Home Literary Criticism শংকৰদেৱৰ ‘মুক্তিমঙ্গল ভটিমা’–এক আলোচনা | Sankardev Muktimangal Bhatima

শংকৰদেৱৰ ‘মুক্তিমঙ্গল ভটিমা’–এক আলোচনা | Sankardev Muktimangal Bhatima

0

শংকৰদেৱৰ ‘মুক্তিমঙ্গল ভটিমা’– এক আলোচনা

ৰাব্বি মছৰুৰ
শংকৰদেৱৰ ‘মুক্তিমঙ্গল ভটিমা’--এক আলোচনা  Sankardev Muktimangal Bhatima

শংকৰদেৱৰ ‘মুক্তিমঙ্গল ভটিমা’

শংকৰদেৱৰ ‘মুক্তিমঙ্গল ভটিমা’– এক আলোচনা | Sankardev Muktimangal Bhatima

জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণ যে পাপী-তাপী সকলোৰে ত্ৰাণকৰ্তা আৰু তেওঁৰ চৰণ সেৱা কৰি যে মানৱে মুক্তি লাভ কৰিব পাৰে এই তত্ত্ব কথা  ‘মুক্তিমঙ্গল ভটিমা’টিৰ মাজেদি কবি শংকৰদেৱে উপস্থাপন কৰিছে।

শ্ৰীকৃষ্ণ হৈছে সকলো সৃষ্টিৰ মূল। কিন্তু তেওঁ পৰম ঈশ্বৰ হৈয়ো মানৱ ৰূপত দৈৱকীৰ গৰ্ভত জন্ম গ্ৰহণ কৰিছিল। ধৰ্মক ৰক্ষা কৰা আৰু অধৰ্মক বিনাশ সাধন কৰাই তেওঁৰ মানৱী জন্মৰ মূল উদ্দেশ্য আছিল। সংসাৰৰ সমস্ত দেবতাৰ শ্রেষ্ঠতম জন হৈছে বিষ্ণু বা কৃষ্ণ। কৌটি কল্পৰ পাপ কেৱল কৃষ্ণইহে বিনাশিব পাৰে

শ্ৰীকৃষ্ণই তেওঁৰ ভক্তসকলক ৰক্ষাৰ উদ্দেশ্যে অঘাসুৰ, বকাসুৰ, ধেনুকাসুৰ,  কেশী, কংস আদি দৈত্যক বধ কৰিছিল। তেওঁ ত্ৰিজগতৰ ঈশ্বৰ। তেওঁ মানুহক অৰ্থাৎ তেওঁৰ ভক্তসকলক আধিভৗতিক, আধিদৈৱিক, আধ্যাত্মিক – এই ত্ৰিতাপৰ পৰা ৰক্ষা কৰে। শ্ৰীকৃষ্ণই গোপীবাসীৰ ৰক্ষাৰ্থে অৰিষ্টাসুৰ, মুষ্টিক, শঙ্খচূৰ আদি দৈত্যক বধ কৰিছিল। 

কবিয়ে কৈছে যে ভৱ সাগৰ অৰ্থাৎ সাংসাৰিক মায়া-মোহৰ পৰা মোক্ষ লাভ কৰাৰ একমাত্ৰ উপায় হৈছে শ্ৰীকৃষ্ণক শৰণ লোৱা। তেওঁ হৈছে জগতৰ ঈশ্বৰ। তেওঁত শৰণ লোৱাৰ বাহিৰে জীৱৰ মুক্তিৰ আন কোনো পথ নাই। সেয়ে কৱিয়ে সকলো জীৱকে আহ্বান কৰিছে সিহঁতে যেন সংসাৰৰ মায়া ত্যাগ কৰি কৃষ্ণত আশ্ৰয় লয়। কাৰণ কৃষ্ণ হৈছে এক নাওৰ দৰে। তেওঁত শৰণ লৈয়ে দুখ-কষ্টৰে ভৰা সংসাৰ সাগৰ পাৰ হ’ব পাৰি। ০ ০ ০

শংকৰদেৱৰ ‘মুক্তিমঙ্গল ভটিমা’

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here