Home Kabita অন্তঃদ্বন্দ্ব | Antadanda

অন্তঃদ্বন্দ্ব | Antadanda

0

অন্তঃদ্বন্দ্ব | Antadanda

অন্তঃদ্বন্দ্ব  Antadanda

অন্তঃদ্বন্দ্ব

ৰাব্বি মছৰুৰ

‘ব্যহত’ আৰু ‘অব্যহত’ শব্দ দুটিক লৈ বহুত দিন 

মোৰ মনত চলি আছিল  খেলিমেলিৰ অন্তঃদ্বন্দ্ব। 

বহু সময়ত ব্যৱহৃত হৈছিল ‘ব্যহত’ৰ ঠাইত ‘অব্যহত’। 

বহু সময়ত উচ্চাৰিত হৈছিল ‘অব্যহত’ৰ ঠাইত ‘ব্যহত’।

পৰিণামত উদ্‌গীৰিত জ্বালামূখীয়ে চাৰিওদিশ ধোঁৱা, ছাই, লাভাৰে খেলিমেলি লগোৱাৰ দৰে  

বিশৃঙ্খলতাৰে বিপৰ্যস্ত হৈ পৰিছিল মোৰ অহেতুক প্ৰেমৰ গল্প, কবিতাৰ কলি, গদ্য-ছন্দৰ সুশৃঙ্খল শব্দ বিন্যাস। 

হুমুনিয়াই লৈছিল বিকৃত ৰূপ।

ৰূপ হেৰুৱাই  অপৰূপত ধ’ৰা দিছিল মোৰ উষ্ণ অনুভূতিবোৰ। গৰাখহনীয়াত উটুৱাই নিয়া সাগৰৰ পাৰৰ কাঁইটীয়া ফেনা গছবোৰৰ দৰেই এক গতানুগতিক ভুলৰ মাজত বিলিন হৈছিল মোৰ চিৰ পোহনীয়া হাঁহি -কান্দোন।

 

আজি বহুত দিনৰ মূৰত মোৰ ভুল ভাগিল।

আনন্দত পুলকিত হ’ল মোৰ নিৰানন্দ হৃদয়।

মনাকাশত ফুলিল আশাৰ নতুন নক্ষত্ৰ। নিৰ্ভুল হোৱাৰ সম্পূৰ্ণ ঐকান্তিকতাত আৰু সফল হোৱাৰ অনাবিল আনন্দত

উৎফুল্লিত হৈ উঠিল মোৰ কোমল কাব্যকুঞ্জ। ০ ০ ০

অন্তঃদ্বন্দ্ব | Antadanda

Read More: পৃথিৱীৰ আৰু মোৰ 

অন্তঃদ্বন্দ্ব | Antadanda

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here