অব্যয় পদৰ শ্ৰেণী বিভাগ
অব্যয় পদৰ শ্ৰেণী বিভাগ | Classification of Assamese Conjunction
আমি শিকি আহিছো যে যি পদ বাক্যত ব্যৱহাৰ হওঁতে কোনো বিভক্তি যোগ নহয় অৰ্থাৎ কোনো অৱস্থাতে ৰূপৰ সলনি নহয়, তাকে অব্যয় পদ (Preposition) বোলে।
অসমীয়া অব্যয় পদবোৰক মুঠতে সাতোটা ভাগত ভাগ কৰা হৈছে, যথা–
অব্যয় পদৰ শ্ৰেণী বিভাগ
(১) সংযোজক অব্যয় (Conjunction)
(২) বিয়োজক বা পৃথকবোধক অব্যয় (Dijunctive Conjunction)
(৩) ভাৱবোধক অব্যয় (Interjection)
(৪) সম্বোধনবোধক অব্যয় (Relative Preposition)
(৫) প্রশ্নবোধক অব্যয় ( Interrogative Preposition)
(৬) সমিধানবোধক অব্যয় (Solutionary Preposition) আৰু
(৭) আনুষঙ্গিক অব্যয় (Preposition)
তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল ।
অব্যয় পদৰ শ্ৰেণী বিভাগ¸
সংযোজক অব্যয় (Conjunction)
যি অব্যয় পদে দুটা বিশেষ্য, সৰ্বনাম বা বাক্যক লগ লগায় তাকে সংযোজক অব্যয় বোলে।
উদাহৰণ–
সি আৰু ৰাজনে ক্ৰিকেট খেলিব।
সি ভাল অথচ তেওঁৰ ভাইটি দুষ্ট।
কিছুমান সংযোজক অব্যয় হ’ল– আৰু, কাৰণে, এতেকে, তথা, যথা, অথচ, যে, দেখি, হেতু ইত্যাদি।
অব্যয় পদৰ শ্ৰেণী বিভাগ
বিয়োজক বা পৃথকবোধক অব্যয় (Dijunctive Conjunction)
যি অব্যয় পদে দুটা বা অধিক পদ বা শব্দক পৃথক ৰূপ দেখুৱায় তাকে বিয়োজক বা পৃথকবোধক অব্যয় বোলে। উদাহৰণ–
নমিতা বা তাইৰ দেউতাকে কামটো কৰিব।
তুমি আহিলা তথাপি কলমখন আনিব নোৱাৰিলা।
কিছুমান বিয়োজক অব্যয়ৰ উদাহৰণ হ’ল– অথবা, বা, কিম্বা, নতুবা, তথাপি, কিন্তু ইত্যাদি।
অব্যয় পদৰ শ্ৰেণী বিভাগ
ভাৱবোধক অব্যয় (Interjection)
মনৰ আবেগজনিত সুখ, দুখ, হাঁহি, কান্দোন, বিষ্ময় আদি বুজোৱা অব্যয় পদক ভাৱবোধক অব্যয় বোলে। উদাহৰণ–
বাঃ! আমি জিকিলোঁ।
ছিঃ তুমি কিমান অপদাৰ্থ!
কিছুমান ভাৱবোধক অব্যয় হ’ল– উঃ, বাঃ, ইছ, ঔ, দেহি ঔ, হায় ইত্যাদি।
সম্বোধনবোধক অব্যয় (Relative Preposition)
কাৰোবাক সম্বোধন কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা অব্যয় পদক সম্বোধনবোধক অব্যয় বোলে। উদাহৰণ–
হেৰা! ইয়ালৈ আহ।
হে কৰিম, তুমি কি কৰিলা?
কিছুমান সম্বোধনবোধক অব্যয় পদৰ উদাহৰণ হ’ল– হে, এ, ঐ, হে, হেৰি, হেৰা আদি।
প্রশ্নবোধক অব্যয় ( Interrogative Preposition)
প্ৰশ্ন সুধোতে ব্যৱহাৰ হোৱা অব্যয় পদক প্রশ্নবোধক অব্যয় বোলে। উদাহৰণ–
তেওঁ আহিল নে?
তুমি কামটো কৰিলা জানো?
কিছুমান প্রশ্নবোধক অব্যয় পদ হ’ল– কি, কেনে, নো, নে, নেকি, জানো আদি।
সমিধানবোধক অব্যয় (Solutionary Preposition)
প্ৰশ্নৰ উত্তৰ বা কোনো সমিধান দিয়া অৰ্থত ব্যৱহাৰ হোৱা অব্যয় পদক সমিধানবোধক অব্যয় বোলে। উদাহৰণ–
হয়, তেওঁ আহিল।
এৰা, মই ভাল।
ওঁহো, তুমি যাব নোৱাৰা।
কিছুমান সমিধানবোধক অব্যয় হ’ল– এৰা, বাৰু, ওঁহো, হু, ও, হয় আদি।
আনুষঙ্গিক অব্যয় (Preposition)
যি অব্যয় পদে কোনো সংজ্ঞা বা ব্যক্তিবোধক সৰ্বনামৰ পিছত বহি বিশেষ অৰ্থ প্ৰকাশ কৰে তাকে আনুষঙ্গিক অব্যয় বোলে। উদাহৰণ–
তুমি আহিবা চোন।
তুমি ৰামৰ সৈতে আহিবা।
কিছুমান আনুসঙ্গিক অব্যয় পদ হ’ল– হেতু, বিনা, বিনে, নিমিত্তে, প্ৰতি, দৰে, বাহিৰে, হে, তো, কাৰণে, কিন্তু, নিচিনা, সৈতে, হ’লে আদি।
অব্যয় পদৰ শ্ৰেণী বিভাগ
অনুশীলনী
(১) অব্যয় কাক বোলে?
(২) ভাৱবোধক অব্যয় কাক বোলে? উদাহৰণসহ বুজাই লিখা।
(৩) সম্বোধনবোধক অব্যয় কাক বোলে? উদাহৰণসহ বুজাই লিখা।
(৪) আনুষঙ্গিক অব্যয় কাক বোলে? উদাহৰণসহ বুজাই লিখা।
(৫) প্রশ্নবোধক অব্যয় কাক বোলে? উদাহৰণসহ বুজাই লিখা।
(৬) সমিধানবোধক অব্যয় কাক বোলে? উদাহৰণসহ বুজাই লিখা।
(৭) সংযোজক অব্যয় কাক বোলে? উদাহৰণসহ বুজাই লিখা।
(৮) বিয়োজক বা পৃথকবোধক অব্যয় কাক বোলে? উদাহৰণসহ বুজাই লিখা। ০ ০ ০
অব্যয় পদৰ শ্ৰেণী বিভাগ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান:
- অসমীয়া ৰচনা
- অসমীয়া ব্যাকৰণ
- অসমীয়া ভাষা
- ধ্বনি ভাষা আৰু ভাষাৰ ৰূপ
- উপভাষা আৰু মান্য ভাষা
- বৰ্ণমালা
- অসমীয়া বর্ণমালা