অসমীয়া ব্যাকৰণ খ অংশ। Assamese Grammar Part B

অসমীয়া ব্যাকৰণ

0

অসমীয়া ব্যাকৰণ খ অংশ । Assamese Grammar Part B

অসমীয়া ব্যাকৰণ খ অংশ। Assamese Grammar Part B

অসমীয়া ব্যাকৰণ খ অংশ 

অসমীয়া ব্যাকৰণ খ অংশ । Assamese Grammar Part B

ৰাব্বি  মছৰুৰ 

 

 

গ্র’হিলচ্‌  

 

 

অসমীয়া ব্যাকৰণ খ অংশ । Assamese Grammar Part B (A Grammar of the Assamese Language) by Rabbi Masrur, Kamalpur, Barpeta (Assam)

Published by Growhills Publishing, Barpeta, Assam

All Rights Reserved

অসমীয়া ব্যাকৰণ খ অংশ 

Rs: ……………………./-

Printed at:

অসমীয়া ব্যাকৰণ খ অংশ

 

লিখকৰ একাষাৰ

ভাষা এটি শুদ্ধকৈ শিকাৰ ক্ষেত্ৰত ব্যাকৰণৰ কোনো বিকল্প নাই। আধুনিক ভাৰতীয় ভাষা হিচাপে স্বীকৃতি পোৱা অসমীয়া ভাষা এক আৰ্যমূলীয়া ভাষা। ই খ্ৰীষ্টিয় দশম শতিকা বা তাৰো কিছু পূৰ্বৰ পৰা মূল সংস্কৃতৰ পৰা উদ্ভৱ হয় বুলি অনুমান কৰা হয়।  অসমীয়া ভাষা ইয়াৰ উদ্ভৱ কালৰ পৰা বৰ্তমানলৈ বহু বিৱৰ্তনৰ মাজেদি বৰ্তমানৰ ৰূপ পাইছে। ঊনবিংশ শতিকাৰ আগলৈকে অসমীয়া ভাষাৰ কোনো ব্যাকৰণ নাছিল। ফলত ভাষাটোৰ সাৰ্বজনীনতা তথা সুস্থিৰতা নাছিল। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে অসমখন ইংৰাজ শাসনৰ অধীনলৈ যোৱাৰ পিছত অসমত খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰিবলৈ অহা আমেৰিকীয় মিছনেৰীসকলে অসমীয়া ভাষাৰ ব্যাকৰণ প্ৰণয়নৰ শুভাৰম্ভ কৰে। এই ক্ষেত্ৰত আগভাগ লৈছিল  উইলিয়াম ৰবিন্স নামৰ মিছনেৰী এজনে। তেওঁ ১৮৩৯ চনত ইংৰাজী ভাষাৰ ব্যাকৰণৰ আৰ্হিত অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণ ৰচনা কৰে। ইয়াৰ শিৰোনাম আছিল ‘A Grammar of Assamese Language‘। অৱশ্যে ব্যাকৰণখন ইংৰাজী ভাষাত ৰচনা কৰা হৈছিল। তেওঁৰ পিছত নাথান ব্রাউন নামৰ আন এজন আমেৰিকীয় মিছনেৰীয়ে ১৯৪৮ চনত  ‘Grammatical Notes of the Assamese Language’  নামৰ অসমীয়া ভাষাৰ দ্বিতীয়খন ব্যাকৰণ ৰচনা কৰে।  অৱশ্যে এইবোৰ ব্যাকৰণত অসমীয়া ভাষাৰ সম্পূৰ্ণ বৈজ্ঞানিক বিচাৰ-বিশ্লেষণ নাছিল যদিও এই ব্যাকৰণবোৰে অসমীয়া ভাষাৰ ব্যাকৰণ প্ৰনয়ণৰ পৰম্পৰা সৃষ্টি কৰে। সিহঁতৰ পিছত ১৮৫৯ চনত অসমৰ পণ্ডিতপ্ৰৱৰ হেমচন্দ্ৰ বৰুৱাদেৱে ‘অসমীয়া ভাষাৰ ব্যাকৰণ’ শিৰোনামেৰে এখন ব্যাকৰণ ৰচনা কৰে। এইখনেই হৈছে অসমীয়া ভাষাত ৰচনা কৰা অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ। এইখন ব্যাকৰণত সংস্কৃত আৰু ইংৰাজী ব্যাকৰণৰ মিশ্ৰ প্ৰভাৱ পৰিলক্ষিত হয়। হেমচন্দ্ৰ বৰুৱাৰ পিছত সত্যনাথ বৰাই ১৯২৫ চনত ‘অসমীয়া ভাষাৰ বহল ব্যাকৰণ’ নামেৰে এখন ব্যাকৰণ ৰচনা কৰে। ইয়াৰ পিছত কালিৰাম মেধিয়ে ১৯৩৬ চনত ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ব’ শিৰোনামেৰে এখন ব্যাকৰণ প্ৰনয়ন কৰে। 

বৰ্তমান অসমীয়া ভাষা শিকাৰুসকলকৰ বাবে স্কুল-কলেজৰ পাঠ্য-বিষয়সমূহত অসমীয়া ভাষাৰ ব্যাকৰণ অৰ্ন্তভূক্ত কৰা হৈছে। কিন্তু উপৰিউক্ত ব্যাকৰণবোৰ গৱেষণাধৰ্মী হোৱা বাবে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যথাযথ উপযোগী নহয়। সেয়ে ছাত্ৰ-ছাত্ৰীসকল তথা অসমীয়া ভাষা শিকাৰুসকলৰ উদ্দেশ্যে অতি সহজভাৱে ‘অসমীয়া ব্যাকৰণ’ নামৰ পুথিখন প্ৰণয়ন কৰা হ’ল। পুথিখনৰ প্ৰণয়ন কৰোতে পূৰ্বসূৰী ব্যাকৰণসমূহক ভিত্তি হিচাপে গ্ৰহণ কৰা হৈছে। এই পুথিখনত মাথো ব্যাকৰণৰ বিষয়বস্তুসমূহ অতি সহজে বুজিব পৰাকৈ সৰল আৰু শৃঙ্খলাবদ্ধভাৱে উপস্থাপন কৰা হৈছে। 

এই ব্যাকৰণখন প্ৰণয়ন কৰোতে বহুতো বন্ধু-বান্ধৱী তথা ছাত্ৰ-ছাত্ৰীয়ে অনুপ্ৰেৰণা দিয়াৰ লগতে বিভিন্ন দিশত সহায় কৰিছে। সিহঁতৰ প্ৰতি এই লিখক  চিৰ কৃতজ্ঞ।

ব্যকৰণখন প্ৰণয়ন কৰোতে অনিচ্ছাকৃত কিবা ভুল-ভ্ৰান্তি ৰৈ যাব পাৰে। সদাশয় শিক্ষক-শিক্ষয়িত্ৰী তথা সমল ব্যক্তিয়ে গঠনমূলক দিহা পৰামৰ্শ দি ভুল-ভ্রান্তিবোৰ আঙুলিয়াই দিলে কিতাপখনৰ পৰৱৰ্তী সংস্কৰণসমূহ অধিক সুন্দৰ কৰাৰ বাবে লিখক তথা প্ৰকাশক দৃঢ় প্ৰতিজ্ঞ। ইতি, 

ৰাব্বি মছৰুৰ

কমলপুৰ, বৰেপটা 

অসমীয়া ব্যাকৰণ খ অংশ । Assamese Grammar Part B                                                               

 

সূচীপত্ৰ

খ অংশ

অধ্যায় শিৰোনামা

৩০ সন্ধি 

৩১ সমাস

৩২ সন্ধি আৰু সমাস– সাদৃশ্য আৰু বৈশাদৃশ্য

৩৩ অনুসৰ্গ আৰু উপসৰ্গ

৩৪ উপসৰ্গ

৩৫ ণত্ব বিধি

৩৬ ষত্ব বিধি

৩৭ বাচ্য 

৩৮ যতি চিন

৩৯ বিপৰীত অর্থবোধক শব্দ

৪০ অনুৰূপ আৰু অনুকাৰ শব্দ

৪১ প্ৰতিশব্দ বা সমাৰ্থক শব্দ

৪২ বাক সংহতি বা এটা শব্দত প্ৰকাশকৰণ

৪৩ জতুৱা ঠাঁচ আৰু খণ্ডবাক্য

 

Table of Contents

অসমীয়া ব্যাকৰণ খ অংশ

অধ্যায় – ৩০ 

সন্ধি

‘সন্ধি’ বুলিলে সাধাৰণতে ‘মিলন’ক বুজায়। ব্যাকৰণৰ ভাষাত ওচৰা-ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতায়টোৰ আদি বৰ্ণৰ মিলনকে সন্ধি বোলে।  উদাহৰণ–

মত + অন্তৰ = মতান্তৰ

শোক +  অগ্নি = শোকাগ্নি

পট + অন্তৰ = পটন্তৰ

শক + অব্দ = শকাব্দ।

ওপৰৰ উদাহৰণ কেইটাত দেখা পাওঁ যে ‘মতান্তৰ’ শব্দটি দুটা শব্দ যথা–‘মত’ আৰু ‘অন্তৰ’ মিলি হৈছে। সেইদৰে ‘শোকাগ্নি’ শব্দটো ক্ৰমে ‘শোক’ আৰু  ‘অগ্নি’ শব্দ কেইটা লগলাগি  হৈছে। এনেদৰে দুটা শব্দ লগলাগি এটা শব্দ হোৱাকেই অসমীয়া ব্যাকৰণত সন্ধি বুলি কোৱা হয়।

সন্ধি সংস্কৃত ভাষাৰ এক বৈশিষ্ট্যমূলক অংগ। অসমীয়া ভাষা সংস্কৃত মূলৰ। সেয়ে সংস্কৃত ভাষাৰ পৰা অসমীয়া ভাষালৈ সন্ধিৰ আনয়ন  হৈছে।

সন্ধিয়ে ভাষা এটিত তলত দিয়া কাৰ্য সম্পাদন কৰে, যথা–

(১) ই বাক্যৰ সংকোচন ঘটায়।

(২) ই শব্দৰ উচ্চাৰণলৈ মাধুৰ্যতা আনে।

(৩) ই ভাষাৰ লালিত্য বঢ়ায়।

(৪) ই ধবনিৰ উচ্চাৰণ দ্ৰুততৰ কৰে।

শব্দৰ মিলনৰ বৈশিষ্ট্য অনুযায়ী অসমীয়া ভাষাত সন্ধি তিনিটা, যেনে-

(১) স্বৰ সন্ধি (Conjunction of Vowels)

(২) ব্যঞ্জন সন্ধি (Conjunction of Consonants) আৰু

(৩) বিসৰ্গ সন্ধি (Conjunction of Bisharga in Vowels or Consonants)।

তলত এইবোৰ সন্ধিৰ বিষয়ে বিতং আলোচনা আগবঢ়োৱা হ’ল।

স্বৰ সন্ধি (Conjunction of Vowels)

স্বৰবৰ্ণৰ সৈতে স্বৰবৰ্ণৰ মিলন হৈ গঠিত হোৱা সন্ধিক স্বৰসন্ধি বোলে। স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলনৰ কিছুমান নীতি-নিয়ম আছে। তলত স্বৰ সন্ধিৰ নীতি-নিয়মবোৰ দিয়া হ’ল।

(ক) ‘অ’ আৰু ‘অ’ মিলি ‘আ’ (অ +  অ আ) হয়। উদাহৰণ–

বেদ +  অন্ত বেদান্ত

ক্ৰোধ + অন্বিত ক্ৰোধান্বিত

অজ + অসুৰ অজাসুৰ

নৰক + অসুৰ নৰকাসুৰ

উচ্চ + অংগ উচ্চাংগ

ঘৃত + অগ্নি ঘৃতাগ্নি

মত অন্তৰ মতান্তৰ

শোক + অগ্নি শোকাগ্নি

পট + অন্তৰ পটন্তৰ

দেশ + অধিকাৰ দেশাধিকাৰ

কাল + অনুক্ৰম কালানুক্ৰম

সহ + অনুভূতি সহানুভূতি

ৰূপ + অন্তৰ ৰূপান্তৰ

নীল + অম্বৰ নীলাম্বৰ

শক + অব্দ শকাব্দ

লোক + অন্তৰ লোকান্তৰ

জল + অঞ্জলি জলাঞ্জলি

পশ্চিম + অঞ্চল পশ্চিমাঞ্চল

অম্বৰ + অধিপতি অম্বৰাধিপতি

কল্প + অন্তৰ কল্পান্তৰ

উচ্চ + অভিলাসী উচ্চভিলাসী

ক্ৰম + অন্ময় ক্ৰমান্বয়

ধৰ্ম + অৱলম্বী ধৰ্মাৱলম্বী

দেৱ + অসুৰ দেৱাসুৰ

স্ব + অধীন স্বাধীন

দেশ + অনুৰাগী দেশানুৰাগী

শাসন + অধীন শাসনাধীন।

(খ) ‘অ’ আৰু ‘আ’ মিলি ‘আ’ (অ +  আ) হয়। উদাহৰণ–

ছাত্ৰ + আবাস ছাত্ৰাবাস

এক + আকাৰ একাকাৰ

আনন্দ + আপ্লুত আনন্দাপ্লুত

ভাৰ + আক্ৰান্ত ভাৰাক্ৰান্ত

সম + আদৰ সমাদৰ

লক্ষণ + আক্ৰান্ত লক্ষণাক্ৰান্ত

হিম + আলয় হিমালয়

পুনৰ + আবৃতি পুনৰাবৃত্তি 

শুভ + আগমন শুভাগমন

চিত্ত + আকৰ্ষক চিত্তাকৰ্ষক

পৰম + আনন্দ পৰমানন্দ

কৰ + আয়ত্ব কৰায়ত্ব

চৰ্ম + আবৃত চৰ্মবৃত

শোক + আকুল শোকাকুল

হত + আশা হতাশা

ৰত্ন + আকৰ ৰত্নাকৰ

শোধন + আগাৰ শোধনাগাৰ

শোক + আতুৰ শোকাতুৰ

শাসন + অধীন শাসনাধীন

দেশ + আচাৰ দেশাচাৰ

পূৰ্ব + আচাৰ পূৰ্বাচাৰ

পূৰ্ব + আভাস পূৰ্বাভাস

বৰ্ণ + আশ্ৰম বৰ্ণাশ্ৰম

বৃত্ত + আকাৰ বৃত্তাকাৰ

অল্প + আৱিত অল্পাৱিত।

(গ) আ’ আৰু ‘আ’ মিলি ‘আ’ (আ +  আ আ) হয়। উদাহৰণ–

বিদ্যা + আৰম্ভ বিদ্যাৰম্ভ

বিদ্যা + আলয় বিদ্যালয়

গৱেষণা + আগাৰ গৱেষণাগাৰ

মহা + আশয় মহাশয়

চিন্তা + আকুল চিন্তাকুল

সীমা + আবদ্ধ সীমাবদ্ধ

কথা + আষাৰ কথাষাৰ

অনা + আসক্ত অনাসক্ত

শিক্ষা + আগাৰ শিক্ষাগাৰ

অনা + আৰ্য অনাৰ্য

মহা + আলয় মহালয়

শ্ৰদ্ধা + আস্পদ শ্ৰদ্ধাস্পদ

উমা + আনন্দ উমানন্দ

(ঘ) ‘আ’ আৰু ‘অ’ মিলি ‘আ’ (আ +  আ) হয়। উদাহৰণ–

সীমা + অন্ত সীমান্ত

যথা + অৰ্থ যথাৰ্থ

আজ্ঞা + অধীন আজ্ঞাধীন

বিদ্যা + অলংকাৰ বিদ্যালংকাৰ

ধাৰণা + অতীত ধাৰণাতীত

মহা + অৰ্ঘ মহাৰ্ঘ

ক্ষমতা + অধীন ক্ষমতাধীন

মহকুমা + অধিপতি মহকুমাধিপতি

(ঙ) ‘ই’ আৰু ‘ই’ মিলি ‘ঈ’ (ই +   ঈ) হয়। উদাহৰণ–

গিৰি + ইন্দ্ৰ গিৰীন্দ্ৰ

অতি + ইন্দ্ৰিয় অতীন্দ্ৰিয়

প্ৰতি + ইতি প্ৰতীতি

অভি + ইষ্ট অভীষ্ট

(চ) ‘ই’ আৰু ‘ঈ’ মিলি ‘ঈ’, ‘ঈ আৰু ‘ঈ’ মিলি ‘ঈ’ আৰু ‘ঈ’ আৰু ‘ই’ মিলি ‘ঈ’ (ই +  ঈ,  ঈ +  ঈ আৰু ঈ +  ঈ) হয়। যেনেঃ

অধি + ঈশ্বৰ অধীশ্বৰ

গিৰি + ইশ গিৰীশ

পৰি + ঈক্ষা পৰীক্ষা

মহী + ঈশ মহীশ

বলী + ইন্দ্ৰ বলীন্দ্ৰ

(ছ) ‘অ’ আৰু ‘ই’ ¸  মিলি ‘এ’। ‘অ’ আৰু ‘ঈ’ মিলি ‘এ’। ‘আ’¸  আৰু ‘ই’ মিলি ‘এ’ আৰু ‘আ’ আৰু ‘ঈ’ মিলি ‘এ’  (অ +  এ।  অ +  = এ। আৰু আ +  এ আৰু  আ +  এ  হয়। উদাহৰণ–

নৰ + ইন্দ্ৰ নৰেন্দ্ৰ

মহা + ঈশ মহেশ

ৰমা + ঈশ ৰমেশ

পৰম + ঈশ্বৰ পৰমেশ্বৰ

নৰ + ঈশ নৰেশ

যথা + ইষ্ট যথেষ্ট

মহা + ঈশ্বৰ মহেশ্বৰ

যথা + ইচ্ছা যথেচ্ছা

(জ) ‘অ’ আৰু উ’  মিলি ‘ও’, ‘আ’ আৰু ‘উ’ মিলি ‘ও’    (অ +  ও,  আ +  ও)  হয়। উদাহৰণ–

শীত + উষ্ণ শীতোষ্ণ

প্ৰশ্ন + উত্তৰ প্ৰশ্নোত্তৰ 

মহা + উৎসৱ মহোৎসৱ

যথা + উচিত যথোচিত

যথা + উপযুক্ত যথোপযুক্ত

বোধ + উদয় =বোধোদয়

গংগা + উৰ্মি গংগোৰ্মি

সম + উচিত সমুচিত

সূৰ্য + উদয় সূৰ্যোদয়

স্নাতক + উত্তৰ স্নাতকোত্তৰ 

হিত + উপদেশ হিতোপদেশ।

(ঝ) ‘অ’ আৰু ‘ঋ’  মিলি ‘ৰেফ’, ‘আ’ আৰু ‘ঋ’ মিলি ‘ৰেফ’ হয়। উদাহৰণ—

সপ্ত + ঋষি সপ্তৰ্ষি

দেৱ + ঋষি দেৱৰ্ষি ।

(ঞ) ‘অ’ আৰু ‘এ’  মিলি ‘ঐ’ , ‘অ’ আৰু  ‘ঐ’ মিলি ‘ঐ’,  ‘আ’ আৰু  ‘ঐ’ মিলি ‘ঐ’ (অ +  ঐ,  অ +  ঐ,  আ +  ঐ)  হয়। যেনে–

পষ + এক পষেক

এক + এক একৈক

তথা + এবচ তথৈবচ

ৰাজ + ঐশ্বৰ্য ৰাজৈশ্বৰ্য

জন + এক জনৈক

হিত + এষী হিতৈষী

মত + ঐক্য মতৈক্য

মহা + ঐশ্বৰ্য মহৈশ্বৰ্য

মহা + ঐৰাৱত মহৈৰাৱত

(ট) ‘অ’ আৰু ‘ও’  মিলি ‘ঔ’ , ‘অ’ আৰু  ‘ঔ’ মিলি ‘ঔ’,  ‘আ’ আৰু  ‘ঔ’ মিলি ‘ঔ’ (অ +  ঔ,  অ +  ঔ,  আ +  ঔ)  হয়। যেনে–

জল + ওঘ জলৌঘ

পৰম + ঔষধ পৰমৌষধ

বন + ঔষধ বনৌষধ

হিত + ঔষধ হিতৌষধ

জল + ওকা জলৌকা

(ঠ) ‘ই’  আৰু  ‘অ’  মিলি ‘্য’ , ‘ই’  আৰু  ‘আ’ মিলি ‘্য’,  ‘ঈ’ আৰু  ‘অ’  মিলি  ‘্য’  ‘ই’  আৰু  ‘উ’  মিলি ‘্য’ , ‘ই’  আৰু  ‘এ’  মিলি ‘্য’,  (ই +   ্য,   ই +   ্য,   ঈ +   ্য,    ই +   ্য,  আৰু  ই + এ  ্য)  হয়। উদাহৰণ–

যদি + অপি যদ্যপি

অতি + অধিক অত্যধিক

ইতি + আদি ইত্যাদি

আদি + অন্ত আদ্যন্ত

প্ৰতি + আশা প্ৰত্যাশা

অতি + অন্ত অত্যন্ত

নদী + অম্বু নদ্যম্বু

(ড) ‘উ’ আৰু ‘অ’  মিলি ‘ব,  ‘উ’ আৰু ‘আ’ মিলি ‘ব’, ‘উ’ আৰু  এ‘  মিলি  ‘ব’ (উ +   ব,  উ +  ব আৰু উ +  ব) হয়। যেনে–

অনু + অয় অন্বয়

সু + অস্তি স্বস্তি

সু + আগত স্বাগত

(ঢ) ‘এ’ আৰু ‘অ’  মিলি ‘অয়’ , ‘ঐ’ আৰু  ‘অ’ মিলি ‘আয়’, (এ +  অয়,  ঐ +  আয়  )  হয়। উদাহৰণ–

নে + অন নয়ন

বে + অন বয়ন

শে + অন শয়ন

গৈ + অক গায়ক

(ণ) ‘ও’ আৰু ‘অ’  মিলি ‘অৱ’ ,  ‘ও’ আৰু  ‘ই’ মিলি ‘অৱ’,  ‘ঔ’ আৰু  ‘অ’  মিলি ‘অৱ’ (ও +  অৱ, ও +  অৱ, ঔ +  অৱ)  হয়। উদাহৰণ–

ভো + অন ভৱন

পো + ইত্ৰ পৱিত্ৰ

পো + অন পৱন

গো + এষণা গৱেষণা

ভৌ + উক ভাৱক

(ত) ‘ঔ’ আৰু ‘ই’  মিলি ‘আৱ’, ‘ঔ’ আৰু  ‘উ’ মিলি ‘আৱ’,  (ঔ + ই  আৱ,  ঔ +  আৱ )  হয়। উদাহৰণ–

নৌ + ইক নাবিক

ভৌ + উক ভাবুক

(থ) অসমীয়া ভাষাত এনে কিছুমান সন্ধি আছে যিবোৰে ওপৰৰ কোনো নিয়ম নামানে । এনেদৰে হোৱা সন্ধিক নিপাতনে সিদ্ধ সন্ধি  বুলি কোৱা হয়। উদাহৰণ–

গো + অক্ষ গৱাক্ষ

কুল + অটা কুলটা

গো + ঈশ গৱেশ

অক্ষ + ঊহিনী অক্ষৌহিণী

মন + ঈষা মনীষা

প্ৰ + উঢ় = প্রৌঢ় 

ব্যঞ্জন সন্ধি (Conjunction of Consonant)

ব্যঞ্জনবৰ্ণৰ সৈতে ব্যঞ্জনবৰ্ণৰ বা স্বৰবৰ্ণৰ লগত ব্যঞ্জনবৰ্ণৰ মিলন ঘটি গঠিত হোৱা সন্ধিক ব্যঞ্জন সন্ধি (Conjunction of Consonant) বোলে।  তলত ব্যঞ্জন সন্ধিৰ নিয়মবোৰ দিয়া হ’ল।

(ক) ‘চ’ বা ‘ছ’ পাছত থাকিলে ইয়াৰ অগ্ৰৱৰ্তী ‘ত’ আৰু ‘দ’ প্ৰথম ‘চ’ লৈ ৰূপান্তৰিত হয়। উদাহৰণ–

উৎ + ছিন্ন ঞ্চ উচ্ছিন্ন

শৰৎ + চন্দ্ৰ শৰচ্চন্দ্ৰ

সৎ + চিন্তা সচ্চিন্তা

উৎ + ছেদ = উচ্ছেদ

উৎ + চাৰণ উচ্চাৰণ

(খ) ‘জ’ বা ‘ঝ’ পাছত থাকিলে ইয়াৰ অগ্ৰৱৰ্তী ‘ত’ আৰু ‘দ’ প্ৰথম ‘জ’ লৈ ৰূপান্তৰিত হয়। উদাহৰণ–

বিপদ + জনক বিপদজনক

সৎ + জন সজ্জন

জগত + জননী জগজ্জননী

যাবৎ + জীৱন যাবজ্জীৱন

উৎ + জ্বল উজ্জ্বল।

(গ) ‘চ’ বা ‘জ’  – ৰ পাছত ‘ন’ থাকিলে ‘ন’ ৰ ঠাইত ‘ঞ’ হয়। উদাহৰণ–

যজ +  যজ্ঞ

যাচ + না যাচ্ঞা

ৰাজ + নী ৰাজ্ঞী।

(ঘ) ‘ল’  পাছত থাকিলে ইয়াৰ অগ্ৰৱৰ্তী ‘ৎ’, ‘দ’ আৰু ‘ন’ -ৰ ঠাইত ‘ল’ হয়। উদাহৰণ — 

উৎ + লেখ উল্লেখ

বিপদ + লাভ বিপল্লাভ

বিদ্যান + লোক বিদ্বালোক

উৎ + লঙ্ঘন উলঙ্ঘন 

(ঙ) ‘হ’ পাছত থাকিলে ইয়াৰ অগ্ৰৱৰ্তী ‘ৎ’  ৰ ঠাইত দ’ আৰু ‘হ’ ৰ ঠাইত ‘ধ’ হয়। উদাহৰণ—

উৎ + হত উদ্ধত

উৎ + হৃ উদ্ধৃত

উৎ + হাৰ উদ্ধাৰ

তৎ + ইতি তদ্ধিত

(চ) ‘ষ’ ৰ পাছত থকা  ‘ত’ ৰ ঠাইত¸ ‘ট’ আৰু ‘থ’ ৰ ঠাইত ‘ঠ’ হয়। উদাহৰণ–

ষষ +  = ষষ্ঠ 

হৃষ +  = হৃষ্ট

কৃ + তি কৃষ্টি

পুষ +  পুষ্ট

বৃষ + তি বৃষ্টি

আকৃষ +  আকৃষ্ট

উৎ + কৃষ +  উৎকৃষ্ট।

(ছ) ‘ত’ ৰ পাছত থাকিলে পদৰ মধ্যস্থিত ‘ম’ ৰ ঠাইত¸ ‘ন’  হয়। যেনে-

গম + তব্য গন্তব্য

সম + তাপ সন্তাপ

শাম +  শান্ত

(জ) অন্তঃস্থ বা উষ্ণ বৰ্ণ  পাছত থাকিলে পদৰ মধ্যস্থিত ‘ম’ ৰ ঠাইত¸ ‘ং’  হয়। উদাহৰণ–

সম + যুক্ত সংযুক্ত

সম + হাৰ সংহাৰ

সম + বাদ সংবাদ

সম + যম সংযম

সম + যোগ সংযোগ

সম + লগ্ন সংলগ্ন

(ঝ) ‘সম’ আৰু ‘পৰি’ উপসৰ্গৰ পাছত ‘কৃ’ ধাতুৰে গঠিত হোৱা শব্দ থাকিলে উপসৰ্গৰ পাছত ‘স’ৰ আগম ঘটি সন্ধি হয়। উদাহৰণ-

সম + কৰণ সংস্কৰণ

সম + কৃত সংস্কৃত

সম + কাৰ সংস্কাৰ

(ঞ) বৰ্গীয় বৰ্ণৰ পঞ্চম বৰ্ণৰ আগত থকা প্ৰথম বৰ্ণৰ ঠাইত একে বৰ্ণৰ পঞ্চম বৰ্ণ হয়। উদাহৰণ–

বাক + ময় বাঙ্ময়

মৃৎ + ময় মৃন্ময়

উৎ + নতি উন্নতি

চিৎ + ময় চিন্ময়।

(ট) অসমীয়া ভাষাত এনে কিছুমান সন্ধি আছে যিবোৰে ওপৰৰ কোনো নিয়ম নামানে । এনেদৰে হোৱা সন্ধিক ‘নিপাতনে সিদ্ধ সন্ধি’ বুলি কোৱা হয়। তলত কিছুমান নিপাতনে সিদ্ধ ব্যঞ্জন সন্ধি দেখুৱা হ’ল। উদাহৰণ–

হিনস +  সিংহ

বৃহৎ + পতি বৃহস্পতি

হৰি + চন্দ্ৰ হৰিশ্চন্দ্ৰ

 + চৰ্য আশ্চৰ্য

পতৎ + অঞ্জলি পতঞ্জলি

দিব + লোক দ্যুলোক

তৎ + কৰ তস্কৰ।

বিসৰ্গ সন্ধি (Conjunction of Bisharga in Vowels and Consonants)

স্বৰবৰ্ণ বা  ব্যঞ্জনবৰ্ণৰ সৈতে বিসৰ্গৰ মিলনত সিদ্ধ হোৱা সন্ধিক বিসৰ্গ সন্ধি বোলে। তলত বিসৰ্গ সন্ধিৰ নিয়মবোৰ দিয়া হ’ল।

(ক) ‘চ’ বৰ্গীয় বৰ্ণৰ ‘চ’ বা ‘ছ’ ‘ঃ’ ৰ পিছত থাকিলে ‘ঃ’ ৰ ঠাইত ‘শ’ হয়।  উদাহৰণ–

নিঃ + চয় নিশ্চয়

শিৰঃ + চ্ছেদ = শিৰচ্ছেদ 

দুঃ + চিকিৎসা দুশ্চিকিৎসা

নিঃ + চিত নিশ্চিত।

(খ) ‘ট’ বৰ্গীয় বৰ্ণৰ ‘ত’ বা ‘ঠ’ ‘ঃ’ (বিসৰ্গ) ৰ পিছত থাকিলে ‘ঃ’ (বিসৰ্গ) ৰ ঠাইত ‘য়’ হয়।  উদাহৰণ–

নিঃ + ঠুৰ = নিষ্ঠুৰ 

ধনুঃ + টংকাৰ ধনুষ্টংকাৰ

(গ) ‘ত’ বৰ্গীয় বৰ্ণৰ ‘ত’ বা ‘থ’ ‘ঃ’ (বিসৰ্গ) ৰ পিছত থাকিলে ‘ঃ’ ৰ ঠাইত ‘স’ হয়।  উদাহৰণ–

মনঃ + তাপ মনস্তাপ

দুঃ + তৰ দুস্তৰ

বয়ঃ +  বয়স্থ

ইতঃ + ততঃ ইতস্ততঃ

নিঃ + তেজ নিস্তেজ

নিঃ + তাৰ নিস্তাৰ

মনঃ +  মনস্থ

মনঃ + তত্ব মনস্তত্ত্ব

(ঘ) বৰ্গীয় বৰ্ণৰ তৃতীয়, চতুৰ্থ, পঞ্চম বৰ্ণ বা ‘য’, ‘ৰ’, ‘ল’, ‘ৱ’, ‘হ’ থাকিলে ‘আ’ কাৰ আৰু ‘আ’ কাৰৰ পৰৱৰ্তী বিসৰ্গ লগলাগি ‘ও’ কাৰ হয় আৰু ই পূৰ্বৱৰ্তী আখৰত লগ লাগে। উদাহৰণ–

মনঃ + ৰম মনোৰম

মনঃ + হৰ মনোহৰ

সৰঃ + বৰ সৰোবৰ

মনঃ + মত মনোমত

অধঃ + গতি অধোগতি

অহঃ + ৰাত্ৰ অহোৰাত্ৰ।

(ঙ) বিসৰ্গৰ পৰৱৰ্তীৰূপে স্বৰবৰ্ণৰ তৃতীয়, চতুৰ্থ, পঞ্চম বৰ্ণ অথবা ‘য’, ‘ৰ’, ‘ল’, ‘ৱ’, ‘হ’ থাকিলে বিসৰ্গৰ ঠাইত ‘ৰ’ হয়। উদাহৰণ–

পুনঃ + আগত পুনৰাগত

দুঃ + মূল্য দুৰ্মূল্য

পুনঃ + উক্তি পুনৰুক্তি

অন্তঃ + আত্মা অন্তৰাত্মা

দুঃ + ঘটনা দুৰ্ঘটনা

দুঃ + অৱস্থা দুৰৱস্থা।

(চ) বিসৰ্গৰ পাছত ‘ৰ’ থাকিলে সিদ্ধ অৱস্থাত বিসৰ্গ লোপ পায় আৰু ‘ই’ কাৰান্ত উপসৰ্গ ‘ঈ’ কাৰান্ত হয়। উদাহৰণ–

নিঃ + ৰব নীৰৱ

নিঃ + ৰোগ নীৰোগ

নিঃ + ৰস নীৰস।

(ছ) পুৰঃ’, নমঃ’,  ‘তিৰঃ’- এই তিনিটা শব্দৰ পাছত ‘কৃ’ ধাতু থাকিলে শব্দ কেইটাৰ ‘ঃ’ (বিসৰ্গ) ৰ ঠাইত ‘স’ হয়। উদাহৰণ–

পুৰঃ + কাৰ পুৰস্কাৰ

নমঃ + কাৰ নমস্কাৰ

তিৰঃ + কাৰ তিৰস্কাৰ।

অনুশীলনী

(১) সন্ধি কাক বোলে?

(২) সন্ধিৰ কাম কি? 

(৩) সন্ধি  কেইবিধ  আৰু কি কি?

(৪) সন্ধিৰ সাধাৰণ ললক্ষণবোৰ কি কি?

(৫) স্বৰ সন্ধি কাক বোলে? স্বৰ সন্ধিৰ নীতি-নিয়মবোৰ আলোচনা কৰা।

(৬) ব্যঞ্জন সন্ধি কাক বোলে? ব্যঞ্জন সন্ধিৰ নীতি-নিয়মবোৰ আলোচনা কৰা।

(৭) বিসৰ্গ সন্ধি কাক বোলে? বিসৰ্গ সন্ধিৰ নীতি-নিয়মবোৰ আলোচনা কৰা।

(৮) তলত দিয়া শব্দবোৰৰ সন্ধি ভাঙা ।

সৰোবৰ, মনোহৰ নমস্কাৰ, দ্যুলোক, মৃন্ময়, সন্তাপ, সংযুক্ত, হৃষ্ট, উল্লেখ, সংস্কৃত, উচ্ছেদ, পৰমাত্মা, অধীশ্বৰ, আকুণ্ঠ, অসীম, ইত্যাদি, সংস্থাপন, অনুষ্ঠান, অধোগতি, নিশ্চিত, মহোৎসৱ, পষেক, মতৈক্য, ক্ষমতাধীন, অনাৰ্য, শকাব্দ, ৰূপান্তৰ, পতঞ্জলি, ইতঃস্তত, মনীষা, কুলটা, গায়ক, অত্যন্ত, অতীন্দ্ৰিয়, শিক্ষাগাৰ। ০ ০ ০

অসমীয়া ব্যাকৰণ খ অংশ । Assamese Grammar Part B

অধ্যায় – ৩১ 

সমাস

ব্যাকৰণৰ ভাষাত অৰ্থৰ সম্বন্ধ থকা দুটা বা অধিক পদ (শব্দ) লগলাগি অৰ্থৰ বিসংগতি নঘটাকৈ এটা পদ হোৱাকেই সমাস (Compound) বোলে।  উদাহৰণ–

কাল ৰূপ চক্ৰ কালচক্ৰ।

তিনি ভূজৰ সমাহাৰ ত্ৰিভূজ

দুই মাহৰ সমাহাৰ দোমাহী

ভৱ ৰূপ নদী ভৱনদী

সমাসে বাক্য চুটি আৰু শুৱলা কৰে। সমাসত দুটা বা তাতোধিক শব্দৰ সংযোগ হয়।  যি কেইটা পদ লগ লাগি সমাস হয় সেই পদকেইটাৰ প্ৰত্যেকটো পদকে সমস্যমান পদ বা ব্যস্তপদ বোলে।

ওপৰৰ উদাহৰণ – দুই মাহৰ সমাহাৰ (দোমাহী) – বাক্যাংশৰ প্ৰত্যেকটো পদেই একো একোটা সমস্যমান পদ বা ব্যস্ত পদ।

সম্বন্ধযুক্ত দুটা বা অধিক পদ লগলাগি শেষত যিটো পদ গঠিত হয়, সেইটোক সমস্ত পদ বুলি কোৱা হয়। উদাহৰণ–

চন্দ্ৰৰ নিচিনা মুখ চন্দ্ৰমুখ

ওপৰৰ উদাহৰণটোৰ ‘চন্দ্ৰৰ নিচিনা মুখ’ – এই ব্যস্ত পদ কেইটা লগলাগি হোৱা ‘চন্দ্ৰমুখ’ শব্দটো সমস্ত পদ।

সমস্যমান পদেৰে গঠিত বাক্য বা বাক্যাংশক ব্যাসবাক্য বোলে। ব্যাসবাক্যক বিগ্ৰহবাক্য বা সমাসবাক্য বুলিও কোৱা হয়।  উদাহৰণ–

পীত অম্বৰ যাৰ পীতাম্বৰ

ওপৰৰ উদাহৰণটোৰ ‘পীত অম্বৰ যাৰ’ -এই বাক্যাংশখিনি ব্যাসবাক্য।

বৈশিষ্ট্য অনুযায়ী সমাসক মুঠতে ছয়টা ভাগত ভাগ কৰা হৈছে, যথা–

(১) দ্বন্দ্ব সমাস 

(২) দ্বিগু সমাস 

(৩) বহুব্রীহি  সমাস 

(৪) কৰ্মধাৰয় সমাস

(৫) তৎপুৰুষ সমাস আৰু 

(৬) অব্যয়ীভাব সমাস।

তলত এইবোৰৰ বিষয়ে  আলোচনা কৰা হ’ল।

দ্বন্দ্ব সমাস  

দুটা বা অধিক  সংজ্ঞা পদ লগ হৈ পদবোৰৰ অৰ্থ প্ৰধানভাবে থকা সমাসকে দ্বন্দ্ব সমাস বোলে। দ্বন্দ্ব শব্দই দুটা সংজ্ঞা পদক সংযোগ সাধনক বুজায়। উদাহৰণ–

শিক্ষক আৰু শিক্ষয়িত্ৰী শিক্ষক-শিক্ষয়িত্ৰী

গছ আৰু লতা গছ-লতা

মাক আৰু বাপেক মাক-বাপেক।

দ্বন্দ্ব সমাসক আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে, যথা–

(ক) ইতৰেতৰ দ্বন্দ্ব সমাস

(খ) সমাহাৰ দ্বন্দ্ব সমাস আৰু

(গ) একশেষ দ্বন্দ্ব সমাস।

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

ইতৰেতৰ দ্বন্দ্ব সমাস

সমস্যমান পদবোৰৰ অৰ্থ একে থকা দ্বন্দ্ব সমাসক ইতৰেতৰ দ্বন্দ্ব সমাস বোলে।  উদাহৰণ–

ডেকা আৰু গাভৰু ডেকা-গাভৰু

আজি আৰু কালি আজি-কালি

ভাই আৰু ভনী ভাই-ভনী।

সমাহাৰ দ্বন্দ্ব সমাস

সমস্ত পদে সমস্যমান পদৰ অৰ্থৰ উপৰিও সমাহাৰ বা সমষ্টিগত অৰ্থ প্ৰকাশ কৰা দ্বন্দ্ব সমাসক সমাহাৰ দ্বন্দ্ব সমাস বোলে। উদাহৰণ–

ঘৰৰ আম-কঁঠাল

ঘৰৰ কাঁহী-বাটি

নামৰ মাহ-চাউল।

ইয়াত সমস্তপদ হ’ল ‘আম-কঁঠাল’। কিন্তু এই সমস্ত পদ ‘আম-কঁঠাল’ -এ ‘আম-কঁঠাল’ৰ লগতে ঘৰৰ তামোল-পাণ, কল-নাৰিকল আৰু অন্যান্য ফল-মূলক বুজাইছে। তেনেদৰে কাঁহী-বাটি’ সমস্ত পদে কাঁহী, বাটি, লোটা, ঘটি, চৰিয়া  আদি বাচন-বৰ্তনক বুজাইছে। ঠিক তেনেদৰে মাহ-চাউল’ সমস্ত পদে নামত দিয়া মাহ, চাউল, কল, কুঁহিয়াৰ আদি নানান উপাচাৰক বুজাইছে।

একশেষ দ্বন্দ্ব সমাস

সমস্যমান পদবোৰ মাথোঁ প্ৰথমটো  বহুবচনযুক্ত হৈ সমস্ত পদ গঠিত হোৱা দ্বন্দ্ব সমাসক একশেষ দ্বন্দ্ব সমাস বোলে।  উদাহৰণ–

কৰিম, ৰহিম, হৰি কৰিমহঁত

ললিতা, ৰীণা, বীণা আৰু ৰানী ললিতাহঁত।

দ্বিগু সমাস  

সংখ্যাবাচক পদ আগত বহি সমস্ত পদটোৱে একে জাতীয় বস্তুৰ সমষ্টিক বুজোৱা সমাসক দ্বিগু সমাস বোলে।

উদাহৰণ–

নৱ ৰত্নৰ সমাহাৰ নৱৰত্ন

তিনি ভূজৰ সমাহাৰ ত্ৰিভূজ

চাৰি ভূজৰ সমাহাৰ চৰ্তভূজ

দুই মাহৰ সমাহাৰ দোমাহী

পঞ্চ নদীৰ সমাহাৰ পঞ্চনদ

তিনি লোকৰ সমাহাৰ ত্ৰিলোক। ইত্যাদি।

বহুব্রীহি সমাস  

সমাস সিদ্ধ সমস্ত পদে সমস্যমান পদবোৰৰ নিজস্ব অৰ্থ নুবুজাই  আন বিশেষ অৰ্থ বুজোৱা সমাসক বহুব্রীহি  সমাস বোলে। উদাহৰণ–

পদ্ম আছে নাভিত যাৰ পদ্মনাভ (বিষ্ণু)।

কৰ্ম নকৰে যি অকৰ্ম।

বাঘে খাইছে যাক বাঘে খোৱা।

নাহৰ ফুলৰ দৰে ফুটুক আছে যাৰ নাহৰফুটুকী।

সহ উদৰত জন্ম যাৰ সহোদৰ।

বীণা আছে পাণিত (হাতত) যাৰ বীণাপাণি।

কুকুৰৰ নেজৰ দৰে নেজ আছে যাৰ কুকুৰনেচীয়া।

স্থিৰ হৈছে প্ৰতিজ্ঞা যাৰ স্থিৰ প্ৰতিজ্ঞ।

ৰজা নাই য’ত অৰাজক।

বাটৰ মুখত থকা চ’ৰা বাটচ’ৰা।

ফেঁচাৰ দৰে নাক ফেঁচানকা।

চক্ৰ আছে পাণিত যাৰ চক্ৰপাণি।

শূল আছে পাণিত যাৰ শূলপাণি (সদাশিৱ)।

বৃক নামে অগ্নি আছে উদৰত যাৰ বৃকোদৰ (ভীম)।

হাত দীঘল যাৰ হাত দীঘল।

নদী হৈছে মাতৃতুল্য যাৰ নদীমাতৃক।

নেউলৰ দৰে মুখ যাৰ নেউলমুৱা।

বেজিৰ দৰে জোঙা মুখ যাৰ = বেজীমুৱা।

ঢেঁকীয়া পাতৰ দৰে আচঁ আছে যাৰ ঢেঁকীয়াপতীয়া।

বাঁহৰ পাতৰ দৰে পাত বাঁহপতীয়া।

পুত্ৰ নাই যাৰ অপুত্ৰক।

বিগত হৈছে শ্ৰদ্ধা যাৰ বিতশ্ৰদ্ধ।

অন্ত নাই যাৰ অনন্ত।

হত হৈছে ভাগ্য যাৰ হতভাগ্য।

পুণ্ডৰীক (বগা পদুম)ৰ নিচিনা অক্ষি যাৰ পুণ্ডৰীকাক্ষ।

নীল হৈছে অম্বৰ যাৰ নীলাম্বৰ।

ঢোলৰ নিচিনা পেট যাৰ ঢোলেপটীয়া। ইত্যাদি।

বহুব্রীহি সমাসৰ আকৌ  তিনিটা ভাগত ভাগ কৰা হৈছে,  যথা–

(ক) সমানাধিকৰণ বহুব্রীহি সমাস, (খ) ব্যধিকৰণ বহুব্রীহি সমাস আৰু (গ) ব্যতিহাৰ বহুব্রীহি সমাস।

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

(ক) সমানাধিকৰণ বহুব্রীহি সমাস: সমস্যমান বিশেষ্য আৰু বিশেষণ পদ একে বিভক্তিত থাকি দুয়োটাৰে সংযোগত সিদ্ধ হোৱা বহুব্রীহি সমাসক সমানাধিকৰণ বহুব্রীহি সমাস বোলে। উদাহৰণ–

পীত (হালধীয়া)  অম্বৰ (কাপোৰ ) যাৰ পীতাম্বৰ

উক্ত উদাহৰণটোত  সমস্যমান পদ বা ব্যস্ত পদ (পীত) বিশেষণৰ দৰে ব্যৱহাৰ হৈছে আৰু অম্বৰ (কাপোৰ) ৰ লগত তুলনা বুজাইছে। গতিকে ই সমানাধিকৰণ বহুব্রীহি সমাস। সেইদৰে,

নাওঁৰ দৰে পেট যি নাওঁপেটা।

বাঘৰ দৰে নেজ যাৰ বাঘনেজীয়া।

কেৰা চকু যাৰ সি কেৰাচকুৱা।

দীঘল হাত যাৰ দীঘলহতীয়া।

নেউলৰ নিচিনা মুখ যাৰ নেউলমুৱা।

বেজীৰ দৰে মুখ যাৰ = বেজীমুৱা।

ফেঁচাৰ দৰ নাক যাৰ ফেঁচানকীয়া।

(খ) ব্যধিকৰণ বহুব্রীহি সমাস: যি বহুব্রীহি সমাসত সমস্যমান পদে অধিকৰণ অৰ্থ প্ৰকাশ কৰে তাকেই ব্যধিকৰণ বহুব্রীহি সমাস বোলে। বহুব্রীহি ব্যধিকৰণ সমাসত সমস্যমান বিশেষ্য পদ দুটা একে বিভক্তিত নাথাকে  আৰু এটা বিশেষ্য পদত সপ্তমী বিভক্তি যোগ হয়।উদাহৰণ–

বনত যি ভোজ হয় = বনভোজ

পদ্ম আছে  নাভিত যাত পদ্মনাভ

শূল আছে পাণিত যাৰ শূলপাণি।

বজ্ৰ আছে পাণিত (হাতত ) যাৰ বজ্ৰপাণি। ইত্যাদি।

(গ) ব্যতিহাৰ বহুব্রীহি সমাস: পৰস্পৰ একে কাৰ্য বুজোৱা বহুব্রীহি সমাসক  ব্যতিহাৰ সমাস বোলে। উদাহৰণ–

পৰস্পৰে হাতে হাতে কৰা যুঁজ হতাহতি।

চুলিয়ে চুলিয়ে কৰা যুঁজ চুলিয়াচুলি।

সেইদৰে টনাটনি, মৰামৰি, ৰক্তাৰক্তি, মুখামুখি, দবৰাদবৰি, কটাকটি। ইত্যাদি।

কৰ্মধাৰয় সমাস

ব্যস্ত বা সমস্যমান পদবোৰ বিষেশ্য আৰু কেতিয়াবা বিশেষণৰূপে যুক্ত হৈ সিদ্ধ হোৱা সমাসক কৰ্মধাৰয় সমাস বোলে। কৰ্মধাৰয় সমাসত প্ৰথম পদটো বিশেষণ আৰু দ্বিতীয় পদটো বিশেষ্য হয়।  উদাহৰণ– 

দীঘল (বিশেষণ) যি হাত (বিশেষ্য) হাত দীঘল। 

পিতল (বিশেষ্য) বৰণৰ যি চকু পিতল চকু।

তেনেকৈ, 

কু যি পুৰুষ কাপুৰুষ।

সাধু যি পুৰুষ সাধু পুৰুষ।

ফটা যি কাপোৰ ফটা কাপোৰ ।

নীল যি মণি নীলমণি।

চন্দ্ৰৰ নিচিনা মুখ চন্দ্ৰমুখ।

মৰু যি ভূমি মৰুভূমি।

কু যি আচাৰ কাদাচাৰ।

কৰ্মধাৰয় সমাসত বিশেষ্য আৰু বিশেষণ পদবোৰ ব্যৱহাৰ হোৱাৰ কিছুমান নিয়ম আছে। যেনে–

প্ৰথমতে, কৰ্মধাৰয় সমাসত বিশেষণ পদ আগত বহে। যেনে–

দুষ্ট (বিশেষণ) যি বুদ্ধি দুষ্ট বুদ্ধি।

পুণ্য (বিশেষণ) যি ভূমি পূণ্য ভূমি।

বি: দ্ৰ: দুটা সংজ্ঞা পদ ব্যৱহাৰ হ’লে এটাক আনটোৰ বিশেষণ বুলি ধ’ৰা হয়। যেনে– পিতৃদেৱ, আইমাতৃ, স্বৰ্গদেৱ। ইত্যাদি।

দ্বিতীয়তে, দুটা বিশেষণ পদৰ ভিতৰতো কৰ্মধাৰয় সমাস হয়। যেনে– ডাঙৰ-দীঘল, পৰমজ্ঞানী, মৃদু-মধুৰ।

তৃতীয়তে কিছুমান কৰ্মধাৰয় সমাসত পিছত বহিবলীয়া পদ আগত বহে। যেনে–

ভজা যি আলু আলুভজা।

সিদ্ধ যি আলু আলুসিদ্ধ।

পিটিকা যি আলু আলুপিটিকা।

পোৰা যি মাছ মাছেপাৰা।

চতুৰ্থতে, স্বৰবৰ্ণ পিছত থাকিলে ‘কু’ৰ ঠাইত ‘কদ’ হয়। যেনে–

কু যি আচাৰ কদাচাৰ।

কু যি আকাৰ কদাকাৰ।

পঞ্চমতে, পুৰুষ শব্দ পিছত থাকিলে ‘কু’ বা ‘কা’ হয়। যেনে–

কু যি পুৰুষ কাপুৰুষ।

ষষ্ঠতে, ‘অন্য’  শব্দৰ লগত ‘লোক’, দেশ’ আদি শব্দৰ কৰ্মধাৰয় সমাস হ’লে অন্য’ শব্দৰ ঠাইত ’অন্তৰ’ শব্দৰ আনয়ন হয় আৰু শব্দটোৰ পিছত বহে। যেনে–

অন্য যি দেশ দেশান্তৰ।

অন্য যি লোক লোকান্তৰ।

কৰ্মধাৰয় সমাসত সমস্যমান পদবোৰৰ কেতিয়াবা মাজৰ পদ আৰু কেতিয়াবা শেষৰ পদ লুপ্ত হোৱা লক্ষণলৈ চাই ইয়াক দুই ভাগত ভাগ কৰিব পাৰি, যথা–

(ক) মধ্যপদলোপী কৰ্মধাৰয় সমাস আৰু 

(খ) অন্ত্যপদলোপী কৰ্মধাৰয় সমাস।

যি কৰ্মধাৰয় সমাসৰ ব্যাসবাক্য বা সমাস বাক্যৰ মধ্যস্থিত পদ লোপ পায় তাকে মধ্যপদলোপী কৰ্মধাৰয় সমাস বোলে।  উদাহৰণ–

চন্দ্ৰৰ তুল্য (নিচিনা, দৰে ) বদন চন্দ্ৰ বদন।

পদ্মৰ নিচিনা (দৰে, তুল্য) লোচন পদ্মলোচন।

গজৰ নিচিনা মূৰ্খ গজমূৰ্খ।

পল মিশ্ৰিত অন্ন পলান্ন।

সিংহ অংকিত আসন সিংহাসন।

আনহাতে, যি কৰ্মধাৰয় সমাসৰ ব্যাস বাক্যৰ শেষ পদ লোপ পায় তাকে অন্ত্যপদলোপী কৰ্মধাৰয় সমাস বোলে।  উদাহৰণ–

বাক্য অমৃতৰ তুল্য বাক্যামৃত।

জ্ঞান ৰত্নৰ তুল্য জ্ঞানৰত্ন।

চিন্তা অনলৰ নিচিনা চিন্তানল।

মুখ চন্দ্ৰৰ নিচিনা মুখচন্দ্ৰ।

বিদ্যা সাগৰৰ তুল্য বিদ্যাসাগৰ।

কৰ্মধাৰয় সমাসত সাধাৰণতে দুটা বস্তুৰ মাজত তুলনা বা ৰিজনি কৰা  হয়। সেয়ে ইয়াক তিনি ভাগত ভাগ কৰিব পাৰি । যথা–

(ক) উপমান কৰ্মধাৰয় সমাস 

(খ) উপমিত কৰ্মধাৰয় সমাস আৰু

(গ) ৰূপক কৰ্মধাৰয় সমাস।

পমানবাচক পদৰ সৈতে সাধাৰণ গুণবাচক পদ লগ হৈ সিদ্ধ হোৱা কৰ্মধাৰয় সমাসক উপমান কৰ্মধাৰয় সমাস বোলে।  উদাহৰণ–

বজ্ৰৰ দৰে কঠিন বজ্ৰ-কঠিন।

সেন্দুৰৰ দৰে ৰঙা সেন্দুৰ-ৰঙা।

বিড়ালৰ দৰে তপস্বী বিড়াল-তপস্বী।

গাখীৰৰ দৰে বগা গাখীৰ-বগা।

কুসুমৰ দৰে কোমল কুসুম-কোমল।

উপমান আৰু উপমেয় পদৰ মাজত সাদৃশ্য কল্পনা কৰি সিদ্ধ হোৱা কৰ্মধাৰয় সমাসক উপমিত কৰ্মধাৰয় সমাস বোলে।  উদাহৰণ–

জীৱন নৈৰ তুল্য জীৱননৈ।

চৰণ কমলৰ তুল্য চৰণকমল।

পানীৰ নিচিনা কেঁচুৱা পানী-কেঁচুৱা।

মুখ পদ্মৰ নিচিনা পদ্মমুখ।

বি: দ্ৰ: ৰিজনি অনুসাৰে এটা বস্তু যাৰ লগত তুলনা কৰা হয় তাক উপমান আৰু যি বস্তুটো তুলনা কৰা হয় তাকে উপমেয় বা উপমিত বুলি কোৱা হয়।

আনহাতে, উপমান আৰু উপমেয়ক অভেদ ৰূপে  কল্পনা কৰি সিদ্ধ হোৱা কৰ্মধাৰয় সমাসক ৰূপক কৰ্মধাৰয় সমাস বোলে।  উদাহৰণ-

কাল ৰূপ চক্ৰ কালচক্ৰ।

কোপ ৰূপ অগ্নি কোপাগ্নি।

বিদ্যা ৰূপ ধন বিদ্যাধন।

মুখ ৰূপ চন্দ্ৰ চন্দ্ৰমুখ।

ভৱ ৰূপ নদী ভৱনদী।

আনন্দ ৰূপ সাগৰ আনন্দসাগৰ।

তৎপুৰুষ সমাস  

ব্যস্ত পদ বা সমস্যমান পদ দুটাৰ প্ৰথম পদটো প্ৰথমা বিভক্তিৰ বাহিৰে  আন বিভক্তিত থাকি সিদ্ধ হোৱা সমাসক তৎপুৰুষ সমাস বোলে। (‘তৎপুৰুষ’ মানে ‘ত’ ৰ সম্পৰ্কীয় পুৰুষ)। অৱশ্যে ব্যস্ত পদ দুটাৰ শেষৰটোৰ লিঙ্গ অনুযায়ী সমাসবদ্ধ পদটোৰ লিঙ্গ নিৰ্ণয় হয়।  উদাহৰণ–

ব্রতক পালন = ব্রত পালন।

মনেৰে সজা মনেসজা।

ঋণৰ পৰা মুক্তি = ঋণমুক্তি। 

প্ৰথম ব্যস্ত পদৰ বিভক্তি লোপ হোৱা অনুযায়ী তৎপুৰুষ সমাসক কৰ্তা কাৰকৰ প্ৰথমা বিভক্তিৰ বাহিৰে বাকী ছয় বিভক্তিৰ নাম অনুসৰি ছয়টা ভাগত ভাগ কৰিব পাৰি। যেনে–

(ক) দ্বিতীয়া তৎপুৰুষ

(খ) তৃতীয়া তৎপুৰুষ

(গ) চতুৰ্থী তৎপুৰুষ

(ঘ) পঞ্চমী তৎপুৰুষ

(ã) ষষ্ঠী তৎপুৰুষ আৰু

(চ) সপ্তমী তৎপুৰুষ। 

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

(ক) দ্বিতীয়া তৎপুৰুষ: প্ৰথম ব্যস্ত পদৰ দ্বিতীয়া বিভক্তি লোপ হৈ সিদ্ধ হোৱা সমাসক দ্বিতীয় তৎপুৰুষ সমাস বোলা হয়।  উদাহৰণ–

সাহাৰ্যক প্ৰাপ্ত সাহাৰ্যপ্ৰাপ্ত।

স্বৰ্গক প্ৰাপ্তি স্বৰ্গপ্ৰাপ্তি।

প্ৰাণক পণ প্ৰাণপণ।

মাতৃক পূজা মাতৃপূজা।

চোৰক ধ’ৰা = চোৰ ধ’ৰা।

ভকতক সেৱা ভকতসেৱা।

লক্ষ্যক ভেদ = লক্ষ্যভেদ। ইত্যাদি।

(খ) তৃতীয়া তৎপুৰুষ: ব্যস্ত পদ দুটাৰ প্ৰথমটো তৃতীয়া বিভক্তি লোপ হৈ  সিদ্ধ হোৱা সমাসক তৃতীয়া তৎপুৰুষ সমাস বোলে। উদাহৰণ–

ধূলিৰে ভ’ৰা ধূলিভ’ৰা।

মনেৰে সজা মনেসজা।

হাতেৰে বোৱা = হাতেবোৱা 

হাতেৰে সজা হাতেসজা।

জুঁইৰে পোৰা জুঁইয়েপোৰা।

কাণেৰে শুনা কাণেশুনা।

(গ) চতুৰ্থী তৎপুৰুষ: প্ৰথম ব্যস্ত পদৰ চতুৰ্থী বিভক্তি লোপ হৈ  সিদ্ধ হোৱা সমাসক চতুৰ্থী তৎপুৰুষ সমাস বোলে।  উদাহৰণ–

ঈশ্বৰলৈ সেৱা ঈশ্বৰসেৱা।

গুৰুলৈ ভক্তি গুৰুভক্তি।

হোমলৈ খৰি হোমখৰি।

ৰজালৈ কৰ ৰাজকৰ।

গুৰুলৈ দক্ষিণা গুৰুদক্ষিণা। ইত্যাদি।

(ঘ) পঞ্চমী তৎপুৰুষ: প্ৰথম ব্যস্ত পদ দুটাৰ প্ৰথমটোৰ পঞ্চমী বিভক্তি লোপ হৈ সিদ্ধ হোৱা সমাসক পঞ্চমী তৎপুৰুষ সমাস বোলে।উদাহৰণ–

পদৰ পৰা চ্যুত পদচ্যুত।

পাপৰ পৰা মুক্ত পাপমুক্ত।

যোগৰ পৰা ভ্ৰষ্ট যোগভ্ৰষ্ট।

জন্মৰ পৰা অন্ধ জন্মান্ধ।

ঋণৰ পৰা মুক্ত = ঋণমুক্ত।

গছৰ পৰা সৰা গছসৰা।

লোকৰ পৰা ভয় লোকভয়।

(ঙ) ষষ্ঠী তৎপুৰুষ: প্ৰথম ব্যস্ত পদৰ ষষ্ঠী বিভক্তি লোপ হৈ হোৱা সমাসক ষষ্ঠী তৎপুৰুষ সমাস বোলে। উদাহৰণ–

পিতৃৰ তুল্য পিতৃতুল্য।

পৰৰ অধীন পৰাধীন।

দেৱৰ তুল্য দেৱতুল্য।

জুইৰ শাল জুইশাল (জুহাল)।

দেৱৰ আলয় দেৱালয়।

পুথিৰ ভঁৰাল পুথিভঁৰাল।

কন্যাৰ বুলন কন্যাবুলন। 

ৰজাৰ কোঁৱৰ ৰাজকোঁৱৰ।

ৰজাৰ কাৰেং ৰাজকাৰেং।

(চ) সপ্তমী তৎপুৰুষ: ব্যস্ত পদৰ সপ্তমী বিভক্তি লোপ হৈ সিদ্ধ হোৱা সমাসক সপ্তমী তৎপুৰুষ সমাস বোলে। উদাহৰণ–

ৰণত পণ্ডিত ৰণপণ্ডিত।

খনিত জাত খনিজাত।

দিনত কণা দিনকণা।

বনত জাত বনজাত।

কাৰ্যত দক্ষ কাৰ্যদক্ষ।

বনত বাস বনবাস।

গছত পকা গছপকা।

জপাত পুৰণি জপাপুৰণি।

তলত সৰা তলসৰা।

ঘৰত ওপজা ঘৰওপজা।           

ওপৰত আলোচনা কৰা ছয় প্ৰকাৰৰ তৎপুৰুষ সমাসৰ উপৰিও দুবিধ তৎপুৰুষ সমাস আছে, যথা–

(ক) উপপদ তৎপৰুষ সমাস আৰু (খ) নঞ্‌ তৎপুৰষ সমাস।

এই দুয়োবিধ তৎপুৰুষ সমাসৰ বিষয়ে সংক্ষেপ আলোচনা কৰা হ’ল।

(ক) উপপদ তৎপৰুষ সমাস: উপপদৰ সৈতে কৃদন্ত পদৰ সহযোগত সিদ্ধ হোৱা সমাসক উপপদ তৎপুৰুষ সমাস বোলে।  উদাহৰণ–

জলত চৰে যি জলচৰ।

পংকত জন্মে যি পংকজ।

গৃহত থাকে যি গৃহস্থ।

বনত বাস কৰে যি বনবাসী।

অগ্ৰে জন্ম যাৰ অগ্ৰজ।

(খ) নঞ্‌ তৎপুৰষ সমাস: নিষেধ বা নঞ্‌ অর্থবোধক অব্যয়ৰ সৈতে বিশেষ্য বা বিশেষণ পদ লগলাগি সিদ্ধ হোৱা সমাসক নঞ্‌ তৎপুৰুষ সমাস বোলে। উদাহৰণ–

ন ন্যায় অন্যায়।

ন উচিত অনুচিত।

ন লৌকিক অলৌকিক।

ন কাল অকাল।

ন উন্নত অনুন্নত।

ন ইচ্ছা অনিচ্ছা।

অব্যয়ীভাব সমাস 

অব্যয় শব্দ আগত বহি অভাৱ, সদৃশ্য, সমীপ. পৰ্যন্ত, সমীপ্য, বীপ্সা,  বিপৰীত আদি অৰ্থ প্ৰকাশ কৰিবলৈ সিদ্ধ হোৱা সমাসক অব্যয়ীভাৱ সমাস বোলে।  উদাহৰণ–

(ক) অভাৱ অৰ্থত–

বিঘিনিৰ অভাৱ = নির্বিঘ্ন

ধৰ্মৰ অভাৱ অধৰ্ম।

সুখৰ অভাৱ অসুখ।

আমিষৰ অভাৱ নিৰামিষ।

ভিক্ষাৰ অভাৱ = দুর্ভিক্ষ

(খ) সমীপ্য অৰ্থত–

বনৰ সমীপ উপবন।

স্থানৰ সমীপ উপস্থান।

কুলৰ উপ উপকুল।

(গ) পৰ্যন্ত অৰ্থত–

বাল বৃদ্ধ আৰু বণিতা পৰ্যন্ত আৱালবৃদ্ধ-বণিতা।

জানু পৰ্যন্ত আজানু।

জীৱন পৰ্যন্ত আজীৱন।

মৰণ পৰ্যন্ত আমৰণ।

মূল পৰ্যন্ত আমূল।

(ঘ) বীপ্সা (পুনঃ পুনঃ) অৰ্থত–

দিনে দিনে প্ৰতিদিনে।

ক্ৰমে ক্ৰমে অনুক্ৰমে।

ক্ষণে ক্ষণে অনুক্ষণে।

ঘৰে ঘৰে প্ৰতিঘৰে।

(ঙ) সাদৃশ্য অৰ্থত–

দ্বীপৰ সদৃশ উপদ্বীপ।

মূৰ্তি সদৃশ প্ৰতিমূৰ্তি।

ৰূপৰ সদৃশ অনুৰূপ।

ধবনিৰ সদৃশ প্ৰতিধবনি।

(চ) উলংঘন অৰ্থত–

শক্তিক অতিক্ৰম নকৰি যথাশক্তি।

বিধিক অতিক্ৰম নকৰি যথাবিধি।

(ছ) যোগ্য অৰ্থত–

ৰূপৰ যোগ্য প্ৰতিৰূপ।

(জ) পশ্চাৎ অৰ্থত–

পাছত যায় যি অনুচৰ।

ক্ৰমৰ পাছত   ঞ্চ   অনুক্ৰম।

(ঝ) বিপৰীত অৰ্থত–

ফলৰ বিপৰীত প্ৰতিফল।

অনুশীলনী

(১) সমাস কাক বোলে?

(২) সমাস  কেইবিধ  আৰু কি কি?

(৩) সমস্যমান পদ বা ব্যস্তপদ কাক কয়? 

(৪) সমস্ত পদ কাক বোলে?

(৫) ব্যাসবাক্য ( সমাস বাক্য বা বিগ্ৰহ বাক্য) কাকবোলে?

(৬) বৈশিষ্ট্য অনুযায়ী সমাসক কেই ভাগত ভাগ কৰা হৈছে? 

(৭) দ্বন্দ্ব সমাস কাক বোলে? ইয়াক কেইভাগত ভাগ কৰা হৈছে? উদাহৰণসহ আলোচনা কৰা।

(৮) দ্বিগু সমাস কাক বোলে? উদাহৰণসহ আলোচনা কৰা।

(৯) বহুব্রীহি সমাস কাক বোলে? উদাহৰণসহ আলোচনা কৰা।

(১০) বহুব্রীহি সমাস কেই ভাগত ভাগ কৰা হৈছে? প্ৰতিবিধৰ সূত্ৰ লিখি উদাহৰণ দিয়া।

(১১) কৰ্মধাৰয় সমাস কাক বোলে? ইয়াক কেই ভাগত ভাগ কৰা হৈছে? উদাহৰণসহ আলোচনা কৰা।

(১২) তৎপুৰুষ সমাস কাক বোলে? ইয়াক কেই ভাগত ভাগ কৰা হৈছে। প্ৰতি বিধৰ সূত্ৰ লিখি আলোচনা কৰা।

(১৩) অব্যয়ীভাব সমাস কাক বোলে? সূত্ৰ লিখি উদাহৰণ দিয়া।

(১৪) তলত দিয়া বিলাকৰ সমাসৰ নাম লিখি ব্যাসবাক্য ভাঙি দেখুৱা।

কাঁহী-বাটি, বজ্ৰপাণি, চুলিয়াচুলি, হিম-শীতল, কাণেশুনা, গৃহস্থ, উপকূল, প্ৰতিফল, প্ৰতিদিন, ৰাজকোঁৱৰ, আজীৱন, ভৱনদী, হাতেবোৱা, চন্দ্ৰমুখ, জ্ঞানৰত্ন, হতাহতি, পদ্মনাভ, নৱৰত্ন, পঞ্চনদ, চুলিয়াচুলি, ৰমাহঁত। ০ ০ ০

অসমীয়া ব্যাকৰণ খ অংশ । Assamese Grammar Part B

অধ্যায় – ৩২

সন্ধি আৰু সমাস: সাদৃশ্য আৰু বৈসাদৃশ্য

সন্ধি আৰু সমাসৰ বিষয়ে আগৰ অধ্যায় দুটাত বিতংভাৱে আলোচনা কৰা  হৈছে।  এই অধ্যায়ত সন্ধি আৰু সমাসৰ সাদৃশ্য আৰু বৈসাদৃশ্যবোৰ  আলোচনা কৰা হ’ল ।

সন্ধি আৰু সমাসৰ সাদৃশ্য–

(১) বৈয়াকৰণিক নিয়মৰ মাজেদি সন্ধি আৰু সমাসে বাক্য এটা সংক্ষেপ আৰু সুশ্ৰাব্য কৰে।

(২) সন্ধি আৰু সমাসে নতুন নতুন শব্দ সৃষ্টি কৰি ভাষা এটিক চহকী আৰু গতিশীল কৰে।

(৩) উভয়ে নিজস্ব ক্ষেত্ৰত ব্যাকৰণৰ নীতি-নিয়ম মানি চলে।

(৪) সন্ধি আৰু সমাস উভয়ে ভাষাৰ একোবিধ অলংকাৰ।

সন্ধি আৰু সমাসৰ বৈশাদৃশ্য–

(১) সন্ধি দুটা পদ বা প্ৰত্যয় সিদ্ধ হৈ এটা পদ হয়; কিন্তু সমাসত দুটা বা অধিক পদ বা বাক্যাংশ মিলি এটা পদ হয়।

(২) সন্ধিত পদবোৰৰ অৰ্থ একে থাকে; কিন্তু সমাসত কেতিয়াবা  পদবোৰে নিজস্ব অৰ্থ হেৰুৱাই আন অৰ্থ বুজায়।

(৩) সন্ধি সিদ্ধ হওঁতে পদৰ বিলুপ্তি নঘটে; কিন্তু সমাস সিদ্ধ হওঁতে ব্যাস বাক্যৰ কিছুমান পদৰ বিলুপ্তি ঘটে।

(৪) সন্ধিত বিভক্তিৰ চিন লোপ নহয়; কিন্তু সমাসত বিভক্তিৰ চিন লোপ পায়।

অনুশীলনী

(১) সন্ধি আৰু সমাস কাক বোলে ? দুয়োৰে মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যবোৰ  কি কি ? ০ ০ ০

অসমীয়া ব্যাকৰণ খ অংশ । Assamese Grammar Part B

অধ্যায় – ৩৩

অনুসৰ্গ আৰু উপশব্দ

অনুসৰ্গ (Anusarga)

যিবোৰ অব্যয় পদে ক্ৰিয়া বা অন্য পদৰ পিছত বহি বাক্যৰ অৰ্থ বিশেষকৈ বুজায়, সেইবোৰক অনুসৰ্গ বোলা হয়। অনুসৰ্গবোৰে সন্দেহ, অনুৰোধ, ইচ্ছা, অনিশ্চয়তা সম্ভৱনা আদি ভাৱ ব্যক্ত কৰে। অসমীয়া ভাষাত বহুতো অনুসৰ্গ আছে, যেনে– হ’ক, চোন, ও, তো, হে, হি, হ’বলা, হ’লে, এই, এ, ই কে, না, নো, দে, গৈ, পাই, দেই,  একা আদি। 

তলত এইবোৰৰ প্ৰয়োগ দেখুৱা হ’ল।

(১) ‘হ’ক’ৰ ব্যৱহাৰ–

ই বহুবচনত স্বাভাৱিক অনুৰোধ অৰ্থত ব্যৱহাৰ হয়। যেনে–

তোমালোক ভাত খোৱাহ’ক।

সিহঁত যাবহ’ক।

আহাহ’ক, আমি খেলো।

(২) ‘হ’বলা’ ৰ ব্যৱহাৰ–

ই অনিশ্চয়তা বুজাবলৈ ব্যৱহাৰ হয়। যেনে–

তাই তালৈ গৈছিল হ’বলা।

সিহঁতে খেলিলে হ’বলা।

আমি যাওঁ হ’বলা।

তুমি ভাত খালা হ’বলা।

(৩) ‘এ (য়ে)’ ৰ ব্যৱহাৰ–

ই দৃঢ়তা বুজাবলৈ ব্যৱহাৰ হয়। যেনে–

সিয়েই মোৰ কিতাপখন ল’লে।

তাই আহিয়েই মোক খৰবটো ক’লে।

তেখেতে পঢ়িয়ে আছে।

টমেই কথাটো জানে।

(৪) ‘ই’ ৰ ব্যৱহাৰ—

ই দৃঢ়তা  বুজাবলৈ ব্যৱহাৰ হয়। যেনে–

আমি সিদিনা গুৱাহাটীলৈ যামেই।

ৰামহঁতে কামটো কৰিবই।

সি আহিবই।

(৫) ‘হে’ ৰ ব্যৱহাৰ–

ই নিশ্চয়তা বা দৃঢ়তা বুজাবলৈ ব্যৱহাৰ হয়। যেনে–

যদুহে সাধু।

কোৰাণখনহে পঢ়িম।

হৰিহে আহিব।

তাইহে যাব।

(৬) ‘তো’ ৰ ব্যৱহাৰ–

ই দৃঢ়তা বুজাবলৈ ব্যৱহাৰ হয়। যেনে–

আমিতো তালৈ যামেই।

সিহঁততো আহিবই।

তাইতো পঢ়িবই।

(৭) ‘ও, (য়ো)’ ৰ ব্যৱহাৰ–

ই সত্বেও অৰ্থত ব্যৱহাৰ হয়। যেনে–

আমিয়ো যাম।

সিও পঢ়িব।

কমলেও কামটো জানে।

মাকেও বজাৰলৈ ওলালে।

(৮) ‘চোন’ ৰ ব্যৱহাৰ–

ই  আদেশ, অনুৰোধ, আশ্চৰ্য বুজোৱা অৰ্থত ব্যৱহাৰ হয়। যেনে–

তুমি আহিবচোন।

তুমি তাক চাবাচোন।

চিঠিখন লিখিবাচোন।

অনন্ত, হিচাপটো কৰি চাবাচোন।

(৯) ‘এই (য়েই, ৱেই)’ ৰ ব্যৱহাৰ–

ই জোৰ বুজোৱা অৰ্থত ব্যৱহাৰ হয়। যেনে–

তুমিয়েই তালৈ যাব লাগিব।

তুমি তেওঁক বাতৰিটো দিবাই।

মই তাইক জানোৱেই।

ৰহিময়েই কামটো কৰিলে।

(১০) ‘কে (লৈকে) ’ ৰ ব্যৱহাৰ–

তেওঁ ঘৰলৈকে গ’ল।

মই যোৱাকালিলৈকে খবৰটো জনা নাছিলো।

(১১) ‘হি’ ৰ ব্যৱহাৰ–

তাই কেতিয়া পালেহি?

সি আহিলহি।

সন্ত্ৰাসীসকল সীমান্ত পালেহি।

(১২) ‘হ’লে’ ৰ ব্যৱহাৰ–

মই হ’লে তোমাৰ লগত যাব নোৱাঁৰিম।

সিহঁত হ’লে আহিব।

(১৩) ‘দেও’ ৰ ব্যৱহাৰ–

সি ইয়ালৈ আহিব নোৱাৰে দেও।

কি অঘাইত ডেকা দেও!

(১৪) ‘পায়’ ৰ ব্যৱহাৰ–

তোমাক কিনো কম, তোমাৰ বেয়া স্বভাৱ নুগুছে পায়।

তাইক মাতিবই নোৱাৰো পায়।

(১৫) ‘একা’ ৰ ব্যৱহাৰ–

তুমি ভালটো কৰা নাই একা।

তোমাক শুধাই নেৰো একা।

(১৬) ‘দেখোন’ ৰ ব্যৱহাৰ–

তুমি নাহিলা দেখোন।

তাই ভাত নাখালে দেখোন।

তেওঁ গ’ল দেখোন।

(১৭) ‘দেই’ ৰ ব্যৱহাৰ–

তুমি আহিবা দেই।

খবৰটো ক’বা দেই।

আহিলো দেই।

(১৮) ‘বাৰু’ ৰ ব্যৱহাৰ–

বাৰু, আকৌ লগ পাম।

ভালবাৰু, এতিয়া যাব পাৰা।

(১৯) ‘দে (দিয়ক)’ ৰ ব্যৱহাৰ–

তুমি আজি আমাৰ ইয়াতে থাকা দে।

সিহঁত যাওঁক দে।

অলপ খাওঁক দিয়ক।

আহা দে।

(২০) ‘নো’ ৰ ব্যৱহাৰ–

তুমি আহিনো কি কৰিলা?

মোমায়েকেনো কি কৰিব?

তোমাৰনো কি হ’ল?

তুমিনো কি কোৱা?

ৰামেনো আৰু কি কয়?

উপশব্দ (Subword)

কোনো মানুহ বা বস্তুক বিশেষভাবে  দেখুৱাবলৈ বা কোনো বস্তুৰ আকৃতি, পৰিমাণ বুজাবলৈ বিশেষ্য, সংখ্যাবাচক শব্দ বা সৰ্বনামৰ পিছত যিবোৰ চিন যোগ হয় সেইবোৰক  ‘উপশব্দ’ বুলি কোৱা হয়। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা উপশব্দবোৰ হ’ল– জন, জনী, জনা, ডাল, দেই, চোন, ফেৰি, চটা, কণ, খন, খনী, টো, টা আদি।

তলত ইহঁতৰ প্ৰয়োগ দেখুৱা হ’ল।

ডেকা ল’ৰাজন চোকা।

সিজনী ভাল ছোৱালী।

শিক্ষকজনা  আহিব।

কলমডাল দিয়া।

তুমি আহিবা দেই।

কামটো কৰা চোন।

এইফেৰি তেওঁক উপকাৰ কৰিবা।

প্লাষ্টিকচটা নেভাঙিবা।

মোক অকণমান চেনি দিয়া।

কটাৰীখন ধাৰাল।

সেইটো নল’বা।

কিতাপখন পঢ়া হ’ল।

সৌ লাঠিডাল দিয়া।

শিলচটাত নবহিবা।

মহিলাজনী ভাল কৰ্মী।

ছোৱালীজনী বুদ্ধিমতি।

অনুশীলনী

(১) অনুসৰ্গ কাক বোলে? উহাদৰণসহ বুজাই লিখা।

(২) তলত দিয়া অনুসৰ্গবোৰ বাক্যত প্ৰয়োগ কৰা।

এই, দি, হে, হি, দেখোন, দেই, হ’বলা, ও, চোন, কে, এই, গৈ, ই, হ’লে, দেও, পায়, একা আৰু নো।

(৩) উপশব্দ কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৪) তলত দিয়া উপসৰ্গবোৰ বাক্যত প্ৰয়োগ কৰা।

চোন, দেই, ডাল, চটা, টা, টো, খনি, কণ, ফেৰি, জনা, জনী আৰু জন। ০ ০ ০

অসমীয়া ব্যাকৰণ খ অংশ । Assamese Grammar Part B 

 

অধ্যায় – ৩৪

উপসৰ্গ

উপসৰ্গ এক প্ৰকাৰ অব্যয়।  ইহঁতে নিজে কোনো অৰ্থ প্ৰকাশ কৰিব নোৱাৰে, কিন্তু ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰিব পাৰে। অৰ্থাৎ উপসৰ্গ হৈছে এবিধ অব্যয় যি কোনো ধাতুৰ আগত বহি  ভিন ভিন অৰ্থ প্ৰকাশ কৰে। উদাৰহণ– ‘হৃ’ ধাতুৰ অৰ্থ ‘হৰণ কৰা’। কিন্তু আ+হৃ+ঘঞ্ =আহাৰ (ভোজন), প্ৰ+হৃ+ঘঞ্‌=প্ৰহাৰ  (আঘাত)।উপ+হৃ+ঘঞ্‌ = উপহাৰ (উপঢৌকন),  ইয়াত ‘হৃ’ ধাতুৰ বিভিন্ন অৰ্থ হৈছে।

সেইদৰে ‘ৰোধ’ ধাতুৰ অৰ্থ ৰোধ কৰা (বাধা দিয়া)। যেনে– প্ৰতি+ৰোধ +ঘঞ্= প্রতিৰোধ (বাধা দান)। ইয়াত ‘ৰুধ’ ধাতুৰ অৰ্থ একেই আছে।

আনহাতে, ‘বদ’ ধাতুৰ অৰ্থ কথা কোৱা। কিন্তু বি+বদ+ঘঞ্‌=বিবাদ (কাজিয়া)। ইয়াত ‘বদ’ শব্দৰ নিজা অৰ্থ নহৈ বেলেগ অৰ্থ (সম্পূৰ্ণ) বিপৰীত অৰ্থ প্ৰকাশ হৈছে।

ইয়াৰ পৰা বুজা যায় যে  উপসৰ্গ যোগ হ’লে ধাতুৰ অৰ্থ কেতিয়াবা একই থাকে, কেতিয়াবা  বিপৰীত অৰ্থ হয় আৰু কেতিয়াৱা অন্য অৰ্থ প্ৰকাশ কৰে।

উপসৰ্গ সংযুক্ত হৈ নিষ্পন্ন হোৱা পদবোৰ বিশেষ্য বা বিশেষণ হয়। 

অসমীয়া ভাষাত ব্যৱহাৰ হোৱা উপসৰ্গবোৰক তিনিটা ভাগত ভাগ কৰা হৈছে, যথা–

(ক) সংস্কৃত উপসৰ্গ বা সংস্কৃতীয়া উপসৰ্গ 

(খ) অসমীয়া উপসৰ্গ আৰু 

(গ) বিদেশী উপসৰ্গ। 

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল ।

সংস্কৃত উপসৰ্গ বা সংস্কৃতীয়া উপসৰ্গ

সংস্কৃত উপসৰ্গ বিশটা। যেনে– প্ৰ, পৰা , অপ, অপি, সম, নি, অৱ, অনু, নিৰ, দূৰ, বি, অধি, সু, উৎ, পৰি, প্ৰতি, অভি, অতি, উপ আৰু না। এই সংস্কৃত উপসৰ্গবোৰ অসমীয়া ভাষাতো ব্যৱহাৰ হয় কাৰণ সংস্কৃত ভাষাৰ পৰাই আমাৰ ভাষালৈ উপসৰ্গবোৰ আমদানি হৈছে। তলত এই উপসৰ্গবোৰৰ প্ৰয়োগ দেখুৱা হ’ল। 

(১) ‘প্ৰ’ ৰ প্ৰয়োগ–

‘প্ৰ’  উপসৰ্গটো সাধাৰণতে খ্যাতি, উৎকৰ্ষ, গতি, অতিশয়, উদ্ভৱ, আধিক্য, দক্ষতা, আৰম্ভ, উৎপত্তি, ব্যৱহাৰ আদি অৰ্থত ব্যৱহাৰ হয়। যেনে–

প্ৰনাম, প্ৰণয়, প্ৰমাদ, প্ৰচ্ছদ, প্ৰণয়ন, প্ৰশংসা, প্রগাঢ়, প্ৰগতি, প্ৰকৃতি, প্ৰস্তাৱ, প্ৰচণ্ড, প্ৰচুৰ, প্ৰভূত, প্ৰৱেশ, প্ৰসাদ, প্ৰণতি, প্ৰহাৰ, প্ৰকাশ, প্ৰলয়,  প্ৰৱল, প্ৰচলন, প্ৰগলভ, প্ৰখৰ, প্ৰভাৱ, প্ৰতাৰণা, প্ৰমাণ, প্ৰবঞ্চনা, প্ৰজ্ঞা, প্ৰভা, প্ৰভাত, প্ৰজনন, প্রব্রজন, প্ৰশস্তি, প্ৰসহন, প্ৰবাস, প্ৰচেষ্টা, প্ৰস্থান, প্ৰক্ষিপ্ত, প্ৰকৃষ্ট, প্ৰসিদ্ধ, প্ৰহৰ, প্ৰহাৰ, প্ৰয়োগ, প্ৰফুল্ল, প্ৰলেপ, প্ৰবীন ইত্যাদি।

(২) ‘পৰি’ ৰ প্ৰয়োগ–

‘পৰি’ উপসৰ্গটো সাধাৰণতে অতিশয়, ত্যাগ, সম্পূৰ্ণতা, বিৰুদ্ধতা, অনাদৰ আদি অৰ্থত ব্যৱহাৰ হয়। যেনে–

পৰিস্থিতি, পৰিষদ, পৰিসৰ, পৰিত্যাগ, পৰিৱেশ, পৰিজন, পৰিগ্ৰহ, পৰিচ্ছেদ, পৰিচ্ছদ, পৰিপন্থী, পৰিহাস, পৰীক্ষা, পৰিৱৰ্তন, পৰিণতি, পৰিশিষ্ট, পৰিখা, পৰিহাৰ, পৰিধান, পৰিক্ৰমা, পৰিচালক, পৰিপাক, পৰিচালনা, পৰিপূৰ্ণ, পৰিতৃপ্ত, পৰিসীমা, পৰিবেষ্টন , পৰিপুষ্ট, পৰিতাপ, পৰিদৰ্শন, পৰিশ্ৰম, পৰিষ্কাৰ, পৰিপাটি, পৰিচৰ্যা, পৰিমিত, পৰিত্ৰাণ, পৰিপক্ক, পৰিমালা, পৰিণাম,  পৰিচয়, পৰিণত, পৰিণয়, পৰিশোধ  ইত্যাদি।

(৩) ‘উপ’ ৰ প্ৰয়োগ–

‘উপ’  উপসৰ্গটো সাধাৰণতে আৰম্ভ, সামান্য, তুল্য, সদৃশ, ওচৰ, ওজৰ, প্ৰায় আদি অৰ্থত ব্যৱহাৰ হয়। যেনে–

উপাসনা, উপচক্ৰ, উপশব্দ, উপকৰণ, উপঢৌকন, উপন্যাস, উপাখ্যান, উপনিষদ, উপবন, উপমন্ত্ৰী, উপমেয়, উপমান, উপায়, উপজাত, উপনগৰ, উপদ্ৰৱ,  উপলক্ষ, উপনীত, উপত্যকা, উপসাগৰ, উপগ্ৰহ, উপপথ, উপসংহাৰ, উপহাস, উপচাৰ, উপহাৰ, উপকাৰ, উপকূল, উপযুক্ত, উপযাজক, উপকণ্ঠ, উপনদী, উপলব্ধি, উপসৰ্গ, উপনয়ন, উপস্থিতি, উপায়ুক্ত, উপমা, উপদেশ, উপনিৱেশ,  উপমহাদেশ, উপকথা, উপপতি, উপপত্নী, উপশম, উপহাস, উপাদেয়,  উপদ্বীপ ইত্যাদি।

(৪) ‘অপি’ ৰ প্ৰয়োগ–

‘অপি’  উপসৰ্গটো সাধাৰণতে ওচৰ, ওপৰ, নিশ্চয়, সম্ভাৱনা আদি অৰ্থত ব্যৱহাৰ হয়। যেনে– 

অপিনদ্ধ, অপিশুন, অপিগীৰ্ণ, অপিচ, অপিতু, অপিধান, অপিনিহিত ইত্যাদি। 

(৫) ‘আ’ ৰ প্ৰয়োগ–

‘আ’  উপসৰ্গটো সাধাৰণতে পৰ্যন্ত, পুনৰ, অলপ, সম্যক, ঈষৎ, সীমা, সম্পূৰ্ণ আদি অৰ্থত ব্যৱহাৰ হয়। যেনে–

আৰম্ভ, আদান, আবাহন, আবাস, আধাৰ, আৰাধনা, আব্রহ্ম, আঘাত, আঘ্ৰাণ, আৰদ্ধ, আলম্বন, আহলাদ, আভা, আকূল, আহৰণ, আৰোহণ, আমৰণ, আশ্লেষ, আৱৰণ, আভৰণ, আকৰ্ণ, আসমুদ্ৰ, আবালবৃদ্ধ, আনয়ন, আকাৰ, আহাৰ, আকাশ, আবাস, আলাপ, আৰাম, আদায়, আগ্ৰহ, আক্ষেপ, আজন্ম, আমৃত্যু, আগম, আগমন, আনন্দ, আদৰ্শ, আকণ্ঠ, আচ্ছাদন, আৰক্ত, আক্ৰমণ,  আবেশ, আদেশ, আবেদন ইত্যাদি।

(৬) ‘পৰা’ ৰ প্ৰয়োগ–

‘পৰা’  উপসৰ্গটো সাধাৰণতে প্ৰাধান্য, আতিশয্য, আধিক্য, তিৰস্কাৰ, অনাদৰ, ব্যতিক্ৰম, বিচ্ছিন্ন, ব্যতিক্ৰম, অপমান, বিৰুদ্ধ, বিভিন্ন আদি অৰ্থত ব্যৱহাৰ হয়। যেনে–

পৰামৰ্শ, পৰাজয়, পৰাভৱ, পৰাক্ৰম, পৰাধীন, পৰাংমুখ, পৰায়ন, পৰাগ, পৰাকাষ্ঠা ইত্যাদি।

(৭) ‘অপ’ ৰ প্ৰয়োগ–

‘অপ’  উপসৰ্গটো সাধাৰণতে অনাদৰ, ত্যাগ, বৈপৰীত্য, কুৎসিত, বিকৃতি, অপমান  আদি অৰ্থত ব্যৱহাৰ হয়। যেনে–

অপপ্ৰচাৰ, অপদেৱতা, অপসৰণ, অপৰূপ, অপঘাত, অপচয়, অপমান, অপযশ, অপবাদ, অপকৰ্ম, অপকাৰ, অপৰাধ, অপব্যয়, অপমৃত্যু ইত্যাদি।

(৮) ‘সম’ ৰ প্ৰয়োগ–

‘সম’  উপসৰ্গটো সাধাৰণতে সমীপ, সঙ্গত, সম্যক, উত্তম, অবিশ্ৰাম, একেলগে আদি অৰ্থত ব্যৱহাৰ হয়। যেনে–

সংকট, সংশয়, সম্পতি, সম্পদ, সংসাৰ, সংস্কাৰ, সৎলাপ, সন্মান,  সংক্ৰমণ, সংগ্ৰহ, সমাদৰ, সম্ভোগ, সংস্কৃতি,  সংস্কৃত, সম্ভেদ, সম্ভাষণ,  সমাস, সংগম, সংজ্ঞা, সম্পৃক্ত,  সম্ভৱ, সংকলন, সন্তাপ, সন্তোষ, সন্মিলন, সম্ভাৰ, সংকীৰ্ণ, সম্পূৰ্ণ, সংঘাত, সম্পৰ্ক, সমীপ, সংগত, সম্যক, সন্মুখ, সংবাদ,  সংগীত, সংযোগ, সংহাৰ, সঞ্চয়, সমাৱৰ্তন ইত্যাদি।

(৯) ‘অনু’ ৰ প্ৰয়োগ–

‘অনু’ উপসৰ্গটো সাধাৰণতে পাছত, তুল্য, হীন, সাদৃশ্য, নিকৃষ্ট আদি অৰ্থত ব্যৱহাৰ হয়। যেনে-

অনুৰাগ, অনুপাত, অনুসাৰ, অনুদ্বেষ, অনুসৰ্গ, অনুৰূপ, অনুকাৰ, অনুপান, অনুৰোধ, অনুচৰ, অনুজ, অনুগ্ৰহ, অনুগত, অনুতাপ, অনুকুল, অননুয়, অনুবাদ, অনুপ্ৰাস, অনুৰণন, অনুকৰণ, অনুসৰণ, অনুমতি, অনুপ্ৰৱেশ, অনুমান, 

অনুধাৱন, অনুসন্ধান, অনুমোদন, অনুশোচনা, অনুভৱ, অনুলিপি ইত্যাদি।

(১০) ‘অৱ’ ৰ প্ৰয়োগ–

‘অৱ’  উপসৰ্গটো সাধাৰণতে বিস্তাৰ, নিশ্চয়, ঘৃণা, নিন্দা, অভাৱ আদি অৰ্থত ব্যৱহাৰ হয়। যেনে–

অৱহেলা, অৱগত, অৱনত, অৱকাশ, অৱস্থা, অৱগতি, অৱনতি, অৱৰোধ, অৱতাৰ, অৱসৰ, অৱদান, অৱলম্বন, অৱগুণ্ঠন, অৱতীৰ্ণ, অৱচ্ছিন্ন,  অৱসাদ, অৱলীলা, অৱতৰণ, অৱচেতন, অৱক্ষয়, অৱৰোহণ, অৱগাহন, অৱলম্বন, অৱমাননা, অৱজ্ঞা, অৱধান ইত্যাদি।

(১১) ‘নিৰ’ ৰ প্ৰয়োগ–

‘নিৰ’  উপসৰ্গটো সাধাৰণতে বাহিৰ, বিনা, সমীপ, নিশ্চয়, অভাৱ, নিষেধ আদি অৰ্থত ব্যৱহাৰ হয়। যেনে–

নিৰ্ধন, নিঃসঙ্গ, নিৰ্মুক্ত, নিঃশব্দ, নিৰ্যাস, নিৰ্জন, নির্বোধ, নিৰীক্ষণ, নিৰ্ঘাত, নিৰপৰাধ, নিৰন্তৰ, নিৰ্লিপ্ত, নিৰূপণ, নিৰ্জীৱ, নিৰাকাৰ, নিৰাময়, নিৰতিশয়, নিৰ্ভৰ, নিঃসম্বল, নিসংকোচ, নিৰস্ত, নিৰঞ্জন, নিৰ্যান, নিৰ্যাতন, নিষ্প্ৰভ, নিৰ্মম, নিৰ্গত, নিৰ্ণয়, নিৰ্মাণ, নিৰ্বাণ, নিৰ্মল, নিশ্চয়, নিৰ্দয়, নিৰ্ভয়, নিৰঙ্কুশ ইত্যাদি।

(১২) ‘দুৰ’ ৰ প্ৰয়োগ–

‘দুৰ’  উপসৰ্গটো সাধাৰণতে নিন্দা, অভাৱ, বাধা, নিষেধ, দুখ, ক্লেশ আদি অৰ্থত ব্যৱহাৰ হয়। যেনে–

দুৰ্মতি, দুৰাশা, দুভিক্ষ, দুৰ্নিবাৰ, দুৰন্ত, দুৰ্ঘটনা,  দুর্বিপাক, দুৰ্যশ, দুঃসাধ্য, দুৰ্দ্দম, দুৰ্ভাৱনা, দুবৰ্বল, দুষ্ট, দুগন্ধ, দুঃখ, দুৰ্নাম, দুৰ্গম, দুঃসাহস, দুৰ্ভাগ্য, দুৰ্জন, দুৰ্দিন, দুৰ্গতি, দৰন্ত, দুৰ্মদ, দৰ্দ্দান্ত, দুৰ্নীতি, দুৰ্বাৰ, দুৰাচাৰ, দুৰাশয়, দুঃশীল, দুৰ্জয়, দুঃস্বপ্ন,  দুঃশাসন, দুনিৰ্ভৰ, দুঃসহ, দুষ্পাপ্য, দুৰ্গত, দুঃসময়, দুৰ্যোগ, দুর্ব্যৱহাৰ,, দুৰ্ভাগ্য, দুৰ্মুখ, দুষ্কৃতি, দুনয়ন ইত্যাদি।

(১৩) ‘প্ৰতি’ ৰ প্ৰয়োগ–

‘প্ৰতি’  উপসৰ্গটো সাধাৰণতে সাদৃশ্য, সন্মুখ, অনুৰূপ, সমীপ, বিৰোধ, বিপৰীত আদি অৰ্থত ব্যৱহাৰ হয়। যেনে–

প্ৰতিগ্ৰহণ, প্ৰতিযোগিতা, প্ৰতিদ্বন্দ্বী, প্ৰতিশ্ৰুতি, প্ৰতিবাদ, প্ৰতিমা, প্ৰতিপাদন, প্ৰতিঘাত, প্ৰতিবাসী, প্ৰতিনিধি, প্ৰতিভূ, প্ৰতিপাল, প্ৰত্যুত্তৰ, প্ৰতিপদ, প্ৰতিধবনি, প্ৰতিজ্ঞা, প্ৰতিক্ৰিয়া, প্ৰতিফল, প্ৰতিতী, প্ৰত্যাখ্যান, প্ৰতিফলন, প্ৰত্যায়ন, প্ৰতিকূল, প্ৰতিকাৰ, প্ৰতিশোধ, প্ৰতিদান, প্ৰতিপন্ন, প্ৰতিশব্দ,  প্ৰতিমূৰ্তি, প্ৰতিৰূপ, প্ৰতিৱেশী, প্ৰতিবাদী, প্ৰতিবিধান, প্ৰতিহিংসা, প্রতিষ্ঠান, প্ৰতিস্থাপন, প্ৰতিৰক্ষা, প্ৰত্যাশা, প্ৰত্যহ, প্ৰত্যুৎপকাৰ, প্ৰত্যাৰ্পণ, প্ৰত্যাগমন, প্ৰতিৰোধ, প্ৰতিভা, প্ৰতিকৃতি ইত্যাদি।

(১৪) ‘নি’ ৰ প্ৰয়োগ–

‘নি’  উপসৰ্গটো সাধাৰণতে সমীপ, সম্যক অন্তৰ, নিষেধ, নিশ্চয়, সদৃশ, বিৰতি আদি অৰ্থত ব্যৱহাৰ হয়। যেনে–

নিষেধ, নিবাস, নিপাত, নিমাত, নিকৃষ্ট, নিমগ্ন, নিক্ষেপ, নিবিষ্ট, নিমজ্জন, নিমজ্জিত, নিদাৰুণ, নিকৰুণ, নিশকতীয়া, নিবেদন, নিবৃতি, নিযুক্ত, নিদ্ৰা, নিদৰ্শন, নিগম, নিদান, নিগ্ৰহ, নিকট, নিষাদ, নিবাৰণ, নিকাৰ, নিৰোধ ইত্যাদি।

(১৫) ‘অতি’ ৰ প্ৰয়োগ–

‘অতি’  উপসৰ্গটো সাধাৰণতে অতিৰিক্ত, অতিশয়, অধিক আদি অৰ্থত ব্যৱহাৰ হয়। যেনে–

অত্যুজ্জ্বল, অত্যুৎকৃষ্ট, অতীত, অতীব, অতিৰিক্ত, অতিশয়, অতিকায়, অত্যধিক, অত্যন্ত, অত্যুক্তি, অতিবাহিত, অতিমাত্ৰ, অতিৰঞ্জিত, অতিক্ৰম, অত্যাচাৰ, অতিৰঞ্জন, অত্যাশ্চাৰ্য, অত্যুষ্ণ, অতিবৃষ্টি, অতিমানৱ, অতীন্দ্ৰিয়, অতিবুদ্ধি, অতিপ্ৰাকৃত,  অত্যুগ্ৰ, অত্যল্প, অত্যুচ্চ, অত্যাৱশ্যক  ইত্যাদি।

(১৬) ‘উৎ’ ৰ প্ৰয়োগ–

‘উৎ’  উপসৰ্গটো সাধাৰণতে শ্রেষ্ঠ, বিৰুদ্ধ, বিপৰীত, অতিশয়, উৰ্দ্ধ  আদি অৰ্থত ব্যৱহাৰ হয়। যেনে–

উদাহৰণ, উৎসৰ্গ, উৎকৰ্ণ, উৎপত্তি, উত্তপ্ত, উন্মুখ, উদগ্ৰীৱ, উৎপাদন, উৎপাটন, উৎপাদক, উন্নয়ন, উন্নতি, উন্নত, উত্থান, উজ্জ্বল, উত্তীর্ণ, উৎকৰ্ষ, উৎসৱ, উদ্যত, উদ্ধাৰ, উচ্ছাস, উচ্ছৃংখল, উদ্বাহু, উল্লাস, উল্লাসিত, উল্লিখিত, উদ্ভিদ, উৎখাত,  উন্মনা, উত্তম, উচ্ছল, উন্মেষ, উৎক্ষেপন, উদ্‌গীৰণ, উৎসুক, উদ্ভাসিত, উচ্চাৰণ, উৎক্ষেপ, উৎকণ্ঠ, উদ্বেল, উদ্ধত, উদ্দাম, উদ্‌গতি, উদ্যোগ, উৎপত্তি, উদ্যম, উদ্বোধন,  উদ্বেগ, উদ্দীপনা, উৎসাহ, উত্তাল ইত্যাদি।

(১৭) ‘সু’ ৰ প্ৰয়োগ–

‘সু’  উপসৰ্গটো সাধাৰণতে অতিশয়, প্ৰশংসা, মঙ্গল, উজু  আদি অৰ্থত ব্যৱহাৰ হয়। যেনে–

সুশোভন, সুজন, সুকুমাৰ, সুকৃতি, সুন্দৰ, সুদৰ্শন, সুশ্ৰী, সুগম, সুকোমল, সুশোভিত, সুবাস, সুশ্ৰাব্য, সুকণ্ঠ, সুনাম, সুদৃশ্য, সুদিন, সুনীতি, সুজলা, সুতীক্ষ্ণ, সুস্বাদ, সুস্থ, সুভাস, সুভাসিত, স্বস্তি, স্বাগতম, সুবোধ, সুধীৰ, সুদৃঢ়, সুচিন্তা,  সুদূৰ, সুহৃদ, সুশান্ত, সুজন,  সুকীৰ্তি ইত্যাদি।

(১৮) ‘অধি’ ৰ প্ৰয়োগ–

‘অধি’  উপসৰ্গটো সাধাৰণতে প্ৰধান, গতি, গৰাকী, ওপৰ, কৰ্তৃত্ব  আদি অৰ্থত ব্যৱহাৰ হয়। যেনে–

অধিষ্ঠাতা, অধিবাস, অধ্যয়ন, অধ্যাৱসায়, অধিষ্ঠান, অধিৰোহণ, অধিবাসী, অধিৰাজ, অধিপতি, অধিনিয়ম, অধ্যাপনা, অধ্যুষিত, অধ্যক্ষ, অধিকৰণ, অধ্যায়, অধ্যাত্মিক, অধিবেশন, অধিত্যকা, অধিনায়ক, অধিকাৰ, অধীশ্বৰ, অধীন, অধিগত ইত্যাদি।

(১৯) ‘বি’ ৰ প্ৰয়োগ–

‘বি’  উপসৰ্গটো সাধাৰণতে বাহিৰ, বিকাশ, বিশেষ, অভাৱ, বিশিষ্ট, হীন আদি অৰ্থত ব্যৱহাৰ হয়। যেনে–

বিনয়,  বিকল, বিবাদ, বিৰাগ, বিজ্ঞান, বিজ্ঞ, বিধান, বিৱৰণ, বিফল, বিয়োগ, বিপৰ্যয়, বিৰূপ, বিলাপ, বিক্ষোপ, বিগত, বিজিত, বিজ্ঞাপন, বিদিত, বিতৰণ, বিচৰণ, বিবচন, বিদায়, বিকট, বিকাশ, বিজয়, বিবৰ্ণ, বিশুদ্ধ, বিন্যাস, বিচ্ছিন্ন, বিভৱ, বিসৰ্জন, বিজন, বিৰোধ, বিস্মৃতি, বিতৃষ্ণা, বিশিষ্ট, বিসদৃশ, বিশাল, বিলয়, বিহীন, বিৰুদ্ধ, বিষয়, বিশেষ, বিশিষ্ট, বিষাদ, বিমৰ্ষ, বিয়োগ, বিপদ, বিষম, বিবাহ, বিপৰীত, বিখ্যাত,  বিচাৰ ইত্যাদি।

(২০) ‘অভি’ ৰ প্ৰয়োগ–

‘অভি’  উপসৰ্গটো সাধাৰণতে প্ৰতি, প্ৰধান, উন্নতি, উত্তম, প্ৰশংসা, বিৰুদ্ধ, সমীপ, সন্মুখ আদি অৰ্থত ব্যৱহাৰ হয়। যেনে–

অভীপ্সা, অভীষ্ট, অভিজ্ঞান, অভিজ্ঞ, অভিসম্পাত, অভিমান, অভিযান, অভিলাষ, অভ্যুদয়, অভিনয়, অভিমুখ, অভিভাৱক, অভিসন্ধি, অভিসাৰ, অভিভাষণ, অভ্যুত্থান, অভিধান, অভিজাত, অভিনয়, অভিযোগ, অভিবাদন, অভিনন্দন, অভিশেষ, অভিলেষ, অভিশাপ, অভিৰাম ইত্যাদি।

অসমীয়া উপসৰ্গ

অসমীয়া উপসৰ্গবোৰ অসমীয়া উপসৰ্গ (অব্যয়) ৰ পৰিবৰ্তিত ৰূপৰ পৰা গঠিত হৈছে। অসমীয়া উপসৰ্গবোৰ হ’ল – অ, অন, অনা, আ, আওঁ, আদ, উপ, এ, কা, কু,  নি, দূৰ, প্ৰতি,  বদ, বি, বিনা, বে, সু, স, সহ আদি। তলত এইবোৰৰ শব্দত প্ৰয়োগ দেখুৱা হ’ল।

(১) ‘অ’ ৰ প্ৰয়োগ–

‘অ’  উপসৰ্গটো সাধাৰণতে বিসদৃশ, বিপৰীত আদি অৰ্থত ব্যৱহাৰ হয়। যেনে–

অজান, অজানা, অসুৰ, অপৈনত, অগুণ, অকাজ, অসাৰ, অনামা, অনামী, অচিনাকী, অহিংসা, অসুখ, অহিচাবী ইত্যাদি।

(২) ‘আ’ ৰ প্ৰয়োগ–

‘আ’ উপসৰ্গটো সাধাৰণতে সংস্কৃত ‘আ’ উপসৰ্গৰ সমাৰ্থক হিচাপে ব্যৱহাৰ হয়। যেনে–

আকাল,  আকাজী, আমনি, আমৰণ, আহৰণ, আশক্তি ইত্যাদি।

(৩) ‘আও’ ৰ প্ৰয়োগ–

‘আও’  উপসৰ্গটো সাধাৰণতে সংস্কৃত ‘আ’ উপসৰ্গৰ সমাৰ্থক হিচাপে ব্যৱহাৰ হয়। যেনে–

আওপুৰণি, আওমৰণ, আওহেলা, আওকাণ, আওকাঠ, আওবাৰ ইত্যাদি।

(৪) ‘অনা’ ৰ প্ৰয়োগ–

অসমীয়া ‘অনা’  উপসৰ্গটো সাধাৰণতে নথকা, বিহীন  আদি অৰ্থত  ব্যৱহাৰ হয়। যেনে–

অনাহাৰ, অনাবৃষ্টি, অনাগত, অনাজৰী, অনাভুৱা, অনাতাঁৰ ইত্যাদি।

(৫) ‘উ’ ৰ প্ৰয়োগ–

অসমীয়া ‘উ’  উপসৰ্গটো সাধাৰণতে সংস্কৃত ‘উৎ’ উপসৰ্গৰ পৰা বিকৃত হৈ উদ্ভৱ হৈছে। যেনে–

উজান, উলহ-মালহ, উল্লাস, উছৱ, উছৰ্গা, উছাহ, উলাহ, উলঙ্গা, উলংগ ইত্যাদি।

(৬) ‘সু’ ৰ প্ৰয়োগ–

‘সু’ উপসৰ্গটো সাধাৰণতে সংস্কৃত ‘সু’ উপসৰ্গৰ সমাৰ্থক হিচাপে ব্যৱহাৰ হয়। যেনে–

সুখবৰ, স-ুজ্ঞান, স-ুজান, সুবাতৰি ইত্যাদি।

(১৭) ‘নি’ ৰ প্ৰয়োগ–

অসমীয়া ‘নি’  উপসৰ্গটো সাধাৰণতে সংস্কৃত ‘নি’ উপসৰ্গৰ সমাৰ্থক হিচাপে ব্যৱহাৰ হয়। যেনে–

নিবাৰণ, নিকৰুণ, নিৰাকাৰ, নিশাধৰ, নিৰ্মাণ, নিৰ্মল ,নিশ্চয়, নিৰাশা, নিশাচৰ, নিমাখিত, নিৰহ, নিপানী, নিজান, নিমাত, নিতাল, নিলগ, নিগাজি, নিখুঁত, নিচিনা, নিচলা, নিবোকা, নিমাখিত, নিচেই, নিনাও, নিমাওমাও,  নিকপ্‌কপীয়া, নিদাৰুন, নিমৰমীয়াল, নিঘুণী ইত্যাদি।

বিদেশী উপসৰ্গ

অসমীয়া আৰু সংস্কৃত উপসৰ্গৰ বাহিৰেও বহুতো বিদেশী উপসৰ্গও অসমীয়া ভাষাত ব্যৱহাৰ হৈ আছে। বিদেশী উপসৰ্গবোৰৰ ভিতৰত সাধাৰণতে – বে, গৰ, কাৰ, বৰ, বদ আদি অসমীয়া ভাষাত ব্যৱহাৰ হোৱা দেখা যায়।  তলত এইবোৰৰ প্ৰয়োগ দেখুৱা হ’ল।

(১) ‘বে’ ৰ প্ৰয়োগ-

বে’  উপসৰ্গটো সাধাৰণতে নোহোৱা, নিষেধ আদি অৰ্থত ব্যৱহাৰ হয়। যেনে–

বেপৰুৱা, বেসামৰিক, বেনামী, বেসুৰীয়া, বেনজৰ, বেতাঁৰ, বেআইনী, বেদখল, বে-জোখ, বেইমান, বেমাৰ, বেজাৰ ইত্যাদি।

(২) ‘গৰ’ ৰ প্ৰয়োগ–

‘গৰ’  উপসৰ্গটো  বিশৃঙ্খল, অনিয়ম আদি অৰ্থত ব্যৱহাৰ হয়।  যেনে-

গৰহিচাবী, গৰমিল, গৰহাজিৰ, গৰমা, গৰকাজ ইত্যাদি।

(৩) ‘বৰ’ ৰ প্ৰয়োগ–

‘বৰ’  উপসৰ্গটো সাধাৰণতে বেয়া, নষ্ট, বিপৰ্যস্ত আদি অৰ্থত ব্যৱহাৰ হয়। যেনে–

বৰদাস্ত, বৰখাস্ত, বৰবাদ, বৰকন্দাজ ইত্যাদি।

(৪) ‘বদ’ ৰ প্ৰয়োগ–

‘বদ’  উপসৰ্গটো সাধাৰণতে বেয়া, বিশৃঙ্খল, অনিয়ম আদি অৰ্থত ব্যৱহাৰ হয়। যেনে–

বদগুণ, বদহজম, বদমাইচ, বদনাম, বদমতলবী ইত্যাদি।

(৫) ‘কাৰ’ ৰ প্ৰয়োগ–

‘কাৰ’  সাধাৰণতে কাৰ্যৰ নাম বুজাবলৈ ব্যৱহাৰ হয়। যেনে–

কাৰখানা, কাৰচাজি, কাৰাদণ্ড, কাৰবাৰ, কাৰচুপি ইত্যাদি।

অনুশীলনী

(১) উপসর্গ  কাক বোলে? উহাদৰণসহ বুজাই লিখা।

(২) অসমীয়া ভাষাত ব্যৱহাৰ হোৱা উপসৰ্গ কেইভাগত কি কি ভাগ কৰা  হৈছে?

(৩) সংস্কৃত উপসৰ্গ কেইট আৰু কি কি? উদাহৰণসহ বুজাই লিখা।

(৪) অসমীয়া উপসৰ্গবোৰ কি কি? উদাহৰণ দিয়া।

(৫) অসমীয়া ভাষাত কি কি বিদেশী উপসৰ্গ ব্যৱহাৰ হয়? উদাহৰণ দিয়া।

(৬) তলত দিয়া শব্দবোৰত কি কি উপসৰ্গ ব্যৱহাৰ হৈছে লিখা।

আওহেলা, সুশোভন, সুজন, সুকুমাৰ, সুকৃতি,  আকাজী, আমনি, অধিকাৰ, অধীশ্বৰ, অধীন, অতিৰঞ্জন, অত্যাশ্চাৰ্য, অত্যুষ্ণ, উপকূল, উপযুক্ত, উপসৰ্গ, উপনয়ন, উপস্থিতি, উপায়ুক্ত, উপমা, উপদেশ, উপনিৱেশ, উল্লিখিত, উদ্ভিদ, উৎখাত, উন্মেষ, উৎক্ষেপন, উদ্‌গীৰণ, উৎসুক,  প্ৰণয়ন, প্ৰশংসা, প্রগাঢ়, উল্লসিত, উদ্ভাসিত, উচ্চাৰণ, উৎক্ষেপ, উৎকণ্ঠ, উদ্বেল, উদ্ধত, উদ্দাম, উদ্‌গতি, উদ্যোগ, উৎপত্তি, উদ্যম, উদ্বোধন,  উদ্বেগ, উদ্দীপনা, উৎসাহ, নিঃসম্বল, সিংকোচ, নিৰস্ত, নিৰঞ্জন, নিৰ্যান, নিৰ্যাতন, নিষ্প্ৰভ, নিৰ্মম, নিৰ্গত, নিৰ্ণয়, নিৰ্মাণ, উপাসনা, উপচক্ৰ,  নিৰ্ভয়, নিৰ্ধন, নিঃসঙ্গ, আওপুৰণি, আওমৰণ, অত্যুজ্জ্বল, অত্যুৎকৃষ্ট, অতীত, উপচাৰ, উপহাৰ, উপকাৰ, উপশব্দ,  নিৰ্বাণ, নিৰ্মল, নিশ্চয়, নিৰ্দয়, প্ৰনাম, প্ৰণয়, প্ৰণতি, প্ৰহাৰ, প্ৰমাদ, প্ৰচ্ছদ । ০ ০ ০

অসমীয়া ব্যাকৰণ খ অংশ । Assamese Grammar Part B

 

অধ্যায় – ৩৫ 

ণত্ব বিধি

অসমীয়া ভাষাত দন্ত্য ‘ন’ আৰু মূৰ্দ্ধণ্য ‘ণ’ৰ ব্যৱহাৰৰ কিছুমান বিধি বা নিয়ম আছে যিবোৰ  অনুসৰণ কৰি কোনো শব্দত ‘ন’ হ’বনে ‘ণ’ হ’ব সেয়া স্থিৰ কৰা হয়। সেই বিধিসমূহকে ‘ণত্ব বিধি’ বুলি কোৱা হয়। অৰ্থাৎ যি বিধি বা নিয়মমতে দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ লৈ ৰূপান্তৰিত হয় তাকে ণত্ব বিধি বোলে। অসমীয়া ভাষাত প্ৰয়োগ হোৱা সংস্কৃত শব্দবিলাকত এই বিধি প্ৰযোজ্য হয় যদিও অসমীয়া কিছুমান শব্দতো এই নিয়মৰ প্ৰয়োগ হয়। 

তলত ণত্ব বিধিৰ নিয়ম কেইটা দিয়া হ’ল। 

(১) ঋ, ৰ, ষ -ৰ পিছত থকা দন্ত্য ‘ন’ মূৰ্দ্ধণ্য হয়। উদাহৰণ–

তৃণ, ঋণ, বৰ্ণ, কৃষ্ণ, কৰ্ণধাৰ, কৰ্ণপাত, কৰ্ণগোচৰ, কৰ্ণপথ, কৰ্ণ, পূৰ্ণ, জীৰ্ণ  ইত্যাদি।

(২) কোনো পদত থকা ঋ, ৰ, ষ আৰু দন্ত্য ‘ন’ ৰ মাজত স্বৰবৰ্ণ ‘ক’ বৰ্গ, ‘প’ বৰ্গ, য, ব, হ  নাইবা অনুস্বাৰ (ং) থাকিলে দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ হয়। উদাহৰ

বৰুণ, কৰুণ, অৰুণ, অৰ্পণ, বৰষুণ, শ্ৰৱণ, কাৰণ, কৃপণ, পাষাণ, গ্ৰহণ, ৰুক্মিণী ইত্যাদি। 

(৩) ট- বৰ্গৰ কোনো বৰ্ণ যুক্ত হ’লে  দন্ত্য ‘ন’ মূৰ্দ্ধণ্য হয়। উদাহৰণ–

ঘণ্টা, কণ্ঠ, অণ্ড, দণ্ড, কণ্টক,  পিণ্ড, বিষণ্ণ, দণ্ডি ইত্যাদি।

(৪) প্ৰ, পূবৰ্ব, পৰ, অপৰ – আদি শব্দ আগত থাকিলে পিছৰ শব্দত থকা ‘অহ্ন’ শব্দৰ  দন্ত্য ‘ন’ মূৰ্দ্ধণ্য হয়। উদাহৰণ–

অপৰাহ্ন, পৰাহ্ন, প্ৰাহ্ন, পূৰ্বাহ্ন ইত্যাদি। 

(৫) উত্তৰ, দক্ষিণ, পৰ, পৰা, পাৰ, চান্দ্ৰ, নাৰ,  ৰাম – আদি শব্দৰ পাছত থকা ‘আয়ন’  শব্দৰ  দন্ত্য ‘ন’ মূৰ্দ্ধণ্য হয়। উদাহৰণ–

উত্তৰায়ণ, চন্দ্ৰায়ণ, পৰায়ণ, ৰামায়ণ, নাৰায়ণ, দক্ষিনায়ণ ইত্যাদি। 

(৬) ‘অক্ষ’ শব্দৰ পাছত থকা ‘ঊহিনী’  শব্দৰ  দন্ত্য ‘ন’ মূৰ্দ্ধণ্য হয়। আৰু ‘নখ’ শব্দৰ দন্ত্য ‘ন’ মূৰ্দ্ধণ্য হয়। উদাহৰণ–

অক্ষৌহিণী, শূৰ্পণখা ।

(৭) প – বৰ্গৰ আগত আন বৰ্ণ থাকিলে বা যোগ হ’লে দন্ত্য ‘ন’ মূৰ্দ্ধণ্য হয়। উদাহৰণ–

নিৰূপণ, প্ৰাণ, মৃত্যুপণ, সমৰ্পণ, সম্পূৰ্ণ ইত্যাদি।

(৮) প্ৰ, পৰা, পৰি, নিৰ – আদি উপসৰ্গৰ পৰৱৰ্তী নী, সম, নশ, নু , নদ আদিৰ দন্ত্য ‘ন’ মূৰ্দ্ধণ্য হয়। উদাহৰণ–

প্ৰণয়, প্ৰণৱ, পৰিণাম, পৰিণয়, পৰিনয়ণ, নিৰ্ণয়, প্ৰণাম, প্ৰণিপাত ইত্যাদি। 

(৯) ‘অগ্ৰ’ আৰু ‘গ্ৰাম’ শব্দৰ পাছত থকা ‘নী’-ৰ  দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ হয়। উদাহৰণ–

অগ্ৰণী, গ্ৰামীণ ইত্যাদি। 

(১০) বৃক্ষবাচক শব্দৰ পাছত সাধাৰনতে দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ হয়। উদাহৰণ–

দ্ৰাক্ষাবণ, আম্ৰবণ ইত্যাদি। 

(১১) কিছুমান অসমীয়া শব্দত স্বাভাৱিকতে দন্ত্য ‘ন’ নহৈ  মূৰ্দ্ধণ্য ‘ণ’ হয়। উদাহৰণ–

চাণক্য, শাণ, গুণ, গণ, বেণু, অণু, কণকণ, কল্যাণ, পুণ্য, কোণ, গৌণ, তৃণ,  পাণি, ফণা, চিকুণ, ঘুণ,  সোণ, মণি,  লাৱণ্য, অকণি, বিপণী, লৱণ, ফণি ,বাণি, বেণী, মাণিক্য, বাণিজ্য, নিপুণ, কণিকা, শোণিত, ইত্যাদি।

ণত্ব বিধি নিষেধৰো কিছুমান বিধি আছে।  অৰ্থাৎ অসমীয়া ভাষাত এনে কিছুমান পদ আছে যিবোৰত এই বিধিবোৰ নাখাটে। তলত এইবোৰ আলোচনা কৰা হ’ল। 

(১) বিদেশী শব্দৰ শেষত থকা  দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ নহয়। উদাহৰণ–

জাপান, ইউৰেনাচ, জাৰ্মান, কোৰান, ইৰান ইত্যাদি। 

(২) দুটা শব্দ গোট খাই এটা শব্দ হ’লে আৰু আগৰ শব্দত ঋ, ৰ, ষ- থাকিলেও পিছৰ শব্দৰ  দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ নহয়। উদাহৰণ–

দুৰ্নাম, সৰ্বনাম, হৰিনাম ইত্যাদি। 

(৩) ত- বৰ্গ যুক্ত   দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ নহয়। উদাহৰণ–

বন্দনা, দন্ত, পান্থ, ৰন্ধন, বন্ধন, গ্ৰন্থ, বৃন্দ ইত্যাদি। 

(৪) অসমীয়া স্ত্ৰীলিঙ্গ বুজোৱা অনী, ৰানী, ৰণী আদি শব্দত দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ নহয়। উদাহৰণ–

চাকৰনী, কমাৰনী, কুমাৰনী, চুৰুনী, ৰুদ্ৰানী ইত্যাদি।

অনুশীলনী

(১) ণত্ব বিধি কাক বোলে? 

(২) ণত্ব বিধিৰ কোন কোন ক্ষেত্ৰত প্ৰযোজ্য লিখা।

(৩) ক’ত ক’ত ণত্ব বিধি নাখাটে লিখা।

(৪) তলত দিয়া শব্দবোৰত ‘ণ’ হোৱাৰ কাৰণ দৰ্শোৱা।

চাণক্য, মাণিক্য, প্ৰণিপাত, শূৰ্পণখা, দক্ষিণায়ণ, ৰামায়ণ, জীৰ্ণ, গ্ৰহণ, পাষাণ, কণ্টক, কৰ্ণ, বিষ্ণু, বৰষুণ, প্ৰণয়, প্ৰণৱ, পাণি, অক্ষৌহিণী, কোণ, চিকুণ, শ্ৰৱণ, বৰ্ষণ, কণ্ঠস্থ, অপৰাহ্ন। ০ ০ ০

অসমীয়া ব্যাকৰণ খ অংশ । Assamese Grammar Part B

অধ্যায় – ৩৬

ষত্ব বিধি

‘নত্ব বিধি’য়ে যিদৰে দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’লৈ ৰূপান্তৰ হোৱাৰ বিধি বা নিয়মক বুজায়, সেইদৰে অসমীয়া ভাষাত বহু ক্ষেত্ৰত দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’লৈ ৰূপান্তৰ হয়। এই বিধিসমূহকে ‘ষত্ব বিধি’ বুলি কোৱা হয়।

তলত ষত্ব বিধিৰ নিয়মসমূহ উল্লেখ কৰা হ’ল। 

(১) অ, আ- ৰ বাহিৰে অন্য ‘ক’ আৰু ‘ৰ’ ৰ পাছত প্ৰত্যয়ৰ প্ৰথম  দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয়। উদাহৰণ–

কৃষ্ণ, ঈৰ্ষা, বিষয়, মুমূৰ্ষু, ভৱিষ্যত, শুশ্ৰূষা, শ্ৰীচৰণেষু, ঋষি ইত্যাদি।

(২) ‘ঋ’ কাৰৰ পাছত  দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয়। উদাহৰণ

ঋষি, ঋষভ, বৃষ, তৃষা, কৃষ্ণ, বৃষিত, বৃষভ ইত্যাদি।

(৩) ‘ট’, ‘ঠ’ ৰ সৈতে যুক্ত  দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয়। উদাহৰণ

কষ্ট, মিষ্ট, ওষ্ট, দুষ্ট, সুমিষ্ট, স্পষ্ট, ষষ্ঠ ইত্যাদি।

(৪) অনু, অধি, অভি, বি, পৰি, সু — আদি উপসৰ্গৰ পাছত বহা কিছুমান ধাতুৰ   দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয়। উদাহৰণ

অনুষ্ঠান, অধিষ্ঠান, অভিষেক, বিষাদ, সুষমা, পৰিষ্কাৰ, অভিলাষ, নিষেধ, বিষণ্ণ ইত্যাদি।

(৫) ভূমি, গো, অংগু- আদি শব্দৰ পাছত ‘স্থ’ ধাতুৰ  দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয়। উদাহৰণ

ভূমিষ্ঠ, গোষ্ঠ, অঙ্গুঠি, যুধিষ্ঠিৰ ইত্যাদি।

(৬) সু আৰু বি উপসৰ্গৰ পৰৱৰ্তী ‘সম’ শব্দৰ  দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয়। উদাহৰণ

সুষম, সুষমা, বিষম ইত্যাদি।

(৭) প্ৰত্যয় যোগ হ’লে ‘ভবিস্য’, ‘হবিস’, আৰু ‘চাক্ষুস’ শব্দৰ  দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয়। উদাহৰণ

হবিষ্য, চাক্ষুষ, ভৱিষ্যত ইত্যাদি।

(৮) কিছুমান শব্দ স্বাভাবিকতে মূৰ্দ্ধণ্য ‘ষ’ হয়। উদাহৰণ

পাষাণ, ভূষণ, বৰ্ষণ, বৰ্ষা, মহিষ, কুষ্মাণ্ড, ৰোষ, ঈৰ্ষা, কলুষ, পাষণ্ড, দোষ, পুৰুষ, ভাষা, উষা, আষাৰ, মেষ, শোষণ, তোষণ, আষাঢ়, উৎকৰ্ষ, ঔষধ, ষোড়শ, পুষ্প, শিৰীষ, প্ৰত্যুষ, দ্বেষ, কৰ্ষণ, হৰ্ষ, বৰ্ষ, নিঃশেষ আদি।

ষত্ব বিধি নিষেধৰো কিছুমান বিধি আছে। অৰ্থাৎ অসমীয়া ভাষাত এনে কিছুমান পদ আছে যিবোৰত এই বিধিবোৰ নাখাটে। তলত এনে নিষেধ বিধি উল্লেখ কৰা হ’ল। 

(১) অ’ বা ‘আ’ ৰ বাহিৰে অন্য স্বৰান্ত শব্দৰ পথছত  দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয় যদিও  কেতিয়াবা এই নিয়ম নাখাটে। উদাহৰণ

ভূমিস্যাৎ, ধূলিস্যাৎ আদি। 

(২) বিসৰ্গ, বিষ্ময়, নিৰ্গত, অনুসৰণ, বিসৰ্জন আদি শব্দত  ষত্ব বিধিৰ নিয়ম নাখাটে। এইবোৰক ষত্ব নিষেধ বুলি কোৱা হয়।

(৩) ঋ-ৰ পাছত সাধাৰণতে মূৰ্দ্ধণ্য ‘ষ’ হয় যদিও কেতিয়াবা ‘ঋ’ৰ পাছত তালব্য- ‘শ’ পোৱা যায়। উদাহৰণ

কুশ, কৃশ, কৃশাংগী ইত্যাদি।

অনুশীলনী

(১) ষত্ব বিধি কাক বোলে? 

(২) ষত্ব বিধিৰ কোন কোন ক্ষেত্ৰত প্ৰযোজ্য লিখা।

(৩) ক’ত ক’ত ষত্ব বিধি নাখাটে লিখা।

(৪) তলত দিয়া শব্দবোৰত মূৰ্দ্ধণ্য ‘ষ’ হোৱাৰ কাৰণ দৰ্শোৱা।

সুষম, সুষমা, বিষম, ঋষি, যুধিষ্ঠিৰ, পৰিষ্কাৰ, অনুষ্ঠান, আধিষ্ঠান, অভিষেক, অভিলাষ, শ্ৰীচৰণেষু, পাষাণ, ভূষণ, কুষ্মাণ্ড, ৰোষ, কষ্ট, মিষ্ট, সুমিষ্ট, স্পষ্ট, ঈৰ্ষা, কলুষ, চাক্ষুষ, ভবিষ্যত, পাষণ্ড। ০ ০ ০

অসমীয়া ব্যাকৰণ খ অংশ । Assamese Grammar Part B

অধ্যায় – ৩৭ 

বাচ্য

‘বাচ্য’ বুলিলে কথা, উক্তি বা বক্তব্যক বুজোৱা হয়।  বাক্য একোটাত ক্ৰিয়াই মুখ্য স্থান দখল কৰে আৰু ক্ৰিয়াৰ লগত বাক্যত থকা আন আন পদৰ সংগতি থাকে।  বাক্যত ক্ৰিয়াই কেতিয়াবা কৰ্তাৰ বিষয়ে আৰু কেতিয়াবা কৰ্মৰ বিষয়ে কয়। কোনো কোনো বাক্যত কৰ্তাই প্রাধান্য পায় আৰু কোনো কোনো বাক্যত কৰ্মই প্রাধান্য পায়। উদাহৰণ

(১) আমি ভাত খালো।

(২) আমাৰ ভাত খোৱা হ’ল।

উক্ত ১ নং বাক্যটিত কৰ্তাই প্রাধান্য পাইছে আৰু কৰ্তা বাক্যৰ আদিতে বহিছে। আনহাতে ২ নং বাক্যটিত কৰ্মই প্রাধান্য পাইছে । এনেদৰে বাক্যত ক্ৰিয়াই যাৰ বিষয়ে কয় তাৰ ওপৰত নিৰ্ভৰ কৰি অসমীয়া বাক্য (বাচ্য)ক চাৰিটা ভাগ কৰা হৈছে, যথা

(১) কৰ্তৃবাচ্য

(২) কৰ্মবাচ্য

(৩) ভাববাচ্য আৰু 

(৪) কৰ্ম-কৰ্তৃবাচ্য।

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

(১) কৰ্তৃবাচ্য: যি বাক্যত ক্ৰিয়াই কৰ্তাক প্রাধান্য দিয়ে বা কৰ্তা প্ৰধান হৈ বাক্যৰ প্ৰথমতে বহে তাকে কৰ্তৃবাচ্য বোলে।  উদাহৰণ

টমে বাইেবল পঢ়িছে।

ৰহিমে ক্ৰিকেট খেলিছে।

ৰামহঁতে ভাত খাইছে। 

তপন স্কুললৈ যায়।

ওপৰৰ প্ৰতিটো বাক্যত কৰ্তা বাক্যৰ প্ৰথমতে বহিছে আৰু ই বাক্যত প্ৰধান্য পাইছে।

(২) কৰ্মবাচ্য: যি বাক্যত কৰ্মই প্ৰধান হৈ বহে  আৰু কৰ্মৰ লগত ক্ৰিয়াৰো  প্ৰধান সম্বন্ধ হয় তাকে কৰ্মবাচ্য বোলে।  কৰ্মবাচ্যৰ বাক্যত  কৰ্মৰ লগত প্ৰথমা বিভক্তি আৰু  কৰ্তাত ষষ্ঠী বা তৃতীয়া বিভক্তি হয় আৰু কৰ্ম অনুযায়ী ক্ৰিয়া পদ হয়।  ইয়াত কৰ্তৃবাচ্যৰ ক্ৰিয়াটো কৃদন্ত পদ হয়।  আৰু তাৰ পাছত ‘হ’ বা ‘যা’ ধাতুৰ সাধ্যা ক্ৰিয়াৰ ৰূপত ব্যৱহাৰ হয়।  উদাহৰণ

কৰ্তৃবাচ্য – নৱনিতাই চিঠিখন লিখিলে।

কৰ্মবাচ্য – নৱনিতাৰ দ্বাৰা চিঠিখন লিখা হ’ল।

ইয়াত কৰ্তৃবাচ্যৰ কৰ্তা ‘নৱনিতা’ ত তৃতীয়া বিভক্তি যোগ হৈ ‘নৱনিতাৰ দ্বাৰা’ হৈছে।  ‘চিঠিখন’- এই কৰ্ম পদটোত প্ৰথমা বিভক্তি হৈ  ই প্ৰধান হৈ বহিছে।  ‘লিখিছে’ – এই ক্ৰিয়া পদটোৰ কৃদন্ত ৰূপ ‘লিখা’ হৈ তাৰ পাছত ‘হ’ ধাতুৰ  সাধ্যা ক্ৰিয়াৰ ৰূপ লৈছে।

অন্যান্য উদাহৰণ–

কৰ্তৃবাচ্য – তাই আম খালে।

কৰ্মবাচ্য – তাইৰ দ্বাৰা আম খোৱা হ’ল।

কৰ্তৃবাচ্য – ৰমনে কিতাপখন পঢ়িলে।

কৰ্মবাচ্য – ৰমনৰ দ্বাৰা কিতাপখন পঢ়া হ’ল।

কৰ্তৃবাচ্য – সিহঁতে  ফুটবল খেলি আছে।

কৰ্মবাচ্য – সিহঁতৰ দ্বাৰা ফুটবল খেলি থকা হৈছে।

কৰ্মবাচ্যত কেতিয়াবা কৰ্তা উহ্য থাকে।  উদাহৰণ

বেলটো বজোৱা হ’ল।

চিঠিখন পঠোৱা হ’ল।

অংকটো কৰা হ’ল।

(৩) ভাববাচ্য: যি বাক্যত ক্ৰিয়া প্ৰধান হৈ বহে তাকে ভাববাচ্যৰ বাক্য বোলে।  এনে বাক্যত কৰ্তাটো উহ্য থাকে বা ষষ্ঠী বিভক্তিযুক্ত হয়। মূল ধাতুটো ‘আ’ প্ৰত্যয়ান্ত কৃদন্ত শব্দ হয় আৰু তাৰ পাছত সহায়কাৰী ‘হ’  বা ‘যা’ ধাতুৰ সমাপিকা ৰূপ হয়। সহায়কাৰী ক্ৰিয়াটো সদায় তৃতীয় পুৰুষত হয়। অকৰ্মক ক্ৰিয়াৰহে ভাববাচ্য হয় আৰু সকৰ্মক হ’লে কৰ্মবাচ্য হয়। উদাহৰণ

ভাববাচ্য – তাৰ খোৱা হ’ল।

কৰ্মবাচ্য – তাৰ ভাত খোৱা হ’ল।

তেনেদৰে,

খেলা হ’ল।

পঢ়া হ’ল।

লিখা হৈছিল। 

শিকোৱা হ’ব।

যোৱা হ’ল।

শোৱা হ’ল। ইত্যাদি।

(৪) কৰ্ম-কৰ্তৃবাচ্য: যি বাক্যত কৰ্মই কৰ্তাৰ দৰে কাম কৰে আৰু ক্ৰিয়া আপোনা-আপুনি সিদ্ধ হয় আৰু ক্ৰিয়াটো তৃতীয় পুৰুষত থাকে, এনে বাক্যকে কৰ্ম-কৰ্তৃ বাচ্যৰ বাক্য বোলে।

ধান পকিছে।

ৰ’দ দিছে।

বৰষুণ দিছে।

ফল পকিছে।

মৌ মিঠা লাগে।

বি: দ্ৰ: মনত ৰাখিবলগীয়া যে কৰ্তৃ বাচ্যৰ বাক্যত কৰ্তা আৰু কৰ্ম থাকে। কেতিয়াবা কৰ্ম নাথাকিবও পাৰে।  কৰ্ম বাচ্যত কৰ্ম প্ৰধান হৈ বহে। ভাৱ বাচ্যত কৰ্ম নাথাকে। আৰু কৰ্ম-কৰ্তৃবাচ্যত কৰ্মই কৰ্তাৰ দৰে বহে।

অনুশীলনী

(১) বাচ্য কাক বোলে? 

(২) বাচ্য কেইবিধ আৰু কি কি?

(৩) কৰ্তৃবাচ্য কাক বোলে? সূত্ৰ লিখি উদাহৰণ দিয়া।

(৪) কৰ্মবাচ্য কাক বোলে? সূত্ৰ লিখি উদাহৰণ দিয়া।

(৫) ভাববাচ্য কাক বোলে সূত্ৰ লিখি উদাহৰণ দিয়া।

(৬) কৰ্ম-কৰ্তৃবাচ্য কাক বোলে? সূত্ৰ লিখি উদাহৰণ দিয়া। 

(৭) তলত দিয়া বাক্যবোৰৰ বাচ্য পৰিৱৰ্তন কৰা–

(ক) আমি যোৱা শুক্ৰবাৰে বৰপেটালৈ গৈছিলো।

(খ) সিহঁতে কামটো কৰিলে।

(গ) আমাৰ তালৈ যোৱা হল।

(ঘ) ৰামে ৰামায়ন পঢ়িলে। ০ ০ ০

অসমীয়া ব্যাকৰণ খ অংশ । Assamese Grammar Part B

 

অধ্যায় – ৩৮

যতি চিন

আমি কথা পাতোতে বা লিখোতে আমাৰ বক্তব্য অধিক বোধগম্য আৰু অৰ্থবহ কৰি তুলিবৰ বাবে মাজে মাজে বিৰতি লওঁ। সেই বিৰতি কেতিয়াবা কম সময়ৰ বাবে হয় আৰু কেতিয়াবা বেছি সময় বাবে হয়। লিখিত ৰূপত সেই বিৰতি বুজাবলৈ কিছুমান চিন ব্যৱহাৰ কৰা হয়, যাক  যতি চিন (Punctuation) বুলি কোৱা হয়। যতি চিনে বাক্য এটিক অধিক বোধগম্য, স্পষ্ট,  সাৱলীল আৰু অৰ্থপূৰ্ণ কৰি তোলে। যতি চিন কেইবাটাও আছে, যেনে

(১) দাৰি (।)

(২) কমা (,)

(৩) ছেমি কলন (;) 

(৪) কলন (ঃ)

(৫) প্রশ্নবোধক চিন (?)

(৬) ভাববোধক চিন (!)

(৭) হাইফেন (-)

(৮) ড্যাচ (—-)

(৯)  উৰ্দ্ধকমা ( “—-”)

(১০) বন্ধনী  ( )। আদি

তলত এইবোৰৰ ব্যৱহাৰ আলোচনা কৰা হ’ল। 

দাৰি (।) 

কোনো এটি বাক্য সম্পূৰ্ণ হোৱাৰ পিছত দাৰি (। ) ব্যৱহাৰ কৰা হয়। ই হৈছে আটাতিকৈ দীৰ্ঘ সময় বিৰতিৰ চিন। যেনে

মই আপেল আৰু ডালিম ভাল পাওঁ।

সিহঁতে আজি বিদ্যালয়লৈ নাযায়।

হৰেনে মহাভাৰত পঢ়িছে।

কমা (,)  

পঢ়াৰ সময়ত বা লিখোতে এটা বৰ্ণ উচ্চাৰণ কৰিবলৈ আৱশ্যক হোৱা সময় বিৰতিৰ ক্ষেত্ৰত কমা (,) ব্যৱহাৰ কৰা হয়। কমাক লঘু যতি বুলিও কোৱা হয়। ই সদায় বাক্য এটাৰ ভিতৰত আবদ্ধ থাকে। ই হৈছে আটাইতকৈ কম সময় বিৰতিৰ চিন। তলত দিয়া ক্ষেত্ৰত এই চিন ব্যৱাহৰ কৰা হয়। 

(ক) একে জাতীয় শব্দৰ  তিনিটা বা তাতকৈ বেছি শব্দক এটাক  আনটোৰ পৰা পৃথক কৰিবলৈ কমা ব্যৱহাৰ হয় আৰু শেষৰ  শব্দ দুটাক ‘আৰু’ ৰে সংযোগ কৰা হয়। যেনে —

হৰি, হৰ আৰু যাদৱ বন্ধু।

আমেৰিকা, ফ্রান্স, জাৰ্মান আৰু চুইজাৰলেণ্ড চহকী দেশ।

(খ) ‘আৰু’ ৰ দ্বাৰা সংযোগ হোৱা কেইবাটাও শব্দ সমষ্টিৰ (pair of words) মাজত কমা বহে। যেনে —

উচ্চ আৰু নীচ, জ্ঞানী আৰু মূৰ্খ, ধনী আৰু দুখীয়া  সকলোৱে এদিন মৰিব লাগিব।

উক্ত বাক্যটোত ‘উচ্চ আৰু নীচ’,  ‘জ্ঞানী আৰু মৰ্খ’ ‘ধনী আৰু দুখীয়া’ এইবোৰ হৈছে যোৰ শব্দ ((pair of words)) ।

(গ) সম্বোধন পদ (Nominative of Address) ‘কমা’ৰে পৃথক কৰা হয়। যেনে —

হে ল’ৰা, ইয়ালৈ আহা।

বন্ধু, তোমাৰ কিতাপ কোনখন?

(ঘ) একেলগে বহা এটাতকৈ বেছি বিশেষণ বা বিশেষণীয় শব্দ [adverb Âor adverbials) ৰ মাজত কমা বহে। যেনে —

তেতিয়া, অৱশেষত সিদ্ধান্ত লোৱা হ’ল।

সবৰ্বশেষত, যদিও সন্ধিয়া হ’ল, মই যাবলৈ ওলালো।

(ঙ)  উদ্ধৃতিৰ  আগত কমা বহুৱাব লাগে। যেনে — 

দেউতাই ক’লে, “মই বজাৰলৈ নাযাওঁ।”

চক্ৰেটিছে কৈছিল, “মোক শান্তিত মৰিবলৈ দিয়া।”

(চ) কিছুমান নিৰ্দিষ্ট শব্দ বা শব্দ সমষ্টি যেতিয়া এটা বাক্যত একেলগে বহে তেতিয়া সিহঁতৰ আগত আৰু পিছত কমা (,)  বহে। তেনেকুৱা শব্দ কিছুমান হৈছে –অৱশ্যে, সম্প্ৰতি, মুঠতে, প্ৰথমতে, দ্বিতীয়তে, সামৰণিত ক’বলৈ গ’লে,  সঁচা কথা ক’বলৈ হ’লে  ইত্যাদি।  যেনে —

মই তোমাক অনুৰোধ কৰো, সঁচা কথা ক’বলৈ হ’লে, তুমি দ্বিতীয়বাৰ ইয়ালৈ নাহিবা।

তেওঁৰ আচৰণ, অৱশ্যে, সন্তোষজনক নাছিল।

(ছ) ব্যক্তি এজনৰ নাম উল্লেখ কৰি পিছত তেওঁৰ বিষয়ে সংক্ষিপ্ত কিছু বৰ্ণনা দি বাক্য এটা সম্পূৰ্ণ কৰিলে সেই ব্যক্তিৰ নামৰ  পিছত কমা বহে। যেনে-

জন মিল্টন, ইংৰাজ কবিয়ে ‘পাৰাডাইজ লষ্ট’ মহাকাব্যখন ৰচনা কৰিছিল।

ছাদ্দাম হুছেইন, ইৰাকৰ প্ৰাক্তন প্ৰেচিডেন্ট, বিংশ শতাব্দীৰ সাহসী একনায়ক আছিল।

(জ) ‘হয়’, আৰু ‘নহয়’ ক বাক্যৰ বাকী অংশৰ পৰা পৃথক কৰিবলৈ ইয়াৰ পিছত কমা বহে। যেনে —

হয়, মই তোমাক সহায় কৰিব পাৰো।

নহয়, তুমি আহিব নোঁৱাৰা।

(ঝ) মিশ্ৰ বাক্যত  সৰু সৰু খণ্ডবাক্য থাকিলে সিবোৰৰ মাজত কমা বহে। যেনে —

আমি গৈছিলোঁ, ৰামে গৈছিল, আমি আটায়ে গৈছিলো।

মই আহিছিলো, দেখিছিলো, জয় কৰিছিলো।

(ঞ) কোনো বাক্যৰ প্ৰথমতে থকা দীঘল কৰ্তাক ইয়াৰ ক্ৰিয়াৰ পৰা পৃথক কৰিবলৈ কমা ব্যৱহাৰ কৰা হয়। যেনে —

মানুহজন, যিজন যোৱাকালি  আহিছিল, মোৰ ককাইদেউ।

সুন্দৰ উপহাৰখন, যিটো ৰাকেশে বিয়াত  দিছিল, আটায়ে প্ৰশংসা কৰিছিল।

ছেমি কলন (:)

দাৰি (।) তকৈ কম আৰু কমা (,) তকৈ অলপ বেছি সময় ৰবলৈ ছেমি কলন (;) ব্যৱহাৰ কৰা হয়। ছেমি কলন তলত দিয়া নিয়মানুসৰি ব্যৱহাৰ হয়। 

(ক) দুটা বাক্যৰ মাজত পৰস্পৰ সম্পৰ্ক বুজাবলৈ ছেমি কলন ব্যৱহাৰ কৰা হয়। যেনে —

মানুহে পাঙে; ঈশ্বৰে ভাঙে।

আশা আছে; জীৱন আছে।

(খ) একে বিষয়ৰ বিভিন্ন  বাক্যক একেলগে সংযোগ কৰিবলৈ ছেমি কলন বহে। যেনে-

তুমি হাস্য ৰসিক; তোমাৰ দাদা গম্ভীৰ।

কলন (ঃ)

ছেমি কলন তকৈ বেছি সময় বিৰতি ল’ব লাগিলে কলন (ঃ) ব্যৱহাৰ হয়। তলত উল্লেখ কৰা স্থানত কলনৰ যথাযথ প্ৰয়োগ কৰা হয়। যেনে — 

(ক) কিছুমান ঘটনা বা নাম গণনা কৰিবলৈ কলন ব্যৱহাৰ হয়। যেনে-

লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কিছুমান পুথি হ’ল– সুৰভি, জোনেবলি, কেহেঁকলি, বুঢ়ী আইৰ সাধু আদি।

(খ)  তালিকা (List) উল্লেখ কৰোতে । যেনে — 

মোৰ কিছুমান বস্তুৰ প্ৰয়োজন, যথা– কিতাপ, কাগজ, কলম, পেঞ্চিল ইত্যাদি।

(গ) উদাহৰণ (example) উল্লেখ কৰিবলৈ। যেনে-

বাক্যত সাধাৰণতে কৰ্তাটো আগত বহে, যেনে:  মই ভাত খাওঁ।

(ঘ) আগত উল্লেখ কৰা কোনো ঘটনাৰ ব্যাখ্যা দিবলৈ । যেনে —

তেওঁ আহিব নোৱাৰে, কাৰণ: তেওঁৰ অসুখ।

কোনেও পৰিপূৰ্ণ সাধু নহয়: সকলোৱে ভুল কৰে।

(ঙ )  উদ্ধৃতি (Quotation) দিবলৈ । যেনে —

চক্ৰেটিছে কৈছিল: “ মানুহ যুক্তিৰ দ্বাৰা পৰিচালিত হ’ব লাগে।”

প্লেটোৱে কৈছিল:  “পোহৰ হ’ল ঈশ্বৰৰ ছাঁ।”

(চ) পৰস্পৰ বিৰোধী দুটা ভাবৰ বাক্যৰ মাজত সংযোজক অব্যয়  নাথাকিলে। যেনে —

নানা মুনি:নানা মত।

মানুহে পাঙে ঃ ঈশ্বৰে ভাঙে।

(ছ) কোনো কিতাপৰ নামৰ সৈতে লিখকৰ নাম লিখিবলৈ হ’লে লিখকৰ নামৰ পিছত, যেনে —

ৰজনীকান্ত বৰদলৈ ঃ মনোমতী।

ৰাজা ৰাও ঃ কান্থাপুৰা।

প্ৰশ্নেবাধক চিন (?)

প্ৰশ্ন সুধিবলৈ প্ৰশ্নবোধক চিন (Question mark -‘?’) ব্যৱহাৰ কৰা হয়।  যেনে —

তোমাৰ নাম কি?

সিহঁতে কি কৰি আছে?

তুমি কোন?

মোক এখন কিতাব দিবনে?

ভাববোধক চিন (!)

মনৰ উচ্ছাস, আবেগ বা বিস্ময় প্ৰকাশ কৰিবলৈভাববোধক চিন (!) ব্যৱহাৰ হয়)। যেনে —

কি সুন্দৰ ফুল!

হায়! মোৰ সবৰ্বনাশ হ’ল।

বা! আমি খেলত জিকিলো। 

কেতিয়াবা সম্বোধন কৰিবলৈ সম্বোধন কৰা ব্যক্তিৰ পিছত ভাববোধক চিন ব্যৱহাৰ কৰা হয়। যেনে –

হেৰি ডাঙৰীয়া! আপোনাৰ কেনে?

হেৰ বোপাই মধু! এইফালে আহা।

সবিতা! তুমিনো কি কৰিলা?

হাইফেন (-)

তলত দিয়া স্থানত হাইফেন (-) ব্যৱহাৰ কৰা হয়।

(ক) কেইবাটাও শব্দৰ যোগত এটা শব্দ (compound word) হ’লে হাইফেন (-) ব্যৱহাৰ কৰা হয়। যেনে —

তামোল-পান, খোৱা-লোৱা, ঘৰ-দুৱাৰ, কাঁহি-বাটি, খাল-বিল,  কাপোৰ-কানি।

(খ) অনুৰূপ আৰু অনুকাৰ শব্দতো হাফিেন (-) ব্যৱহাৰ কৰা হয়। যেনে —

মাতা-পিতা, ল’ৰা-ছোৱালী, ভাত-চাত, মাছ-তাচ।

ড্যাচ (—-)

(ক) হঠাতে বিৰতি বা চিন্তাৰ হঠাৎ পৰিৱৰ্তন নিৰ্দ্দেশ কৰিবলৈ ড্যাচ  (—-) ব্যৱহাৰ কৰা হয়। যেনে-

ৰাম মৰা নাই — কিয় কান্দি আছা?

অৰুণ, মিনা, শীলা — সকলো ভালে আছে।

(খ) গণনা কৰাৰ আগতে বস্তুসমূহৰ তালিকা দিবলৈ  ড্যাচ  (—) ব্যৱহাৰ কৰা হয়। যেনে —

মোৰ সকলো আছে — কলম, কাগজ, পেঞ্চিল, ডাষ্টাৰ আদি।

(গ) কথাৰ মাজত উত্তেজনা বা ইতঃস্তত বোধ প্ৰকাশ কৰিবলৈ ড্যাচ  (—-) ব্যৱহাৰ কৰা হয়। যেনে —

মই গৈছিলো – মই কৰিছিলো – মই ওভতি আহিছিলো।

মিষ্টাৰ বৰুৱা – আপোনাক মদ ঘৰত পাইছিলো।

উৰ্দ্ধকমা ( “—-”)

(ক) বক্তাৰ কথাৰ হুবহু বৰ্ণনা দিবলৈ বা উদ্ধৃতি দিবলৈ উৰ্দ্ধকমা (“–”) ব্যৱহাৰ হয়। যেনে —

জৱাহৰলাল নেহৰুৱে কৈছিল, “ আমাৰ গনতন্ত্ৰ বিপদাপন্ন: ইয়াক ৰক্ষা কৰা।”

হজৰত মহম্মদে কৈছিল, “তেওঁৱেই উত্তম লোক যিজনে নিজৰ কাম নিজে কৰে।”

 বন্ধনী  ( ) 

সাধাৰণতে বাক্যৰ ভিতৰত কোনো ভাঙনি, অপৰিচিত শব্দৰ ব্যখ্যা আদিৰ বাবে বন্ধনী চিন ব্যৱহাৰ কৰা হয়। যেনে–

উত্তৰ-পূৱ ভাৰতত (বিশেষকৈ মেঘালয়ত ) কয়লা পোৱা যায়।

মোৰ বন্ধু (ৰাম, টম আৰু নবিন) য়ে মোক সহায় কৰিছিল। 

মোৰ লিখাৰ সামগ্ৰী (কলম, কাগজ, পেঞ্চিল) আছে।

অনুশীলনী

(১) যতি চিন কাক বোলে? 

(চ্) যতিচিনবোৰৰ ব্যৱহাৰ আলোচনা কৰা।

(3) তলত দিয়া বাক্যবোৰত যতি চিন ব্যৱহাৰ কৰা।

মোৰ সকলো আছে ঘৰ বাৰী কাপোৰ কানি

সিহঁতে বল খেলি আছে

বা কি সুন্দৰ দৃশ্য

কীটচে কৈছিল সত্যই সুন্দৰ

তেওঁ আহিব নোৱাৰে  কাৰণ  তেওঁৰ অসুখ

তুমি ক’লৈ গৈছিলা 

আমেৰিকা, জাপান, জাৰ্মান আৰু কানাডা চহকী দেশ

জন কীটচে কৈছিল সত্যই সুন্দৰ আৰু সু্‌ন্দৰেই সত্য

তোমাৰ দেউতাৰ নাম কি

সিহঁত ভাল খেলুৱৈ

ভালদৰে পঢ়া ভাল ফল লাভ কৰা. ০ ০ ০

অসমীয়া ব্যাকৰণ খ অংশ । Assamese Grammar Part B

অধ্যায় – ৩৯ 

বিপৰীত অর্থবোধক শব্দ

কোনো এক শব্দই আন এক শব্দৰ সম্পূৰ্ণ বিপৰীত অৰ্থ প্ৰকাশ কৰিলে তাক শব্দটোৰ বিপৰীত অর্থবোধক শব্দ (Antonym) বুলি কোৱা হয়। তলত কিছুমান শব্দ আৰু ইয়াৰ সম্পূৰ্ণ বিপৰীত অৰ্থ বুজোৱা শব্দৰ তালিকা দিয়া হ’ল।

শব্দ বিপৰীতাৰ্থক শব্দ

অলপ ——– বেছি

অস্থায়ী ——– স্থায়ী

আচল ——– নকল

আকাশ ——– পাতাল

আবৃত ——– অনাবৃত

আগুৱা ——– পিছুৱা

আসক্ত ——– অনাসক্ত

আদান ——– প্ৰদান

অনুগ্ৰহ ——– নিগ্ৰহ

অণু ——– বৃহৎ

অনুৰাগ ——– বিৰাগ

অনুকূল ——– প্ৰতিকূল

অহংকাৰ ——– নিৰহংকাৰ

অমৃত ——– গৰল

অতিবৃষ্টি ——– অনাবৃষ্টি

অভাৱ ——– উভৈনদী

অসীম ——– সসীম

অন্ধ ——– চাক্ষুষ, দৃষ্টিসম্পন্ন

অক্ষম ——– সক্ষম

আকৰ্ষণ ——–  বিকৰ্ষণ

আনন্দ ——– নিৰানন্দ, বিষাদ

আৱিৰ্ভাৱ ——– তিৰোভাৱ, অৰ্ন্তদ্ধান

আদি ——– অন্ত, শেষ

আয় ——– ব্যয়

আস্থা ——– অনাস্থা, অবিশ্বাস

আদৰ ——– অনাদৰ

আস্তিক ——– নাস্তিক

আগ ——– পাছ, গুৰি

আগমন ——– নিগমন, প্ৰত্যাগমন

আপোন ——– পৰ

আচাৰ ——– অনাচাৰ

আৰ্শীবাদ ——– অভিশাপ

আয়তী ——– বিধবা

আচামী ——– ফৰিয়াদী

আশা ——– নিৰাশা

আৰম্ভ ——– সমাপ্ত, শেষ

আৰোহণ ——– অৱৰোহণ

আত্মনিৰ্ভৰশীল ——– পৰনিৰ্ভৰশীল

আন্ধাৰ ——– পোহৰ

আৱাহন ——– বিসৰ্জন

আধুনিক ——– অৰ্বাচীন, প্ৰচীন

আৰ্য ——– অনাৰ্য

ইচ্ছুক ——– অনিচ্ছুক

ইহলোক ——– পৰলোক

ইষ্ট ——– অনিষ্ট

ইচ্ছা ——– অনিচ্ছা

উত্তৰ ——– দক্ষিণ

উপকাৰ ——– অপকাৰ

উচ্চ ——– নীচ

উক্ত ——– অনুক্ত

উত্তম ——– অধম

উদ্বিগ্ন ——– অনুদ্বিগ্ন

উদ্যম ——– অনুদ্যম

উৰ্বৰ ——– অনুৰ্বৰ

উত্তমৰ্ণ ——– অধমৰ্ণ

উৰ্দ্ধ ——– অধঃ

উচিত ——– অনুচিত

উৎকৃষ্ট ——– নিকৃষ্ট

উপস্থিত ——– অনুপস্থিত

উদাৰ ——– সংকীৰ্ণ

উত্থান ——– পতন

উন্নতি ——– অৱনতি

উদয় ——– অস্ত

উষ্ণতা ——– শীতলতা

উপযুক্ত ——– অনুপযুক্ত

কাতৰ ——– অকাতৰ

কীৰ্তি ——– অপকীৰ্তি

গ্ৰহণ ——– নিৰ্জন

গোপন ——– প্ৰকাশ, স্পষ্ট

গোচৰীয়া ——– পদকীয়া

গৰিষ্ঠ ——– লাঘিষ্ঠ

গধূৰ ——– পাতল

গৃহস্থী ——– সন্নাসী

গভীৰ ——– তৰাং, অগভীৰ

গহীন ——– চঞ্চল

ঘন ——– পাতল

ঘৰচীয়া ——–বনৰীয়া

চহকী ——– দুখীয়া

চল ——– অচল

চৰম ——– নৰম

চিনাকী ——– অচিনাকী

এতিয়া ——– তেতিয়া

ওপৰত ——– তলত

ওখ ——– চাপৰ

কোমল ——– কঠিন

কৃশ ——– সথূল

কৃতজ্ঞ ——– কৃতঘ্ন, অকৃতজ্ঞ

খাদ্য ——– অখাদ্য

খাল ——–বাম

গুৰু ——– শিষ্য

গুণ ——– দোষ

গুণী ——– নিৰ্গুণী

দ্ৰুত ——– মন্থৰ

দেশপ্ৰেমিক ——– দেশদ্ৰোহী

ধৰ্ম ——– অধৰ্ম

ধনী ——– দৰিদ্ৰ, দুখীয়া

নতুন ——– পুৰণি

নিৰ্দোষী ——– দোষী

নিৰ্মল ——– মলিন

নিৰাপদ ——– বিপদজনক

নিৰাকাৰ ——– সাকাৰ

নিৰ্ভীক ——– ভীৰু

ন্যায় ——– অন্যায়

পণ্ডিত ——– মূৰ্খ

পৰিষ্কাৰ ——– লেতেৰা, অপৰিষ্কাৰ

পৰিপাটি ——– অপৰিপাটি

পৰিশ্ৰমী ——– এলেহুৱা

পৱিত্ৰ ——– অপৱিত্ৰ

পাতল ——– ডাঠ, গধুৰ

পৰিমিত ——– অপৰিমিত

প্ৰতিহত ——– অপ্ৰতিহত

প্ৰয়াস ——– অপ্ৰয়াস

পৰিমেয় ——– অপৰিমেয়

পৈণত ——– অপৈণত

চেতন ——– অচেতন

চিনাকী ——– অচিনাকী

জয় ——– পৰাজয়

জমা ——– খৰচ

জন্ম ——– মৃত্যু

জাগৰণ ——– নিদ্ৰা

জ্ঞানী ——– মূৰ্খ, অজ্ঞানী

জীৱন ——– মৰণ

জোখ ——– বিজোখ

ডেকা ——– বুঢ়া

তপত ——– চেঁচা

দ’ ——– বাম

দাতা ——– কৃপণ

দয়ালু ——– নিষ্ঠুৰ, নিৰ্দয়

দিন ——– ৰাতি

দীঘল ——– চুটি

দীৰ্ঘ ——– হ্রস্ব

দেৱতা ——– অসুৰ

বিনীত ——– উদ্ধত

বিস্তৃত ——– সংক্ষিপ্ত

বিনয় ——– গৰ্ব

বৈধ ——– অবৈধ

বাদী ——– বিবাদী, প্ৰতিবাদী

বাজ ——– ভিতৰ

বিশ্বাসী ——– বিশ্বাসঘাতক

বিদ্যা ——– অবিদ্যা

বিৰহ ——– মিলন

বিধি ——– নিষেধ, অবিধি

বিখ্যাত ——– কুখ্যাত, অখ্যাত

বিপদ ——– নিৰাপদ, সম্পদ

বিফলতা         সফলতা

ভাল ——– বেয়া

ভক্তি ——– ঘৃণা

ভীৰু ——– সাহসী, নিৰ্ভীক

প্ৰচুৰ ——– অপ্ৰচুৰ, অল্প

প্ৰৱেশ ——– প্ৰস্থান

প্ৰত্যক্ষ ——– পৰোক্ষ

প্ৰাচ্য ——– পাশ্চাত্য

প্ৰশ্ন ——– উত্তৰ

পাপ ——– পুণ্য

প্ৰভু ——– ভৃত্য

পুৱা ——–গধূলি, সন্ধ্যা

পুৰস্কাৰ ——– শাস্তি, তিৰস্কাৰ

প্ৰকৃত ——– অপ্ৰকৃত,কাল্পনিক

প্ৰকাশ ——– গোপন, অপ্ৰকাশ

প্ৰাচীন ——– নবীন

প্ৰেৰণা ——– নিৰুৎসাহ

বহল ——– ঠেক

বগা ——– ক’লা

শান্ত ——– অশান্ত

শুক্ল ——– কৃষ্ণ

শুদ্ধ ——– ভুল

শকত ——– ক্ষীণ

শান্তি ——– অশান্তি

সধবা ——– বিধবা

সভ্য ——–অসভ্য

সজ ——– অসজ

সঁচা ——– মিছা

সদয় ——– নিৰ্দয়

সংযোগ ——– বিয়োগ

সন্ধি ——– বিগ্ৰহ

সহযোগী ——–  প্ৰতিযোগী

সৎ ——– অসৎ

সজীৱ ——– নিৰ্জীৱ

সৰল ——– জটিল

সশ্ৰম ——– বিনাশ্ৰম

সঞ্চয় ——– অপচয়

সমষ্টি ——– ব্যষ্টি

ভোতা ——– চোকা

ভূত ——– ভৱিষ্যত

মান ——– অপমান

মানুহ ——– চয়তান, দানৱ

মিলন ——– বিৰহ

মিত্ৰ ——– শত্ৰু

মুখ্য ——– গৌণ

মুক্ত ——– আবদ্ধ, বন্ধ

মিতব্যয়ী ——– অপব্যয়ী

যশ ——– অপযশ

যত্ন ——– অযত্ন, আওকাণ

যোগ ——– বিয়োগ

ৰজা ——– প্ৰজা

ৰোগী ——– নিৰোগী

লঘু ——– গুৰু

লাভ ——– লোকচান

স্বাধীন ——– পৰাধীন

স্থাৱৰ ——–অস্থাৱৰ, জংগম

সুযোগ ——– দুৰ্যোগ

সুলভ ——– দুৰ্লভ

সুবিধা ——– অসুবিধা

সুখ ——– দুখ

সুৰ ——– অসুৰ, বেসুৰ

সুগম ——– দুৰ্গম

সুন্দৰ ——– কুৎসিত

সুশ্ৰী ——– বিশ্ৰী, কুশ্ৰী

সুখ্যাতি ——– অখ্যাতি

সুকৃতি ——– দুষ্কৃতি

সন্মান ——– অপমান

সপক্ষ ——– বিপক্ষ

সাদৃশ্য ——– বৈসাদৃশ্য

সুস্থ ——– অসুস্থ

স্পষ্ট ——–অস্পষ্ট

স্বৰ্গ ——– নৰ্ক, মৰ্ত্য

সাধু ——– দুৰ্জন, অসাধু

সুগন্ধ ——– দুৰ্গন্ধ

স্থিৰ ——– অস্থিৰ

সৃষ্টি ——– বিনাশ, ধবংস

সোঁ ——–বাওঁ

হৰণ ——– পূৰণ

হঁহা ——– কন্দা

হৰ্ষ ——– বিষাদ

হৰা ——– জিকা

হিংসা ——– প্ৰেম, অহিংসা

হ্রাস ——– বৃদ্ধি

ক্ষয় ——– বৃদ্ধি

ক্ষমা ——– প্ৰতিশোধ

ভৈয়াম ——– পাহাৰ

ফৰকাল ——– ডাৱৰীয়া

পণ্ডিতালী ——– মূৰ্খালি

সবল ——– দুবৰ্বল

পোহৰ ——– আন্ধাৰ

দেশী ——– বিদেশী

প্ৰতিবাদ ——– সমৰ্থন

নিয়মিত ——– অনিয়মিত

বাধ্য ——– অবাধ্য

নিমজ ——– খহটা

বিকশিত ——– অবিকশিত

বশ ——– অৱশ, অবাধ্য

বুকু ——– পিঠি

বিৰল ——– সুলভ

পদস্থ ——– পদচ্যুত

পৌৰুষ ——– অপৌৰুষ

বিদ্যমান ——– অবিদ্যমান

বৈতনিক ——– অবৈতনিক

যুগ্ম ——– অযুগ্ম

গঢ়া ——– ভঙা 

বিভক্ত ——– অবিভক্ত

স্বাভাৱিক ——– অস্বাভাৱিক

দিন ——– ৰাতি

নিশা ——– দিবা

নিস্তব্দতা ——– হাহাকাৰ

বৰ্ণনীয় ——– অবৰ্ণনীয়

বিদিত ——– অবিদিত, অজানা

প্ৰস্তুত ——– অপ্ৰস্তুত

যুগুত ——– অযুগুত

প্ৰিয় ——– অপ্ৰিয়

প্ৰীতিকৰ ——– অপ্ৰীতিকৰ

ব্যক্ত ——– অব্যক্ত

ৰুচি ——– অৰুচি

বিচ্ছেদ ——– অবিেচ্ছদ। ০ ০ ০

অসমীয়া ব্যাকৰণ খ অংশ । Assamese Grammar Part B

অধ্যায় – ৪০

 অনুৰূপ  আৰু  অনুকাৰ¸  শব্দ

আমি জানো যে দুটা বা ততোধিক বৰ্ণ (আখৰ) লগলাগি শব্দৰ সৃষ্টি হয়। প্ৰতিটো শব্দই একো একোটা অৰ্থ বহন কৰে। ভাষা এটিত নানান ধৰণৰ শব্দ থাকে যেনে – অনুৰূপ শব্দ, অনুকাৰ শব্দ, বিপৰীত শব্দ, প্ৰতিশব্দ, সমাৰ্থক শব্দ ইত্যাদি। এই অধ্যায়ত  অনুৰূপ শব্দ (Similar Words) আৰু অনুকাৰ শব্দ (Onomatopoetics) বিষয়ে আলোচনা কৰিবলৈ লোৱা হৈছে।

অনুৰূপ শব্দ (Similar Words)

কেতিয়াবা কেতিয়াবা কোনো মূল শব্দৰ অৰ্থৰ জোৰ বা শক্তি বুজাবলৈ শব্দটোৰ আগত বা পিছত একেধৰণৰ অথচ অৰ্থশূন্য কিছুমান শব্দ ব্যৱহাৰ কৰা হয়, সেইবোৰ শব্দক অনুৰূপ শব্দ বোলে।উদাহৰণ–

পা-পইচা, ডা-ডাঙৰীয়া, চাকৰ-নাকৰ, মানুহ-দুনুহ,  মাছ-তাছ, হিচাপ-নিকাচ ইত্যাদি।

অনুৰূপ শব্দ তিনি প্ৰকাৰৰ, যথা–

(ক) অনুকাৰ অনুৰূপ

(খ) দ্বিৰুক্ত অনুৰূপ আৰু

(গ) যুৰীয়া বা অনিয়মিত অনুৰূপ।

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

(ক) অনুকাৰ অনুৰূপ: কোনো মূল শব্দৰ পাছত প্ৰায় একেধৰণৰ অথচ অৰ্থহীন যিবোৰ শব্দ যোগ দিয়া হয় সেইবোৰক অনুকাৰ অনুৰূপ শব্দ বোলে। উদাহৰণ–

মাছ-তাছ, ভাত-চাত, কিতাপ-চিতাপ ইত্যাদি।

(খ) দ্বিৰুক্ত অনুৰূপ: কেতিয়াবা মূল শব্দৰ আদি ধধ্বনিত জোৰ দি ধ্বনিটো দ্বিৰুক্ত কৰা হয়। এনেধৰণৰ অনুৰূপ শব্দক দ্বিৰুক্ত অনুৰূপ শব্দ বোলে।  উদাহৰণ–

জা-জলপান, ডা-ডাঙৰীয়া, পা-পইচা ইত্যাদি। 

(গ) যুৰীয়া বা অনিয়মিত অনুৰূপ: কেতিয়াবা কেতিয়াবা কোনো কোনো শব্দৰ লগত বেলেগ উচ্চাৰণৰ অৰ্থ শূন্য শব্দ যোগ কৰা হয়, এনে শব্দক যুৰীয়া বা অনিয়মিত অনুৰূপ শব্দবোলে। উদাহৰণ–

গৰু-চৰু, চাহ-তাহ, কাপোৰ-চােপৰ, খৰি-চৰি, খোৱা-লোৱা, মা-মচলা, মানুহ-দুনুহ, বিয়া-বাৰু, তামোল-চামোল, চাকৰ-নাকৰ ইত্যাদি।

অনুকাৰ শব্দ (Onomatopoetics)

কোনো ধ্বনি বা জীৱ-জন্তুৰ মাত অনুকৰণ কৰি  যি শব্দ তৈয়াৰ কৰা হয়, সেইবোৰ শব্দক অনুকাৰ শব্দ বোলে। অনুকাৰ শব্দক ধনাত্মক শব্দ বুলিও কোৱা হয়। উদাহৰণ–

কা্‌-কা্‌, টেৰ্-টেৰ্, গিৰ-গিৰ, চিঁ-চিঁ, কু-কু, হিৰ্-হিৰ, হৰ্-হৰ্, চৌ-চৌ, তজ-বজ, জক্‌-মক্‌, লত্‌-পট্‌, কেৰ্-কেৰ্, মেৰ্-মেৰ্, ধপ্‌-ধপ্‌, ঘৰ্-ঘৰ্, ফোচ্‌-ফোচ্‌, টং-টং, ধৰ্-ফৰ্, চেন-চেন্‌, চুচুক্‌-চামাক্‌, কক্‌-বক্‌, কেওঁ-কেওঁ, টুলুং-ভুটুং, থুনুক-থানাক, মেউ-মেউ, গিৰ-গিৰ, চিঁ-চিঁ, কু-কু, হিৰ্-হিৰ, হৰ্-হৰ্, চৌ-চৌ, তজ-বজ, জক্‌-মক্‌, জল্‌-জল্‌ ইত্যাদি।

অনুশীলনী

(১) অনুৰূপ শব্দ  কাক বোলে? 

(২) অনুৰূপ শব্দক কি কি ভাগত ভাগ কৰা হৈছে?।

(৩) অনুকাৰ অনুৰূপ শব্দ কাক বোলে ?

(৪) দ্বিৰুক্ত অনুৰূপ শব্দ কাক বোলে?

(৫) যুৰীয়া বা অনিয়মিত অনুৰূপ শব্দ কাক বোলে?

(৬) অনুকাৰ শব্দ কাক বোলে?

(৭) অনুকাৰ অনুৰূপ শব্দ কাক বোলে?

(৮) অনুকাৰ অনুৰূপ শব্দ কাক বোলে? ০ ০ ০

অসমীয়া ব্যাকৰণ খ অংশ । Assamese Grammar Part B

অধ্যায় – ৪১

প্ৰতিশব্দ বা সমাৰ্থক শব্দ

ভাষা এটিত এনে বহুত শব্দ থাকে যিবোৰ অৰ্থৰ পিনৰ পৰা প্ৰায় সমধৰ্মীয়। এনে সমধৰ্মীয় বা প্ৰায় একে অৰ্থ থকা শব্দবোৰক প্ৰতিশব্দ  বা  সমাৰ্থক শব্দ বা একার্থবোধক শব্দ (Synonyms) বোলা হয়। 

তলত কিছুমান সমাৰ্থক শব্দৰ তালিকা দিয়া হ’ল।

চকুনেত্ৰ, নয়ন, লোচন, অক্ষি  আদি।

বতাহসমীৰ, বায়ু, অনিল, মলয়া, সমীৰণ, পৱন আদি।

লাঠিটোকোন, টাঙ্গুন, লাখুটি আদি।

জুইঅগ্নি, বহ্নি, অনল, হুতাশন, পাৱক আদি।

পৃথিৱীমহী, মেদিনী, ক্ষিতি, অৱনী, ভূ, ধৰিত্ৰী, বসুন্ধৰা, বসুমতী, ধৰণী, ধৰা আদি।

মেঘডাৱৰ, বাৰিদ, জলধৰ, নীৰদ, জলদ আদি।

বন্ধুসখা, মিতা, মিত্ৰ, বান্ধৱ, লগৰীয়া, সহচৰ, সুহূদ, বান্ধৈ আদি।

ইচ্ছাহাবিয়াস, আগ্ৰহ, অভিপ্ৰায়, আকাঙ্খা, অভিলাস, কামনা, বাঞ্ছা, স্পৃহা আদি।

আকাশগগন, নীলিমা, শূন্য, বৌম আদি।

ঘৰগৃহ, ভৱন, নিলয়, আলয় আদি।

সূৰ্যদিবাকৰ, অৰুণ, ভানু, ভাস্কৰ, আদিত্য, ৰবি, বেলি, দিনকৰ, মিহিৰ, তপন, অংশুমালী, প্ৰভাকৰ, দিনবন্ধু, সবিতা, মাৰ্কণ্ড, দিননাথ আদি।

বনহাবি, জঙ্গল, অৰণ্য, কাঠনি আদি।

হাতীকুঞ্জৰ, হস্তী, ঐৰাৱত, মাতঙ্গ, কৰী, গজ  আদি।

ছিদ্ৰবিন্ধা, ফুটা, জলঙা  আদি।

ঈশ্বৰনাৰয়ণ, হৰি, বিষ্ণু, পৰম পিতা, ঈশ, ইলা, বিধাতা, ভগৱান, প্ৰভু, পৰমেশ্বৰ,  জগতপতি, পতিত-পাৱন, জগত স্ৰষ্টা, ধাতা, কৰুণাময়, দীনবন্ধু, পৰাৎপৰ, দয়াময় আদি।

নদীনৈ, প্ৰৱাহিনী, সৰিৎ, তটিনী, স্ৰোতস্বিনী, তৰঙ্গিনী আদি।

পবৰ্বতঅদ্ৰি, শৈল, অচল, গিৰি, আদি।

চন্দ্ৰশশধৰ, নিশাপতি, নিশাকৰ, সুধাকৰ, জোন, জোনবাই, শশী, শুধাংসু আদি।

লোহিতলুইত, ব্রহ্মপুত্ৰ, বৰনদী, মহাবাহু, পদ্মা আদি। 

ললিতসুন্দৰ, ধুনীয়া, শুৱনি, মনোমোহা, সুৱদি আদি।

ৰংআনন্দ, বিনোদ, হৰ্ষ, স্ফূর্তি, সন্তোষ, পুলক, উল্লাস, বিনন্দ, বিনন্দীয়া আদি।

ৰমনীতিৰোতা, অৱলা, নাৰী, স্ত্ৰী, মহিলা, বণিতা, অঙ্গনা আদি।

ৰাতিনিশা, ৰজনী, যামিনী, বিভাৱৰী আদি।

পদ্মপদুম, কমল, উৎপল, অব্জ, সৰজিত, সৰোজ, নীৰজ, কমলিনী, নলিনী, অৰবিন্দ, পঙ্কজ, শতপত্ৰ, শতদল আদি।

ঐশ্বৰ্য–বৈভৱ, সম্পদ, ধন, বিভূতি আদি।

শঙ্কৰশিৱ, ভোলানাথ, মহাদেৱ, ত্ৰিনয়ন, ত্ৰিলোচন, চন্দ্ৰশেখৰ, দিগম্বৰ, হৰ, গিৰীশ আদি। 

শ্ৰীকৃষ্ণযাদৱ, মাধৱ, ভগৱান, নাৰায়ণ, হৰি, কানাই, দৈৱকীনন্দন, যদুপতি, বাসুদেৱ আদি। 

সৰস্বতীবাকদেৱী, বীনাপাণি, ভাৰতী, বিদ্যাৱতী আদি।

গঙ্গাজাহ্নবী, ভাগিৰথী, পদ্মা আদি।

ঠগীশৰাই, নৈবদ্য আদি। 

জননীআই, মাতৃ, মা  আদি।

ৰজামহাপতি, নৃপতি, ভূপাল, মহীপাল, ক্ষিতিশ, ৰাজন, নৰেশ্বৰ, নৰপতি, সম্ৰাট, চুলতান, খলিফা আদি।

সাগৰসমুদ্ৰ, সিন্ধু, বাৰিদ আদি।

দুৰ্গাজগদ্মা, তাৰিনী, মঙ্গলচণ্ডী, কাত্যায়নী, কৌশিকী, গৌৰবৰ্ণা, মুণ্ডমালিনী, চামুণ্ডা, মহিষমৰ্দ্দিনী, পাবৰ্বতী, গৌৰী,  উমা, মনসা, ভৈৰবী, দশভুজা, ইন্দ্ৰানী, শিৱানী, ভদ্ৰানী, কল্যাণী, কমলা, ভগৱতী, পদ্মাৱতী, বিষহৰি, মিনাক্ষী, সন্তোষী, মাতঙ্গী, বাসন্তী, ভবানী আদি।

দিন দিবা, দিবস আদি।

ইন্দ্ৰশশীপতি, বাসৱ, দেৱৰাজ, সহস্ৰলোচন,আদি।

আৰ্হিচানেকী, আদৰ্শ, উদাহৰণ, পটন্তৰ আদি।

উত্তম–শ্রেষ্ঠ, উৎকৃষ্ট, ভাল, সুন্দৰ আদি।

সোণস্বৰ্ণ, কাঞ্চন, হেম, সুৱৰ্ণ আদি।

অমৃতপীযুষ, সুধা  আদি।

অন্ধকাৰনিশি, তমঃ, তিমিৰ, আন্ধাৰ আদি।

ঋণধাৰ, কৰ্জ, দেনা আদি।

তেজশোণিত, ৰক্ত আদি।

ঊষাৰাতিপুৱা, প্ৰাতঃ, ফেঁহুজালি, আদি।

মৃত্যুমৰণ, ইহলোক, পৰলোক, তিৰোধান, স্বৰ্গী, শেষ নিশ্বাস, চিৰ বিদায়, স্বৰ্গগামী, দেহান্তৰ  আদি।

কিৰণ–পোহৰ, দীপ্তি, জেউতি, বন্তী আদি।

তৰঙ্গঢৌ, উৰ্মি, হিল্লোল, লহৰ আদি।

কথাবাণী, শব্দ, বাক্য, বচন, উক্তি আদি।

পণ্ডিতবিদ্বজন, বিজ্ঞ, সুধী, মনীষী, বিদ্বান, প্ৰাজ্ঞ আদি।

পতিস্বামী, নাথ, ভতৰা, ভাতাৰ, দৰা, প্ৰভু, কান্তা, অধীশ্বৰ আদি।

কুসুমপুষ্প, ফুল আদি।

হানি ক্ষতি, অনিষ্ট, লোকচান, অপকাৰ আদি।

আধুনিকঅৰ্বাচীন, নতুন আদি।

গোলাম ভৃত্য, চাকৰ, দাস আদি।

কল্যাণকুশল, মঙ্গল আদি। 

জোলোঙামোনা,বেগ, থৈলা আদি।

প্ৰকাণ্ডডাঙৰ, বৃহৎ, আদি।

চেষ্টাকাম, অধ্যাৱসায়, যত্ন আদি।

দক্ষতাপাকৈত, ক্ষমতা, পটুতা আদি।

খ্যাতিযশ, কীৰ্তি আদি।

কৰুণাদয়া, কৃপা আদি।

চিত্ৰফটো, ছবি, কল্পচিত্ৰ আদি।

দৃঢ়স্থায়ী, অটল, গজগজীয়া আদি।

কপালভাগ্য, ললাট আদি। 

প্ৰতিজ্ঞাপণ, অঙ্গীকাৰ, সংকল্পবদ্ধ আদি।

প্ৰসিদ্ধখ্যাতিমান, জনাজাত, বিখ্যাত, প্ৰখ্যাত, সুখ্যাত আদি।

বৰঙণিঅৰিহনা, মূল্য, দাম আদি।

দৈনিকসদায়, নিতৌ আদি।

পদ্ধতিপ্ৰথা, নিয়ম, প্ৰণালী আদি।

প্ৰাচীৰদেৱাল আদি। 

পটুনিপুণ, কৌশলী, পাৰ্গত, পাকৈত আদি।

মৰমস্নেহ, ভালেপাৱা আদি।

সংগ্ৰামযুদ্ধ, যুঁজ, ৰণ, সমৰ আদি।

শুকুলাবগা, শুক্ল আদি।

সৌম্য স্থিৰ, শান্ত, ধীৰ আদি।

হুবহুঅবিকল, একে, সদৃশ আদি। 

বাটপথ, ৰাস্তা, আলি, আলিবাট আদি।

মেধাৱীজ্ঞানী, বুদ্ধিমান আদি।

সভ্যউন্নত, ভদ্ৰ, শিষ্ট, সদস্য আদি।

জিভাৰসনা, জিহ3া আদি।

নিদ্ৰাটোপনি, ঘুমটি, তন্দ্ৰা আদি।

তুষাৰহিম, বৰফ আদি।

নিয়মকানুন, প্ৰথা আদি।

বৃক্ষগছ, তৰু, বিটপ, বিৰিষ আদি। ০ ০ ০

অসমীয়া ব্যাকৰণ খ অংশ । Assamese Grammar Part B

অধ্যায় -৪২

বাক-সংহতি 

কেতিয়াৱা কেতিয়াৱা আমি কোনো বাক্যৰ পৰিৱৰ্তে এটা শব্দ ব্যৱহাৰ কৰি অৰ্থ প্ৰকাশ কৰিব পাৰো। এনেদৰে বাক্য সংক্ষেপ কৰি এটা শব্দত প্ৰকাশ কৰাকে বাক-সংহতি বোলে। তলত কিছুমান বাক-সংহতিৰ উদাহৰণ দিয়া হ’ল।

যি মাটিৰ উৎপাদিকা শক্তি নাই—অনুৰ্বৰ।

ঘাঁহেৰে ভৰা ঠাই—ঘাঁহনি।

যি মাটিত সাৰ নাই—অসাৰুৱা।

যি কথাৰ অৰ্থ নাই—অৰ্থহীন, নিৰৰ্থক। 

খাবলৈ অনা কল পুলি—পচলা।

কলেৰে ভৰা ঠাই—কলনি।

কাণেৰে নুশুনা মানুহ—কলা।

যি তিৰোতাই কাপোৰ বব জানে—শিপিনী।

যি মাগি খায়—মগনীয়াৰ।

গৰু বন্ধা ঠাই—গোহালি।

যি মানুহে দেশক ভালা পায়—দেশপ্ৰেমিক।

যি মানুহ দেশৰ ভক্ত—দেশভক্ত।

যি দুয়োটা চকুৰে দেখা নাপায়—অন্ধ।

যি জন সাতিহ্যত সম্ৰাট—সাহিত্য সম্ৰাট।

যি জন কৰ্মত বীৰৰ তুল্য—কৰ্মবীৰ।

যি আনৰ অধীন নহয়—স্বাধীন।

যিজনে আনৰ ভাল দেখিব নোৱাৰে—চকু-চৰহা, পৰশ্ৰীকাতৰ।

যি আনৰ অধীন—পৰাধীন।

যি আনৰ বস্তু বলেৰে কাঢ়ি  লয়—ডকাইত। 

যি লোকে বিশ্বাস ৰাখিব নোৱাৰে—অবিশ্বাসী।

ম’হ বন্ধা ঠাই—খুঁটি।

যি দীৰ্ঘকাল জীয়াই থাকে—দীৰ্ঘজীৱি।

গোটেই জীৱন জুৰি—আজীৱন।

যি নিজৰ ওপৰত নিৰ্ভৰশীল—স্বাৱলম্বী, আত্মনিৰ্ভৰশীল।

যি পৰৰ ওপৰত নিৰ্ভৰশীল—পৰনিৰ্ভৰশীল।

যি বস্তু দিব পৰা নাযায়—অদেয়। 

যি কথা জনা নাযায়—অজ্ঞাত, অজানিত।

যি সহজতে লাভ কবিৰ পাৰি—সহজলব্য, সুলভ, অনায়াসলব্ধ।

যাক সহজতে লাভ কবি নোৱাৰি—দুৰ্লভ।

নোহোৱা বস্তু উদ্ভাৱন কৰোতা—আৱিষ্কাৰক, উদ্ভাৱক।

যাৰ বল আছে—বলী।

যি আনৰ মুখলৈ বাট চাই থাকে—পৰমুখােপক্ষী।

যি পথৰ পৰা বিচলিত হৈছে—পথভ্ৰষ্ট।

যি দেশৰ বাবে মৃত্যু বৰণ কৰে—শ্বহীদ।

যি জন্তু ঘৰত পোহা হয়—পোহনীয়া।

এক ঠাইতে থিতাপি নথকা মানুহ—অঘৰী।

যি অতিশয় দীঘল নহয়—নাতিদীৰ্ঘ।

যি জুইত পুৰি নাযায় বা দাহ নহয়—অদাহ্য।

যি আগেয়ে শুনা নাই—অশ্ৰুতপূৰ্ব।

সিংহৰ ডিঙিৰ দীঘল নোম—কেশৰ। 

যাক সহজে ভেদ কৰিব নোৱাৰি—দুর্ভেদ্য।

পি খোৱা বস্তু—পেয়।

যি গুণীৰ গুণ বুজিব পাৰে—গুণগ্ৰাহী।

যি বিদেশৰ পৰা আহে—বিদেশী।

ঠেং নোহোৱা ভেকুলী পোৱালি—লালুকী।

মাটিৰ নিচেই সৰু টেকেলি—ভুৰুকা।

আনৰ দোষ দেখা স্বভাৱ—অসূয়া।

খাৰণি মৰা সৰিয়হ গুৰি—খাঁৰলি, বেহুৱা।

বিহুৰ আগদিনা—উৰুকা।

বটা সৰিয়হৰে কৰা চাটনি—কাহুঁদী।

যি চিঠি বিলায়—পিয়ন।

যি জনে বিয়া কৰোৱা নাই—আবিয়ৈ, অবিবাহিত।

ঘৰত থকা জন্তু—ঘৰচীয়া।

যি  উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে—কৃতজ্ঞ।

যি  উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে—কৃতঘ্ন, অকৃতজ্ঞ।

যি কষ্ট সহিব পাৰে—কষ্টসহিষ্ণু।

যি ঈশ্বৰক বিশ্বাস নকৰে—নাস্তিক।

যি ঈশ্বৰক বিশ্বাস কৰে—আস্তিক।

যি পৰৰ ঠাইত বাস কৰে—প্ৰবাসী।

চেলেকি খোৱা বস্তু—লেহ্য

সাহ আছে যাৰ—সাহসী, সাহসিয়াল।

লোকৰ পৰা পোৱা নিন্দা—লোকনিন্দা।

লোকক দেখি পিছে পিছে যোৱা—অনুসৰণ।

লোকক দেখি পাছত যি কৰা হয়—অনুকৰণ।

যি এটা চকুৰে নেদেখে—কণা।

যাৰ পিতৃ-মাতৃ দুুয়ো মৰিছে—ঘাট-মাউৰা।

য’ত বহুতো ল’ৰা-ছোৱালী পঢ়ে—বিদ্যালয়, পঢ়াশালি।

যি ঠাই অতি ঠাণ্ডাও নহয় গৰমো নহয়—নাতিশীতোষ্ণ।

স্বামী থকা তিৰোতা—আয়তী, সধবা।

যি সহজতে জীণ নাযায়—দুষ্পাচ্য, গুৰুপাকী।

যি তিৰোতাই ধান ৰোৱে—ৰোৱনী।

যি তিৰোতাই ধান ধায়—দাৱনী। 

যাক সহজে বুজিব পৰা যায়—সহজেবাধ্য।

 যাক বুজিব পাৰি—বোধগম্য।

যি যন্ত্ৰৰ সহায়ত হাতেৰে সূতা কটা হয়— যঁতৰ।

হঠাতে হোৱা ঘটনা—আকস্মিক ।

ৰং আছে য’ত—ৰঙালী।

জুই ৰখা ঠাই—জুহাল।

সোণৰ দৰে বৰণ যাৰ—সোণালী, সোণোৱালী।

ৰূপৰ দৰে বৰণ যাৰ—ৰূপালী।

যি ইন্দ্ৰিয় জয়  কৰিব পাৰে—জিতেন্দ্ৰিয়।

মাটিৰে যি নিৰ্মিত—মৃন্ময়।

যি সঁচা কথা কয়—সত্যবাদী।

যি ঠাই অতি কষ্টেৰে লংঘন কৰা যায়—দুৰ্লংঘ।

যাক লংঘন কৰিব নোৱাৰি—অলংঘ্যনীয়।

বৰষুণ নোহোৱা বতৰ—খৰাং।

বনত থকা জন্তু বা বস্তু—বনৰীয়া।

গধূলি চকুৰে যি নেদেখে—কুকুৰীকণা ।

যাৰ একোৱেই নাই—নিঃস্ব, অকিঞ্চন।

যাৰ নাম ৰাতিপুৱাই স্মৰণ কৰা উচিত—প্ৰাতঃস্মৰণীয়।

একে সময়তে হোৱা—সমসাময়িক।

এবাৰ গুটি লাগি মৰা গছ—ওখধি।

একে মাকৰ সন্তান—সোদৰ, সহোদৰ।

যি মাতৃৰ মাত্ৰ এটাহে সন্তান—কাকবন্ধা।

যি অনুষ্ঠান শৰৎ কালত হয়—শাৰদীয়।

যি মিছা কথা কয়—মিছলীয়া।

যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে—হতবুদ্ধি, কিংকৰ্তব্যবিমূঢ়।

যি নিজক নিজে পণ্ডিত বুলি ভাবে—পণ্ডিতমন্য।

যি পুৰুষৰ ঘৈনীয়েক মৰিছে—বৰলা, বিপত্নীক।

মেলত যি পাৰ্গত—মেলেকী।

যি তিৰোতাৰ স্বামী মৰিছে—বাঁৰী, বিধৱা।

ভোগ আছে য’ত—ভোগালী।

ৰন্ধা-বৰা কৰা ঠাই—ৰান্ধনি-শাল।

যি একে গোত্ৰৰ—সগোত্ৰ।

মিহি নোহোৱা আধাখুন্দা গুড়ি—খৰচি।

বাঁহ-গাজ খুন্দি তৈয়াৰ কৰা খাদ্য—খৰিচা।

পনীয়া গাখীৰ দিয়া গাই—জলাহী।

নাম নিদিয়াকৈ দিয়া চিঠি—বেনামী।

যাৰ নাম নাই—অনামী।

যি নিয়মমতে খৰচ নকৰে—অমিতব্যয়ী।

জন্তুৰ নিচিনা—জান্তৱ।

যি নানা অভাৱত থাকে—অভাৱগ্ৰস্ত, অভাৱী।

যি অলপতে শুনে—শহাকণীয়া।

ধান থোৱা ঘৰ—ভঁৰাল।

যি যোগৰ পৰা ভ্ৰষ্ট হৈছে—যোগভ্ৰষ্ট।

যি অলপতে ভয় খায়—ভয়াতুৰ।

যি  মাছ-মাংস নাখায়—নিৰামিষাহাৰী।

যি মাছ-মাংস খায়—আমিষাহাৰী।

যি ধন খৰচ নকৰে—কৃপণ।

য’ত বহুত মানুহ বাস কৰে—জনবহুল।

যাৰ মূৰত চুলি নাই—তপা।

যাৰ মৰো মৰো অৱস্থা হৈছে—মুমূৰ্ষু।

যাৰ কথাৰ সাঁচ নাই—লপা।

যি কথা বিশ্বাস কৰিব নোৱাৰি—অবিশ্বাস্য।

যাৰ পূৰ্বজন্মৰ কথা মনত আছে—জাতিস্মৰ।

যি মাটি ফুটি ওলায়—উদ্ভিদ।

য’লৈ যোৱা কষ্টসাধ্য—দুৰ্গম।

যি অনাই-বনাই ঘূৰি ফুৰে—যাযাবৰ।

যি সমাপ্ত হোৱা নাই—অসমাপ্ত।

য’ত কোনো মানুহ নাই—জনশূন্য।

যি নিজৰ পেটলৈহে চিন্তা কৰে—আপোনপেটীয়া, স্বাৰ্থপৰ।

যি কণীৰ পৰা জন্মে—অণ্ডজ।

যি একেলগে পঢ়ে—সহপাঠী।

যি একো নাজানে—অজ্ঞ।

যি ভাষাত পাৰ্গত—ভাষাবিধ।

যি শিৱক উপাসনা কৰে— শৈৱ।

যি শক্তিক উপাসনা কৰে— শাক্ত।

যাৰ ওচৰত গোচৰ তৰে—পদকীয়া ।

যি বিষ্ণক উপাসনা কৰে—বৈষ্ণৱ।

যি সহ্য কৰিব পাৰে—সহিষ্ণু ।

যি গোচৰ তৰে—গোচৰীয়া।

যি নিয়ম মতে খৰচ কৰে—মিতব্যয়ী।

যাৰ আশ্ৰয় নাই—নিৰাশ্ৰয়া।

যাৰ সীমা আছে বা যি সীমাবদ্ধ—সসীম।

যাৰ অন্ত নাই—অনন্ত।

যাৰ আগমন আহ্বান কৰা হয়—স্বাগত।

যাক বধ কৰা অনুচিত—অবধ্য।

একেজন গুৰুৰ শিষ্য—সতীৰ্থ, হৰিভকত।

কোনো কথাৰ নিশ্চয় কৰিবলৈ পঠোৱা  মানুহ—সঁজাতী।

যি কাৰো পক্ষৰ বা ফলীয়া নহয়—নিৰেপক্ষ।

মাগিলেও ভিক্ষা নোপোৱা সময়—দুর্ভিক্ষ।

যিটো সুধিবলগীয়া—জিজ্ঞাস্য।

যাক মূল্য দি কিনিব নোৱাৰি—অমূল্য।

যি জানিব খোজে বা জানিবলৈ আগ্ৰহী—জিজ্ঞাসু।

যাৰ বিবেচনা শক্তি নাই—আবিবেচক।

যি নিশাহে চৰে—নিশাচৰ।

যাক কল্পনা কৰিব নোৱাৰি—কাল্পতীত, অকল্পনীয়।

বধ কৰিবৰ ইচ্ছা—জিঘাংসা।

যাক পৰিত্যাগ কৰিব নোৱাৰি— অপৰিহাৰ্য, অপৰিত্যাজ্য।

যাক বৰ্ণনা কৰিব নোৱাৰি—অবৰ্ণনীয়।

যাৰ আদি নাই—অনাদি।

যাক নিবাৰণ কৰিব নোৱাৰি—অনিবাৰ্য।

যাৰ ধৰ্মলৈ ভয় আছে—ধৰ্মভীৰু।

যি পৰিণাম চিন্তা কৰি কাম কৰে—পৰিণামদৰ্শী।

যাক সহজে ভাঙিব পাৰি—ভংগুৰ।

যি কোনো কাম কৰিব নোৱাৰে—অকৰ্মণ্য, অসাঁঠন।

যি কথা কোৱা উচিত নহয়—অকথনীয়, অকথ্য।

যি বিধি সন্মত—বৈধ।

যি বিধি সন্মত নহয়—অবৈধ।

দৰ্মহা নোলোৱাকৈ কৰা কাম—অবৈতনিক।

প্ৰাণক পণ কৰি—প্ৰাণপণে।

চোবাই খোৱা যি বস্তু— চর্ব্য। 

যি ক্ষয় হ’বলৈ ধৰিছে—ক্ষয়িষ্ণু।

যি ভৱিষ্যত চিন্তা কৰিব পাৰে—দূৰদৰ্শী।

যি ভৱিষ্যত চিন্তা কৰিব নোৱাৰে—অদূৰদৰ্শী।

যি বাঢ়িবলৈ ধৰিছে—বৰ্দ্ধিষ্ণু। 

যাৰ সকলো বস্তু অঁটাকৈ আছে—আটন্তিয়াৰ।

যাৰ ঋণ আছে—ঋণী।

যাৰ হাত আঁঠুৰ তললৈকে পৰা—আজানুলম্বিত।

যাৰ মৰণ নাই—অমৰ।

কোনো কাৰ্য কৰিবলৈ স্থিৰ কৰা—কৃতসংকল্প।

যি নিজে নিজে হয়—স্বয়ম্ভূ।

কাৰো নাম নধৰাকৈ পৰা গালি—গুৱাল-গালি।

যাৰ ধাৰ আছে—ধৰুৱা।

যি দুই হাত সমানে চলাব পাৰে—সব্যসাচী।

যি আনফালে মন দিয়ে—অন্যমনস্ক।

যাক বধ কৰা উচিত—বধ্য।

গাৱঁৰ মুৰববীগাওঁবুঢ়া।

যাৰ আত্মা মহান—মহাত্মা।

কাঁহৰ বাচন সাজোতা— কঁহাৰ।

শাৰীৰিক আৰু মানসিকভাবে বাধাপ্ৰাপ্ত লোক—প্ৰতিবন্ধী।

নাও চলোৱা লোক—নাৱৰীয়া।

বাটেদি যোৱা লোক—বাটৰুৱা।

যি ততালিকে বুদ্ধি উলিয়াব পাৰে—প্ৰত্যুৎপন্নমতি।

গৰুৱে টনা গাড়ী—গৰুগাড়ী।

শাক-পাচলি কৰা স্থান—শাকনি।

য’ত তিনিটা আলি লগ লাগে—তিনিআলি।

বল আছে যাৰ—বলী।

ধানৰ বাকলি—তুঁহ।

গৰুৰ গাড়ী চলোৱা মানুহ—গাড়োৱান।

জীৱনী শক্তি দান কৰা ঔষধ—সঞ্জীৱনী।

পুৰণি বস্তু সংগ্ৰহ কৰি ৰখা ঠাই—সংগ্ৰহালয়।

যি কথা লগাই ফুৰে— টুটকীয়া, খলুৱা।

যি ঘটনা আগেয়ে ঘটা নাই—অভূতপূৰ্ব।

মাটিৰ বাচন গঢ়ে যি—কমাৰ।

পানী আৰু বাম উভয়েত চৰা জীৱ— উভচৰ।

যাক দমন কৰিব নোৱাৰি—অদমনীয়।

যি বিপ্লৱ কৰে—বিপ্লৱী।

যি গাড়ী চলায়—গাড়োৱান।

যি ধৰ্ম প্ৰচাৰ কৰে—ধৰ্মপ্ৰচাৰক।

সোণৰ অলংকাৰ গঢ়ে যিজন—সোণাৰী।

গছত উঠিবলৈ ব্যৱহাৰ কৰা সঁজুলি—জখলা।

কথা ক’ব নোৱাৰা—মূক।

যাৰ অস্তিত্ব আছে কিন্তু জন্ম আৰু মৃত্যু নাই—চিৰন্তন।

বাটেদি যোৱা মানুহ—বাটৰুৱা।

য’ত পঢ়িবলৈ নানা ধৰণৰ কিতাপ সজাই থোৱা হয়— পুথিভঁৰাল।

মানুহে চলোৱা দুই চকাৰ বাহন—চাইকেল।

ঠেলি চলাই নিয়া দুই চকাৰ গাড়ী—ঠেলাগাড়ী।

সময়ে সময়ে ওলোৱা বস্তু—সাময়িক, সাময়িকী।

পুৰুষৰ চিৰ সংগী—ঘৈনীয়েক।

চাৰিওপিনে ভূমিৰে আগুৰা বিশাল জলাশয়— হ্রদ। ০ ০ ০

অসমীয়া ব্যাকৰণ খ অংশ । Assamese Grammar Part B

অধ্যায় – ৪৩

জতুৱা ঠাঁচ আৰু খণ্ডবাক্য 

কোনো শব্দই যেতিয়া কোনো ধাতুৰ লগত লগলাগি ইয়াৰ আক্ষৰিক অৰ্থতকৈ বেলেগ বা সুকীয়া অৰ্থ প্ৰকাশ কৰে, তেতিয়া তাক জতুৱা ঠাঁচ (Idiom) বুলি কোৱা হয়। আকৌ যেতিয়া এটাতকৈ অধিক শব্দ লগলাগি কোনো নতুন অৰ্থ প্ৰকাশ কৰে তাকে অসমীয়াত খণ্ডবাক্য (Phrase) বোলে। জতুৱা ঠাঁচ আৰু খণ্ডবাক্য প্ৰায় সমপৰ্যয়ৰ যদিও দুটাৰ মাজত সামান্য পাৰ্থক্য আছে। জতুৱা ঠাঁচত কোনো শব্দ ধাতুৰ লগত লগ লাগি নতুন অৰ্থ প্ৰকাশ কৰে। আনহাতে খণ্ডবাক্যত এটা শব্দই ধাতুৰ বাহিৰে অন্য শব্দ (বিশেষ্য বা বিশেষণ) ৰ লগ লাগি নতুন বা সুকীয়া অৰ্থ প্ৰকাশ কৰে। 

তলত কিছুমান জতুৱা ঠাঁচ আৰু খণ্ডবাক্যৰ অৰ্থ আৰু বাক্যত সিহঁতৰ প্ৰয়োগ দেখুৱা হ’ল–

অজৌ গছৰ বজৌ গুটি (অতি দুষ্ট)—অনিলক উপদেশ দি লাভ নাই, সি হ’ল আজৌ গছৰ বজৌ গুটি।

অমাতৰ মাত  (শুৱলা মাত )—শিশুৰ অমাতৰ মাত সকলোৱে ভাল পায়।

অলপ ধতুৱা (সামান্য সাহ)—অলপ ধতুৱা হ’লে সেনাবাহিনীত কাম কৰিব নোৱাৰা।

আহুকাণে-পহুকাণে (ইকাণে-সিকাণে)—আহুকাণে-পহুকাণে শুনিলো যে তুমি সংসাৰ পাতিলা।

আঁকোৰ-গোজালি (একেটা কথাতে লাগি থাক)—তোমাৰ আঁকোৰ-গোজালি স্বভাৱৰ বাবে তোমাক ভাল নাপাওঁ।

আকাশত চাং পতা (অস্বাভাৱিক কল্পনা কৰা)—ৰমেনে আৰুনো কি কৰিব, সি আকাশত চাং পতা ল’ৰা। 

আলাসৰ লাড়ু (অতি মৰমৰ)—সন্তান-সন্ততি  মা-দেউতাকৰ আলাসৰ লাড়ু।

আলৈ-আথানি  (অৱহেলিত, নিৰাশ্ৰয়)—মাক ঢুকাবৰে পৰা ল’ৰা-ছোৱলীকেইটাৰ আলৈ-আথানি হ’ল।

আঁচলৰ ধন (অতি আদৰৰ)—ললিতা তাইৰ মাকৰ একমাত্ৰ আঁচলৰ ধন।

আঁঠুৱাৰ তলৰ মহ (অধীন লোক)—জাফৰৰনো কি স্বাধীনত আছে, সি দেখোন  খুৰায়েকৰ আঁঠুৱাৰ তলৰ মহ।

আলপৈচান ধৰ (সেৱা-শুশ্ৰূষা কৰা)—গুৰুজী আহিল, আলপৈচান ধৰিবি।

আপোন পেটা (স্বাৰ্থপৰ)—তোমালোকৰ দৰে আপোন পেটা ডেকাচামৰ দ্বাৰা সমাজৰনো কি লাভ হ’ব?

আলৈ-বিলৈ (দুখ-দুৰ্গতি )— পিতৃহীন  হোৱাৰ  পৰা  ল’ৰাকেইটাৰ আলৈ-বিলৈ হ’ল।

আমা-ডিমা (নিচেই সৰু)—আমা-ডিমা ল’ৰা কেইটাই  আমন-জিমনকৈ বহি আছে।

আঁঠু ল (সেৱা কৰ)—বয়োবৃদ্ধ লোকক আঁঠুলৈ আশীৰ্বাদ ল’ব লাগে।

আঁঠু কাঢ়  (আঁঠুৰে বুল বা খোজ কাঢ়)—শিক্ষকে দুষ্ট ছাত্ৰক আঁঠু কাঢ়াই থয়।

ঊনৈশত বা বলা (আনন্দত আত্মহাৰা হোৱা)—চাকৰিটো পাই সি ঊনৈশত বা বলিবলৈ ল’লে।

উলহ-মালহ (অতিশয় আনন্দ)—উৰুকাৰ দিনাই ল’ৰা-ছোৱালীকেইটাৰ উলহ-মালহ  লাগিল।

এলা-পেচা (সামান্য)—ৰামক দোষী লাভ নাই, সি এলা-পেচা লোক নহয়।

এলাই বাদু (অকাজী)—এলাই বাদু ছোৱালী বিয়া কৰাই কোনো লাভ নাই।

ওভতগোৰে নাচ (বৰ দুষ্টালি কৰ)—তেওঁ ইয়ালৈ আহি ওভতগোৰে নাচিবলৈ ল’লে।

কাণ পাত (শুনিবলৈ সাজু হ)—এয়া কিহৰ শব্দ হৈছে, কাণ পাতি শুনা। 

কাণ চোৱাই থ  (মনত ৰাখিবলৈ কোনো কথা জনাই থ )—ৰাজেনৰ দুষ্টালিৰ কথাটো তোমাক কাণ চোৱাই থলো।

কাণত ধৰি ক (শপত খাই ক)—তুমি কাণত ধৰি ক’লেও তোমাৰ কথাটো মই বিশ্বাস নকৰো।

কাণ সমনীয়া (ডেকা)—কাণ সমনীয়া হৈয়ো নিজৰ দায়িত্ব নিজে নুবুজিলি, হে ৰাম!

কাণ বাগৰা (লোকৰ মুখে শুনা)—কাণ বাগৰা কথাত মই বিশ্বাস নকৰো।

কঁকালত টঙালি বান্ধ (কামলৈ সাজু হ)—লাচিত বৰফুকনে নৰিয়া গাৰেই কঁকালত টঙালি বান্ধি মোগলৰ বিৰুদ্ধে থিয় দিছিল।

কাণ সৰালি মাৰ (নুশুনাৰ ভাও জোৰ)—তুমি কাণ সৰালি মাৰি থাকিলে নহ’ব মোকো ভাগটো দিব লাগিব।

কপাল মুকলি হ (ভাগ্য উদয় হ)—চাকৰিটো হ’ল মানে মধুৰ কপাল মুকলি হ’ল।

কপালৰ ঘাম মাটিত পেলা (কঠোৰ পৰিশ্ৰম কৰা)—অসমীয়া কৃষকে কপালৰ ঘাম মাটিত পেলাইহে দুবেলা দুমুঠি খাব পাৰে। 

কাণ কৰ (মনোযোগ দে)—হেৰা ৰাম! গুৰুজীৰ কথালৈ কাণ কৰিবা।

কথা চহকী (বেছিকৈ কথা কোৱা লোক)—শ্ৰী হাজৰিকা এজন কথা চহকী লোক।

বুকু ডাঠ (সাহসিয়াল)—আমাৰ বুকু ডাঠ ডেকা ল’ৰাবোৰৰহে প্ৰয়োজন।

কাঠ সংস্কাৰ কৰ (মৰা শ খৰি দিয়া)—হৰিদেৱ মৰিল, আহা আমি তেওঁৰ কাঠ সংস্কাৰ কৰি আহো।

কাঠ চিতীয়া (নিষ্ঠুৰ, নিৰ্দ্দয়)—সি এজন কাঠ চিতীয়া লোক, তেওঁৰ পৰা কোনো সহায় নাপাবা।

কাঠ-বাঁজী (একেবাৰে সন্তান নোহোৱা তিৰোতা)—কাঠ-বাঁজীজনী  আশী বছৰ বয়সত ঢুকাল।

কণাৰ লাখুটি (একমাত্ৰ সহায়)—নাতিনীজনীয়েই বুঢ়াটোৰ কণাৰ লাখুটি।

খাই পাত ফলা (অশলাগী, উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা)— তোমাৰ দৰে খাই পাত ফলা লোকৰ পৰা সাৱধানে থকাই শ্ৰেয়।

গাই বাই চা (যত্ন কৰি চা)—কোনো কাম এবাৰত নোৱাৰিলে আকৌ গাই বাই চাব লাগে।

গা টঙা (নৰিয়াৰ পৰা উঠা)—সি বহু দিন কষ্ট ভোগ কৰাৰ পিছতহে গা টঙালে।

গা চাই ফুৰ (সাৱধান হৈ ফুৰ)—আচহুৱা ঠাইত গা চাই ফুৰিবি।

ঘৰ পাত (বিয়া কৰ)—ৰাজনে যোৱা মাহত ঘৰ পাতিলে।

ঘৰ গোনা (সদায় ঘৰতে বহি থকা)—ঘৰ গোনা মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে।

চকু মুদ (মৃত্যু হোৱা)মামনি ৰয়চম গোস্বামীয়ে বহু দিন কষ্ট কৰি অৱশেষত চকু মুদিলে।

চকু মুদা কুলি (প্ৰৱঞ্চক)— আদিত্যক কোনে বিশ্বাস কৰে, তেওঁ চকু মুদা কুলিহে।

চকুৰ মণি (অতি আদৰৰ)—মৃগেন সকলোৰে চকুৰ মণি।

চকুত লগা (ধুনীয়া, মৰম লগা)—তুমি নিশ্চয় ধন্যবাদৰ পাত্ৰ – কি যে চকুত লগা বাৰীখন বনালা!

চকুৰ কুটা (অপ্ৰিয় শত্ৰু)—তুমিনো কেনেকৈ সকলোৰে চকুৰ কুটা হ’লা?

চকুত ধূলি মাৰ (ফাঁকি দিয়া)—তেওঁ চকুত ধূলি মাৰি মোৰ পৰা দহ টকা সৰকালে।

চকু চৰহা (লোকৰ ভাল দেখিব নোৱাৰা)—চকু চৰহা লোককনো কোনে শ্ৰদ্ধা কৰে?

মুখৰ ছাই গুচা (মৃতকৰ শ্ৰাদ্ধাদি কৰি শুচি হ)—ককা মৰিলত আমি মুখৰ ছাই গুচাই উঠিলো।

মুখৰ ওপৰত ক (ভয় নকৰি সন্মুখতে কথা ক)—আমি ডাঙৰৰ মুখৰ ওপৰত কথা ক’ব নালাগে।

হাত লৰ (চোৰ স্বভাৱৰ)—হে ললিত,  তোমাৰ হাত লৰ স্বভাৱটো এৰি দিয়া।

হাত সাবটি থাক (কামত প্রবৃত নোহোৱাকৈ থাক)— হাত সাবটি বহি থাকিনো কি কৰিবি, কিবা এটা কৰাচোন।

হাত টান (কৃপণ)—দীপাৰ ওচৰত একো আশা কৰিব নোৱাৰি, তাই হাত টান ছোৱালী।

হাতত সাৰে ভৰিত সাৰে (মনে মনে, গোপনে)—সিদ্ধাৰ্থই  ল’ৰা-তিৰোতা এৰি হাতত সাৰে ভৰিত সাৰে প্ৰসাদৰ পৰা ওলাই গ’ল।

হাত দীঘল (ক্ষমতাশালী)—পণ্ডিত জৱাহৰলাল নেহৰু এজন হাত দীঘল নেতা আছিল।

পেটত হাত ভৰি লুকা (বৰকৈ ভয় পা)—সিংহৰ প্ৰতিমূৰ্টিটো চাইয়েই ল’ৰাটোৰ পেটতে হাত ভৰি লুকালে।

পেট ভাটৌ (প্ৰকাশ নকৰি পেটত কথা লুকাই ৰাখি থোৱা মানুহ)— তেওঁক প্ৰশ্ন কৰি লাভ নাই সি পেট ভাটৌহে।

পেটে ভাতে খা  (সঞ্চয় কৰিব নোৱাৰি কোনো মতে খাই বৈ থকা)— এতিয়ানো কি কৰিম, কোনো মতে পেটে ভাতে খাই আছো।

ভাতৰ ভতুৱা (অকামিলা)—ৰজেশৰ দ্ধাৰা কোনো কাম নহ’ব, সি ভাতৰ ভতুৱাহে।

মাটিৰ মানুহ  (অতি সহজ সৰল লোক)—কৰিমক বেয়া নুবুলিবা সি এজন মাটিৰ মানুহ।

হাড় পেলা  (মৃত্যু হ)—সংগীত সূৰ্য ভূপেন হাজৰিকাই কেতিয়াবাই হাড় পেলালে।

হাড়ে ছালে লগা (ক্ষীণ, দুবৰ্বল)—এই হাড়ে ছালে লগা ল’ৰাটোৰ  যত্ন লোৱা উচিত।

হাড়ত বন গজা (বহুত দিন আগেয়ে মৰা)—এতিয়া তেওঁৰ খবৰ লৈ লাভ নাই, তাৰ হাড়ত বন গজিল।

হাড়ক মাটি কৰ  (কঠোৰ পৰিশ্ৰম কৰ)—অসমৰ কৃষকে হাড়ক মাটি কৰি পথাৰত কাম কৰে।

ভৰি নচুৱাই থাক (কাম বন নকৰি বহি থাক)—ভৰি নচুৱাই থাকিলে নহ’ব কিবা এটা কৰ।

গাখীৰতে ম’ৰ খুটি (মহা সুখ)—এনেয়ে অতি ধনী ঘৰৰ ল’ৰা,  তাতে চাকৰিটো পাই গাখীৰতে ম’হৰ খুটি যেন পালে।

গোট গৰু  (মূৰ্খ)—তেওঁক বুজাই লাভ নাই, সি গোট গৰু।

চকুত সৰিয়হ ফুল দেখা (বৰ বিমোৰত পৰা)—গৰুটো হে’ৰালত সি চকুৱেদি সৰিয়হৰ ফুল দেখা আৰম্ভ কৰিলে।

চুক ভেকুলী (একো নজনা)—হিৰেনক একো সুধি লাভ নাই সি দেখোন চুক ভেকুলী।

চুঙাৰ বাদুলি (অনভিজ্ঞ মানুহ)—চুঙাৰ বাদুলি হৈ ৰাজনীতিলৈ মন নেমেলিবা।

চিলিম ছিগ (উপায় নাইকীয়া হ)—চাকৰিটো হেৰালত তেওঁৰ চিলিম ছিগিল।

টুপাই বুৰ মাৰ (সমূলি মিছা মাত)—তেওঁক খবৰটো সোধাত সি টুপাই বুৰ মাৰিলে।

ডাল দৰিদ্ৰ (অতি দুখীয়া)—এইজন কৌটিপতি এসময়ত ডাল দৰিদ্ৰ আছিল।

ডলাৰ বগৰী (সঘনে ঠাই সলোৱা মানুহ)—তাক আৰু ক’ত পোৱা সি ডলাৰ বগৰীহে।

ঢৌতে খৰ মাৰি (ব্যস্ততাৰ মাজত সময় উলিয়াই)—মোৰ নিজা কাম থকা সত্বেও ঢৌতে খৰ মাৰি তোমাৰ কামটো কৰিলো।

থৈয়া-নথৈয়া (ভয়ানক)—পানীপথত ইব্রাহিম লোডী আৰু  বাবৰৰ মাজত থৈয়া-নথৈয়া ৰণ হৈছিল।

দোপত দোপে (ক্ৰমে ক্ৰমে)—মহিমে ব্যৱসায়ত দোপত দোপে উন্নতি কৰিবলৈ ল’লে।

দুখে কুলাই-পাচিয়ে নধ’ৰা (অতিশয় দুখ হোৱা)—মাকৰ মৃত্যু হোৱাত ল’ৰাহঁতৰ দুখে কুলাই পাচিয়ে নধ’ৰা হ’ল।

ধোঁৱা-খুলীয়া (অতিপাত খৰচী)—তেওঁনো ক’ৰ পৰা পইচা সাঁচিব, সি ধোঁৱা-খুলীয়াহে।

ধোদৰ পচলা (অকামিলা)—ধোদৰ পচলাই  উন্নতি কৰিব নোৱাৰে।

নপতা ফুকন (নিজকে নিজে ডাঙৰ বুলি ভবা)—ৰাকেশৰ কথা আৰু নক’বা, সি নপতা ফুকন হৈ বহি আছে।

নিমাও মাও (মাত বোল নোহোৱা)—তুমি ইয়ালৈ আহি নিমাও মাও হৈ বহি আছা দেখোন।

নলে-গলে লগা (অতি ঘনিষ্ট, পৰম)—ৰাম আৰু ৰহিম দুয়ো নলে-গলে লগা বন্ধু।

নলঙা জেঙাত লাগ (অযথা মূৰ পাতি ল)—কৰিমে নলঙা জেঙাত লাগি অযথা বহুত অসুবিধাৰ সন্মুখীন হ’ল।

মূৰত সৰগ ভাগি পৰ (ঘোৰ বিপদত পৰা)—চাকৰিটো হেৰালত তেওঁৰ মূৰত সৰগ ভাগি পৰিল।

সান্দহ খোৱা বালি তল যা (সুবিধা সমূলি নাশ হোৱা)—এইবাৰ সকলো দালালৰ সান্দহ খোৱা বালি তল পৰিল।

হৰিভৰ দিয়া (সন্মতি দিয়া)—তোমাৰ সিদ্ধান্তত সদায়ে আমি হৰিভৰ দি আহিছো, এইবাৰো দিম। 

পানীৰ মিঠৈ (কাল্পনিক কথা)—তোমাৰ পানীৰ মিঠৈয়ে আমাক ভুলাব নোৱাৰে।

পাবত গজা (মূল নোহোৱা)—আমাৰ সমাজত পাবত গজা নেতাৰ অভাৱ নাই।

পোতক তোল (প্ৰতিশোধ লোৱা)—চাবা, সি এইবাৰ তোমাৰ অসভ্যালিৰ পোতক তুলিব।

ফুটুকাৰ ফেন  (অস্থায়ী, অথলে যোৱা)—তোমাৰ সকলো প্ৰচেষ্টা ফুটুকাৰ ফেনত পৰিণত হ’ল।

বিধি পথালি দিয়া (বাধা দিয়া)—মোৰ কামত বিধি পথালি নিদিবা।

বিনা মেঘে বজ্ৰপাত (অকস্মাৎ বিপদ)—দেউতাৰ মৃত্যুৰ খবৰ পৰিয়ালটোৰ কাৰণে বিনা মেঘে বজ্ৰপাতৰ দৰে হ’ল।

বগলী ভকত (বাহিৰে সাধু ভিতৰে অসৎ)—আমি বগলী ভকতৰ পৰা সাৱধানে থকা উচিত।

বাপতি সাহোন (পৈত্ৰিক সম্পতি)—বিহু উৎসৱটি আমাৰ বাপতি সাহোন।

মৰণত শৰণ দি (প্ৰাণ পণে)—ইব্রাহিম লোডীয়ে পানীপথৰ যুদ্ধত মৰণত শৰণ দি যুঁজিছিল। ০ ০ ০

অসমীয়া ব্যাকৰণ খ অংশ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

  1. অসমীয়া ব্যাকৰণ
  2. ভাষা অধ্যয়নৰ ইতিহাস
  3. আধুনিক অসমীয়া ব্যাকৰণ

 

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here