ‘দলত্যাগ’ৰ অৰ্থ কি?

উত্তৰঃ এজন নিৰ্বাচিত সদস্যই এটা দল ত্যাগ কৰি আন এটা দলত যোগদান কৰা বা নতুনকৈ দল গঠন কৰাকে ‘দলত্যাগ’ বুলি কোৱা হয়।

প্ৰশ্নঃ ভাৰতত কোন দশকক ‘বিপদজ্জনক দহক’  (ভয়ংকৰ দহক) হিচাপে আখ্যা দিয়া হৈছে?

উত্তৰঃ 1960 দশকটোক।

প্ৰশ্নঃ লাল বাহদুৰ শাস্ত্ৰী কোন ৰাজ্যৰ লোক আছিল?

উত্তৰঃ উত্তৰ প্ৰদেশ।

প্ৰশ্নঃ ভাৰতৰ প্ৰধান মন্ত্ৰী হিচাপে লাল বাহাদুৰ শাস্ত্ৰীৰ পিছত কোন অধিষ্ঠিত হৈছিল?

উত্তৰঃ  শ্ৰীমতী ইন্দিৰা গান্ধী।

প্ৰশ্নঃ DMK ৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ Dravida Munnetra Kazhagam.

প্ৰশ্নঃ  SVD ই কি সূচায়?

উত্তৰঃ Sanyukt Vidhayak Dal.

প্ৰশ্নঃ ভাৰতৰ ৰাজনৈতিক আৰু নিৰ্বাচন সম্পৰ্কীয় ইতিহাসত কোনটো বছৰক স্মৰণীয় বৰ্ষ হিচাপে  বিবেচনা কৰা হয়?

উত্তৰঃ 1967 চনটোক।

প্ৰশ্নঃ ‘ছিণ্ডিকেট’ বুলিলে কি বুজা?

উত্তৰঃ ‘ছিণ্ডিকেট’ বুলিলে কোনো এক শক্তিশালী আৰু প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ গোটক বুজায়।

প্ৰশ্নঃ লাল বাহাদুৰ শাস্ত্ৰী ভাৰতৰ  ——— প্ৰধান মন্ত্ৰী আছিল।। (খালী ঠাই পূৰণ কৰা)

উত্তৰঃ দ্বিতীয়।

প্ৰশ্নঃ ‘গৰীবি হটাও’ শ্লোগানটো কোনটো দলৰ আছিল?

উত্তৰঃ  কংগ্ৰেছ দলৰ।

প্ৰশ্নঃ ‘জয় জোৱান, জয় কিষাণ’ – শ্লোগানটোৰ স্ৰষ্টা কোন আছিল?

উত্তৰঃ লাল বাহাদুৰ শাস্ত্ৰী।

প্ৰশ্নঃ কংগ্ৰেছ ছিণ্ডিকেটৰ নেতৃত্ব কোনে লৈছিল?

উত্তৰঃ  কে. কামৰাজ।

প্ৰশ্নঃ ‘দ্ৰাবিড়া মুন্নেটা কাজাগাম’ কোন ৰাজ্যৰ আঞ্চলিক দল?

উত্তৰঃ তামিলনাডুৰ।

প্ৰশ্নঃ ‘ইন্দিৰা হটাও’ শ্লোগানটো কোনে দিছিল?

উত্তৰঃ 1971 চনত কংগ্ৰেছৰ সভাপতি এছ. নিজামিংগাপ্পাই ইন্দিৰা বিৰোধী মিত্ৰজোঁটৰ হৈ উক্ত শ্লোগানটো দিছিল।

প্ৰশ্নঃ কিমান চনত দলত্যাগ বিৰোধী আইন প্ৰণয়ন কৰা হৈছিল?

উত্তৰঃ 1985 চনত।

প্ৰশ্নঃ ভাৰতৰ প্ৰথম মহিলা প্ৰধান মন্ত্ৰী কোন আছিল?

উত্তৰঃ শ্ৰীমতী ইন্দিৰা গান্ধী।

প্ৰশ্নঃ ভাৰতৰ প্ৰথম গৰাকী নিৰ্বাচন আয়ুক্তৰ নাম কি আছিল?

উত্তৰঃ সুকুমাৰ সেন।

প্ৰশ্নঃ কোন চনৰ পৰা কেন্দ্ৰত মৰ্চা চৰকাৰৰ আৰম্ভণি হয়?

উত্তৰঃ 1977 চনৰ পৰা।

প্ৰশ্নঃ  গুজৰাট আৰু বিহাৰত ছাত্ৰ আন্দোলনৰ নেতৃত্ব কোনে দিছিল?

উত্তৰঃ জয়প্ৰকাশ নাৰায়ণে।

প্ৰশ্নঃ জনতা চৰকাৰ কেতিয়া ক্ষমতালৈ আহিছিল?

উত্তৰঃ 1977 চনত।

প্ৰশ্নঃ ইন্দিৰা গান্ধীৰ দ্বাৰা আৰম্ভ কৰা কুৰি দফীয়া কাৰ্যসূচীৰ অন্তৰ্ভূক্ত যিকোনো এটা বিষয় উল্লেখ কৰা।

উত্তৰঃ দৰিদ্ৰতা দূৰীকৰণ ।

প্ৰশ্নঃ কোন চৰকাৰৰ দিনত মণ্ডল আয়োগ নিযুক্তি দিয়া হৈছিল?

উত্তৰঃ জনতা দলৰ।

প্ৰশ্নঃ জয়প্ৰকাশ নাৰয়ণ কোন ৰাজ্যৰ লোক আছিল?

উত্তৰঃ বিহাৰ।

প্ৰশ্নঃ কমিউনিষ্ট পাৰ্টী অফ ইণ্ডিয়া (মাৰ্ক্সবাদী-লেলিনবাদী)ৰ প্রতিষ্ঠাতা কোন আছিল?

উত্তৰঃ চাৰু ¸মজুমদাৰ।

প্ৰশ্নঃ ভাৰতত প্ৰথমবাৰৰ বাবে  কেতিয়া জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল?

উত্তৰঃ  1975 চনত।

প্ৰশ্নঃ শ্বাহ আয়োগৰ নেৰ্তৃত্ব কোনে দিছিল?

উত্তৰঃ জে চি স্বাহ। 

প্ৰশ্নঃ ‘দায়বদ্ধ আমোলতন্ত্ৰ’ৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰঃ চৰকাৰী আদৰ্শৰ প্ৰতি আনুগত্য।

প্ৰশ্নঃ ভাৰতত দায়বদ্ধ আমোলাতন্ত্ৰ আৰু ন্যায়পালিকা’ৰ ধাৰণাটো কোনে উলিয়াইছিল?

উত্তৰঃ ইন্দিৰা গান্ধীয়ে।

প্ৰশ্নঃ 1975 চনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি আছিল?

উত্তৰঃ ফকৰুদ্দিন আলি আহমেদ।

প্ৰশ্নঃ গণতন্ত্ৰৰ পুনৰাৱৰ্তনৰ প্ৰতীক হিচাপে কোন পৰিগণিত হৈছিল?

উত্তৰঃ জয়প্ৰকাশ নাৰায়ণ।

প্ৰশ্নঃ চাৰু মজুমদাৰ কোন আছিল?

উত্তৰঃ চাৰু মজুমদাৰ এজন প্ৰখ্যাত সমাজবাদী নেতা, বিপ্লৱী আৰু নক্সালবাদী আন্দোলনৰ গুৰি ধৰোঁতা আছিল।

প্ৰশ্নঃ গণতন্ত্ৰৰ বাবে কংগ্ৰেছৰ নেতা কোন আছিল?

উত্তৰঃ জগজীৱন ৰাম।

প্ৰশ্নঃ  ভাৰতৰ কোনটো অঞ্চলত মাৰ্ক্সবাদী-লেলিনবাদী গোট শক্তিশালী আছিল?

উত্তৰঃ পশ্চিমবংগত।

প্ৰশ্নঃ 1974 চনত ৰেলেৱে ধৰ্মঘটৰ নেৰ্তৃত্ব কোনে দিছিল?

উত্তৰঃ জৰ্জ ফাৰ্ণাণ্ডেজ।

প্ৰশ্নঃ শ্বাহ আয়োগ কেতিয়া নিযুক্তি দিয়া হৈছিল?

উত্তৰঃ 1971 চনত।

প্ৰশ্নঃ ‘ইন্দিৰা ইজ ইণ্ডিয়া, ইণ্ডিয়া ইজ ইন্দিৰা’ – শ্লোগানটো কোনে দিছিল?

উত্তৰঃ দেৱকান্ত বৰুৱাই।  

প্ৰশ্নঃ কোনে ‘সৰ্বাত্মক বিপ্লৱ’ৰ আহ্বান জনাইছিল?

উত্তৰঃ  জয়প্ৰকাশ নাৰায়ণ।

প্ৰশ্নঃ মহামৰ্চা কেতিয়া গঠিত হৈছিল?

উত্তৰঃ 1971 চনত।

প্ৰশ্নঃ জনতা পাৰ্টী কেতিয়া গঠিত হৈছিল?

উত্তৰঃ 1977 চনত।

প্ৰশ্নঃ জনতা পাৰ্টীৰ প্ৰথমগৰাকী সভাপতি কোন আছিল?

উত্তৰঃ জয়প্ৰকাশ নাৰায়ণ।

প্ৰশ্নঃ মণ্ডল আয়োগৰ এটা পৰামৰ্শ লিখা।

উত্তৰঃ চৰকাৰী চাকৰি আৰু শৈক্ষিক প্রতিষ্ঠানসমূহত পিছপৰা শ্ৰেণীসমূহৰ বাবে 27% পদ সংৰক্ষণ কৰা।

প্ৰশ্নঃ ‘অসম আন্দোলন’ কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ 1979 চনত।

প্ৰশ্নঃ কোন চনত গোৱা ভাৰতৰ এখন অংগ ৰাজ্য হিচাপে চামিল হৈছিল?

উত্তৰঃ 1987 চনত।

প্ৰশ্নঃ নগা নেচনেল কাউন্সিলৰ নায়ক কোন?

উত্তৰঃ এ জেদ ফিজো।

প্ৰশ্নঃ ‘আনন্দপুৰ চাহিব প্ৰস্তাৱ’ কেতিয়া গৃহীত হৈছিল? 

উত্তৰঃ  1973 চনত।

প্ৰশ্নঃ হৰি সিং কোন আছিল?

উত্তৰঃ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ত জম্বু আৰু কাশ্মীৰৰ ৰজা আছিল।

প্ৰশ্নঃ ভাৰতীয় সংবিধানৰ কোনটো অনুেচ্ছদত জম্বু আৰু কাশ্মীৰৰ বিষয়ে উল্লেখ আছে?

উত্তৰঃ 370 নং অনুেচ্ছদত।

প্ৰশ্নঃ পঞ্জাৱৰ ‘আকালি দল’ কিমান চনত গঠন কৰা হৈছিল?

উত্তৰঃ  1920 চনত।

প্ৰশ্নঃ লালডেংগা কোন আছিল? 

উত্তৰঃ লালডেংগা মিজো জাতীয় মৰ্চাৰ জন্মদাতা আছিল।

প্ৰশ্নঃ ভাৰতীয় সংবিধানৰ কিমান নং অনুেচ্ছদত জম্বু আৰু কাশ্মীৰক বিশেষ মৰ্যদা প্ৰদান কৰা হৈছে

উত্তৰঃ 370 নং অনুেচ্ছদত।

প্ৰশ্নঃ ভাৰত চৰকাৰে কেতিয়া ‘অপাৰেচন ব্লুষ্টাৰ’ চলাইছিল?

উত্তৰঃ 1984 চনত।

প্ৰশ্নঃ চিকিমত কেতিয়া প্ৰথম বিধানসভা নিৰ্বাচন হৈছিল?

উত্তৰঃ 1974 চনত।

প্ৰশ্নঃ চিকিম কেতিয়া ভাৰতৰ লগত চামিল হৈছিল?

উত্তৰঃ 1975 চনত।

প্ৰশ্নঃ AASU  ৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ All Assam Students Union.

প্ৰশ্নঃ নেচনেল কনফাৰেন্স কেতিয়া গঠন হৈছিল?

উত্তৰঃ 1948 চনত।

প্ৰশ্নঃ  ‘তেলেগু দেশম’ৰ প্রতিষ্ঠাপক সভাপতি কোন আছিল?

উত্তৰঃ এন টি ৰামাৰাও।

প্ৰশ্নঃ কোন চনত নাগালেণ্ড ৰাজ্য গঠিত হৈছিল?

উত্তৰঃ  1960 চনত।

প্ৰশ্নঃ আঞ্চলিকতাবাদৰ সৃষ্টি কৰা যিকোনো এটা কাৰক উল্লেখ কৰা।

উত্তৰঃ অৰ্থনৈতিক বৈষম্য।

প্ৰশ্নঃ কিমান চনত উত্তৰ-পূৰ্বাঞ্চলৰ পুনৰ গঠন সম্পূৰ্ণ হৈছিল?

উত্তৰঃ  1987 চনত। 

প্ৰশ্নঃ চিকিম ভাৰতৰ ———- তম ৰাজ্য। (খালী ঠাই পূৰণ কৰা)।

উত্তৰঃ  22 তম।

প্ৰশ্নঃ MNF ৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ Mizo Nationalist Front.

প্ৰশ্নঃ MGP  ৰ সম্পূৰ্ণ ৰূপটো কি।

উত্তৰঃ Maharastrabadi Gomntok Party.

প্ৰশ্নঃ ‘পঞ্জাৱী চুবা’ গঠনৰ দাবীত কেতিয়া আন্দোলন হৈছিল?

উত্তৰঃ 1960চনত।

প্ৰশ্নঃ ‘পঞ্জাৱ একৰ্ড’ কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰঃ   1985 চনত।

প্ৰশ্নঃ ইন্দিৰা গান্ধী কেতিয়া আততায়ীৰ হাতত নিহত হৈছিল?

উত্তৰঃ 1984 চনৰ 31অক্টোবৰ ত।

প্ৰশ্নঃ 1961 চনৰ আগলৈকে গোৱা ৰাজ্যখন কাৰ অধীনত আছিল?

উত্তৰঃ পৰ্তুগীজসকলৰ।

প্ৰশ্নঃ ‘অসম চুক্তি’কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰঃ 1985 চনত।

প্ৰশ্নঃ ভাৰতৰ কোনো এক ৰাজ্যত প্ৰথমে গঠন হোৱা আঞ্চলিক দলটোৰ নাম লিখা।

উত্তৰঃ ডি. এম কে. (দ্ৰাবিড় মুনেত্ৰা কাজাগাম)

প্ৰশ্নঃ ছিমলা চুক্তি স্বাক্ষৰিত হৈছিল ভাৰত আৰু ———- মাজত। (খালী ঠাই পূৰণ কৰা।)

উত্তৰঃ পাকিস্থান ৰাজনীতি বিজ্ঞান কুইজ

প্ৰশ্নঃ প্ৰথম গোষ্ঠী নিৰেপক্ষ সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ বেলগ্ৰেডত।

প্ৰশ্নঃ ‘নেদা’ (NEDA) ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ North  East  Democratic  Alliance.

প্ৰশ্নঃ কৃষকসকলৰ যিকোনো এটি সংগঠনৰ নাম লিখা।

উত্তৰঃ ভাৰতীয় কিষাণ ইউনিয়ন।

প্ৰশ্নঃ NFF ৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ National Fish Workers’ Forum.

প্ৰশ্নঃ ভাৰতৰ কোনখন ৰাজ্যত আৰাক বিৰোধী (সুৰা বিৰোধী) আন্দোলন আৰম্ভ হৈছিল?

উত্তৰঃ অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাত।

প্ৰশ্নঃ ‘নৰ্মদা বাচাও’ আন্দোলনৰ নেতাগৰাকীৰ নাম কি?

উত্তৰঃ মেধা পাটেকাৰ।

প্ৰশ্নঃ MKSS ৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ Mazdoor Kishan Sakti Sangathan.

প্ৰশ্নঃ চিপকো আন্দোলন কোন ৰাজ্যত আৰম্ভ হৈছিল?

উত্তৰঃ উত্তৰাখণ্ডত।

প্ৰশ্নঃ নামদেও ধাছাল কোন আছিল?

উত্তৰঃ এজন মাৰাঠী বিপ্লৱী কবি।

প্ৰশ্নঃ তথ্য জনাৰ অধিকাৰ আন্দোলনৰ আৰম্ভণি কেতিয়া হৈছিল?

উত্তৰঃ  2005 চনত।

ৰাজনীতি বিজ্ঞান কুইজ, Political Science Quiz

প্ৰশ্নঃ চিপক’ আন্দোলনৰ মূল হোতা কোন আছিল?

উত্তৰঃ সুন্দৰলাল বহুগুনা।

প্ৰশ্নঃ দলিত পন্থাৰৰ আদৰ্শ কি আছিল?

উত্তৰঃ সমাজৰ পৰা জাতিভেদ প্ৰথা আঁতৰ কৰা।

প্ৰশ্নঃ ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা কোন আছিল? 

উত্তৰঃ মহেন্দ্ৰ সিং টিকাইট।

প্ৰশ্নঃ চিপকো আন্দোলনৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰঃ গছ কটা বন্ধ কৰি পাৰিপাৰ্শ্বিকতা আন্দোলন গঢ়ি তোলা।

প্ৰশ্নঃ POW ৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ Prisoner of War.

প্ৰশ্নঃ কোনটো সংগঠনে তথ্য জনাৰ অধিকাৰ আন্দোলনৰ সূচনা কৰিছিল?

উত্তৰঃ মজদুৰ কিষাণ শক্তি সংগঠনে।

প্ৰশ্নঃ  কোন বছৰত ‘সৰ্বভাৰতীয় কিষাণ সভা’ প্রতিষ্ঠা হৈছিল?

উত্তৰঃ 1936 চনত।

প্ৰশ্নঃ ‘কৃষক আন্দোলন দল ভিত্তিক আন্দোলন’ – সঁচানে মিছা কোৱা।

উত্তৰঃ  মিছা।

প্ৰশ্নঃ নেল্লোৰ জিলাত নিলাম কিমানবাৰ স্থগিত কৰা হৈছিল?

উত্তৰঃ সোতৰবাৰ।

প্ৰশ্নঃ ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা কোন আছিল?

উত্তৰঃ চৌধাৰী চৰণ সিং। 

প্ৰশ্নঃ শ্বেতকাৰী সংঘটনা কোন ৰাজ্যৰ?

উত্তৰঃ মহাৰাষ্ট্ৰ।

প্ৰশ্নঃ ভাৰতত নাৰী আন্দোলনৰ পিতৃ কোন ?

উত্তৰঃ পণ্ডিত ৰামা বাই।

প্ৰশ্নঃ ‘এন্টি এৰাক মুভমেন্ট’ কিহৰ লগত জড়িত?

উত্তৰঃ সুৰাৰ লগত। ৰাজনীতি বিজ্ঞান কুইজ

প্ৰশ্নঃ ভাৰতৰ কোনখন ৰাজ্যত ‘নৱ নিৰ্মাণ আন্দোলন’ আৰম্ভ হৈছিল?

উত্তৰঃ গুজৰাটত।

প্ৰশ্নঃ আৰাক বিৰোধী আন্দোলনক নাৰী আন্দোলন বুলি ক’ব পাৰি। (শুদ্ধ নে অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

প্ৰশ্নঃ 1989 চনৰ কেন্দ্ৰত মৰ্চা চৰকাৰখনৰ মুৰববী কোন আছিল?

উত্তৰঃ বিশ্বনাথ প্ৰতাপ সিং।

ৰাজনীতি বিজ্ঞান কুইজ, Political Science Quiz

প্ৰশ্নঃ কোন দলে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চৰকাৰৰ নেতৃত্ব দিছিল?

উত্তৰঃ ভাৰতীয় জনতা দলে।

প্ৰশ্নঃ  আদৱানিৰ পিছত ভাৰতীয় জনতা দলৰ সভাপতি কোন হৈছিল?

উত্তৰঃ ৰাজনাথ সিং।

প্ৰশ্নঃ ‘কংগ্ৰেছ ব্যৱস্থা’ বুলিলে কি বুজা?

উত্তৰঃ কংগ্ৰেছ দলে দীৰ্ঘকালীন শাসন ব্যৱস্থাৰ জৰিয়তে ভাৰতীয় ৰাজনীতিত আধিপত্য বিস্তাৰ কৰাকে ‘কংগ্ৰেছ ব্যৱস্থা’ বুলি কোৱা হয়।

প্ৰশ্নঃ ‘কৰসেৱা’ কি?

উত্তৰঃ অযোধ্যাৰ বিবাদমান বাবৰি মছজিদক কেন্দ্ৰ কৰি বিশ্ব হিন্দু পৰিষদ আৰু ভাৰতীয় জনতা দলে সংগ্ৰাম আৰম্ভ কৰি ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সংগ্ৰহ কৰিবলৈ লোৱা অৰ্থ বা পুঁজিক ‘কৰসেৱা’ বুলি কোৱা হয়।

প্ৰশ্নঃ কেইটা দল মিলি ‘নেচনেল ডেমক্ৰেটিক এলায়েন্স’ গঠন হৈছিল?

উত্তৰঃ 13 টা।

প্ৰশ্নঃ এন. ডি. এ চৰকাৰৰ নেতৃত্ব কোনে দিছিল?

উত্তৰঃ অটল বিহাৰী বাজেপয়ীয়ে। 

প্ৰশ্নঃ ‘মণ্ডল আয়োগ’ কি?

উত্তৰঃ 1978 চনত বি পি মণ্ডলৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে পিছপৰা শ্ৰেণীৰ লোকসকলক চিনাক্ত কৰি তেওঁলোকৰ সংৰক্ষণৰ বাবে পৰামৰ্শ প্ৰদান কৰিবলৈ যি আয়োগ গঠন কৰা হৈছিল তাকে ‘মণ্ডল আয়োগ’ বুলি কোৱা হয়।

প্ৰশ্নঃ UPA বুলিে কি বুজা?

উত্তৰঃ United Progressive Alliance.

প্ৰশ্নঃ কোন চনত জনতা দল গঠন হৈছিল?

উত্তৰঃ 1977 চনত।

প্ৰশ্নঃ কোন চনত ভাৰতীয় জনতা দল গঠিত হৈছিল?

উত্তৰঃ 1980 চনত। ৰাজনীতি বিজ্ঞান কুইজ

প্ৰশ্নঃ ‘হিন্দুত্ব’ই কি বুজায়?

উত্তৰঃ হিন্দু ধৰ্ম আৰু সংস্কৃতিৰ ওপৰত গুৰুত্ব দিয়া বুজায়।

প্ৰশ্নঃ বিজেপিৰ কোন গৰাকী নেতাই মহম্মদ আলী জিন্নাক ধৰ্মনিৰেপক্ষ নেতা বুলি কৈছিল?

উত্তৰঃ অটল বিহাৰী বাজেপয়ীয়ে।

প্ৰশ্নঃ  2004 চনৰ নিৰ্বাচনৰ পিছত ভাৰতৰ প্ৰধান মন্ত্ৰী কোন হৈছিল?

উত্তৰঃ ড০ মনমোহন সিং।

প্ৰশ্নঃ মণ্ডল আয়োগে অ’ বি চি ৰ বাবে কিমান শতাংশ সংৰক্ষণৰ পৰামৰ্শ আগবঢ়াইছিল ?

উত্তৰঃ 27 শতাংশ।

প্ৰশ্নঃ কিমান চনত ভাৰতত নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰা হৈছিল?

উত্তৰঃ 1991 চনত।

ৰাজনীতি বিজ্ঞান কুইজ, Political Science Quiz

প্ৰশ্নঃ নতুন অৰ্থনৈতিক নীতি বাস্তবায়িত কৰাৰ সময়ত ভাৰতৰ বিত্তমন্ত্ৰী কোন আছিল?

উত্তৰঃ  ড০ মনমোহন সিং।

প্ৰশ্নঃ 977  চনৰ নিৰ্বাচনত জনতা চৰকাৰৰ প্ৰধানমন্ত্ৰী কোন হৈছিল? 

উত্তৰঃ মোৰাৰজী দেশাই।

প্ৰশ্নঃ কেন্দ্ৰ মৰ্চা চৰকাৰৰ যুগ কেতিয়াৰ পৰা আৰম্ভ হৈছিল? 

উত্তৰঃ 977  চনৰ পৰা।

প্ৰশ্নঃ NDA ৰ সম্পূৰ্ণ ৰূপটো লিখা। 

উত্তৰঃ National Democratic Alliance.

প্ৰশ্নঃ ভাৰতত বহুদলীয় ব্যৱস্থা আছে। (সত্য নে অসত্য) 

উত্তৰঃ সত্য। 

প্ৰশ্নঃ ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য লিখা।                                    

উত্তৰঃ অৰ্থনৈতিক উদাৰীকৰণ।

প্ৰশ্নঃ গোধৰা কাণ্ড কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ 2002 চনৰ 27 ফেব্রৱাৰীত।

প্ৰশ্নঃ ‘ভাইছাৰা’ মানে কি?

উত্তৰঃ সামাজিক সমিলমিল বা ভাতৃত্ববোধ ।

প্ৰশ্নঃ বহুজন সামজবদী পাৰ্টিৰ প্রতিষ্ঠাতা কোন?

উত্তৰঃ কাশীৰাম।

প্ৰশ্নঃ মণ্ডল আয়োগৰ অধ্যক্ষ কোন আছিল?

উত্তৰঃ বিন্দেশ্বৰী প্ৰসাদ মণ্ডল।

প্ৰশ্নঃ ভাৰত নতুন অৰ্থনৈতিক নীতি কোনে গ্ৰহণ কৰিছিল?

উত্তৰঃ পি ভি নৰসিংহ ৰাও চৰকাৰে।

প্ৰশ্নঃ ‘নীৰৱ বিপ্লৱ’ কি?

উত্তৰঃ ভাৰতৰ ৰাজনীতিত অন্যান্য পিছপৰা সম্প্ৰদায় আৰু নিম্নবৰ্গৰ উত্থানক ক্ৰিষ্টফাৰ জাফেল টেৱে ‘নীৰৱ বিপ্লৱ’ বুলি আখ্যা দিছিল। 0 0 0

ৰাজনীতি বিজ্ঞান কুইজ, Political Science Quiz

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাজনীতি বিজ্ঞান কুইজ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here