Home Quiz হজৰত মহম্মদৰ চাহাবা–কুইজ

হজৰত মহম্মদৰ চাহাবা–কুইজ

0

হজৰত মহম্মদৰ চাহাবা–কুইজযিসকল লোকে হুজুৰ (ছাঃ)ক জীৱন কালত ইছলাম গ্ৰহণ কৰিছিল, নবীক নিজ চকুৰে দেখা পাইছিল আৰু ঈমান অৱস্থায় মৃত্যু বৰণ কৰিছিল সেইসকল লোকক হজৰত মুহাম্মদ (ছাঃ)ৰ চাহাবা বুলি কোৱা হয়। হজৰত মহম্মদৰ চাহাবা–কুইজ

হজৰত মহম্মদৰ চাহাবা--কুইজ

হজৰত মহম্মদৰ চাহাবা–কুইজ 

প্ৰঃ ‘চাহাবা’ শব্দৰ আভিধানিক অৰ্থ কি?

উঃ সঙ্গী বা সহচৰ (বহুবচন ‘আসহাব’)।

প্ৰঃ কোন ব্যক্তিসকলক হজৰত মুহাম্মদ (ছাঃ) ৰ চাহাবা বুলি কোৱা হয়?

উঃ যিসকল লোকে হুজুৰ (ছাঃ)ক জীৱন কালত ইছলাম গ্ৰহণ কৰিছিল, নবীক নিজ চকুৰে দেখা পাইছিল আৰু ঈমান অৱস্থায় মৃত্যু বৰণ কৰিছিল সেইসকল লোকক হজৰত মুহাম্মদ (ছাঃ)ৰ চাহাবা বুলি কোৱা হয়।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ চাহাবাসকল কেই ভাগত বিভক্ত?

উঃ দুই ভাগত, যথা– মুহাজিৰ আৰু আনছাৰ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ কোন চাহাবাসকলক ‘মুহাজিৰ’ বোলা হয়?

উঃ হজুৰ মুহাম্মদ (ছাঃ)ৰ যিসকল চাহাবাই হজৰত মুহাম্মদ (ছাঃ) ক অনুসৰণ কৰি লগত বা পিছত মদিনালৈ হিজৰত কৰিছিল সেইসকলক ‘মুহাজিৰ’ বুলি কোৱা হয়।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ কোনসকল চাহাবাক ‘আনছাৰ’ বুলি কোৱা হয়?

উঃ যিসকল লোকে হজৰত মুহাম্মদ (ছাঃ) আৰু মক্কাৰ পৰা মদিনালৈ হিজৰত কৰা চাহাবা (মুহাজিৰ)সকলক মদিনাত আশ্ৰয় দিছিল বা বিভিন্ন প্ৰকাৰে সহায় কৰিছিল সেইসকলক ‘আনছাৰ’ বোলে।

প্ৰঃ কোনসকল লোকক ‘আছহাবে ছুুফফা’ বুলি কোৱা হয়?

উঃ হজৰত মুহাম্মদ (ছাঃ) ৰ সান্নিধ্য লাভৰ আশাত যিসকল লোকে (চাহাবাই) নিজৰ ঘৰ-বাৰী ত্যাগ কৰি মছদিনুন নববীতে দ্বীন ইছলাম শিক্ষাৰ উদ্দেশ্যে অৱস্থান কৰিছিল সেইসকলক ‘আছহাবে সুফফা’ বোলা হয়।

প্ৰঃ কোন চহাবাসকলক ‘আছাৰায়ে মুবাছছৰা’ (দহ সুসংবাদপ্ৰাপ্ত) বোলা হয়?

উঃ হজৰত মুহাম্মদ (ছাঃ)ৰ চাহাবাসকলৰ ভিতৰত যিকেইজনে আল্লাহৰ তৰফৰ পৰা বিহিস্ত পোৱাৰ নিশ্চিয়তা লাভ কৰিছিল সেইসকলক ‘আছাৰায়ে মুবাছছৰা’ বোলা হয়। সিহঁত হ’ল–আবু বক্কৰ (ৰাঃ), উমৰ ফাৰুক (ৰাঃ), উছমান গণি (ৰাঃ), হজৰত আলি (ৰাঃ), হজৰত তাহলা (ৰাঃ), হজৰত জুবায়েৰ (ৰাঃ),  আব্দুল ৰহমান বিন আউফ (ৰাঃ), ছায়াদ বিন আবি আক্কাছ (ৰাঃ),  ছাইদ বিন জায়েদ (ৰাঃ) আৰু আবু উবাইদা (ৰাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ চাহাবাসকলৰ সংখ্যা কিমান আছিল?

উঃ 1 লাখ 24 হাজাৰ।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ দৰবাৰত কিমানজন কবি আছিল?

উঃ তিনি জন। হজৰত আছহান বিন ছাবিত (ৰাঃ), হজৰত কায়াববিন (ৰাঃ),  হজৰত আব্দুল্লাহ বিন ৰাওৱাহা (ৰাঃ)।

প্ৰঃ জান্নাতুল বাকিত সৰ্বপ্ৰথম কোন চাহাবা কবৰস্থ হৈছিল?

উঃ হজৰত উছমান বিন মাজউন  (ৰাঃ)।

প্ৰঃ  মক্কা বিজয়ৰ পিছত সৰ্বপ্ৰথম কোনে কাবা শ্বৰিফৰ ওপৰত উঠি আজান দিছিল?

উঃ হজৰত বিল্লাল (ৰাঃ)।

প্ৰঃ  হজৰত মুহাম্মদ (ছাঃ)ৰ মৃত্যু সংবাদ শুনি কোনজন চাহাবাই হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুবৰণ কৰে?

উঃ হজৰত আব্দুল্লাহ বিন উলাইছ (ৰাঃ)।

প্ৰঃ ‘শ্বাইফুল্লাহ’ (আল্লাহৰ অশি) কাক কোৱা হয়?

উঃ হজৰত খালিদ বিন ওৱালিদ (ৰাঃ)ক।

প্ৰঃ ‘আমিনুল উল্লাহ’ কাৰ উপাধি?

উঃ হজৰত আবু উবাইদা বিন জাৰাহ (ৰাঃ)।

প্ৰঃ  ‘হাকিমুল উম্মত’ কাক কোৱা হয়?

উঃ হজৰত আবু দাৰদা (ৰাঃ)।

প্ৰঃ ‘ছোহেবুছ ছিৰ্ৰে’ কাৰ উপাধি?

উঃ হজৰত হুজাইফা (ৰাঃ)।

প্ৰঃ কোন চাহাবা ‘খতীবে ৰছুল’ উপাধি পাইছিল?

উঃ হজৰত ছাবিদ বিন কাইশ আনছাৰী (ৰাঃ)।

প্ৰঃ ‘হিব্রূল উম্মত’ (উম্মতৰ  শ্রেষ্ঠ পণ্ডিত) কোন আছিল?

উঃ হজৰত আব্দুল্লাহ ইবনে আববাছ (ৰাঃ)।

প্ৰঃ আব্দুল ইবনে আববাছৰ উপাধি কি আছিল?

উঃ বাহাৰুল উলুম (বিদ্যাসাগৰ)।

প্ৰঃ বিধৰ্মীসকলৰ মাজত আতঙ্ক সৃষ্টিকাৰী কোন আছিল?

উঃ হজৰত হামজা (ৰাঃ)।

প্ৰঃ হজৰত হামজা (ৰাঃ) কাৰ হাতত শ্বহীদ হয়?

উঃ হাবছী গোলাম ওৱাহছী বিন হাৰেবৰ হাতত।

প্ৰঃ কোন সময় ওৱাহছী মুছলমান হৈছিল?

উঃ মক্কা বিজয়ৰ পিছত নবীজীৰ ওচৰত ক্ষমা খুজি মুছলমান হৈছিল।

প্ৰঃ কোনে হজৰত হামজা (ৰাঃ)ৰ কলিজা চোবাই নাক, কাণ কাটি মালা তৈয়াৰ কৰি ডিঙিত পৰিধান কৰিছিল?

উঃ হিন্দা বিন্তে উৎবাহ।

প্ৰঃ কোন চাহাবা নিজকে মুনাফিক বুলি নবীজীৰ ওচৰত ক্ষমা খুজিছিল?

উঃ হজৰত হালজালা বিন ৰবীই তামীমী (ৰাঃ)।

প্ৰঃ কোন চাহাবা শ্বহীদ হোৱাৰ পিছত ফিৰিস্তাসকলে তাৰ গা ধোৱাই দিছিল?

উঃহজৰত হানজালা বিন আমেৰ (ৰাঃ)।

প্ৰঃ কোন চাহাবাৰ মৃত্যুত আৰশ কঁপি উঠিছিল, জানাজাৰ খাট ফিৰিস্তাসকলে বহন কৰিছিল আৰু 70 হাজাৰ ফিৰিস্তা জানাজাত অংশ গ্ৰহণ কৰিছিল?

উঃ হজৰত ছায়াদ বিন মুয়াজ (ৰাঃ)।

প্ৰঃ কোন কোন চাহাবা মৃত্যুৰ পিছতো কথা কৈছিল?

উঃ হজৰত ৰবীউ (ৰাঃ) আৰু উচমান গণি (ৰাঃ)।

প্ৰঃ দাজ্জালক কোন চাহাবাই দেখা পাইছিল?

উঃ হজৰত তামীম দাৰী (ৰাঃ)।

প্ৰঃ কোন চাহাবা চয়তানক তিনি দিন বন্ধী কৰি ৰাখিছিল?

উঃ হজৰত আবু হুৰাইৰা (ৰাঃ)।

প্ৰঃ চাহাবাসকলৰ মাজত কাৰ মৰ্যদা কেনেকুৱা আছিল?

উঃ  মুহাজিৰ আৰু আনছাৰসকলৰ মাজত আহলে হুদায়বিয়া শ্রেষ্ঠ। আহলে হুদায়বিয়াতকৈ আহলে বদৰ শ্রেষ্ঠ। আহলে বদৰতকৈ খেলাফায়ে ৰাশেদীন শ্রেষ্ঠ। খেলাফায়ে ৰাশেদিনসকলৰ ভিতৰত হজৰত আবু বক্কৰ (ৰাঃ) শ্রেষ্ঠ।

প্ৰঃ বদৰৰ যুদ্ধত সৰ্বপ্ৰথম কোন শ্বহীদ হৈছিল?

উঃ হজৰত মাজাহ বিন সালেহ (ৰাঃ)।

প্ৰঃ ইছলাম প্ৰচাৰৰ কাৰণে সৰ্বপ্ৰথম কোন চাহাবা মদিনালৈ গৈছিল?

উঃ হজৰত মুছআব বিন উমাইৰ (ৰাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ উম্মতৰ মাজত কাক ‘ইউছুফ’ বোলা হয়?

উঃ হজৰত জাৰিৰ বিন আব্দুল্লাহ আলবাজ্জালী (ৰাঃ)।

প্ৰঃ কোন চাহাবা সৰ্বপ্ৰথম অহি (প্ৰত্যাদেশ) লিখাৰ সৌভাগ্য লাভ কৰে?

উঃ হজৰত খালিদ বিন ছায়ীদ (ৰাঃ)।

প্ৰঃ সৰ্বশেষ কোনে অহি লিখিছিল?

উঃ হজৰত উবাই বিন কায়াব (ৰাঃ)।

প্ৰঃ কোন চাহাবীদ্বয় জান্নাতত যুৱকসকলকৰ চৰ্দাৰ হ’ব ?

উঃ হজৰত হাছান (ৰাঃ) আৰু হজৰত হুছাইন (ৰাঃ)।

প্ৰঃ কোন চাহাবীৰ দাফন কৰাৰ আগত ৰাছুলুল্লাহ তাইৰ কবৰত শয়ন কৰিছিল ?

উঃ আবু তালেবৰ স্ত্ৰী হুজুৰ (ছাঃ)ৰ খুড়ী হজৰত ফাতিমা বিন্তে আছাদ (ৰাঃ)।

প্ৰঃ কোন চাহাবাৰ আটাইতকৈ বেছি বয়সত মৃত্যু হৈছিল?

উঃ হজৰত ছালমান ফাৰছী (প্ৰায় 800 বছৰ জীয়াই আছিল। অন্য মতে 349 বছৰ বয়সত মৃত্যু বৰণ কৰিছিল।

প্ৰঃ  পৃথিৱীৰ পৰা কোনজন চাহাবা সৰ্বশেষত ইন্তেকাল কৰে?

উঃ  হজৰত আবু তোফয়েল আমিৰ (ৰাঃ) 100 হিজৰিত মক্কা নগৰত ইন্তেকাল কৰে।  0 0 0

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here