পৰশুৰাম সোনোৱাল | Parshuram Sonowal
পৰশুৰাম সোনোৱাল
পৰশুৰাম সোনোৱাল | Parshuram Sonowal
পৰশুৰাম সোনোৱাল (Parshuram Sonowal) আছিল অসমৰ সোনোৱাল কছাৰী জনগোষ্ঠীৰ এজন ক্ৰীড়াবিদ, সংগীত সাধক, শিক্ষাবিদ, উকিল আৰু লেখক।
পৰশুৰাম সোনোৱালৰ জন্ম হয় ১৯০৪ চনৰ ২৫ মে’ তাৰিখে নগাঘূলি চাহ বাগিছাত। তেওঁৰ পিতৃৰ নাম আছিল পঞ্চানন সোনোৱাল আৰু মাতৃ আছিল গুটিমালা সোনোৱাল।
গ্ৰেহেম বজাৰ নিম্ন বুনিয়াদী পাঠশালাত পৰশুৰাম সোনোৱালদেৱে প্ৰাথমিক শিক্ষাৰ শুভাৰম্ভ কৰে আৰু ১৯২৪ চনত প্ৰথম বিভাগত মেট্ৰিক পাছ কৰি কটন কলেজৰ পৰা আই. এ. কলা শাখাত প্ৰথম বিভাগত উর্ত্তীর্ণ হৈ কলিকতাৰ প্ৰেছিডেন্সী কলেজত নাম লগায়। ১৯৩২ চনত তেওঁ ‘ইউনিভাৰচিটি অব কলকাতা’ৰ পৰা বুৰঞ্জী বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। লগতে একে সময়তে সেই বিশ্ববিদ্যালয়ৰ পৰা এল. এল. বি.- ত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।
যি সময়ত অসমত টেনিছ, ফুটবল আৰু হকী খেলৰ কোনো চিনাকি নাছিল, সেই সময়ছোৱাত পৰশু সোণোৱালে নিজা পাৰদৰ্শিতাৰে প্ৰেছিডেন্সী কলেজৰ ফুটবল, হকী আৰু টেনিছ খেলত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।
তেওঁ কৰ্মজীৱন আৰম্ভ কৰে ১৯৩৪ চনত ডিব্রূগড় উকীল সন্থাত যোগদান কৰি। এই উকীল সন্থাত নাম পঞ্জীয়ন কৰা এম. এ., এল. এল.বি. প্ৰথম অসমীয়া ব্যক্তিজন হ’ল পৰশুৰাম সোনোৱাল।
পৰশুৰাম সোনোৱাল বহুতো সামাজিক কামতো জড়িত হৈছিল। সোনোৱালদেৱ একেৰাহে ডিব্রূগড় লোকেল ব’ৰ্ডৰ সক্ৰিয় সদস্য, অসম মেডিকেল স্কুল ব’ৰ্ডৰ সদস্য, জিলা ট্ৰাইেবল লীগৰ সভাপতি আদিকে ধৰি ডিব্রূগড় উকীল সন্থাৰ দুবাৰকৈ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। স্বাধীনতাৰ পাছৰ সময়ছোৱাত অসমৰ অনুন্নত জাতি-জনগোষ্ঠীসমূহৰ সামাজিক, শৈক্ষিক, অৰ্থনৈতিক তথা সাংস্কৃতিক দিশ আগবঢ়াই নিবলৈ গঠন কৰা ‘সদৌ অসম ট্ৰাইেবল লীগ’ৰ বাবে তেওঁ বহুতো অৱদান তথা ত্যাগ স্বীকাৰ কৰি গৈছে।
খ্ৰীষ্টীয় ১৯৬০ চনৰ পহিলা অক্টোবৰৰ দিনা তেওঁ ইহলীলা সম্বৰণ কৰে। ০ ০ ০
Read More: বিশ্ব ব্যক্তি পৰিচয়
.
বি. দ্র. উক্ত ‘পৰশুৰাম সোনোৱাল | Parshuram Sonowal‘ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান:






