Home Literary Criticism গোলকীয় উষ্ণতা বৃদ্ধি: কাৰণ আৰু প্ৰতিকাৰ | Golokio Ushnota Bridhi Karon Aaru...

গোলকীয় উষ্ণতা বৃদ্ধি: কাৰণ আৰু প্ৰতিকাৰ | Golokio Ushnota Bridhi Karon Aaru Protikar | Global Warming Essay in Assamese

Global Warming Essay in Assamese

5

যদি আপুনি ‘গোলকীয় উষ্ণতা বৃদ্ধি: কাৰণ আৰু প্ৰতিকাৰ‘ৰ বিষয়ে এখন ৰচনা বিচাৰিছে আৰু ইয়াৰ বিষয়ে সবিশেষ জানিব খোজে, তেন্তে এইখন নিবন্ধ আপোনাৰ বাবে উপযুক্ত। এই নিবন্ধখন ছাত্ৰ-ছাত্ৰীসকলে সহজে বুজিব পৰাকৈ সৰল ভাষাত লিখা হৈছে।

গোলকীয় উষ্ণতা বৃদ্ধি

গোলকীয় উষ্ণতা বৃদ্ধি: কাৰণ আৰু প্ৰতিকাৰ | Golokio Ushnota Bridhi Karon Aaru Protikar

(ৰচনা ১ )

আৰম্ভণি:

সাধাৰণতে ‘গোলকীয় উষ্ণতা’ বুলিলে পৃথিৱী পৃষ্ঠৰ গড় উষ্ণতাৰ ক্ৰমাগত বৃদ্ধি পোৱা অৱস্থাক বুজোৱা হয়।  বিস্তৃতভাৱে ক’বলৈ গ’লে প্ৰাকৃতিক তথা মানুহৰ অবিবেচকী ক্ৰিয়া-কলাপৰ ফলত বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠত যি উত্তাপ বৃদ্ধি পাইছে তাক ‘গোলকীয় উষ্ণতা বৃদ্ধি’ বুলি ক’ব পাৰি। গোলকীয় উষ্ণতা বৃদ্ধি সাম্প্ৰতিক বিশ্বৰ এক ভয়াবহ সমস্যা। ই পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাই জীৱ জগতৰ অস্তিত্বত ভাবুকিৰ সৃষ্টি কৰি আছে।

গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ:

বিজ্ঞানীসকলৰ মতে, যোৱা পঞ্চাশ বছৰত পৃথিৱী পৃষ্ঠৰ উষ্ণতা অতি দ্ৰুত গতিত বৃদ্ধি পাই আছে। ইয়াৰ কাৰণ কেইবাটাও যেনে:

(ক) জলীয় বাষ্প:

বায়ুমণ্ডলত প্ৰৱেশ কৰা সূৰ্যৰ পোহৰৰ অৱলোহিত ৰশ্মি জলীয় বাষ্পই শোষণ কৰি লয়।  ইয়াৰ উপৰি জলীয় বাষ্পৰ দ্বাৰা গঠন হোৱা মেঘতো সূৰ্যৰ অৱলোহিত ৰশ্মি শোষিত হয়। ফলত ভূপৃষ্ঠৰ ওপৰৰ উত্তাপ বৃদ্ধি পায়।

(খ) কাৰ্বন-ডাই অক্সাইড:

বায়ুমণ্ডত থকা কাৰ্বন-ডাই অক্সাইডেও তাপ শোষণ কৰে। বায়ুমণ্ডলত কাৰ্বন-ডাই অক্সাইডৰ পৰিমাণ যিমানে বৃদ্ধি পায় সিমানে ভূপৃষ্ঠৰ উত্তাপ বাঢ়ি যায়। ভূপৃষ্ঠত আগ্নেগিৰিৰ উদ্‌গীৰণ, মটৰ-গাড়ী, কল-কাৰখানা আদিৰ পৰা নিৰ্গত হোৱা ধোঁৱা, ছাই বায়ুমণ্ডলৰ লগত মিহলি হৈ বায়ুত কাৰ্বন-ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰি গোলকীয় উষ্ণতা বৃদ্ধিত ইন্ধন যোগায়।

(গ) অজন গেছ:

বায়ুমণ্ডলত থকা অ’জন গেছেও সূৰ্যৰ পৰা অহা অৱলোহিত ৰশ্মি শোষণ কৰি গোলকীয় উত্তাপ বৃদ্ধি কৰে। সম্প্ৰতি বিজ্ঞানীসকলে প্ৰমাণ পাইছে যে টি ভি, কম্পিউটাৰ আদি অহৰহ চলি থকা সময়তো বন্ধ কোঠাত অ’জন গেছ উৎপন্ন হয়।

(ঘ) নাইট্ৰাছ অক্সাইড:

নাইলনৰ সামগ্ৰী তথা বয়-বস্তু, কয়লাৰ দহন, নাইট্ৰজেনযুক্ত সাৰৰ বিয়োজন আদিৰ উৎসৰ পৰা নাইট্ৰাছ অক্সাইড উৎপন্ন হয়। ইয়াৰ অণুয়ে তাপ শোষণ কৰি গোলকীয় উত্তাপ  বৃদ্ধিত অৰিহণা যোগায়।

গোলকীয় উষ্ণতা বৃদ্ধিৰ ভয়াবহতাঃ

গোলকীয় উত্তাপ বৃদ্ধিয়ে বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰে, যেনে–

(ক) গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত মেৰু অঞ্চলৰ বিশাল বৰফস্তুপৰ গলন আৰম্ভ হৈছে। বিজ্ঞানীসকলে সমীক্ষাত প্ৰকাশ কৰিছে যে বায়ুমণ্ডলৰ উত্তাপ  ২-৩ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি পালে উত্তৰ আৰু দক্ষিণ মেৰুত জমা হৈ থকা বৰফস্তুপবোৰ গলি যাব। ফলত সমুদ্ৰ পৃষ্ঠ ওপৰলৈ উঠি আহিব। তেনে অৱস্থাত সাগৰ-মহাসাগৰত থকা বহু দ্বীপৰ লগতে বাংলাদেশ, ব্রহ্মদেশ, নিউজিলেণ্ড আদি দেশ পানীৰ তলত ডুব যাব। ফলত মানৱ জাতিৰ অস্তিত্বলৈ চৰম দুৰ্যোগ নামি আহিব।

(খ) গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত পৃথিৱীৰ জলবায়ুৰ পৰিৱৰ্তন হ’ব। জলবায়ুৰ পৰিৱৰ্তন হ’লে কোনে কোনো ঠাইত বৃষ্টিপাতৰ পৰিমাণ অতিৰিক্ত হ’ব আৰু কোনো কোনো ঠাই অনাবৃষ্টিৰ ফলত মৰুভূমিত পৰিণত হ’ব।

(গ) অপ্ৰতিহত অভাৱনীয় তাপ প্ৰবাহ বৃদ্ধিৰ ফলত মানুহৰ মৃত্যুৰ হাৰ বৃদ্ধি পাব।

(ঘ) খাদ্য শস্য উৎপাদনৰ পৰিমাণ হ্রাস পাব। ফলত মানৱ জাতি খাদ্য সংকটত পৰিব।

(গ) বায়ুমণ্ডত বিষাক্ত গেছ যেনে কাৰ্বন-ডাই অক্সাইড, নাইট্ৰাছ অক্সাইড, অ’জন গেছ আদিৰ পৰিমাণ বৃদ্ধি পাব আৰু অক্সিজেনৰ পৰিমাণ হ্রাস পাব। ফলত প্ৰাণী জগতৰ অস্তিত্বত ভাবুকিৰ সৃষ্টি হ’ব।

গোলকীয় উষ্ণতা বৃদ্ধি ৰোধৰ উপায়:

গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে প্ৰকৃতিতকৈ মানৱ জাতিয়েই বেছি দায়ী। মানৱ জাতিৰ অবিবেচকী কাৰ্যকলাপৰ বাবেই গোলকীয় উষ্ণতা দ্ৰুত গতিত বৃদ্ধি পাই আছে। সেয়ে অতিশীঘ্ৰে ইয়াক ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ইয়াৰ বাবে আমি তলত উল্লেখ কৰা উপায়সমূহ গ্ৰহণ কৰিব পাৰো —

(ক) বায়ুমণ্ডলত অক্সিজেন আৰু বৰষুণৰ পৰিমাণ বৃদ্ধিৰ বাবে অধিক গছ-গছনি ৰোপন কৰিব লাগিব আৰু অৰণ্য অঞ্চলৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব। 

(খ) ধোঁৱা নিৰ্গত হোৱা যান-বাহনৰ ব্যৱহাৰ হ্রাস কৰিব লাগিব বা পৰিৱেশ অনুকূল বিকল্প ইন্ধনৰ আৱিষ্কাৰ কৰিব লাগিব।

(গ) কল-কাৰখানাৰ ব্যৱহাৰ সীমিত কৰিব লাগিব। 

(ঘ) আণৱিক বিস্ফুৰণ  বন্ধ কৰিব লাগিব।

(ঙ) খেতি-পথাৰত ৰাসায়নিক সাৰৰ প্ৰয়োগ বন্ধ কৰি নাইট্ৰাছ অক্সাইডৰ উৎপাদন হ্রাস কৰিব লাগিব।  ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ ব্যৱহাৰৰ প্ৰতি জনগণক সচেতন কৰিব লাগিব।

সামৰণি:

গোলকীয় উষ্ণতা বৃদ্ধি কোনো এক বিশেষ অঞ্চল বা কোনো এক বিশেষ ৰাষ্ট্ৰৰ সমস্যা নহয়। ই সমগ্ৰ বিশ্বৰ, সমগ্ৰ মানৱ জাতিৰ সমস্যা। সেয়ে ইয়াক ৰোধ কৰাৰ বাবে বিশ্বৰ প্ৰতিজন ব্যক্তি পৰিৱেশ সচেতন হ’ব লাগিব আৰু বিশ্বৰ ৰাষ্ট্ৰসমূহে একত্ৰিত হৈ উমৈহতীয়া প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব। অন্যথা সন্নিকট ভৱিষ্যতে মানৱ জাতিলৈ চৰম দুৰ্যোগ নামি আহিব।  ০ ০ ০

You May Like:

N.B. Our Ready Guides contain all the textual and important additional questions and answers (100% common) written by experienced teachers from an examination point of view. Our language is very easy and simple to understand and remember.

গোলকীয় উষ্ণতা বৃদ্ধি: কাৰণ আৰু প্ৰতিকাৰ

(ৰচনা )

গোলকীয় উষ্ণতা বৃদ্ধি: কাৰণ আৰু প্ৰতিকাৰ

পৰিচয়:

গোলকীয় উষ্ণতা বৃদ্ধি হৈছে পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি। এই উষ্ণতা বৃদ্ধি হৈছে বায়ুমণ্ডলত সেউজ গৃহ গেছৰ বৃদ্ধিৰ ফলত। এই গেছবোৰে সূৰ্যৰ তাপ বায়ুমণ্ডলত ধৰি ৰাখে। ফলত, পৃথিৱীৰ উষ্ণতা বৃদ্ধি পায়।

গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ:

১. জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ: জীৱাশ্ম ইন্ধন দহন কৰি আমি বিদ্যুৎ উৎপাদন কৰো। এই দহনৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড বৃদ্ধি পায়। এই গেছ সেউজ গৃহ গেছৰ অন্যতম।

২. বন ধ্বংস: বন ধ্বংসৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পায়। গছপুলি কাৰ্বন ডাই অক্সাইড শোষণ কৰে। বন ধ্বংসৰ ফলত এই শোষণ কমি যায়।

৩. উদ্ভিদ আৰু পশুৰ সংখ্যা হ্ৰাস: উদ্ভিদ আৰু পশুৰ সংখ্যা হ্ৰাসৰ ফলত বায়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি পায়। উদ্ভিদ আৰু পশুৱে বায়ুমণ্ডলৰ গেছৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে।

৪. যান-বাহনৰ বৃদ্ধি: যান-বাহনৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত বায়ুমণ্ডলত প্ৰদূষণ বৃদ্ধি পায়। এই প্ৰদূষণৰ ফলত বায়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি পায়।

গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ:

১. হিমবাহ গলন: গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হিমবাহ গলি যায়। এই গলনৰ ফলত সাগৰৰ পানীৰ পৰিমাণ বৃদ্ধি পায়। ফলত, উপকূলীয় অঞ্চলসমূহ প্লাবিত হয়।

২. জলবায়ু পৰিৱৰ্তন: গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত জলবায়ু পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনৰ ফলত বৃষ্টিপাতৰ পৰিমাণ কমি যায়। ফলত, খৰাং পৰিস্থিতি সৃষ্টি হয়।

৩. প্ৰাণী আৰু উদ্ভিদৰ বিলুপ্তি: গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বহু প্ৰাণী আৰু উদ্ভিদ বিলুপ্ত হয়। এই বিলুপ্তিৰ ফলত পৰিৱেশৰ সুৰক্ষা হ্ৰাস পায়।

৪. স্বাস্থ্যৰ ওপৰত প্ৰভাৱ: গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত মানুহৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে। এই উষ্ণতা বৃদ্ধিৰ ফলত বিভিন্ন ৰোগৰ সৃষ্টি হয়।

গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰতিকাৰ:

১. বন সংৰক্ষণ: বন সংৰক্ষণ কৰি বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কমাই ৰাখিব পাৰো। গছপুলি অধিক পৰিমাণে ৰোপণ কৰিব লাগে।

২. পুনৰ্নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ: পুনৰ্নবীকৰণযোগ্য শক্তি ব্যৱহাৰ কৰি আমি জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ কমাই ৰাখিব পাৰো। এই শক্তি ব্যৱহাৰ কৰি আমি বায়ুমণ্ডলৰ প্ৰদূষণ কমাই ৰাখিব পাৰো।

৩. যান-বাহনৰ সংখ্যা নিয়ন্ত্ৰণ: যান-বাহনৰ সংখ্যা নিয়ন্ত্ৰণ কৰি আমি বায়ুমণ্ডলৰ প্ৰদূষণ কমাই ৰাখিব পাৰো। অধিক পৰিমাণে গণ পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰিব লাগে।

৪. জনসচেতনতা বৃদ্ধি: জনসচেতনতা বৃদ্ধি কৰি আমি গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰতিকাৰ কৰিব পাৰো। মানুহক এই বিষয়ে সজাগ কৰিব লাগে।

উপসংহাৰ: গোলকীয় উষ্ণতা বৃদ্ধি হৈছে এক গুৰুত্বপূৰ্ণ সমস্যা। এই সমস্যাৰ সমাধানৰ বাবে আমি সকলোৱে মিলি কাম কৰিব লাগে। বন সংৰক্ষণ, পুনৰ্নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ, যান-বাহনৰ সংখ্যা নিয়ন্ত্ৰণ আৰু জনসচেতনতা বৃদ্ধি কৰি আমি এই সমস্যাৰ সমাধান কৰিব পাৰো।

বি. দ্র. উক্ত ‘গোলকীয় উষ্ণতা বৃদ্ধি: কাৰণ আৰু প্ৰতিকাৰ | Golokio Ushnota Bridhi Karon Aaru Protikar | Global Warming Essay in Assamese’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া ৰচনা শিক্ষা‘ গ্রন্থৰ অন্তর্গত।

নোট: দি আপুনি এই ‘গোলকীয় উষ্ণতা বৃদ্ধি: কাৰণ আৰু প্ৰতিকাৰ নিবন্ধখনটো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ । 0 0 0

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান অসমীয়া গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

5 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here