অসমৰ কুটিৰ শিল্প
অসমৰ কুটিৰ শিল্প | Asomar Kutir Shilpa | Cottage Industry of Assam Essay in Assamese
ইয়াত ‘অসমৰ কুটিৰ শিল্প’ (Asomar Kutir Shilpa | Cottage Industry of Assam Essay in Assamese’) শিৰোনামেৰে দুটি ৰচনা তলত দিয়া হ’ল । দুটাৰ পৰা আপোনাৰ বেছি ভাললগাটো বাচি লওক।
অসমৰ কুটিৰ শিল্প | Asomar Kutir Shilpa | Cottage Industry of Assam Essay in Assamese
(ৰচনা ১)
আৰম্ভণি: হাতে গঢ়া সাধাৰণ সা-সঁজুলিৰ সহায়ত নিজ ঘৰৰ পৰিসৰৰ ভিতৰত থলুৱা কেঁচা সমগ্ৰীৰে যিবোৰ উদ্যোগ গঢ়ি উঠে সেইবোৰ উদ্যোগকে ‘কুটিৰ উদ্যোগ’ বা ‘কুটিৰ শিল্প’ বুলি কোৱা হয়।
প্ৰাচীন কালৰ পৰাই ভাৰত কুটিৰ শিল্পত চহকী। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমো কুটিৰ শিল্পত আগবঢ়া । আনকি কেইবাটাও ক্ষেত্ৰত ই অন্যান্য ৰাজ্যৰ তুলনাত অধিক চহকী। অসমত থকা কুটিৰ শিল্পসমূহৰ ভিতৰত বয়ন শিল্প, বাহঁ-বেতৰ শিল্প, ভাস্কৰ্য শিল্প, মৃৎ শিল্প, হাতীদাঁতৰ শিল্প, কাঁহ-পিতলৰ শিল্প, কাঠ শিল্প আদিয়েই প্ৰধান।
বয়ন শিল্প: বয়ন শিল্পত বিশ্বৰ ভিতৰতে অসমৰ এক সুকীয়া আসন আছে। অসমৰ জীয়ৰী-বোৱাঁৰী সকলোৱে বয়ন শিল্পত পাকৈত। অসমৰ ছোৱালীয়ে কাপোৰ ব’ব নজনাটো এসময়ত বৰ লাজৰ কথা বুলি বিবেচনা কৰা হৈছিল। অসমৰ পাট, মুগা, এৰি আদি কাপোৰ অকল ভাৰততেই নহয়, সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসমীয়া তিৰোতই তৈয়াৰ কৰা পাট-মুগাৰ কাপোৰে এসময়ত মোগল হেৰেমসমূহত আলোড়নৰ সৃষ্টি কৰিছিল। প্ৰভু কৃষ্ণৰ নাতিয়েক অনিৰুদ্ধ কোঁৱৰে অসমীয়া সাজ পৰিধান কৰা উষাদেৱীক চাই মুগ্ধ হৈছিল। মহাপুৰুষ শংকৰদেৱেৰ তত্বাৱধানত তৈয়াৰ কৰা বৃন্দাবনী বস্ত্ৰখনৰ কথা আজি বিশ্বৰ সকলোৱে জানে। অসমৰ শিপিনীয়ে তৈয়াৰ কৰা ফুলাম কাপোৰ দেখি জাতিৰ পিতা মহাত্মা গান্ধীয়ে মন্তব্য কৰি কৈছিল, ‘অসমীয়া তিৰোতাই কাপোৰত সপোন ৰচিব পাৰে।’
বাঁহ- শিল্প: অসমৰ থলুৱা কুটিৰ শিল্পসমূহৰ ভিতৰত বাঁহ-বেতৰ শিল্প উল্লেখযোগ্য। অসমীয়াসকলে নিজ ঘৰতে বাঁহ আৰু বেতেৰে ঢাৰি, খালৈ, জাকৈ, ঢলা, কুলা, পাচি, ফুলদানি, পিকদানি, ছাইদানি আদি বহুতো সুন্দৰ সুন্দৰ বস্তু তৈয়াৰ কৰে। বৰ্তমান অসমৰ বাহিৰলৈয়ো এইবোৰ ৰপ্তানি হৈ আছে।
মৃৎশিল্প: মৃৎশিল্প বুলিলে বোকা মাটিৰে তৈয়াৰ কৰা সা-সামগ্ৰীক বুজায়। এসময়ত মৃৎশিল্পত অসম চহকী আছিল। অসমীয়া কুমাৰ সম্প্ৰদায়ৰ লোকসকল এই শিল্পৰ লগত জড়িত। সিহঁতে বোকা মাটিৰে বিভিন্ন ধৰণৰ পাত্ৰ, যেনে: কলহ, ভুৰুকা, কেটেলি, কেৰাহী, ঢেকচি, খুলা, পাতিল, খুৰা, গছা, ছামনি, ঘটি আদি বস্তু তৈয়াৰ কৰাৰ উপৰিও সৰু সৰু ল’ৰা-ছোৱালীৰ বাবে নানান ধৰণৰ খেলনা যেনে: ঘোঁৰা, হাতী, পুতলা, ফুলৰ আৰ্হি আদি তৈয়াৰ কৰে।
কাঁহ-পিতলৰ শিল্প: অসম কাঁহ-পিতলৰ শিল্পত ভাৰত বিখ্যাত। অসমৰ হাজো আৰু সৰ্থেবাৰী কাঁহ-পিতলৰ বস্তু তৈয়াৰ কৰাত অগ্ৰগণ্য। এসময়ত অসমৰ কাঁহ-পিতলৰ সামগ্ৰী ভাৰতৰ অন্যান্য প্ৰদেশলৈ ৰপ্তানি কৰা হৈছিল। মধ্য যুগত অসমৰ কাঁহ পিতলৰ সামগ্ৰী মোগল দৰবাৰলৈ পঠোৱা হৈছিল বুলি ইতিহাসত প্ৰমাণ পোৱা যায়।
হাতীদাঁতৰ শিল্প: অসমৰ এক আপুৰুগীয়া আৰু গৌৰৱময় শিল্প হৈছে হাতীদাঁতৰ শিল্প। অসমৰ শিল্পীয়ে হাতী দাঁতেৰে নানান কাৰুকাৰ্য খচিত অলংকাৰ তৈয়াৰ কৰাৰ উপৰিও বুঢ়া মানুহৰ কাৰণে হাতৰ লাখুটি তৈয়াৰ কৰে। অসমৰ বৰেপটা হাতীদাঁতৰ শিল্পত বিখ্যাত।
কাঠ-শিল্পঃ অসমৰ আন এবিধ কুটিৰ শিল্প হৈছে কাঠৰ শিল্প। অসমীয়া শিল্পীসকলে কাঠেৰে বিভিন্ন ধৰণৰ আচবাব তৈয়াৰ কৰাৰ লগতে বেদীৰ সিংহাসন, কৃষ্ণমূৰ্তি, মুখা, দেৱ-দেৱীৰ মূৰ্তি আদি তৈয়াৰ কৰাত সিদ্ধহস্ত।
এসময়ত অসম কুটিৰ শিল্পত চহকী আছিল যদিও বৰ্তমান এই শিল্প বহুত প্রত্যাহ্বানৰ সন্মুখীন হৈছে। ইয়াৰ ঘাই কৰাণ হৈছে আধুনিক বিজ্ঞানৰ আৱিষ্কৃত বৃহৎ যন্ত্ৰ-পাতিৰ সহায়ত তৈয়াৰ কৰা বস্তু-সামগ্ৰীৰ প্ৰতিযোগিতাৰ লগত ই তিষ্টিব পৰা নাই। বৃহৎ কল-কাৰখানাত উৎপাদিত বস্তুৰ তুলনাত হাতেৰে সাধাৰণ সা-সঁজুলিৰে তৈয়াৰ কৰা বস্তুৰ খৰচ বেছি হয়। ফলত কুটিৰ উদ্যোগজাত বস্তুৰ চাহিদা কমি গৈছে।।
সামৰণি:কুটিৰ শিল্প অসমৰ এক আচুতীয়া শিল্প যদিও এই শিল্পক জীয়াই ৰাখিবলৈ হ’লে চৰকাৰী পৃষ্ঠপোষকতাৰ প্ৰয়োজন। চৰকাৰ আগবাঢ়ি আহিলে আৰু এই শিল্পৰ বিশেষত্বৰ বিষয়ে অসমীয়া লোকসকল সচেতন হ’লে নিশ্চয় এই শিল্প ঠণ ধৰি উঠিব আৰু পুনৰ বিশ্ব দৰবৰত অসমৰ কুটিৰ শিল্পৰ যশ-কীৰ্তি প্রতিষ্ঠিত হ’ব।
অসমৰ কুটিৰ শিল্প । Cottage Industry of Assam Essay in Assamese
(ৰচনা ২)
কুটিৰ শিল্প কি?
নিজ ঘৰত হাতেৰে যিবোৰ সা-সঁজুলি বনোৱা হয় তাক কুটিৰ শিল্প বোলে। এই শিল্পৰ বাবে থলুৱা কেঁচা সামগ্ৰী ব্যৱহাৰ কৰা হয়।
অসমৰ কুটিৰ শিল্প
অসমত বহুত ধৰণৰ কুটিৰ শিল্প আছে। তাৰে কিছুমান হল: বয়ন শিল্প, বাঁহ-বেতৰ শিল্প, মৃৎশিল্প, কাঁহ-পিতলৰ শিল্প, হাতীদাঁতৰ শিল্প, আৰু কাঠৰ শিল্প।
বয়ন শিল্প
অসমত বয়ন শিল্প বহুত বিখ্যাত। ছোৱালীসকলে পাট, মুগা, আৰু এৰি কাপোৰ বয়। এই কাপোৰ অকল অসমতেই নহয়, সমগ্ৰ বিশ্বতে বিখ্যাত। মহাত্মা গান্ধীয়ে কৈছিল, “অসমীয়া তিৰোতাই কাপোৰত সপোন ৰচিব পাৰে।”
বাঁহ-বেতৰ শিল্প
অসমীয়াসকলে বাঁহ-বেতেৰে ঘৰত ঢাৰি, খালৈ, জাকৈ আদি বনাই। এইবোৰ বৰ্তমান অসমৰ বাহিৰলৈও যায়।
মৃৎশিল্প
মৃৎশিল্পত বোকা মাটিৰে নানা বস্তু বনোৱা হয়। কুমাৰে কলহ, ভুৰুকা, খুৰা আদি বনাই। সৰু ল’ৰা-ছোৱালীৰ বাবে খেলনাও বনাই।
কাঁহ-পিতলৰ শিল্প
অসমৰ হাজো আৰু সৰ্থেবাৰী কাঁহ-পিতলৰ শিল্পৰ বাবে বিখ্যাত। এইবোৰ বস্তু মোগল দৰবাৰলৈ পঠোৱা হৈছিল।
হাতীদাঁতৰ শিল্প
হাতীদাঁতৰ শিল্প অসমত বেছি বিখ্যাত। শিল্পীয়ে হাতী দাঁতেৰে অলংকাৰ, হাতৰ লাখুটি আদি বনাই।
কাঠৰ শিল্প
অসমত কাঠৰ শিল্পো আছে। শিল্পীয়ে কাঠেৰে আচবাব, কৃষ্ণমূৰ্তি, মুখা আদি বনাই।
সমস্যা আৰু সমাধান
এসময়ত অসম কুটিৰ শিল্পত চহকী আছিল। বৰ্তমান ই বহুত সমস্যাৰ সন্মুখীন হৈছে। ইয়াৰ কাৰণ হৈছে আধুনিক যন্ত্ৰ-পাতি। হাতৰে বনোৱা বস্তুৰ দাম বেছি হয়। ইয়াৰ বাবে কুটিৰ শিল্পৰ চাহিদা কমি গৈছে।
উপসংহাৰ
কুটিৰ শিল্প অসমৰ এক আচুতীয়া শিল্প। এই শিল্পক জীয়াই ৰাখিবলৈ চৰকাৰী সহায়ৰ প্ৰয়োজন। অসমীয়াইও এই শিল্পৰ বিষয়ে সজাগ হ’ব লাগিব। তেতিয়া এই শিল্প ঠন ধৰি উঠিব।
নোট: যদি আপুনি এই ৰচনা ‘অসমৰ কুটিৰ শিল্প’ (Asomar Kutir Shilpa | Cottage Industry of Assam Essay in Assamese)পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামত সাদৰে আদৰি লওঁ। অ
বি. দ্র. উক্ত ‘অসমৰ কুটিৰ শিল্প | Asomar Kutir Shilpa | Cottage Industry of Assam Essay in Assamese’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া ৰচনা শিক্ষা‘ গ্রন্থৰ অন্তর্গত।
অসমৰ কুটিৰ শিল্প । Cottage Industry of Assam Essay in Assamese
(ইংৰাজীত)
What is the Cottage Industry?
The cottage industry means making things by hand at home. These things are made using local raw materials.
Cottage Industry in Assam
There are many types of cottage industries in Assam. Some of them are: weaving, bamboo and cane work, pottery, brass and bell metal work, ivory work, and woodcraft.
Weaving
Weaving is very famous in Assam. Girls weave cloths like silk, muga, and eri. These cloths are famous not only in Assam but all over the world. Mahatma Gandhi said, “Assamese women can weave dreams in their cloths.”
Bamboo and Cane Work
People in Assam make things like baskets, mats, and trays with bamboo and cane. These things are now also sent outside Assam.
Pottery
Pottery means making things from clay. Potters make pots, pitchers, bowls, and toys for children.
Brass and Bell Metal Work
Hajo and Sarthebari in Assam are famous for brass and bell metal work. These things were sent to the Mughal court.
Ivory Work
Ivory work is very famous in Assam. Artisans make jewelry and walking sticks from elephant tusks.
Woodcraft
There is also woodcraft in Assam. Artisans make furniture, idols of Krishna, and masks from wood.
Problems and Solutions
The cottage industry in Assam was very rich in the past. Now it faces many problems. The reason is modern machines. Handmade things are more costly. So, the demand for cottage industry products is less.
Conclusion
The cottage industry is a unique industry of Assam. To keep it alive, government help is needed. People of Assam should also be aware of it. Then, this industry will flourish again. 0 0 0.
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান:
- অসমীয়া ৰচনা
- নির্বাচিত অসমীয়া সাহিত্য, ৰচনা আৰু ব্যাকৰণ
- তোমাৰ প্রিয় সাহিত্যিক
- জৈৱ বৈচিত্ৰ্য
- জনসংখ্যা বৃদ্ধিৰ সমস্যা
- অসমৰ কুটিৰ শিল্প