অসমীয়া চুটি গল্প সমালোচনা | Asomiya Choti Galpa Samalochana

Assamese Short Story Criticism

0

 

অসমীয়া চুটি গল্প সমালোচনা | Asomiya Choti Galpa Samalochana

 

অসমীয়া  চুটি গল্প সমালোচনা 

অসমীয়া চুটি গল্প সমালোচনা | Asomiya Choti Galpa Samalochana

ৰাব্বি মছৰুৰ

 

 

 

গ্র’হিলচ্‌

কমলপুৰ, বৰেপটা

 

ASOMIYA  CHOTI GALPA SAMALOCHANA  A collection of critical essays on Assamese Short Story by Rabbi Masrur.  

Published by

Rights Reserved.

Price: Rs……../-

D. T. P. By 

Rabbi Masrur

Printed at:

পাতনি

আমেৰিকাত জন্ম গ্ৰহণ কৰি ৰাছিয়া আৰু ফ্রান্সত ডাঙৰ-দীঘল হৈ ইংলেণ্ডৰ মাজেদি সমগ্ৰ বিশ্বৰ প্ৰায় সকলো ভাষাতে অস্তিত্ব বিস্তাৰ কৰা ‘চুটিগল্প’ নামৰ সাহিত্যৰ স্বতন্ত্ৰ শাখাটি ভাৰতবৰ্ষৰ পূৰ্বপ্ৰান্তৰ অসমীয়া ভাষাতো  বিংশ শতিকাৰ প্ৰথমাৰ্ধতে নিজৰ দখল সাব্যস্ত কৰি লয়। লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটিগল্পৰ বাটকটীয়া হিচাপে লৈ পিছত বহুতো অসমীয়া লিখকে অসমীয়া চুটিগল্পৰ ভঁৰাল বাৰুকৈয়ে চহকী কৰিছে যদিও আজিলৈ অসমীয়া চুটিগল্পৰ ওপৰত যথাযথ সমালোচনা হৈছে বুলি ক’ব নোৱাৰি। চুটিগল্পৰ এজন পাঠক হিচাপে মই  মাজে মাজে দুই-এখন চুটিগল্পৰ ওপৰত সমালোচনাত্মক আলোচনা লিখি গৈছিলো। ‘অসমীয়া চুটিগল্প সমালোচনা’ নামৰ পুথিখন তেনে সমালোচনামূলক প্ৰৱন্ধৰ এক ক্ষুদ্ৰ সংকলন।

মই আশাবাদী যে চুটিগল্প পঢ়ি ভালপোৱা পাঠক সমাজে গ্ৰন্থখন পঢ়ি  অসমীয়া চুটিগল্পৰ বিষয়-বস্তু আৰু আংগিকৰ এক ধাৰণা লাভ কৰিব আৰু চুটিগল্পৰ প্ৰতি প্ৰীতি বৃদ্ধি পাব। 

এই ছেগতে স্বীকাৰ কৰো যে এই সমালোচনাসমূহ একান্তভাৱেই মোৰ নিজৰ পিনৰ পৰা কৰা হৈছে। সেয়ে মোৰ সমালোচনাৰ দৃষ্টিভংগীত যদি কিবা আসোঁৱাহ আছে সেয়াও মোৰ নিজৰ। 

পৰিশেষত  কয়াকুছি অঞ্চলৰ ভৌকামাৰী গাওঁৰ ভন্টী ফৰিদা আহম্মেদে মোক এখন অসমীয়া চুটিগল্প সংকলন (গ্ৰন্থ) দি সহায় কৰা বাবে তাইক হৃদয়ৰ আভ্যন্তৰীণ ভাগৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছো। তাইৰ সৰ্বতো প্ৰকাৰ সুখ আৰু মংগল কামনা কৰিছো। ইতি

ৰাবিব মছৰুৰ।

শান্তি কানন

২০১৯

 

সূচীপত্ৰ

Table of Contents

অসমীয়া চুটি গল্প সমালোচনা 

 

অতুলানন্দ গোস্বামীৰ চুটি গল্প ‘বলিয়া হাতী’ এক সমালোচনাত্মক বিশ্লেষণ

অতুলানন্দ গোস্বামীৰ ‘বলিয়া হাতী’ শিৰোনামৰ চুটি গল্পটি অসমীয়া ভাষাত এটি বিশেষ প্ৰসঙ্গৰ চুটি গল্প। সাধাৰণতে বেছি ভাগ চুটি গল্পৰ মাজেদি  সমাজত  মানুহৰ লগত মানুহৰ সম্পৰ্ক, সংঘাত, সংঘৰ্ষ আদিৰ চিত্ৰ দেখুৱা হয় যদিও  দুই -এটা গল্প ইয়াৰ ব্যতিক্ৰমো আছে। অতুলানন্দ গোস্বামীৰ ‘বলিয়া হাতী’ শিৰোনামৰ চুটি গল্পটি তেনে এক ব্যতিক্ৰমধৰ্মী গল্প। গল্পটিৰ মাজেদি গল্পকাৰে বন্য প্ৰাণীৰ প্ৰতি মানুহৰ নিষ্ঠুৰ আচৰণৰ চিত্ৰ অংকন কৰিছে।

গল্পটিৰ কাহিনীভাগ কৌতুহলেৰে পৰিপূৰ্ণ। পাঠকে বলিয়া হোৱা হাতীটোৰ অন্তিম দশা জানিবলৈ প্ৰতিটো শাৰী উৎসুকতাৰে পঢ়ি যায়। তাৰোপৰি গঠন আৰু আংগিকৰ দিশৰ পৰাও গল্পটি নিখুঁত আৰু আটিল। গল্পকাৰে গল্পটি ৰচনাত বিষয়-বস্তুৰ লগতে ভাৱ, ভাষা আৰু কলাত্মক দিশৰ প্ৰতি বিশেষ সতৰ্কতা অৱলম্বন কৰা প্ৰতীয়মান হয়।

গল্পটিৰ কাহিনীভাগ শংকাজনক। হাতীক সাধাৰণতে ইয়াৰ প্ৰকাণ্ড শৰীৰ আৰু কেতিয়াৱা কোনো কাৰণত হিংসাত্মক হৈ উঠিলে মানুহৰ প্ৰতি বিপদজনক হৈ উঠে বাবেই মানুহে ইয়াক ভয় কৰে। কিন্তু প্ৰকৃততে দেখা যায় যে হাতীয়ে কোনো কাৰণ নোহোৱাকৈ অবাৱতে কাকো আক্ৰমণ নকৰে। আন আন বনৰীয়া জন্তুৰ তুলনাত ই বেছি শান্ত আৰু মৰমীয়াল স্বভাৱৰ। ইয়াৰ শান্ত আৰু মৰমীয়াল স্বভাৱৰ তুলনাত মানুহহে অধিক নিষ্ঠুৰ আৰু অবিবেচক।

গল্পকাৰে বলিয়া হোৱা হাতীৰ প্ৰতি জনসাধাৰণৰ অন্তৰত উদয় হোৱা ভয় আৰু শংকাৰে গল্পটি আৰম্ভ কৰিছে। গাৱঁৰ ৰাইজে উৰা-বাতৰিত শুনিবলৈ পাইছে যে  বনৰ পৰা এটি দঁতাল হাতী বলিয়া হৈ  চুবুৰীয়া গাওঁকেইখনত সোমাই কেবাজনো মানুহ মাৰিছে। সেই উৰা-বাতৰিত মানুহে বলিয়া হাতীৰ সম্ভাৱ্য আক্ৰমণৰ পৰা পৰিত্ৰাণৰ উদ্দেশ্য যথাযথ সাৱধনতা অৱলম্বন কৰিছে। কিছুমানে জুই জ্বলাই, কিছুমানে ঘৰৰ ভিতৰত লুকাই থাকি আৰু কিছুমানে অস্ত্ৰ-শস্ত্ৰলৈ ৰাতি পহৰা দিয়াৰ পৰিকল্পনা কৰিছে। গাঁৱত এটি গুজব উঠিছে যে হাতীটোৱে কোনোৱা এখন গাঁৱত সোমাই বিয়া ঘৰ এটি মহটিয়াই পেলাইছে। কেইবাজনকো গচকি মাৰিলে। আন কোনোবা গাঁৱত মতা-তিৰোতা এহালক  মাৰিলে। কোনোৱা এজনক পথাৰলৈ ওলাই যাওঁতে মাৰিলে। আন এখন গাঁৱৰ বুঢ়া  মানুহ এজন বজাৰৰ পৰা ঘৰমুৱা হওঁতে বাটত ফুটবল খেলাদি খেলি মাৰিলে। কিন্তু কোনেও হাতীটোক দেখা নাই। অ’ৰ কাণে ত’ৰ কাণে মানুহে  মাথো বাতৰিবোৰহে শুনিছে। সত্যাসত্য কোনোৱে নিজ চকুৰে দেখা নাই। সেইখন গাঁৱতে ‘গজলা’ নামৰ এজন চোৰাং ব্যৱসায়ী আছিল। তেওঁ হাবিৰ পৰা কাঠ কাটি নাইবা  গছ পুৰি কয়লা প্ৰস্তুত কৰি বজাৰত বিক্ৰি কৰে আৰু তাৰেই পৰিয়াল পোহ-পাল দিয়ে। গজলাই হাতীটোৰ খবৰ পোৱাৰ দুদিনমান আগতে বনত গৈ কোনো এটি ডাঙৰ গছত জুই লগাই আহিছিল। কিন্তু হাতীটোৰ উৎপাতৰ খবৰ শুনি দুদিন তালৈ যাব পৰা নাই। সেয়ে তেওঁ ছটফটাই আছে। অৱশেষত মন ডাঠ কৰি এদিন পুৱা তেওঁ জুই লগাই অহা গছটি চাবলৈ বুলি ঘৰৰ পৰা ৰাওনা হ’ল আৰু যথা সময়ত গন্তব্য স্থান পালেগৈ। মনে মনে হাতীটোৰ প্ৰতি ভয়। ইপিনে হাবিত পহৰাদাসকলৰ প্ৰতিও ভয়। সেয়ে চাৰিওফালে ঘূৰি-ঘূৰি ভালকৈ লক্ষ্য কৰি কাঠ কয়লাখিনি চাবলৈ ধৰিলে। তেওঁ দেখিলে যে কাঠখিনি  ভালকৈয়ে পুৰিছে। যথেষ্ট কয়লা পোৱা যাব। হঠাৎ তেওঁ ‘সোৰোস’ শব্দ হোৱা শুনিবলৈ পালে। তেওঁ অতিপাত ভয় খালে। লৰ মাৰিব খুজিছিল যদিও কোনফালে লৰ মাৰিব ভাবি নেপালে। অৱশেষত দেখিলে যে তেওঁৰ পৰা মাত্ৰ দহ হাতমান আতঁৰত মাটিত হাতীৰ শুঁৰ এডাল পৰি আছে। হাতীটোৱে কিন্তু অলপো লৰচৰ কৰা নাই। সেয়ে অলপ আঁতৰৰ পৰা  বেঙ্গা মেলি হাতীটোৰ শুঁৰডালত হাতটো লগাই  চালে। হাতীটোৱে যেন সেই  স্পৰ্শকন বিচাৰিছিল। গজলা আৰু অলপ আগবাঢ়ি গ’ল। ওচৰৰ পৰা ভালকৈ লক্ষ্য কৰি দেখিলে- সেই বলিয়া হোৱা হাতীটোৱেই। দাঁত দুটা দেখি তেওঁৰ ভয় হ’ল যদিও চাৰিওপিনে পাক এটা মাৰি দেখিলে যে হাতীটো প্ৰকাণ্ড গাঁত এটিত পৰি আছে। পিছ ভৰি দুখন বোকাত সোমাই গৈছে। কোনোমতে উঠিব নোঁৱাৰে। গজলাই পৰিস্থিতিটোৰ বুজ ললে আৰু ভাবিলে হাতীটোক গাঁতটোৰ পৰা  উদ্ধাৰ নকৰিলে হাতীটো তাতেই মৰিব। গতিকে তেওঁ গাৱঁলৈ গৈ মানুহ-দুনুহ মাতি আনি হাতীটোক উদ্ধাৰ কৰাৰ কথা ভাবিলে যদিও গাঁৱৰ মানুহে যাঠি, জোং, দা-কটাৰীৰে কুটি-কাটি যে মাৰিও পেলাব পাৰে তাৰ শংকা কৰি ওচৰতে পোৱা গছৰ ডাল এটা আনি  গাঁতটোৰ এটা অংশ খান্দিবলৈ ধৰিলে যাতে হাতীটোৱে আগ ঠেং দুখনত ভৰ দি  গাঁতটোৰ পৰা ওলাই আহিব পাৰে। দিন গৈ ৰাতি হ’ল। গজলা অৱশ আৰু ক্লান্ত হৈ পৰিল। তাতে টোপনি গ’ল। অৱশেষত ৰাতি পুৱালত তেওঁ অশেষ কষ্ট কৰি হাতীটোক উদ্ধাৰ কৰিলে। তেওঁ দেখিলে যে হাতীটোৰ পিছ ঠেং দুখনত ঘাঁ হৈছে। সম্ভৱত কোনো চোৰাং চিকাৰীৰ গুলিৰ বলি হৈছিল। তেওঁ হাতীটোৰ ভৰিৰ বোকাখিনি হাতেৰে মচি হাতীটোক ওচৰৰ জুৰি এটালৈ লৈ গ’ল। তাতে হাতীটোৰ ঘাঁ হোৱা অংশখিনি ভালদৰে ধুই দি কচুৰ ৰস লগাই দিলে। হাতীটোৱে অলপ উচপিচ কৰিবলৈ আৰম্ভ কৰিছিল। হঠাৎ এটি বন্দুকৰ গুলিৰ শব্দ হ’ল। গজলা স্তব্দ হৈ গ’ল। হাতীটো বিকট চিয়ঁৰ  এটি মাৰি বাগৰি পৰিল।  আৰু দুটা গুলি আহিল। সেই গুলি দুটা হাতীটোৰ লগতে গজলাৰ গাতো লাগিল। এজনী চিকাৰী আৰু পিছে পিছে মানুহৰ জুম এটা  কোৰ্হাল লগাই স্থানটোত উপস্থিত হ’ল। চিকাৰীজনে লগত অহা মানুহ এজনক ক’লে, ‘বলিয়া হাতীটোৱে আৰু এটা মানুহ মাৰিলে।’ গল্পটিৰ কাহিনীভাগ এইখিনিয়েই।

এই গল্পটিৰ জৰিয়তে দেখা যায় যে মানুহ  জাতিটো বনৰীয়া প্ৰাণীতকৈয়ো বেছি  অবিবেচক আৰু নিষ্ঠুৰ। হাতীটোয়ে গাঁৱৰ মানুহকেইজনক মাৰিছিল সঁচা; কিন্তু ইয়াৰ কাৰণো নোহোৱা নহয়। চোৰাং চিকাৰীয়ে হাতীটোক পিছ ঠেঙত গুলি কৰিছিল ফলত তাত ঘাঁ হৈছিল আৰু সেয়ে সি বলিয়া হৈ মানুহ মাৰিছিল। অথচ মানুহে হাতীটোক মাৰিলে। বিবেকবান মানুহ হিচাপে মানুহে হাতীটোয়ে মানুহ মৰাৰ কাৰণ বিচাৰি চাব লাগিছিল। অৱশ্যে গজলা নামৰ মানুহজনে  হাতীটোৰ প্ৰতি কৰা সহায় আৰু সেৱা কৰাৰ মনোভাৱত দয়া গুণৰ প্ৰকাশ পাইছে। গল্পটিৰ প্ৰধান চৰিত্ৰ মাত্ৰ এজন- ‘গজলা’ নামৰ চিকাৰীজন। তেওঁৰ দ্বৈত আচৰণ গল্পটিত প্ৰকাশ পাইছে। প্ৰথমতে তেওঁ চোৰাং চিকাৰী। বনৰ গছ-বন চুৰি কৰি নাইবা সেইবোৰ পুৰি কয়লা বনাই জীৱিকা অৰ্জন কৰে। ই আইন বিৰোধী। আনপিনে তেঁৱেই হাতীটোৰ প্ৰতি দয়ালু হৈ হাতীটোক উদ্ধাৰ কৰিলে। হাতীটোৰ প্ৰতি কৰা আচৰণৰ বাবে গজলাই পাঠকৰ সহানুভূতি লাভ কৰিবলৈ সমৰ্থ হৈছে। হাতীটোক গাতটোৰ পৰা উদ্ধাৰ কৰিবলৈ গজলাই যি চেষ্টা কৰিছে  আৰু হাতীটোৰ লগত স্বগোক্তিৰে যি কথা পাতিছে- সেয়াই গল্পটোৰ আবেদন বঢ়াইছে।  এবাৰ গজলাই গাত খান্দি থাকোতে  হাতীয়ে উঠিবলৈ ব্যৰ্থ চেষ্টা কৰোতে গজলাই কৈছে, ‘ৰবাচোন। দেখা নাই। মই কৰি আছোঁ কামটো। হ’লে উঠিবিয়েই নহয়।’

আকৌ দৰব লগাওঁতে কৈছে, ‘অকন ৰ ইয়াতে। মই দৰব এটা লগাই দিওঁ পালে। তই লৰ চৰ নকৰিবি।’

মুঠতে গল্পটি বিষয়-বস্তু, বিষয়-বস্তুৰ পৰিবেশন, গজলাৰ নাটকীয় স্বগোক্তি আৰু উপযুক্ত পৰিৱেশ ৰূপায়নত এটি আকৰ্ষনীয় উপভোগ্য গল্পত পৰিণত হৈছে। ০ ০ ০

অসমীয়া চুটি গল্প সমালোচনা | Asomiya Choti Galpa Samalochana 

মামনি ৰয়চম  গোস্বামীৰ চুটি গল্প ‘সংস্কাৰ’- এক সমালোচনা

মামনি ৰয়চম গোস্বামীৰ ‘সংস্কাৰ’ শিৰোনামাৰ চুটি গল্পটি এটি সামাজিক চুটি গল্প। গল্পটিৰ মাজেৰে অসমীয়া সমাজৰ কিছুমান কলুষ-কালিমা, যেনে- পৰস্ত্ৰীৰ প্ৰতি লোভ, বেশ্যালি, অস্পৃশ্যতা, পৰধনৰ প্ৰতি লিপ্সা আদি প্ৰকটভাৱে প্ৰকাশ পাইছে।

কাহিনীটোৰ নায়কজন হ’ল পীতাম্বৰ মহাজান। তেওঁৰ বয়স প্ৰায় ষাঠি বছৰ। দুবাৰ বিবাহ  কাৰাইছিল যদিও তেওঁৰ ঔৰসত কোনো সন্তান-সন্ততি নহ’ল। সেয়ে তেওঁৰ মনত দুঃখ  আৰু অশান্তি। আৰ্থিক দিশত স্বচ্ছল যদিও সন্তান কামনাৰ চিন্তাত অকালতেই  ভাগি পৰিছে। সেই  গাঁৱৰে কৃষ্ণকান্ত নামৰ এজন পুৰোহিতে এদিনাখন তেওঁক লগ ধৰি নিঃসন্তান পীতাম্বৰক সামভু পুৰোহিত নামৰ এজন মানুহৰ বিধবা পত্নী দময়ন্তীক বিয়া কৰাই  বংশ ৰক্ষাৰ বাবে পৰামৰ্শ আগবঢ়ায়। দময়ন্তী বিধৱা হলেও তাইৰ যৌৱন অটুট অছিল  আৰু বিধৱাৰ ৰীতি- নীতি মানি নচলি বেশ্যাৰ দৰে পাপাসক্ত জীৱন যাপন কৰিছিল। তাই গাঁৱৰ ডেকা ল’ৰাবোৰৰ  প্ৰধান আকৰ্ষণৰ কেন্দ্ৰ  হৈ পৰিছিল। পীতাম্বৰে কৃষ্ণকান্ত পুৰোহিতৰ পৰামৰ্শ  পাই  দময়ন্তীৰ প্ৰতি আকৰ্ষিত হ’ল আৰু তাইক যিকোনো প্ৰকাৰে কৃষ্ণকান্তই মান্তি কৰাই তেওঁৰ লগত বিবাহত সোমাই দিব লাগে বুলি পীতাম্বৰে খাটনি ধৰিলে। কৃষ্ণকান্তয়ো এই সুযোগ গ্ৰহণ কৰি দময়ন্তীক সন্মতি কৰাবলৈ কিছু খৰচ হ’ব বুলি যুক্তি  দর্শাই প্ৰথম দিনাই পীতাম্বৰৰ পৰা বিশ টকা লৈ গ’ল। কিছুদিন পিছত কৃষ্ণকান্ত পুৰোহিত আকৌ আহিল। দময়ন্তীৰ পুত্ৰক ঘোচ হিচাপে ‘গাজা’ দিব লাগিব বুলি কৈ আকৌ পাঁচ কুৰিমান টকা লৈ গ’ল আৰু অহা পুর্ণিমাৰ ৰাতি তেওঁক দময়ন্তীৰ ঘৰত যাবলৈ কৈ গ’ল। যথা সময়ত পীতাম্বৰে দময়ন্তীৰ ঘৰলৈ গৈ দময়ন্তীৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিলে। দময়ন্তী গৰ্ভৱতী হ’ল। পীতাম্বৰে কৃষ্ণকান্তৰ পৰা খবৰটো পাই আনন্দত অধীৰ হ’ল আৰু হোম পুৰি দময়ন্তীক বিয়া কৰাব বুলি সপোন দেখিলে। কিন্তু পাঁচ মাহ পিছত কৃষ্ণকান্তই খবৰ লৈ আহিল যে দময়ন্তীয়ে গৰ্ভস্থ সন্তানটো নষ্ট কৰি পেলাইছে; কিয়নো দময়ন্তী ব্রাহ্মণসম্প্ৰদায়ৰ আৰু পীতাম্বৰ শূদিৰ সম্প্ৰদায়ৰ। গতিকে দময়ন্তীয়ে শূদিৰ সম্প্ৰদায়ৰ লগত বিয়াত নবহে আৰু সন্তানো ধাৰণ নকৰে। পীতাম্বৰ মহাজনৰ সপোন  সপোন হৈয়ে থাকিল। তেওঁ  দুখ আৰু বেজাৰত ভাগি পৰিল।    

এই কাহিনীটোৰ পৰা অসমীয়া সমাজ কিমান অধঃপাতে নামি গৈছে তাৰ এটি স্পষ্ট ছবি আমাৰ চকুৰ আগত প্ৰতীয়মান হৈছে। অসমীয়া সমাজৰ পৰা যে পৰম্পৰাগতভাৱে চলি অহা সামাজিক নীতি-নিয়মৰ স্খলন হৈছে গল্পটি তাৰেই জীৱন্ত সাক্ষী। কাহিনীটোত অসম্ভৱ যেন লগা কোনো অতিৰজ্ঞিত বৰ্ণনা নাই। অসমীয়া সমাজৰ লোক মানসৰ আঁৰত যে এনেকুৱা ঘটনা প্ৰায়েই ঘটি আছে তাক খোলা-খুলিভাৱে আমি স্বীকাৰ নকৰিলেও উলাই কৰিব নোৱাঁৰো। গল্পটি তাৰেই স্বাক্ষৰ।

কাহিণীটোৰ বিন্যাস (Structure) ত গল্পকাৰে বিশেষ পাৰদাৰ্শিতাৰ পৰিচয় দিব পাৰিছে। কাহিনীটোৱে এটা কোণৰ পৰা আৰম্ভ হৈ পাঠকৰ কৌতুহল অটুট ৰাখি শীৰ্ষবিন্দুৰ পৰা পৰিণতিলৈ গতি কৰিছে। কাহিণীটো কিছু পৰিমানে যৌন গন্ধী। দময়ন্তীৰ যৌৱনৰ যি বৰ্ণনা লেখিকাই দাঙি ধৰিছে, সি যৌন আবেদনপূর্ণ। লেখিকাই লিখিছে–

“……………একেবাৰে নগ্ন হৈ থকা দময়ন্তী। সৌৱা গাভিনী ছাগলীৰ পেটৰ দৰে তাইৰ স্তনদ্বয়। সুস্বাদু  বিজুলী বাঁহৰ গাঁজৰ দৰে তাইৰ শৰীৰৰ ৰং। আৰু তাইৰ ওঁঠ? কাটি থোৱা সফৰি আমৰ দৰে দগমগীয়া তাইৰ ওঁঠ।”

আন এঠাইত লিখিকাই লিখিছে–

“কঁকালৰ পৰা বুকুলৈকে তাইৰ ব্লাউজটো কোঁচ খাই উঠি গ’ল। জালি কোমোৰাৰ বুকুৰ দৰে বৰণৰ হাতৰ মুঠিত লুকাব খোজা দময়ন্তীৰ কঁকালখন।”

গল্পটিত প্ৰধানকৈ তিনিটা চৰিত্ৰ আছে আৰু প্ৰত্যেকটি চৰিত্ৰই একো একোটা বিশেষ দিশ ফুটাই তুলিছে। প্ৰথমতে গল্পটিৰ নায়ক পীতাম্বৰে বুঢ়া বয়সত পুত্র সন্তানৰ কামনাৰে ‘দময়ন্তী’ নামৰ বেশ্যাৰ প্ৰতি কামস্পৃহা জগাই তুলি অবৈধ বিহাৰ কৰিছে। দ্বিতীয় চৰিত্ৰ কৃষ্ণকান্ত পুৰোহিতে লোকৰ ধনৰ প্ৰতি লিপ্সা ভাৱ প্ৰকাশ কৰিছে। তেওঁ দময়ন্তীক লোভ দেখুৱাই পীতাম্বৰৰ পৰা টকা সৰকাইছে। তৃতীয় চৰিত্ৰ দময়ন্তীৰ দ্বাৰা সমাজৰ বিধবা তিৰোতাই যে যৌৱনৰ তাড়নাত বেশ্যাৰ দৰে অসামাজিক কুকৰ্ম কৰিবলৈয়ো কুণ্ঠাবোধ নকৰে- সেই চিত্ৰ আনকি বামুণৰ ছোৱালীয়ে শূদ্রৰ লগত যে বিয়াত সোমোৱাটো নীচতা আৰু অমৰ্যদাৰ পৰিচায়ক সেই চিত্ৰটোও প্ৰতিফলিত কৰিছে।

লেখিকাই  গল্পটিত উপযুক্ত পৰিৱেশ ফুটাই তোলাতো পাৰদাৰ্শিতা দেখুৱাইছে। পীতাম্বৰৰ ঘৰৰ পৰিৱেশ; ওচৰত কেইজনমান ল’ৰাই বৰশী বাই মাছমৰাৰ দৃশ্য, দময়ন্তীৰ ঘৰৰ বাঁহ জোপাৰ দৃশ্য আদি পাৰিৱেশিক দিশসমূহ  সফলতাৰে ফুটাই  তুলি গল্পটিৰ কাহিনীভাগ সজীৱ ৰূপত পৰিবেশন কৰাত সফল হৈছে।

গল্পটিৰ বিশেষ আকৰ্ষণ হৈছে ইয়াৰ ভাষা। গল্পকাৰ মামনি ৰয়চমৰ ভাষা সঁচা অসমীয়া গোন্ধেৰে আমোলমোলায়। তেওঁৰ ভাষাত কোনো কৃত্ৰিম জটিলতা নাই। তেওঁ যিমান পাৰে সিমান ভাষাটি জনসাধাৰণৰ ওচৰ চপাই  নিবলৈ চেষ্টা কৰিছে। তেওঁৰ লিখনিত অসমীয়া সমাজত সততে মুখে মুখে  চলি অহা ফকৰা যোজনাৰ সংযোজন হোৱা দেখা যায়। যেনে-

(ক) কাৰ্যৰ বুজিবা ভাও, ছাগৰো পখালে পাও।

(খ) লগুণো ৰাখিব খোজে, বিধি বিধানো মানিব নোখোজে।

(গ) আছো বগলী আছো চাই  ক’ৰ পানী ক’ত যায়।

(ঘ) আহ লুকাবা বাঁহ লুকাবা গাল সোৰোপা ক’ত লুকাবা।

তেওঁৰ লিখনিত যথেষ্ট উপমা অলংকাৰৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায়। যেনে-

(ক) কটা জালি কোমোৰাৰ বুকুৰ দৰে বৰণৰ।

(খ) পিঠিখন পাভ মাছৰ দৰে কোমল।

(গ) নতুনকৈ গজা আমৰ পুলিৰ দৰে হাত ভৰি।

(ঘ) কাটি থোৱা সফৰি আমৰ দৰে দগমগীয়া তাইৰ ওঁঠ। ইত্যাদি।

গল্পটিৰ কিছুমান খণ্ডবাক্য আৰু বাক্য ঘৰুৱা ঠাঁচৰ। যেনে- ‘পাহুৱাল পুৰুষ’, ‘কুৰুকি কুৰুকি দৃষ্টি’, ‘হাতভৰি ফুলি ভিণ্ডাকাৰ’, ‘পৰুৱাই পোৱা মানুহৰ দৰে ব্যৱহাৰ’ ইত্যাদি।

সামৰণিত ক’ব পাৰি গল্পটিৰ কাহিনী, সামাজিক চিত্ৰৰ ৰূপায়ন, পৰিৱেশন পদ্ধতি, যথোপযুক্ত কথোপকথনৰ সংযোজন, চৰিত্ৰৰ বাস্তৱমুখীতা আৰু ভাষাৰ ঘৰুৱা ঠাঁচৰ সাৱলীলতা আদি দিশৰ পৰা মামনি ৰয়চম গোস্বামীৰ ‘সংস্কাৰ’ নামৰ গল্পটি অসমীয়া ভাষাত এটি উৎকৃষ্ট সামাজিক গল্প যি গল্পৰ প্ৰতিটো দিশেই অসমীয়া গোন্ধেৰে আমোলমোল। ০ ০ ০

অসমীয়া চুটি গল্প সমালোচনা | Asomiya Choti Galpa Samalochana 

কৃষ্ণ ভূঞাৰ চুটিগল্পঃ ‘যাদুঘৰ’- এক সমালোচনাত্মক বিশ্লেষণ

কৃষ্ণ ভূঞাৰ ‘যাদুঘৰ’ নামৰ চুটি গল্পটি অসমীয়া ভাষাত এক অগানুগতিক ভিন্ন স্বাদৰ প্ৰেমৰ গল্প। এজনী আঢ্যবন্ত, চহৰীয়া বেশ্যাৰ শৰীৰিক সৌন্দৰ্য্যৰ মোহত পৰা এজন শিক্ষিত ডেকাৰ প্ৰেমাকৰ্ষণ গল্পটিৰ প্ৰধান উপজীৱ্য।  

গল্পটি কিৰণ আৰু অমল নামৰ দুজন শিক্ষিত আঢ্যবন্ত বন্ধুৰ কথোপকথনেৰে আৰম্ভ হৈছে। কিৰণ আদৰ্শবান ডেকা ল’ৰা। আনহাতে তেওঁৰ বন্ধু অমল আদৰ্শৰ বাটৰ পৰা  স্খলিত হোৱা ডেকা ল’ৰা। অমলে ‘নীহাৰ’ নামৰ এজনী চহৰীয়া বেশ্যাৰ ৰূপ-সৌন্দৰ্যত মোহিত হৈ তাইৰ প্ৰেমত পৰে। কিৰণে বন্ধু অমলক শুদ্ধ বাটলৈ ঘূৰাই অনাৰ বাবে চেষ্টা চলায়। কিৰণে অমলৰ লগত কেইবাদিনো নীহাৰৰ ঘৰলৈ যায় আৰু নীহাৰৰ কণ্ঠৰ গীত শুনি ওভতি আহে। অৱশেষত কিৰণৰ প্ৰচেষ্টাত অমল নীহাৰৰ প্ৰতি  প্ৰেমাকৰ্ষণ কমাই আনে আৰু অৱশেষত নীহাৰৰ ঘৰলৈ যোৱা একেবাৰে বন্ধ কৰি দিয়ে। কিৰণ তেতিয়াও ভাৱি আছিল যে তেওঁৰ বন্ধু অমল তেতিয়াও তাইৰ প্ৰেমত হাবুডাবু খাই  আছে। সেয়ে এদিন ৰাতি অমলক বিচাৰি নীহাৰৰ ঘৰ ওলালেগৈ যদিও অমলক তাত নাপালে। নীহাৰক সুধি জানিব পাৰিলে যে অমল কেতিয়াবাই তাইৰ ওচৰলৈ অহা এৰি দিছে। কিন্তু সেইদিনা কিৰণে নীহাৰৰ দৈহিক সৌন্দৰ্য্যত আপ্লুত হ’ল। বিচনাত অৰ্ধ শায়িত অৱস্থাত থকা নীহাৰৰ শৰীৰিক সৌন্দৰ্য্য প্ৰকটভাৱে কিৰণৰ চকুত ধ’ৰা পৰে আৰু অজানিতেই  তাইৰ সৌন্দৰ্য্যত মোহিত হৈ তাইৰ প্ৰতি দুৰ্বলতা অনুভৱ কৰে । অৰ্থাৎ নিজৰ বন্ধুক বচাবলৈ গৈ নিজেই যেন ফান্দত পৰিল। লিখকে গল্পটিৰ দ্বাৰা প্ৰকাশ কৰিব বিচাৰিছে যে প্ৰেমত দৈহিক সৌন্দৰ্য্যৰো ভূমিকা আছে। অমল জনা-বুজা ডেকা হৈয়ো তাইৰ সৌন্দৰ্য্যৰ মোহত আবদ্ধ হৈছিল আৰু কিৰণো যথাসম্ভৱ বিবেচক মন লৈ তাইৰ ঘৰলৈ যোৱাৰ পিছতো তাইৰ দৈহিক সৌন্দৰ্য্যৰ প্ৰতি দুৰ্বল হৈ পৰিল।

লিখকে গল্পটিৰ শিৰোনাম দিছে ‘যাদুঘৰ’ বুলি। শিৰোনামটি সাৰ্থক হৈছে। ইয়াত ‘যাদুঘৰ’ প্ৰতীকি অৰ্থত প্ৰয়োগ হৈছে। বেশ্যাৰ সৌন্দৰ্য্যই যেন যাদুঘৰ। এই সৌন্দৰ্য্যৰ মোহনীয় শক্তি আছে। যাৰ বাবে অমল আনকি তেওঁৰ আদৰ্শবান বন্ধু কিৰণো এই  যাদুময় মোহনীয় শক্তিৰ প্ৰভাৱত পৰিছে।

গল্পটিৰ গঠন সিমান আটিল নহয়। কিৰণ আৰু  অমলৰ মাজত হোৱা প্ৰথম দিনাৰ কথোপকথন গল্পটিৰ পৰা কিটি দিলেও মূল বক্তব্য বিষয়ৰ কোনো অংশ বাদ পৰিল যেন নালাগিলেহেতেঁন। অৱশ্যে পৰিৱেশ সৃষ্টিত লিখক কৃষ্ণ ভূঞাই সফলতাৰ সীমা চুবগৈ পাৰিছে। চৰিত্ৰসমূহৰ মুখত যি সংলাপ আৰোপ কৰিছে তাত নাটকীয়তা আছে যদিও লিখকে চুটিগল্পৰ প্ৰধান আকৰ্ষণ ঔৎসুকতা (Curiosity) সৃষ্টিত বিশেষ সফলতাৰ স্বাক্ষৰ বহন কৰিব পৰা নাই। চুটিগল্প সমাজৰ কলাত্মক চিত্ৰহে; সমাজৰ পোনা-পুনি সমালোচনা নহয়। অৱশ্যে সমালোচনাত্মক মন্তব্য আধুনিক চুটিগল্পত প্ৰায়েই দেখা যায়। ‘যাদুঘৰ’ গল্পটিতো সমালোচনা প্ৰত্যক্ষ কৰিব পাৰি। নীহাৰৰ দৰে ছোৱালী এজনীয়ে কিয় বেশ্যাৰ জীৱন বাছি ল’ব লগা হ’ল আৰু সমাজে বা তাইক কেনেদৰে গ্ৰহণ কৰে তাৰ ওপৰত লিখকৰ কিছু সমালোচনাত্মক আলোচনাৰ পাতনিও গল্পটিত অনুৰণিত হৈছে।

গল্পটিৰ আন এটি আকৰ্ষণীয় দিশ হৈছে ইয়াৰ আলংকাৰিক ভাষা আৰু কাব্যিক কল্পচিত্ৰ। লিখকৰ ভাষা নিমজ; কতো উজুটি খাব নলগা বিধৰ। মাজে মাজে লিখকে উপমা অলংকাৰৰ দ্বাৰা কিছু কল্পচিত্ৰৰ ব্যৱহাৰ কৰি ভাৱক প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে আৰু সফলো হৈছে। উদাহৰণ হিচাপে তলৰ উদ্ধৃত বাক্য কেইশাৰীলৈ দৃষ্টি দিব পাৰি–

(ক) ‘নীহাৰৰ কথাবোৰ একো একোপাহ  ফুলৰ মালাৰ দৰে মালা কৰি গাঁথি থৈছোঁ।’

(খ) ‘য’তে ত’তে পৰি থকা পাথৰৰ দৰে সহজপ্ৰাপ্য তাইৰ নাৰীত্বখিনি অমলে দুষ্পাপ্য মুকুতাৰ দৰে কিয় ডিঙিত আঁৰি লব খোজে?

তাৰোপৰি তলত উদ্ধৃত শাৰী কেইটিতো কাব্যিক গোন্ধৰ সুভাষ আছে।

”বিজুলী চাকিৰ পোহৰত তাইৰ মুখখন জিলিকি পৰিছে। মূৰৰ চুলিত তাইৰ সুৰৰ ঢৌবোৰে নাচি  ফুৰিছে; কপালত, চকুত সুৰৰ কঁপনি উঠিছে। ওঁঠত, ডিঙিত, সুৰৰ অধীৰতা, চকুত সুৰৰ আবেশ, যেন গোটেই দুনীয়াৰ সুৰ মাধুৰী তাই টানি আনি তাইৰ গোটেই দেহত সানি লৈছে।”

শেষত ক’ব পাৰি কৃষ্ণ ভূঞাৰ ‘যাদুঘৰ’ গল্পটি অসমীয়া ভাষাত ভিন্ন সুৰী সাৰ্থক প্ৰেমৰ গল্প যি গল্পটিৰ মাজেদি অসমীয়া সমাজৰ এন্ধাৰ জগতখন জন-মানস চক্ষুত উপঙি উঠিছে।  ০ ০ ০

অসমীয়া চুটি গল্প সমালোচনা | Asomiya Choti Galpa Samalochana 

শীলভদ্ৰৰ চুটিগল্প ‘মধুপুৰ বহু দূৰ’- এক সমালোচনাত্মক আলোচনা 

শীলভদ্ৰৰ দ্বাৰা ৰচিত ‘মধুপুৰ বহু দূৰ’ শিৰোনামৰ গল্পটি এটি চৰিত্ৰ প্ৰধান চুটিগল্প (Short Story of Character) গল্পটিত বিশেষ কোনো কাহিনী (Plot) নাই। ই কেইবাটাও চৰিত্ৰৰ সমাৱেশহে। গল্পটি আত্মজীৱনীমূলক শৈলী (Autobiographical Syle) অত ৰচিত আৰু ইয়াৰ পৰা প্ৰতীয়মান হয় যে গল্পটিৰ চৰিত্ৰসমূহ বাস্তৱ সন্মত আৰু লিখকৰ জীৱনৰ লগত কম বেছি পৰিমাণে সম্পৰ্কিত। গল্পটিৰ পৰা জনা যায় যে গল্পকাৰ শীলভদ্ৰই  জীৱনৰ আদিছোৱা অৰ্থাৎ শৈশৱ আৰু কৈশোৰৰ কিছু সময় ‘মধুপুৰ’ নামৰ ঠাইত কটাইছিল। কিন্তু জীৱনৰ অধিক কাল গুৱাহাটীৰ মহানগৰীয়া পৰিৱেশত কটায়। লিখকে যিছোৱা সময় মধুপুৰত কটাইছিল সেই সময়ছোৱা আছিল ভাৰতে স্বাধীনতা পোৱাৰ আগৰ কেইটামান দহক। তেতিয়াৰ মধুপুৰৰ মানুহ, ইয়াৰ পৰিৱেশ, সামাজিক জীৱনৰ যি অভিজ্ঞতা তেওঁ লাভ কৰিছিল সেই অভিজ্ঞতা তেওঁ কেতিয়াও পাহৰিব নোঁৱাৰিলে। ইতিমধ্যে ভাৰতে স্বাধীনতা পালে। সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক জীৱনত বহুত পৰিবৰ্তন আহিল। কিন্তু লিখকৰ সেই অতীত সময়ছোৱা স্মৃতিৰ সঁচাৰ  কাঠিত আবদ্ধ হৈ থাকিল। গল্পকাৰে সেই বাস্তৱ অভিজ্ঞতাৰ লগত ৰিজাই প্ৰায় চল্লিশ বছৰ পিছত আগৰ সেই মধুপুৰৰ স্মৃতি ৰোমন্থন কৰিছে। লগতে সেই চল্লিশ বছৰৰ ব্যৱধানৰ এক সমালোচনাত্মক তুলনাও গল্পটিত দাঙি ধৰিছে। গল্পটি অধ্যয়ন কৰি স্বাধীনতাৰ আগৰ দহক কেইটাত মধুপুৰ অঞ্চলৰ এক সামাজিক আনকি প্ৰাকৃতিক পৰিৱেশৰ স্পষ্ট আভাষ পাব পাৰি। সেই সময়ত বৃহৎ মধুপুৰ অঞ্চলটি এজন জমিদাৰৰ অধীনত আছিল। বৃটিছ শাসকসকলে সেই জমিদাৰ জনক ‘ৰজা’ উপাধি প্ৰদান কৰিছিল। সাধাৰণ প্রজাবোৰে  জমিদাৰজনক ‘ৰাজাবাহাদুৰ’ উপাধীৰে মাতিছিল। জমিদাৰৰ প্ৰসাদক প্ৰজাসাধাৰণে ‘ৰাজাবাড়ী’ বুলি উল্লেখ কৰিছিল। লিখকে সেই ৰাজাবাহাদুৰ আৰু তেওঁৰ ঘনিষ্ট মানুহ কিছুমান, যিসকলক গল্পকাৰে জানিছিল নাইবা পৰিচিত আছিল সেইসকল লোকৰ বিষয়ে গল্পকাৰে গল্পটিত আলোচনা কৰিছে। তেওঁৰ চৰিত্ৰবিলাক উপস্থাপন পদ্ধতি নাটকীয় আৰু বিশেষ আবেদনশীল। 

গল্পকাৰে গল্পটিত বহুকেইটি চৰিত্ৰৰ সংযোজন কৰিছে। তাৰে প্ৰথম চৰিত্ৰটোৰ নাম ফেলুবাবু। তেওঁ আছিল কলিকতাৰ এক নামকৰা থিয়েটাৰ প্রতিষ্ঠানৰ সঙ্গীত আৰু নৃত্য পৰিচালক। মধুপুৰৰ জমিদাৰৰ পৃষ্ঠপোষকতাত তেওঁ মধুপুৰলৈ আহে। কিয়নো মধুপুৰৰ জমিদাৰৰ নিজাকৈ এটি থিয়েটাৰ গোষ্টী আছিল। মাজে মাজে জমিদাৰৰ ইচ্ছানুযায়ী নাটক মঞ্চস্থ কৰা হৈছিল। দৰ্শকৰ বাবে   কোনো প্ৰৱেশ মাচুল নাছিল। অভিনয়ত অংশ গ্ৰহণ কৰিছিল জমিদাৰ পৰিয়াল আৰু অন্যান্য সম্ভ্ৰান্ত পৰিয়ালৰ মানুহে। ফেলুবাবুক গল্পকাৰে শেষবাৰৰ বাবে লগ পাইছিল গল্পটি লিখাৰ সময়ৰ পৰা প্ৰায় বিশ বছৰ আগতে। তেতিয়া আৰু তেওঁ জমিদাৰৰ পৃষ্ঠপোষকতাত নাছিল। কিয়নো ইতিমধ্যে দেশ স্বাধীন হৈছে, জমিদাৰী প্ৰথা ৰদ কৰা হৈছে। দেশৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আনকি মানুহৰ মানসিক দিশৰো বহুত পৰিবৰ্তন হৈছে। ফেলুবাবুৰ লগত লিখকৰ অন্তিম দেখাটো হৈছিল মধুপুৰৰ জমিদাৰৰ চৌহদৰ সৰু এটা কোঠাত। ইতিমধ্যে ৰাজাবাহাদুৰৰ মৃত্যু হৈছে। তেওঁৰ পৰিয়ালৰ অৱস্থা পৰি অহিছে। তেওঁৰ বিৰাট অট্টালিকা প্ৰায় ভগ্নদশা। তেতিয়া সেই স্বৰ্গগামী জমিদাৰৰ সৰু লৰাৰ ঘৈনীয়েকজনী তাত আছিল। ফেলুবাবু সেই জমিদাৰৰ ঘৰৰ বাহিৰৰ এটি কোঠাত থাকিবলৈ লৈছিল। তেওঁ এতিয়া আৰু কোনো গান-বাজনা বা নৃত্য পৰিচালনা নকৰে। নিজে ৰান্ধি খায়। ইচ্ছা কৰিলে তেওঁ কোনো থিয়েটাৰ পাৰ্টিত যোগদান কৰি ভালদৰে জীৱন নিৰ্বাহ কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ কৰা নাই। কোনো অনুশোচনাও নাই। তেওঁ বিয়াও কৰাইছিল। ল’ৰা সন্তান এটিও জন্ম হৈছিল। ফেলুবাবু ল’ৰা-ছোৱালীক হাতত ধৰি, কেতিয়াবা গাত ধৰি নাচৰ মুদ্ৰা শিকাই দিব লগা হৈছিল। তেওঁৰ সেই কামত তেওঁৰ ঘৈনীয়েকে আপত্তি কৰিছিল। কিন্তু ফুলবাবুয়ে উশাহ লোৱা এৰিব পাৰে; যাত্ৰা থিয়েটাৰৰ পৰা আঁতৰি থাকিব নোঁৱাৰে। অৱশেষত বিক্ষুব্দ হৈ তেওঁৰ ঘৈনীয়েকে ল’ৰাটো লৈ পিতৃ- মাতৃৰ ঘৰলৈ গুচি যায়। সেই ল’ৰাজনৰ নাম ‘জীবন সেন’, বিতৰ্কিত ৰবীন্দ্ৰ সঙ্গীত গায়ক। লিখকে যেতিয়া ফুলবাবুক শেষবাৰৰ বাবে লগ পাইছিল তেতিয়া তেওঁৰ ঘৈনীয়েকজনীৰ মৃত্যু হৈছে। তেওঁৰ পুত্ৰ জীৱন সেনে মাজে মাজে দেউতাকৰ খবৰ লয় আৰু তেওঁৰ লগতে পিতাকক থাকিবলৈ কয় যদিও মধুপুৰৰ মোহত ফুলবাবুয়ে মধুপুৰ এৰি যাবলৈ মান্তি নহয়।

দ্বিতীয় প্ৰধান চৰিত্ৰটো  হৈছে চন্দ্ৰশীল। চন্দ্ৰশীলৰ কথা লিখকে কেৱল স্মৰণহে কৰিছে। মধুপুৰলৈ গৈ লিখকে তেওঁক লগ ধৰিব পৰা নাই। সম্ভৱত তেওঁৰ মৃত্যু হৈছিল। কিন্তু শৈশৱত বা কৈশোৰত চন্দ্ৰশীলৰ প্ৰতিভাৰ বিষয়ে যি দেখিছিল বা জানিছিল গল্পকাৰে গল্পটিত সেইখিনি স্মৰণৰ পৰা কৈছে যে চন্দ্ৰশীল আছিল বহু-প্ৰতিভাধৰ ব্যক্তি, যিজনে জীৱনৰ আগবয়সত বিড়ি কোম্পানীৰ বিজ্ঞাপনৰ কাম কৰিছিল, কিছুদিন তামোল-পাণৰ দোকান চলাইছিল, কিছুদিন টিন মিস্ত্ৰীৰ কাম কৰিছিল আৰু শেষ জীৱনত তেওঁ দাঁড়ি-চুলি ৰাখি পশ্চিমফালৰ পৰা অহা এজন সাধুবাবাৰ লগলাগি সাধু সাজিছিল। সেই সাধুজন মধুপুৰলৈ কেইবছৰৰ মূৰে মূৰে আহি এটি বড়গছৰ তলত আশ্ৰয় লৈছিল। সম্পদৰ ভিতৰত তেওঁৰ আছিল এটি হাৰমনিয়াম। সেই সাধুজনে কাৰো ঘৰলৈ যোৱা নাছিল। সেই সাধুজনক প্ৰায় সকলো মানুহেই ভাল পাইছিল আৰু বেমাৰৰ চিকিৎসা বিচাৰি বহু মানুহ তেওঁৰ ওচৰলৈ গৈছিল। কিন্তু তেওঁ ডাক্তৰ বা কবিৰাজ নহয় বুলি সকলোকে ওভোতাই পঠিয়াইছিল। তেওঁ উচ্চাঙ্গ সঙ্গীত বজাইছিল আৰু ৰাজাবাহাদুৰেও তেওঁৰ উচ্চাঙ্গ সঙ্গীত শুনিবলৈ বৰগছজোপাৰ তলত উপস্থিত হৈছিল। সেই সাধুবাবাজনে এই গল্পলেখকৰ অৰ্থাৎ শীলভদ্ৰৰ পিতাকক বৰ ভাল পাইছিল। চন্দ্ৰশীলে এই সাধুবাবাজনৰ লগ লাগি শেষ জীৱনত সাধু হিচাপে কটাইছিল আৰু লিখকে শেষবাৰৰ বাবে তেওঁক কলিকতাৰ নৈ পাৰৰ বড় গছজোপাৰ তলত লগ পাইছিল। ইতিমধ্যে সেই ঠাইডোখৰক মানুহে ‘চন্দ্ৰবাবাৰ আশ্ৰম’ বুলি উল্লেখ কৰিবলৈ লৈছিল।

তৃতীয় প্ৰধান চৰিত্ৰটোৰ নাম তগৰ। তেওঁ আছিল এজন অস্থিৰ স্বভাবৰ কিন্তু বহুমুখী প্ৰতিভাসম্পন্ন লোক। তেওঁ কোনো এটা কামতে বহু সময় লাগি থাকিব পৰা নাছিল। যিকোনো কাম সি তৎক্ষণাত শিকি ল’ব পাৰিছিল। যিকোনো গুণী মানুহক লগ পালে তেওঁ তৎক্ষণাত তাৰ অনুগত হৈ কামখিনি শিকি লৈছিল। তেওঁ এবাৰ বহুৰূপীৰ ভাও শিকিছিল আৰু গল্পকাৰৰ পিতাকৰ ঘৰত বহুৰূপীৰ ভাও দিছিল।

চতুৰ্থ প্ৰধান চৰিত্ৰজনৰ নাম উদ্বৱ। তেওঁ আছিল এজন টিন মিস্ত্ৰী। তেওঁ মানুহৰ ঘৰে ঘৰে গৈ ভগা-ফুটা বাচন মেৰামতি কৰি দিছিল। মানুহে তেওঁৰ বাবে ৰৈ থাকিছিল। সেই  মানুহজন এই গল্প লিখকৰ ঘৰলৈয়ো গৈছিল। সা-সৰঞ্জাম তেওঁৰ লগত সদায় কঢ়িয়াই ফুৰিছিল। সা-সৰঞ্জামৰ ভিতৰত তেওঁৰ আছিল সৰু হাফৰ এখন, কাঠ-কয়লাৰ মোনা এটি আৰু অন্যান্য সঁজুলি। কাঁহী, বাটি, কলহ, বাল্টি এইবোৰৰ টেমুনাবোৰ গুচাই জোৰা লগাই একেবাৰে নতুনৰ দৰে কৰি দিছিল। পইচা-পাতিৰ প্ৰতি তেওঁৰ কোনো খঁক নাছিল। মানুহে তেওঁৰ কামৰ বিনিময়ত তেওঁক যি দিছিল তাতেই তেওঁ সন্তুষ্ট হৈছিল। সি কাম কৰি থকাৰ মাজতে হঠাৎ উচ্চস্বৰে গান গাই  উঠিছিল।

গল্পটোৰ পঞ্চম প্ৰধান চৰিত্ৰটো হৈছে এই  গল্পকাৰৰ পিতা অৰ্থাৎ ‘মধুপুৰ বহুদূৰ’  শিৰোনামাটিৰ গল্পকাৰ শীলভদ্ৰৰ দেউতাক। তেওঁৰ অগাধ ধন-সম্পত্তি আছিল। তেওঁৰ পিতাক সেই অঞ্চলৰ ডাঙৰ ঠিকাদাৰ আছিল। তেওঁৰ নিজৰ এটি ইটাৰ ভাটাও আছিল। বিলাসীপাৰা, শালকোছা আদি ঠাইৰ মানুহেও তেওঁৰ ইটাৰ ভাটাৰ পৰা ইটা আমদানি কৰিছিল। তেওঁ যিমান বেছি উপাৰ্জন কৰিছিল সিমান বেছি খৰচো কৰিছিল। তেওঁৰ অৰ্থাৎ গল্পকাৰ শীলভদ্ৰৰ পিতাকৰ ঘৰ আছিল একপ্ৰকাৰৰ ধৰ্মশালাৰ দৰেই। আলহী সকলৰ বাবে সিহঁতৰ ঘৰত এটি বিশেষ ঘৰ আছিল। তাত সদায় আলহীক আশ্ৰয় দিয়া হৈছিল। ঘৰটোত কেইবাটাও কোঠালী আছিল। তাত থকা-খোৱাৰ সু-বন্দবস্ত আছিল। সেই ঘৰত  এজন প্ৰায় নিয়মিয়া আলহী আছিল। তেওঁৰ নাম আছিল ‘কবিৰাজ মশায়’। সিহঁতৰ ঘৰৰ প্ৰধান চিকিৎসকজন আছিল উপেন খাঁ। ‘খাঁ’ উপাধীধাৰী হ’লেও তেওঁ আছিল বামুণ মানুহ। কবিৰাজ মশায়ে বছৰেকত এবাৰ আহি ওচৰ-পাজৰে গাওঁবোৰত চিকিৎসা কৰিছিল। তেওঁ গল্পকাৰৰ পিতাকৰ আলহী ঘৰত আশ্ৰয় লৈছিল বাবেই থকা-খোৱাত কোনো খৰচ হোৱা নাছিল। সেয়ে চিকিৎসা কৰি ভাল উপাৰ্জন ৰাহি কৰিব পাৰিছিল। তেওঁ আছিল অতি শান্ত স্বভাৱৰ নিৰীহ মানুহ। তেওঁ নীলাৰঙৰ  লুঙ্গি পিন্ধিছিল। চকীত বহিলেও মাটিত বহাৰ দৰে দুয়োখন ভৰি তুলি লৈ লেপেটা  কাঢ়ি বহিছিল। তেওঁ অনবৰত ধোঁৱা-খোৱা (হোকা) খাইছিল। গোটেই কোঠাটো তেওঁ সদায় লেতেৰা কৰি থৈছিল।

ষষ্ট চৰিত্ৰটো হৈছে সত্যনাথ শৰ্মা। তেওঁ আছিল গনক। বছৰি এবাৰ মধুপুৰÍল আহিছিল। ল’ৰা ছোৱালীৰ জন্ম পত্ৰিকা কৰিবৰ কাৰণে মানুহ তেওঁৰ কাৰণে ৰৈ থাকিছিল। তেওঁ এখিলা-এখিলাকৈ কেইখিলা কাগজ সংযুক্ত কৰি একোখন দীঘল জন্ম পত্ৰিকা প্ৰস্তুত কৰিছিল। তেৱো লিখক অৰ্থাৎ শীলভদ্ৰৰ দেউতাকৰ আলহী ঘৰত আশ্ৰয় লৈছিল। ইয়াৰোপৰি বহুতো ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ ঘৰত থাকি মধুপুৰৰ হাইস্কুলত পঢ়িছিল। তেতিয়াৰ দিনত ছাত্ৰ-ছাত্ৰীসকলে স্কুলত জোতা পিন্ধি যোৱা নাছিল। সকলো ছাত্ৰই শুদা ভৰিৰে স্কুললৈ অহা যোৱা কৰিছিল। এই গল্পকাৰ কৈশোৰ নৌপাওঁতেই তেওঁৰ পিতাক হঠাৎ ঢুকায় আৰু পৰিয়ালটি আৰ্থিক দিশত ভাগি পৰিবলৈ ধৰে। এইখিনিতে লিখকে নিজৰ বিষয়ে অলপ কৈছে যে তেওঁৰ দেউতাক ঢুকুৱাৰ পিছত যিহেতু পৰিয়ালটি আৰ্থিক অৱনতিলৈ আগবাঢ়ি যায়, সেয়ে লিখকে জুখি-মাখি খৰচ কৰাৰ প্ৰৱণতা আয়ত্ব কৰি লয় আৰু তেতিয়াৰ পৰাই তেওঁ বুঢ়া বয়সতো পাৰ্যমানে ৰিক্সা বা অটোত নুঠি কম ভাড়াৰে চিটিবাছত ভ্ৰমণ কৰিবলৈ লয়। কোনো দামী বস্তুও নিকিনা হ’ল। অৱশ্যে অইনৰ কাৰণে খৰচ কৰাত তেওঁ কোনো আপত্তি কৰা নাছিল।

সেই মধুপুৰত এজন মানুহ আছিল যিজনক লিখকে নৱ খুৰা বুলি মাতিছিল। শেষবাৰ লিখকে মধুপুৰলৈ যাওঁতে নৱখুৰাৰ ঘৰলৈ গৈছিল আৰু নৱখুৰাই তেওঁক দেখি অতি আনন্দিত হোৱাৰ লগতে লিখকজনক সু-খাদ্যৰে আপ্যায়ন কৰিছিল। 

ইয়াৰ পিছৰ প্ৰধান চৰিত্ৰজনৰ নাম পৰশুৰাম কলিতা। তেওঁ নলবাৰী অঞ্চলৰ মানুহ আছিল। লিখকৰ পিতাকৰ আহ্বান মৰ্মে তেওঁ মধুপুৰলৈ গৈছিল। মধুপুৰৰ মানুহে তেওঁক ‘পৰখু দাফাৰ’ বুলি মাতিছিল। ‘দাফাৰ’ মানে ঠিকাদাৰ বা বনুৱাৰ দলপতি। তেওঁ আছিল বাঁহৰ কামত নিপুণ। তেতিয়াৰ বহুতো সম্ভ্ৰান্ত মানুহৰ ঘৰবোৰ আছিল খেৰৰ। দুৱাৰ-খিৰিকীত হয়তো আয়না লগোৱা আৰু খিৰিকীৰ উচ্চতালৈ ইটাৰ দেৱাল আছিল যদিও চালখন আছিল খেৰৰ।

তাৰ পিছৰ চৰিত্ৰজন হ’ল দীনেশ চক্ৰৱৰ্তী। তেওঁ আছিল হোমিঅ’পেথিক চিকিৎসক। চিকিৎসক হিচাপে তেওঁ পাকৈত বুলি গৰ্ব কৰিছিল আৰু এবাৰ কোনো ৰোগী পালে তাক ভাল কৰিহে এৰিছিল। এবাৰ তেওঁ জমিদাৰৰ পৰিয়ালৰ ল’ৰা এজনক চিকিৎসা কৰিছিল। জমিদাৰে তেওঁক নিবৰ বাবে গাড়ী পঠিয়াই কাবৌ-কাকুতি কৰিছিল।

ইয়াৰ পিছৰ চৰিত্ৰটো হ’ল প্ৰভাত দত্ত। তেওঁ আছিল মধুপুৰৰ জমিদাৰৰ জোৱায়েকৰ সমন্ধীয় ভতিজা ল’ৰা। তেওঁ ধুবুৰী মেচ ফেকটৰীত কাম কৰিছিল।

ওপৰত চমুকৈ আলোচনা কৰা এই চৰিত্ৰবোৰৰ উপৰিও আনকেইবাটাও সৰু সৰু চৰিত্ৰ  গল্পটিত আছে – যিসকলৰ স্বভাৱত  হাঁহি উঠা বৈশিষ্ট্য আছিল। এনে এটি চৰিত্ৰৰ নাম ‘কেৱল ৰয়’। তেওঁক ‘মামা’ বুলি কৈ মানুহে জোকাইছিল। কাৰণ “মামা” সম্বোধনটোক তেওঁ এক প্ৰকাৰৰ গালি বা অপমানসূচক সম্বোধন বুলি ধৰি লৈছিল। আন এজন হাস্যৰসিক চৰিত্ৰৰ নাম ‘মোহিত মিছিৰ’। তেওঁক ‘ৰাধাকৃষ্ণ’ বুলি মাতিলে খং কৰিছিল। মানুহে এই নাম মাতি তেওঁক জোকাইছিল। কিয়নো ‘ৰাধাকৃষ্ণ’ নাম তেওঁৰ মতে লম্পট চৰিত্ৰৰ মানুহকহে সূচাইছিল। ইয়াৰ উপৰিও লিখকে ‘আপাতজান’ নামৰ পাগলী এজনীৰ চৰিত্ৰ এটিও গল্পটিত অংকন কৰিছে। তাই ঘৰে ঘৰে ভিক্ষা মাগি ফুৰিছিল। কেতিয়াবা লিখকজনক লগ পালে দুহাত ওপৰলৈ তুলি দুই চকু বন্ধ কৰি ঈশ্বৰৰ ওচৰত লিখকৰ ভবিষ্যত মঙ্গল কামনা কৰি প্ৰাৰ্থনা কৰিছিল।

ওপৰত থুলমূলভাৱে আলোচনা কৰা চৰিত্ৰবোৰ প্ৰধানকৈ ব্যক্তিকেন্দ্ৰিক চৰিত্ৰ যদিও তাৰ মাজে মাজে সেই সময়ৰ কোনো বিশেষ পেশাযুক্ত শ্ৰেণীৰ মানুহৰ জীৱনৰ দিশো আৰ্হি (Type) স্বৰূপ ফুটি উঠিছে। চৰিত্ৰবোৰৰ পৰিৱেশন কোনোটোৱে সম্পূৰ্ণ নহয়; আংশিকহে। লিখকে চৰিত্ৰবোৰৰ বিষয়ে নিজ চকুৰে যি দেখিছিল আৰু শুনিছিল সেইখিনিহে অকল অংকন কৰিছে।

অৱশ্যে এই  চৰিত্ৰবোৰ অংকন কৰোতে লিখকে আংশিক হ’লেও সেই সময়ৰ সামাজিক আৰু সাংস্কৃতিক দিশটো ফুটাই তোলাত সক্ষম হৈছে।

গল্পটিত মাজে মাজে লিখকৰ সাধাৰণ জীৱন দৰ্শন আৰু সেই সময়ৰ আৰু গল্পটো লিখা সময়ৰ মাজৰ পৰিৱৰ্তনখিনিও দাঙি  ধৰিছে।

লিখকে পৰিৱেশ সৃষ্টিত সফল হ’ব পৰা নাই যদিও পৰিৱেশৰ যিখিনি বৰ্ণনা গল্পটিত আছে তাৰ পৰাই সেই যুগৰ পৰিৱেশৰ বিষয়ে ভালেখিনি আভাষ পাব পাৰি। গল্পটিত লিখকে চৰিত্ৰবোৰৰ মুখত যিখিনি সংলাপ আৰোপ কৰিছে সেইখিনিয়ে  চৰিত্ৰ এটি বুজাত সহায়ক হৈছে। সেই সময়ৰ মধুপুৰৰ, বিশেষকৈ বাংলা ভাষাৰ এটি নমুনাও গল্পটিৰ সংলাপত ফুটি উঠিছে। চৰিত্ৰটিত লিখকৰ আদৰ্শ  আৰু সাম্প্ৰদায়িক ঐক্যৰ প্ৰতিও তেওঁৰ দৃষ্টিভঙ্গী প্ৰকাশ কৰিছে। লিখকে দেখুৱাব খুজিছে যে সেই সময়ত বৰ্তমান যুগৰ তুলনাত সাম্প্ৰদায়িক ঐক্য, সামাজিক শান্তি, মানৱতা আদি যথেষ্ট বেছি আছিল।

লিখকে গল্পটিত আৰু এটি অভিযোগ খণ্ডন কৰিছে যে অকল অসমলৈয়ে বাহিৰাগতৰ প্রব্রজন হোৱা নাই, অসমৰ পৰাও বহুতো লোক বাহিৰলৈয়ো প্রব্রজন কৰিছে।

সামৰণিত ক’ব পাৰি গল্পটি এটি সাৰ্থক বাস্তবধৰ্মী চৰিত্ৰপ্ৰধান চুটিগল্প যি গল্পটিয়ে এটি যুগৰ জীৱন-ধাৰা প্ৰতিফলিত কৰাত সফল হৈছে। ০ ০ ০

অসমীয়া চুটি গল্প সমালোচনা | Asomiya Choti Galpa Samalochana 

নিৰোদ চৌধুৰীৰ চুটিগল্প ‘কোমল গান্ধাৰ’- এক বিশ্লেষণ

নিৰোদ চৌধুৰীৰ ‘কোমল গান্ধাৰ’ নামৰ চুটিগল্পটি এটি চৰিত্ৰ প্ৰধান চুটিগল্প। গল্পটিত কোনো সুনিৰ্দ্দিষ্ট কাহিনী নাই। যদুনাথ কাকতি নামৰ এজন  মহৰীৰ জীৱনৰ কেইটামান খণ্ড খণ্ড চিত্ৰহে গল্পটিত গল্পকাৰে ফুটাই তুলিবলৈ  যৎপৰোস্তি চেষ্টা কৰিছে আৰু এই চৰিত্ৰৰ ওপৰতে ভিত্তি কৰি গল্পকাৰে সমাজৰ দুৰ্নীতি, সবলে দুবৰ্বলীৰ লগত কৰা দুৰ্ব্যৱহাৰ, তিৰোতা জাতিৰ প্ৰতি পুৰুষ জাতিৰ সাধাৰণ দুবৰ্বলতা -আদি দিশেবাৰ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে।

চুটিগল্পটিৰ প্ৰধান চৰিত্ৰ যদুনাথ কাকতি নামৰ ব্যক্তিজন বেঙেনাবাৰী নামৰ কোনোৱা এটি গাঁৱৰ নিচলা মানুহ। তেওঁ কেইবাবাৰো মেট্ৰিক পৰীক্ষা দি পাছ কৰিব নোৱাঁৰি গুৱাহাটী চহৰলৈ যায় কোনোৱা চিনেমা কোম্পানীত ভৰ্তি হোৱাৰ বাসনালৈ। কিন্তু গুৱাহাটীলৈ গৈ তেনে কোনো সুযোগ-সুবিধা নাপাই সিহঁতৰ গাঁৱৰ পৰা অহা ‘মহীধৰ’ নামৰ এজন বনুৱাৰ চৰ্দাৰক লগ পায় আৰু তেঁৱেই যদুনাথক ‘মুহিবুদ্দিন এণ্ড কোম্পানী’ত বনুৱাৰ চৰ্দাৰ বা মহৰীৰ কামত ভৰ্তি কৰি দিয়ে। ঘৰত তেওঁৰ এজনী বৃদ্বা মাকৰ বাহিৰে আন¸ কোনো নাছিল। মাকে তেওঁক চহৰলৈ যাবলৈ বাধা দিছিল যদিও জীৱনত কিবা এটি উপাৰ্জনৰ পথ বাহিৰ কৰিবলৈ মাকৰ বাধা উপেক্ষা কৰি গুৱাহাটীলৈ আহে। মুহিবুদ্দিন নামৰ ঠিকাদাৰজনৰ অধীনত তেওঁ বনুৱাৰ হিচাপ ৰক্ষক হিচাপে কামত ভৰ্তি হৈ গুৱাহাটী মহানগৰীৰ বাট পথবোৰ উন্নত কৰাৰ দায়িত্বত কাম আৰম্ভ কৰিছিল। চহৰলৈ আহি প্ৰথম কেইদিন তেওঁৰ গা-মন বেয়া লাগিছিল যদিও পিছত পৰিৱেশৰ লগত মিলি যাব পাৰিছিল। আলিবাটৰ এটা মূৰৰ পৰা আনটো মূৰলৈ আহ-যাহ কৰি কামৰ তদাৰক কৰা বনুৱাক ইটো-সিটো নিৰ্দেশ দিয়া, ইটা-চিমেন্টৰ হিচাপ ৰখা- এইবোৰ কামত কেইদিনতেই তেওঁ অভ্যস্ত হৈ পৰিছিল। মুহিবুদ্দিন ঠিকাদাৰে দিনত দুই তিনিবাৰ গাড়ীৰে আহি একোবাৰ চাই যায়হি। মুহিবুদ্দিনৰ কাম কাজৰ প্ৰতিটো আখৰা তেওঁ অলপ দিনতে আয়িত্ব কৰি ল’লে। ঠিকাদাৰসকলৰ কামত দুৰ্নীতি কৰা অৰ্থাৎ শিল-বালি-ইটাৰ সঠিক মিশ্ৰন নকৰি মাজে মাজে কামৰ গাঁঠনি দুৰ্বল কৰা পদ্ধতি; কোনোৱা ঠাইত ইটা নবহুৱাই অকল মাটিৰ ওপৰতে প্লাষ্টাৰ কৰা আদিৰ আখৰাও ভালদৰে আয়ত্ব কৰি লৈছিল যাতে ফুট পথবোৰ অলপ দিনতে মাটিত বহি গৈ ভাঙি-ছিঙি যাব পাৰে আৰু আকৌ ঠিকাদাৰে কামটো পাব পাৰে।

এদিন কাম চলি থকা সময়তে ‘চুমকী’ নামৰ মহিলা বনুৱা এটাই হঠাৎ ৰাজমিস্ত্ৰীজনক অকথ্য ভাষাৰে গালি-শপনি পাৰি চিঞৰ বাখৰ কৰি হুলস্থুল লগাই দিলে। পিছলৈ যদুনাথে জানিব পাৰিলে যে ৰাজমিস্ত্ৰীজনে কেইবাদিনৰে পৰা চুমকীৰ প্ৰতি বেয়া ব্যৱহাৰ কৰি আছে। যেতিয়াই -তেতিয়াই যি ইচ্ছা তাকেই কয়, অশুভ ইংগিত দিয়ে ইত্যাদি। সিদিনা হেনো মচলা দি থালখন উঠাব খোজোতেই ৰাজমিস্ত্ৰীয়ে তাইৰ হাত এখনত চিকুটি দিলে। অকল সেয়াই নহয়, সেই  ছলতে পাঁচ টকীয়া নোট এখন হাতত গুজি দিছে। গালি-শপনি পাৰি খং দেখুৱাই চুমকী সিদিনা কামৰ পৰা গুচি গ’ল। ঠিকাদাৰে কথাটো জানিলে যদিও কোনো বিচাৰ নকৰিলে। পিছ দিনা সকলোৱেই যথা নিয়মে কামত যোগদান কৰিলে। কথাটো সিমানতে অন্ত পৰিল যদিও পৰিস্থিতিয়ে অন্য ৰূপ ল’লে। সিদিনাৰ পৰাই যদুনাথ কাকতিয়ে চুমকীৰ ওপৰত বেছি নজৰ ৰাখিবলৈ ধৰিলে। লাহে  লাহে  তাইৰ প্ৰতি যদুনাথৰ দুৰ্বলতা বাঢ়িআহিল। তাইৰ “মংহাল নিতম্ব, জাতি লাওৰ দৰে ওলমি পৰা পুষ্ট স্তনযুগল, বগা চকমাটিৰ দৰে দুপাৰি দাঁত”- আদি অংগবোৰৰ প্ৰতি তেওঁ লালায়িত হৈ  পৰিল। তাইৰ স’তে অবাৱতেও কথা পতা আৰম্ভ কৰিলে। তাইৰো দৃষ্টিভঙ্গী যদুনাথৰ প্ৰতি দুৰ্বল যেন ধৰা পৰিল।

এদিন যদুনাথে দুপৰীয়া ভাত খাই বিচনাত ভাগৰ দি হিন্দী গানৰ কিতাপ এখনৰ পাত লুটিয়াবলৈ ধৰিছিল, এনেতে চকুত পৰিল যে ঠিকাদাৰ মুহিবুদ্দিনৰ জীয়েক আৰু জোঁৱায়েক সিহঁতৰ ঘৰৰ সন্মুখত আহি  গাড়ী ৰখালে। শুই উঠি যদুনাথে দেখে যে মুহিবুদ্দিনৰ ঘৰৰ তিনিমহলাৰ ওপৰত মুহিবুদ্দিনৰ জীয়েকজনী শুই আছে। খিৰিকীৰ ফাঁকেৰে তাইৰ দেহৰ সৌন্দৰ্য যদুনাথৰ চকুত পৰিল। ইচ্ছা কৰিয়েই তেওঁ তাইৰ পিনে কিছুপৰ চাই থাকিল আৰু তেতিয়াই যদুনাথৰ ‘মালতী’ নামৰ এজনী ছোৱালীৰ কথা মনত পৰিল। পঢ়ি  থকা সময়ত তেওঁ মালতীৰ প্ৰেমত পৰিছিল। মালতীয়েও তেওঁক ভাল পাইছিল; কিন্তু পিছত স্কুল শিক্ষক এজনৰ লগত তাইৰ বিয়া হৈ গৈছিল। তাইৰ লগত তেওঁৰ সাক্ষাত হোৱা সন্ধিয়াৰ ঘটনা এটি তেওঁৰ মনত পৰিল। সিদিনা মালতীয়ে মহুৰামুখৰ পেহীহঁতৰ ঘৰৰ পৰা ওভতি আহোতে লম্বোধৰ আৰু অৰ্জুন নামৰ দুজন পাষণ্ড তাইৰ পাছ লাগে। সিহঁত দুয়ো লগ লাগিলে কিবা যে অপায়-অমঙ্গল ঘটিব সি নিশ্চিত। গতিকে তাই  ৰাস্তা ঘূৰি আহোতে বহুত পলম হ’ল। হঠাৎ ভাগ্যক্ৰমে যদুনাথক লগ পালে। ইতিমধ্যে সন্ধিয়া লাগি এন্ধাৰ হৈছিলেই। লম্বোধৰ আৰু অৰ্জুন নামৰ পাষণ্ড দুজনেও সিহঁতৰ পিছে পিছে আহি আছিল। যদুনাথেও সিহঁত দুটাক ভয় কৰিছিল। সিহঁত দুটাৰ হাতৰ পৰা ৰক্ষা পোৱাৰ আশাত যদুনাথ আৰু মালতীয়ে ৰাতিৰ এন্ধাৰত স্কুল ঘৰ এটাৰ ভিতৰত সোমাল। সেই এন্ধাৰতে লাম্বোধৰ আৰু অৰ্জুন গুচি গ’ল আৰু তেতিয়াই যদুনাথে মালতীৰ হাতত ধৰিলে আৰু সজোৰে সাবটি ধৰি দেহৰ আৰু ওচৰলৈ আকৰ্ষণ কৰাত মালতীয়ে উচাট মাৰি যদুনাথক আঁতৰাই  ল’ৰ মাৰিলে।

ইয়াৰ পিছত লিখকে যদুনাথ আৰু চুমকীৰ সম্বন্ধৰ বিষয়ে কৈছে যে পৰস্পৰে পৰস্পৰৰ প্ৰতি আকৰ্ষিত হ’ল। এদিন সন্ধিয়া বৰকৈ বৰষুণ হোৱাত কাম বন্ধ হ’ল। বৰষুণৰ সময়ত বনুৱাবোৰে দোকানৰ সন্মুখত আশ্ৰয় ললে আৰু বৰষুণ এৰিলত যদুনাথে ৰিক্সাত উঠি ঘৰমুৱা হওঁতে বাটত চুমকীক লগ পাই ৰিক্সাত উঠাই ল’লে আৰু চুমকীৰ থকা ঠাই দিছপুৰৰ কোনোৱা এটি লেতেৰা গলিলৈ গ’ল। কিন্তু তাতে গৈ পোৱাৰ পিছত তেওঁ হৃদয়ত বিষৰ জ্বালা অনুভৱ কৰিব ধৰিলে। তেতিয়া প্ৰথমতে মালতীৰ হাতত পৰাজয়ৰ স্মৃতিটো তেওঁৰ মনত পৰিল আৰু ভাবিলে যে চুমকীৰ ওচৰত এয়া তেওঁৰ জীৱনৰ দ্বিতীয় পৰাজয়।

ওপৰৰ খণ্ড খণ্ড চিত্ৰৰ পৰা দেখা যায় যে গল্পকাৰে সফলতাৰে সমাজৰ সাধাৰণ ঘটনা কেইটামান ফুটাই  তোলাত সক্ষম হৈছে। ঠিকাদাৰ মুহিবুদ্দিনৰ দুৰ্নীতিপূৰ্ণ ঠিকাদাৰী পেছা, কাম কৰা বনুৱাবোৰে সিহঁতৰ লগত কাম কৰা মাইকী মানুহৰ প্ৰতি কৰা কামাসক্ত আচৰণ আৰু শেষত পৰস্ত্ৰীৰ প্ৰতি মহৰীৰ দুবৰ্বলতা আদি দৈনন্দিন সত্য কথা কিছুমান গল্পটিত প্ৰকাশ পাইছে।

চুটিগল্প হিচাপে গল্পটি সোলোক-দুলোক কাৰণ চুটি গল্পৰ আটাইবোৰ বৈশিষ্ট্য এইটোত নাই, কিন্তু চৰিত্ৰ প্ৰধান গল্প হিচাপে গল্পটিৰ আবেদন আছে। ০ ০ ০

অসমীয়া চুটি গল্প সমালোচনা | Asomiya Choti Galpa Samalochana 

ভবেন্দ্র নাথ শইকীয়াৰ চুটিগল্প ‘গহ্বৰ’ এটি সমালোচনাত্মক আলোচনা

ভবেন্দ্র নাথ শইকীয়াৰ ‘গহ্বৰ’ শিৰোনামেৰে লিখা চুটিগল্পটি বিষয়বস্তু, গঠন, ভাষা আৰু বৰ্ণনাৰ বৈচিত্ৰতাৰে ভৰপুৰ এটি ভিন্ন স্বাদৰ অসমীয়া চুটিগল্প। এই গল্পটিৰ পটভূমি অসম নাইবা ভাৰতৰ কোনো এক সমাজ নহয়, কোনো এখন খ্ৰীষ্টান ধৰ্মালম্বী দেশৰ- যি দেশত কৃষ্ণকায় আৰু শ্বেতকায় বৰ্ণৰ মানুহ বসবাস কৰে। চিকিৎসা-বিজ্ঞানৰ সাফল্য, সাম্প্ৰদায়িকতাবাদ, প্ৰেম আৰু মানসিক অন্তদ্বন্দ্ব গল্পটিৰ মূল আলোচ্য বিষয়।

গল্পটি কাহিনী প্ৰধান গল্প হোৱাতকৈ চৰিত্ৰ প্ৰধান গল্প বুলিয়েই ক’ব পাৰি – কাৰণ গল্পটিৰ নায়ক ‘মিঃ পিয়েনাৰ’ নামৰ শ্বেতকায় মানুহ এজনৰ কলিজা  নষ্ট হোৱাত ‘মিঃ স্মিথ’ নামৰ কৃষ্ণকায় মানুহ এজনৰ কলিজা তেওঁৰ শৰীৰত স্থাপন কৰে। এই  কাহিনীক অবলম্বন কৰি গল্পটি আগবাঢ়িছে। বাকীখিনি এই ঘটনাটিৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ ফল বুলি ক’ব পাৰি।

মানুহৰ কলিজা সলনি কৰিব পৰা চিকিৎসা বিজ্ঞানৰ প্ৰাৰম্ভিক অৱস্থাৰ সফলতা হৈছে গল্পটিৰ প্ৰথম আলোচ্য বিষয়। মিঃ পিয়েনাৰ নামৰ এজন ব্যৱসায়ীৰ কলিজা নষ্ট হৈ যোৱাত ডঃ কেম্পেবল নামৰ এজন চিকিৎসা-বিজ্ঞানীয়ে কেইজনমান সহযোগীক লগত লৈ মানুহৰ কলিজা এজন ব্যক্তিৰ শৰীৰৰ পৰা আন এজন ব্যক্তিৰ শৰীৰলৈ সংস্থাপন কৰিব পাৰা যায় নে নেযায় তাৰ ওপৰত গবেষণা আৰম্ভ কৰে আৰু প্ৰায় এশ ওঠৰ দিন নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত  ডঃ কেম্পেবলে সফলতাৰে মিঃ পিয়েনাৰৰ দেহত মটৰ দুৰ্ঘটনাত নিহত হোৱা মিষ্টাৰ স্মিথ নামৰ ৩২ বছৰীয়া যুবকৰ কলিজা সংস্থাপন কৰে। তেওঁৰ এই সাফল্যত চিকিৎসা বিজ্ঞানে নতুন দিশত এখোজ আগবাঢ়ি যায়। দেশ-বিদেশৰ বহুতো সাংবাদিকে ডঃ কেম্পেবলৰ গৌৰৱ ঘোষণা কৰিলে। হাজাৰ হাজাৰ জনতাই তেওঁক অভিনন্দন জনালে। এশ ওঠৰ দিন হাচপাতালৰ পৰিৱেশত কটোৱাৰ পিছত মিঃ পিয়েনাৰে নিজা ঘৰলৈ ওভতি গ’ল আৰু কেইদিনমান জিৰণি লৈ স্বাভাৱিক কাম-কাজ অৰ্থাৎ নিজৰ ব্যৱসায় চোৱা-চিতা কৰিব ধৰিলে। মিচেচ পিয়েনাৰো ব্যৱসায়ত জড়িত আছিল যদিও ইতিমধ্যে আজৰি সময়ত মিঃ পিয়েনাৰে ৰাজনীতি আৰু সমাজনীতি চৰ্চাত সোমাই পৰিল। ফলত এটি বেচৰকাৰী ৰাজনৈতিক সংঘত যোগ দিলে। লগে লগে গল্পৰ কাহিনীয়েও মূৰ সলালে। মিঃ পিয়েনাৰে যি ৰাজনৈতিক সংঘত যোগদান কৰিলে সেইটো আছিল সাম্প্ৰদায়িক ভাবাপন্ন। আটাইকেইজন সদস্যই আছিল শ্বেতকায় বৰ্ণৰ। সিহঁতৰ মূল নীতি আছিল কৃষ্ণকায় বৰ্ণৰ লোকসকলক সকলো অধিকাৰৰ পৰা বঞ্চিত কৰি শ্বেতকায় লোকসকলৰ প্ৰভুত্ব বিস্তাৰ কৰা। সিহঁতে যুক্তি দৰ্শাইছিল যে এডোখৰ ঠাইত জন্ম গ্ৰহণ কৰিলেই ঠাইডোখৰ সেই মানুহগোটৰ হৈ  নাযায়। কিছুমান হাবিত হাজাৰ হাজাৰ বান্দৰে জন্ম গ্ৰহণ কৰে, কিন্তু সেই হাবিটো বান্দৰৰ নহয়। সেই দেশত বহুতো কলা ছালৰ মানুহ জন্ম গ্ৰহণ কৰিছিল আৰু মৰিছিল সেই বুলিয়েই দেশখন সিহঁতৰ হ’বনে? ধকধকীয়া বগা ছালৰ এক শ্ৰেণীৰ মানুহ ভগবানে ভুলতে সৃষ্টি কৰা নাই। মানুহৰ ছালৰ এই  দুটা ৰঙৰ মাজতে সৃষ্টিকৰ্তাৰ বক্তব্য লুকাই আছে। উক্ত যুক্তিৰে সিহঁতে সাম্প্ৰদায়িকতাৰ বিষ-ভাষ্প সিচঁৰতি কৰাত লাগি গ’ল। মিঃ পিয়েনাৰ নিজৰ দক্ষতাৰ গুণত সাধাৰণ সদস্য পদৰ পৰা দোপতদোপে উন্নতি কৰি সম্পাদকৰ পদ পালে আৰু মিচেচ পিয়েনাৰকো সংঘৰ সদস্যা কৰি ল’লে। সিহঁত নিয়মিয়াকৈ সংঘত যোগদান কৰিবলৈ ধৰিলে আৰু সিহঁতৰ সংঘৰ মূল নীতি আলোচনা আৰু কাৰ্যকৰীভাৱে প্ৰচাৰ কৰাত লাগিল। কৃষ্ণকায় সম্প্ৰদায়ৰ মানুহখিনিক চহৰৰ পৰা দূৰৈত এচুকত নি চেপা দি ৰাখিল।

এদিনাখন সন্ধিয়া ক্লাৱৰপৰা ওভতি আহোতে কোনোৱা অচিনাকী কৃষ্ণকায় যুৱতি এজনীয়ে পিচৰ পৰা মিঃ পিয়েনাৰক ‘ডাঙৰীয়া’ বুলি মাতিলে। মিঃ পিয়েনাৰে ওভতি চাই ধাৰণা কৰিলে যেন আগতে মানুহজনীক ক’ৰবাত দেখিছে। তেতিয়া সেই তিৰোতাজনীয়ে আগবাঢ়ি আহি নিজৰ চিনাকী দি মিঃ পিয়েনাৰক ক’লেঃ “মই মেৰী, স্মিথৰ পত্নী। মোৰ স্বামী স্মিথ, তেওঁ মটৰ দুৰ্ঘটনাত আহত হৈছিল; তেওঁৰ কলিজাটো কাটি নি ডাক্তৰে আপোনাৰ বুকুত লগাই দিছে। ………….আমাৰ বিয়া হোৱা মাত্ৰ দুমাহ হৈছিল।”

এই চিনাকী হোৱাৰ পিছৰ পৰাই কাহিনীটোৱে দিশ সলাই তৃতীয় স্তৰত ভৰি দিলে। মিচেছ মেৰী স্মিথৰ স্বামী ভক্তি আৰু মিঃ পিয়েনাৰৰ মানসিক অন্তঃদ্বন্দ্ব প্ৰকাশৰ পথ মুকলি হ’ল। দ্বিতীয় দিন আকৌ এবাৰ মিচেছ স্মিথৰ স’তে তেওঁৰ দেখা হ’ল। কেইাটামান নিস্তব্ধ মূহূৰ্ত পাৰ হোৱাৰ পিছত জড়তা মিহলি মাতেৰে পিয়েনাৰে মিচেছ স্মিথক সুধিলে, তুমি মোক কিয় লগ ধৰিছা? তেতিয়া মেৰিয়ে ক’লে,

“……………মোক আপোনাৰ সান্নিধ্য লাগে। মই একেবাৰে নিঃস্ব হৈ গ’লো ডাঙৰীয়া। মোৰ আৰু কোনো নাই। কিন্তু স্মিথৰ কলিজাখন আপোনাৰ বুকুত আছে। আমি কলিজাৰ লগতে মানুহৰ অন্তৰ থাকে বুলি ভাৱো।”

আন এদিনাখন মিচেছ মেৰী স্মিথে মিঃ পিয়েনাৰক লগ ধৰি কাতৰ ভাবে  ক’লে–

“মোক মাত্ৰ এবাৰ আপোনাৰ বুকুত মূৰ থৈ স্মিথৰ কলিজাৰ স্পন্দন শুনিবলৈ, অনুভৱ কৰিবলৈ লাগে।……………সেই  স্পন্দন এই পৃথিবীতে আছে , অথচ মই শুনিবলৈ নাপাওঁ, এইটো বৰ কষ্টকৰ কথা ডাঙৰীয়া। অসহ্য যন্ত্ৰণা।”

সিদিনাৰ এই কথাবোৰ পিয়েনাৰে ঘৰলৈ গৈ মিচেচ পিয়েনাৰক ক’লে। কথা শুনি ক্রূদ্ধ সাপৰ দৰে মিচেচ পিয়েনাৰে ফোঁচ-ফোঁচাই উঠিল। ৰাতি সিহঁতে একেলগে বিচনাত শুই থাকিল। কিন্তু মিঃ পিয়েনাৰৰ বুকুৰ দপ দপনি ক্ৰমে বাঢ়ি গৈ থাকিল। মাজ নিশা গভীৰ নিস্তব্ধতাৰ মাজত মিচেচ পিয়েনাৰে এক ভয়াল শুম শুম শব্দ শুনিবলৈ পালে। লাহে লাহে সেই শব্দ ডাঙৰ হৈ আহিল – ডাঙৰ আৰু ডাঙৰ আৰু ডাঙৰ। তীব্র অভিমান আৰু ঘৃণাত মিছেছ পিয়েনাৰৰ নাক কোঁচ খাই গ’ল। তাই ভাৱিলে কিমান অচিনাকী হৃদপিণ্ডটো। তাই সেই  চকীৰ পৰা আঁতৰি ঘৰৰ আনটো মূৰত চকীটো টানি নি বেলেগে শুই থাকিল। মিঃ পিয়েনাৰে সাৰ পাই  গম পালে যে তেওঁৰ ঘৈণীয়েকে তেওঁক ঘিণ কৰিছে। হঠাতে তেওঁৰ মিচেচ মেৰী স্মিথৰ কথা মনত পৰিল। তাইৰ ওচৰলৈ যাবলৈ তেওঁৰ মন গ’ল। কিন্তু ক’ত বা থাকে তাই! কিমান বা দূৰত থাকে! নিজৰ বিচনাৰ পৰা শুই থকা অৱস্থাৰ পৰাই  দীঘল কোঠাটোৰ সিটো মূৰত পত্নীৰ বিচনা খনলৈ চাই ভাৱিলে- “অন্ততঃ ইমান দূৰ নহয় চাগে!”

পিছদিনা মিচেছ মেৰীৰ ঠিকনা বিচাৰি তাইৰ ঘৰৰ সন্মুখত গাড়ী ৰখালে। বহুত মানুহে তেওঁক চাই অভিনন্দন জনাবলৈ আগবাঢ়ি আহিল। মানুহৰ ভিৰৰ মাজত মিঃ পিয়েনাৰে মিচেছ স্মিথৰ লগত বিশেষ একো কথা বতৰা পাতিব নোৱাৰি ওভতি আহিল। ইপিনে তেওঁ নিষিদ্ধ কৃষ্ণকায় মানুহবোৰৰ এলেকা ভ্ৰমণ কৰাৰ বাবে তেওঁৰ স্ত্ৰী আনকি সংঘৰ সদস্যবোৰে সচকিত আৰু বিষ্মিত হৈ উঠিল। মিঃ পিয়েনাৰে লাহে লাহে মানসিক অন্তঃদ্বন্দ্বত ভূগিবলৈ ধৰিলে। তেওঁ নিজকে ভাৱিলে তেওঁ যেন লাহে লাহে ক’লা হৈ আছে। শৰীৰটো কৃষ্ণকায় মানুহৰ দৰে পৰিৱৰ্তন হৈ আছে। তেওঁ আকৌ ভাৱিলে কৃষ্ণকায় মানুহৰ কলিজা তেওঁৰ বুকুত সংস্থাপন কৰাৰ বাবেই কিজানি তেওঁৰ দেহৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন হৈ আছে। তেওঁ নিজকে পৃথিৱীৰ শ্ৰেষ্ট পংগু, সকলোতকৈ নিঃস্ব, একেবাৰে অকলশৰীয়া, কলিজা নোহোৱা জীৱ বুলি হীনমন্যতাত ভূগিব ধৰিলে। পিছত দিনাখন তেওঁ এখন (টেক্সীৰে) মিচেচ স্মিথৰ ঘৰলৈ গৈ তাইক উদ্দেশ্য ক’লেঃ 

“স্মিথৰ কলিজাটোৰ স্পন্দন ধবনি শুনিবলৈ তোমাৰ মন যায় নহয়?”

মেৰিয়ে ক’লেঃ “হয় ডাঙৰীয়া হয়।”

পিয়েনাৰে চকীত আঁউজি ক’লে– “আহা আহা, মোৰ বুকুৰ ওপৰত মূৰ থোৱা। প্ৰাণ ভৰি কলিজাটোৰ শব্দ শুনি লোৱা।”

এইখিনি কৈয়েই পকেটৰ পৰা ৰিভলভাৰটো উলিয়ালে। মেৰিয়ে ব্যাকুলভাৱে বাধা দি পিয়েনাৰৰ বুকুত কাণ থৈ পৰি থাকিল। এসময়ত তেওঁ মেৰীৰ ঘৰৰ পৰা ওলাই আহিল। পিছদিনা পুৱা ঘৰৰ ওচৰত পাৰ্কখনত তেওঁৰ মৃত দেহটো পৰি থকা আৱিষ্কাৰ হ’ল।

এই তৃতীয় কাহিনীটোৰ পৰা স্মিথৰ স্বামী ভক্তি স্পষ্টভাৱে প্ৰকাশ পাইছে। তাইৰ স্বামীৰ হৃদপিণ্ডটো পিয়েনাৰৰ বুকুত স্থাপন ক’ৰাত পিয়েনাৰক যি ভক্তি আৰু  তেওঁৰ লগত যি আচৰণ কৰিছে তাত তাইৰ স্বামীৰ প্ৰতি অগাধ ভক্তি আৰু বিশ্বাস প্ৰকাশ পাইছে। দ্বিতীয়তে মিঃ পিয়েনাৰে তেওঁৰ কলিজাটো সলনি কৰা বাবে মানসিক অন্তঃদ্বন্দ্বত ভূগিছে যেন তেওঁৰ আচাৰ-ব্যৱহাৰ আৰু শৰীৰৰ ৰং আনকি অনুভূতিও সলনি হৈ আছে। তেওঁ সংঘৰ সদস্য হিচাপে কাৰ্য্যতঃ ক্ৰমাৎ যেন সংঘৰ লক্ষ্য আৰু নীতিৰ পৰা আঁতৰি আহিছে আৰু ক্ৰমে ক্ৰমে যেন কৃষ্ণকায় অৰ্থাৎ সংঘই ঘিণ কৰা সম্প্ৰদায়ৰ ওচৰলৈ আগবাঢ়ি গৈ আছে।

গল্পটিত গল্পকাৰ ভবেন্দ্ৰ নাথ শইকীয়াই দেখ্‌দেখ্‌কৈ তিনি ঐক্য (Three Unities) – কাহিনীৰ ঐক্য, সময়ৰ ঐক্য আৰু স্থানৰ ঐক্য ভঙ্গ কৰিছে। গল্পটিৰ কাহিনীভাগে কেইবাটাও দিনৰ ঘটনাক সামৰি লৈছে যদিও এইটো সৰু উপন্যাস (Novella) নহয়। কিয়নো কাহিনীটোৱে মিঃ পিয়েনাৰৰ অপাৰেশন কৰাৰ পিছৰ কেইটামান দিনৰ প্ৰতিক্ৰিয়াহে প্ৰতিফলিত কৰিছে; সাধাৰনতে উপন্যাসত প্ৰকাশ পোৱা দৰে জীৱনৰ দীৰ্ঘ ঘটনাৰ বিস্তাৰিত বৰ্ণনা  নাই। অৱশ্যে চুটিগল্পত কাহিনীৰ ঐক্য আৰু উদ্দেশ্যৰ ঐক্য থকা উচিত যদিও লিখকে গল্পটোত এই কাহিনীৰ ঐক্যৰ পৰা ফালৰি কাটিছে। অৱশ্যে উদ্দেশ্যৰ ঐক্য ঠিক ৰখাত কিছু পৰিমাণে সফলতা লাভ কৰিছে।

গল্পটি, চুটি গল্প হিচাপে বিশাল পৰিসৰৰ যদিও ইয়াৰ গঠন (Structure) অত বিশেষ কোনো জটিলতা নাই। কাহিনীটোৱে আৰম্ভণিৰ পৰা শীৰ্ষ বিন্দুৰ মাজেৰে পৰিণতিলৈ স্বাভাৱিকভাৱেই গতি কৰিছে। কলিজাটো মিঃ পিয়েনাৰৰ বুকুত সংস্থাপনৰ পিচৰ পৰাই গল্পটি আৰম্ভ হৈছে আৰু দ্বিতীয় দিন মিচেছ মেৰী স্মিথ মিঃ পিয়েনাৰক লগ ধৰা সময়ত শীৰ্ষ বিন্দু পাইছে আৰু লাহে লাহে নামি গৈ মিঃ পিয়েনাৰে দ্বিতীয়বাৰ অকলশৰীয়াকৈ মিচেচ স্মিথৰ ঘৰলৈ যোৱা সময়তেই পৰিণতি পাইছে।

গল্পকাৰ ভবেন্দ্ৰ নাথ শইকীয়াৰ আৰম্ভণিটো বিশেষ বৰ্ণনা-বহুল আৰু ঔৎসুকতাৰে ভৰপুৰ। গল্পকাৰে বিশেষ ধৈৰ্য্যসহকাৰে কৌতুহল সমন্বিতে দুই পৃষ্টাতকৈ অধিক আৰম্ভণিৰ নামতে খৰচ কৰিছে। গল্পটো নাটকীয় বৰ্ণনাৰে আৰম্ভ হৈছে আৰু নাটকীয় ৰূপতে শেষ হৈছে। মুঠতে গল্পটি কলাত্মক (artistic) দিশত সফল আৰু আকৰ্ষণীয়।

এই গল্পটিত কেইবাটাও চৰিত্ৰ আছে যদিও তাৰ মাজত মিঃ  পিয়েনাৰ, মিচেচ মেৰী স্মিথ আৰু মিচেচ পিয়েনাৰ প্ৰধান।

মিঃ পিয়েনাৰৰ চৰিত্ৰটোৱেই গল্পটিৰ প্ৰধান আকৰ্ষণ। গল্পকাৰে যিমান পাৰে সিমান নিখুঁতভাৱে তেওঁৰ ভূমিকাটো অংকন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে আৰু সফলো হৈছে। তেওঁ হৈছে শিক্ষিত আৰু সমাজত প্ৰভাৱশালী ব্যক্তি। আগতে চৰকাৰী চাকৰি কৰিছিল যদিও মিচেচ পিয়েনাৰৰ লগত বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত চাকৰি এৰি দি কাগজৰ ব্যবসায়ত সোমায় আৰু বিশেষ প্রতিপত্তি লাভ কৰে। তেওঁ শ্বেতকায় বৰ্ণৰ খৃষ্টান ধৰ্মালম্বী লোক। তেওঁৰ হৃদপিণ্ডটো নষ্ট হৈ যোৱা বাবে মিষ্টাৰ স্মিথ নামৰ বত্ৰিশ বছৰীয়া ডেকা এজনৰ হৃদপিণ্ড ডঃ কেম্বেবল নামৰ এজন চিকিৎসকে সফলতাৰে তেওঁৰ বুকুত সংস্থাপন কৰি মিঃ পিয়েনাৰক জীয়াই তোলে। তাৰ পিছত তেওঁ ব্যবসায়ৰ লগতে ৰাজনীতি আৰু সমাজনীতি চৰ্চাত মনোনিেবশ কৰে আৰু তেতিয়াৰ পৰাই তেওঁ সাম্প্ৰদায়িক হৈ উঠে আৰু কলা বৰ্ণৰ খৃষ্টানসকলক ঘিণ কৰিবলৈ লয়। কিন্তু মিচেচ মেৰী স্মিথৰ লগত চিনাকী হোৱাৰ পিছৰপৰা তেওঁ তেওঁৰ সংঘৰ আদৰ্শ আৰু ব্যক্তিগত প্রবৃত্তিৰ মাজত অন্তঃদ্বন্দ্বত লিপ্ত হয়। অৱশেষত তেওঁৰ মানৱীয় প্রবৃত্তিৰ জয় হয় আৰু মিচেচ মেৰী স্মিথৰ সান্নিধ্যলৈ যায় যদিও মানসিক অন্তঃদ্বন্দ্বৰ শীৰ্ষ সীমাত উপনীত হৈ  আকস্মিকভাৱে মৃত্যু মুখত পৰে।

তেওঁৰ চৰিত্ৰত আদৰ্শনীয় আৰ্হি আছিল যদিও সংঘত যোগ দিয়াৰ পিছত তেওঁৰ আদৰ্শই দিশ সলায়। অৱশেষত তেওঁৰ আত্ম-উপলব্ধিৰ দ্বাৰা বুজি পাবলৈ সক্ষম হৈছিল যে শ্বেত আৰু কৃষ্ণ বৰ্ণৰ মাজৰ বিৰোধটো আচলতে মানবীয় গুণৰ বিৰোধী ধাৰণা। তেওঁৰ মৃত্যু মানেই সাম্প্ৰদায়িকতাবাদৰ প্ৰতীকি মৃত্যু বুজাইছে। অসমীয়া গল্প সাহিত্যত এনে অন্তঃদ্বন্দ্বত ভুগা চৰিত্ৰ অতি তাকৰ আৰু ভবেন্দ্ৰনাথ শইকীয়াই সফলতাৰে এনে চৰিত্ৰ ফুটাই তোলাত কৃতকার্য হৈছে।

দ্বিতীয় আকৰ্ষণীয় চৰিত্ৰটি হৈছে মিচেচ স্মিথ। তাই মিষ্টাৰ স্মিথৰ পত্নী। মাত্ৰ দুমাহ আগতে মিঃ স্মিথৰ লগত তাইৰ বিয়া হৈছিল আৰু এদিন সান্ধ্য ভ্ৰমণৰ পৰা ওভতি অহাৰ সময়ত-গাড়ী দুৰ্ঘটনাত মিঃ স্মিথ আহত হৈছিল আৰু পিছত মৃত্যু বৰণ কৰিছিল। তেওঁৰ কলিজাটো মিঃ পিয়েনাৰৰ বুকুত সংস্থাপন কৰা হৈছিল। সেয়ে মিচেচ স্মিথ অকালতে বিধৱা হয়। মিঃ পিয়েনাৰে তাইৰ নাম শুনিছিল আৰু দেখিছিল যদিও কোনো প্ৰভাৱ ৰাখিব পৰা নাছিল। গল্পৰ প্ৰায় মাজ ভাগত তাই আবিৰ্ভাৱ হয় আৰু মৃত স্বামীৰ প্ৰতি থকা তাইৰ আকৰ্ষণ আৰু ভক্তি পিয়েনাৰৰ লগত কৰা আচৰণত প্ৰকাশ পায়। তাই ভাবিছিল যে কলিজাতে মানুহৰ অন্তৰ লুকাই থাকে আৰু যিহেতু তাইৰ স্বামীৰ কলিজাটো মিঃ পিয়েনাৰৰ বুকুত আছে সেয়ে মিঃ পিয়েনাৰৰ বুকুত মূৰ থৈ তাই স্বামীৰ স্পৰ্শ অনুভৱ কৰিব বিচাৰে। অবশেষত তাইৰ জয় হ’ল। গল্পকাৰে তাইৰ চৰিত্ৰটো অংকন কৰোতে সফলতাৰ চানেকী দিব পাৰিছে।

বাকী চৰিত্ৰবোৰ অতি সংক্ষিপ্ত আৰু তেনেই নিষ্প্ৰভা। ডঃ কেম্বেবল এজন দক্ষ চিকিৎসক। তাৰোপৰি তেওঁ মাজে মাজে মিঃ পিয়েনাৰৰ স্বাস্থ্যৰ খবৰ লৈ ডাক্তৰ এজনৰ  দায়িত্ব পালন কৰিছে। তেওঁ গল্পটোৰ নায়কজনক জীৱন দান কৰিছে সঁচা; কিন্তু গল্পৰ বাকী অংশত তেওঁ বিশেষ কোনো ভূমিকা  নাই।

মিচেচ পিয়েনাৰৰ চৰিত্ৰটোও সৰল আৰু চুটি। তাই স্বামীৰ লগতে ব্যবসায় চলাইছে আৰু ৰাজনৈতিক সংঘত যোগদান কৰি সাম্প্ৰদায়িকতাৰ সপক্ষে আগবাঢ়িছে। তাইয়ো সাধাৰণ তিৰোতাৰ দৰে স্বামীৰ প্ৰতি আকৰ্ষণ আৰু প্ৰেম দেখুৱাইছে যদিও শেষত স্বামীৰ প্ৰতি ঘৃণা ভাৱ পোষণ কৰা পৰিলক্ষিত হৈছে আৰু এই ঘৃণাৰ কাৰণটো মাথো এটাই- সেয়া হৈছে তাইৰ স্বামীয়ে কৃষ্ণবৰ্ণৰ লোক এজনৰ কলিজা বুকুত ধাৰণ কৰিছে। মিঃ পিয়েনাৰে গোপনে মিচেচ স্মিথক লগ ধৰাৰ বাবে তাই ক্ষোভ আৰু খং  প্ৰকাশ কৰিছে যদিও এইয়া নাৰীৰ সাধাৰণ অভিমান বুলি ক’ব পাৰি।

মুঠতে ভবেন্দ্ৰনাথ শইকীয়াৰ সকলোবোৰ চৰিত্ৰই পৰিৱেশৰ চাপত পৰি হাবু-ডুবু খাইছে আৰু কোনেও পৰিস্থিতিৰ আবেষ্টনী পৰা বাহিৰ ওলাব পৰা নাই।

ভবেন্দ্র নাথ শইকীয়াই গল্পৰ কাহিনীৰ লগত খাব খুৱাব পৰাকৈ নিখুঁত পৰিৱেশ অংকন কৰাত পাকৈত। তেওঁ সৰু-সুৰা ঘটনা আৰু পৰিস্থিতিকো ফুটাই তোলাত বৰ দক্ষ। গল্পটিৰ আৰম্ভণিৰ পৰিৱেশ বৰ্ণনা আকৰ্ষণীয় আৰু ঔৎসুকতাৰে ভৰ পুৰ।

গল্পকাৰে গল্পটিত কথোপকথন ব্যৱহাৰ কৰিছে যদিও কোনো অযথা কথোপকথন ব্যৱহাৰ কৰি গল্পটিত বাহুল্য বৃদ্ধি কৰা নাই। তেওঁ মাথো সেইখিনি সংলাপ তেওঁৰ চৰিত্ৰসমূহৰ মুখত সানি দিছে যিখিনিয়ে গল্পটি আগবঢ়াই নিয়াত অৰিহনা যোগায়।

গল্পটিত লিখকৰ জীৱন দৰ্শন প্ৰকাশ নোপোৱাকৈ থকা নাই। গল্পটি বৰ্ণনা কৰোতে মাজে মাজে লিখকৰ সাধাৰণ চিন্তাশীল মন্তব্য প্ৰকাশ পাইছে য’ৰ পৰা লিখকৰ জীৱন দৰ্শনৰ সম্যক আভাষ পাব পাৰি। কিন্তু দাৰ্শনিকৰ দৰে লিখকে কোনো সঠিক সিদ্ধান্তত প্ৰত্যক্ষভাৱে উপনীত হোৱা দেখা নাযায়।

ভবেন্দ্ৰনাথ শইকীয়াৰ ভাষা সৰল নাইবা  জটিলো নহয়। মাজে মাজে উপমা অলংকাৰৰ প্ৰয়োগ দেখা যায়, যেনে- “যুদ্ধৰ শেষৰ বিজয়সূচক ডবাৰ ধবনি যেন লাগিল”; “নামটো গিলাচৰ ঔষধৰ বুৰবুৰণিৰ নিচিনাকৈ অদৃশ্য হৈ গৈছে”, “ক্রদ্ধ সাপিনীৰ নিচিনাকৈ মিচেচ পিয়েনাৰে ফোঁচ ফোঁচাই উঠিল।” 

গল্পটিত তিনি ঐক্যৰ ভঙ্গ হৈছে  যদিও আকৰ্ষণীয় বৰ্ণনা, বাস্তৱ ভিত্তিকঘটনা, নিখুত চৰিত্ৰাঙ্কন, পৰিমিত কথোপকথন আৰু পুংখানুপুংখ পৰিৱেশ পৰিৱেশনত গল্পটি অসমীয়া গল্প সাহিত্যৰ ভঁৰালত এটি উৎকৃষ্ট অৱদান। ০ ০ ০

অসমীয়া চুটি গল্প সমালোচনা | Asomiya Choti Galpa Samalochana 

ভবেন্দ্র নাথ শইকীয়াৰ চুটিগল্প ‘ঢোৰাসাপ’ এক  সমালোচনাত্মক আলোচনা

ভবেন্দ্র নাথ শইকীয়াৰ ‘ঢোৰাসাপ’  শিৰোনামেৰে লিখা চুটিগল্পটি এটি সামাজিক চুটিগল্প। গল্পটিত কোনো এটি সুনিৰ্দ্দিষ্ট কাহিনী নাই। গল্পটি ‘জানেকী’ নামৰ এজনী কুৎসিত আৰু শাৰীৰিকভাৱ দুবৰ্বল ছোৱালীক কেন্দ্ৰ কৰি  গঢ়ি উঠা কেইবাটাও খণ্ড-খণ্ড ঘটনাৰ বিন্যাসহে- যি ঘটনাবোৰৰ মাজেদি নাৰীৰ প্ৰতি পুৰুষৰ শাৰীৰিক প্ৰেম প্ৰকাশ পাইছে। গল্পটিৰ কাহিনী কোনো এক বিন্দুৰ পৰা আৰম্ভ হৈ শীৰ্ষবিন্দু আৰু উপংহাৰৰ মাজেদি পৰিণতিলৈ আগবাঢ়ি যোৱা নাই। ‘জানেকী’ নামৰ অনাকৰ্ষণীয় ছোৱালীজনীক লৈ কেইবাজন পুৰুষে যি কামনাৰ  আকৰ্ষণ দেখুৱাইছে গল্পটি তাৰেইে চিত্ৰ।

গল্পটিৰ আৰম্ভণি বিশেষ আকৰ্ষণীয় আৰু চমকপ্ৰদ। ইয়াত হাস্যৰসৰ খলকনি আছে। ‘লীলাকান্ত’ নামৰ মানুহ এজনে ‘চন্দ্ৰিকা’ নামৰ ছোৱালী এজনীক বিয়া কৰায়। নীলকান্ত আছিল ‘জানেকী’ নামৰ এজনী ছোৱালীৰ প্ৰেমিক। তেওঁ জানেকীক এখন ফুলাম চাদৰ উপহাৰ দিছিল। লীলাকান্তই সেই চাদৰখন ধাৰে আনি নিজৰ ঘৈনীয়েক চন্দ্ৰিকাক পিন্ধাই এখন ফটো তুলিছিল। চাদৰখনেৰে ফটোখন বিশেষ আকৰ্ষণীয় হৈছিল। চন্দ্ৰিকাই ফটোখন দেখি খুব আনন্দিত হৈছিল। লগতে গাঁৱৰ বহুত তিৰোতাই আহি ফটোখন উপভোগ কৰিছিল। যি ফুলাম চাদৰ পিন্ধি চন্দ্ৰিকাই  ফটোখন উঠিছিল সেয়া যে তাইৰ স্বামী লীলাকান্তই পূৰ্বৰ প্ৰেয়সী জানেকীক উপহাৰ দিছিল আৰু তাইৰ পৰাই ধাৰ কৰি নীলকান্তই চন্দ্ৰিকাক পিন্ধাইছে, সেই কথা চন্দ্ৰিকাই জনা নাছিল।

ইয়াৰ পিছতেই গল্পটিয়ে মূৰ সলায়। গল্পকাৰে চন্দ্ৰিকা আৰু লীলাকান্তক এৰি জানেকী আৰু আন কেইজনমান গাঁৱলীয়া ডেকা ল’ৰাৰ চিত্ৰ অংকন কৰিছে- যিসকল ডেকাই জানেকীৰ লগত প্ৰেম কৰাৰ অভিনয়েৰে জানেকীক উপভোগ কৰিব বিচাৰিছিল।

জানেকীৰ বয়স একুৰি বাৰ বছৰ। অবিবাহিত। কোনেও তাইক বিয়া কৰোৱা নাই যদিও বহু পুৰুষে তাইৰ লগত প্ৰেমৰ অভিনয় কৰি ভোগ কৰিব বিচাৰিছে। তাইৰ দোষটো হৈছে তাই শাৰীৰিকভাৱে দুৰ্বল চেহেৰাৰ। তাই অতি ওখ। আঙুলিবোৰে কঁঠুৱা। ছাল কুঁজখুৱা। চকু গাঁতলৈ সোমাই যোৱা। জানেকীৰ বাপেক নাই। ‘সাবিত্ৰী’ নামেৰে এজনী সৰু ভন্টি আৰু ‘সুগন্ধি বুঢ়ী’ নামেৰে এজনী বুঢ়ী আই  আছে। জানেকীক চাবলৈ কেইবাৰো কেইবাজন ডেকা ল’ৰা আহিল যদিও কোনেও তাইক বিয়া নকৰালে। এবাৰ ‘মনোমোহন’ নামৰ ডেকা এজন ওলাল। তেওঁ চৰকাৰী ছিটাদাৰ। আই (কলেৰা, বসন্ত) ৰোগৰ প্ৰদুৰ্ভাৱ হ’লেই তেওঁ গাঁৱে-গাঁৱে, ঘৰে-ঘৰে ছিটা দি ফুৰিব লাগে আৰু তাতেই খবৰ পায় কাৰ ঘৰত ছা-ছোৱালী আছে। মনোমোহনেও এবাৰ জানেকীক চাই গ’ল। জানেকীক পচন্দ হ’লনে নাই তেওঁ একো নকলে যদিও মাজে মাজে জানেকীহঁতৰ ঘৰলৈ আহি থাকিল। জানেকীৰ সৰু ভন্টি সাবিত্ৰীয়ে সোধ-পোচ কৰে আৰু জা-জলপানৰ যোগান ধৰে। মুখত হাঁহি আৰু ধেমেলীয়া কথা-বতৰা। ‘সুগন্ধি বুঢ়ী’ৰ লগত সি গুন গুন কৈ জানেকীৰ বিয়া-বাৰুৰ কথাও পাতিলে। এনকৈয়ে তেওঁৰ আহ-যাহ চলি থাকিল। এবছৰ গ’ল। এদিন হঠাৎ সাবিত্ৰিয়ে ঘৰত জনালে যে তাই অন্তঃসত্বা। মনোমোহনৰ কামনাৰ বলি। জানেকীৰ ভাৱলৈ আহি সাবিত্ৰীৰ লগত দৈহিক সম্বন্ধ। এদিন ৰাতি সাবিত্ৰী মনোমোহনৰ লগত ঘৰৰ পৰা ওলাই গ’ল।

ইয়াৰ পিছত ‘ৰুদ্ৰ’ নামৰ ল’ৰা এজনৰ কবলত পৰিল জানেকী। এদিন ভাওনাৰ পৰা ৰাতি অকলে ঘৰলৈ ওভতি আহোতে ৰুদ্ৰই তাইক লগ ধৰিলে।  বাটত তাইৰ প্ৰতি তেওঁৰ আকৰ্ষণ প্ৰকাশ কৰিলে। মাজে মাজে তাই জানেকীহঁতৰ ঘৰলৈ আহি থাকিল। এদিন ৰুদ্ৰই জানেকীৰ বাবে পকা মালভোগ কলো আনিলে। তাইৰ লগত হাঁহি -ধেমালীৰে কথা আৰম্ভ কৰিলে। এদিন জানেকীয়ে ৰুদ্ৰক ক’লে–

“এটা কথা নহয় ককাইটি; তোৰ কিবা কথা পাতিব লগা আছে, আইৰ লগতে পাত। আৰু তোৰ পিতায়েৰ বৌৱেৰহঁতৰ লগত পাত। তাৰ পিছত যি হয় হ’ব।”

তাৰ পিছত ৰুদ্ৰই অৱশ্যে একো ক’বলগীয়া নহল। ৰুদ্ৰৰ পিতাকে কথাটো গম পাই ৰুদ্ৰক ডাবি-ধমকি দিলে। সিহঁতৰ সম্বন্ধ সিমানতে অন্ত পৰিল।

ইয়াৰ পিছত আহিল ‘তেপাধৰ’ নামৰ ষ্ট্ৰীম ৰোলাৰৰ ড্ৰাইভাৰ এজন। তেওঁ ৰাস্তা পকী কৰা কামত জীনেকীহঁতৰ অঞ্চললৈ আহিছিল। তেপাধৰে সময় বুজি জানেকীহঁতৰ ঘৰৰ পিছফালে বেৰখনত টুকুৰিয়াই টুকুৰিয়াই জানেকীক সংকেত দিলে।  জানেকীয়ে তেওঁৰ সংকেতত সঁহাৰি নিদিলে।  তেপাধৰ সিদিনা গুচি গ’ল আৰু কোনো দিন নাহিল।

ইয়াৰ পিছত আহিল লীলাকান্ত। তেওঁ গাওঁখনৰ আটাইতকৈ গহীন-গম্ভীৰ মানুহ। ল’ৰা-ছোৱালী তাৰ কাষ চপা দূৰৰ কথা, সমনীয়া মানুহেও তাৰ লগত জুখি-মাখিহে কথা কয়। কামৰ সময়ত কাম কৰে। বাটত ফুৰিলে তলমূৰকৈ ফুৰে। কোনোবাই বিয়া-বাৰুৰ কথা উলিয়ালে সি আন কথা উলিয়ায়। তেওঁৰ মাক তেওঁ সৰু থাকোতেই ঢুকাইছে। তেওঁ এবাৰ জানেকীহঁতৰ ঘৰৰ পিছফালে প্ৰকাণ্ড শিলিখা গছ এটা কিনি লৈছিল। মানুহ লগাই দি কটালে। মিস্ত্ৰী লগাই তক্তা বনাব লাগিছে। সেই উদ্দেশেই তেওঁ জানেকীহঁতৰ ঘৰলৈ যায় আৰু জানেকীৰ লগত অনৰ্গল কথা পাতে।  এদিনাখন লীলাকান্তই তাইক ক’লে–

“তোক দেখি মোৰ বৰ ভাল লাগে।’

এদিন লীলাকান্তই তাইক ৰঙা ফুলাম পাৰিৰ চিল্কৰ চাদৰ এখন উপহাৰ দিলে।  জানেকীয়ে গ্ৰহণ কৰিব নুখুজিছিল যদিও সুগন্ধি বুঢ়ীৰ কথাত তাই চাদৰখন ৰাখি থলে। লীলাকান্তই সেই ঘৰত মাজে মাজে  আহি থকা কথাটো গাঁৱৰ মানুহে সহজভাৱে গ্ৰহণ কৰিব নোৱাৰিলে।  সেয়ে সিহঁতে এদিন ‘চন্দ্ৰিকা’ নামৰ ছোৱালী এজনীৰৰ লগত লীলাকান্তৰ বিয়া পাতি দিলে। লীলাকান্তই জানেকীৰ ঘৰত আৰু অহা নহ’ল। লীলাকান্ত ফাৰ্মত থাকে আৰু চন্দ্ৰিকা থাকে ঘৰত। দিনৰ দিনটো অকলে ঘৰত বহি থাকি চন্দ্ৰিকাৰ ভাল নালাগে। সেয়ে এদিন স্বামী-স্ত্ৰীয়ে মিলি ফটো তুলিবলৈ ইচ্ছা কৰিলে। লীলাকান্তই জানেকীক দিয়া সেই ৰঙা পাৰীৰ ফুলাম চাদৰখন ধাৰ কৰি আনি স্বামী-স্ত্ৰী দুয়োজনে একেলগে ফটো তুলিলে। পিছত কোনোৱা সৰু ল’ৰাৰ হতুৱাই সেই চাদৰখন জানেকীলৈ ঘূৰাই পঠায় যদিও  কাপোৰখনত সেন্দুৰৰ ফুট লাগি আছিল আৰু লেতেৰাও হৈছিল। সেয়ে জানেকীৰ খং উঠিল আৰু নিজেই চাদৰখন ঘূৰাই দিবলৈ এদিন লীলাকান্তৰ ঘৰলৈ গ’ল। জানেকীয়ে ক’লে যে তেওঁ দিয়া বস্তু তাইৰ নালাগে। তেঁৱেই ৰাখি থওঁক।  জানেকীয়ে ক’লে–

“এঃ নালাগে দে, মৰমৰ মানুহজনী থাকিব ইয়াত, তোৰ হেঁপাহৰ দাচৰখন থাকিব মোৰ বাকচত পৰি। এইবোৰ থান-বান হৈ থকা কথা বেয়া। আটাইবোৰ থুপ খুৱাই থব লাগে। বুইছ? মই যাওঁ দে।”

বেৰৰ আঁৰত পিৰালি মচি থকা চন্দ্ৰিকাই কথা-বতৰা শুনি আছিল। তাইৰ আৰু পিৰালি মচা নহ’ল। তাই ফটোখন বাহিৰ কৰি আনিলে। তাই আৰু ফটোখনৰ ফুলাম চাদৰখনলৈ চাব নোৱাৰিলে।  তাইৰ ভাৱ হ’ল যেন ভৰিৰ পৰা আৰম্ভ কৰি এডাল প্ৰকাণ্ড সাপে তাইক মেৰিয়াই ধৰিছে। এৰিও নিদিয়ে গিলিও নেপেলায়। 

গল্পটো ইয়াতে শেষ। কিন্তু গল্পটিৰ সতে জড়িত থকা চৰিত্ৰসমূহৰ চৰিত্ৰৰ দিশ কেইটামান ফুটি উঠিছে। গল্পটি কেইবাটাও সৰু-সৰু ঘটনাৰ সমাবেশ- যি সৰু-সৰু ঘটনা নিজেই একো-একোটা গল্প হ’ব পাৰিলেহেঁতেন। এনে গল্পক মিশ্ৰ গল্প (Compound Short Story) ক’ব পাৰি।

গল্পৰ আন আন উপাদান যেনে – কথোপকথন, পৰিৱেশ সৃষ্টি, লিখকৰ জীৱন দৰ্শন আদিও গল্পটিত বিদ্যমান। লিখকে গল্পটিত সামাজিক চিত্ৰ ফুটাই তোলাত সফল হৈছে। গল্পটিৰ ভাষাও বিশেষ বৰ্ণনাত্মক আৰু খুটি-নাটি বৰ্ণনাৰ প্ৰতিও লিখক সচেতন হোৱা যেন প্ৰতীয়মান হয়।

শেষত ক’ব পাৰি গল্পটি বিশেষ আবেদনযুক্ত ভিন্ন শৈলীৰ চুটি গল্প যি শৈলীটো লিখক ভবেন্দ্র নাথ শইকীয়াৰ একান্তই নিজৰ। ০ ০ ০

অসমীয়া চুটি গল্প সমালোচনা | Asomiya Choti Galpa Samalochana 

মহিম বৰাৰ চুটিগল্প “এখন নদীৰ মৃত্যু”- এক সমালোচনা

মহিম বৰাৰ ‘এখন নদীৰ মৃত্যু’ নামৰ চুটিগল্পটি এনে এটি চুটিগল্প যি গল্পটিত নিৰ্দ্দিষ্ট কোনো কাহিনী নাই, কোনো বিশেষ চৰিত্ৰৰ বিকাশ নাই আনকি পৰিৱেশৰো যথাযথ বৰ্ণনা নাই; গল্পটি অসমীয়া সামাজিক জীৱনৰ কেইটামান খণ্ড খণ্ড চিত্ৰৰ সমাবেশহে। আন কথাত গল্পটি কাহিনী প্ৰধান নাইবা চৰিত্ৰ প্ৰধান নাইবা পৰিৱেশ প্ৰধান গল্প নহয়; গল্পটি হৈছে চিত্ৰ প্ৰধানহে। ‘ধনেশ্বৰ’ নামৰ কলংপৰীয়া মাছমৰীয়া এজন মাছ মাৰি ঘৰলৈ ওভতি অহাৰ পিছত কিছুমান গাঁৱলীয়া ল’ৰা-তিৰোতা লগলাগি ধনেশ্বৰে মাৰি অনা মাছবোৰ চাবলৈ আহিছে আৰু ইয়াকে কেন্দ্ৰ কৰি গল্পকাৰে অসমীয়া সামাজিক জীৱনৰ কেইটামান চিত্ৰ অবিকল ফটোৰ দৰে অকনো ৰহন নলগোৱালৈ অংকন কৰিছে। গল্পটিত অসমীয়া সমাজৰ অন্ধবিশ্বাস, ধনীৰ স্বাৰ্থত দুখীয়াৰ ওপৰত জাপি দিয়া দুখৰ বোজা, দৰিদ্ৰতা, প্ৰাকৃতিক সম্পদৰ অৱক্ষয়, অসমীয়া সমাজত চলি থকা ধোঁৱা-খোৱা কুঅভ্যাস, সাধাৰণ প্ৰজাৰ জীৱন ধাৰণ পদ্ধতিৰ প্ৰতি চৰকাৰৰ উদাসীনতা, তিৰোতা মানুহে বজাৰত বস্তু বেচা-কিনা কৰাৰ দস্তৰ, কাম-বনৰ প্ৰতি পিঠি দি তাচ খেলাৰ আড্ডা পতা আদি চিত্ৰ নিঃসংকোচে গল্পটিত অংকিত হৈছে। বহু চিত্ৰ বিশিষ্ট এই শ্ৰেণীৰ গল্প খুব কম যদিও একেবাৰে নাই বুলি ক’ব নোঁৱাৰি। নিৰুপমা বৰগোহাঞিৰ ‘এনথ্ৰপলজিৰ সপোনৰ পিছত’ গল্পটিও এই শ্ৰেণীৰ য’ত অসমীয়া সামাজিক জীৱন ধাৰাৰ প্ৰায় সকলোবোৰ বাহ্যিক আনকি আভ্যন্তৰীণ দিশো স্পষ্টকৈ ফুটি উঠিছে। এই শ্ৰেণীৰ গল্প কাহিনী, চৰিত্ৰ বা পৰিৱেশ অংকনৰ দিশত দুবৰ্বল কিন্তু সমাজৰ বিভিন্ন দিশৰ চিত্ৰ অংকনত সচেতন। এই শ্ৰেণীৰ গল্পক ‘সামাজিক চিত্ৰ প্ৰধান গল্প’ নামেৰে নামাকৰণ কৰিব পাৰি।

গল্পটিৰ কাহিনীভাগ তেনেই সাধাৰণ। ধনেশ্বৰ নামৰ মাছমৰীয়া এজনৰ প্ৰধান ব্যৱসায় হৈছে মাছ মৰা। সি কলংপাৰৰ মাছমৰীয়া। আগতে ধনেশ্বৰে কলং নদীত মাছ মাৰি পৰিয়াল পোহ-পাল দিব পাৰিছিল। নদীটো আছিল কলংপৰীয়া দুখীয়া ৰাইজৰ জীৱিকা অৰ্জনৰ প্ৰধান উৎস। হাজাৰ হাজাৰ ৰাইজে এই নদীত মাছ মাৰি জীৱিকা উপাৰ্জন কৰিছিল। অৱশ্যে নদীটোৰ ক্ষতিকৰ দিশো আছিল। বানপানীৰ সময়ত নদীৰ পানীয়ে মানুহৰ ঘৰ-বাৰী বুৰাই পেলাই অনেক ক্ষতি সাধন কৰিছিল। কিন্তু ক্ষতিতকৈ সাধাৰণ ৰাইজৰ লাভৰ অংকটো বেছি। কিছুমান ধনী লোক আৰু চৰকৰী নেতাৰ প্ৰৰোচনাত চৰকাৰে কলং নদীৰ পাৰ বান্ধি দিলে আনকি কলং নদীটো ক্ৰমে শুকাই খীনাই  গ’ল। আগৰ দৰে কলং নদীটোত পানীও নাই, মাছো নাই। সেয়ে সাধাৰণ ৰাইজৰ জীৱিকাৰ পথো ক্ৰমে বন্ধহৈ আহিল। আগৰ দৰে বৰ্তমানে মাছ নাপাই ধনেশ্বৰে ক্ষোভ কৰি কৈছে,

“এতিয়া এইখন কলং নদী হৈ আছেনে; এইখন গেলা পুখুৰী। মাছ আহিব ক’ৰ পৰা, পানীয়েই নাই। এনেখন স্বাধীন দেশ হ’ল ঐ জীয়া মাৰি পেলালে। এই কলংপাৰৰ মাছৱৈ ৰাইজখনকো যে লগতে মাৰি পেলালে এই চকু থকা ধেন্দেলাহঁতে দেখা নাই নেকি?”

অসমীয়া সমাজত অশিক্ষিত লোকে গোৱাল গালি দিয়াতো পাকৈত। যি গালিত কাৰো কোনো লাভ নহয় আনকি কোনেও সংশোধনো নহয়। ধনেশ্বৰে মাছ মাৰি আহি ঠেং দুখন খজুৱাই খজুৱাই গোৱাল গালি দিছে–

“এনেকুৱা মূৰ্খ মতি দেশ থাকেনে? জীয়া নদী এখন কোনোবা দেশত মাৰি পেলায় নে? কটাৰ পো কটা খোৱাঁহতে ইয়ালৈকে দেশখন স্বাধীন কৰি লৈছিলনে? আধাঘন্টা পানীত থিয় হ’লেই গোটেইখন বখলা-বখল হয়।”

অসমীয়া সমাজত অন্ধবিশ্বাসো অবিৰতভাৱে কোনোৱা ঐতিহাসিক যুগৰ পৰাই চলি আছে। গল্পটিত তাৰো চিত্ৰ অংকিত হৈছে। ধনেশ্বৰে নালীয়াৰ নামেৰে এজন দুখীয়া মাছমৰীয়াৰ ঘৈনীয়েকক কুলক্ষণা বুলি ভাৱে। লিখকে লিখিছে–

“সেই মানুহজনৰ নজৰ বেয়া, তাইক মাছ মাৰিবলৈ যাওতে দেখিলে তাৰ সেই দিনটো অথলে যায়। কেইবাবাৰো প্ৰমাণ পাই থৈছে। আকৌ যিদিনা সি দুটামান মাছ পায়ো; নালীয়াৰ  ঘৈনীয়েকে দেখি যেনেকুৱা উস্‌ আস্‌ আৰম্ভ কৰিব, ৰতন বুঢ়াৰ ওচৰত সিকি এটা, তামোল-পাণ দুখন দি জালখন জৰাই নললে মাছ পোৱা হ’ল আৰু!”

দৰিদ্ৰতা অসমীয়া গাঁৱলীয়া সমাজৰ নিত্য নৈমিত্তিক সমল। দৰিদ্ৰতাৰ চিত্ৰও গল্পটিত ফুটি উঠিছে। গাঁৱৰ কৃষক শ্ৰেণী ক্ৰমে ক্ৰমে দৰিদ্ৰতাৰ অটল গহ্বৰলৈ পোত গৈ আছে। তাৰ বিপৰীতে ব্যৱসায়ী বা চৰকাৰী চাকৰিয়ালসকলে অট্টালিকাৰ ওপৰত অট্টালিকা সাজিছে। নালীয়াৰ ঘৈনীয়েক ভদ্ৰে বোলাজনীৰ মুখত দৰিদ্ৰতাৰ চিত্ৰ লিখকে এনেদৰে ফুটাই তুলিছে–

“মাটি-বাৰী থকা বোলোঁতে আমাকে বুজাইছে যদিও আমাৰ মাটি মুদা মাৰি থৈ আহিছে। নিমখ-তেল, ৰজাৰ খাজনাত লাগি মহাজনকেই মাটিখিনি বেচি দিয়াৰ ঠিক কৰিছে। বাম মাটি আগেয়ে কলংখন বৈ থকাত এই অঞ্চলৰ পথাৰ বিলাকত জীপ আছিল, খেতিও হৈছিল। কলং শুকাই যোৱাৰ লগে লগে খেতি একেবাৰে নোহোৱা হ’ল। নামত মাটি থাকি যদি খাজনাটোৱেই নোলাই তেনেহ’লে মাটিগিৰী হৈ লাভ কি? তাকে আমাৰ ল’ৰাহঁতৰ দেউতাকে কৈছে, মাটিবাৰী বেচি এই  গাওঁ এৰি উত্তৰ পাৰৰ ফালেহে উঠি যাৱ লাগিব।”

ধোঁৱা-খোৱা দস্তৰটো অসমীয়া সমাজত, বিশেষকৈ গাঁৱলীয়া অঞ্চলত পুৰাদমে বিদ্যমান। ধনেশ্বৰৰ পিতাকে ধোঁৱা-খোৱা খায় আৰু বোৱাৰীয়েও শহৰক ধোঁৱা-খোৱা সজাই দিব লাগে। 

অসমৰ বজাৰ আৰু ব্যৱসায়তো ভেজাল। এজনে আনজনক ঠগোৱাৰ বাবে খাদ্য দ্ৰব্যতো ভেজাল সোমাই দিয়ে। ধনেশ্বৰে ঘৈনীয়েকক তেওঁ মাৰি অনা মাছখিনি ধানৰ সলনি বিক্ৰী কৰাৰ উপদেশ দি বজাৰলৈ পঠোৱাৰ সময়ত কৈছে যে তাই মাছৰ লগত থকা সৰু সৰু শামুক বাছি পেলাব নেলাগে। তেওঁ কৈছে, 

“টাউন চহৰত ডাঙৰ ডাঙৰ বৰালি মাছ গোটেই বেচিবৰ হ’লে পেটত সেইদৰে ৰাস্তাৰ শিলগুটি সুমুৱাই বেচে। চাউলৰ বেপাৰীয়ে এমোন চাউলত পাঁচ সেৰ ফান আৰু পাঁচ সেৰ মিহি শিলগুটি মিহলায়। সেইখিনি নকৰিলে ‘বেচাই’ নচলে নহয়। মোৱা মাছত শিলগুটি ভৰাব নালাগে ;কিন্তু শামুকবোৰ বাছি পেলালি কিয়? এই বিলাক সৰু সৰু শামুক মাছৰ লগত থাকেই, জালৰ লগত অহা বস্তু, আমি আনি দিয়া নহয়, নহয়।”

অসমীয়া মানুহে যে এলেহুৱা আৰু কাম-বনৰ প্ৰতি পিঠি দি আড্ডা মাৰি, তাচ খেলি ভাল পায় তাৰ চিত্ৰও গল্পটিত আছে। ধনেশ্বৰে মাছখিনি মাৰি, ভাত কেইগৰামান খাই তাচ পাত লৈ কেন্দুগছ এজোপাৰ ছাঁত বহি ‘টুৱেন্টি নাইন’ খেলিবলৈ যায়। 

উপৰিউক্ত সামাজিক কেৰোন লগা চিত্রবোৰ গল্পটিত প্ৰকট হৈ উঠিছে আৰু গল্পকাৰে কাহিনী বা চৰিত্ৰ ৰূপায়ণ কৰাৰ পৰিৱৰ্তে ইত্যাদি চিত্রবোৰ অংকন কৰাত সফল হৈছে।

গল্পটিত কেইবাটাও চৰিত্ৰ আছে যদিও বেছিভাগ চৰিত্ৰই আৰ্হিমূলক (type) । তাৰ ভিতৰত ধনেশ্বৰ, তেওঁৰ পত্নী ভদ্ৰে  আৰু জয়ধন। ইয়াৰ উপৰি ধৰ্মেশ্বৰৰ দেউতাক এজন বিশিষ্ট চৰিত্ৰ। তেওঁ বুঢ়া হৈ আহিছে আৰু চকুৰ আগত দেখা সামাজিক অৱক্ষয়ৰ প্ৰতি ক্ষোভ নকৰি স্বাভাৱিক বুলিয়েই মানি লৈছে আৰু বিশ্বাসো কৰিছে যে সমাজৰ অৱক্ষয় অৱশ্যম্ভাৱী। তেওঁ ভাৱে এইয়া ধৰ্মৰ বাণী। তেওঁ মুখস্থ মাতি গৈছে , 

“শস্য হৰিব , মৎস্য হৰিব , হৰিব বিৰিখৰ গুটি। বৰ বৰ মানুহৰ বাক্য লৰিব, লৰিব ধৰমৰ খুটি।”

আকৌ মাধৱদেৱৰ ৰচনাৰ পৰা এঁফাকি গাই শুনাইছে–

“পিতৃৰ বচন পুত্ৰে নুশুনিব

কনিষ্ঠে জ্যেষ্ঠজনৰ

স্বামীৰ বচন ভাৰ্য্যা নুশুনিব

ভৃত্যজনে ঈশ্বৰৰ।”

গল্পটিৰ ভাষাও গাঁৱলীয়া হোজা ঠাঁচৰ। লিখকে গল্পটিত বহুতো কথিত শব্দ ব্যৱহাৰ কৰিছে। যেনে– ‘হুৰমুৰাই’, ‘গেজেৰা মাৰি’, ‘টিঙিচ কৰে’, ‘কুৰং কাৰাং’ ইত্যাদি। সাহিত্য যদি সমাজৰ দাপোণ হয়, তেন্তে এই গল্পটি  অকনো খুঁদ নথকা সঁচা দাপোণ। গল্পটি অসমীয়া সমাজৰ চলন্ত ছবি যেন লাগে। কোনোৱা এজন সমালোচকে কৈছিল , “মোক এখন কিতাব দিয়া, মই সেই জাতিৰ সমগ্ৰ বুৰঞ্জীখন কৈ দিম।” অসমীয়া সমাজখনক জানিব বিচাৰিলে এটা সম্পৃৰ্ণ কিতাব পঢ়াৰ প্ৰয়োজন নাই, মহিম বৰাৰ ‘এটা নদীৰ মৃত্যু’ আৰু নিৰুপমা বৰগোহাঞিৰ ‘এনথ্ৰপলজিৰ সপোনৰ পিছত’ নামৰ গল্প দুটি পঢ়িলেই  যথেষ্ট হ’ব- যি গল্প দুটিত অসমীয়া গাঁৱলীয়া জীৱনৰ বাহ্যিক আনকি আভ্যন্তৰীণ দুয়োটা দিশেই  প্ৰতিফলিত হৈছে। ০ ০ ০

অসমীয়া চুটি গল্প সমালোচনা | Asomiya Choti Galpa Samalochana 

লক্ষীনন্দন বৰাৰ গল্প“এৰাবাৰীৰ লেছেৰী”-এক সমালোচনাত্মক বিশ্লেষণ

লক্ষীনন্দন বৰাৰ ‘এৰাবাৰীৰ লেছেৰী’ শিৰোনামৰ গল্পটি কাহিনী, ভাৱ আৰু কলাত্মক দিশত এক অগাতানুগতিক গল্প। গল্পটিৰ জৰিয়তে তৰাপুৰ সত্ৰৰ অন্তৰ্গত ‘এৰাবাৰী’ নামৰ এটি পৰিত্যক্ত স্থানক কেন্দ্ৰ কৰি গঢ়ি উঠা কিছুমান অলৌলিকতা আৰু সমাজৰ অন্ধবিশ্বাস গল্পকাৰে বিশেষ দক্ষতাৰে ফুটাই  তুলিছে। 

গল্পটিত নিৰ্দিষ্ট আৰু প্ৰণালীবদ্ধ কোনো কাহিনী নাই। ‘এৰাবাৰীক’ কেন্দ্ৰ কৰি গঢ়ি উঠা যিখিনি অন্ধবিশ্বাস আৰু অলৌকিক ঘটনাৰ কাহিনী মানুহৰ মুখে মুখে চলি আহিছে লিখকে তাৰেই কেইটামান খণ্ড চিত্ৰ গল্পটিৰ জৰিয়তে দাঙি ধৰিছে। তৰাপুৰ সত্ৰৰ অধিকাৰী আছিল নন্দ গোঁহাই। তেওঁ আছিল গুণীপুৰুষ। ভাৱে-ভকতিয়ে, খোলে-তালে তেনেই গন্ধৰ্ব। কিন্তু অকালতে তেওঁৰ মৃত্যু হয়। তাৰ পিছত অধিকাৰৰ ভাৰ পৰিল মকৰন্দ নামৰ এজন ব্যক্তিৰ ওপৰত। তেওঁ আছিল অপুত্ৰক। বুঢ়া বয়সতো পুত্ৰ সন্তান নোপোজা দেখি তেওঁ  দুগৰাকী তিৰোতা বিয়া কৰালে যদিও কোনো ফল নধৰিলে। তেওঁৰ এগৰাকী ভায়েকৰ নাম আছিল অৰবিন্দ। তেওঁ ‘ৰজিতা’ নামে এগৰাকী অতি দীপ-লিপ ছোৱালী বিয়া কৰাইছিল। কিন্তু বিয়া কৰোৱাৰ দুমাহৰ পিছতে সন্নিপাত জ্বৰত মৃত্যু হ’ল। কোমল বয়সীয়া ৰজিতা অকালতে বিধৱা হ’ল। লাহে  লাহে  ঘৰখনত তাই এজনী অসমীয়া বিধৱা তিৰোতাই ভূগিব লগা সকলো দুখ-যন্ত্ৰণা ভূগিব ধৰিলে। কিন্তু তাইৰ কুমলীয়া যৌৱনৰ কামনাক বাধা দি ৰাখিব নোৱাঁৰি ৰিপুনাথ নামৰ এজন লোকৰ পুত্ৰ চন্দনৰ লগত গোপন অভিসাৰ স্থাপিত হ’ল। কিন্তু বেছি দিন সিহঁতৰ প্ৰেম-প্ৰণয় বৰ্তি নাথাকিল। এদিনাখন গোডাৰ বাৰী নামৰ ঠাই এখনৰ সুৰসুৰীয়া বাটৰ মাজত চন্দনৰ মৃত দেহ পোৱা গ’ল। কোনেও নাজানিলে চন্দনক কোনে হত্যা কৰিলে নাইবা কিয় হত্যা কৰিলে। ইয়াৰ ছমাহমান পিছত ৰজিতাও সিপুৰী পালেগৈ। লাহে  লাহে  ত’ৰাপুৰ সত্ৰৰ মকৰন্দ গোঁহাইৰ সকলোৱেই মৃত্যু মুখত পৰিল। ত’ৰাপুৰ সত্ৰৰ অধিকাৰ নোহোৱা হ’ল। কালৰ সোঁতত ত’ৰাপুৰ সত্ৰৰ চিন-চাব নোহোৱা হ’ল। এতিয়া সি হৈছে এৰাবাৰী। তালৈ পোহনীয়া জন্তুৱেও যাবলৈ ভয় কৰে। এই পৰিত্যক্ত এৰাবাৰীক লৈ সমাজত লাহে লাহে বহুত কাহিনী, গুজৰ আৰু অন্ধবিশ্বাস গঢ় লৈ উঠিল। লিখকে গল্পটি ‘সৰু মনি’ নামৰ এটি চৰিত্ৰৰ মুখেদি প্ৰথম পুৰুষত ব্যক্ত কৰিছে। ৰজিতাৰ কাহিনীটো সৰু মনিয়ে তেওঁৰ সমন্ধীয়া ‘যদু’ নামৰ তাৱৈৰ  মুখৰপৰা সংগ্ৰহ  কৰিছে। বাকীখিনি সৰু ¸মনিয়ে নিজৰ পিতাকৰ মুখত আৰু গাঁৱলীয়া কেইজনমান বয়সীয়াল ব্যক্তিৰ  মুখৰ পৰা অলৌকিকতাখিনি উদ্ধৃত কৰিছে। 

গল্পটিৰ বক্তা সৰুমনিয়ে সৰুতে দেখিছে যে ত’ৰাপুৰ সত্ৰৰ গোহাঁইৰ সেই পৰিত্যক্ত ঘৰৰ ভেটিত পিছলৈ যি ব্যক্তিয়েই ঘৰ-দুৱাৰ পাতি সংসাৰ পাতি বসবাস কৰিবৰ মন মেলিছিল তেওঁৰেই গোহাঁইসকলৰ দৰে দশা হ’ল। এবাৰ মদন নামৰ এজন মানুহে তাত ঘৰ বান্ধিছিল। কিন্তু এবছৰতে ভেটি উঠিল। তেওঁ আৰু তেওঁৰ ঘৈণীয়েকে একেটা জ্বৰতে মৰিল। বিষ্ণুৰ পুতেক লালুৱাই এবাৰ এৰাবাৰীৰ এমূৰে ঘৰ এটা সাজি দুদিনমানহে থাকিবলৈ পালে। তৃতীয় দিনা এগৰাকী গাভৰু তিৰোতাই সপোনত দেখা দি ক‘লে–

“তই  ভালে ভালে কাইলৈয়ে ইয়াৰ পৰা উঠি যা। এই ঠাই  জীয়া মানুহৰ বাবে নহয়। তহঁত  মানুহৰবোৰ বৰ অসঞ্জাতী। মোক আমনি নিদিবি।”

লালুৱাই পিছদিনা কাঁহী-বাটি, বিচনা-পাতি সামৰি পুৰণি ভেটি পালেহি। তথাপি নিশ্চিত হ’ব নোৱাৰিলে। সি ভালকৈয়ে এসেকা পালে। জহনিৰ পৰা কাণে কাণ মাৰিহে বাচিল। তেতিয়াৰে পৰা এৰাবাৰীত কোনেও গোঁজ এটা পুতিবলৈ সাহ  কৰা নাই।

এবাৰ গল্পটি ব্যক্ত কৰা সৰুমনিৰ খুড়াকৰ ওচৰলৈ মোহন নামৰ মানুহ এজন আহি এটি আঙুঠি বন্ধকত থৈ একুৰি টকা লৈ গ’ল। সিদিনা ৰাতিয়েই সৰুমনিৰ খুড়ায়েকে সপোন দেখিলে। সপোনত এজনী তিৰোতাই দেখা দি ক’লে–

“গণেশ, এই আঙঠি যদি তই ঘৰত ৰাখ, তোক বিপদত পেলাম। নাজাননে, এই  আঙঠি ত’ৰাপুৰ  সত্ৰৰ ক’ত গৰাকী গোঁহানীয়ে পিন্ধি গৈছে।”

পিছদিনা তেওঁ আঙুঠিটো ঘূৰাই দিলে আৰু টকা একুৰিও ঘূৰাই নললে।

এবাৰ হেনো খৰি লুৰিবলৈ অহা নদীয়াল গাঁৱৰ মানুহে তাত খুটি তাল বজোৱা যখিনী দেখা পাইছিল আৰু এবাৰ অৰ্জুন নামৰ ল’ৰা এজনে পলৰীয়া গৰু এটি খেদি গৈ শিমলু জোপাৰ কাষ পাইছিল গৈ। কিহবাই তেওঁক ভয় খুৱালে। ঘৰ পাওঁতেই  তীৰ কঁপে জ্বৰ উঠিল। পিছদিনাই  তেওঁ সিফলীয়া হ’ল।

এদিন সৰুমনিয়ে তেওঁৰ পিতাকক গাঁৱৰ কেইজনমান মুখীয়াল মানুহৰ লগত এৰাবাৰী সম্পৰ্কে কৰা আলোচনাত শুনিবলৈ পালে যে ‘ভোলোক গায়নে’ এবাৰ এৰাবাৰীৰ ফালে যাওঁতে হেনো সত্ৰৰ প্ৰয়াত নন্দ গোঁহাইৰ মাত শুনিবলৈ পাইছিল। 

এনেদৰেই এৰাবাৰীক কেন্দ্ৰ কৰি অলৌকিক ঘটনা কিছুমান মানুহৰ চকুত আৰু কাণত পৰিছিল। এতিয়া কথা হ’ল গল্পটিত যিবোৰ অলৌকিক ঘটনা  বৰ্ণনা কৰিছে এইবোৰ কেৱল মানুহৰ অন্ধ বিশ্বাস নে  অলৌকিকতাৰো বাস্তৱ ভিত্তি আছে ! লিখকে অলৌকিতাৰ কোনো বাস্তৱ ব্যখ্যা আগবঢ়োৱা নাই যদিও সমাজত পৰিস্থিতি সাপেক্ষে অলৌকিক ঘটনা কিছুমান হঠাৎ ঘটি থাকে যি আজিলৈকে বিজ্ঞানৰ পোহৰে ঢুকি পোৱা নাই। এনেবোৰ ঘটনা আজিলৈ ৰহস্যৰ ভিতৰতে সোমাই  আছে।

লিখকে কাহিনী  পৰিবেশনত বিশেষ কোনো শৃঙ্খলাৰ পৰিচয় দিব পৰা নাই–এই কাৰণেই যে লিখকে এৰাবাৰীৰ ইতিহাস ৰচনা কৰিবলৈ যোৱা নাই নাইবা এটি মাথো কাহিনী লিখিবলৈ যোৱা নাই; লিখকে এৰাবাৰীক কেন্দ্ৰ কৰি গঢ়ি উঠা মানুহৰ কিছুমান অলৌকিক ঘটনা আৰু বিশ্বাসৰহে খণ্ড খণ্ড চিত্ৰ অংকন কৰিছে।

গল্পটিত কেইটামান প্ৰধান চৰিত্ৰ আছে। ইয়াৰ প্ৰথম আৰু প্ৰধান চৰিত্ৰটি হৈছে  ত’ৰাপুৰ সত্ৰৰ শেষ গোঁহাই মকৰন্দ। মকৰন্দ গোঁহাই আছিল গোঁহাই হ’বৰ অযোগ্য। তেওঁ আছিল ধন আৰু ক্ষমতা লোভী। তেওঁ ভকতক ‘ভকত’ বুলি গণ্য নকৰি সকলোকে তেওঁৰ তলতীয়া বুলিহে ভাৱিছিল। তেওঁ ভকতৰ ল’ৰাই শিক্ষা পোৱা দেখিব নোৱাঁৰিছিল। তেওঁ  ভয় কৰিছিল কিজানি তেওঁৰ ভকতে শিক্ষাৰ পোহৰত তেওঁৰ জ্ঞানৰ দীনতা ধৰা পেলায়। এবাৰ নামঘৰটোৰ দুই এঠাইত উৰুখিছিল। ভকতৰ পৰা ধন তুলি নামঘৰটোৰ কিবা এটা ব্যৱস্থা কৰিবলৈ মনতে পাঙি শিষ্যসকললৈ চিঠি লিখিছিল। চিঠিত স্কুলীয়া বিদ্যাক ‘অবিদ্যা’ বুলি যুক্তি দৰ্শাই সাতোলা নামৰ শিষ্য এজনলৈ লিখিছিল–

“……………..ধনেৰে পুত্ৰ দুহিতাক যবনৰ শিক্ষা দিয়াতকৈ এনেদৰে হৰি কামত লগোৱা অধিক ভাল। পৰজন্মৰ পথ মুকলি হয়। কিন্তু অন্যবোৰ বিদ্যা, ধৰা স্কুলীয়া বিদ্যা, বিদ্যা নহয়, অবিদ্যা।”

নামঘৰৰ কাৰণে টকা উঠিল। তাৰে মাত্ৰ দুকুৰি টকাহে  নামঘৰটো মেৰামতি কৰাত খটুৱালে। বাকীখিনি গোঁহাইৰ তহবিলত সোমাল। গোঁহাই হিচাপে তেওঁ পৰ্বত-পাহাৰ বগাই, বিপদ-বিঘিনি গণ্য নকৰি, দুখক দুখ নুবুলি ধৰ্ম কথা বিতৰি ফুৰিব লাগিছিল। কিন্তু তেওঁৰ কাৰণে সেয়া মহত্ব বা মহান কৰ্তব্যৰ ভিতৰত নপৰিছিল। তেওঁ প্ৰকাণ্ড গাৰুত আউজি ওখ তুলিৰ গাদীত বহি মানুহক কৈছিল অমুকৰ নাদৰ পানী খাব নাপায়। অমুকৰ ল’ৰাৰ হীন সম্প্ৰদায়ত জাত গ’ল। ইত্যাদি। মুঠতে মকৰন্দ গোঁহাই ধৰ্মীয় বিষয়তকৈ পাৰ্থিৱ লালসাৰ পিছে পিছে দৌৰি ভাল পাইছিল। তেওঁৰ চৰিত্ৰৰ পৰা দেখা গ’ল যে ধৰ্মীয় দিশত সেই সময়ৰ সমাজ স্খলিত হৈছিল।

দ্বিতীয় প্ৰধান চৰিত্ৰটি হৈছে মকৰন্দ গোঁহাইৰ ভায়েক অৰবিন্দৰ স্ত্ৰী ৰজিতা যিজনী কুমলীয়াতে বিধৱা হৈছিল। অসমীয়া সমাজত বিধৱা এজনীয়ে কেনেদৰে দুখ-যন্ত্ৰণা ভূগিব লগা হয়, লিখকে তাইৰ মাজেদি সেই চিত্ৰ দাঙি ধৰিছে। 

তৃতীয় চৰিত্ৰটি হৈছে যদু তাৱৈ  যি জনে সৰুমনিৰ আগত ৰজিতাৰ কাহিনীটো বৰ্ণনা কৰিছে। তেওঁ বৃদ্ধ। গাঁৱলীয়া বুঢ়া মানুহ এজনে কেনেদৰে ৰহন লগাই দাৰ্শনিক ব্যাখ্যা আগবঢ়াই অতীত কাহিনী এটিক সজীৱকৈ বৰ্ণনা কৰিব পাৰে সেয়া লিখকে যদু তাৱৈ নামৰ চৰিত্ৰটিৰ মাজেদি ফুটাই তুলিছে। 

লিখকে গল্পটিত যথাযথ পৰিৱেশ ৰূপায়নত সফল হৈছে। নিৰ্জন পৰিত্যক্ত এৰাবাৰীৰ বৰ্ণনা কৰোতে পৰিৱেশৰ নিৰ্জনতা লিখকে এনেদৰে ফুটাই তুলিছে–

“আমাৰ গাঁৱৰ উত্তৰ ফালে এখন ডাঠ হাবি আছে। দীঘলে পুতলে প্ৰায় আমাৰ গাঁৱখনৰ সমানেই। প্ৰকাণ্ড প্ৰকাণ্ড গমাৰি গছ, পমা, আম, জাৰি, চেচু আদি গছেৰে ঠাহ খুৱা। বাঁহ, তামোল, জামু ,নাৰিকল, পনিয়ল, বগৰী আদি গছ যে কিমান আছে তাৰ সীমা সংখ্যা নাই। জয়াৰ হাবিখনৰ মাজ সোমাবলৈ কাৰো বুকু ডাঠ হ’ব পৰা নাই। দিন দুপৰতে ঘিটমিটীয়া আন্ধাৰ। হাবিৰ দক্ষিণ কাণেদি এটা সুৰুকীয়া বাট। কাষে কাষে জাৰ্মানী বনৰ জোপোহা, আজাৰ আৰু সোণাৰু। তাত বেলি বহাৰ পিছতে কেটেলা পহু, নাহৰ ফুটুকী, গাহৰি আৰু শৰ পহুৱে ভুমুকি মাৰেহি। সুৰসুৰীয়া পথটোৰ তেনেই কাষতে এটা ওখ ভেটি। এসময়ত কাৰোবাৰ ঘৰ আছিল। এতিয়া তাত দুৱৰি, কাৰ্শলা বন আৰু মেদেলুৱা গজি হাবিৰ লগত মিলি আছে।”

গল্পটি সামাজিক চিত্ৰৰ প্ৰতিফলন যদিও গল্পকাৰে গল্পটিৰ মাজেৰে কিছু পৰিমাণে সমাজ সমালোচকৰ ভূমিকাও পালন কৰিছে লগতে লিখকৰ জীৱন দৰ্শনৰ এক স্পষ্ট ছবি পৰিস্ফুট হৈ  উঠিছে। পৰপুৰুষত মন মেলা নাৰীৰ প্ৰতি লিখকৰ দৰ্শন এনেদৰে প্ৰকাশ কৰিছে , গল্পটিৰ আৰম্ভণিতেই– 

“এবাৰ যদি কেনেবাকৈ নাৰীৰ পৰপুৰুষত মন বহিল অথবা মনৰ গুপুত বতৰা ৰ’দ কাঁচলিলৈ ওলোৱাত এৰা পৰিল, তেনে নাৰী যিমানেই চকমকীয়া হওক লাগে, তেওঁক সামৰি ল’লে আপদহে বেছি; কোনদিনা স্বামীগুৰুৰ মান সন্মানত খোঁট দি ভুজংগিনী পলাই যায়, এনাজৰীৰো মোৰ পোৱা কঠিন।”

অকালতে বিধৱা হৈ সমাজৰ চকুত হেয় প্ৰতিপন্ন হোৱা নাৰীৰ বিষয়ে গল্পকাৰৰ দৰ্শন এনেভাৱে ফুটি উঠিছে–

“যাৰ আশা শেষ হৈ  গ’ল, যি জনম লৈছে নীৰৱে চকুলো টুকিবলৈ তেনে নাৰীৰ মনৰ অন্তৰালত ভক্তিৰস, প্ৰেম ৰস,  বাৎসল্য ৰস সকলো নিৰস।”

সৰ্বসাধাৰণ মানুহ  আৰু জীৱন সম্পৰ্কে লিখকৰ দৰ্শন যদু তাৱৈৰ মুখেদি এনেদৰে প্ৰকাশ পাইছে–

“আহাৰ আৰু বিহাৰৰ কাৰণেই আমি মানুহবোৰ সময়ে সময়ে ইমান অসহায় হ’ব লাগে যে কেতিয়াবা নিজত্ব কোনখিনিত লুকাই  আছে বিচাৰি নাপাওঁ।”

মানুহে মানুহৰ প্ৰতি উদাসীন হৈ থকাও যে এক প্ৰকাৰৰ ডাঙৰ শাস্তি লিখকে এই দৰ্শনো গল্পটিত ফুটাই  তুলিছে– 

“মানুহে এজনক শলাগ লোৱাও ভাল নাইবা শত্রূতা  কৰাও ভাল; কিন্তু এজনৰ প্ৰতি উদাসীন হোৱাৰ দৰে দ্বিতীয় শাস্তি দিয়াৰ উপায় নাই।”

লিখকে সমাজ সমালোচনা কৰাৰ লগতে প্ৰাচীন পুথিৰ বক্তব্যও সমালোচনা কৰিছে। যদু তাৱৈৰ মুখেদি গল্পকাৰে ব্যক্ত কৰিছে–

“ধৰ, নেৰায়নী সেনাৰ কথা। পুথিৰ মতে চৌষষ্টি অক্ষৌহিনী। হেৰ’ পাকিস্থানকে ধৰি ভাৰতৰ জনসংখ্যা এশ কৌটিয়েই নহয়, অথচ কৃষ্ণৰ সেনা চৌষষ্টি কৌটি বাদেই দিছোঁ , একেবাৰে চৌষষ্টি  অক্ষৌহিনী হ’ল কেনেকৈ? যদি আছিল, মই বিচাৰ কৰি পাইছোঁ যে এতিয়াৰ এশ তেইশটাই তেতিয়াৰ এক অক্ষৌহিনী হ’ব লাগিব। কুৰু-পাণ্ডৱৰ ৰণত ছাপন্ন কৌটি হস্তী নিপাত হোৱাও হোলোঙাৰে কাণ খজুৱাৰ কথা। ব্যাস মুনি কবি হ’ল বুলিয়েই এনে আচম্বিত কল্পনা মানুহৰ মাজত চলাব লাগেনে।”

গল্পটিত প্ৰয়োগ কৰা ভাষাও বিশেষ বৈশিষ্ট্যৰে বৈশিষ্ট্যমণ্ডিত। লক্ষ্মীনন্দন বৰাৰ ভাষা সমসাময়িক আন আন গদ্য লিখকৰ তুলনাত বেছি  কথ্য ভাষাধৰ্মী; বেছি আলংকাৰিক আৰু বেছি জটিলতাৰ ছাপ থকা। কেতিয়াবা বক্তব্যখিনি আবেগিক হৈ বক্তব্য বিষয় কাব্যধৰ্মী হৈ দিগন্ত প্ৰসাৰী হৈছে, যেনে-

“ৰজিতাই  শুকান পৃথিৱীত নিয়ৰে চকুলো টোকাই দেখা পালে। নিয়ৰৰ টোপালত মুকুতা নসৰে, দিনে দিনে বেদনাহে বাষ্প হয়; উষাৰ পোহৰত ভবিষ্যতৰ ৰেঙনি নাই , সূর্যাস্তৰ ৰংচুৱা ডাৱৰে মনৰ বাসনাত, দেহৰ তৃপ্তিত আৰু নিজম ৰাতিৰ গোপন আকাঙ্খাত হেঙুল-হাইতালৰ বোল নাসানে।”

আকৌ ৰজিতাৰ বুকুৰ বেদনাৰ গভীৰতা দেখুৱাবলৈ লিখকে কাব্যিক ব্যক্ত  কৰিছে —

“আকাশৰ দৰে তাইৰ অসীম বেদনা। নীলা বেদনা। ডাৱৰে তাকো ক’লা কৰে। বৰষুণৰ টোপালে উচুপি কান্দে।”

গল্পটি অসমীয়া সমাজত সততে চলি থকা ফকৰা-যোজনাময় কথাৰে পৰিপূৰ্ণ। লিখকে বহুসময়ত ফকৰা যোজনা মাতিয়েই বক্তব্য বিষয় দাঙি ধৰিবলৈ চেষ্টা কৰিছে। যেনে-

(ক) হস্তীৰো পিছলে পাও, সজ্জনৰো বুৰে নাও।

(খ) সুখৰ ৰাতি সোনকালে পুৱায়, দুখৰ ৰাতি নাযায় নুপুৱায়।

 (গ) অতি দেৰ্প হত লংকা।

 (ঘ) ফটা বাঁহ কাহানিও জাপ নলয়।

(ঙ) বেজৰ নাকত খৰে খোৱা।

লিখকে চৰিত্ৰসমূহৰ মুখত যি সংলাপ সংযোজন কৰিছে তাতো অসমীয়া কথ্য ভাষাৰ ছাপ আছে। সর্বোপৰি গল্পটিৰ প্ৰায় প্ৰতিটো বাক্যই কথ্য সুৰীয়া আৰু ব্যাকৰণিক দিশৰ পৰা জটিল বিন্যাসৰ। তেওঁৰ বাক্য প্ৰায় ভবে ন্দ্ৰনাথ শইকীয়াৰ বাক্য বিন্যাসৰ দৰে যদিও ভবেন্দ্ৰ নাথ শইকীয়াৰ ভাষাতকৈ লক্ষ্মীনন্দন বৰাৰ ভাষা বেছি সমাজমুখী, বেছি  কথ্য ভাষাৰ ওচৰৰ আৰু বেছি আলংকাৰিক – যিয়ে তেওঁৰ বক্তব্যত বিশেষ সৌন্দৰ্য্য দান কৰিছে।

সামৰণিত ক’ব পাৰি লক্ষ্মীনন্দন বৰাৰ ‘এৰাবাৰীৰ লেছেৰি’  শিৰোনামৰ গল্পটি বিশেষ আবেদনশীল গল্প যাৰ মাজেদি সমাজত চলি থকা অলৌকিক দৃষ্টিভঙ্গী আনকি অন্ধবিশ্বাস অকৃপণভাৱে প্ৰকাশ পাইছে। ০ ০ ০

অসমীয়া চুটি গল্প সমালোচনা | Asomiya Choti Galpa Samalochana 

নগেন শইকীয়াৰ ৰচনা ‘এজন বৃদ্ধৰ আত্ম-প্ৰবঞ্চনা’ – এক সমালোচনা

নগেন শইকীয়াৰ ‘এজন বৃদ্ধৰ আত্ম-প্ৰবঞ্চনা’ শিৰোনামাৰ ৰচনাটি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ  পাঠ্যক্ৰম হিচাপে  ডঃ শৈলেন ভৰালীৰ দ্বাৰা সংকলিত আৰু সম্পাাদিত ‘গল্প মঞ্জৰী’ ত এটা গল্প হিচাপে স্থান পাইছে যদিও উক্ত ৰচনাটি গল্প নহয়- কিয়নো গল্পৰ কোনো এটি উপাদান ৰচনাটিত নাই। ৰচনাটিত নিৰ্দিষ্ট কোনা কাহিনী নাই, এটা মাথো চৰিত্ৰৰ বাহিৰে অন্য কোনো চৰিত্ৰ নাই, যথাযথ পৰিৱেশৰ পৰিবেশন নাই, আনকি ভাষাও গদ্যৰ পৰা পিছলি পৰি কবিতাৰ দৰে আবেগ স্বৰ্বস্ব হৈ পৰিছে। উক্ত ৰচনাটি এজন বৃদ্ধৰ সচেতন মনৰ আবেগৰ লানি-নিচিগা বিশৃঙ্খল ভাৱৰ প্ৰতিফলনহে। বৃদ্ধজনে মনৰ মনিকোঠত বর্তমান সমাজৰ এন্ধাৰ আৰু পোহৰ বা প্ৰাকৃতিকতা আৰু কৃত্ৰিমতা বা আশা আৰু নিৰাশা বা জয়ৰ সপোন আৰু পৰাজয়ৰ গ্লানি বা ভাল আৰু বেয়া বা সৌন্দৰ্য্য আৰু কদৰ্য্যতা আদিৰ আলি দোমোজাত পৰি যি মানসিক অন্তঃদ্বন্দ্বত ভূগিছে ৰচনাটিত সেই অন্তঃদ্বন্দ্ব আবেগিক ভাষাত প্ৰকট হৈ উঠিছে। আবেগ কবিতাৰহে  প্ৰতিপাদ্য বিষয়; গল্প বা প্ৰবন্ধত আবেগ বাহুল্যতাহে মাথোন। নগেন শইকীয়াই ৰচনাটিত আবেগৰ লানি নিচিগা ঢৌৰ ৰূপায়ন কৰি ৰচনাটি কবিতাৰ ওচৰ চপাই লৈ গৈছে। তাৰোপৰি ৰচনাটিৰ গঠন আৰু বিন্যাসত কোনো প্ৰণালীবদ্ধতা নাই। আবেগে কোনো নিৰ্দ্দিষ্ট বিন্দুৰপৰা শীৰ্ষন্দুিৰ মাজেৰে পৰিণতিলৈ গতি কৰা নাই। কবিতাৰ দৰে ৰচনাটি আবেগৰ শীৰ্ষ বিন্দুৰ পৰা আৰম্ভ হৈ  শীৰ্ষ বিন্দুতে শেষ হৈছে। বৃদ্ধজনে নিজৰ আত্মা আৰু শৰীৰ এই দুয়োটাৰ মাজৰ দ্বন্দ্বত ভূগিছে। আত্মাই আদৰ্শ জীৱন যাপনৰ প্ৰতি আগ্ৰহী আৰু শৰীৰ কৃত্ৰিম জীৱন যাপনৰ প্ৰতি লালায়িত। কিন্তু তেওঁ আমাৰ অকৃত্ৰিম আদৰ্শ-ময় জীবন যাপনৰ পৰা সমাজ ধাৰাৰ প্ৰভাৱত পৰি পিছলি পৰিছে আৰু কুলষ কালিমাময় সমাজৰ চাপত পৰি মানসিক অশান্তিত ভূগিছে। বৃদ্ধজনে আখৰা কৰিছে কৃত্ৰিমতাৰ আৰু পাহৰিবলৈ  চেষ্টা কৰিছে প্ৰাকৃতিকতাক । বৃদ্ধজনে স্বীকাৰ কৰিছে–

“…………….কিমান দিনৰ চেষ্টাৰ মূৰত সক্ষম হৈছো নিজক ঢাকি ৰাখিবলৈ  আয়নাৰ সন্মুখত থিয় হৈ  আখৰা কৰোঁ ঘন্টাৰ পিছত ঘন্টা-কেনেকৈ ক’লে স্ত্ৰীয়ে ভাল পাব- বন্ধু-বান্ধেব ভাল পাব-কেনেকৈ ক’লে সিহঁতে ভাবিব-মোৰ কি নিৰ্মল হৃদয়-য’ত লেশ-মানো ঘৃণাৰ ছায়া নাই-দুখৰ ছায়া নাই -।”

যি বন্ধু-বান্ধৱীক বৃদ্ধাই বিশ্বাস কৰিছিল, সিহঁতৰ দ্বাৰাই বৃদ্ধাই প্ৰতাৰিত হৈছে। সেয়ে বৃদ্ধাই আবেগৰ দোমোজাত পৰি স্বীকাৰ কৰিছে–

“মোৰ বন্ধু, যাৰ আগত জীৱনৰ অনেক গোপন কক্ষৰ দুৱাৰ কেতিয়াবা মেলি ধৰিছিলোঁ–যাৰ লগত গভীৰ অন্তৰঙ্গতা অনুভৱ কৰিছিলোঁ–সেই বন্ধুৰ মনৰ মাজত লুকাই আছিল পাপ–বাসনাৰ পাপ, প্ৰৱঞ্চনাৰ পাপ, প্ৰতাৰণাৰ পাপ।”

বৃদ্ধই  অৱশেষত জীৱনৰ বিয়লি বেলাত সকলো খেলিমেলি আৰু কৃত্ৰিমতাৰ ডাঠ আবৰণৰ আভ্যন্তৰৰ পৰা ওলাই আহি  কৃত্ৰিমতাশূন্য স্বাভাৱিক জীৱন আৰম্ভ কৰিবলৈ আশা কৰিছে; সেয়ে তেওঁ কৈছে–

“মই স্বতন্ত্ৰভাৱে জীয়াই থাকিব খোজো — মই মোৰ ব্যৰ্থতাক মচি নাইকীয়া কৰিব খোজোঁ।”

লিখকৰ ভাষাও কাব্যগন্ধী আবেগৰ আবেষ্টনীত আটোমটোৰাৰীকৈ বন্ধা। এনেকুৱা আবেগিক গদ্য অসমীয়া ভাষাত আজিলৈ চকুত পৰা নাই। অৱশ্যে আধুনিক ইংৰাজী প্ৰবন্ধৰ সাহিত্যৰ পদপ্ৰদৰ্শক ফ্রাঞ্চিচ বেকনৰ ৰচনাত আবেগিক গদ্যৰ নমুনা আছে যদিও তাত বেকনে বিষয়বস্তুক পদ্যলৈ উন্নীত কৰা নাই, বিষয়-বস্তুৰ বাস্তৱ যুক্তিসঙ্গতা বজাই  ৰাখিবলৈ সফল হৈছে। কিন্তু নগেন শইকীয়াই বিষয়বস্তু  কবিতালৈ উন্নীত কৰি বিষয়বস্তুৰ বাস্তৱ যুক্তিসঙ্গতা ভাঙি পেলাইছে। সেয়ে নগেন শইকীয়াৰ ‘এজন বৃদ্ধৰ আত্ম-প্ৰবঞ্চনা’ নামৰ ৰচনাটি যদিও শৈলেন ভৰালীৰ নিৰ্বাচনত গল্পৰ শ্ৰেণীত পৰিছে; আচলতে এইটো গল্প নহয়- আধুনিক আবেগস্বৰ্বস্ব কবিতাহে। আবেগে কোনো যুক্তি নামানে, কোনো শৃঙ্খলা নামানে, কোনো ব্যাকৰণিক নীতি নিয়ম নামানে। আবেগ সততে চঞ্চল। একে জাপতে আকাশৰ তিৰবিৰ ত’ৰালৈ উৰি যাব পাৰে আৰু একে জাপতে মহা সাগৰৰ অটল তলিত অৱগাহন কৰিব পাৰে। নগেন শইকীয়াৰ উক্ত ৰচনাটি এনেকুৱা চঞ্চল আবেগৰ প্ৰতিফলন। অৱশ্যে এই চঞ্চল আবেগৰ ভিতৰতে সমাজৰ গভীৰ সত্য লুকাই আছে। মানব সমাজ যে ক্ৰমান্বয়ে কৃত্ৰিমতালৈ আগবাঢ়ি গৈ আছে ৰচনাটি তাৰেই প্ৰতিফলন। ০ ০ ০

অসমীয়া চুটি গল্প সমালোচনা | Asomiya Choti Galpa Samalochana 

চৈয়দ আব্দুল মালিকৰ গল্প ‘দুখন ভৰি’ – এক বিশ্লেষণ

‘দুখন ভৰি’ গল্পটি চৈয়দ আব্দুল মালিকৰ এটি আদৰ্শাত্মক গল্প। গল্পটিৰ জৰিয়তে গল্পকাৰ মালিকে শাৰীৰিক সৌন্দৰ্য্য আৰু আত্মাৰ সৌন্দৰ্য্য — এই  দুই বিপৰীতমুখী সৌন্দৰ্য্যৰ মাজত সংঘাত ফুটাই তুলিছে। 

গল্পটিৰ কাহিনীভাগ তেনেই সাধাৰণ যদিও গল্পটিৰ মাজেদি প্ৰকাশ কৰা ভাৱটি তাৎপৰ্য্যপূৰ্ণ। গল্পটিৰ নায়কজনৰ নাম সত্যেন। তেওঁ এজন সফল উকিল আৰু শক্তিশালী প্ৰৱন্ধকাৰ। স্বাস্থ্যবান আৰু আদৰ্শপৰায়ণ। সমাজবাদত বিশ্বাসী। এদিন এটি নিমন্ত্ৰণলৈ গৈ ‘অমলা’ নামৰ এজনী ছোৱালীয়ে গান গাই থকা অৱস্থাত মেজৰ তলেদি তাইৰ ভৰি দুখন দেখা পায় আৰু ভৰিৰ সৌন্দৰ্য্যত মোহিত হৈ তাইৰ প্ৰতি দুৰ্বল হৈ পৰে। পাছত বিয়াৰ প্ৰস্তাৱ দিয়ে। অমলা হৈছে হাকিম ৰায়বাহাদুৰ ব্রজেন ফুকনৰ চতুৰ্থা কন্যা। ৰূপে-গুণে, তাই অতুলনীয়। সত্যেনৰ দৰে এজন সফল আৰু আদৰ্শবান ডেকা পাই  ব্রজেন ফুকনে ছোৱালী অমলাক তেওঁৰ সতে বিয়া দিয়াৰ সন্মতি প্ৰকাশ কৰে। ৰায়বাহাদুৰ প্ৰভাৱশালী ব্যক্তি। বৃটিছৰ দিনত হাকিমৰ চাকৰি কৰিছিল। ল’ৰা-ছোৱালী কেইটাক উচ্চ শিক্ষাৰে শিক্ষিত কৰিছে। বিয়াৰ সকলো যো-যা ঠিক হ’ল। এদিন সত্যেনে অমলাহঁতৰ ঘৰত অমলাৰ লগত কথাপাতি আছে, এনেতে গাঁৱৰ এজন বুঢ়া মানুহ আহি উপস্থিত হ’ল। তেওঁ আছিল স্বাধীনতা বিপ্লৱী। কেইবাবাৰো জেল খাটিছিল। যৌৱনত স্বাধীনতা আন্দোলন কৰি কৰিয়েই সময় খৰচ কৰি দিলে, সংসাৰৰ উন্নতিৰ প্ৰতি মনকাণ দিব নোৱাঁৰিলে। এতিয়া বুঢ়া হৈ আহিছে, কোনো কাম-বন কৰিব নোৱাঁৰে। স্বাধীনতা আন্দোলনত যোগদান কৰাসকলক চৰকাৰে কিবা পেঞ্চন দিয়ে বুলি কেবাবাৰো যোগাযোগ কৰিছিল যদিও কোনো ফল নাপালে। সেয়ে সত্যেনৰ ওচৰত পৰামৰ্শ বিচাৰি আহিল। এই বুঢ়া মানুহজনৰ পৰা কথা প্ৰসঙ্গত জানিব পাৰিলে যে অমলাৰ পিতাক ৰায়বাহাদুৰ ব্রজেন ফুকন তেতিয়া বৃটিছৰ অধীনত হাকিম আছিল। এবাৰ হেনো অসহযোগ আন্দোলনত ব্রজেন ফুকনে স্বাধীনতা আন্দোলনকাৰীসকলৰ আআহ্বানৰ প্ৰতি ভ্ৰকুটি দেখুৱাই কাছাৰীত এই বুঢ়ামানুহজনৰ বুকুত ভৰিৰে গচকি কাছাৰী ঘৰৰ ভিতৰত সোমাইছিল। অৰ্থাৎ ব্রজেন ফুকনে স্বাধীনতা আন্দোলনৰ বিপক্ষে থিয় দি বৃটিছকহে সহায়  কৰিছিল। প্ৰকৃতপক্ষে তেওঁ আছিল স্বদেশদ্ৰোহী। অথচ তেঁৱেই সমাজত ধনী, মানী আৰু প্ৰভাৱশালী ব্যক্তি। কথাটি শুনাৰ লগে লগে সত্যেন বিমৰ্ষ হৈ পৰিল। তেওঁ অনুধাৱন কৰিলে ৰায়বাহাদুৰ ব্রজেন ফুকন আচলতে কিমান তলৰ শ্ৰেণীৰ মানুহ। তেতিয়াৰ পৰা তেওঁ ভাৱিব ধৰিলে অমলাক বিয়া কৰাই তেওঁ ব্রজেন ফুকনৰ দৰে দেশদ্ৰোহী এজনক শশুৰ হিচাপে  প্ৰণাম কৰিব নোৱাঁৰে। স্বাধীনতা আন্দোলনত জপিয়াই পৰা স্বদেশপ্ৰেমীৰ বুকুত যিজনে ভৰিৰে গচকিব পাৰে তেনে এজন ব্যক্তি ব্রজেন বৰুৱাৰ প্ৰতি তেওঁৰ অন্তৰত ঘৃণাৰ ভাৱ উপজিল। সত্যেনৰ আদৰ্শত এই বিয়াই যেন কুঠাৰাঘাত কৰিব; সেয়ে তেওঁ পিছদিনা ঘোষণা কৰিলে যে তেওঁ এই  বিয়া নাকচ কৰিব। অমলাৰ ভৰিৰ সৌন্দর্যত মোহিত হ’লেও তাইৰ পিতাক ব্রজেন বৰুৱাৰ ভৰি দুটাৰ কদৰ্য্য কাৰ্যৰ গম পাই তেওঁ বাহ্যিক সৌন্দর্যৰ প্ৰতি বিতশ্ৰদ্ধ হ’ল। 

এই  কাহিনীটোৰ দ্বাৰা লিখকে ইয়াকে দেখুৱাব খুজিছে যে বাহ্যিক সৌন্দর্যতকৈ আত্মাৰ সৌন্দৰ্য্যহে  শ্রেষ্ঠ। বাহ্যিক সৌন্দৰ্য্যত ভোল যোৱা উচিত নহয়। মানুহৰ প্ৰকৃত সৌন্দৰ্য্য শৰীৰত নহয় কামৰ দ্বাৰাহে  প্ৰকাশ পায়। সেয়ে সত্যেনে অমলাৰ ভৰিৰ সৌন্দৰ্য্যত প্ৰথম অৱস্থাত ভোল গৈছিল যদিও ভুলটো ভঙাৰ লগে লগে বিয়াটো নাকচ কৰিলে।

কাহিনীটোত সময়ৰ ঐক্য আৰু স্থানৰ ঐক্য ৰহিত হৈছে যদিও উদ্দেশ্যৰ ঐক্য ঠিক ৰখাত লিখকে সফলতা লাভ কৰিছে। চুটি গল্প এটি ৰূপায়নত আৰম্ভণিৰে পৰা লিখকে এক কৌতুহল সৃষ্টি কৰিব লাগিব আৰু শেষলৈ এই কৌতুহল বজাই ৰাখিব লাগিব। গল্পটিত লিখকে এই কৌতুহল বজাই ৰখাত সফল হৈছে। গল্পটিৰ কৌতুহল হৈছে দুখন ভৰি– প্ৰথমতে অমলাৰ বাহ্যিক সৌন্দৰ্য্যৰে ভৰপুৰ দুটি ভৰি আৰু পিছলৈ অমলাৰ দেউতাক ব্রজেন ফুকনৰ দুখন ভৰি-যি ভৰিৰে স্বাধীনতা সংগ্ৰামীৰ বুকু গচকিছিল। গল্পটিৰ গঠনো বিশেষ সোলোক-ঢোলোক নহয় যদিও তেনেই সাধাৰণ। ভাষাৰ সাৱললীতাও গল্পটিত বিদ্যমান। লিখকে অৱশ্যে পৰিৱেশ অংকনত দক্ষতাৰ পৰিচয় দিব পৰা নাই। গল্পটিত যিখিনি সংলাপ চৰিত্ৰবোৰৰ মুখত সানি দিছে সিয়ে গল্পটিৰ বিকাশ কৰাত আৰু চৰিত্ৰসমূহক ফুটাই তোলাত লিখকে সম্পূৰ্ণৰূপে সফল নহ’লেও বিফল হোৱা নাই। 

কাহিনীটিত প্ৰধানকৈ তিনিটা চৰিত্ৰ আছে। প্ৰথমতে সত্যেন নামৰ ডেকাজন। যিজন আদৰ্শবান। সমাজবাদত বিশ্বাসী আৰু জনদৰদী। দ্বিতীয় চৰিত্ৰটো হৈছে ৰায়বাহাদুৰ ব্রজেন ফুকন – যিজন সমাজত প্ৰভাৱশালী যদিও প্ৰকৃততে স্বাৰ্থান্বেষী আৰু দেশদ্ৰোহী। তৃতীয় চৰিত্ৰটো হৈছে গাঁৱলীয়া সেই বুঢ়া ব্যক্তিজন। তেওঁ হৈছে  প্ৰকৃত আত্মাৰ সৌন্দৰ্য্য অৰ্থাৎ স্বদেশপ্ৰেমৰ প্ৰতীক। লিখকে ব্রজেন ফুকন আৰু এই বুঢ়ামানুহজনৰ মাজেদি দুটি পৰস্পৰ বিৰোধী আদৰ্শৰ সংঘাত দেখুৱাইছে। সত্যেন হৈছে এই আদৰ্শ দুটি যুক্তিসংগতভাৱে বিচাৰ কৰা বুদ্ধিজীৱি।

পৰিশেষত ক’ব পাৰি কলাত্মক দিশৰপৰা গল্পটি নিখুঁত নহ’লেও আদৰ্শৰ দিশত গল্পটি অসমীয়া ভাষাত অন্যতম শ্ৰেষ্ট গল্প। গল্পটিত হাস্যৰসৰ সমল আছে। লিখকে গল্পটিত আফজল নামৰ এটি চৰিত্ৰ সংযোজন কৰিছে যি চৰিত্ৰটি গল্পটো ব্যক্ত কৰা ব্যক্তিজনৰ বন্ধু। (গল্পটি প্ৰথম পুৰুষত ব্যক্ত কৰা হৈছে) তেওঁ এজন ফুটবল খেলুৱৈ যিজনে মূূৰতকৈ নিজৰ ভৰি দুখনৰ বিশেষ যত্ন লয়। ৰেলত এবাৰ তেওঁ ভৰিখন আসনৰ ওপৰত ৰাখি বহাত আন কোনোৱা এজন যাত্ৰীয়ে ভৰি দুখন নমাই বহিবলৈ আদেশ দিয়াত তেওঁ কৈছে–

“…………….ভৰি দুখন নমাবলৈ নক’ব; লাগিলে কওক মূৰটোকে  ক’ৰবাত নমাই থও। ………………….ফুটবল খেলোঁ, ভৰি দুখনেই মোৰ সম্বল।” ০ ০ ০

অসমীয়া চুটি গল্প সমালোচনা | Asomiya Choti Galpa Samalochana 

চৈয়দ আব্দুল মালিকৰ গল্প ‘লাইফটো – আই মীন’ এক সমালোচনাত্মক আলোচনা

চৈয়দ আব্দুল মালিকৰ গল্প, ‘লাইফটো – আই মীন’ এটি দুবৰ্বল কাহিনী থকা চৰিত্ৰ প্ৰধান গল্প। গল্পটি গল্পকাৰে ‘আছৰফ’ নামৰ চৰিত্ৰ এটিৰ মুখেৰে প্ৰথম পুৰুষত ব্যক্ত কৰিছে। আছৰফৰ মুখেৰে গল্পটি ব্যক্ত হৈছে যদিও আছৰফ গল্পটিৰ নায়ক নহয়। নায়কজন হৈছে ‘হায়দৰ’ নামৰ তেওঁৰ এজন বন্ধুহে আৰু নায়িকাজনী হৈছে ‘নাজমা’। হায়দৰ আছৰফৰ স্কুলীয়া বন্ধু। দুয়োজনে কেইবাবাৰো পৰীক্ষা দি মেট্ৰিক পৰীক্ষা পাচ কৰে। আছৰফে মেট্ৰিক পাচ কৰি কেৰাণীৰ চাকৰীত সোমায় আৰু হায়দৰে কিছুদিন চাইকেল মেকানিকৰ কাম কৰে, কিছুদিন বাছৰ কনড্ৰাক্তৰৰ কাম কৰে, কিছুদিন টকি হলৰ গেট কিপাৰৰ কাম কৰে। এবাৰ চেলুন খোলাৰ কথাও ভাৱিছিল যদিও কেঁচি, ফণী, আৰ্চি, চােবান আদিৰ যোগাৰ কৰিব নোঁৱাৰাত পৰিকল্পনাটি সিমানতে অন্ত পৰে। বহু বছৰ আছৰফে হায়দৰৰ খবৰ পোৱা নাছিল যদিও হঠাৎ এদিন স্ত্ৰী নাজমাক লৈ ‘জাফৰ’ নামৰ এজন বন্ধুৰ বিয়াত উপস্থিত হয় আৰু তাতেই তেওঁৰ লগত দেখা-দেখি হয় আৰু যোৱাৰ সময়ত হায়দৰে আছৰফক নিমন্ত্ৰণ দি থৈ যায়। আছৰফে নিমন্ত্ৰণ ৰক্ষা কৰিব বুলি কথা দিয়ে। এবাৰ প্ৰায় তিনিবছৰ পিছত,  আছৰফে হায়দৰৰ ঘৰলৈ বুলি ৰেলত উঠি যাত্ৰা আৰম্ভ কৰিলে – হায়দৰে দি যোৱা পথ নিৰ্দেশনা অনুসৰি। ৰাতি ন বজাত তেওঁ ষ্টেশ্বনত নামি তাৰ পৰা প্ৰায় দুমাইল খোজকাঢ়ি গ’ল যদিও হায়দৰৰ ঘৰ নাপাই কোনোৱা এজনক সুধি পোৱা পৰামৰ্শ মতে ‘জীনু’ নামৰ এজনী ছোৱালী মানুহৰ ঘৰত উঠে। ছোৱালীজনী অকলশৰে থাকে। তাইয়েই ওচৰতে থকা হায়দৰৰ ঘৰলৈ আছৰফক লৈ যায় যদিও ঘৰত কাকো নাপালে। হায়দৰো নাই, নাজমাও নাই। সেই জীনু নামৰ ছোৱালীজনীয়েই চেনি -গাখীৰ বিহীন চাহ বনাই আছৰফক খুৱাই তাতে থৈ ছোৱালীজনী ওচৰতে থকা নিজ ঘৰলৈ ঘূৰি আহে। ৰাতি প্ৰায় বাৰ মান বজাত হঠাৎ হায়দৰ ঘৰত উপস্থিত হয় যদিও আছৰফৰ লগত বিশেষ কোনো কথা-বৰ্তা পাতি সময় খৰচ নকৰি বাহিৰলৈ ওলায় যায়। আছৰফক যি বিচনাত থাকিব দিছিল সেইটো আছিল অতি লেতেৰা আৰু দুৰ্গন্ধযুক্ত। সেয়ে ৰাতি আছৰফৰ টোপনি নহ’ল। পুৱা জীনুৱে চাহ  খাবলৈ মতাত তেওঁ উঠিল আৰু চাহ খাই ইতিমধ্যে অহা হায়দৰৰ লগত বজাৰলৈ ফুৰিবলৈ যায় আৰু তাতে হোটেলতে দুয়ো পেট ভৰাই খাই লয়। খোৱা খৰচ আছৰফে ভৰিলে। তাৰ পৰা ওভতি আহি হায়দৰে আছৰফক জীনুৰ ঘৰত ৰাখি তেওঁৰ পৰা পাঁচ টকা খুজি বজাৰলৈ গ’ল আৰু আছৰফৰ বাবে বিশেষ খাদ্যৰ আয়োজন কৰিলে। আছৰফে জীনুৰ পৰিবেশনত পেট ভৰাই খালে। আছৰফে হায়দৰৰ লাওলোটা অৱস্থা বুজি পালে। আছৰফে নাজমাৰ বিষয়ে জীনুক প্ৰশ্ন কৰিলে যদিও কোনো উত্তৰ নাপালে। হায়দৰেও উপযাচি হায়দৰক নাজমাৰ বিষয়ে নুসুধিলে। অৱশেষত আছৰফে ইচ্ছা কৰিয়েই তেওঁৰ কেইখনমান কাপোৰ আৰু বেগটো এৰি ঘৰলৈ ওভতি আহিবৰ বাবে ৰেলৰ টিকট কাটি ৰেলত উঠিল। হায়দৰে তেওঁক বিদায় দিবলৈ ষ্টেশ্বনলৈ আগবাঢ়ি গ’ল। আছৰফে ৰেলত উঠাৰ পিছত হায়দৰ ওচৰলৈ আহি ক’লে–

“একো নাই বুজিছ! মোৰ টকা-পইচাৰ দিগদাৰী হ’ল -সকলোৰে হয়েই কেতিয়াবা। তাতে নাজমা জমীৰৰ লগত গুচি গ’ল।”

আকৌ ক’লে–

“জীনু মোৰ আপোন মাহীৰ জীয়েক ভনী। এতিয়া জমীৰটোৱে  তাইকো আথানি কৰি গ’ল। সি এৰি গ’ল বুলি নিজৰ ভনীয়েকক এৰি দিব পাৰিনে? তাইৰো আকৌ নাই যে নাই, কোনোৱেই নাই।”

আছৰফে এতিয়াহে জীনুৰ স’তে হায়দৰৰ সম্পৰ্ক বুজি পালে। ৰেলৰ চকা ঘূৰিল, হায়দৰে ক’লে–

“টকা দুটামান নাইনে? দেচোন। তয়ে দিয়া টকা পাচোঁটাৰে ৰাতিৰ সাজ খোৱা হ’ল। পিছে এটকা দুই অনা ধাৰহে লাগিল।”

ৰেল এৰাত চিঞৰি হায়দৰে আছৰফক উদ্দেশ্যি আকৌ ক’লে–

“নাজমাহঁতক যদি ক’ৰবাত লগ পাৱ-এইবোৰ কথা নকবি দেই। লাইফটো-আই মীন-”

চমুকৈ গল্পটিৰ কাহিনীভাগ এইখিনিয়েই। গল্পটিৰ জৰিয়তে লিখকে দৰিদ্ৰতা, তিৰোতা মানুহৰ বিশ্বাসঘাতকতা আৰু মানৱতা-এই তিনিটা দিশ ফুটাই তুলিছে। আছৰফ আৰু হায়দৰে একেলগে মেট্ৰিক পাচ কৰিছিল যদিও আছৰফে কোনোমতে কেৰাণীৰ চাকৰী এটা যোগাৰ কৰিলে যদিও হায়দৰে একো কৰিব নোঁৱাৰিলে। কেইটামান কামত সোমাইছিল যদিও কোনোটোতে স্থিৰভাৱে থাকিব নোঁৱাৰিলে। দৰিদ্ৰতাই তেওঁৰ প্ৰধান অন্তৰায়। শেষত নাজমা নামৰ সুন্দৰী ছোৱালী এজনীক বিয়া কৰায় যদিও তাই স্বামী হায়দৰক বিশ্বাসঘাতকতা কৰি জীনুৰ স্বামী জমীৰৰ লগত গুচি যায়। তাতে হায়দৰৰ কোনো আক্ষেপ নাই। তাৰ পৰিৱৰ্তে নিঠৰুৱা হোৱা জীনুক পোহপাল দিছে আৰু ইয়াতেই হায়দৰৰ মানবতা প্ৰকাশ পাইছে। 

কাহিনীটোৰ আদি ছোৱাত হাস্যৰসৰ খলকনি আছে। লিখকৰ ভাষাটোও নিভাঁজ অসমীয়া নহয়; মাজে মাজে ইংৰাজী শব্দ ব্যৱহাৰ কৰি হাস্যৰসৰ উদ্ৰেগ কৰিছে। উদাহৰণস্বৰূপে তলত উদ্ধৃত কৰা বাক্য কেইশাৰীলৈ আঙুলিয়াব পাৰি–

“এটা নিউ আইডিয়াই প্ৰায়েই তাক ষ্ট্ৰাইক কৰে। আৰু সেই কাৰণে তেওঁ প্ৰায়ে ভকেচন চেঞ্জ কৰি থাকে। মেন্টেলেটি ঠিক নাথাকিলে কাম কৰি কোনো ইন্টাৰেষ্ট নালাগে। মনি আৰ্নিংটো মেইন কথা নহয়, আচল কথা হ’ল লিভিং।”

গল্পটিৰ প্ৰধান আকৰ্ষণ নাজমা বা জীনু বা আছৰফো নহয়; প্ৰধান আকৰ্ষণ হৈছে হায়দৰ নামৰ চৰিত্ৰটো। 

লিখকে গল্পটিত পৰিৱেশ সৃষ্টিত বিশেষ সফলতাৰ পৰিচয় দিব পৰা নাই যদিও গল্পটিত প্ৰয়োগ কৰা সংলাপখিনিৰ নাটকীয় গুণ আছে। ০ ০ ০ 

অসমীয়া চুটি গল্প সমালোচনা | Asomiya Choti Galpa Samalochana 

যোগেশ দাসৰ চুটিগল্প ‘পৃথিৱীৰ অসুখ’ – এক বিশ্লেষণ

যোগেশ দাসৰ চুটিগল্প ‘পৃথিৱীৰ অসুখ’ এটি ভিন্নসুৰী অসমীয়া চুটিগল্প যি গল্পটিত গল্পকাৰে সমাজৰ এন্ধাৰ দিশ এটি সমালোচনাত্মক দৃষ্টিভঙ্গীৰে ফুটাই তুলিছে। গল্পটিত ফৰাচী দাৰ্শনিক ৰুচোৰ সমাজ দৰ্শনৰ এটি দিশ প্ৰতিফলিত হৈছে। ৰুচোয়ে কৈছিল, “মানুহ স্বভাৱতে ভাল হৈ জন্ম গ্ৰহণ কৰে, সমাজেহে বেয়া কৰে।” যোগেশ দাসে ‘পৃথিৱীৰ অসুখ’ নামৰ চুটি গল্পটিৰ জৰিয়তে ৰুচোৰ এই  দাৰ্শনিক মন্তব্যটিহে যেন প্ৰমাণ কৰি দেখুৱাইছে। গল্পটিত নিৰ্দ্দিষ্ট আৰু সুসংবদ্ধ কোনো কাহিনী নাই । সাধাৰণ এটি ঘটনাক ভিত্তি কৰি  লিখকে দুটিমান চৰিত্ৰ ফুটাই তুলিছে -যি চৰিত্ৰ দুটি সমাজৰ স্বাৰ্থান্ধতাৰ বলি হৈ জীৱনৰ বাটৰ পৰা স্খলিত হৈছে।

কাহিনী ভাগ তেনেই  সাধাৰণ। গল্পটিৰ মূল নায়ক নিবাৰণ বৰুৱা আৰু নায়িকা হৈছে নিবাৰণৰ বিধৱা বায়েক মনোৰমা। সিহঁতৰ দেউতা বিন্দেশ্বৰ বৰুৱা আছিল বৃটিছৰ অধীনত মাটিৰ হাকিম। তেওঁ আছিল প্ৰাচীন পন্থী অতিশয় উদাৰ আৰু সমাজত বিশেষ প্ৰতিপত্তি  থকা ব্যক্তি। তেওঁ দুগৰাকী পত্নী গ্ৰহণ কৰিছিল। প্ৰথমা পত্নীৰ গৰ্ভত কোনো সন্তান-সন্ততি নোহোৱা বাবে দ্বিতীয়বাৰ বিয়া কৰায় আৰু দ্বিতীয় পত্নীৰ গৰ্ভত ‘মনোৰমা’ নামৰ ছোৱালী আৰু নিবাৰণ নামৰ ল’ৰা সন্তানৰ জন্ম হয়। বুঢ়া বয়সত সন্তান দুটি জন্ম হোৱা বাবে ভালদৰে শিক্ষা-দীক্ষা  দিয়াৰ আগতে পৰলোকলৈ গমন কৰে। তেতিয়া ল’ৰা-ছোৱালীহালৰ  মোমায়েকসকলে সিহঁতৰ অভিভাৱকত্ব গ্ৰহণ কৰে। লাহে লাহে সিহঁতৰ মোমায়েকহঁতে সিহঁতৰ সম্পতিৰ লোভত পৰিল আৰু সিহঁতৰ পৈত্রিক সম্পতি গ্ৰাস কৰাৰ প্ৰচেষ্টা চলাই থাকিল। সেয়ে সিহঁতৰ জীৱন কুমলীয়াতে নষ্ট হ’বলৈ বাট মুকলি কৰি দিলে। মনোৰমাক অপেক্ষাকৃতভাৱে কম বয়সতে এজন বয়সস্থ বিগতদাৰলৈ বিয়া দি দিলে, ফলত তাই অকালতে বিধৱা হ’ব লগাত পৰিল। ইপিনে নিবাৰণে কলেজত পঢ়ি থকাৰ সময়তে মদ খাবলৈ শিকিলে। তেতিয়া তেওঁ লাহে লাহে তেওঁৰ মোমায়েকহঁতৰ অভিসন্ধি বুজিব পাৰি মাৰপিট কৰি নিজেই নিজৰ ভাৰ ল’লে আৰু শশুৰ-শাহুৰ ঘৰত কষ্ট আৰু লাঞ্ছনা ভূগি ইতিমধ্যে বলিয়া হ’ব ধৰা বায়েককো নিজৰ ওচৰলৈ আনি ল’লে।  সিহঁতৰ পিতাকে সিহঁতৰ নামত কিছু মাটি আৰু ঘৰ-বাৰী এৰি গৈছিল যদিও সিবোৰ সম্পতিৰ প্ৰতি সিহঁত দুটা কৃতজ্ঞ হোৱাৰ পৰিৱৰ্তে ভৎসৰ্নাৰ দৃষ্টিৰে চাবলৈ ধৰিলে। সমাজৰ বাকী লোকসকলৰ লগত সিহঁতৰ স্বাভাৱিক সম্পৰ্ক ছিন্ন হ’ল; কিয়নো নিবাৰণে মদ খাই ফুৰে আৰু মানোৰমাই বলিয়াৰ দৰে যেনি মন যায় তেনি ওলাই যায় আৰু একেৰাহে কেইবাদিনো ঘৰৰ বাহিৰত থাকে। ভাড়াত দিব পৰা সিহঁতৰ এটি ঘৰ আছিল যদিও অযত্নত পৰি ঘৰটো কেৰেচীয়া অৱস্থা পাইছিলগৈ। আনকি কোনো মানুহেই সিহঁতৰ ঘৰটো ভাড়াত  ল’বলৈ সাহস পোৱা নাছিল। এবাৰ অজয় চলিহা নামৰ এজন চৰকাৰী চাকৰীয়াল বিষয়াই আন কতো ঘৰ ভাড়াত নাপাই নিবাৰণহঁতৰ সেই পুৰণি ঘৰটো ভাড়ালৈ ললে। গল্পটিৰ মূল কাহিনী ইমানেই। 

ইয়াৰ পিছত অজয় নামৰ এই ভাড়াতীয়াই মালিক নিবাৰণ আৰু মনোৰমাৰ জীৱনটো অধ্যয়ন কৰিছে আৰু গল্পটিয়েও মূৰ সলাই সমাজ সমালোচনাৰ দিশত আগবাঢ়িছে। অজয়ে ইয়াত সমালোচক আৰু বুদ্ধিজীৱিৰ ভূমিকা পালন কৰিছে। তেওঁ নিবাৰণ-মানোৰমাৰ উদণ্ড জীৱন প্রণালী অধ্যয়ন কৰি সিহঁতৰ উদণ্ডতাৰ কাৰণ বিচাৰি গৈছে আৰু অৱশেষত দেখা পাইছে যে সিহঁতৰ কলুষতাৰ জীৱনলৈ ঢাল খোৱাৰ বাবে সমাজেহে বেছি দায়ী।  সমাজেহে সিহঁতক তেনে এক কৰুণ অৱস্থালৈ ঠেলি দিছে। 

চুটিগল্প সাধাৰণতে সমাজত ঘটা বাস্তৱ ঘটনা এটিৰ কলাত্মক প্ৰতিফলনহে; ই প্ৰত্যক্ষভাৱে সমাজৰ সমালোচনা নহয়। সমালোচনা থাকে পাঠকৰ হাতত। এই গল্পটিত লিখকে নিজেই  ‘অজয়’ নামৰ চৰিত্ৰৰ জৰিয়তে সমালোচনাৰ দায়িত্ব পালন কৰিছে। এই দিশৰ পৰা গল্পটি অসমীয়া ভাষাত বিশেষ দৃষ্টিভঙ্গীৰ গল্প। অৱশ্যে গল্পত যে সমালোচনা নাথাকে, এনে নহয়। আন আন গল্পকাৰ যেনে – ভবেন্দ্ৰ নাথ শইকীয়া, নিৰুপমা বৰগোহাঞি, নিৰোদ চৌধুৰী আদিৰ কিছুমান গল্পতো এনে সুস্পষ্ট সমালোচনাৰ ব্যঞ্জন আছে। 

গল্পটিৰ কাহিনী ভাগৰ গঠন (Structure) কলাত্মক দিশৰ পৰা সোলোক-ঢোলোক। গল্পকাৰে গল্পটি কোনো সুনিৰ্দিষ্ট, সুশৃঙ্খল ৰূপত সজাব পৰা নাই। গল্পটিত ঔৎসুকতাৰো অভাৱ পৰিলক্ষিত হয়। তাৰোপৰি গল্পটিৰ আৰম্ভণিৰ অৰ পিছত গল্পকাৰে বিশেষ বাহুল্যতাৰ পৰিচয় দিছে। 

গল্পটিৰ শেষৰ পিনে দুঃসাহসিক ঘটনাও সন্নিবিষ্ট হৈছে। এবাৰ নিবাৰণৰ বায়েক মনোৰমাক সুন্দৰলাল নামৰ এজন চোৰাং মদৰ ব্যৱসায়ীয়ে লৈ যায় আৰু তাইক আটক কৰি ৰাখে। নিবাৰণে সুন্দৰলালৰ পৰা বাকীকৈ মদ খাইছিল। সুন্দৰলালে সেয়ে নিবাৰণৰ পৰা বহুত টকা পাবলৈ আছিল। ধাৰ পৰিশোধ নকৰাৰ বাবে তেওঁ মানোমাক ঘৰৰ পৰা লৈ গৈছিল। নিবাৰণে বায়েক মনোৰমাক ঘৰত নাপাই ভাড়াতীয়া অজয় চলিহাক লগত লৈ মনোৰমাক বিচাৰি ওলায়। তেওঁৰ ৰান্ধনি ল’ৰা শুকুৰাৰ পৰা জানিব পাৰি সুন্দৰলালৰ তাত মনোৰমা থাকিব পাৰে বুলি সন্দেহ কৰি তালৈ যায় আৰু তাতে সুন্দৰলালক আক্ৰমণ কৰি ঘাইল কৰি লগতে তেওঁৰ স্ত্ৰীকো বিশেষ শাস্তি দি মনোৰমাক বিচাৰি অনা কাৰ্য্যটো দুঃসাহসিক যেন লাগে। 

কাহিনীটোৰ বিশেষ আকৰ্ষণীয় চৰিত্ৰ মাথো দুজন — নিবাৰণ আৰু মনোৰমা। লিখকে চৰিত্ৰ দুটি ফুটাই তোলাত সফল হৈছে। অজয়ৰ দৃষ্টিত চৰিত্ৰ দুটাৰ কোনো ব্যক্তিগত খুঁদ বা কলুষতা নাই, সমাজেহে সিহঁতৰ ওপৰত কালিমাময় জীৱন যাঁপি দিছে। মানুহে সিহঁত দুজনক সাধাৰণতে এৰাই চলে যদিও সিহঁতৰ দ্বাৰা বিশেষ কোনো সামাজিক ক্ষতি হোৱা অজয়ে দেখা পোৱা নাই। নিবাৰণে মদ খায়, সেই বুলি বিবেক শূন্য নহয়। মনোৰমাই পাগলামি কৰে যদিও তাইৰ পাগলামিয়ে সমাজৰ কোনো ক্ষতি কৰা নাই। মাজে মাজে নিবাৰণ আৰু মানোৰমাই নিজৰ নিজৰ অৱস্থাৰ ওপৰত ব্যক্তিগত মন্তব্য দাঙি ধৰিছে  যি মন্তব্য নিত্যান্তই  যুক্তিসঙ্গত আৰু সুস্থমনৰ পৰিচায়ক। চৰিত্ৰ দুটি আৰ্হিমূলক (type) যদিও সিহঁতৰ মাজত স্বকেন্দ্ৰিক (individual) আদৰ্শও আছে।

গল্পটিত গল্পকাৰ যোগেশ দাসে পৰিৱেশ সৃষ্টিত বিশেষ দক্ষতাৰ পৰিচয় দিব পাৰিছে। গল্পকাৰে চৰিত্ৰসমূহ অংকন কৰোতে চৰিত্ৰসমূহৰ অৱস্থান আৰু সেই ঠাইডোখৰৰ চাৰিওফালৰ পৰিৱেশৰ সজীৱ বৰ্ণনা দাঙি ধৰাত চৰিত্ৰবোৰ বুজাত সহায়ক হৈছে। লিখকে সৰু-সুৰা, খুটি-নাটি বস্তুৰ প্ৰতিও সচেতন। নিবাৰণ বৰুৱাৰ ড্ৰইংৰূমৰ পৰিৱেশ ফুটাই  তুলিবলৈ লিখকে লিখিছে–

“কোঠাটোত দৈন্যতকৈ অযত্নৰ চিন বেছিকৈ ফুটি উঠিছিল। দামী  আচবাববোৰ লেতেৰা আৰু ধূলিময়, ক’ৰবাত আৱৰণ ফালি স্প্রিঙে দাঁত নিকটাইছে। মেজঢকা কাপোৰবোৰ কিজানি কেবাবছৰো ধোৱা নাই। সৰু ধাতৱ ফুলকটা ফুলদানি এটাত কিবা ফুলৰ ঠাৰি দুডাল কিমান দিন শুকাই আছে গৱেষণাৰ বিষয়। এখন বেৰত ডাঙৰীয়া ডাঙৰীয়া লগা বুঢ়া এজনৰ, বোধ কৰোঁ এওঁলোকৰ দেউতাকৰ, এনলাৰ্জ কৰা ছবি এখন ধূলি আৰু মকৰাজালে ছাটি ধৰিছে; এচুকে যিশুখৃষ্টৰ ৰঙীন ছবি এখনো তেনে অৱস্থাতে কেৰেচীয়া হৈ ওলমি আছে।”

গল্পটিত কথোপকথনৰ প্ৰয়োগ আছে যদিও নাটকীয়তা সৃষ্টিত ইন্ধন যোগাব পৰা নাই। অৱশ্যে যি কথোপকথন গল্পটিৰ চৰিত্ৰসমূহৰ মুখত সানি দিয়া হৈছে তাৰ দ্বাৰা ঘটনাৰ বিকাশ হোৱাতকৈ চৰিত্ৰসমূহক বুজাত বিশেষ সহায়ক হয়। এই  প্ৰসংগত নিবাৰণ আৰু অজয়ৰ মাজত হোৱা কেইফাকিমান কথোপকথন উদ্ধৃত কৰিব পাৰি–

মই (অজয়ে) কলো: “আপুনি মোৰ প্ৰথম আলহী, বৰুৱা। সেয়ে আপোনাক কিবা এটা দি সুধিব পৰা হ’লে মই কৃতাৰ্থ মানিলোহেঁতেন।”

নিবাৰণ: “নালাগে নালগে, মোক সোধ-পোছ কৰিবলৈ আপুনি বহুত সুযোগ পাব। তাৰ কাৰণে চিন্তা নাই। ছিগাৰেট এটা লগাওক।”

অজয়: “মই  চিগাৰেট নাখাঁও।”

নিবাৰণ:” কিয়?……………..কেন্সাৰ হ’ব বুলি নেকি?…………….আপুনি হঁহুৱালে বুইছেনে? বিজ্ঞানে মানুহক সকলো পিনৰ পৰাই দুৰ্বল কৰি আহিছে। বেমাৰৰ ভয়ত খাবলৈ এৰিব লগা ………..”

অজয়: ”বেমাৰৰ কাৰণে নহয়, মোৰ এনেয়ে অভ্যাস নাই।”

গল্পটি সাধাৰণ গল্পতকৈ অলপ ভিন্ন প্ৰকৃতিৰ এই কাৰণেই যে গল্পকাৰে সমাজৰ অন্ধকাৰ দিশ এটি পোহৰলৈ অনাৰ লগতে বুদ্ধিজীৱি আৰু দাৰ্শনিকৰ দৰে সমস্যা এটিৰ কাৰণ উলিয়াবলৈ চেষ্টা কৰিছে আৰু এই বাবেই গল্পটিত লিখকৰ জীৱন অভিজ্ঞতা অৰ্থাৎ জীৱন দৰ্শন উভৈনদীকৈ প্ৰকাশ পাইছে। 

সামৰণিত ক’ব পাৰি গল্পটি  কাহিনী ভাগত দুবৰ্বল আৰু ৰচনাশৈলীত শৃঙ্খলাৰ অভাৱ পৰিলক্ষিত হয় যদিও গল্পটিৰ মাজেদি সমাজৰ যি চিত্ৰ সমালোচনা সহকাৰে ফুটি উঠিছে তাৰ বাবেই গল্পটি এটি সাৰ্থক সামাজিক চুটিগল্প বুলি নকৈ নোঁৱাৰি। অৱশ্যে এই খিনিতে ভবেন্দ্ৰনাথ শইকীয়াৰ ‘গহ্বৰ’ নামৰ চুটি গল্পটিৰ ৰচনাশৈলী আনকি সমালোচনাত্মক দৃষ্টিভঙ্গীৰ দিশত গল্পটিৰ মিল পৰিলক্ষিত হয়। ০ ০ ০

অসমীয়া চুটি গল্প সমালোচনা | Asomiya Choti Galpa Samalochana 

নিৰুপমা বৰগোহাঞিৰ চুটিগল্প ‘এনথ্ৰপ’লজিৰ সপোনৰ পিছত’-এক   সমালোচনাত্মক আলোচনা

নিৰুপমা বৰগোহাঞিৰ ‘এনথ্ৰপ’লজিৰ সপোনৰ পিছত’ গল্পটি অসমীয়া ভাষাত এটি অনন্যোপম চুটিগল্প যি গল্পটিৰ মাজেৰে অসমীয়া সমাজৰ পোহৰ আৰু এন্ধাৰ, বাহ্যিক সৌন্দৰ্য্য আৰু আভ্যন্তৰীণ কদৰ্য্যতা, শিক্ষাৰ সংস্কাৰ আৰু অশিক্ষাৰ অন্ধসংস্কাৰ আদি সকলোবোৰ দিশ দুপৰীয়া সূৰুযৰ ৰদ্ৰোজ্জ্বলতাৰে জল্‌জল্‌ পটপটকৈ উজলি উঠিছে। গল্পটিত বিশেষ কোনো নিৰ্দ্দিষ্ট কাহিনী নাই। গল্পটিত উমা আৰু প্ৰীতি নামৰ দুজনী আধুনিক শিক্ষাৰে শিক্ষিতা ছোৱালীৰ দৃষ্টিত অসমীয়া সমাজৰ বাস্তৱ সামাজিক জীৱনধাৰা কেনেকুৱা তাৰ সমালোচনাত্মক চিত্ৰ ফুটি উঠিছে। উমা হৈছে এজনী গাঁৱলীয়া ছোৱালী, স্নাতক মহলাৰ ছাত্ৰী। কোনো দূৰৱৰ্তী চহৰৰ কলেজত পঢ়ি আছে। পৰীক্ষাৰ পিছত চহৰৰ অভিজাত মহলৰ এজনী বান্ধৱী ‘প্ৰীতি’ক লগত লৈ নিজৰ গাওঁলৈ আহে আৰু গাওঁ আৰু চহৰৰ মাজৰ জীৱন ধাৰাৰ যি পাৰ্থক্য আৰু দ্বন্দ্ব সিহঁতৰ চকুত ধ’ৰা পৰিছে গল্পকাৰ নিৰুপমা বৰগোহাঞিয়ে গল্পটিত সেই পাৰ্থক্য আৰু দ্বন্দ্ব নিখুঁতভাৱে অংকন কৰিছে। কিন্তু উমা আৰু প্ৰীতি কোনোজনীয়েই গল্পটিৰ প্ৰধান চৰিত্ৰ নহয়। সিহঁত গল্পটিত পৰিদৰ্শক নাইবা সমালোচকৰ ভূমিকা পালন কৰিছে। গাঁৱলৈ আহোতে উমাৰ পৰা প্ৰীতিয়ে গাঁৱলীয়া জীৱন ধাৰাৰ প্ৰাথমিক ধাৰণাৰ আভাষ পাইছে যদিও বাস্তৱত তাতোকৈয়ো কঠোৰ প্ৰত্যক্ষৰ সন্মুখীন হৈছে।

প্ৰথমতে প্ৰীতিৰ চকুত গাঁৱলীয়া জীৱনৰ পোহৰৰ দিশ অৰ্থাৎ বাহ্যিক প্ৰাকৃতিক সৌন্দৰ্য্য আৰু সৰলতা ধৰা পৰিছে আৰু প্ৰীতিয়ে নিজে বিশেষ ৰোমান্টিক আনন্দত আপ্লুত হৈছে। তাই গাঁৱৰ গছ-বনৰ সৌন্দৰ্য্য, অকৃত্ৰিম মৰম-চেনেহ, ধানেৰে ভৰি থকা সেউজীয়া পথাৰ আদি চাই মোহিত হৈ আবেগিক হৈ পৰিছে আৰু উমাক উদ্দেশ্যে কৈছে–

“চাচোন উমা, সৌ বাঁহজোপাৰ তলত ক’লা স্তব্ধ পানীৰ পুখুৰীটো কি যেন ৰহস্যৰে ভ’ৰা নহয়? আয়ৈ দেহি, সৌ মেটেকাৰ ফুলবোৰ ইমান ধুনীয়া লাগিছে! সৌখন বিল নহয় জানো?”

কিন্তু যিমানেই সময়ৰ পল আগবাঢ়ি গৈছে সিমানেই প্ৰীতিৰ চকুত গাঁৱলীয়া জীৱনৰ অন্ধবিশ্বাস আৰু কদৰ্য ৰূপ ধৰা পৰিছে।

গাঁৱলীয়া মানুহৰ স্বাভাৱিক জীৱনত শিক্ষাৰ কোনো প্ৰভাৱেই নাই। সিহঁত সেই অতীতৰ প্ৰাকৃতিক জীৱন ধাৰাৰ পৰা এই বিজ্ঞানৰ যুগতো এখোজ আগবাঢ়িব পৰা নাই। গাঁৱলীয়া অঞ্চলত খোৱা পানীৰ বাবে কুঁৱা, নলী-নাদৰ সুব্যৱস্থা নাই। স্বাস্থ্যসন্মত পায়খানা নাই। প্ৰায়বোৰ শুৱা ৰূমতে জাবৰ-জোথৰ আৰু তুঁহ গুৰিৰ জুই জ্বলোৱা থাকে জাৰৰ দিনত। মাইকী মানুহবোৰে বুকুত মাত্ৰ মেখেলা চাদৰ পিন্ধি থাকে। মানুহবোৰ আনকি সিহঁতৰ পোছাক পৰিচ্ছেদবোৰো  লেতেৰা। সিহঁতে মানুহৰ নামকো শুদ্ধ উচ্চাৰণত নামাতি বিকৃত উচ্চাৰণেৰে মাতে। যেনে- ‘দ্ৰৌপদীক’ দুৰ্পতি , ‘হেম’ক হেমা বুলি মাতে।

গাঁৱলীয়া মানুহ বিজ্ঞানৰ আধুনিক আবিষ্কাৰ আৰু প্ৰয়োগৰ বিষয়েও অজ্ঞ। সেয়ে চহৰৰ পৰা উমা আৰু প্ৰীতিয়ে গাঁৱলৈ যোৱা ‘কলৰ গান’ দেখি আৰু ৰেকৰ্ডত গান শুনি বিষ্মিত হৈছে। গাঁৱৰ বুঢ়ী এজনী আহি কলৰ গান শুনি প্ৰীতিক সোধে, “ইয়াৰ ভিতৰত মানুহ সোমাই ৰাখিছ নেকি?” গাঁৱৰ প্ৰায় সকলোৱেই গ্ৰামোফোনখন দেখি গান শুনিবলৈ ভিৰ কৰি থাকে। সিহঁতে ‘ৰেকৰ্ডক’ কাঁহী, ‘পিনক’ গজাল বুলি কয়।

চহৰৰ তুলনাত দৰিদ্ৰতা গাঁৱত অতি প্ৰকট। এই দৰিদ্ৰতাৰ চিত্ৰটোও গল্পটিৰ মাজেৰে লেখকে প্ৰকাশ কৰিছে। জাৰৰ দিনত পিন্ধিবলৈ কাৰো কোনো উপৰঞ্চি গৰমকাপোৰ নাই। প্ৰীতিয়ে গাঁৱৰ পৰা ওভতি যোৱাৰ সময়ত ল’ৰা-ছোৱালীক কিছু টকা দি যোৱাত, বান্ধৱী উমাই  প্ৰীতিক উদ্দেশ্যি কৈছে, 

“দিবলৈ তোৰ ইচ্ছা গৈছে দে প্ৰীতি, কিন্তু নাভাবিবি তই সামান্য দানেৰে এই বিৰাট দৰিদ্ৰ আঁতৰোৱাত কিবা সাহাৰ্য কৰিব পাৰিছ বুলি।” ঠিক যেন ভাগি পচি যাবলৈ ওলোৱা ঘৰ এটাক অ’ত ত’ত অকণি মেৰামতি কৰাৰ প্ৰহসন। 

শাহুআই  আৰু বোৱাৰী অৰ্থাৎ উমাৰ বৰমা আৰু  ককায়েক অভয়ৰ পত্নীৰ চৰিত্ৰ দুটা চুটিগল্পটিৰ বিশেষ উল্লেখযোগ্য চৰিত্ৰ। এই চৰিত্ৰ দুটাৰ মাজেদি গাঁৱলীয়া জীৱনৰ বহুতো আভ্যন্তৰীণ কুসংস্কাৰ আৰু কৰ্দয্যতা ফুটি উঠিছে। এই চৰিত্ৰ দুটা আৰ্হিমূলক (type) হে, ব্যক্তিকেন্দ্ৰিক (individual) নহয়। গাঁৱৰ কিছুমান তিৰোতাৰ ‘ধোঁৱাখোৱা’ অৰ্থাৎ বিড়িখোৱা কু অসভ্যাসটি আছে। উমাৰ বৰমাও এই অভ্যাসৰ বলি। প্ৰীতি অহাৰ দিনাই উমাই বৰমাইক কেইদিনমানৰ বাবে বিড়ি খোৱা বন্ধ ৰাখিবলৈ অনুৰোধ কৰিছে যাতে প্ৰীতিয়ে গম নাপায়। গাঁৱৰ তিৰোতাসকলো বৰ অবাইং ভাষাৰে সৰু কথা এটিতে ডাঙৰ কাজিয়া কৰিব পাৰে। গালি-শপনি কৰিব পাৰে। উমাৰ বৰ আইয়েও এনেকুৱা কৰিছে। ঘৰৰ ওচৰতে থকা উমাৰ সম্বন্ধীয়া খুৰীয়েকৰ লগত সামান্য কথাতে উমাৰ বৰ মাইয়ে কাজিয়া কৰিছে আৰু পৰস্পৰে পৰস্পৰক নিৰ্লজ্জ গালি-শপনি পাৰিছে। গাঁৱৰ বোৱাৰীয়ে দিনে-ৰাতিয়ে অকল কাম আৰু কাম কৰিব লাগে। সিহঁতৰ কোনো আহৰি নাই। এদিন অভয়ৰ পত্নীয়ে কলহলৈ ঘাটৰ পৰা পানী আনোতে ভৰিখন হেনো পিছলি মোচোকা খাইছিল ফলত ঢেঁকীত সেইদিনা ধান খুন্দিবলৈ অস্বীকাৰ কৰিছিল। কিন্তু শাহু আইয়ে অভিযোগ আনি কৈছে যে কাম ফাঁকি দিয়াৰ ই এক চেলুহে। গাঁৱৰ বোৱাৰীয়ে স্বামীৰ প্ৰতিটো আঘাত অপমান সহ্য কৰিব লগা হয়। কথা বা আদেশৰ সামান্য হেৰফেৰ হ’লেই মাৰ খাব লাগে। চাহ খোৱাৰ সময়ত গুড় দিওতে অলপ পলম হোৱাৰ অভিযোত স্বামীয়ে চুলিত ধৰি টানি শাস্তি দিয়ে।

গাঁৱত ছোৱালীসকলৰ অতি কম বয়সতেই বিয়া হৈ যায়। সিহঁতৰ যৌৱন অৰ্থাৎ প্ৰেমৰ বতৰ অহাৰ আগতেই স্বামীৰ ঘৰলৈ যাব লগা হয়। ফলত সিহঁতে প্ৰেমৰ অনুভূতি উপলব্ধি কৰিবও নোঁৱাৰে। তাৰোপৰি খেতিয়ক স্বামী প্ৰায় গোটেই দিন পথাৰতে কটাব লগা হয়। ৰাতি বোৱাৰীহঁতে সকলোৱে খোৱাৰ পিছতে ভাত খাব পাৰে আৰু ভাত খোৱাৰ পিছত কাঁহী-বাটি ধুই শুবলৈ যাওঁতে ৰাতি বাৰ টা বাজি যায়। ফলত স্বামীৰ সোহাগ (মৰমৰ স্পৰ্শ) ৰ পৰাও সিহঁত বঞ্চিত হয়। অভয়ৰ পত্নীৰ জীৱনতো সেইয়া ঘটিছে। 

উমাই হৈছে ঘৰখনৰ একমাত্ৰ শিক্ষিতা ছোৱালী। তাইৰ উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহ আছে যদিও ঘৰৰ পৰা কোনেও তাইৰ উচ্চ শিক্ষাৰ বাবে আগ্ৰহ দেখুৱা নাই, তাৰ পৰিৱৰ্তে সিহঁতে তাইক সোনকালে বিয়া দিয়াৰহে সপোন দেখিছে। 

গাঁৱৰ মানুহসকল খেতিয়ক মনোবৃত্তিৰ। পঢ়া-শুনাৰ প্ৰতি সিহঁতৰ কোনো ধাউতী নাই। সেইবাবেই উমাৰ খুড়াকৰ পুতেক ললিতে পাঠশালা পাচ কৰাৰ পিছতেই  পিতাকে লিখা-পঢ়া বন্ধ কৰি দি কৈছে, 

“হালোৱা-চহাৰ ঘৰৰ ল’ৰাই নালাগে বল লিখা-পঢ়া শিকি চাকৰি কৰিবলৈ। খেতি কৰিলেই আমাৰ পেটৰ ভাত মিলিব।”

গাঁৱৰ স্কুলৰ পৰিস্থিতিৰ চিত্ৰও এই গল্পটিত ফুটি উঠিছে। উমা আৰু ললিতৰ লগত প্ৰীতিয়ে দুমাইল দূৰত থকা প্ৰাথমিক বিদ্যালয় চাবলৈ গৈছে। স্কুল ঘৰটো ভাঙি-ছিঙি গৈছে। ল’ৰা-ছোৱালী বহিবলৈ  ডেস্ক-বেঞ্চ নাই। পাটিত বহিছে। বহুতো ল’ৰা ছোৱালী আছে যদিও শিক্ষক মাত্ৰ নামতহে দুজন আছে, এজন প্ৰায়েই অনুপস্থিত থাকে। 

দেখা গ’ল যে গল্পটিত গাঁৱলীয়া জীৱন ধাৰাৰ প্ৰায় সকলোবোৰ দিশেই ফুটি উঠিছে অকনো ৰহন নলগাকৈয়ে। 

সাধাৰণতে চুটিগল্পৰ সকলোবোৰ Íবশিষ্ট্যই গল্পটিত বিদ্যমান। গল্পকাৰে চৰিত্ৰসমূহৰ মুখত যথাযথ অথচ পৰিমিত সংলাপ ঢালি দি গল্পটি বিকাশত বিশেষ অৰিহনা যোগাইছে। 

গল্পটিৰ মাজেৰে লিখকৰ জীৱন দৰ্শনো প্ৰত্যক্ষভাৱে প্ৰকাশ পাইছে। গল্পকাৰে উমা আৰু প্ৰীতিৰ  মুখত গাঁৱলীয়া জীৱন ধাৰাৰ ওপৰত যিখিনি মন্তব্য আৰু সমালোচনা আৰোপ কৰিছে সেইয়া লিখকৰ জীৱন দৰ্শনৰ   নিদৰ্শন। 

সামৰণিত ক’ব পাৰি বিষয়বস্তু, ভাষা আনকি আঙ্গিকৰ দিশৰ পৰা নিৰুপমা বৰগোঁহাঞিৰ “এনথ্ৰপ’লজিৰ সপোনৰ পিছত” গল্পটি এটি সাৰ্থক বাস্তৱবাদী চুটি গল্প য’ত অসমীয়া গাঁৱলীয়া জীৱনৰ প্ৰতিটো দিশেই অকপট ভাৱে মূৰ্ত হৈ উঠিছে। ০ ০ ০

অসমীয়া চুটি গল্প সমালোচনা | Asomiya Choti Galpa Samalochana 

লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্প ‘মুক্তি’ এক সমালোচনাত্মক আলোচনা

মানৱ জীৱনৰ কোনো এক মূহুৰ্তৰ ঘটনাক অৱলম্বন কৰি গদ্যত যি কাহিনী বা গল্প ৰচনা কৰা হয় তাকে ‘চুটি গল্প’ বোলে। চুটি গল্পৰ পিতৃস্বৰূপ আমেৰিকাৰ লিখক এডগাৰ এলেন  প’ৰ মতে, “চুটি গল্প হৈছে এক প্ৰকাৰৰ গদ্য ৰচনা যিটো পঢ়ি শেষ কৰোঁতে আধা ঘন্টাৰ পৰা এঘন্টা বা দুই ঘন্টাৰ প্ৰয়োজন হয়।” চুটিগল্পত কাৰ্যৰ ঐক্য আৰু কাৰ্যৰ ঐক্য সম্পাদনত সংক্ষিপ্ততাৰ ঐক্য  মানি চলিব লাগে। এডগাৰ এলন প’য়ে শুভাৰম্ভ কৰা চুটিগল্পই তেওঁৰ সমসাময়িক ভালেমান আমেৰিকান, ৰাছিয়ান আৰু ফৰাচী লিখকৰ হাতত সাহিত্যৰ এক বলিষ্ঠ স্বাধীন শাখা হিচাপে প্রতিষ্ঠা লাভ কৰে। গল্পকাৰ ভেদে চুটিগল্পৰ বৈশিষ্ট্য ভিন ভিন যদিও  সাহিত্যৰ এক স্বাধীন শাখা হিচাপে ইয়াৰ কিছুমান সাধাৰণ উপাদান  আছে যিবোৰ উপাদান কম-বেছি পৰিমাণে প্ৰায় সকলোবোৰ চুটিগল্পত বিদ্যমান। উপাদানবোৰ হ’ল– (ক) এটি মাত্ৰ কাহিনী, (খ) মানৱ চৰিত্ৰ, (গ) গঠন বা বিন্যাস (ঘ) পৰিৱেশৰ বৰ্ণনা, (ঙ) সংলাপ  আৰু (চ) লিখকৰ জীৱন দৰ্শন।

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মুক্তি’ শিৰোনামাৰ গল্পটি এটি সামাজিক গল্প। গল্পটিত চুটিগল্পৰ প্ৰায়বোৰ উপাদান কমবেছি পৰিমাণে বিদ্যমান।

(ক) কাহিনী: চুটিগল্পত এটি মাথো কাহিনী থাকিব লাগে। চুটি গল্পৰ আকাৰ চুটি হোৱা বাবেই ইয়াত এটাতকৈ অধিক কাহিনীৰ স্থান নাই। চুটিগল্পৰ কাহিনী কাল্পনিক হ’ব পাৰে যদিও ই বাস্তৱৰ ওপৰত প্রতিষ্ঠিত হ’ব লাগে। মানৱ জীৱনৰ কোনো এক মূহুৰ্তৰ ঘটনা এটিক চুটি গল্পত ফুটাই তোলা হয়। 

বেজবৰুৱাদেৱৰ ‘মুক্তি’ নামৰ গল্পটিত এটি মাত্ৰ কাহিনী আছে। মধ্যবিত্ত পৰিয়ালৰ সুকুমাৰ নামৰ ল’ৰা এজনে কেনেদৰে প্ৰথমতে মাক-দেউতাকৰ অতি মৰম-স্নেহৰ বলি হৈ লিখা-পঢ়াৰ প্ৰতি পিঠি দি দুষ্টালি কৰি ফুৰিছিল আৰু পিছলৈ কেনেদৰে উকিল ককায়েক দেৱকান্তৰ দ্বাৰা লিখা-পঢ়াৰ নামত কঠোৰ শাসন, গালি-শপনি, ভৰ্ৎসনা, আৰু শাৰীৰিক শাস্তিৰ বলি হৈ মূত্যু মুখত পৰে সেই কাহিনী বৰ্ণনা কৰা হৈছে।

(খ) চৰিত্ৰ: চুটিগল্পৰ দ্বিতীয় প্ৰধান উপাদান হৈছে চৰিত্ৰ। চুটিগল্পৰ চৰিত্ৰ সদায় সমাজত বাস কৰা মানুহ হ’ব লাগিব।  যিহেতু চুটিগল্প বাস্তৱৰ ওপৰত প্রতিষ্ঠিত সেয়ে ইয়াত কোনো অপ্ৰাকৃতিক জীৱ বা সাধু কথাৰ দৰে জীৱ-জন্তু, চৰাই আদি মুখ্য চৰিত্ৰ হ’ব নোৱাৰে। আনকি চুটি গল্প যিহেতু আকাৰত চুটি হ’ব লাগে, সেয়ে চুটি গল্পত এজন বা সৰ্বাধিক দুজনহে মুখ্য চৰিত্ৰ থাকিব পাৰে। চৰিত্ৰবোৰ আৰ্হিমূলকো হ’ব পাৰে বা স্বতন্ত্ৰ্য বৈশিষ্ট্যযুক্তও  হ’ব পাৰে।

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মুক্তি’ শিৰোনামাৰ গল্পটিৰ প্ৰধান চৰিত্ৰ সুকুমাৰ। পৰিবেশৰ হেঁচাত পৰি তেওঁ  কেনেদৰে নিজৰ কৰ্তব্যৰ পৰা স্খলিত হৈ অৱশেষত মৃত্যু মুখত পৰে সেয়া গল্পটিত দেখুৱা হৈছে। গল্পটিত অৱশ্যে অন্যান্য চৰিত্ৰ আছে যদিও সেই চাৰিত্ৰবোৰে সুকুমাৰৰ চৰিত্ৰ বিকাশ আৰু প্ৰকাশত অৱদান আগবঢ়াইছে।

(গ) গঠন বা কাহিনী বিন্যাস: চুটিগল্পৰ কাহিনী ভাগৰ সাধাৰণতে তিনিটা স্তৰ বা পৰ্যায় আছে, যেনে– আৰম্ভণি,  শীৰ্ষ বিন্দু আৰু সামৰণি। আৰম্ভণিত কাহিনীভাগৰ সূচনা হৈ দ্বন্দ্বৰ মাজেদি শীৰ্ষবিন্দু পায় আৰু শীৰ্ষবিন্দুৰ পৰা ক্ৰমান্বয়ে অৱৰোহণৰ মাজেদি সামৰণি লাভ কৰে। অৱশ্যে এই তিনিটা পৰ্যায় সকলো গল্পত সু্‌ষমভাৱে নাথাকিব পাৰে যদিও চুটিগল্পৰ কাহিনী বিন্যাসৰ তিনিটা পৰ্যায় প্ৰায় সৰহভাগ গল্পত বিদ্যমান।

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মুক্তি’ নামৰ গল্পটিতো ইয়াৰ কাহিনী বিন্যাসত এই তিনিটা স্তৰ পোৱা যায়। গল্পটিৰ আৰম্ভণিতে আমি ইয়াৰ প্ৰধান চৰিত্ৰ সুকুমাৰক লিখা-পঢ়াৰ প্ৰতি পিঠি দি  বিদ্যালয়ৰ পৰা আহিয়েই অত-তত  চৰাইৰ কণী বা পোৱালি বিচাৰি, বৰশী বাই, গছ বগাই,  ফল-মূল পাৰি, হাবিত ঘূৰি-ফূৰি সময় কটোৱা অৱস্থাত লগ পাওঁ। পঢ়াৰ প্ৰতি অমনোযোগী হোৱা বাবে শিক্ষকৰ পৰা পোৱা অভিযোগ শুনি অশিক্ষিত দেউতাকৰ চিকনিৰ কোব খাই গোটেই ৰাতি তেঁতেলী গছত কটোৱা আদি ঘটনাৰ বৰ্ণনাৰ মাজেদি আগবাঢ়ি উকিল ককায়েক দেৱকুমাৰৰ দ্বাৰা ভালদৰে লিখা-পঢ়া শিকোৱাৰ উদ্দেশ্যে তেওঁক ডিব্রূগড়লৈ লৈ যোৱা সময়ত কাহিনীটো শীৰ্ষবিন্দু পাইছে। এই শীৰ্ষ বিন্দুৰ পৰা  কাহিনীভাগ লাহে লাহে অৱৰোহণ কৰি তেওঁ লিখা-পঢ়াত উন্নতি দেখুৱাব নোৱাৰাৰ দোষত ককায়েকৰ পৰা দাবি-ধমকি, ভৰ্ৎসনা আৰু শাৰীৰিক শাস্তিৰ বলি হৈ অকালতে মৃত্যুক সাৱটি লৈছে আৰু ইয়াতে কাহিনীটোৰ অন্ত হৈছে।

(ঘ) পৰিৱেশঃ চুটিগল্পৰ আন এক উপাদান হৈছে পৰিৱেশ অংকন। চুটি গল্পত সাধাৰণতে পাত্ৰ-পাত্ৰী বা চৰিত্ৰই যি পৰিৱেশত ঘটনা সংঘটিত কৰে তাৰ চিত্ৰ থাকিব লাগে। অৱশ্যে পৰিৱেশে বহল অৰ্থত কাহিনীটোৰ চৰিত্ৰই সংঘটিত কৰা ঘটনাৰ চাৰিওফালৰ প্ৰাকৃতিক বা সামাজিক পৰিস্থিতি, পৰিধান কৰা সাজ-সজ্জা, খোৱা-লোৱা, সামাজিক ৰীতি-নীতি আদিকো সামৰি লয়।  পৰিৱেশ কেতিয়াও অসংগত বা কৃত্ৰিম হ’ব নালাগে। অৰ্থাৎ গাওঁৰ কাহিনী পৰিবেশন কৰোঁতে নগৰীয়া পৰিৱেশৰ চিত্ৰ থাকিব নালাগে। মুঠতে পৰিৱেশৰ চিত্ৰন সদায় বাস্তৱসন্মত হোৱা বাঞ্চনীয়।

মুক্তি’ গল্পটিত গল্পকাৰ বেজবৰুৱাদেৱে অসমীয়া গাওঁলীয়া সমাজৰ চিত্ৰ ফুটাই তোলাত সক্ষম হৈছে। গাওঁৰ ল’ৰা-ছোৱালীবোৰ যে চহৰৰ তুলনাত লিখা-পঢ়াৰ প্ৰতি কম মনোযোগী সেই চিত্ৰ ফুটাই তোলাৰ লগতে অসমীয়া গাওঁলীয়া সমাজত লৰাসকলে যে অধিক স্বাধীনতা ভোগ কৰে, সিহঁতে যে উদ্বেগহীনভাৱে গছ-গছনিৰ ফল-মূল পাৰি, চৰাইৰ পোৱালি বিচাৰি, বৰশী বাই ভাল পায় তাৰ চিত্ৰ গল্পটিত  সাৱলীলভাৱে অংকিত হৈছে।

(ঙ) সংলাপ: চুটিগল্পৰ আন এক আৱশ্যকীয় উপাদান হৈছে সংলাপ। সংলাপ বুলিলে গল্পটিত স্থান পোৱা চৰিত্ৰবোৰৰমাজত হোৱা কথোপকথনক বুজায়। চুটি গল্পত সংলাপ পৰিমিতৰূপত ব্যৱহাৰ কৰিব লাগে। অৰ্থাৎ গল্পকাৰে সংপাল ৰচনা কৰোঁতে সেইবোৰ সংলাপহে চৰিত্ৰবোৰৰ মুখেদি প্ৰকাশ কৰিব লাগে যাৰ জৰিয়তে চৰিত্ৰ এটাই নিজক প্ৰকাশ কৰিব পাৰে আৰু কাহিনীটো আগবাঢ়ি যোৱাত সহায়ক হয়।

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মুক্তি’ নামৰ গল্পটিত গল্পকাৰে পৰিমিত ৰূপত সংলাপৰ সংযোজন কৰিছে। উহাৰণস্বৰূপে   সুকুমাৰৰ ককায়েক দেৱকুমাৰে ডিব্রূগড়ৰ পৰা ঘৰলৈ আহি ভাইটি সুকুমাৰক কৰা ভৰ্ৎসনা, ককায়েকৰ লগত সুকুমাৰে ঘৰ এৰি যোৱাৰ মূহুৰ্তত মাকে ল’ৰা দুজনক উদ্দ্যেশি কোৱা কথা আদিয়ে সিহঁতৰ ব্যক্তিত্ব প্ৰকাশ কৰাৰ লগতে কাহিনীভাগো আগবঢ়াই লৈ যোৱাত সহায়ক হৈছে।

(চ) লিখকৰ জীৱন দৰ্শন: লিখকৰ জীৱন দৰ্শন বুলিলে জীৱনৰ প্ৰতি  প্ৰকাশ পোৱা লিখকৰ  দৃষ্টিভংগী বা জীৱনৰ পৰা পোৱা অভিজ্ঞতাক বুজায়। জীৱন দৰ্শন সকলোবোৰ গল্পত স্পষ্টভাৱে প্ৰকাশ নাপালেও পৰোক্ষভাৱে প্ৰকাশ পায়।

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মুক্তি’ নামৰ গল্পতো গল্পকাৰৰ জীৱন দৰ্শন পৰোক্ষভাৱে প্ৰকাশ পাইছে। লিখকে গল্পটিৰ মাজেদি জীৱনৰ প্ৰতি এই অভিজ্ঞতা প্ৰকাশ কৰিছে যে মানুহৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ অপৰিসীম। মানুহৰ আচাৰ-আচৰণ কৰ্ম, সংস্থান আদি পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। জীৱনৰ প্ৰতি অভিজ্ঞতা নথকাসকলে কিবা দোষৰ বাবে ব্যক্তিকেই জগৰীয়া কৰে। সেয়া যে ভুল লিখকে গল্পটিত সুকুমাৰ কাহিনীৰ মাজেদি প্ৰকাশ কৰিব বিচাৰিছে।

ওপৰৰ বিশ্লেষণৰ পৰা দেখা যায় যে লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মুক্তি’ নামৰ গল্পটিত চুটিগল্পৰ সাধাৰণ উপাদান (লক্ষণ) বোৰ  কম-বেছি পৰিমাণে বিদ্যমান। ০ ০ ০

অসমীয়া চুটি গল্প সমালোচনা | Asomiya Choti Galpa Samalochana 

স্নেহ দেৱীৰ চুটি গল্প ‘নাম দিম কল্যাণী’  এক সমালোচনাত্মক বিশ্লেষণ

স্নেহ দেৱীৰ ‘নাম দিম কল্যাণী’ এটি সামাজিক চুটিগল্প (Social Short Story)। গল্পটিৰ মাজেৰে গল্পকাৰে অসমীয়া সমাজত ‘পাত্ৰী নিৰ্বাচন’ পদ্ধতি ফুটাই তুলিছে। কলাত্মক (artistic) দিশৰ পৰা গল্পটি তেনেই সাধাৰণ আৰু বৈচিত্র বর্জিত। 

চুটি গল্প কোনো এক বিশেষ মূহুৰ্তত ঘটা বাস্তৱধৰ্মী সামাজিক ঘটনাৰ সজীৱ বৰ্ণনা। চুটিগল্পত কাহিনী (plot) হৈছে এক ভিত্তি যাৰ ওপৰত নিৰ্ভৰ কৰি সামাজিক চৰিত্ৰসমূহ ফুটাই তোলা হয়। এই গল্পটিৰ মাজেৰে অসমীয়া সমাজৰ বিবাহ-বাহৰ আৰু বিবাহ-বাহৰত গোট খুৱা যুৱতী-ছোৱালীসকলৰ মাজৰ পৰা মনৰ জোখাৰে ‘পাত্ৰী নিৰ্বাচন’ৰ দিশটো প্ৰতিফলিত হৈছে। 

বিয়াঘৰৰ কইনাৰ সম্পৰ্কীয়া মামীয়েক এগৰাকী নিমন্ত্ৰণ পাই  বিবাহ উৎসৱ আহিছে। কিন্তু বিবাহ-ঘৰৰ হাই-উৰুমীয়া পৰিৱেশত তাই  নিজকে খাপ খুৱাই  লব পৰা নাই। তাৰোপৰি দীৰ্ঘ ৰেল যাত্ৰাৰ পিছত বিয়া-ঘৰলৈ উপস্থিত হৈ তাই  ভাগৰি পৰিছে আৰু অৱশেষত বিচাৰি বিচাৰি কম পোহৰ থকা এমূৰৰ কোঠা এটালৈ সোমাই গৈ আঁঠুৱা তৰা বিচনাৰ ওপৰত শুই  পৰিল যদিও তাইৰ টোপনি নাহিল। তাই মনে মনে তাইৰ সৰু ভনীয়েকৰ ল’ৰা ‘ৰজত’ৰ বাবে কইনা নিৰ্বাচনৰ চিন্তাত মগ্ন। ৰজতৰ বাবে এজনী আদৰ্শ ছোৱালী লাগে যি জনীয়ে নিজৰ ইচ্ছামতে নহয়, মাক-বাপেকৰ ইচ্ছামতে বিবাহত সোমাব, আনকি পিন্ধা-উৰা, কথা-বতৰাতো মাৰ্জিত হ’ব। এই চিন্তাত মগ্ন থকা অৱস্থাতে সেই কোঠালীতেই কেইজনীমান নিমন্ত্ৰিত ছোৱালীক খাবলৈ দিলে। ছোৱালী মখাই খোৱাৰ মাজতেই এজনীয়ে আনজনীৰ হ’ব লগা বিবাহৰ  বিষয়ে আলোচনা কৰি গ’ল। ইপিনে আঠুৱাৰ তলৰ পৰা ৰজতৰ জেঠীয়ে সকলো কথা-বতৰা শুনি আছিল। শেষত ‘নিতু’ নামৰ ছোৱালীৰ মতামত তাই শুনিবলৈ পালে। কথা বাৰ্তাত খুব মাৰ্জিত আৰু বিবাহৰ ক্ষেত্ৰত মাক-বাপেকৰ ইচ্ছাৰ ওপৰতেই  তাই নিৰ্ভৰ কৰিব বুলি কোৱাত আঠুৱাৰ তলত শুই  থকা ৰজতৰ জেঠীয়ে মনে মনে ‘নিতু’ নামৰ এই ছোৱালীজনীকেই ৰজতৰ বাবে নিৰ্বাচন কৰিলে। শেষত তাইৰ লগত ‘শুভ্ৰা’ নামৰ ভাগিনীয়েকৰ জৰিয়তে চা-চিনাকী হ’ল। নিতুৰ ‘ভাল নাম’ অৰ্থাৎ  লিখিত নাম ‘কনকা’; কিন্তু ৰজতৰ জেঠীয়ে তাইৰ নাম ‘কনকা’ সলাই  ‘কল্যাণী’ দিব বুলি মনতে ভাৱি থলে।

এই খিনিয়েই হৈছে গল্পটিৰ বিষয়বস্তু। দেখা যায় যে গল্পটিৰ কাহিনীভাগ নিচেই  দুবৰ্বল। কাহিনীত কোনো বৈচিত্ৰতা নাই, কাহিনীটোৰ বিস্তৃত পৰিসৰো নাই। অৱশ্যে কাহিনীটোৰ নাটকীয় আৰম্ভণি নেথাকিলেও আৰম্ভণি (exposition) শীৰ্ষবিন্দু (climax) আৰু উপসংহাৰ (Denouement) আছে যদিও সুস্পষ্ট নহয়। বিবাহ- বাহৰত যেতিয়া সকলোৱেই বিবাহ-ঘৰৰ আনন্দময় পৰিৱেশত আপোন-পাহৰা, তেতিয়াই ৰজতৰ জেঠীয়ে ৰজতৰ বাবে কইনা নিৰ্বাচনৰ চিন্তাত মগ্ন। খন্তেকৰ জিৰণীৰ বাবে কোঠা এটিত অলপ কাতি হৈ পৰিছে যদিও চিন্তাই এৰা দিয়া নাই আৰু মনে মনে ঈশ্বৰৰ নাম লৈ ক’লে– “প্ৰভু মোক কি দায়িত্বত পেলালা।” আৰু ইয়াতেই কাহিনীটোৰ শীৰ্ষ বিন্দু  অৰ্থাৎ ৰজতৰ জেঠীৰ চিন্তাৰ উৰ্দ্ধসীমা পালে আৰু যেতিয়া ‘নিতু’ নামৰ ছোৱালীজনীয়ে নিজৰ মত প্ৰকাশ কৰি লগৰীয়া বান্ধৱীসকলৰ জ্ঞাতাৰ্থে ক’লে- “মোৰ কথা হ’ল, মাক দেউতাকে নিজৰ ল’ৰা ছোৱালীৰ  ভালটোকে সদায় চিন্তা কৰে; তথাপি যে কেতিয়াবা অশান্তি হয়, সেইটো নিজৰ কপালৰ কথা। সেই বুলি মাক-দেউতাকৰ অমতে গৈ তেওঁবিলাকৰ মনত আঘাত দিয়া আৰু তেওঁবিলাকৰ আৰ্শীবাদৰ পৰা বঞ্চিত হোৱা দুৰ্ভাগ্যৰ কথা। অন্তঃত মই তেনেকৈয়ে ভাৱো।” নিতুৰ এই মন্তব্য শুনাৰ লগে লগেই ৰজতৰ জেঠীৰ মনৰ লগত ছোৱালীজনী মিলি গ’ল আৰু ভাৱিলে যে ৰজতৰ বাবে এনেকুৱা কইনাৰে প্ৰয়োজন। আৰু তেতিয়াই কাহিনীটোৱে শীৰ্ষ বিন্দুৰ পৰা ক্ৰমে নিম্নগামী হৈ  উপসংহাৰ পাইছে।

গল্পকাৰে কাহিনীটো পৰিৱেশনত উদ্দেশ্যৰ ঐক্য (Unity of Motive) ৰ প্ৰতি বেছি সচেতন হোৱা দেখা যায়। বাকীবোৰ ঐক্যৰ প্ৰতি লিখিকা সিমান মনোযোগ দিয়া স্বাক্ষৰ গল্পটিত সুস্পষ্ট নহয়। 

সমাজত মানুহৰ স্থান আৰু বিশেষ বিশেষ অৱস্থাত মানৱ চৰিত্ৰ অধ্যয়ন আৰু তাৰ চিত্ৰ অংকন কৰাই হৈছে সাহিত্যৰ সাধাৰণ উদ্দেশ্য। কাহিনীতকৈ মানৱ চৰিত্ৰ অধ্যয়ন আৰু চিত্ৰিত কৰাটোতেই বিশ্বৰ বিভিন্ন যুগৰ লিখক লিখিকাই বেছি গুৰুত্ব দিয়া দেখা যায়। কাহিনী ভিত্তিহে মাথোন; কাহিনীৰ ওপৰত থিয় দি মানৱ চৰিত্ৰই আত্ম প্ৰকাশ কৰে। স্নেহ দেৱীৰ ‘নাম দিম কল্যাণী’ গল্পটি কাহিনী প্ৰধান গল্প বুলি কোৱাতকৈ চৰিত্ৰ প্ৰধান গল্প বুলি কোৱাই সমীচিন হ’ব যদিও চৰিত্ৰাঙ্কনতো লিখিকাৰ দুবৰ্বলতা আৰু সংকীৰ্ণতা আছে। লিখিকাই ‘ৰজত’ নামৰ  ল’ৰাজন আৰু ‘নিতু’ নামৰ ছোৱালীজনীৰ চৰিত্ৰ অংকন কৰিবলৈ চেষ্টা কৰিছে যদিও চৰিত্ৰ দুটাৰ মাথো এটি ফালহে  প্ৰতিফলিত হৈছে। 

ৰজতৰ বিষয়ে মাথো এইখিনিয়েই গল্পটিৰ পৰা জানিব পাৰি যে তেওঁ এজন শিক্ষিত ডেকা ল’ৰা। ব্যৱসায়ী। পিতাকৰ মৃত্যু হৈছে কেতিয়াবাই। মাকজনী চিৰৰুগীয়া। ঘৰৰ সকলো দায়িত্ব তেওঁৰ ওপৰতেই। মাকৰ ইচ্ছা আৰু সন্তুষ্টিৰ বাবেই  বিবাহত সোমোৱাৰ ইচ্ছা। নিজৰ বিয়াৰ ওপৰত তেওঁ জেঠীৰ আগত নিজৰ মতামত ব্যক্ত কৰিছে এনেদৰে–

“আপোনালোকৰ ওপৰত বিশ্বাস আছে জেঠাই। তথাপি যদি অশান্তি পাওঁ নিজৰ ভাগ্যদোষ বুলি ভাৱিম।”

ইয়াতেই ৰজতৰ বিষয়ে লিখিকাৰ বক্তব্যৰ অন্ত পৰিছে। 

দ্বিতীয় চৰিত্ৰটি হৈছে ‘নিতু’। নিতু সাধাৰণ যুৱতী ছোৱালী। বিবাহ যোগ্য। মাকৰ অসুস্থাৰ বাবে মাকৰ সলনি তাই বিয়া-ঘৰলৈ আহিছে। লিখিকাই তাইৰ বিষয়েও বেছি  কথা কোৱা নাই যদিও মাত্ৰ কেইষাৰ মান কথাৰ দ্বাৰাই  ‘নিতু’ নামৰ এই ছোৱালীজনীৰ চৰিত্ৰ অংকন কৰাত লিখিকা সফল হৈছে। তাই নিয়মীয়া ওখ-পাখ। চেহেৰা মজলীয়া। কাপোৰ-কানি পিন্ধাত সুৰুচি সম্পনা। তাই যে মাক- বাপেকৰ একান্ত বাধ্য আৰু  মাক- বাপেকৰ ইচ্ছাৰ বিৰুদ্ধে বিবাহত নোসোমায় তাৰ পৰিচয় পোৱা যায় যেতিয়া তাই তাইৰ বান্ধৱীসকলক (উদেশি) নিজৰ বিয়াৰ বিষয়ে কৈছে, 

“নহয়, তুমি ভুল বুজিছা। নিজৰ পছন্দক মই বেয়া বোলা নাই। কিন্তু মাক-দেউতাকৰ সমৰ্থন লাগিব। তেতিয়াই  মংগল হ’ব।”

এই  দুটা চৰিত্ৰৰ বাহিৰে অন্য চৰিত্ৰ কেইটাৰ উল্লেখ আছে যদিও সিবোৰ আংশিকহে। ‘ৰজত’ আৰু ‘নিতু’ দুটিয়েই গল্পটিৰ মূল চৰিত্ৰ।

পৰিৱেশ অংকনে গল্প এটিক সজীৱতা দান কৰে। তাৰোপৰি পৰিৱেশৰ লগত মানৱ চৰিত্ৰৰ আচাৰ-আচৰণ আৰু কাৰ্য্য-কলাপৰ সমন্ধ থাকে। ‘নাম দিম কল্যাণী’ নামৰ গল্পটিত গল্পকাৰে বিয়া-ঘৰৰ পৰিৱেশ ফুটাই তোলাত সফল হৈছে। বিয়া-ঘৰ নানা ধৰণৰ মানুহেৰে ভৰি পৰে। উখল-মাখল আৰু হাই উৰুমিও যথেষ্ঠ হয়। কিছুমানে কাম কৰে  আৰু কিছুমানে এনেয়ে ঘূৰা-ঘূৰি কৰি কথা থাকে। 

বিয়াঘৰৰ ব্যস্তত্বাপূৰ্ণ পৰিৱেশ ফুটাই তোলাৰ বাহিৰে লিখিকাই কোনো উপৰঞ্চি বা অবাঞ্ছিত পৰিৱেশৰ বৰ্ণনা দি গল্পটিত বাহুল্যতা বঢ়োৱা নাই। 

কথোপকথনে গল্প এটিক প্ৰকাশ আৰু চৰিত্ৰ বিকাশত বৰঙণি যোগায়। অৰ্থাৎ কথোপকথন হৈছে গল্প এটিক সজীৱতা দান কৰাৰ প্ৰধান মাধ্যম। অৱশ্যে চুটি গল্পত কথোপকথন সদায় উদ্দেশ্যধৰ্মী হ’ব লাগিব, যাতে কথোপকথনে গল্পটিক লিখকৰ মূল লক্ষ্যত উপনীত কৰোৱাত সহায় কৰে। এই গল্পটিও ৰজত আৰু নিতুৰ কথোপকথন চুটি যদিও সিহঁতৰ দুটা মাথো বক্তব্যই  গল্পকাৰক গল্পটি উপসংহাৰলৈ আগবঢ়াই  নিয়াত প্ৰভুত অৰিহণা যোগাইছৈ। 

জীৱন দৰ্শন চুটি গল্পত প্ৰত্যক্ষ নাইবা পৰোক্ষভাৱে পৰে যদিও জীৱন দৰ্শন যে গল্প এটিত প্ৰকাশ পাবই  লাগিব তাক দৃঢ়ভাৱে ক’ব নোঁৱাৰি। লিখকৰ উদ্দেশ্য সমাজৰ কোনো এটি মূহুৰ্তৰ দিশটো সজীৱতাৰে বৰ্ণনা কৰা । ইয়াৰ পৰা পোৱা অভিজ্ঞতাখিনি পাঠকৰ হাতত। ‘নাম দিম কল্যাণী’ নামৰ গল্পটিত  লিখিকাৰ জীৱন দৰ্শন প্ৰকাশ নোপোৱাকৈ থকা নাই। ল’ৰা-ছোৱালীৰ বিয়াত মাক দেউতাকৰ পছন্দ আৰু সমৰ্থনৰ কথা লিখিকাই ব্যক্ত কৰিছে। অৰ্থাৎ লেখিকাৰ  মতে ল’ৰা-ছোৱালীয়ে বিয়াৰ বিষয়ত মাক দেউতাকৰ মতামত মানি চলা উচিত। 

গল্পটিৰ  ভাষা সহজ-সৰল। কোনো জটিলতা নাই । অলংকাৰমুক্ত। মাজে মাজে ঘৰুৱা শব্দ আৰু সুৰৰ প্ৰয়োগ হৈছে। 

গল্পটি সামাজিক গল্প যদিও কাহিনী প্ৰধানতকৈ ই চৰিত্ৰ প্ৰধান বুলি ক’ব পাৰি। লিখিকাই একেটি মাথো উদ্দেশ্য প্ৰতিফলিত কৰাত সফল হৈছে যদিও কলা হিচাপে গল্পটি দুৰ্বলতা আৰু  ঔৎসুকতাহীনতাত ভূগিছে। ০ ০ ০

অসমীয়া চুটি গল্প সমালোচনা | Asomiya Choti Galpa Samalochana 

যোগেশ দাসৰ চুটিগল্প ‘আমাৰ ছাৰ’ চৰিত্ৰাংকন 

যোগেশ দাস ৰচিত ‘আমাৰ ছাৰ’ নামৰ গল্পটিৰ প্ৰধান চৰিত্ৰটি হৈছে ‘আমাৰ ছাৰ’। তেওঁৰ প্ৰকৃত নাম ধৰণীধৰ বৰুৱা। গল্পটিত তেওঁক এজন আদৰ্শ শিক্ষক হিচাপে চৰিত্ৰাঙ্কন  কৰাৰ উপৰিও এজন আদৰ্শ সামাজিক ব্যক্তি হিচাপে গল্পকাৰে উপস্থাপন কৰিছে।

শিক্ষক হিচাপে তেওঁ আছিল কঠোৰ, নিয়মানুবৰ্তি, সংযমী, খঙাল আৰু একেসময়তে বৰ মৰমীয়াল। কোনো ছাত্ৰ লিখা-পঢ়াত অমনোযোগী হ’লে, স্কুল ক্ষতি কৰিলে আৰু স্কুলৰ নীতি-নিয়ম ভংগ কৰিলে তেওঁ বৰ কঠোৰ হৈ পৰিছিল। আনহাতে ছাত্ৰ-ছাত্ৰীসকলৰ লিখা-পঢ়াৰ প্ৰতি বৰ মনোযোগী আৰু দায়িত্বশীল আছিল। কোনোৱা ছাত্ৰ দুৰ্বল হ’লে প্ৰয়োজনত অতিৰিক্ত সময়ত পঢ়োৱাইছিল বা ঘৰত গৈ হ’লেও তত্বাৱধান লৈছিল। অৰ্থাৎ এজন শিক্ষক হিচাপে  থাকিবলগীয়া সকলোখিনি গুণেই তেওঁৰ আছিল।

ধৰণীধৰ বৰুৱা এজন আদৰ্শ শিক্ষক হোৱাৰ উপৰিও ব্যক্তি হিচাপে তেওঁ আছিল মহান, মানৱ দৰদী আৰু দায়িত্বশীল। সেয়ে তেওঁ পয়সত্তৰ বছৰ বয়সতো এসময়ৰ ছাত্ৰ পদ্মেশ্বৰৰ জীয়েক মিনুৰ বিয়ালৈ গৈছে। তেওঁ যে কেৱল নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ সেই বিয়ালৈ গৈছে সেয়া নহয়, তেওঁ বিয়া ঘৰৰ ইটো-সিটো তদাৰকো কৰিবলৈ লৈছে। বিয়া ঘৰত লগ পোৱা তেওঁৰ পুৰণি ছাত্ৰসকলক সিহঁতৰ কুশল বাৰ্তা সুধিছে।

শিক্ষকজনক এজন মহানুভৱ ব্যক্তি হিচাপেও লিখকে অংকন কৰিছে। সেয়ে তেওঁ আশীষ বচনৰ সৈতে কইনাগৰাকীক এটি সোণৰ আঙঠি উপহাৰ দিছে। দৰালৈয়ো আৰ্শীবাদ স্বৰূপে তিনিগজ আদ্দি আগবঢ়াইছে। তেওঁ বিয়াৰ শেষলৈকে উপস্থিত থাকি বিয়াখন যাতে সুকলমে সম্পন্ন হয় তাৰো তদাৰক কৰিছে। কন্যাদানৰ সময়ত শোকত ভাঙি পৰা কইনাৰ দেউতাক পদ্মেশ্বৰক শ্বান্তনা বাণী শুনাইছে।

এইদৰে লিখক যোগেশ দাসদেৱে গল্পটিত শিক্ষকৰ চৰিত্ৰটি উজ্জ্বল ৰূপত অংকন কৰিছে। ০ ০ ০

অসমীয়া চুটি গল্প সমালোচনা | Asomiya Choti Galpa Samalochana 

হোমেন বৰগোহাঞিৰ ‘হাতী’ চুটিগল্পত প্ৰজন্মৰ ব্যৱধান আৰু মূল্যবোধ অৱক্ষয়ৰ চিত্ৰ

গল্পকাৰ হোমেন বৰগোহাঞিয়ে ‘হাতী’ নামৰ গল্পটিত প্ৰজন্মৰ ব্যৱধানে কেনেদৰে মূল্যবোধৰ অৱক্ষয় সাধনত অৰিহনা যোগায় তাৰ এক মৰ্মস্পৰ্শী চিত্ৰ অংকন কৰিছে। গল্পটিৰ প্ৰধান চৰিত্ৰ বলোৰাম মেধি আৰু তেওঁৰ  ‘বাপধন’ নামৰ হাতীটোৰ প্ৰতি মেধিৰ পুত্রহঁতৰ ব্যৱহাৰ আৰু আচৰণৰ মাজেদি এই চিত্ৰটো ফুটি উঠিছে।

বলোৰাম মেধিৰ আৰ্থিক অৱস্থা মৌজাখনৰ ভিতৰত জাকত জিলিকা আছিল। সেই সময়ত গাড়ী-মটৰৰ সংখ্যা খুবেই তাকৰ আছিল। হাতী-ঘোঁৰাই আছিল সেই সময়ৰ অভিজাত বাহন। ঘৰখনৰ আভিজাত্য বঢ়াবলৈ বলোৰামে চাৰি কুঠলীয়া ভঁৰাল এটি বিক্ৰী কৰি ‘বাপধন‘ নামৰ হাতী এটা ক্ৰয় কৰিছিল। বলোৰামৰ মনত সেই হাতীটো অকল অভিজাত বাহনেই নাছিল, ই আছিল তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীক স্বৰূপ। এবাৰ জিলাৰ ইংৰাজ বৰচাহাব মৌজালৈ আহিব লগা হোৱাত সেই হাতীটোৰ পিঠিতে উঠি আহিছিল। আনকি জিলাৰ ডা-ডাঙৰীয়া আহিব লগা হ’লেও মেধিৰ ঘৰত আলহী হৈছিল। হাতীটোৰ বাবেই বলোৰাম মেধিৰ মান-সন্মান বৃদ্ধি হোৱা বুলি তেওঁ ভাৱিছিল।

কিন্তু বলোৰামৰ সামাজিক মূল্যবোধ বেছি দিন স্থায়ী হ’বলৈ নাপালে।তেওঁৰ সুপ্রতিষ্ঠিত পুতেকহঁতৰ দৃষ্টিত পদূলিমূখত মটৰ গাড়ী এখন থিয় কৰিব পাৰিলেহে সিহঁতৰ আধুনিক আভিজাত্য পৰিপূৰ্ণ হয় বুলি ভাবিছিল। সিহঁতৰ বাবে হাতী ৰখাটো এক বাজে খৰচহে। গতিকে সিহঁতে হাতীটো বিক্ৰি কৰি মটৰ গাড়ী এখন কিনাৰ কথা ভাবিবলৈ ধৰিলে। সিহঁতৰ বাবে আভিজাত্যৰ প্ৰতীক হিচাপে হাতী আওপুৰণি  আৰু মূল্যহীন। 

ইয়াতে মূল্যবোধ অৱক্ষয়ৰ চিত্ৰটো মৰ্মান্তিক আৰু হৃদয়স্পৰ্শী ৰূপত প্ৰকট হৈ উঠিছে। যি হাতী বলোৰাম বুঢ়াৰ বাবে অভিজাত্যৰ প্ৰতীকৰ উপৰিও তেওঁৰ জীৱনৰ সংগী, পুত্ৰসম, ঘৰৰ লক্ষ্মী সেই হাতীটো তেওঁৰ পুত্ৰসকলৰ দৃষ্টিত আওপুৰণি, মূল্যহীন। আনকি চৰকাৰী বিষয়াসকলেও আজিকালি হাতীটোৰ পৰিৱৰ্তে বৰমইনাহঁতৰ মটৰখনহে বিচাৰে।  বলোৰাম মেধিয়ে এই অৱক্ষয়ৰ বাবে নিজৰ লগতে হাতীটো লাহে লাহে ঘৰখনত অৱহেলিত হৈ অহাটো অনুভৱ কৰি বেদনাত হাহাকাৰ কৰি উঠিছে।

এনেদৰে গল্পকাৰ হোমেন বৰগোহাঞিয়ে প্ৰজন্মৰ ব্যৱধানে কেনেদৰে সামাজিক মূল্যবোধ অৱক্ষয়ত অৰিহণা যোগায় তাৰ চিত্ৰ  হাতী’ নামৰ গল্পটিৰ জৰিয়তে মৰ্মস্পৰ্শী ৰূপত ফুটাই তুলিছে। ০ ০ ০

অসমীয়া চুটি গল্প সমালোচনা | Asomiya Choti Galpa Samalochana

অন্ত 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here