Home Quiz অর্থবিজ্ঞান কুইজ-৬

অর্থবিজ্ঞান কুইজ-৬

0

অর্থবিজ্ঞান কুইজ-৬

অর্থবিজ্ঞান কুইজ-৬

অর্থবিজ্ঞান কুইজ-৬

অর্থবিজ্ঞান কুইজ-৬

প্ৰশ্নঃ ক্ৰমহ্রাসমান কৰ কি?

উত্তৰঃ যি কৰ ব্যৱস্থাত ব্যক্তিবিশেষৰ আয় হ্রাস হোৱাৰ লগে লগে কৰৰ হাৰো হ্রাস পায় তাকে ‘ক্ৰমহ্রাসমান কৰ’ বোলে।

প্ৰশ্নঃ কৰৰ আপাতন মানে কি?

উত্তৰঃ কৰৰ শেষ বোজাকেই ‘কৰৰ আপাতন’ বুলি কোৱা হয়।

প্ৰশ্নঃ কৰৰ সংঘাত বুলিলে কি বুজা?

উত্তৰঃ কৰৰ প্ৰাথমিক বোজাই হৈছে কৰৰ সংঘাত।

প্ৰশ্নঃ দ্বাৰদেয় বুলিলে কি বুজা?

উত্তৰঃ নগৰ-মহানগৰলৈ সামগ্ৰী প্ৰৱেশ কৰাৰ সময়ত চৰকাৰে আৰোপ কৰা কৰক ‘দ্বাৰদেয়’ বুলি কোৱা হয়।

প্ৰশ্নঃ ৰিকাৰ্তীয় সমতুল্যতা বুলিলে কি বুজা?

উত্তৰঃ চৰকাৰী ঋণ পৰিশোধৰ বাবে চৰকাৰে ভৱিষ্যতে অধিক কৰ আৰোপ কৰিব বুলি জনসাধাৰণে অধিক সঞ্চয় কৰিবলৈ ললে জাতীয় সঞ্চয়ৰ পৰিৱৰ্তন নহ’ব। ইয়াকেই ‘ৰিকাৰ্তীয় সমতুল্যতা’ বুলি কোৱা হয়।

প্ৰশ্নঃ বিভেদকাৰী বিত্তীয় নীতি বুলিলে কি বুজা?

উত্তৰঃ বিনিয়োগৰ পৰিৱৰ্তনৰ ফলত অৰ্থনীতিত উদ্ভৱ হোৱা প্ৰতিক্ৰিয়াসমূহ আঁতৰ কৰিবৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিত্তীয় নীতিসমূহকেই ‘বিভেদকাৰী বিত্তীয়’ নীতি বুলি কোৱা হয়।

অর্থবিজ্ঞান কুইজ-৬

প্ৰশ্নঃ আভ্যন্তৰীণ চৰকাৰী ঋণ কি?

উত্তৰঃ যেতিয়া কোনো এখন দেশৰ চৰকাৰে দেশৰ ভিতৰৰ কোনো ব্যক্তি বা বিত্তীয় প্রতিষ্ঠানৰ পৰা ঋণ গ্ৰহণ কৰে, তাকেই ‘আভ্যন্তৰীণ চৰকাৰী ঋণ’ বুলি কোৱা হয়।

প্ৰশ্নঃ শূন্য প্ৰাথমিক ঘাটি কি?

উত্তৰঃ চৰকাৰে পূৰ্বৰ ঋণৰ সুদ পৰিশোধৰ বাবে পুনৰ ঋণ লোৱা অৱস্থাই হ’ল শূন্য প্ৰাথমিক ঘাটি।

প্ৰশ্নঃ মুক্ত অৰ্থনীতিৰ সংজ্ঞা দিয়া।

উত্তৰঃ যি আৰ্থিক ব্যৱস্থাত আন্তৰ্জাতিক আৰ্থিক ব্যৱস্থাৰ সৈতে দুখন বা ততোধিক দেশৰ অৰ্থনৈতিক সংযোগ স্থাপন হয় তাকে ‘মুক্ত অৰ্থনীতি’ বোলে ।

প্ৰশ্নঃ যেতিয়া প্রদত্ত আমদানি কাৰ্য M= 50 + 0.4Y হয়, তেতিয়া আমদানিৰ প্ৰতি প্ৰান্তিক আসক্তি কি হ’ব?

উত্তৰঃ প্ৰান্তিক আমদানিৰ আসক্তি (প্ৰৱণতা) হ’ব 0.4

প্ৰশ্নঃ দেশ এখনত একে সময়তে বাণিজ্য ঘাটি আৰু চলিত হিচাপ একেলগে হোৱাটো সম্ভৱনে?

উত্তৰঃ হয়।

অর্থবিজ্ঞান কুইজ-৬

প্ৰশ্নঃ বৈদেশিক লেনদেনৰ বিবৃতিত দেখা দিয়া মূল হিচাপ দুটা কি কি?

উত্তৰঃ বৈদেশিক লেনদেনৰ বিবৃতিত দেখা দিয়া মূল হিচাপ দুটা হ’ল–  চলিত হিচাপ আৰু মূলধনী হিচাপ।

প্ৰশ্নঃ বৈদেশিক লেনদেনৰ হিচাপ বুলিলে কি বুজা?

উত্তৰঃ যেতিয়া এখন ৰাষ্ট্ৰই একোটা নিৰ্দিষ্ট সময়ৰ ভিতৰত বিভিন্ন ৰাষ্ট্ৰৰ লগত অৰ্থনৈতিক লেনদেনৰ প্ৰণালীবদ্ধ সম্পাদন কৰিব বিচাৰে, তেনে লেনদেনক ‘বৈদেশিক লেনদেনৰ হিচাপ’ বুলি কোৱা হয়।

প্ৰশ্নঃ বিভিন্ন দেশত একে ধৰণৰ দ্ৰব্যৰ দাম একেই  হয় বোলা আন্তঃৰাষ্ট্ৰীয় বিনিয়ম সূত্ৰটো কি?

উত্তৰঃ ক্ৰয় ক্ষমতাৰ চৰ্ত তত্ত্ব।

প্ৰশ্নঃ Y= C + I + G + Nx – এই সমীকৰণটোত  Nx এ কি সূচাইছে?

উত্তৰঃ Nx এ বৈদেশিক বাণিজ্যত প্ৰকৃত তথা নিগুটি ৰপ্তানিক নিৰ্দেশ কৰিছে।

অর্থবিজ্ঞান কুইজ-৬

প্ৰশ্নঃ প্ৰকৃত বিনিময় হাৰ কি?

উত্তৰঃ মুদ্ৰাৰ দ্বাৰা যেতিয়া বৈদেশিক মুদ্ৰা আৰু ঘৰুৱা মূল্যবোৰৰ অনুপাত জোখা হয় তেতিয়া তাক ‘প্ৰকৃত বিনিময় হাৰ’ বুলি আখ্যা দিয়া হয়।

প্ৰশ্নঃ পৰিশোধৰ সমতা কি?

উত্তৰঃ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এখন দেশৰ লগত বিশ্বৰ আনবোৰ দেশৰ আৰ্থিক লেনদেনৰ পুংখানুপুংখ খতিয়ানকে ‘পৰিশোধৰ সমতা’ বোলা হয়।

প্ৰশ্নঃ অদৃশ্য বাণিজ্য কি?

উত্তৰঃ স্পৰ্শ অযোগ্য আৰু হস্তান্তৰ অযোগ্য সামগ্ৰী লেনদেনক ‘অদৃশ্য বাণিজ্য’ বুলি কোৱা হয়।

প্ৰশ্নঃ ক্ৰয় ক্ষমতা সাদৃশ্য কি?

উত্তৰঃ মুদ্ৰাগত বিনিময়ৰ হাৰৰ ক্ৰয় ক্ষমতাৰ সমতাই দুখন দেশৰ মাজত হোৱা বিনিময় হাৰ এক হোৱাটোকে বুজায়। অৰ্থাৎ মুদ্ৰাৰ বিনিময়ত দুখন দেশৰ সামগ্ৰীসমূহ যেতিয়া পৰিমাপ কৰা হয় তেতিয়া দুয়োখন দেশৰ মুদ্ৰাগত ব্যয় সামগ্ৰীৰ তুলনাত একে হ’ব লাগিব।

প্ৰশ্নঃ হস্তান্তৰ পৰিশোধ বা হস্তান্তৰযোগ্য ব্যয় কি?

উত্তৰঃ এখন দেশৰ জনসাধাৰণে যিবোৰ আয় মুক্তভাৱে লাভ কৰে আৰু যাৰ বিনিময়ত বৰ্তমান আৰু ভৱিষ্যতেও কোনো মূল্য প্ৰদান কৰা নহয়, তাকে ‘হস্তান্তৰ পৰিশোধ’ বুলি কোৱা হয়। যেনে– দান, উপহাৰ আদি।

প্ৰশ্নঃ টকা-ডলাৰৰ বিনিময় হাৰ হ’ল 55 টকা’ ঃ এই তথ্যই কি সূচায়?

উত্তৰঃ  ‘টকা-ডলাৰৰ বিনিময় হাৰ 55 টকা’– এই তথ্যটোৱে সূচায় যে এক ডলাৰ ক্ৰয়ৰ বাবে প্ৰয়োজনীয় ব্যয় 55 টকা।

প্ৰশ্নঃ বৈ দেশিক বিনিময়ৰ হাৰৰ সংজ্ঞা দিয়া।

উত্তৰঃ দুখন দেশৰ মাজত হোৱা মুদ্ৰাগত বিনিময়কে ‘বৈদেশিক বিনিময় হাৰ’ বুলি কোৱা হয়।

অর্থবিজ্ঞান কুইজ-৬

প্ৰশ্নঃ বৈদেশিক বিনিময় বজাৰৰ যিকোনো এটা প্ৰধান অংশগ্ৰহণকাৰী উল্লেখ কৰা।

উত্তৰঃ বাণিজ্যিক বেংকসমূহ।

প্ৰশ্নঃ বৈদেশিক বিনিময় বজাৰ কি?

উত্তৰঃ বৈদেশিক বিনিময় বজাৰ হ’ল এনে এক বজাৰ য’ত বিভিন্ন দেশৰ কাৰেন্সীৰ বিনিময় হয়।

প্ৰশ্নঃ  BOP ৰ ভাৰসাম্যহীনতাৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ (ক) বাণিজ্য চক্ৰৰ উত্থান-পতন আৰু (খ) ৰাজনৈতিক অস্থিৰতা।

প্ৰশ্নঃ BOP ভাৰসাম্যহীনতা বুলিলে কি বুজা?

উত্তৰঃ যেতিয়া এখন দেশৰ বৈদেশিক লেনদেন পৰিশোধৰ হিচাপত দেনা আৰু পাওনা সমান নহয়, তেতিয়া BOP ৰ ভাৰসাম্যহীনতাৰ উদ্ভৱ হয়।

প্ৰশ্নঃ BOP ৰ ভাৰসাম্যতা আঁতৰ কৰাৰ দুটা উপায় উল্লেখ কৰা।

উত্তৰঃ BOPৰ ভাৰসাম্যহীনতা আঁতৰ কৰাৰ দুটা কাৰণ হ’ল– (ক) ৰপ্তানি উন্নয়ন আৰু (খ) দেশীয় মুদ্ৰাৰ অমূল্যায়ন।

প্ৰশ্নঃ বৈদেশিক লেনদেন পৰিশোধৰ সমতাত দৃশ্যমান হিচাপ কি?

উত্তৰঃ বৈদেশিক লেনদেনৰ পৰিশোধৰ সমতাত দৃশ্যমান হিচাপত যন্ত্ৰপাতি, কাপোৰ-কানি আদি আমদানিকৃত আৰু ৰপ্তানিকৃত সামগ্ৰী অন্তৰ্ভূক্ত কৰা হয়।

উত্তৰঃবৈদেশিক বাণিজ্যৰ ভাৰসাম্যতাত কেতিয়া ঘাটিৰ উদ্ভৱ হয়?

উত্তৰঃ ৰপ্তানিৰ মূল্য আমদানিৰ মূল্যতকৈ কম হ’লে।

প্ৰশ্নঃ বৈদেশিক লেনদেনত চলিত হিচাপৰ এটি উদাহৰণ দিয়া।

উত্তৰঃ ৰপ্তানিকৃত আৰু আমদানিকৃত দ্ৰব্য।

প্ৰশ্নঃ ৰুদ্ধ অৰ্থনীতিৰ সংজ্ঞা দিয়া।

উত্তৰঃ যি আৰ্থিক ব্যৱস্থাত আন্তৰ্জাতিক আৰ্থিক ব্যৱস্থাৰ লগত কোনো সম্পৰ্ক নাথাকে সেই আৰ্থিক ব্যৱস্থাকেই ‘ৰুদ্ধ অৰ্থনীতি’ বুলি কোৱা হয়।

অর্থবিজ্ঞান কুইজ-৬

প্ৰশ্নঃ বৈদেশিক বাণিজ্য লেনদেন পৰিশোধৰ মূলধন হিচাপত সন্নিবিষ্ট এটা বিষয় উল্লেখ কৰা।

উত্তৰঃ চৰকাৰী ঋণ আৰু পুঁজি।

প্ৰশ্নঃ মুদ্ৰাৰ অৱমূল্যায়নৰ অৰ্থ লিখা।

উত্তৰঃ দেশ এখনৰ প্ৰচলিত মুদ্ৰাৰ বৈদেশিক মূল্য হ্রাস হ’লে আৰু সেই মূল্যই চৰকাৰী স্বীকৃতি লাভ কৰিলে তাক ‘অৱমূল্যায়ন’ বুলি কোৱা হয়।

প্ৰশ্নঃ PPP ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ Purchasing Power Parity.

প্ৰশ্নঃ REER কিহৰ ওপৰত ভিত্তি কৰি গণনা কৰা হয়?

উত্তৰঃ প্ৰকৃত বিনিময় হাৰৰ ওপৰত ভিত্তি কৰি।

প্ৰশ্নঃ REER ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ Real Effective Exchange Rate.

প্ৰশ্নঃ NEER  ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ Nominal Effective Exchange Rate. 

প্ৰশ্নঃ WTO ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ World Trade Organization.

প্ৰশ্নঃ আন্তঃৰাষ্ট্ৰীয় তাৰল্য বুলিলে কি বুজা?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় তাৰল্যই আন্তঃৰাষ্ট্ৰীয় বিনিময় মাধ্যমক বুজায়।

প্ৰশ্নঃ বৈদেশিক লেন-দেনৰ সমতা কি?

উত্তৰঃ যি ব্যৱস্থাৰ দ্বাৰা বৈদেশিক লেনদেনৰ ঘাটি হৈছে নে ৰাহি হৈছে তাক নিৰ্ণয় কৰিব পৰা যায় আৰু ঘাটি বা ৰাহি আঁতৰ কৰিব পৰা যায় তাকে ‘বৈদেশিক লেনদেনৰ সমতা’ বুলি কোৱা হয়।

প্ৰশ্নঃ GST-ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ Goods and Service Tax.

প্ৰশ্নঃ ণ্ডত্ৰথ্ব প্ৰত্যক্ষ  কৰ নে পৰোক্ষ কৰ?

উত্তৰঃ পৰোক্ষ কৰ।

প্ৰশ্নঃ GST কেতিয়াৰ পৰা ভাৰতবৰ্ষত বলবৎ কৰা হয়?

উত্তৰঃ ২০১৭ চনৰ ১ জুলাইৰ পৰা।

প্ৰশ্নঃ GST ক কি কি ভাগত ভগোৱা হৈছে?

উত্তৰঃ GST ক তিনিটা ভাগত ভগোৱা হৈছে, যথাঃ  CGST, SGST,  আৰু  IGST

প্ৰশ্নঃ বিশ্বৰ কোন দেশত প্ৰথমতে  GST বলবৎ কৰা হৈছিল?

উত্তৰঃ ফ্রান্সত, ১৯৫৪ চনত।

প্ৰশ্নঃ SGST   কি?

উত্তৰঃ SGST হ’ল বাণিজ্যিক পণ্য আৰু সেৱা কৰ। এই কৰ ৰাজ্যৰ ভিতৰত দ্ৰব্য আৰু সেৱাৰ যোগানৰ ওপৰত ৰাজ্যই আৰোপ কৰে।

প্ৰশ্নঃ CGST কি?

উত্তৰঃ CGST হৈছে কেন্দ্ৰীয় পণ্য আৰু সেৱা কৰ। এই কৰ ৰাজ্যৰ ভিতৰত দ্ৰব্য আৰু সেৱাৰ যোগানৰ ওপৰত কেন্দ্ৰই আৰোপ কৰে।

প্ৰশ্নঃ IGST  কি?

উত্তৰঃ IGST হ’ল সংহত পণ্য আৰু সেৱা কৰ। এই কৰ দ্ৰব্য আৰু সেৱাৰ আন্তঃৰাজ্যিক যোগানৰ ওপৰত কেন্দ্ৰই আৰোপ কৰে।

প্ৰশ্নঃ কি কৰৰ পৰিৱৰ্তে GST আৰোপ কৰা হৈছে?

উত্তৰঃ পৰোক্ষ কৰৰ পৰিৱৰ্তে। ০ ০ ০

অর্থবিজ্ঞান কুইজ-৬

বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ অর্থবিজ্ঞান কুইজ-৬

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here