Home Literary Criticism অনুৰাধা শৰ্মা পূজাৰীৰ ‘অৰণ্য যাত্ৰা’–এক বিশ্লেষণাত্মক অধ্যয়ন | Anuradha Sarma Pujari Aranyo...

অনুৰাধা শৰ্মা পূজাৰীৰ ‘অৰণ্য যাত্ৰা’–এক বিশ্লেষণাত্মক অধ্যয়ন | Anuradha Sarma Pujari Aranyo Jatra

0

অনুৰাধা শৰ্মা পূজাৰীৰ ‘অৰণ্য যাত্ৰা’–এক বিশ্লেষণাত্মক অধ্যয়ন

অনুৰাধা শৰ্মা পূজাৰীৰ ‘অৰণ্য যাত্ৰা’--এক বিশ্লেষণাত্মক অধ্যয়ন  Anuradha Sarma Pujari Aranyo Jatra

 

অনুৰাধা শৰ্মা পূজাৰীৰ ‘অৰণ্য যাত্ৰা’

অনুৰাধা শৰ্মা পূজাৰীৰ ‘অৰণ্য যাত্ৰা’–এক বিশ্লেষণাত্মক অধ্যয়ন | Anuradha Sarma Pujari Aranyo Jatra

অনুৰাধা শৰ্মা পূজাৰীৰ ‘অৰণ্যযাত্ৰা’ নামৰ ৰচনাটি এটি ভ্ৰমণ কাহিনী। এবাৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কাজিৰঙালৈ কৰা অৰণ্য ভ্ৰমণৰ কালত লাভ কৰা বিভিন্ন অভিজ্ঞতাৰ ৰসাল বৰ্ণনা ৰচনাটিৰ যোগেদি লিখিকাই উপস্থাপন কৰিছে। ছাত্ৰ-ছাত্ৰীৰ বাবে ৰচনাটিত বহুত শিক্ষনীয় বিষয় আছে যেনে– কামৰ ক্ষেত্ৰত ল’ৰা-ছোৱালীৰ মাজত কোনো ভেদ নাই, শিক্ষকৰ হাক-বচন নুশুনিলে বিপদ  হয়, প্ৰকৃতিৰ পৰা  আমি সমিলমিলে বাস কৰাৰ শিক্ষা লাভ কৰিব পাৰো আদি।

অনুৰাধা শৰ্মা পূজাৰীৰ ‘অৰণ্য যাত্ৰা’  

ভ্ৰমণ কাহিনীটোৰ প্ৰধান চৰিত্ৰ দুজন ভাই-ভনী । সিহঁতৰ নাম– পল আৰু পাহি। পল এলেহুৱা আৰু নিজৰ ঘৰুৱা কামৰ বাবে আনৰ ওপৰত বিশেষকৈ ভন্টি পাহিৰ ওপৰত নিৰ্ভৰ কৰে। পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে। পাহিয়ে  নিজৰ কাপোৰ-কানি সকলো নিজেই ঠিক কৰি ৰাখে। কিন্তু ককায়েক পলে নিজৰ পিন্ধা কাপোৰ জাঁপি নথয়, জোতাযোৰ পৰিস্কাৰ কৰি নাৰাখে, গা ধোৱাৰ পিছত তিতা গামোচাখন বিচনাতে পেলাই  থৈ যায়। এইবোৰ কাম ল’ৰাই কৰিব নালাগে বুলি ক’ৰবাত লিখা আছে নে বুলি এদিন মাকৰ পৰা পাহিয়ে জানিব বিচাৰে।

অনুৰাধা শৰ্মা পূজাৰীৰ ‘অৰণ্য যাত্ৰা’

ইয়াৰ উত্তৰত মাকে পাহিক কৈছিল যে তাই দুয়োজনকে তেওঁলোকৰ বয়স অনুযায়ী কৰিব পৰা কামবোৰ শিকাই আহিছে। তেওঁলোকে পঢ়া-শুনা কৰি সময়ত চাকৰি কৰিব বা ব্যৱসায় কৰিব। তেতিয়া নিজৰ প্ৰয়োজনীয় কামখিনি কৰিব নোৱাৰিলে কেতিয়াবা কেতিয়াবা আনে সিহঁতক ঠগাব।

পাহিয়ে গছ-গছনি বৰ ভাল পায়।  সিহঁতৰ ঘৰত মাটি কম বাবে টাবতহে ফুল লগাব পাৰে। তথাপি পাহিয়ে ওখ গছ দেখিলে ৰৈ যায়।  প্ৰতিজোপা গছৰ আকাৰ, ৰং ভিন ভিন। তামোল গছৰ কাষতে থকা আমজোপাৰ চেহেৰাৰ মিল নাই। দুয়োখন গছ ভিন্ন ধৰণৰ যদিও ওচৰা-ওচৰিকৈ মিলাপ্ৰীতিৰে থাকে। আকৌ কলজোপাৰ কাষতে থকা নেমুজোপাৰ কাঁইটে কেতিয়াও কলজোপাক বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ গছ-গছনিবোৰে মানি চলে। প্ৰকৃতিৰ এই নিয়মবোৰে পাহিক আকৃষ্ট কৰে।

অনুৰাধা শৰ্মা পূজাৰীৰ ‘অৰণ্য যাত্ৰা’

কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাকে দিয়া উপদেশ হৈছে  যে সিহঁতে পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছে। সিহঁতে অৰণ্যৰ পৰা শিকিব লগা বহু কথা আছে। সিহঁতে যিমান পাৰে সিমান শিকা উচিত। লগতে সিহঁতে নিজৰ বয়-বস্তুবোৰ চম্বালি ৰাখিবলৈয়ো উপদেশৰ দিয়ে। 

পাহি আৰু পলক দেউতাকে দিয়া উপদেশ হৈছে, সিহঁতে যেন সদায় শিক্ষকৰ লগতে থাকে আৰু সিহঁতৰ কথামতে চলে। তেওঁ সিহঁতৰ খবৰ লৈ থাকিব। 

কাজিৰঙালৈ যাত্ৰা কৰাৰ সময়ত বাছৰ ভিতৰত শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ পৰা নেতা-নেত্ৰী পাতি দিয়ে। পাহি আৰু বিদিশাক বাছত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাবোৰ চাবলৈ দায়িত্ব দিলে। আনহাতে নৱম শ্ৰেণীৰ ছাত্ৰ আফতাব আৰু সৌৰভক খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ দায়িত্ব দিয়ে। 

কিন্তু সৌৰেভ কামটো টান পাই সিহঁতৰ দায়িত্বটো পাহি আৰু বিদিশাৰ লগত সলনি কৰি ল’ব বিচাৰিলে। অৰ্থাৎ সিহঁতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গণনা কৰিব আৰু সিহঁতৰ অসুবিধাবোৰ চাব। আনহাতে পাহি আৰু বিদিশাই খাদ্যবস্তুৰ পেকেটেবাৰ আৰু পানীৰ বটলবোৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সমভাৱে বিতৰণ কৰিব।

অনুৰাধা শৰ্মা পূজাৰীৰ ‘অৰণ্য যাত্ৰা’

সিহঁতৰ এই কথা শুনি অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকাই খং কৰি কামৰ ক্ষেত্ৰত ল’ৰা আৰু ছোৱালীৰ মাজত কোনো প্রভেদ নাই বুলি শিকালে।

কাজিৰঙা পোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলক যি ঠাইত থাকিবলৈ দিয়া হ’ল, সেই ঠাইখিন অতি মনোমোহা আছিল। ধুনীয়া আবাস আৰু সুন্দৰ ওখ চাংঘৰ দেখি সিহঁতৰ আনন্দই হিয়া নধৰা হৈছিল। 

দুপৰীয়া তাতে সিহঁতে ভাত-পানী খাই নিদিষ্ট বিচনাবোৰত শুই পৰিল।  কিন্তু সৌৰভ, আফতাব আৰু পলে ক’লে যে সিহঁতে কোনেও নেদেখাকৈ বাহিৰবলৈ ওলাই গৈ অলপ ফুৰা-চকা কৰিব যাতে সিহঁতে দেখা জীৱ-জন্তুবোৰৰ কথা কৈ সিহঁতে সকলোৰে আগত বাহাদুৰি কৰিব পাৰে। যেনে কথা তেনে কাম। সিহঁতে  সিহঁতৰ কোঠালিৰ পিছপিনে থকা লোহাৰ ডাঙৰ জপনাখন বগাই পাৰ হ’ল। সিহঁতৰ সন্মুখত এটা ডাঙৰ বিল দেখা পালে।  বিলৰ সিপাৰে পথাৰ আৰু পথাৰৰ সিপাৰে হাবি। সিহঁতে বিলৰ পাৰত এখন নৌকা বান্ধি থোৱা দেখা পাই  নাওঁত উঠিল। পলে সিহঁঁতক লগত লৈ  আনন্দৰে বঠা মাৰি নাওখন চলাই আগবাঢ়ি থাকিল।  কিছুদূৰ যোৱাৰ পিছত নাওখন মেটেকাৰ মাজত সোমাই পৰিল।  ইফালে নাওখনৰ ভিতৰত পানী সোমাবলৈ আৰম্ভ কৰিছিল। নাওখন পানীৰ ওপৰত লৰচৰ কৰি থাকিল। পানী সোমাই নাওখন ডুব যাবলৈ ধৰিলে। সিহঁতৰ অণ্ঠ-কণ্ঠ শুকাই গ’ল। সকলোৱে কন্দমুৱা হ’ল। অৱশেষত সিহঁতে চিঞৰিবলৈ ধৰিলে, “বচোৱা, কোন আছা, আমাক বচোৱা।”

পলে নাওৰ পানী সোমোৱা ফুটাটো বুট জোতাৰে বন্ধ কৰাৰ চেষ্টা কৰিলে। সৌৰভ আৰু আফতাবে মেটেকাবোৰ বঠাৰে গুচাই  নাওখন পাৰলৈ আনিবলৈ চেষ্টা কৰিও ব্যৰ্থ হ’ল। সিহঁত তিনিওটাই  প্ৰাণপণে চিঞৰি থাকিল। 

অনুৰাধা শৰ্মা পূজাৰীৰ ‘অৰণ্য যাত্ৰা’

ক্ষন্তেক পিছতে জাকৈ হাতত লৈ কেইজনীমান ছোৱালী ওচৰেদি গৈ আছিল। সিহঁতক উদ্দেশ্যি পলে চিঞৰিলে, “অ বাইদেউ, আমাক বচোৱা, বচোৱা।”

ছোৱালীকেইজনয়ৈে সিহঁতক বিলখনৰ মাজত দেখি আচৰিত হ’ল। ইতিমধ্যে নাওখন কাতি হৈ পল পানীত পৰিল। সিহঁতৰ চিঞৰ-বাখৰত ওচৰদি গৈ থকা ছোৱালীকেইজনীৰ দুজনীমান পানীত নামি সিহঁতৰ আটাইকেইজনকে উদ্ধাৰ কৰি পাৰলৈ আনিলে। সিহঁতক এই বিপদৰ পৰা উদ্ধাৰ কৰা ছোৱালীকেইজনী আছিল স্থানীয় অসমীয়া ছোৱালী। সিহঁতৰ নাম আছিল ক্ৰমে– ৰুমী, শেৱালি, জিনা আৰু লক্ষ্মী। 

পল, সৌৰভ আৰু আফতাবে কৰা দুষ্টালিৰ কথা জানিব পাৰি নিশা ভাত পানী খাই শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰিব খুজিছিল।  স্থানীয় জাকৈ বোৱা ছোৱালীকেইজনীয়ে সিহঁতক উদ্ধাৰ নকৰিলে সিহঁত মৃত্যুমুখত পৰিলহেঁতেন। তেতিয়া বিদ্যালয়ৰ দুৰ্ণাম হ’লহেঁতেন।

অনুৰাধা শৰ্মা পূজাৰীৰ ‘অৰণ্য যাত্ৰা’

শিক্ষকসকলৰ এই সিদ্ধান্ত শুনি পল, আফতাব আৰু সৌৰভ তলমূৰ কৰি থাকিল।  তেনেতে পাহিয়ে থিয় হৈ অতি দুখেৰে ক্ষমা বিচাৰিলে আৰু দোষীসকলৰ লগতে সকলোৱে শাস্তি পোৱাটো  উচিত নহয় বুলি ক’লে। পাহিৰ কথাত সকলোৱে সমৰ্থন আগবঢ়ালে। তেনেতে পলে থিয় হৈ নিজৰ দোষৰ বাবে শাস্তি বিচাৰিলে।  তেওঁলোকে যি অপৰাধ কৰিলে তাৰ বাবে তেওঁলোকক এৰি পিছদিনা সকলোৱে অৰণ্য দৰ্শন কৰিবলৈ যোৱাতকৈ একো ডাঙৰ শাস্তি হ’ব নোৱাৰে বুলি ক’লে। 

তেতিয়া শিক্ষকসকলে সিহঁতৰ মাজত আলোচনা কৰি ঘোষণা কৰিলে যে পল, আফতাব আৰু সৌৰেভ তেওঁলোকে কৰা বেয়া কামটোৰ বিষয়ে বৰ্ণনা কৰি এখনকৈ ৰচনা লিখিব লাগিব।  সিহঁতৰ বৰ্ণনাত সিহঁতে কথমপি মৃত্যুমুখৰ পৰা ৰক্ষা পৰা বুলি স্বীকাৰ কৰিব লাগিব। তেতিয়াহে সিহঁত সকলোৱে পিছদিনা অৰণ্য দৰ্শন কৰিবলৈ যাব পাৰিব।

অনুৰাধা শৰ্মা পূজাৰীৰ ‘অৰণ্য যাত্ৰা’

শিক্ষকসকলকৰ প্ৰস্তাৱত সকলোৱে হয়ভৰ দিলে। পিছদিনা সিহঁতে অৰণ্য দৰ্শন কৰি উভতি আহিল।

কাজিৰঙালৈ যাত্ৰা কৰি ছাত্ৰ-ছাত্ৰীসকলে নানান শিক্ষা লাভ কৰিছিল। শিক্ষাসমূহ হ’ল–

(ক) নিজে কৰিব পৰা কাম নিজে কৰিব লাগে, আনলৈ বাট চাব নালাগে।

(খ) গছ হ’ল বনৰ জীৱ-জন্তু আৰু মানুহৰ বন্ধু। আমি গছ নহ’লে জীয়াই থাকিব নোৱাৰিম।

(গ) ল’ৰা আৰু ছোৱালী সকলো সমান।

(ঘ) আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ দেখুওৱা মূৰ্খৰ কাম।

(ঙ) দলীয়ভাৱে ক’ৰবালৈ গ’লে অনুশাসন মানি চলাটো জৰুৰী কথা।

এনেদৰে  ‘অৰণ্য যাত্ৰা’ নামৰ পাঠটিত লিখিকা অনুৰাধা শৰ্মা পূজাৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক বহুত প্ৰয়োজনীয় শিক্ষা প্ৰদান কৰিছে। 0 0 0.

অনুৰাধা শৰ্মা পূজাৰীৰ ‘অৰণ্য যাত্ৰা’

বি. দ্র. অনুৰাধা শৰ্মা পূজাৰীৰ ‘অৰণ্য যাত্ৰা’–এক বিশ্লেষণাত্মক অধ্যয়ন | Anuradha Sarma Pujari Aranyo Jatraৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘নির্বাচিত অসমীয়া অসমীয়া প্রবন্ধ সমালোচনা‘ গ্রন্থৰ   পৰা লোৱা হৈছে

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

  

LEAVE A REPLY

Please enter your comment!
Please enter your name here