Home Literary Criticism অজিত বৰুৱাৰ কবিতা–এক বৈশিষ্ট্যমূলক আলোচনা | Ajit Baruar Kabita | Poetry of...

অজিত বৰুৱাৰ কবিতা–এক বৈশিষ্ট্যমূলক আলোচনা | Ajit Baruar Kabita | Poetry of Ajit Barua

অজিত বৰুৱাৰ কবিতা

0

অজিত বৰুৱাৰ কবিতা-এক বৈশিষ্ট্যমূলক আলোচনা

অজিত বৰুৱাৰ কবিতা

অজিত বৰুৱাৰ কবিতা-এক বৈশিষ্ট্যমূলক আলোচনা

অজিত বৰুৱাৰ  কবিতা– এক বৈশিষ্ট্যমূলক আলোচনা 

বিষয়-বস্তু আৰু আঙ্গিকৰ দিশত সম্পূৰ্ণ এক নতুন আচহুৱা কাব্য ধাৰা লৈ অসমীয়া কাব্য জগতত আবিৰ্ভাৱ হোৱা  বিংশ শতাব্দীৰ এজন কবিৰ নাম অজিত বৰুৱা। কবি অজিত বৰুৱাৰ কবিতা বিষয়-প্ৰসংগ আৰু আঙ্গিক- এই দুয়োটা দিশতেই অভিনৱ আৰু অসমীয়া ভাষাত পূৰ্ব-পৰম্পৰা ৰহিত। অসমীয়া ভাষাত এইজন কবিৰ আগত, কবিৰ সমসাময়িক কালত বা তেওঁৰ পিছত কোনো কবিৰ কবিতাই  কবি অজিত বৰুৱাৰ কবিতাত যি আঙ্গিক বা ধাৰা দৃষ্টিগোচৰ হয়, সেই ধাৰা পাবলৈ নাই। সহজ কথাত, অজিত বৰুৱাৰ কবিতা সকলো দিশৰ পৰাই অসমীয়া ভাষাত দৃষ্টান্তহীন আৰু অভিনৱ। ইয়াত বিশেষ ক’বলগীয়া যে যিকোনো ভাষাৰেই হওঁক যিকোনো কবিৰ কবিতাক কোনো এটি কাব্য ধাৰাত পেলাব পাৰি নাইবা প্ৰচলিত কাব্য ধাৰাৰ পৰা আলগ কৰি কোনো এক নতুন ধাৰাৰ নামাকৰণ কৰি সেই ধাৰাত সামৰি ল’ব পাৰি। কিন্তু কবি অজিত বৰুৱাৰ কবিতাক কোনো  কাব্য ধাৰাতো সামৰি ল’ব নোৱাৰিয়েই আনকি নতুন ধাৰা এটিৰ নামাকৰণ কৰি সেই ধাৰাত সামৰি লোৱাটো অতি জটিল আৰু দুষ্কৰ।

কবি অজিত বৰুৱাৰ কবিতা অধ্যয়ন কৰিলে দেখা যায় যে কবি হিচাপে তেওঁ বাস্তৱ বিমুখ। কাৰণ তেওঁৰ কবিতাত এই বাস্তৱবাদী যুগত বাস্তৱতাৰ প্ৰতি কোনো আগ্ৰহ আৰু তাৰ প্ৰতিফলন নাই। তেওঁ বাস্তৱবাদৰ পৰা ক্ৰমান্বয়ে আঁতৰি গৈছে। এই সাম্যবাদী, সমাজবাদী যুগত সমাজবাদৰ সপক্ষেই হওঁক বা বিপক্ষেই হওঁক তেওঁ কোনো উক্তি প্ৰকাশ কৰা নাই। আনহাতে সমাজ চিত্ৰৰো কোনো শৃঙ্খল প্ৰতিফলন নাই। কেতিয়াবা ছয়া-ময়াকৈ সমাজৰ এন্ধাৰ ফালটো উনুকিওৱা হৈছে যদিও সি ডাঠ কুঁৱলীৰ আবৰণেৰে ঢাক খুৱা। কবি অজিত বৰুৱা যে বাস্তৱতা বা সমাজ বিমুখ তেওঁ নিজেও জানে। সেয়ে এটি কবিতাত স্বীকাৰোক্তি দি তেওঁ লিখিছে–

“এনেকুৱা ছবি লাগে 

যি এই পৃথিৱীৰ নহয়

কিছুমান ৰঙ 

সেই দিনা সপোনত এনে এটা শব্দ দেখিছিলো

যাৰ অৰ্থ দিঠকত নাই।

কিছুমান আখৰ যিবিলাক বৰ্ণমালাত নাই।” (যেহেতু দৃশ্যমান জগতৰ)

কবি অজিত বৰুৱাৰ কবিতাত মাজে মাজে প্ৰকৃতিৰ প্ৰতি প্ৰীতিভাৱ আছে যদিও তেওঁ প্ৰকৃতিৰ কবি নহয়। কাৰণ প্ৰকৃতিৰ সৌন্দৰ্য বা বিষ্ময় তেওঁৰ কবিতাত ফুটি উঠা নাই। কেতিয়াবা কেতিয়াবা তেওঁ প্ৰকৃতিৰ সৌন্দৰ্যত উন্মাদ; কিন্তু তাৰ কাৰ্য-কাৰণ কবিতাত প্ৰকাশ কৰিবলৈ সমৰ্থ হোৱাহি নাই। গভীৰ পানীত আধা ডুব গৈ থকা আৰু আধা উপঙি থকা অথচ ভালকৈ মনিব নোৱাৰা জলজ উদ্ভিদ এটাৰ দৰেই কবিৰ প্ৰকৃতি প্ৰীতি। কবি অজিত বৰুৱাই কৈছে–

“কি ভাবিছিলো কি পাম

প্ৰতীতি আজিহে হয় ইন্দ্ৰিয় গ্ৰাহ্যাতীত

আলিঙ্গনৰ মিছা অঙ্গীকাৰ” (অলংকাৰ শাস্ত্ৰী)

কবিতাত দৰ্শন ফুটি উঠে যদিও কবিতা দৰ্শনৰ কোনো শাস্ত্ৰ নহয়। যিকোনো কবিৰ যিকোনো কবিতা সংকলন এটি অধ্যয়ন কৰিলে জীৱন সম্পৰ্কে কবিৰ দৰ্শন কি তাক সম্পূৰ্ণভাবে ধৰিব নোৱাৰিলেও তাৰ আভাষ পাব পাৰি। কিন্তু অজিত বৰুৱাৰ কবিতা জীৱন দৰ্শন নিৰেপক্ষ। তেওঁৰ কবিতা পঢ়িলে এনে ভাৱ হয় যেন  কবিৰ কোনো বস্তু বা বিষয়ৰ প্ৰতি কোনো আবেগিক দৃষ্টিভঙ্গী নাই। কোনো কোনো কবিতাত তেওঁৰ আবেগ প্ৰকাশ পাইছে যদিও আবেগৰ কোনো কাব্যিক কাৰণ নাই। কবিয়ে মাথো পোনে পোনে কৈছে–

“হয় প্ৰেম, প্ৰেম মোৰ

বুকুৰ পানীৰ ডৰিকনা মাছ।” (ফেটী কপৌ)

বিশ্ব সাহিত্যৰ ঐতিহ্যধাৰা অধ্যয়ন কৰিলে সকলোৱে স্বীকাৰ কৰিব যে সাহিত্য, বিশেষকৈ কবিতাৰ লক্ষ্য হৈছে আনন্দ দান আৰু জীৱনক চিত্ৰ বিচিত্ৰ ৰঙীন   কাঁচৰ মাজেৰে ভুমুকি মাৰি চোৱা। আন কথাত কবিতাৰ মাজেৰে জীৱনক কোমল বা সহজ আবেগিক সুৰত উপলব্ধি কৰাই কবিতা সৃষ্টিৰ সাধাৰণ উদ্দেশ্য। অজিত বৰুৱা ইয়াৰ বিপৰীত। জীৱনক সহজ নহয়, জটিল কৰাই যেন তেওঁৰ কবিতাৰ উদ্দেশ্য। সেয়ে কবিয়ে ৰচনা কৰিব পাৰিছে–

“বৰ্গক্ষেত্ৰৰ মাজত, বৰ্গক্ষেত্ৰৰ মাজত

বৰ্গক্ষেত্ৰ

আঁকি মই ভাল পাইছিলোঁ

আৰু পাইথাগোৰাচৰ উপপাদ্য

সমদ্ধিবাহু ত্ৰিভূজৰ কৰ্ণৰ ওপৰত

জীৱনৰ চানেকী

ত্ৰিভূজৰ এভূজৰ ওপৰত বৰ্গক্ষেত্ৰ।”

কবি অজিত বৰুৱাৰ কবিতা স্বদেশ আৰু স্বজাতিৰ ছবি বৰ্হিভূত। কবিয়ে কবিৰ কবিতাৰ বিষয়-বস্তুৰ বাবে কবিৰ স্বদেশ অসমক পাহৰি দেশ-বিদেশ যেনে- লণ্ডন, পেৰিচ, তিবৰ্বত, আমেৰিকা আদি ঠাইলৈ দৃষ্টি দিছে। সেয়ে তেওঁৰ কবিতাত অসমীয়া গোন্ধৰ আমোলমোল সুৰভি নাই।

কবি অজিত বৰুৱাৰ কবিতাৰ কোনো এটি স্পষ্ট প্ৰসংগ নাই। তেওঁৰ মনত যেতিয়া যি আহিছে, সেয়া বুদ্ধিদীপ্ত বলিয়ালিৰ দৰে লানি-নিছিগাকৈ লিখি গৈছে। আৰ্হি হিচাপে তলৰ কবিতাংশ উদ্ধৃত কৰিব পাৰিঃ

“দ্বিতীয়াৰ হাঁহি জৰে

নিলগৰ হাস্নাৰ ক্ষী-ণ  শিখাৰ দৰে-

নাচনী নিশাৰ মুখত পাতল ৰঙৰ ৰেখা

সোঁতাল আৰ্চিত আকাশৰ ছবি পৰে।

নীলা পাহাৰৰ ছাঁয়াৰ কাষত

ৰূপালী বালিৰ ৰেশমী ৰুমাল জ্বলে

চন্দ্ৰ দেখি খাদুৰিৰ পাতৰ আঁৰত

কাঁচিৰ দৰে

পমুৱাৰ কাঁচিৰ দৰে বেঁকা

আৰু লাখে লাখে পামধৰা ত’ৰা

পাকিস্থানী প্ৰতীকৰ শুভাযাত্ৰা চলে

মাত্ৰ উট নাই অসমত (উট পক্ষী আছে)।

 

আত্ম নিয়ন্ত্ৰণ …….. জনসাধাৰণ

মলয়াৰ জোঁৱাৰ আহিছে

উটুৱাই লৈ যায় মনৰ বাগিছা পাল

যুক্তিৰ লংগৰ আৰু নুতুলি নোৱাৰি।” (জৰাসন্ধ)

কবি অজিত বৰুৱাৰ কবিতাত নাটকীয় স্বগোক্তি (Dramatic Monologue) আছে। কিন্তু তেওঁৰ কবিতাৰ নাটকীয় স্বগোক্তি দেৱকান্ত বৰুৱা বা ইংৰাজ কবি ৰবাৰ্ট ব্রাউনিংৰ কবিতাত থকাৰ দৰে স্পষ্টতা আৰু কাব্যিক আবেদন নাই। তেওঁৰ কোনো কোনো নাটকীয় স্বগোক্তি থকা কবিতাত নাটকীয় আভাষ আছে; কিন্তু গতি নাই। আৰ্হি স্বৰূপ তলৰ কেইশাৰীমান কবিতা উদ্ধৃত কৰিব পাৰি–

“সুভাষ বহুতৰ হয়

হাচনাহানাৰ, পদুমৰ, গোলাপৰ, শেৱাললীৰ।

হৃদয়ৰ সুভাষ পাইছেনে প্ৰভু? হৃদয়ৰ

বিস্ফোৰিত হৃদয়ৰ? স্নায়ুৰ তন্ত্ৰীত উঠা বাগেশ্ৰী বাগৰ

সৰোদত।”

কবিৰ বেছিভাগ কবিতাৰ শিৰোনাম ৰহস্যময়। শিৰোনাম পঢ়ি কবিতাৰ বিষয়-বস্তুৰ আভাষ পাব নোৱাৰি। উদাহৰণ হিচাপে ‘সৃষ্টি ওলোটাৰ কথা’ শিৰোনামেৰে লিখা কবিতাটি উল্লেখ কৰিব পাৰি। তাৰোপৰি তেওঁৰ সৰহভাগ কবিতাৰ ঐতিহাসিক পটভূমি আছে যি পটভূমিৰ লগত সাধাৰণ পাঠক কোনো দিনেই পৰিচিত নহয়। তেনেকুৱা অপৰিচিত পটভূমি এটাক লৈ সাধাৰণ পাঠকৰ বাবে কবিতা লিখা টেঙৰালিৰ বাহিৰে আন কোনো উদ্দেশ্য থাকিব পাৰে বুলি মনে নধৰে। উদাহৰণস্বৰূপে কবিৰ ‘ব্রহ্মপুত্ৰ’ শিৰোনামেৰে লিখা কবিতাটি আঙুলিয়াব পাৰি। উক্ত কবিতাটিৰ এক ঐতিহাসিক পটভূমি আছে যি পটভূমি নৃতত্ব বা  ভূ-বৈজ্ঞানিকসকলৰ দুই-এজন বিশেষজ্ঞৰ বাহিৰে সকলোৰে বাবেই এক ৰহস্য। অৱশ্যে লিখকে কবিতাটিৰ টোকাত কবিতাটিৰ পটভূমি লিখিছে যদিও এনে এটা দীঘল পদ্যৰ পটভূমি টোকাত লিখাতকৈ কবিতাটিৰ আৰম্ভণিতে লিখা হ’লে কবিতাটি অধ্যয়ন কৰাৰ আবেদন বাঢ়িলহেঁতেন। বিশেষ মন কৰিবলগীয়া কথা যে তেওঁৰ টোকা সবৰ্বস্ব কবিতাবোৰৰ মূল কবিতা পঢ়াতকৈ টোকাসমূহ পঢ়ি কিছু সোৱাদ লাভ কৰিব পাৰি।

কবি অজিত বৰুৱাৰ কবিতা কল্পচিত্ৰ (Imagery) সবৰ্বস্ব। তেওঁৰ কবিতাত কল্পচিত্ৰ ইমানেই বেছি যে কল্পচিত্ৰ পঢ়ি গৈ গৈ পাঠকে মূল বক্তব্য বিষয় পাহৰি যায়।  কল্পচিত্ৰৰো সোৱাদ আছে; কিন্তু অজিত বৰুৱাৰ কবিতাত সেই সোৱাদ নাই। তেওঁৰ কল্পচিত্রবোৰ বৌদ্ধিক চাতুৰ্যৰ বলিয়া প্ৰকাশ। কবিতা কল্পনাৰ সমাহাৰ বুলি যিসকলে ক’ব খোজে সেইসকলে অৱশ্যে কল্পনা অবাস্তৱ আৰু অতি প্ৰাকৃত হ’লে কবিতাৰ সোৱাদ যে নষ্ট হয়, সেয়া স্বীকাৰ কৰাও উচিত।  কবিতা ইয়াৰ বিৰোধী ধাৰণাত আমঠ আৰু আঁকোৰগোঁজ যেনহে লাগে। কবি অজিত বৰুৱাৰ কল্পচিত্ৰত  ইংৰাজী কবি টি. এচ. ইলিয়ট, ডেলান থমাচ, ফৰাচী কবি চেন্ট জন পাৰ্চ আৰু শ্বাৰ্লে বদলিয়াৰ’ৰ কবিতাৰ কল্পচিত্ৰ প্ৰভাৱ আছে যদিও সিহঁতৰ কবিতাত প্ৰকাশ পোৱা কল্পচিত্ৰৰ সুষমা আৰু শৃঙ্খলা তেওঁৰ কবিতাত নাই। কবি অজিত বৰুৱা নিজেই স্বীকাৰ কৰিছে–

“বহুতো বগা ভাটৌ যে মই দেখো- মনশ্চক্ষুত। 

উৰুলিৰ দৰে জোপোহাৰ পৰা উৰা মৰা

সপ্তপণী শব্দত।”

কবি অজিত বৰুৱাৰ কবিতাৰ বিষয়-বস্তু আৰু আঙ্গিকলৈ লক্ষ্য কৰিলে যুগোশ্লাভিয়াৰ কবি মিৰোশ্লাভ হোলুব, স্পেইনৰ কবি নিকোলাচ গিয়েন আৰু পশ্চিমবঙ্গৰ বঙালী কবি শক্তি চট্টোপাধ্যায়ৰ কবিতাৰ লগত কিছু  সাদৃশ্য দেখা পোৱা যায় যদিও অজিত বৰুৱাৰ কবিতা কোনো পধ্যেই সিহঁতৰ কবিতাৰ সমপৰ্যায়ৰ নহয় – কাৰণ সিহঁতৰ কবিতাত যি সাবৰ্বজনীন আবেদন আছে অজিত বৰুৱাৰ কবিতাত সেই আবেদন নাই। আন কথাত ক’বলৈ গ’লে অজিত বৰুৱাৰ কবিতা পৰম্পৰাগত কাব্য ধাৰাৰ সম্পূৰ্ণ  পৰিপন্থী; কিন্তু সেইবুলি তেওঁৰ কবিতা ‘কবিতা বিৰুদ্ধ কবিতা’ (Anti-poem) নহয়।; কিয়নো কবিতা বিৰুদ্ধ কবিতাত কল্পচিত্ৰৰ মুক্ত বিচৰণ থাকিলেও বিষয়-বস্তুৰ লগত কেতিয়াও অসংলগ্ন নহয়।

ওপৰৰ বিশ্লেষণাত্মক সমীক্ষাৰ পৰা দেখা গ’ল যে  অজিত বৰুৱা সম্পূৰ্ণৰূপেই পৰম্পৰা ৰহিত অভিনৱ কবি। তেওঁৰ কবিতাৰ বিষয়-বস্তু আৰু আঙ্গিক – দুয়োটাই অসংলগ্ন আৰু জটিল। সেয়ে কবি অজিত বৰুৱাৰ কবিতাক ‘অসংলগ্ন-জটিল  কবিতা’  (Irrelevent Complex Poem) আৰু অজিত বৰুৱাক অসংলগ্ন জটিল কবি বুলি অভিহিত কৰিব পাৰি। ০ ০ ০

বি. দ্র. উক্ত ‘অজিত বৰুৱাৰ কবিতা–এক বৈশিষ্ট্যমূলক আলোচনা | Ajit Baruar Kabita | Poetry of Ajit Barua’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া কবি প্রতিভা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here