Home Quiz অসমীয়া চলচিত্ৰ কুইজ | Assamese Cinema Quiz

অসমীয়া চলচিত্ৰ কুইজ | Assamese Cinema Quiz

0

অসমীয়া চলচিত্ৰ কুইজ | Assamese Cinema Quiz

অসমীয়া চলচিত্ৰ কুইজ Assamese Cinema Quiz

অসমীয়া চলচিত্ৰ কুইজ, Assamese Cinema Quiz

অসমীয়া চলচিত্ৰ কুইজ

প্ৰঃ  অসমীয়া ছবিজগতৰ পিতৃস্বৰূপ কোন?

উঃ জ্যোতি প্ৰসাদ আগৰৱালা।

প্ৰঃ প্ৰথম অসমীয়া চলচিত্ৰ ষ্টুডিঅ’ৰ নাম কি?

উঃ তেজপুৰত 1934 চনত প্রতিষ্ঠিত ‘চিত্ৰবন’।

প্ৰঃ অসমৰ প্ৰথম বোলছবি কোনখন?

উঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ (1935 চন)।

প্ৰঃ প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পী কোন?

উঃ প্ৰফুল্ল চন্দ্ৰ বৰুৱা।

প্ৰঃ প্ৰথম অসমীয়া উৎকণ্ঠাধৰ্মী চলচিত্ৰ কোনখন?

উঃ ড০ বেজবৰুৱা।

প্ৰঃ ‘জয়মতী’ চলচিত্ৰত জয়মতীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল?

উঃ আইদেউ সন্দিকৈ।

প্ৰঃ প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচিত্ৰ কোনখন?

উঃ ইটো সিটো বহুতো।

অসমীয়া চলচিত্ৰ কুইজ

প্ৰঃ প্ৰথম অসমীয়া শিশু চলচিত্ৰৰ নাম কি?

উঃ অবুজ বেদনা।

প্ৰঃ জ্যোতি প্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা ২য়  চলচিত্ৰ কোনখন?

উঃ ইন্দ্ৰ মালতি (1939)।

প্ৰঃ প্ৰথম অসমীয়া চলচিত্ৰ অভিনেত্ৰী  কোন?

উঃ আইদেউ সন্দিকৈ।

প্ৰঃ সত্যজিৎ ৰায়ৰ দ্বাৰা পৰিচালিত ‘অশনি সংকেত’ত অভিনয় কৰা অসমৰ একমাত্ৰ অভিনেত্ৰী গৰাকী কোন?

উঃ চন্দ্ৰা নাথ।

প্ৰঃ প্ৰথম অসমীয়া চিনেমাস্কোপ ছবি কোনখন?

উঃ জীৱন সুৰভি (1984 চন)।

প্ৰঃ গুৱাহাটীত প্রতিষ্ঠিত সৰ্বপ্ৰথম চলচিত্ৰ গৃহ কোনখন?

উঃ কেলভিন।

প্ৰঃ কোনখন চলচিত্ৰৰ 5,30,000 সংখ্যক শ্ৰাব্য কেছেট বিক্ৰী হৈছিল?

উঃ ৰ’দালি।

প্ৰঃ অনা-অসমীয়া চলচিত্ৰ নিৰ্মাণ কৰা প্ৰথম অসমীয়া পৰিচালকজন কোন?

উঃ প্ৰমথেশ বৰুৱা (দেৱদাস)।

প্ৰঃ কোনজন অসমীয়া বোলছবি পৰিচালকে প্ৰথম ৰাষ্ট্ৰপতি পদক লাভ কৰে?

উঃ নিপ বৰুৱা।

প্ৰঃ ভবেন্দ্ৰনাথ শইকীয়াই কোনখন চলচিত্ৰৰ বাবে শ্রেষ্ঠ নাট্যলিপিৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল?

উঃ অগ্নিস্নান (1986 চন)।

অসমীয়া চলচিত্ৰ কুইজ

প্ৰঃ একেৰাহে সংগীত পৰিচালনা, অভিনয় আৰু চিনেমা পৰিচালনা কৰা অসমৰ শিল্পীগৰাকী কোন?

উঃ জুবিন গাৰ্গ।

প্ৰঃ অসমৰ বাহিৰত (বাৰ্লিনত) প্ৰদৰ্শিত প্ৰথম অসমীয়া সামাজিক চলচিত্ৰ কোনখন?

উঃ পূৱেৰুণ।

প্ৰঃ ফিল্ম ফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন?

উঃ বিজয় চৌধুৰী।

প্ৰঃ কথাছবিত কলা নিৰ্দেশিকা হোৱা প্ৰথম অসমীয়া মহিলাগৰাকী কোন?

উঃ এলি আহমেদ।

প্ৰঃ 1993 চনত টকিঅ’ত অনুষ্ঠিত ‘এচিয়া পেচিফিক’ চলচিত্ৰ মহোৎসৱত বৰ্ষৰ শ্রেষ্ঠ সংগীত পৰিচালকৰ সন্মান কোনে অৰ্জন কৰিছিল?

উঃ ভূপেন হাজৰিকা।

প্ৰঃ 1948 চনত কোনখন ছবিত বিষ্ণু প্ৰসাদ ৰাভাই সংগীত পৰিচালনা কৰিছিল?

উঃ ‘চিৰাজ’ নামৰ ছবিখনত।

প্ৰঃ 1996 চনত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত পূৰ্বৰ মুখ্য মন্ত্ৰী শৰৎচন্দ্ৰ সিংহৰ জীৱন ভিত্তিক চলচিত্ৰ ‘অল এলোন ইফ নিড বি’ ৰ পৰিচালক কোন আছিল?

উঃ ৰণজিৎ দাস।

প্ৰঃ কোনখন অসমীয়া চলচিত্ৰই প্ৰথম সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল?

উঃ চামেলি মেমচাব।

অসমীয়া চলচিত্ৰ কুইজ

প্ৰঃ 1992 চনত ভূপেন হাজৰিকাই কোনখন চলচিত্ৰৰ বাবে শ্রেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল?

উঃ ৰ’দালি।

প্ৰঃ ‘জ্যোতি চিত্ৰবন’ কোন চনত স্থাপন কৰা হৈছিল?

উঃ 1968 চনত।

প্ৰঃ শেখৰ কাপুৰ নিৰ্মিত চলচিত্ৰ ‘বেণ্ডিত কুইন’ত অভিনয় কৰা অসমীয়া অভিনেত্ৰী গৰাকী কোন?

উঃ সীমা বিশ্বাস।

প্ৰঃ 1959 চনত ‘বাৰ্লিন চলচিত্ৰ মহোৎসৱত অংশ গ্ৰহণ কৰি শ্রেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা অসমীয়া অভিনেত্ৰী গৰাকী কোন?

উঃ জ্ঞানদা কাকতি।

প্ৰঃ অসমৰ ঐতিহ্যময় থিয়েটাৰ গৃহ ‘বেন-ষ্টেজ’ ক’ত অৱস্থিত?

উঃ তেজপুৰত।

প্ৰঃ 2002 চনত শ্রেষ্ঠ আঞ্চলিক ভাষাৰ ৰাষ্ট্ৰীয় চলচিত্ৰৰ বঁটা লাভ কৰা চলচিত্ৰ কোনখন?

উঃ জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত ‘কণিকাৰ ৰামধেনু’।

প্ৰঃ ৰাষ্ট্ৰীয় ৰজত কমল বঁটা বিজয়ী প্ৰতিমা পাণ্ডেৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত তথ্যচিত্ৰৰ নাম কি?

উঃ হস্তীৰ কন্যা।

প্ৰঃ অসমীয়া চলচ্চিত্ৰৰ প্ৰথম পৰিচালক কোন?

উঃ প্ৰমথেশ বৰুৱা।

প্ৰঃ যোগ্যতাৰ প্ৰমাণপত্ৰ পোৱা প্ৰথম অসমীয়া চলচিত্ৰ কোনখন?

উঃ মৰীচিকা (1972 চন)।

অসমীয়া চলচিত্ৰ কুইজ

প্ৰঃ গুৱাহাটী দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচিত্ৰ কোনখন?

উঃ বৃষ্টি (1947 চন)।

প্ৰঃ প্ৰথম অসমীয়া ডাবড্‌  চলচিত্ৰ কোনটো?

উঃ ভাগ্য।

প্ৰঃ প্ৰথম অসমীয়া ৰঙীন চলচিত্ৰ কোনখন?

উঃ ভাইটি।

প্ৰঃ ‘স্বৰ্ণ কমল বঁটা’ বিজয়ী প্ৰথম অসমীয়া চলচিত্ৰ কোনখন?

উঃ হালধীয়া চৰায়ে বাও ধান খায়। (1987 চন)।

অসমীয়া চলচিত্ৰ কুইজ, Assamese Cinema Quiz

প্ৰঃ 1996 চনত ছিঙ্গাপুৰত অনুষ্ঠিত চলচিত্ৰ মহোৎসৱত কোনজন অসমীয়া অভিনেতাক কোনখন চলচিত্ৰৰ বাবে শ্রেষ্ঠ অভিনেতাৰ পুৰষ্কাৰ প্ৰদান কৰা হৈছিল?

উঃ বিষ্ণু খাৰঘৰীয়াক ‘সাগৰলৈ বহু দূৰ’ ছবিখনৰ বাবে।

প্ৰঃ ফণী শৰ্মাই ‘জয়মতী’ চলচিত্ৰত কি চৰিত্ৰত অভিনয় কৰিছিল?

উঃ চাওদাং বৰুৱা।

প্ৰঃ 1934 চনত বঙালী চলচ্চিত্ৰ ‘দেৱদাস’ পৰিচালনা তথা ইয়াৰ নাম ভূমিকাত অভিনয় কৰা অসমীয়া ব্যক্তিজন কোন?

উঃ প্ৰমথেশ বৰুৱা।

প্ৰঃ কোনখন অসমীয়া কথাছবিয়ে প্ৰথমে ‘এ’ ছাৰ্টিফিকেট লাভ কৰিছিল?

উঃ মৰীচিকা।

প্ৰঃ প্ৰতিখন ছবিতে শ্রেষ্ঠ আঞ্চলিক ছবিৰ ‘ৰাষ্ট্ৰীয় ৰজত কমল বঁটা’ লাভ কৰা ছবি নিৰ্মাতাগৰাকী কোন?

উঃ ভবেন্দ্ৰ নাথ শইকীয়া।

প্ৰঃ কোনখন অসমীয়া কথাছবিত আৰু কোনজন অসমীয়া অভিনেত্ৰীয়ে প্ৰথমে দ্বৈত চৰিত্ৰত অভিনয় কৰে?

উঃ ‘মেঘমুক্তি’ নামৰ ছবিখনত মৃদুলা বৰুৱাই।

প্ৰঃ 1999 চনত পঞ্চম কলকাতা চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত মঞ্জ বৰাৰ দ্বাৰা নিৰ্মিত চলচিত্ৰখনৰ নাম কি?

উঃ বৈভৱ।

প্ৰঃ ভূপেন হাজৰিকাৰ প্ৰথম বঙালী ছবিখনৰ নাম কি?

উঃ মাহুত বন্ধুৰে।

অসমীয়া চলচিত্ৰ কুইজ, Assamese Cinema Quiz

প্ৰঃ মলয়া গোস্বামীয়ে শ্রেষ্ঠ ৰাষ্ট্ৰীয় অভিনেত্ৰীৰ সন্মান লাভ কৰা বোলছবিখনৰ নাম কি?

উঃ ফিৰিঙতি।

প্ৰঃ প্ৰমথেশ বৰুৱাই সৰ্বমুঠ কেইখন ছবি পৰিচালনা কৰিছিল?

উঃ 21 খন।

প্ৰঃ ‘দেৱদাস’ নামৰ ছবিখন কিমান চনত নিৰ্মাণ কৰা হৈছিল?

উঃ 1934 চনত।

প্ৰঃ ‘দীনবন্ধু’ কথাছবিখন কোনে পৰিচালনা কৰিছিল।

উঃ মুনিন বৰুৱাই।

প্ৰঃ 1955 চনত ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা লাভ কৰা ছবিখন কি?

উঃ পিয়লি ফুকন।

প্ৰঃ পৰিৱেশ শিতানত কোনজন অসমীয়া চলচ্চিত্ৰ পৰিচালকৰ কোনখন চলচিত্ৰই ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল?

উঃ জাহ্নু বৰুৱাই পৰিচালনা কৰা ছবি ‘বনানি’।

প্ৰঃ অসমীয়া চলচিত্ৰৰ প্ৰথম কেমেৰামেন গৰাকী কোন?

উঃ প্ৰতাপ বৰুৱা।

প্ৰঃ আন্তৰ্জাতিক বাৰ্লিন মহোৎসৱলৈ নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া ছবি কোনখন?

উঃ পূৱেৰুণ। ০ ০ ০

অসমীয়া চলচিত্ৰ কুইজ, Assamese Cinema Quiz

বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ 

অসমীয়া চলচিত্ৰ কুইজ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here