অনুৰূপ আৰু অনুকাৰ শব্দ
অনুৰূপ আৰু অনুকাৰ শব্দ
(অনুৰূপ আৰু অনুকাৰ শব্দ) আমি জানো যে দুটা বা ততোধিক বৰ্ণ (আখৰ) লগলাগি শব্দৰ সৃষ্টি হয়। প্ৰতিটো শব্দই একো একোটা অৰ্থ বহন কৰে। ভাষা এটিত নানান ধৰণৰ শব্দ থাকে যেনে – অনুৰূপ শব্দ, অনুকাৰ শব্দ, বিপৰীত শব্দ, প্ৰতিশব্দ, সমাৰ্থক শব্দ ইত্যাদি। এই অধ্যায়ত অনুৰূপ শব্দ (Similar Words) আৰু অনুকাৰ শব্দ (Onomatopoetics) বিষয়ে আলোচনা কৰিবলৈ লোৱা হৈছে।
অনুৰূপ আৰু অনুকাৰ শব্দ
অনুৰূপ শব্দ (Similar Words)
কেতিয়াবা কেতিয়াবা কোনো মূল শব্দৰ অৰ্থৰ জোৰ বা শক্তি বুজাবলৈ শব্দটোৰ আগত বা পিছত একেধৰণৰ অথচ অৰ্থশূন্য কিছুমান শব্দ ব্যৱহাৰ কৰা হয়, সেইবোৰ শব্দক অনুৰূপ শব্দ বোলে।উদাহৰণ–
পা-পইচা, ডা-ডাঙৰীয়া, চাকৰ-নাকৰ, মানুহ-দুনুহ, মাছ-তাছ, হিচাপ-নিকাচ ইত্যাদি।
অনুৰূপ শব্দ তিনি প্ৰকাৰৰ, যথা–
(ক) অনুকাৰ অনুৰূপ
(খ) দ্বিৰুক্ত অনুৰূপ আৰু
(গ) যুৰীয়া বা অনিয়মিত অনুৰূপ।
তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।
অনুৰূপ আৰু অনুকাৰ শব্দৰ শব্দ
(ক) অনুকাৰ অনুৰূপ
কোনো মূল শব্দৰ পাছত প্ৰায় একেধৰণৰ অথচ অৰ্থহীন যিবোৰ শব্দ যোগ দিয়া হয় সেইবোৰক অনুকাৰ অনুৰূপ শব্দ বোলে। উদাহৰণ–
মাছ-তাছ, ভাত-চাত, কিতাপ-চিতাপ ইত্যাদি।
(খ) দ্বিৰুক্ত অনুৰূপ
কেতিয়াবা মূল শব্দৰ আদি ধধ্বনিত জোৰ দি ধ্বনিটো দ্বিৰুক্ত কৰা হয়। এনেধৰণৰ অনুৰূপ শব্দক দ্বিৰুক্ত অনুৰূপ শব্দ বোলে। উদাহৰণ–
জা-জলপান, ডা-ডাঙৰীয়া, পা-পইচা ইত্যাদি।
(গ) যুৰীয়া বা অনিয়মিত অনুৰূপ
কেতিয়াবা কেতিয়াবা কোনো কোনো শব্দৰ লগত বেলেগ উচ্চাৰণৰ অৰ্থ শূন্য শব্দ যোগ কৰা হয়, এনে শব্দক যুৰীয়া বা অনিয়মিত অনুৰূপ শব্দবোলে। উদাহৰণ–
গৰু-চৰু, চাহ-তাহ, কাপোৰ-চােপৰ, খৰি-চৰি, খোৱা-লোৱা, মা-মচলা, মানুহ-দুনুহ, বিয়া-বাৰু, তামোল-চামোল, চাকৰ-নাকৰ ইত্যাদি।
অনুৰূপ আৰু অনুকাৰ শব্দ
অনুকাৰ শব্দ (Onomatopoetics)
কোনো ধ্বনি বা জীৱ-জন্তুৰ মাত অনুকৰণ কৰি যি শব্দ তৈয়াৰ কৰা হয়, সেইবোৰ শব্দক অনুকাৰ শব্দ বোলে। অনুকাৰ শব্দক ধনাত্মক শব্দ বুলিও কোৱা হয়। উদাহৰণ–
কা্-কা্, টেৰ্-টেৰ্, গিৰ-গিৰ, চিঁ-চিঁ, কু-কু, হিৰ্-হিৰ, হৰ্-হৰ্, চৌ-চৌ, তজ-বজ, জক্-মক্, লত্-পট্, কেৰ্-কেৰ্, মেৰ্-মেৰ্, ধপ্-ধপ্, ঘৰ্-ঘৰ্, ফোচ্-ফোচ্, টং-টং, ধৰ্-ফৰ্, চেন-চেন্, চুচুক্-চামাক্, কক্-বক্, কেওঁ-কেওঁ, টুলুং-ভুটুং, থুনুক-থানাক, মেউ-মেউ, গিৰ-গিৰ, চিঁ-চিঁ, কু-কু, হিৰ্-হিৰ, হৰ্-হৰ্, চৌ-চৌ, তজ-বজ, জক্-মক্, জল্-জল্ ইত্যাদি।
অনুৰূপ আৰু অনুকাৰ শব্দ
অনুশীলনী
(১) অনুৰূপ শব্দ কাক বোলে?
(২) অনুৰূপ শব্দক কি কি ভাগত ভাগ কৰা হৈছে?।
(৩) অনুকাৰ অনুৰূপ শব্দ কাক বোলে ?
(৪) দ্বিৰুক্ত অনুৰূপ শব্দ কাক বোলে?
(৫) যুৰীয়া বা অনিয়মিত অনুৰূপ শব্দ কাক বোলে?
(৬) অনুকাৰ শব্দ কাক বোলে?
(৭) অনুকাৰ অনুৰূপ শব্দ কাক বোলে?
(৮) অনুকাৰ অনুৰূপ শব্দ কাক বোলে? ০ ০ ০
অনুৰূপ আৰু অনুকাৰ শব্দ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: