Home Quiz ব্রিটিচ ভাৰত বুৰঞ্জী কুইজ

ব্রিটিচ ভাৰত বুৰঞ্জী কুইজ

0

ব্রিটিচ ভাৰত বুৰঞ্জী কুইজ

ব্রিটিচ ভাৰত বুৰঞ্জী কুইজ

ব্রিটিচ ভাৰত বুৰঞ্জী কুইজ

ব্রিটিচ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ কিমান চনত ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ইংলণ্ডৰ মহাৰাণীৰ পৰা ভাৰতলৈ বেহা-বেপাৰ কৰিবলৈ অনুমতি পায়?

উঃ  1600 চনত।

প্ৰঃ ভাৰতত বেপাৰ-বাণিজ্য কৰিবলৈ ইষ্ট-ইণ্ডয়া কোম্পানীৰ প্ৰতিদ্বন্দ্বী হিচাপে কোনটো কোম্পানী গঠন হৈছিল?

উঃ  ‘নিউ ইণ্ডিয়া’।

প্ৰঃ 1709 চনত ইংলণ্ডৰ ইষ্ট-ইণ্ডিয়া কোম্পানী আৰু ‘নিউ -ইণ্ডিয়া’ কোম্পানী মিলিত হৈ এটি নতুন সংগঠনৰ জন্ম হয়। সেই নতুন বাণিজ্যিক সংগঠনটোৰ নাম কি ?

উঃ ‘দি অনাৰেবল ইষ্ট-ইণ্ডিয়া কোম্পানী’ (চমুকৈ ‘ইষ্ট-ইণ্ডিয়া কোম্পানী’)

প্ৰঃ ইংৰাজসকলৰ পিছত কোন জাতি ভাৰতবৰ্ষলৈ বেপাৰ কৰিবলৈ আহে?

উঃ  ফৰাচীসকল।

প্ৰঃ কিমান চনত ইংলণ্ডৰ পাৰ্লিয়ামেন্টে ইংলণ্ডৰ সকলো লোককে ভাৰতত বেপাৰ কৰিবলৈ এখন চনত জাৰি কৰে?

উঃ  1698  খ্ৰীঃত।

প্ৰঃ ভাৰতবৰ্ষলৈ অহা ফৰাচী ব্যৱসায়ী সংস্থাটোৰ নাম কি আছিল?

উঃ  ‘ফৰাচী ইষ্ট-ইণ্ডিয়া কোম্পানী’।

প্ৰঃ ‘ফৰাচী ইষ্ট-ইণ্ডয়া কোম্পানী’ কোন চনত গঠন হয়?

উঃ  1664 চনত।

প্ৰঃ কিমান চনত পলাচী যুদ্ধ সংগঠিত হয়?

উঃ  1757 চনত।

প্ৰঃ পলাচীৰ যুদ্ধত বংগৰ নবাব চিৰাজ-উদ-দৌলাক কোনে বিশ্বাসঘাতকতা কৰিছিল?

উঃ  সেনাপতি মীৰজাফৰে।

ব্রিটিচ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ ভাৰতত ইংৰাজ আৰু ফৰাচীসকলৰ মাজত শেষ যুদ্ধখন ক’ত হৈছিল?

উঃ  ৱান্দিৱাছত, 1760 চনত।

প্ৰঃ কিমান চনত ওৱাৰেণ হেষ্টিংচে বঙ্গদেশৰ গৱৰ্ণৰ জেনেৰেল হয়?

উঃ  1772 চনত।

প্ৰঃ কিমান চনত ইংলণ্ডৰ সংসদে ‘ৰেগুলেটিং এক্ট’ (নিয়ন্ত্ৰণ বিধি) নামৰ এখন আইন প্ৰণয়ন কৰে?

উঃ   1773 চনত।

ব্রিটিচ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ‘বৃটিছ ইষ্ট-ইণ্ডিয়া কোম্পানী’টো এটা চৰকাৰী সংগঠন আছিলনে?

উঃ  নহয়, ই এটা বেচৰকাৰী সংগঠন আছিল।

প্ৰঃ ফৰাচী ইষ্ট-ইণ্ডিয়া কোম্পানী’এটা চৰকাৰী সংগঠন আছিলনে?

উঃ  হয়।

প্ৰঃ কিমান চনত ‘পিটৰ ইন্ডিয়া এক্ট’ প্ৰণয়ন কৰা হয়?

উঃ  1784 চনত।

প্ৰঃ কিমান চনত ‘ৰোহিলা যুদ্ধ’ হৈছিল?

উঃ  1774 চনত।

প্ৰঃ কিমান চনত শ্ৰীৰঙ্গপট্টমৰ সন্ধি সংঘটিত হৈছিল?

উঃ  1792 চনত।

প্ৰঃ কোনজন ইংৰাজ গৱৰ্ণৰ জেনেৰেলে ভাৰতত ‘বশ্যতামূলক মিত্ৰতা নীতি’ (Policy of Subsidiary Alliance) গ্ৰহণ কৰিছিল?

উঃ  লৰ্ড ওৱেলেচলী।

প্ৰঃ কোনখন যুদ্ধৰ পিছত মহীশূৰ ৰাজ্যৰ পতন হয়?

উঃ  চতুৰ্থ মহীশূৰৰ যুদ্ধৰ পিছত।

ব্রিটিচ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ কোনজন ইংৰাজ গৱৰ্ণৰ জেনেৰেল ভাৰতবৰ্ষত ৰাজনৈতিক দিশত নিৰেপক্ষ নীতিৰ সমৰ্থক আছিল?

উঃ  চাৰ জন ছোৰ।

প্ৰঃ কিমান চনত মাৰ্কুইচ ডুপ্লে পণ্ডিচেৰীৰ শাসনকৰ্তা হৈ আহে?

উঃ  1742 চনত।

প্ৰঃ কিমান চনত মহীশূৰৰ চতুৰ্থ যুদ্ধ সংগটিত হৈছিল?

উঃ 1799 চনত।

প্ৰঃ কোনজন ইংৰাজ গৱৰ্ণৰে মধ্যভাৰতৰ লুণ্ঠণকাৰী দল ‘পিণ্ডাৰী’ সকলক দমন কৰিছিল?

উঃ  লৰ্ড হেষ্টিংচে ।

প্ৰঃ ‘Annals and Antiquitis of Rajasthan’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উঃ  জে’মচ টড (James Tod)।

প্ৰঃ বৃটিছ ভাৰতবৰ্ষত কোনে ‘চিৰস্থায়ী বন্ধোৱস্তি’ কৰিছিল?

উঃ  লৰ্ড কৰ্ণৱালিচ।

প্ৰঃ কিমান চনত লৰ্ড কৰ্ণৱালিচে ‘চিৰস্থায়ী বন্ধোৱস্তি’ কৰিছিল?

উঃ  1789 চনত।

প্ৰঃ কোনে প্রতিবেশী ৰাজ্যবিলাকৰ পৰা ‘চৌথ’ আৰু ‘সৰদেশমূখী কৰ’ আদায় কৰিছিল?

উঃ   মাৰাঠাসকলে।

প্ৰঃ কোজন ইংৰাজ গৱৰ্ণৰ জেনেৰেলে কলিকতাত মেডিকেল কলেজ স্থাপন কৰে?

উঃ লৰ্ড উইলিয়াম বেন্টিংকে।

প্ৰঃ কিমান চনত ‘অমৃতস্বৰৰ সন্ধি’ সংঘটিত হৈছিল?

উঃ  1809 চনত।

প্ৰঃ কোনজন ইংৰাজ গৱৰ্ণৰ জেনেৰেলৰ শাসনকাল বিভিন্ন সংস্কাৰৰ বাবে বিখ্যাত?

উঃ  লৰ্ড উইলিয়াম বেন্টিংক।

প্ৰঃ ভাৰতত কোনে ‘সতীদাহ প্ৰথা’ নিবাৰণ কৰে?

উঃ  লৰ্ড উইলিয়াম বেন্টিংকে।

প্ৰঃ ভাৰতত কোনে ‘ঠগ’ সকলক দমন কৰে?

উঃ  লৰ্ড উইলিয়াম বেন্টিংকে।

ব্রিটিচ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ কোনজন বিদেশী পৰ্যটকে শিখসকলৰ নেতা ৰণজিৎ সিংহক ‘নেপোলিয়ন বোনাপাৰ্টৰ ক্ষুদ্ৰ সংস্কৰণ’ (Little Napoleon Bonapart) বুলি কৈছিল?

উঃ  ফৰাচী পৰ্যটক জেকোমোৱে (Jaquemont )।

প্ৰঃ কোনজন ইংৰাজ গৱৰ্ণৰ জেনেৰেলে ভাৰতত প্ৰথমে ডাক বিভাগ স্থাপন কৰে?

উঃ  লৰ্ড ডেলহাউচি।

প্ৰঃ কোনে প্ৰথমতে ভাৰতত বিজুলী ডাকৰ প্ৰচলন কৰে?

উঃ  লৰ্ড ডেলহাউচিয়ে।

প্ৰঃ কিমান চনত ডেলহাউচিয়ে বিজুলী ডাকৰ প্ৰচলন কৰে?

উঃ  1854 চনত ।

প্ৰঃ কাক ‘সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা প্ৰদানকাৰী’ বুলি জনা যায়?

উঃ  লৰ্ড চাৰ্লছ মেটকাফ

প্ৰঃ কোনে ভাৰতত প্ৰথম ৰেলপথ নিৰ্মাণ কৰে?

উঃ  লৰ্ড ডেলহাউচিয়ে।

ব্রিটিচ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ কোনে ভাৰতত ‘স্বত্ব বিলোপ নীতি’ প্ৰৱৰ্তন কৰিছিল?

উঃ  লৰ্ড ডেলহাউচি।

প্ৰঃ লৰ্ড ডেলহাউচিয়ে সৰ্বপ্ৰথমে ‘স্বত্ব বিলোপ নীতি’ কোনখন ভাৰতীয় ৰাজ্যৰ ওপৰত প্ৰয়োগ কৰিছিল?

উঃ  চাতাৰা ৰাজ্য।

প্ৰঃ কিমান চনত ভাৰতত প্ৰথম ৰেলপথ নিৰ্মাণ কৰা হয়?

উঃ  1853 চনত ।

প্ৰঃ ভাৰতত ইংৰাজ  শাসনৰ বিৰুদ্ধে প্ৰথম কিমান চনত বিদ্ৰোহ হয়?

উঃ   1857  চনত  (চিপাহী বিদ্ৰোহ)।

প্ৰঃ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ কি আছিল?

উঃ  এনফিল্ড ৰাইফলৰ ব্যৱহাৰ।

প্ৰঃ কানপুৰত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

উঃ  নানা চাহেেব।

প্ৰঃ মধ্য ভাৰতত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

উঃ  ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ।

প্ৰঃ কেতিয়াৰ পৰা ভাৰতৰ শাসনভাৰ ইংলণ্ডৰ সংসদৰ হাতলৈ যায়?

উঃ  1858 চনৰ পৰা।

প্ৰঃ চিপাহী বিদ্ৰোহৰ সময়ত বিদ্ৰোহীসকলে কাক ভাৰত সম্ৰাট বুলি ঘোষণা কৰে?

উঃ  মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ ছাহক।

ব্রিটিচ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ ‘চিপাহী বিদ্ৰোহ’ৰ প্ৰথম শ্বহীদ কোন?

উঃ  মঙ্গল পাণ্ডে।

প্ৰঃ মণিপুৰৰ সেনাপতি ট্ৰিকেন্দ্ৰজিতক ইংৰাজে কিমান চনত ফাঁচী দিয়ে?

উঃ 1891 চনত।

প্ৰঃ 1858 চনৰ ‘ভাৰত শাসন আইন অনুসৰি’ ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক কি উপাধি প্ৰদান কৰা হয়?

উঃ  ‘ভাইচৰয়’ (ৰাজপ্ৰতিনিধি)।

প্ৰঃ বৃটিছ ৰাজত্ব কালত কোনখন চহৰ ভাৰতৰ গ্ৰীষ্মকালীন ৰাজধানী হিচাপে ব্যৱহাৰ কৰা হৈছিল?

উঃ  ছিমলা।

ব্রিটিচ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ কোন চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল?

উঃ  1911 চনত।

প্ৰঃ কিমান চনত ‘ভাৰত পৰিষদ আইন’ প্ৰণয়ন কৰা হয়?

উঃ  1861 চনত (ভাইচৰয় লৰ্ড কেনিঙৰ দিনত)।

প্ৰঃ কোনজন ভাইচৰয়ে ভাৰতত ‘ভাৰ্নেকুলাৰ প্ৰেছ এক্ট’ প্ৰৱৰ্তন কৰিছিল?

উঃ  ভাইচৰয় লৰ্ড লিটনে (1878 চনত)।

প্ৰঃ কিমান চনত ইংলণ্ডৰ মহাৰাণী ভিক্টোৰিয়াই ’কাইজাৰ-ই-হিন্দ’ (ভাৰত সম্ৰাজ্ঞী) উপাধি গ্ৰহণ কৰে?

উঃ  1876  চনত।

প্ৰঃ কিমান চনত ‘উডৰ ঘোষণা পত্ৰ’ প্ৰণয়ন কৰা হয়?

উঃ  1858 চনত।

প্ৰঃ কিমান চনত ‘হান্টাৰ আয়োগ’ গঠন কৰা হয়?

উঃ  1882 চনত।

প্ৰঃ কোনজন ইংৰাজ ভাইচৰয়ে ভাৰতত ‘বিভাজনৰ জড়িয়তে শাসন’ নীতি গ্ৰহণ কৰিছিল?

উঃ  লৰ্ড কাৰ্জন।

প্ৰঃ বৃটিছ ভাৰতবৰ্ষত কিমান চনত ‘ভাৰত শাসন আইন’ প্ৰৱৰ্তন কৰা হয়?

উঃ  1858 চনত।

ব্রিটিচ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ ভাৰতত ইংৰাজ ভাইচৰয়সকলৰ ভিতৰত কোনজন ভাৰতবাসীৰ স্বাৰ্থৰ প্ৰতি অতি উদাৰ আছিল?

উঃ  লৰ্ড ৰিপন।

প্ৰঃ কিমান চনত ভাৰতবৰ্ষত ‘কাৰখানা আইন’ প্ৰৱৰ্তন কৰা হয়?

উঃ   1881 চনত (লৰ্ড ৰিপনৰ দিনত)।

প্ৰঃ কিমান চনত মহাৰাণী ভিক্টোৰিয়াৰ মৃত্যু হয়?

উঃ   1901 চনত।

প্ৰঃ কোনজন ইংৰাজ ভাইচৰয়ে ভাৰতত ‘বিশ্ববিদ্যালয় আইন’ প্ৰৱৰ্তন কৰে?

উঃ  লৰ্ড কাৰ্জনে (1904 চনত)।

প্ৰঃ কিমান চনত বংগ বিভাজন হয়?

উঃ  1905 চনত (লৰ্ড কাৰ্জনৰ দিনত)।

প্ৰঃ কাক ভাৰতৰ ‘ৰাজনৈতিক আন্দোলনৰ জনক’ বুলি কোৱা হয়?

উঃ  ৰাজা ৰামমোহন ৰায়।

প্ৰঃ ভাৰতৰ প্ৰথম ৰাজনৈতিক সংগঠনটোৰ নাম কি?

উঃ  ‘জমিদাৰ সভা’ (183 চনত বংগ দেশৰ দ্বাৰকানাথ ঠাকুৰ আৰু প্ৰসন্নকুমাৰ ঠাকুৰে প্রতিষ্ঠা  কৰে)।

প্ৰঃ কিমান চনত ‘ইণ্ডিয়ান এচ’চিয়েচন’ গঠন কৰা হয়?

উঃ 1875 চনত।

ব্রিটিচ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ কোনজন ইংৰাজ ভাইচৰয়ে কলিকতাত ‘ভিক্টোৰিয়া মেমোৰিয়েল হল’  নিৰ্মাণ কৰায়?

উঃ  লৰ্ড কাৰ্জনে।

প্ৰঃ ‘ভাৰতীয় জাতীয় কংগ্ৰেছ’ কিমান চনত গঠন কৰা হয়?

উঃ  1885 চনত।

প্ৰঃ কোনে ‘ব্রহ্ম সভা’ (পিছলৈ ‘ব্রহ্ম সমাজ’) প্ৰতিষ্ঠা কৰে?

উঃ  ৰাজা ৰামমোহন ৰায়ে (1819 চনত)।

প্ৰঃ কোনে ‘আৰ্য সমাজ’ প্রতিষ্ঠা কৰে?

উঃ  দয়ানন্দ স্বৰস্বতীয়ে (1875 চনত)।

প্ৰঃ কোনে ‘ৰামকৃষ্ণ মিচন’ প্রতিষ্ঠা কৰে?

উঃ  স্বামী বিবেকানন্দই (1897 চনত, Îভলোৰত)।

প্ৰঃ কোনে ‘মহম্মদান এংলো অ’ৰিয়েন্টল কলেজ’ (পিছলৈ ‘আলিগড় মুছলিম বিশ্ববিদ্যালয়) স্থাপন কৰে?

উঃ  চৈয়দ আহম্মদ খাঁই 1875 চনত।

ব্রিটিচ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিেবশন ক’ত অনুষ্ঠিত হৈছিল?

উঃ  বম্বেত (1885 চনত )।

প্ৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিবেশনত কোনে সভাপতিত্ব কৰিছিল?

উঃ  উমেশচন্দ্ৰ বেনাৰ্জী।

প্ৰঃ কিমান চনত প্ৰথম মহাসমৰ (প্ৰথম বিশ্বযুদ্ধ) আৰম্ভ হয়?

উঃ  1914 চনত।

প্ৰঃ কিমান চনত ‘হোম ৰোল লীগ’ গঠন কৰা হয়?

উঃ  1916 চনত।

প্ৰঃ কোনজন ভাৰতীয়ই কৈছিল, ‘ভেকুলীৰ দৰে বছৰত এবাৰ টোৰটোৰাই আমি আমাৰ শ্ৰমৰ কোনো সফলতা অৰ্জন কৰিব নোৱাৰিম’?

উঃ  লোকমান্য বাল গংগাধৰ তিলকে।

প্ৰঃ কিমান চনত ‘অল ইণ্ডিয়া মুছলিম লীগ’ গঠন কৰা হয়?

উঃ  1906 চনত।

ব্রিটিচ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ ‘স্বৰাজ মোৰ জন্ম স্বত্ব’- কথাষাৰ কোনে কৈছিল?

উঃ  লোকমান্য বাল গংগাধৰ তিলকে।

প্ৰঃ ‘ৰাউলাট আইন’ কিমান চনত প্ৰৱৰ্তন কৰা হয়?

উঃ  1919 চনত।

প্ৰঃ কিমান চনত ‘জালিৱানৱালাবাগৰ হত্যাকাণ্ড’ সংঘটিত হয়?

উঃ 1919 চনত।

প্ৰঃ ‘জালিৱানৱালাবাগ’ৰ হত্যাকণ্ডৰ বাবে দায়ী কোন আছিল?

উঃ  বৃটিছ জেনেৰেল ডায়াৰ।

প্ৰঃ ইংৰাজসকলে মহাত্মা গান্ধীক দিয়া পদকটোৰ নাম কি?

উঃ  ‘কাইজাৰ-ই- হিন্দ’।

প্ৰঃ কিমান চনত মহাত্মা গান্ধী অসমলৈ আহে?

উঃ  1921 চনত।

প্ৰঃ ‘প্ৰিন্স অফ ৱেলচ’ কিমান চনত ভাৰতলৈ আহে?

উঃ  1921 চনত।

ব্রিটিচ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ কিমান চনত কংগ্ৰেছৰ কিছুমান নেতাই কংগ্ৰেছৰ পৰা ফালৰি কাটি আহি ‘স্বৰাজ্য দল’ নামৰ এটি নতুন দল গঠন কৰে?

উঃ  1923 চনত।

প্ৰঃ  ‘জালিৱানৱালাবাগৰ হত্যাকাণ্ড’ৰ প্ৰতিক্ৰিয়া হিচাপে কোনজন বঙালী সাহিত্যিকে ইংৰাজসকলে প্ৰদান কৰা ‘নাইট’ উপাধি প্ৰত্যাখ্যান কৰিছিল?

উঃ  কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ।

প্ৰঃ কিমান চনত গান্ধীজীয়ে বুৰঞ্জী প্ৰসিদ্ধ ‘দাণ্ডিযাত্ৰা’ আৰম্ভ কৰে?

উঃ  1930 চনৰ 12 মাৰ্চ  তাৰিখে।

প্ৰঃ ‘দাণ্ডিযাত্ৰা’ত মহাত্মা গান্ধীৰ কিমানজন অনুগামী আছিল?

উঃ  78 জন।

প্ৰঃ কংগ্ৰেছৰ কোনখন অধিবেশনত মহাত্মা গান্ধীয়ে সভাপতিত্ব কৰিছিল?

উঃ 1924 চনত, বেলগাম অধিবেশনত।

প্ৰঃ কোনজন নেতাক সৰোজিনী নাইডুৱে ‘হিন্দু-মুছলমান একতাৰ ৰাষ্ট্ৰদূত’ বুলি অভিহিত কৰিছিল?

উঃ  মহম্মদ আলি জিন্নাক।

প্ৰঃ চৌৰিচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল?

উঃ  1921 চনত।

প্ৰঃ কোনজন বৃটিছ গৱৰ্ণৰ জেনেৰেলৰ কালছোৱাত ‘ভাৰতীয় অসামৰিক সেৱা’ প্ৰৱৰ্তন কৰা হৈছিল?

উঃ  লৰ্ড কৰ্ণৱালিচৰ সময়ছোৱাত।

প্ৰঃ গান্ধীজীয়ে ক’ৰ পৰা ‘দাণ্ডি যাত্ৰা’ আৰম্ভ কৰিছিল?

উঃ  সবৰমতী আশ্ৰমৰ পৰা।

প্ৰঃ কিমান চনত ‘প্ৰথম ঘূৰণীয়া মেজমেল’ বহিছিল?

উঃ  1931 চনত।

ব্রিটিচ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ কাক ‘সীমান্ত গান্ধী’ বুলি জনা যায়?

উঃ  খান আব্দুল গফুৰ খান।

প্ৰঃ ৰাষ্ট্ৰসংঘ পৰিষদত সভাপতিত্ব কৰা প্ৰথমজন ভাৰতীয় লোক কোনজন?

উঃ  বিজয় লক্ষ্মী পণ্ডিত।

প্ৰঃ কোনজন ভাইচৰয়ৰ দিনত কংগ্ৰেছে পূৰ্ণ স্বাধীনতাৰ দাবী উত্থাপন কৰে?

উঃ  লৰ্ড আৰউইন।

প্ৰঃ মাৰ্গাৰেট এলিজােবথ নবেল’ক কোনে ‘নিবেদিতা’ আখ্যা দিছিল?

উঃ  স্বামী বিবেকানন্দ।

প্ৰঃ স্বামী বিবেকানন্দই অংশ গ্ৰহণ কৰা বিশ্ব ধৰ্মৰ প্ৰসিদ্ধ সভাখন ক’ত অনুষ্ঠিত  হৈছিল?

উঃ  আমেৰিকাৰ ‘চিকাগো’  চহৰত।

প্ৰঃ ইংৰাজসকলক ভাৰতৰ পৰা খেদি পঠিয়াবলৈ কোনজন ভাৰতীয় ৰজাই ফৰাচী নায়ক নেপোলিয়নৰ সহায় বিচাৰিছিল?

উঃ  টিপু চুলতান।

ব্রিটিচ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ বৃটিছ ভাৰতবৰ্ষত অন্তিমজন ভাইচৰয় কোন আছিল?

উঃ  লৰ্ড মাউন্ট বেটেন।

প্ৰঃ কিমান চনত ‘গান্ধী-আৰউইন চুক্তি’ কৰা হৈছিল?

উঃ  1931 চনত।

প্ৰঃ তিনিওটা ‘ঘূৰণীয়া মেজমেল’ত উপস্থিত থকা ব্যক্তিজন কোন আছিল?

উঃ  ভীমৰাও আম্বেদকাৰ।

প্ৰঃ কোনে ‘ফৰৱাৰ্ড ব্লক’ নামে এটি দল গঠন কৰে?

উঃ  সুভাষ চন্দ্ৰ বসুই (1939 চনত)।

প্ৰঃ কোনে ‘আজাদ হিন্দ ফৌজ’ (ইণ্ডিয়ান নেচনেল আৰ্মি) গঠন কৰে?

উঃ  নেতাজী সুভাষ চন্দ্ৰ বসুয়ে।

প্ৰঃ ‘আজাদ হিন্দ ফৌজ’ৰ শ্লোগান কি আছিল?

উঃ  ‘জয় হিন্দ’।

প্ৰঃ কোনজন বিপ্লৱী ভাৰতীয় নেতাই কৈছিল, ‘তোমালোকে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম’?

উঃ  নেতাজী সুভাষ চন্দ্ৰ বসু।

প্ৰঃ গান্ধীজীয়ে কেতিয়া প্ৰথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰে?

উঃ  1917 চনত।

প্ৰঃ ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হয়?

উঃ 1916 চনত (পুনেত)।

ব্রিটিচ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ ‘দিল্লী চলো’ শ্লোগানটো কাৰ আছিল?

উঃ  নেতাজী সুভাষ চন্দ্ৰ বসুৰ।

প্ৰঃ ভাৰতত উচ্চ শিক্ষাৰ মাধ্যম হিচাপে কোনে ইংৰাজী ভাষাৰ পোষকতা কৰিছিল?

উঃ  লৰ্ড মেকলে।

প্ৰঃ কোন চনত জৱাহৰলাল নেহৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছিল?

উঃ  1936 চনত।

প্ৰঃ কিমান চনত ভাৰতবৰ্ষই ইংৰাজৰ হাতৰ পৰা স্বাধীনতা অৰ্জন কৰে?

উঃ 1947  চনৰ 15 আগষ্টৰ দিনা।

প্ৰঃ সংবিধান অনুসৰি স্বাধীন ভাৰতত কিমান চনত প্ৰথমটো নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল?

উঃ   1952 চনত।

ব্রিটিচ ভাৰত বুৰঞ্জী কুইজ

প্ৰঃ ‘সংবিধান সভা’ৰ সভাপতি কোন আছিল?

উঃ  ড০ ৰাজেন্দ্ৰ প্ৰসাদ।

প্ৰঃ সংবিধান সভাৰ খচৰা কমিটিৰ সভাপতি কোন আছিল?

উঃ  ড০ ভীমৰাও আম্বেদকাৰ।

প্ৰঃ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা সময়ত ইংলণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল?

উঃ  ক্লিমেন্ট এটলি।

প্ৰঃ স্বাধীন ভাৰতৰ প্ৰথম শিক্ষা মন্ত্ৰী কোন আছিল?

উঃ  মৌলানা আবুল কালাম আজাদ।

প্ৰঃ স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল?

উঃ  সবৰ্বপল্লী ৰাধাকৃষ্ণণ।

প্ৰঃ জনতা দলৰ পৰা কোনে প্ৰথমতে ভাৰতৰ প্ৰধান মন্ত্ৰী হয়?

উঃ  মোৰাৰজী দেশাই (1977 চনত)।

প্ৰঃ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী কোন আছিল?

উঃ  পণ্ডিত জৱাহৰলাল নেহৰু।

প্ৰঃ স্বাধীন ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি কোন আছিল?

উঃ  ফখৰুদ্দিন আলি আহম্মেদ।  

প্ৰঃ 1951 চনত ভাৰতৰ জনসংখ্যা কিমান আছিল?

উঃ  36 কৌটি 10 লাখ।

প্ৰঃ কিমান চনত চিকিমক ভাৰত যুক্তৰাষ্ট্ৰৰ অৰ্ন্তভূক্ত কৰা হয়?

উঃ  1975 চনত।

প্ৰঃ স্বাধীন ভাৰতৰ প্ৰথম ভাৰতীয় গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উঃ  চক্রবর্তী ৰাজা গোপালাচাৰী । ০ ০ ০ 

 British India History Quiz

Q. When did the British East India Company establish its first trading post in India?
Ans: 1612

Q. Who was the last Mughal emperor of India?
Ans: Bahadur Shah II (Bahadur Shah Zafar)

Q. In which year did the Battle of Plassey take place?
Ans: 1757

Q. Who was the Governor-General of India during the abolition of Sati?
Ans: Lord William Bentinck

Q. What was the primary goal of the Regulating Act of 1773?
Ans: To regulate the affairs of the British East India Company in India

Q. Which act transferred the governance of India from the East India Company to the British Crown?
Ans: The Government of India Act 1858

Q. Who founded the Indian National Congress in 1885?
Ans: A.O. Hume

Q. When was the First War of Indian Independence, also known as the Sepoy Mutiny, fought?
Ans: 1857

Q. Which movement did Mahatma Gandhi launch in 1942 calling for British withdrawal from India?
Ans: Quit India Movement

Q. What was the main objective of the Subsidiary Alliance system introduced by Lord Wellesley?
Ans: To establish British dominance over Indian princely states

Q. Who led the Revolt of 1857 in Kanpur?
Ans: Nana Sahib

Q. What was the Ilbert Bill controversy about?
Ans: It proposed to allow Indian judges to try British citizens in India

Q. When did Lord Curzon partition Bengal, and when was it annulled?
Ans: Partitioned in 1905, annulled in 1911

Q. Who were the leaders of the Khilafat Movement?
Ans: Ali Brothers (Muhammad Ali and Shaukat Ali)

Q. When did the Jallianwala Bagh massacre occur, and who was responsible for it?
Ans: 1919; General Dyer

Q. What was the objective of the Simon Commission?
Ans: To review the working of the Government of India Act 1919

Q. Which historic pact was signed between Mahatma Gandhi and Lord Irwin?
Ans: Gandhi-Irwin Pact (1931)

Q. When was the first session of the Indian National Congress held, and where?
Ans: 1885; Bombay (Mumbai)

Q. Which act introduced the system of dyarchy in the provinces?
Ans: Government of India Act 1919

Q. Who introduced the Permanent Settlement system in Bengal?
Ans: Lord Cornwallis

Q. Which leader is known as the ‘Father of Modern India’?
Ans: Raja Ram Mohan Roy

Q. Who was the Viceroy of India during the partition of Bengal?
Ans: Lord Curzon

Q. In which year was the Rowlatt Act passed?
Ans: 1919

Q. Who was the first Indian to become a member of the British Parliament?
Ans: Dadabhai Naoroji

Q. What was the immediate cause of the Sepoy Mutiny of 1857?
Ans: Introduction of the Enfield rifle cartridges greased with cow and pig fat

Q. When was the Indian Independence Act passed by the British Parliament?
Ans: 1947

Q. Who led the Salt Satyagraha march to Dandi?
Ans: Mahatma Gandhi

Q. What was the slogan of the Quit India Movement?
Ans: “Do or Die”

Q. Which British Viceroy declared India’s goal as Dominion Status?
Ans: Lord Irwin

Q. Who was the leader of the Congress Socialist Party during the freedom struggle?
Ans: Jayaprakash Narayan

Q. In which year was the All India Muslim League founded?
Ans: 1906

Q. Which event marked the end of the Mughal Empire in India?
Ans: Revolt of 1857

Q. What was the Vernacular Press Act of 1878 aimed at?
Ans: To curb the freedom of the Indian press

Q. Who authored the book ‘Hind Swaraj’?
Ans: Mahatma Gandhi

Q. What was the name of the ship on which Indian soldiers revolted in 1946?
Ans: HMIS Talwar

Q. Who formed the Forward Bloc in 1939?
Ans: Subhas Chandra Bose

Q. When was the Indian Councils Act passed to introduce indirect elections in India?
Ans: 1909

Q. Who was the founder of the Arya Samaj movement?
Ans: Swami Dayananda Saraswati

Q. When did the Civil Disobedience Movement begin?
Ans: 1930

Q. Who was the first Governor-General of Independent India?
Ans: Lord Mountbatten. 0 0 0

ব্রিটিচ ভাৰত বুৰঞ্জী কুইজ

বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ

ব্রিটিচ ভাৰত বুৰঞ্জী কুইজ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here