অর্থবিজ্ঞান কুইজ-৮ । Economics Quiz-8
অর্থবিজ্ঞান কুইজ-৮, Economics Quiz-8
অর্থবিজ্ঞান কুইজ-৮। Economics Quiz-8
প্ৰশ্নঃ শুদ্ধ উপাৰ্জন কি?
উত্তৰঃ দেশৰ ৰপ্তানিৰ পৰা হোৱা আয়ৰ পৰা আমদানিৰ খৰচ বাদ দিয়াৰ পিছত যি থাকে তাকে ‘শুদ্ধ উপাৰ্জন’ বোলে।
প্ৰশ্নঃ দেশৰ নিয়োগ পৰিস্থিতি বিশ্লেষণৰ বাবে ব্যৱহাৰ কৰা গুৰুত্বপূৰ্ণ নিৰ্দেশক কি?
উত্তৰঃ শ্ৰমিক জনসংখ্যাৰ অনুপাত হৈছে দেশৰ নিয়োগ পৰিস্থিতি বিশ্লেষণৰ বাবে ব্যৱহাৰ হোৱা এক গুৰুত্বপূৰ্ণ নিৰ্দেশক।
প্ৰশ্নঃ ভাৰতত স্বাধীনোত্তৰ কালত গ্ৰহণ কৰা উন্নয়নৰ পৰিকল্পনাৰ প্ৰধান উদ্দেশ্য কি?
উত্তৰঃ দেশৰ জনসাধাৰণক এক মৰ্যদাপূৰ্ণ জীৱন-ধাৰণৰ উপায় প্ৰদান কৰা।
প্ৰশ্নঃ নগৰীয়া শ্ৰমিকৰ কিমান শতাংশ সেৱা খণ্ডই সামৰি লয়?
উত্তৰঃ ৬০ শতাংশ।
প্ৰশ্নঃ গৌণ খণ্ডই কিমান শতাংশ শ্ৰমিকক নিয়োজিত কৰে?
উত্তৰঃ ১৬ শতাংশ।
প্ৰশ্নঃ নিয়োগৰ প্ৰধান উৎস কি?
উত্তৰঃ প্ৰাথমিক খণ্ড।
প্ৰশ্নঃ স্ব-নিয়োজিত শ্ৰমিক বুলিলে কি বুজা?
উত্তৰঃ যিসকল শ্ৰমিক কোনো উদ্যোগ বা প্রতিষ্ঠানৰ স্বত্বাধিকাৰী বা তেনে প্রতিষ্ঠান চলায়, সেইসকলক ‘স্ব-নিয়োজিত শ্ৰমিক’ বুলি কোৱা হয়।
প্ৰশ্নঃ নিয়মীয়া বেতনেভাগী কৰ্মী বুলিলে কি বুজা?
উত্তৰঃ যেতিয়া কোনো শ্ৰমিকে উদ্যোগ বা প্রতিষ্ঠানত নিয়মিত ৰূপত নিযুক্তি লাভ কৰি দৰমহা বা মজুৰি পায়, তেনে শ্ৰমিকক ‘নিয়মীয়া বেতনেভাগী শ্ৰমিক’ বোলে।
প্ৰশ্নঃ আনুষ্ঠানিক খণ্ড কাক বোলে ?
উত্তৰঃ চৰকাৰী খণ্ডৰ সকলোবোৰ আৰু বেচৰকাৰী খণ্ডৰ ১০ জন বা তাতোধিক শ্ৰমিক মকৰল কৰা প্রতিষ্ঠানক ‘আনুষ্ঠানিক খণ্ড’ বোলে।
প্ৰশ্নঃ আনুষ্ঠানিক খণ্ডৰ শ্ৰমিক কাক বোলে?
উত্তৰঃ আনুষ্ঠানিক খণ্ডত কাম কৰা শ্ৰমিকক আনুষ্ঠানিক খণ্ডৰ শ্ৰমিক বোলে।
প্ৰশ্নঃ আনুষ্ঠানিক খণ্ডত আটাইতকৈ বেছি নিয়োগ সৃষ্টি কোনে কৰে?
উত্তৰঃ চৰকাৰে।
প্ৰশ্নঃ ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান অংশ লোক আৰ্থিক কাম-কাজত নিয়োজিত হৈ আছে?
উত্তৰঃ প্ৰায় দুই-পঞ্চমাংশ লোক।
প্ৰশ্নঃ ১৯৮০ দহকৰ পাছত আহমেদাবাদত কিমান শ্ৰমিক কৰ্মহীন হৈছিল?
উত্তৰঃ ৮০,০০০ স্থায়ী আৰু ৫০,০০০ অস্থায়ী শ্ৰমিক কৰ্মহীন হৈছিল।
প্ৰশ্নঃ আনুষ্ঠানিক খণ্ডত ২০০১ চনত নিয়োজিত শ্ৰমিকৰ কিমান শতাংশ পুৰুষ আছিল?
উত্তৰঃ ৬৯ নিযুত।
প্ৰশ্নঃ শ্ৰমিকসকলক কেইটা ভাগত ভাগ কৰিব পাৰি?
উত্তৰঃ শ্ৰমিকসকলক দুটা ভাগত ভাগ কৰিব পাৰি। যেনে– আনুষ্ঠানিক শ্ৰমিক আৰু অনানুষ্ঠানিক শ্ৰমিক।
প্ৰশ্নঃ স্ব-নিয়োজিত কৰ্মী কোন?
উত্তৰঃ যিসকল কৰ্মীয়ে নিজে স্থাপন কৰা উদ্যোগত বা কৰ্মস্থলীত কাম কৰি জীৱিকা উপাৰ্জন কৰে, সেইসকল কৰ্মীক ‘স্ব-নিয়োজিত কৰ্মী’ বোলে।
প্ৰশ্নঃ নৈমিত্তিক শ্ৰমিক কাক বোলে?
উত্তৰঃ যিসকল শ্ৰমিক স্থায়ী ভিত্তিত মকৰল নহয়, সেই সকল শ্ৰমিকক ‘নৈমিত্তিক শ্ৰমিক’ বোলে ।
প্ৰশ্নঃ নতুনকৈ সৃষ্টি হোৱা কামবোৰ সাধাৰণতে কোন খণ্ডত দেখা যায়?
উত্তৰঃ সেৱা খণ্ডত।
প্ৰশ্নঃ ৪ জন ভাড়াতীয়া শ্ৰমিক থকা প্ৰতিষ্ঠানক কি খণ্ডৰ প্ৰতিষ্ঠান বুলি কোৱা হ’ব?
উত্তৰঃ অনানুষ্ঠানিক।
প্ৰশ্নঃ ৰাম বিদ্যালয়লৈ যায়। যেতিয়া তেওঁ বিদ্যালয়লৈ নাযায়, তেতিয়া তেওঁ পথাৰত কাম কৰে। তেওঁক শ্ৰমিক বুলি ক’ব পাৰি নে?
উত্তৰঃ পাৰি। কাৰণ তেওঁ আৰ্থিক কাম-কাজৰ লগত জড়িত।
প্ৰশ্নঃ মহিলাসকলে ঘৰুৱাভাৱে দৈনন্দিন কৰি থকা কামবোৰক উৎপাদনশীল কাম বুলি ধৰা হয় নে?
উত্তৰঃ নহয়।
প্ৰশ্নঃ স্ব-নিয়োজিত শ্ৰমিকৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ ৰিক্সা চালক।
প্ৰশ্নঃ নিয়মীয়া বেতনেভাগী কৰ্মীৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ সেনাবাহিনীত নিয়োজিত হোৱা কৰ্মী।
প্ৰশ্নঃ আন্তঃগাঁথনি বুলিলে কি বুজা?
উত্তৰঃ ‘আন্তঃগাঁথনি’ বুলিলে ভৌতিক সা-সুবিধাক বুজায়।
প্ৰশ্নঃ ‘ভগৱানৰ স্বদেশ’ বুলিলে কোনখন ৰাজ্যক বুজায়?
উত্তৰঃ কেৰালা।
প্ৰশ্নঃ এটা জাতিৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি কোনটো?
উত্তৰঃ বিদ্যালয়সমূহ।
প্ৰশ্নঃ ভাৰতবৰ্ষৰ দুখন চুবুৰীয়া দেশৰ নাম লিখা।
উত্তৰঃ পাকিস্থান আৰু বাংলাদেশ।
প্ৰশ্নঃ পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশ কোনখন?
উত্তৰঃ চীন।
প্ৰশ্নঃ পাকিস্থানে কেতিয়া স্বাধীনতা লাভ কৰে?
উত্তৰঃ ১৯৪৭ চনৰ ১৪ আগষ্টত।
প্ৰশ্নঃ চীন দেশত কেতিয়া প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা হয়?
উত্তৰঃ ১৯৪৯ চনত।
প্ৰশ্নঃ ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল?
উত্তৰঃ ১৯৫১ চনত।
প্ৰশ্নঃ চীন দেশৰ দশম পৰিকল্পনাৰ সময়ছোৱা উল্লেখ কৰা।
উত্তৰঃ ২০০১-৬ চন।
প্ৰশ্নঃ ১৯৯৮ চনলৈ পাকিস্থানে কেইখন পঞ্চবাৰ্ষিক পৰিকল্পনা হাতত লৈছে?
উত্তৰঃ ৮ খন।
প্ৰশ্নঃ চীনত কোন চনত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হয়?
উত্তৰঃ ১৯৫৩ চনত।
প্ৰশ্নঃ পাকিস্থানত প্ৰথম পাঁচ বছৰীয়া পৰিকল্পনাটো কি নামৰে পৰিচিত?
উত্তৰঃ Medium Term Plan.
প্ৰশ্নঃ পাকিস্থানত প্ৰথম পাঁচবছৰীয়া পৰিকল্পনা কোন চনত আৰম্ভ হয়?
উত্তৰঃ ১৯৫৬ চনত।
প্ৰশ্নঃ চীন, ভাৰতবৰ্ষ আৰু পাকিস্থান এই তিনিখন দেশৰ ভিতৰত কোনখন দেশৰ জনবসতিৰ ঘনত্ব আটাইতকৈ বেছি?
উত্তৰঃ চীন দেশৰ।
প্ৰশ্নঃ Great Leap Forward (GLF) অভিযান কোন চনত আৰম্ভ হয়?
উত্তৰঃ ১৯৫৮ চনত।
প্ৰশ্নঃ ভাৰত, চীন, পাকিস্থান– এই তিনিখন দেশৰ কোনখন দেশ ভৌগোলিক পৰিসৰত ডাঙৰ?
উত্তৰঃ চীন। অর্থবিজ্ঞান কুইজ-৮
প্ৰশ্নঃ পাকিস্থানৰ জনসংখ্যা ভাৰত বা চীনৰ জনসংখ্যাৰ কিমান অংশ?
উত্তৰঃ দহভাগৰ এভাগ।
প্ৰশ্নঃ পৃথিৱীত বসবাস কৰা প্ৰতি ছয়জন লোকৰ ভাৰত আৰু চীনৰ লোকৰ সংখ্যা কিমান?
উত্তৰঃ পৃথিৱীত বসবাস কৰা প্ৰতি ছয়জন লোকৰ এজন ভাৰতীয় আৰু এজন চীন দেশীয়।
প্ৰশ্নঃ কোন চনত পাকিস্থানত মূলধনজাত সামগ্ৰীৰ উদ্যোগৰ ৰাষ্ট্ৰীয়কৰণ কৰা হয়?
উত্তৰঃ ১৯৭০ চনত।
প্ৰশ্নঃ ভাৰত আৰু পাকিস্থানে গ্ৰহণ কৰা পৰিকল্পনাৰ প্ৰধান কৌশল কি?
উত্তৰঃ এক বৃহৎ ৰাজহুৱা খণ্ডৰ সৃষ্টি কৰা আৰু সামাজিক উন্নয়নৰ বাবদ ৰাজহুৱা ব্যয় বৃদ্ধি কৰা।
প্ৰশ্নঃ ভাৰতৰ দশম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়কাল উল্লেখ কৰা।
উত্তৰঃ ২০০২-৭ চন। অর্থবিজ্ঞান কুইজ-৮
প্ৰশ্নঃ আন্তৰ্জাতিক বাণিজ্যত ভাৰতৰ ৰপ্তানিৰ পৰিমাণ কিমান?
উত্তৰঃ ০.০৮ শতাংশ।
প্ৰশ্নঃ চীনৰ মুঠ ঘৰুৱা উৎপাদনলৈ কোন খণ্ডই সৰ্বাধিক বৰঙণি যোগায়?
উত্তৰঃ নিৰ্মাণ খণ্ডই।
প্ৰশ্নঃ চীন দেশত জনসংখ্যা বৃদ্ধিৰ নিম্ন হাৰৰ কাৰণ কি?
উত্তৰঃ ১৯৭০ দশকৰ শেষ ভাগত চীন দেশত ‘এটি সন্তান নীতি’ গ্ৰহণৰ বাবে ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ নিম্ন।
প্ৰশ্নঃ ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ হয়?
উত্তৰঃ ১৯৯১ চনত।
প্ৰশ্নঃ পাকিস্থানত কেতিয়া অৰ্থনৈতিক সংস্কাৰ আৰম্ভ হৈছিল?
উত্তৰঃ ১৯৮৮ চনত।
প্ৰশ্নঃ চীনদেশত অৰ্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ হৈছিল?
উত্তৰঃ ১৮৭৮ চনত। অর্থবিজ্ঞান কুইজ-৮
প্ৰশ্নঃ ২০০৩ চনত চীনত প্ৰসূতি মৃত্যুৰ হাৰ কিমান আছিল?
উত্তৰঃ এখ লাখ শিশুৰ জন্মৰ হওঁতে প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ আছিল ৫০ জনী।
প্ৰশ্নঃ উদ্যোগিকভাৱে আগবঢ়া দুখন ভাৰতীয় ৰাজ্যৰ নাম উল্লেখ কৰা।
উত্তৰঃ মহাৰাষ্ট্ৰ আৰু গুজৰাট।
প্ৰশ্নঃ পৰিৱেশ বুলিলে কি বুজা?
উত্তৰঃ সমগ্ৰ ভূমণ্ডলীয় উত্তৰাধিকাৰ আৰু সম্পদৰ সামগ্ৰীকতাকে ‘পৰিৱেশ’ বুলি কোৱা হয়। পৰস্পৰক প্ৰভাৱিত কৰা আটাইবোৰ জৈৱিক আৰু অজৈৱিক উপাদানক ই সাঙুৰি লয়।
প্ৰশ্নঃ নবীকৰণযোগ্য সম্পদ বুলিলে কি বুজা?
উত্তৰঃ অৱক্ষয় আৰু নিঃশেষ হোৱাৰ সম্ভৱনাক নুই কৰি যিবোৰ সম্পদ ব্যৱহাৰ কৰিব পাৰি, সেইবোৰ সম্পদক ‘নবীকৰণযোগ্য সম্পদ’ বোলে। যেনে– অৰণ্যৰ গছ-গছনি।
প্ৰশ্নঃ অ-নবীকৰণযোগ্য সম্পদ বুলিলে কি বুজা?
উত্তৰঃ যিবোৰ সম্পদ উদ্ঘাটন আৰু ব্যৱহাৰৰ ফলত নিঃশেষ হয়, তেনেবোৰ সম্পদকে ‘অ-নবীকৰণযোগ্য সম্পদ’ বোলে। যেনে– ইন্ধন, খাৰুৱা তেল।
প্ৰশ্নঃ ভাৰতবৰ্ষত কিমান হেক্টৰ বনাঞ্চল আছে?
উত্তৰঃ জনমূৰি ০.০৮ হেক্টৰ ।
প্ৰশ্নঃ বিশ্বৰ মুঠ পহুধনৰ কিমান শতাংশ ভাৰতবৰ্ষত আছে?
উত্তৰঃ ২০ শতাংশ।
প্ৰশ্নঃ বিশ্বৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ ভাৰতবৰ্ষত আছে?
উত্তৰঃ ১৭ শতাংশ।
প্ৰশ্নঃ বিশ্বৰ মুঠ ভৌগোলিক খণ্ডৰ কিমান শতাংশ ভাৰতবৰ্ষই আৱৰি আছে?
উত্তৰঃ ২.৫ শতাংশ।
প্ৰশ্নঃ বিশ্বৰ মুঠ লো আকৰ ভাণ্ডাৰৰ কিমান শতাংশ ভাৰতত আছে?
উত্তৰঃ ২০ শতাংশ। অর্থবিজ্ঞান কুইজ-৮
প্ৰশ্নঃ গোলকীয় উষ্ণতাৰ বিৰুদ্ধে যুঁজিবলৈ আন্তঃৰাষ্ট্ৰীয় চুক্তি কেতিয়া, ক’ত হৈছিল?
উত্তৰঃ জাপানৰ ‘কিয়ত’ (Kyoto) ত, ১৯৯৭ চনত।
প্ৰশ্নঃ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰঃ ১৯৪৭ চনত।
প্ৰশ্নঃ ভূমিস্খলনৰ বাবে ভাৰতে বছৰি কিমান পোষক দ্ৰব্য হেৰুৱাবলগীয়া হয়?
উত্তৰঃ বছৰি ৫.৮ ৰ পৰা ৮.৪ নিযুত টন।
প্ৰশ্নঃ C.N.G. ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰঃ Compressed Natural Gas.
প্ৰশ্নঃ শক্তিৰ দুটা সেউজ কৌশলৰ উদাহৰণ দিয়া।
উত্তৰঃ বতাহ শক্তি আৰু সৌৰ শক্তি।
প্ৰশ্নঃ ‘আপ্পকো’ কি?
উত্তৰঃ ‘আপ্পকো’ আছিল কৰ্ণাটকৰ পৰিৱেশ ৰক্ষা কৰাৰ এটা আন্দোলন। ‘আপ্পকো’ শব্দৰ অৰ্থ হ’ল সাৱটি ধৰা।
প্ৰশ্নঃ অ’জন অৱক্ষয় বুলিলে কি বুজা?
উত্তৰঃ অ’জন অৱক্ষয়ে ষ্ট্ৰেট’ স্টেটোসফেয়াৰত অ’জনৰ পৰিমাণ হ্রাস হোৱা পৰিঘটনাক বুজায়।
প্ৰশ্নঃ গোলকীয় উষ্ণতা কি?
উত্তৰঃ গোলকীয় উষ্ণতা হ’ল পৃথিৱীত উদ্যোগিক বিপ্লৱৰ পিছৰ পৰা পৃথিৱীৰ নিম্ন স্তৰৰ বায়ুমণ্ডলৰ গড় উষ্ণতাৰ ক্ৰমাগত বৃদ্ধি হোৱা অৱস্থাক বুজায়।
প্ৰশ্নঃ বিশোষণ ক্ষমতা বুলিলে কি বুজা?
উত্তৰঃ প্ৰদূষণৰ পৰা সৃষ্টি হোৱা অৱনমনক পৰিৱেশৰ আত্মীয়কৰণ কৰাৰ ক্ষমতাক ‘বিশোষণ ক্ষমতা’ বোলে ।
প্ৰশ্নঃ বহনক্ষম উন্নয়ন বুলিলে কি বুজা?
উত্তৰঃ যি উন্নয়নে প্ৰজন্মসমূহৰ প্ৰয়োজনীয়তাবোৰ পূৰণ কৰাৰ সামৰ্থ অক্ষু্ন্ন ৰাখে তাকেই ‘বহনক্ষম উন্নয়ন’ বোলে ।
প্ৰশ্নঃ সম্পদৰ পুনৰ সৃষ্টিৰ হাৰতকৈ উদ্ঘাটনৰ হাৰ অধিক হ’লে কি হ’ব ?
উত্তৰঃ সম্পদৰ পুনৰ সৃষ্টিৰ হাৰতকৈ উদ্ঘাটনৰ হাৰ অধিক হ’লে প্ৰয়োজনীয় সম্পদৰ নাটনিয়ে দেখা দিয়াৰ লগতে পৰিৱেশিক সমস্যাৰ সৃষ্টি হ’ব।
প্ৰশ্নঃ কৃষি আৰু উদ্যান শস্যত অগ্ৰগতি লাভ কৰা তিনিখন ভাৰতীয় ৰাজ্যৰ নাম লিখা।
উত্তৰঃ পঞ্জাৱ, হাৰিয়ানা আৰু হিমাচল প্ৰদেশ।
প্ৰশ্নঃ ২০০৩-২০০৪ চনত ভাৰতবৰ্ষৰ মুঠ শক্তি উৎপাদন ক্ষমতাৰ কিমান শতাংশ তাপ শক্তি আছিল?
উত্তৰঃ ৭০ শতাংশ।
প্ৰশ্নঃ দিল্লী ৰাজ্যিক বিদ্যুৎ ব’ৰ্ড কোন চনত গঠন কৰা হৈছিল?
উত্তৰঃ ১৯৫১ চনত।
প্ৰশ্নঃ ২০০৪-৫ চনত কিমান বিদেশী ভাৰতলৈ চিকিৎসাৰ বাবে আহিছিল?
উত্তৰঃ ১,৫০,০০০ জন।
প্ৰশ্নঃ হোমিঅ’প্যাথিক চিকিৎসাক কি বুলি জনা যায়?
উত্তৰঃ ‘আয়ুস’ । অর্থবিজ্ঞান কুইজ-৮
প্ৰশ্নঃ বৰ্তমান ভাৰতবৰ্ষত ভাৰতীয় চিকিৎসা প্ৰণালীৰ কেইখন চিকিৎসালয় আছে?
উত্তৰঃ ৩০০৪ খন।
প্ৰশ্নঃ বৰ্তমান ভাৰতত শিশুৰ মৃত্যুৰ হাৰ কিমান?
উত্তৰঃ প্ৰতি হাজাৰত ৬৮ জন।
প্ৰশ্নঃ ২০০৩ চনত গাওঁ অঞ্চলত উপযুক্ত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত লোকৰ সংখ্যা কিমান?
উত্তৰঃ ২৪ শতাংশ।
প্ৰশ্নঃ ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত শিশু লিংগৰ অনুপাত কিমান?
উত্তৰঃ ৯২৭ (ল’ৰা:ছোৱালী)।
প্ৰশ্নঃ ভাৰতৰ ধনী লোকসকলে তেওঁলোকৰ আয়ৰ কিমান শতাংশ চিকিৎসাৰ বাবদ খৰচ কৰে?
উত্তৰঃ ২ শতাংশ।
প্ৰশ্নঃ ভাৰতত বৰ্তমান কেইখন স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় আছে?
উত্তৰঃ ১২ হাজাৰ।
প্ৰশ্নঃ স্বাস্থ্য বুলিলে কি বুজা?
উত্তৰঃ স্বাস্থ্যই ৰোগহীনতাৰ লগতে এজন ব্যক্তিৰ কাৰ্যক্ষমতা প্ৰাপ্তিৰ যোগ্যতাক বুজায়।
প্ৰশ্নঃ জীৱন প্ৰত্যাশা কি?
উত্তৰঃ জন্মৰ পিছত গড় হিচাপে জীয়াই থকাৰ সম্ভাৱ্য সময়খিনিক ‘জীৱন প্ৰত্যাশা’ বুলি কোৱা হয়।
প্ৰশ্নঃ শিশুৰ মৃত্যুৰ হাৰ বুলিলে কি বুজা?
উত্তৰঃ শিশু মৃত্যুৰ হাৰ বুলিলে প্ৰতি হাজাৰ শিশুৰ এক বছৰৰ ভিতৰত গড় মৃত্যুৰ সংখ্যাক বুজায়।
প্ৰশ্নঃ কৰ্ম সংস্থানহীনতাৰ অৰ্থ কি?
উত্তৰঃ কৰ্মসংস্থানহীনতা হ’ল এনেকুৱা এটা অৱস্থা, য’ত মানুহৰ কাম কৰাৰ দক্ষতা থাকে আৰু প্ৰচলিত মজুৰিৰ হাৰত কাম কৰিব বিচাৰে কিন্তু কাম বিচাৰি নাপায়।
প্ৰশ্নঃ ঋতুগত নিবনুৱা কাক বোলে ?
উত্তৰঃ যিসকল বনুৱাই বছৰৰ মাত্ৰ কেইমাহমান কাম কৰাৰ সুবিধা পায় আৰু বাকী কেইমাহমান কৰ্মহীন হৈ বহি থাকে, সেইসকল নিবনুৱাক ‘ঋতুজনিত নিবনুৱা’ বোলে। সাধাৰণতে কৃষকসকলৰ মাজত ঋতুজনিত নিবনুৱা অধিক হাৰত দেখা যায়।
প্ৰশ্নঃ শিক্ষিত নিবনুৱা বুলিলে কি বুজা?
উত্তৰঃ যিসকল শিক্ষিত যুৱক-যুৱতীৰ শিক্ষাগত অৰ্হতা থকা সত্বেও উপযুক্ত কাম বিচাৰি নাপায়, সেইসকল শিক্ষিত লোকক ‘শিক্ষিত নিবনুৱা’ বোলে।
প্ৰশ্নঃ কৰ্মহীন উন্নয়ন বুলিলে কি বুজা?
উত্তৰঃ যেতিয়া এখন দেশত বস্তু আৰু সেৱাৰ উৎপাদন বৃদ্ধি পায় কিন্তু নিয়োগৰ সংখ্যা বৃদ্ধি নাপায়, তেতিয়া তাক ‘কৰ্মহীন উন্নয়ন’ বোলা হয়। ০ ০ ০
অর্থবিজ্ঞান কুইজ-Economics Quiz in Englsih-8
Q. What is “net income”?
Ans: The income which remains after deducting the cost of imports from the export income is called “net income”.
Q. What is an important indicator for analyzing the employment situation of a country?
Ans: The ratio of labor force to the total population is an important indicator.
Q. What was the main goal of the development plan adopted in India after independence?
Ans: To provide a respectable way of life to the people of the country.
Q. What percentage of urban workers are employed in the service sector?
Ans: 60%.
Q. What percentage of workers are employed in the secondary sector?
Ans: 16%.
Q. What is the main source of employment?
Ans: Primary sector.
Q. Who are self-employed workers?
Ans: Workers who own or manage their own business or enterprise are called “self-employed workers”.
Q. Who are regular salaried employees?
Ans: Workers who are employed in an enterprise on a regular basis and receive salary or wages are called “regular salaried employees”.
Q. What is formal sector?
Ans: All government enterprises and private enterprises with 10 or more workers are called “formal sector”.
Q. Who are formal sector workers?
Ans: Workers employed in formal sector are known as formal sector workers.
Q. Who generates maximum employment in formal sector?
Ans: Government.
Q. What proportion of total population of India is engaged in economic activities?
Ans: About two-fifths of the population.
Q. How many workers became unemployed in Ahmedabad after the 1980s?
Ans: 80,000 permanent workers and 50,000 temporary workers.
Q. What percentage of workers employed in the formal sector in 2001 were men?
Ans: 69%.
Q. Workers can be divided into how many categories?
Ans: Workers can be divided into two categories: formal sector workers and informal sector workers.
Q. Who are self-employed workers?
Ans: Workers who earn their livelihood by working in businesses or enterprises set up by themselves are called “self-employed workers”.
Q. Who are casual workers?
Ans: Workers who are not employed on a permanent basis are called “casual workers”.
Q. In which sector are the maximum new jobs created?
Ans: In the service sector.
Q. A firm with 4 workers belongs to which sector?
Ans: Informal sector.
Q. Ram goes to school. When he is not going to school, he works in the fields. Can he be considered a worker?
Ans: Yes, because he is involved in economic activities.
Q. Are the daily household tasks performed by women considered productive work?
Ans: No.
Q. Give an example of a self-employed worker.
Ans: Rickshaw puller.
Q. Give an example of a regular salaried employee.
Ans: A person serving in the military.
Q. What is meant by “infrastructure”?
Ans: Infrastructure refers to physical facilities like roads, electricity, and schools.
Q. Which state is called “God’s Own Country”?
Ans: Kerala.
Q. What is the important infrastructure for a nation?
Ans: Schools.
Q. Name two neighbouring countries of India.
Ans: Pakistan and Bangladesh.
অর্থবিজ্ঞান কুইজ-৮, Economics Quiz-8
বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ অর্থবিজ্ঞান কুইজ-৮, Economics Quiz-8
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:
- অর্থবিজ্ঞান
- অর্থনীতি
- বিজ্ঞান কুইজ ..