Home Quiz অর্থবিজ্ঞান কুইজ-৩

অর্থবিজ্ঞান কুইজ-৩

0

অর্থবিজ্ঞান কুইজ-৩

অর্থবিজ্ঞান কুইজ-৩

অর্থবিজ্ঞান কুইজ-৩ 

অর্থবিজ্ঞান কুইজ-৩

প্ৰশ্নঃ যেতিয়া গড় উৎপাদন কমি আহে, তেতিয়া প্ৰান্তিক উৎপাদন আৰু গড় উৎপাদনৰ মাজৰ সম্পৰ্ক কেনে হ’ব?

উত্তৰঃ প্ৰান্তিক উৎপাদন গড় ব্যয়তকৈ কম হ’ব।

প্ৰশ্নঃ যেতিয়া গড় উৎপাদন বৃদ্ধি পাব, তেতিয়া প্ৰান্তিক উৎপাদন আৰু গড় উৎপাদনৰ সম্পৰ্ক কেনেকুৱা হ’ব?

উত্তৰঃ প্ৰান্তিক উৎপাদন গড় উৎপাদনতকৈ অধিক হ’ব।

প্ৰশ্নঃ গড় উৎপাদন সৰ্বাধিক হোৱা  অৱস্থাত প্ৰান্তিক উৎপাদনৰ লগত ইয়াৰ সম্পৰ্ক কেনেকুৱা হ’ব?

উত্তৰঃ গড় উৎপাদন আৰু প্ৰান্তিক উৎপাদন দুয়োটা সমান হ’ব।

প্ৰশ্নঃ গড় পৰিৱৰ্তনশীল ব্যয়ৰ সংজ্ঞা দিয়া।

উত্তৰঃ মুঠ পৰিৱৰ্তনশীল উৎপাদন ব্যয়ক মুঠ উৎপাদনৰ পৰিমাণেৰে ভাগ কৰিলে যি পোৱা যায়, তাকেই ‘গড় পৰিৱৰ্তনশীল ব্যয়’ বুলি কোৱা হয়।

প্ৰশ্নঃ ক্ৰমহ্রাসমান প্ৰান্তিক উৎপাদন বিধিটো লিখা।

উত্তৰঃ ক্ৰমহ্রাসমান প্ৰান্তিক উৎপাদন বিধি অনুসৰি উৎপাদনৰ বাকী উপাদান স্থিৰ ৰাখি এটা উপাদানৰ নিয়োগ বৃদ্ধি কৰি গৈ থাকিলে আৰম্ভণিতে প্ৰান্তিক উৎপাদন বৃদ্ধি হ’লে এটা পৰ্যায়ৰ পিছত ই ক্ৰমাগতভাৱে হ্রাস হ’বলৈ ধৰে।

প্ৰশ্নঃ স্থিৰ উপাদান কি?

উত্তৰঃ উৎপাদন প্রতিষ্ঠান এখনত যেতিয়া উৎপাদন হ্রাস-বৃদ্ধিৰ লগত উপাদানৰ কোনো সম্পৰ্ক নাথাকে, তেনে উপাদানক ‘স্থিৰ উপাদান’ বোলে । যেনে –যন্ত্ৰ-পাতি, কল-কাৰখানা।

প্ৰশ্নঃ দীৰ্ঘকালত স্থিৰ ব্যয় থাকিব পাৰেনে? তোমাৰ উত্তৰৰ ন্যাৰ্যতা প্ৰমাণ কৰা।  

উত্তৰঃ দীৰ্ঘকালত স্থিৰ ব্যয় থাকিব নোৱাৰে। দীৰ্ঘকালত স্থিৰ উপাদান নথকাৰ ফলত এনে ব্যয়ৰ উদ্ভৱ নহয়। যিহেতু স্থিৰ ব্যয়ৰ লগত উৎপাদনৰ পৰিমাণৰ কোনো সম্পৰ্ক নাই, সেয়ে উৎপাদনৰ পৰিমাণ হ্রাস  বা বৃদ্ধি হ’লেও এনে ব্যয় স্থিৰ হৈ থাকে। উৎপাদন শূন্য হ’লেও উৎপাদনকাৰীয়ে এনে ব্যয় বহন কৰিব লগা হয়।

অর্থবিজ্ঞান কুইজ-৩ 

প্ৰশ্নঃ প্ৰতিদান বিধিয়ে কি সূচায়?

উত্তৰঃ প্ৰতিদান বিধিয়ে উৎপাদনৰ উপাদানবোৰৰ সলনিৰ লগে লগে উৎপাদনৰ পৰিমাণ কিদৰে পৰিৱৰ্তন হয় সেয়া সূচায়।

প্ৰশ্নঃ সন্তুলন (ভাৰসাম্য) মানে কি? 

উত্তৰঃ দুটা বিপৰীত শক্তি বা চলকে যেতিয়া কোনো এটা নিৰ্দিষ্ট বিন্দুত লগ লাগে বা সমান হয়, তেনে অৱস্থাকে ‘সন্তুলন’ (ভাৰসাম্য) বুলি কোৱা হয়।

প্ৰশ্নঃ অতিৰিক্ত যোগান কি?

উত্তৰঃ যদি এটা দ্ৰব্যৰ কোনো এক দৰত বজাৰ চাহিদাতকৈ বজাৰ যোগান অধিক হয়, তেন্তে সেই দৰত বজাৰত অতিৰিক্ত যোগান উদ্ভৱ হোৱা বুলি কোৱা হয়।

প্ৰশ্নঃ দাম স্থিতিস্থাপকতা কি?

উত্তৰঃ যেতিয়া বজাৰত বস্তু এটাৰ চাহিদা বা যোগান হ্রাস-বৃদ্ধি হয়, তেতিয়া বস্তুটোৰ দামৰ ওপৰত প্ৰভাৱ পৰে। এনেদৰে দামৰ ওপৰত পেলোৱা প্ৰভাৱৰ ফলক ‘দৰ স্থিতিস্থাপকতা’ বুলি কোৱা হয়।

প্ৰশ্নঃ দামৰ ভেটি কি?

উত্তৰঃ যেতিয়া এটা নিৰ্দিষ্ট দ্ৰব্য বা সেৱাৰ দামৰ ওপৰত চৰকাৰে একোটা সৰ্বনিম্ন সীমা বান্ধি দিয়ে, সেই সীমাকেই ‘দামৰভেটি’ বুলি কোৱা হয়।

প্ৰশ্নঃ শ্ৰমৰ প্ৰান্তিক ৰাজহ কি?

উত্তৰঃ শ্ৰমিকৰ প্ৰান্তিক ৰাজহ = প্ৰান্তিক আয় × শ্ৰমিকৰ প্ৰান্তিক উৎপাদন।

প্ৰশ্নঃ অতিৰিক্ত চাহিদা মানে কি?

উত্তৰঃ যদি কোনো এক দৰত চাহিদাই বজাৰ যোগানক অতিক্ৰম কৰে, তেন্তে সেই দৰত অতিৰিক্ত চাহিদা উদ্ভৱ হোৱা বুলি কোৱা হয়।

প্ৰশ্নঃ একচেতীয়া বা একাধিকাৰ বজাৰ বুলিলে কি বুজা?

উত্তৰঃ একচেতীয়া বজাৰ বুলিলে এনে এখন বজাৰক বুজায় য’ত বিকল্পহীন সামগ্ৰী এটাৰ যোগান নিয়ন্ত্ৰণ মাত্ৰ এজন বিক্ৰেতাৰ হাতত থাকে।

অর্থবিজ্ঞান কুইজ-৩ 

প্ৰশ্নঃ দু’অপলিৰ সংজ্ঞা দিয়া।

উত্তৰঃ যিখন বজাৰত মাত্ৰ দুজন বিক্ৰেতা থাকে তাকে দু’অপলি (দ্বয়াধিকাৰ) বুলি কোৱা হয়।

প্ৰশ্নঃ অলিগ’পলি বজাৰৰ সংজ্ঞা দিয়া।

উত্তৰঃ অলিগ’পলি (স্বল্পাধিকাৰ)  বজাৰ বুলিলে এনে এখন বজাৰক বুজায় য’ত দুজন বা কেইজনমান বিক্ৰেতাই সমগুণবিশিষ্ট বা পাৰ্থক্যজনিত দ্ৰব্য বিক্রী কৰে।

প্ৰশ্নঃ একচেতীয়া প্রতিষ্ঠান এটিৰ কাৰণে বজাৰৰ চাহিদা ৰেখাই কি সুচায়?

উত্তৰঃ গড় আয়।

প্ৰশ্নঃ একচেতীয়া বজাৰত যেতিয়া মুঠ আয় হ্রাস হয়, প্ৰান্তিক আয় —————- । (খালী ঠাই পূৰণ কৰা)

উত্তৰঃ ঋণাত্মক হয়।

প্ৰশ্নঃ একচেতীয়া বিক্ৰেতা এজনে সন্মুখীন হোৱা চাহিদা ৰেখাডাল সমান্তৰাল। (সঁচা নে মিছা লিখা)

উত্তৰঃ মিছা।

প্ৰশ্নঃ অৰ্থবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? 

উত্তৰঃ আদাম স্মিথক।

প্ৰশ্নঃ SEBI ৰ সম্পূৰ্ণ ৰূপটো লিখা।? 

উত্তৰঃ Securities and Exchange Board of India.

প্ৰশ্নঃ কাম কৰিবলৈ সাজু থকা সকলো শ্ৰমিকে নিযুক্তি পায় আৰু সকলো কাৰখানাই নিজৰ পূৰ্ণ সক্ষমতাৰে কাম কৰে বুলি কোনে বিশ্বাস কৰে?

উত্তৰঃ কেইন্‌ছৰ পূৰ্বৱৰ্তীকালৰ সংস্থাপিত অৰ্থনীতিবিদসকলে।

প্ৰশ্নঃ “The General Theory of  Employment, Interest and Money” নামৰ গ্ৰন্থখন কোনে লিখিছিল?

উত্তৰঃ জে এম কেইন্‌ছ।

প্ৰশ্নঃ “The General Theory of  Employment, Interest and Money” নামৰ গ্ৰন্থখন কিমান চনত প্ৰকাশ হৈছিল?

উত্তৰঃ ১৯৩৬ চনত।

প্ৰশ্নঃ সমষ্টিবাদী অৰ্থবিজ্ঞান কি? 

উত্তৰঃ সমষ্টিবাদী অৰ্থবিজ্ঞান হ’ল দেশ এখনৰ অৰ্থনৈতিক অৱস্থাৰ বিষয়ে সামগ্ৰিকভাৱে অধ্যয়ন কৰা বিজ্ঞান।

অর্থবিজ্ঞান কুইজ-৩ 

প্ৰশ্নঃ নিবনুৱা হাৰ কি? 

উত্তৰঃ কাম নকৰা লোকৰ সংখ্যা আৰু কাম কৰা লোকৰ সংখ্যাৰ হৰণফলেই হ’ল নিবনুৱাৰ হাৰ।

প্ৰশ্নঃ সাধাৰণ ভাৰসাম্য কি?

উত্তৰঃ কোনো এখন বজাৰৰ যোগান আৰু চাহিদাৰ পাৰস্পৰিক সমতাৰ অৱস্থাকেই ‘সাধাৰণ ভাৰসাম্য’ বুলি কোৱা হয়।

প্ৰশ্নঃ অৰ্থনৈতিক প্ৰতিনিধি বুলিলে কি বুজা?

উত্তৰঃ অৰ্থনৈতিক সিদ্ধান্ত  গ্ৰহণ কৰা ব্যক্তি, সংগঠন বা অনুষ্ঠানক ‘অৰ্থনৈতিক প্ৰতিনিধি’ বোলা হয়।

প্ৰশ্নঃ বহিঃ খণ্ডৰ অৰ্থ কি?

উত্তৰঃ বহিঃখণ্ডৰ অৰ্থ হ’ল–দেশীয় অৰ্থনীতিৰ লগত বিশ্বৰ আন দেশৰ সৈতে থকা অৰ্থনৈতিক লেনদেন।

প্ৰশ্নঃ আমদানি বুলিলে কি বুজা?

উত্তৰঃ দেশ এখনে বিশ্বৰ আন আন দেশৰ পৰা সামগ্ৰী ক্ৰয় কৰাকে ‘আমদানি’ বোলা হয় 

প্ৰশ্নঃ ৰপ্তানি বুলিলে কি বুজা?

উত্তৰঃ দেশীয় সামগ্ৰী বিশ্বৰ বিভিন্ন দেশত বিক্ৰী কৰাকে ‘ৰপ্তানি’ বোলে 

প্ৰশ্নঃ মহা মন্দাৱস্থা কেতিয়া দেখা দিছিল?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰত ১৯২৯ চনৰ পৰা ১৯৩৩ চনলৈ মহা মন্দাৱস্থাই দেখা দিছিল।

অর্থবিজ্ঞান কুইজ-৩ 

প্ৰশ্নঃ সমষ্টিবাদী অৰ্থনৈতিক চলকৰ দুটা উদাহৰণ দিয়া। 

উত্তৰঃ সমষ্টিবাদী অৰ্থনৈতিক চলকৰ উদাৰহণ হ’ল– ৰাষ্ট্ৰীয় আয়, নিয়োগ, বিনিয়োগ, মুদ্ৰাস্ফীতি  আদি।

প্ৰশ্নঃ মধ্যৱৰ্তীৰ দ্ৰব্য বুলিলে কি বুজা?

উত্তৰঃ যিবিলাক দ্ৰব্য চূড়ান্ত উপভোগৰ বাবে যোগান ধৰা নহয়, তাক ‘মধ্যৱৰ্তী দ্ৰব্য’ বুলি কাৱা হয়।

প্ৰশ্নঃ ‘An Enquiry into the Nature and Cause of Wealth of Nations’ গ্ৰন্থখনৰ লিখক কোন?

উত্তৰঃ আদাম স্মিথ। 

প্ৰশ্নঃ চূড়ান্ত দ্ৰব্য কাক কয়?

উত্তৰঃ কোনো এক অৰ্থনীতিত উৎপাদিত দ্ৰব্যৰ যিখিনি দ্ৰব্য বা সেৱা চূড়ান্ত উপভোগৰ বাবে ব্যৱহাৰ কৰা হয়, তাকে ‘চূড়ান্ত দ্ৰব্য’ বুলি কোৱা হয়।

প্ৰশ্নঃ হস্তান্তৰ পৰিশোধ কি?

উত্তৰঃ উৎপাদনমূলক সেৱা আহৰণ কৰাৰ বাবে যিবিলাক দেনা পৰিশোধ কৰিবলগীয়া হয়, তাকে ‘হস্তান্তৰ পৰিশোধ’ বোলা হয়।

প্ৰশ্নঃ চলিত মূল্যত ৰাষ্ট্ৰীয় আয় বুলিলে কি বুজা?

উত্তৰঃ চলিত দৰ সূচীত ৰাষ্ট্ৰীয় আয়ৰ বাৰ্ষিক হিচাপেই হৈছে ‘চলিত মূল্যত ৰাষ্ট্ৰীয় আয়’।

প্ৰশ্নঃ স্থিৰ মূল্যত ৰাষ্ট্ৰীয় আয় বুলিলে কি বুজা?

উত্তৰঃ কোনো এক ভিত্তি বছৰৰ দৰসূচীৰ আধাৰত গণনা কৰা ৰাষ্ট্ৰীয় আয়েই হৈছে ‘স্থিৰ মূল্যত ৰাষ্ট্ৰীয় আয়’।

প্ৰশ্নঃ ব্যয়যোগ্য ব্যক্তিগত আয় কি?

উত্তৰঃ চৰকাৰক কৰ প্ৰদান কৰাৰ পিছত ব্যক্তিগত আয়ৰ যিখিনি অৱশিষ্ট থাকে, তাকে ‘ব্যয়যোগ্য ব্যক্তিগত আয়’ বোলে।

অর্থবিজ্ঞান কুইজ-৩ 

প্ৰশ্নঃ হৰণ-ভগনৰ ব্যয় বা প্রতিষ্ঠাপন ব্যয় বুলিলে কি বুজা?

উত্তৰঃ মূলধনী সামগ্ৰীসমূহ মেৰামতিৰ ক্ষেত্ৰত হোৱা ব্যয়ক ‘হৰণ-ভগন ব্যয়’  বা ‘প্রতিষ্ঠাপন ব্যয়’ বুলি কোৱা হয়।

প্ৰশ্নঃ সৰ্বমুঠ বিনিয়োগ কি?

উত্তৰঃ উৎপাদন প্রতিষ্ঠান এটিত ব্যবহৃত মূলধনজাত সামগ্ৰীৰ মুঠ পৰিমাণ হ’ল ‘সৰ্বমুঠ বিনিয়োগ’।

প্ৰশ্নঃ ক্ষয়-ক্ষতিৰ বানচ কি?

উত্তৰঃ মুঠ বিনিয়োগৰ পৰা মূলধনৰ চলিত ক্ষয়-ক্ষতিৰ বাবদ যি পৰিমাণৰ মূল্য বাদ দিয়া হয়, সেই অংশটোকে ‘ক্ষয়-ক্ষতিৰ বানচ’ বুলি কোৱা হয়।

প্ৰশ্নঃ সৰ্বমুঠ ঘৰুৱা উৎপাদন মানে কি?

উত্তৰঃ বিত্তীয় বছৰ এটাৰ ভিতৰত দেশখনৰ ভিতৰত উৎপাদিত  সা-সামগ্ৰীৰ মুদ্ৰাগত মূল্যৰ যোগফলেই হ’ল ‘সৰ্বমুঠ ঘৰুৱা উৎপাদন’।

প্ৰশ্নঃ মূলধনী দ্ৰব্যৰ আকস্মিক ক্ষতি মূলধনৰ ক্ষয়-ক্ষতিৰঅন্তৰ্ভূক্ত হয়নে?

উত্তৰঃ নহয়।

প্ৰশ্নঃ মুঠ ৰাষ্ট্ৰীয় উৎপাদন কি?

উত্তৰঃ এখন দেশত এবছৰত উৎপাদিত হোৱা সকলো দ্ৰব্য-সামগ্ৰী আৰু সেৱাৰ যোগফলেই মুঠ ৰাষ্ট্ৰীয় উৎপাদন।

অর্থবিজ্ঞান কুইজ-৩ 

প্ৰশ্নঃ উপাদানৰ ব্যয়ত ৰাষ্ট্ৰীয় আয় বুলিলে কি বুজা?

উত্তৰঃ এখন দেশৰ উৎপাদন ক্ষেত্ৰত ব্যবহৃত  উপাদান যেনে– ভূমি, শ্ৰম, মূলধন আৰু সংগঠকে এবছৰৰ ভিতৰত যি পাৰিশ্ৰমিক লাভ কৰে তাৰ মুঠ যোগফলকেই ‘উপাদান ব্যয়ত ৰাষ্ট্ৰীয় আয়’ বুলি কোৱা হয়। 

প্ৰশ্নঃ এখন ব্যৱসায়িক প্রতিষ্ঠানৰ সংযোজিত মূল্য কি?

উত্তৰঃ প্রতিষ্ঠান এখনৰ ক্ষেত্ৰত মূল্য সংযোজন বুলি ক’লে প্রতিষ্ঠানখনে ব্যৱহাৰ কৰা উপাদানৰ মূল্যৰ পৰা মধ্যৱৰ্তীকালীন মূল্য বাদ দিলে যি পোৱা যায, সেয়াই ‘ব্যৱসায়িক প্রতিষ্ঠানৰ সংযোজিত মূল্য’। 0 0 0

অর্থবিজ্ঞান কুইজ-৩ 

বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ 

অর্থবিজ্ঞান কুইজ-৩ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here