Home Biography অলিভাৰ গোল্ডস্মিথ | Oliver Goldsmith

অলিভাৰ গোল্ডস্মিথ | Oliver Goldsmith

0

অলিভাৰ গল্ডস্মিথ

অলিভাৰ গোল্ডস্মিথ  Oliver Goldsmith

 

অলিভাৰ গোল্ডস্মিথ

 

অলিভাৰ গোল্ডস্মিথ | Oliver Goldsmith

অলিভাৰ গোল্ডস্মিথ (Oliver Goldsmith) আছিল এজন আইৰিচ কবি, নাট্যকাৰ আৰু ঔপন্যাসিক। ১৭৩০ চনৰ ১০ নৱেম্বৰত আয়াৰলেণ্ডৰ এখন সৰু গাঁৱত তেওঁৰ জন্ম হয়। তেওঁ ডাবলিনৰ ট্রিনিটি কলেজৰ পৰা স্নাতক হৈ পাছত এডিনবাৰত কিছুদিন চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰে। কিন্তু পঢ়া সম্পূৰ্ণ নকৰি দেশ ভ্ৰণণলৈ ওলায় আৰু প্ৰায় শূন্য হাতেৰে দুবছৰ ইউৰোপৰ বভিন্ন ঠাই  ঠাই ভ্ৰমণ কৰি ১৭৫৬ চনত স্বদেশলৈ উভতি আহে। প্ৰথমতে চিকিৎসৰূপে জীৱিকা অৰ্জনৰ চেষ্টা কৰিছিল যদিও সফল হ’ব নোৱাৰি পাছত সাহিত্য চৰ্চাতে মনোনিৱেশ কৰে। ১৭৫৯ চনত তেওঁৰ প্ৰবন্ধ সংলকন এখন প্ৰকাশ পায়। সেই বছৰেই তেওঁ ‘দি বি’ নামৰ পত্ৰিকা এখনৰ সম্পাদক হয়। আৰু প্ৰবন্ধ, জীৱনী, অনুবাদ আদি বিবিধ লিখনিৰ মাজে মাজে তেওঁ শ্ৰেষ্ঠ ৰচনাসমূহো প্ৰকাশ হ’বলৈ ধৰে। ইয়াৰ ভিতৰত ‘দি ট্রেভেলাৰ’ আৰু ‘দি ডিজাৰ্টেড ভিলেজ’ নামৰ কবিতা দুটা বিশেষভাৱে উল্লেখযোগ্য। এই কবিতা দুটাই গল্ডস্মিথক কবিৰূপে স্বীকৃতি প্ৰদান কৰে। তেওঁৰ প্ৰকাশিত উল্লেখযোগ্য পুথিকেইখন হ’ল: ‘দি ভিকাৰ অব্‌ ৱেকফিল্ড’ (উপন্যাস), ‘দি গুড নেচাৰ্ড মেন’, ‘ছি ষ্টুপছ টু টংকাৰ’ (নাটক)  আদি। 

১৭৭৪ চনৰ ৪ এপ্ৰিলত ইংলেণ্ডৰ লণ্ডন চহৰত তেওঁৰ মৃত্যু হয়।০ ০ ০

Read More: বিশ্ব ব্যক্তি পৰিচয়

 

বি. দ্র. উক্ত ‘অলিভাৰ গোল্ডস্মিথ | Oliver Goldsmith ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here